গল্প : জীয়া শিলৰ কথাৰে

 গল্প : "জীয়া শিলৰ কথাৰে"


'অভি অভি, ডঃ বৰদলৈয়ে ফোন কৰিছিল। সেই যে নগাঁৱত লগ পোৱা। তেওঁলোকৰ ইউনিভাৰ্চিটিত বোলে ফ্ৰেচাৰ্ছ। তেখেতে তাত তুমি উপস্থিত থকাটো বিচাৰিছে। ষ্টুডেণ্টখিনিয়েও তোমাৰ পৰা দুআষাৰ শুনিব খোজে। জইন কৰিবা নেকি?'

ফুলৰ টাবটোত পানী দিবলৈ লৈ ৰৈ গ'ল অভিশিখা। অভিশিখা দত্ত; বৰ্তমানৰ এটি চিনাকি নাম, প্ৰখ্যাত লেখিকা। যাৰ এখন উপন্যাসৰ বাবে শীতল যুদ্ধ হয় প্রকাশকৰ মাজত। ইউনিভাৰ্চিটি, ছেমিনাৰ, ফেচাৰ্ছ এই শব্দবোৰ বিসৰ্জন দি বহু আঁতৰি আহিল অভিশিখা দত্ত। বিসৰ্জন হয় জানো, হয়তো নহয়। ইউনিভাৰ্চিটিৰ সময়ক জানো বিসৰ্জন দিব পাৰি সময়ৰ নৈত? নোৱাৰি। আচলতে আমি হেৰুৱাই বা পাহৰাই দিলোঁ বুলি ভবা বহু কথা বুকুৰ কোনোবা কোঠাত জোৰ কৰি সোমোৱাই তলা মাৰিহে থৈ দিওঁ। কেতিয়াবা সেইবোৰে ওলাই আহিব বিচাৰি তলা ভাঙিব লগাকৈ শব্দ কৰে, কিন্তু নোৱাৰে। জেদ স্বাভিমান আৰু পৰিস্থিতিৰ তাগিদাৰে তৈয়াৰী সেই তলা ইমানেই মজবুত যে তাক কোনো আৱেগিক তাড়নাই ভাঙিব নোৱাৰে।

'অভি, কি ভাবিবলৈ লাগিলা? ডঃ বৰদলৈয়ে বৰ আশাৰে ফোন কৰিছে। তুমি জইন কৰিলে তেওঁলোকৰো ভাল লাগিব।"

পানীৰ পটটো হাতত লৈ ৰৈ থকা অভিশিখাক আকৌ ক'লে বর্ণৱে। অভিশিখাৰ প্ৰিয়বন্ধু বৰ্ণৱ। যাৰ নামৰ সেন্দুৰ পিন্ধি আছে তাই আজি যোৱা দহ বছৰে। বন্ধু? এৰা বন্ধু। কিয় জানো বৰ্ণৱক স্বামীতকৈ বন্ধু বুলি চিনাকি দি বেছি ভাল পাই অভিশিখাই। আচলতে বৰ্ণৱৰ তাইৰ প্ৰতি ব্যৱহাৰ সেয়া স্বামীতকৈ বেছি বন্ধুৰ দৰেহে। অকল সেইবাবেই নে? হয়তো নহয়।ইমান বছৰৰ পাছতো বৰ্ণৱক স্বামীৰ আসন দিব পাৰিছে জানো অভিশিখাই? শিৰত দিছে, দিছে বিচনাৰ গভীৰ নিশাৰ সেই মুহুৰ্তবোৰতো। কিন্তু বুকুত? অন্তৰৰ নিভৃত কোণত আছে জানো কেৱল বৰ্ণৱ একছত্ৰী সম্ৰাট হৈ? নাই। নিজৰ লগত হোৱা সেই মুখামুখিৰ ভয়তে জানো অভিশিখাই এই বন্ধুত্বৰ অভিধা লগাই ফুৰা নাই? উফ, নোৱাৰি। এয়া যে ভাবিবও নোৱাৰি। দৃঢ় হৈ আহে বুকুৰ কোঠাৰ তলা। খোলা নাযায়, খোলা নাযায়।

'এতিয়া আকৌ সেইবোৰত সোমাও জানো, নতুন উপন্যাসখনত ফাইনেল টাচ্চ এটা দিবলৈ আছেই।'

