ৰাধা : ৪৩
ৰাধা Part 43 প্ৰতিশোধৰ অৰ্থ হেনো হাতত জ্বলি থকা অঙঠা লৈ প্ৰতিপক্ষক আঘাত কৰাৰ দৰেই। সন্মুখৰজন জ্বলাৰ লগতে নিজৰো হাতখন জ্বলিব। অত্যাচাৰী বৈকুণ্ঠক ৰাধাই নৃশংসতাৰে হত্যা কৰিলে সঁচা, কিন্তু ই জানো ৰাধাক সুখ দিব পাৰিব! আপোন মানুহৰ তেজৰ নৈ বোৱাই কোন নো সুখী হ'ব পাৰিছিল! কুৰুক্ষেত্ৰত জিকিও পঞ্চ পাণ্ডৱ সুখী আছিল নে! কিতাপখন পিছৰকণ একে লেথাৰিয়ে পঢ়িবলৈ সাহস কৰিব নোৱাৰি জপাই থ'লে সন্ধ্যাই। ঘন ঘনকৈ উশাহ লৈ পানীৰে মুখখন ধুই পেলালে। ময়ূৰৰ মুখখন মনলৈ আহিছে তাইৰ। তলসৰা বকুল, ম'ৰা চৰাইৰ পাখি, হেডফোনত জুবিন গাৰ্গৰ গানৰ মাজতে ব্যস্ত থকা আলফুল ল'ৰাটোৰ মাজত এনে জিঘাংসাৰ কাহিনী সোমাই আছিল বুলি সন্ধ্যাহঁতে সপোনতো ভবা নাছিল। আচলতে সেই কষ্টকৰ সময়বোৰেই তাক একেবাৰে উদাসীন কৰি পেলাইছিল গোটেই পৃথিৱীখনৰ প্ৰতি। কথাবোৰ পাগুলি থাকোতেই সন্ধ্যাই দেখিলে অনুৰণে আনি থৈ যোৱা ছোৱালীজনীয়ে দুৱাৰমুখতে চুচুক চামাককৈ ৰৈ আছে। সন্ধ্যাৰ নিজকে খুব স্বাৰ্থপৰ যেন লাগিল। কেনেকুৱা ভয়ংকৰ পৰিস্থিতি এটাৰ পৰা ছোৱালীজনী আহিছে আৰু সন্ধ্যাই তাইক খোৱাবোৱা খিনি দিয়েই যেন দায়িত্ব সামৰিছে। কিতাপখন থৈ সন্ধ্যাই ছোৱালীজনীক কোলাত তুলি ...