গল্প : জীয়া শিলৰ কথাৰে
গল্প : "জীয়া শিলৰ কথাৰে" 'অভি অভি, ডঃ বৰদলৈয়ে ফোন কৰিছিল। সেই যে নগাঁৱত লগ পোৱা। তেওঁলোকৰ ইউনিভাৰ্চিটিত বোলে ফ্ৰেচাৰ্ছ। তেখেতে তাত তুমি উপস্থিত থকাটো বিচাৰিছে। ষ্টুডেণ্টখিনিয়েও তোমাৰ পৰা দুআষাৰ শুনিব খোজে। জইন কৰিবা নেকি?' ফুলৰ টাবটোত পানী দিবলৈ লৈ ৰৈ গ'ল অভিশিখা। অভিশিখা দত্ত; বৰ্তমানৰ এটি চিনাকি নাম, প্ৰখ্যাত লেখিকা। যাৰ এখন উপন্যাসৰ বাবে শীতল যুদ্ধ হয় প্রকাশকৰ মাজত। ইউনিভাৰ্চিটি, ছেমিনাৰ, ফেচাৰ্ছ এই শব্দবোৰ বিসৰ্জন দি বহু আঁতৰি আহিল অভিশিখা দত্ত। বিসৰ্জন হয় জানো, হয়তো নহয়। ইউনিভাৰ্চিটিৰ সময়ক জানো বিসৰ্জন দিব পাৰি সময়ৰ নৈত? নোৱাৰি। আচলতে আমি হেৰুৱাই বা পাহৰাই দিলোঁ বুলি ভবা বহু কথা বুকুৰ কোনোবা কোঠাত জোৰ কৰি সোমোৱাই তলা মাৰিহে থৈ দিওঁ। কেতিয়াবা সেইবোৰে ওলাই আহিব বিচাৰি তলা ভাঙিব লগাকৈ শব্দ কৰে, কিন্তু নোৱাৰে। জেদ স্বাভিমান আৰু পৰিস্থিতিৰ তাগিদাৰে তৈয়াৰী সেই তলা ইমানেই মজবুত যে তাক কোনো আৱেগিক তাড়নাই ভাঙিব নোৱাৰে। 'অভি, কি ভাবিবলৈ লাগিলা? ডঃ বৰদলৈয়ে বৰ আশাৰে ফোন কৰিছে। তুমি জইন কৰিলে তেওঁলোকৰো ভাল লাগিব।" পানীৰ পটটো হাতত লৈ ৰৈ থকা অভিশিখাক আকৌ ক'লে ...