নিৰ্লিপ্ত ভাৱেৰে কথাষাৰ কৈ অভিশিখা আকৌ বনছাঁই কেইটাত পানী দিবলৈ লাগিল। আচলতে বর্ণৱে তাইক এই প্ৰস্তাৱ দিয়াৰো কাৰণ আছে। দুটাকৈ এম এ ডিগ্ৰী থকাৰ পাছতো অভিশিখা আঁতৰি আছে সেই ক্ষেত্ৰখনৰ পৰা। নিজক সকলোৰে পৰা আঁতৰাই তাই সোমাই থাকে উপন্যাসৰ কল্পনাৰ পৃথিৱীখনত। তাই, বৰ্ণৱ, সিহঁতৰ চাৰি বছৰীয়া সন্তান জোনাক আৰু তাইৰ উপন্যাসৰ চৰিত্ৰবোৰ। সেই লৈয়ে তাইৰ সৰু অকণমানি পৃথিৱীখন। কোনো পৰিয়াল কিম্বা বন্ধু মহলৰ মাজতো অভিশিখাক দেখা নাযায়। নিউজ চেনেলে তাইৰ এটা বাইট পাবলৈ হামৰাও কাঢ়ে, তাই নিৰ্বিকাৰ। তাইৰ ক'ব লগাখিনি উপন্যাসৰ মাজেৰেই কৈ আহিছে। বাহিৰৰ পৃথিৱীখন আৰু অভিশিখাৰ মাজত সাঁকো এডালৰ দৰে হৈ আছে মাত্ৰ বৰ্ণৱ।

অভিশিখাৰ উত্তৰ শুনি বর্ণৱে এইবাৰ তাইৰ কাষলৈ আহিল। পানীৰ পটটো তাইৰ হাতৰ পৰা টানি আনি কাষৰ টেবুল খনত থ'লে। তাৰ পাছত তাইক বাৰাণ্ডাৰ ঝুলনা খনত বহাই দি নিজে সমুখত আঁঠু কাঢ়ি বহিল। অভিশিখাৰ হাতখন নিজৰ হাতৰ মাজত লৈ বর্ণৱে ক'লে, 

"সময়বোৰ সদায় একেদৰেই যাব লাগিব বুলিতো কথা নাই ন অভি। তোমাক এইদৰে দেখিলে মোৰ কষ্ট হয়। বাহিৰৰ পৃথিৱীখনে তোমাৰ পৰা উপন্যাসৰ বাহিৰেও আন বহুতো আশা কৰে। বঞ্চিত কৰা জানো উচিত কোৱা।"

"মোক অলপ সময় দিয়া" বুলি বৰ্ণৱৰ হাতখন এৰাই উঠি আহিল অভিশিখা। তাই এনেকুৱাই। কোনো আবেগে চুব নোৱাৰে অভিশিখাক। কেতিয়াবা তাই নিজেও আচৰিত হয়, উপন্যাসত ইমান আবেগিক চৰিত্ৰ আৰু কাহিনী লিখা অভিশিখা বাস্তৱত ইমান বেছি কঠোৰ কিদৰে! নাই, আচলতে নহয়। নিজৰ আৱেগখিনি খুব সাৱধানে লুকুৱাই ৰাখে তাই। আনকি বৰ্ণৱৰ পৰাও। আচলতে প্ৰতিজন কঠোৰ মানুহৰ আঁৰতে এজন আৱেগিক ব্যক্তি থাকে, এসোপা হুমুনিয়াহ থাকে। যাক ঢাকি ৰাখে কঠোৰতাৰ উৰণিখনে।

ৰাতিপুৱা ডঃ বৰদলৈয়ে আকৌ ফোন কৰিছিল। বৰ আশাৰে বাট চাইছে তেওঁলোকে এটা পজিটিভ উত্তৰলৈ। কিয় জানো, আগৰ প্ৰতিটো প্ৰস্তাৱ একেষাৰে না কৰা অভিশিখাই এইবাৰ সময় ল'লে। বর্ণৱে জানে, অভিশিখাই সময় লৈছে যেতিয়া নিশ্চয় কিবা ভাল খবৰেই দিব। দিলে অভিশিখাই বর্ণৱে বিচৰা খবৰটোৱেই দিলে। তাই যাব। খবৰটো পাই উজলি উঠিল ডঃ বৰদলৈৰ বিভাগৰ লগতে গোটেই ইউনিভাৰ্চিটিখন। 

চহৰখনৰ মাজ মজিয়াত এটা প্ৰকাণ্ড বিল্ডিং। হালধীয়া ৰঙৰ বিল্ডিংটো ৰাজকাৰেংৰ দৰে কিবা যেন অহংকাৰেৰে থিয় দি আছে ব্যস্ত ৰাজপথটোৰ কাষতে। সমুখত এজোপা বকুল। ক'লাকৈ গেইটখনেৰে সোমাইয়েই তললৈ সোমাই গৈছে পাৰ্কিংৰ ৰাস্তাটো। সোমাওঁতেই গেইটৰ দুইফালে কেইবাজনীও চাদৰ মেখেলা পিন্ধা ছোৱালী। গাড়ীৰ গ্লাছেৰে অভিশিখাক দেখিয়েই নেকি তৎক্ষণাতে এজাক ল'ৰা ছোৱালী গোট খাই গ'ল। প্ৰফেছৰ সকলো নামি আহিছে এজন এজনকৈ ওপৰৰ পৰা। হাঁহিমুখেৰে নামি আহিল বৰ্ণৱ। নাই, অভিশিখা চোন নামি যাব পৰা নাই। মানুহবোৰ দেখি তাইৰ যে বুকুখন কিবা অজান ভাৱত কঁপিব ধৰিছে। হয়, মানুহ ভাল পাই তাই। কিন্তু ভীৰলৈ ভয় লাগে, এক ভয়ংকৰ ভয়। বর্ণৱে বুজি পাইছিল। গাড়ীৰ দুৱাৰখন খুলি হাতত ধৰি আলফুলে উলিয়াই আনিলে অভিশিখাক। যিমান পাৰে সিমান জোৰকৈ হাঁহি এটা মুখত আঁকি অভিশিখা নামি আহিল। ডঃ বৰদলৈয়ে গামোচা এখন পিন্ধোৱাৰ লগে লগে গোটেই মানুহখনিৰ হাত চাপৰিৰে পৰিৱেশটো উৎসৱমুখৰ হৈ পৰিল।

"আহক আহক, আপোনালোকৰ বাবেই ৰৈ আছিলোঁ। ডঃ বৰুৱা অহা প্ৰায় এঘণ্টা মানেই হ'ল।"

ডঃ বৰদলৈয়ে কাৰ কথা কৈছে বুজি নাপাই প্ৰশ্নবোধক দৃষ্টিৰে চালে অভিশিখা আৰু বর্ণৱে। তেখেতে হাঁহি মুখেৰে ক'লে, "মানে ডঃ অনুৰাগ বৰুৱাৰ কথা কৈছোঁ। আপোনালোকৰ সৈতে ইউনিভাৰ্চিটিত যে একেলগে পঢ়িছিল। তেখেতকো ইনভাইট কৰা হৈছে।"

এক বজ্ৰপাতৰ শব্দহে যেন বাজি উঠিছে ডঃ বৰদলৈৰ প্ৰতিটো শব্দৰ লগে লগে। অভিশিখা কথমপি নপৰাকৈ ৰ'ল। অস্ফুট গেঙণিৰ দৰে তাই উচ্চাৰণ কৰিলে,

"অ---নু---ৰাগ" এই মাত্ৰ এটা নামেই অভিশিখাক লৈ গ'ল প্ৰায় দহ বছৰৰ আগলৈ।


: এক্সকিউজ মী, আপুনি অনুৰাগ বৰুৱা নেকি? গান যে গাই?

: কিয় লাগে? ফোন নম্বৰ নে কফি খাবলৈ যাব লাগে?

: অ' হেল্ল', ডি আৰে গান গোৱাখিনিৰ এখন লিষ্ট বনাব দিছিল সেইবাবেহে। এই অভিশিখা দত্ত ইমান সস্তীয়া নহয় যে যাৰে তাৰে লগত ফোনত কথা পাতি কফি খাই ফুৰিম। ইডিয়ট!

কথাটো কৈ দপদপাই ওলাই আহিছিল তাই। একেথৰে চাই ৰৈছিল অনুৰাগ আৰু তাৰ লগৰ দুজনে। গোটেই ইউনিভাৰ্চিটিৰ ছোৱালীয়ে যাৰ এটা চাৱনিৰ বাবেও হামৰাও কাঢ়ে, সেই অনুৰাগ বৰুৱাক এনেকৈ কৈ দিব পৰা কোন এইজনী!


"অভি, আৰ ইউ অ'কে?" 

বৰ্ণৱৰ মাতত ঘূৰি আহিল অভিশিখা। ঘূৰি আহিল মানে? তাইতো আচলতে অতদিনে তাতেই আছিল। বৰ্তমানত চলি আছোঁ বুলি ভবাটো বহু ক্ষেত্ৰত আত্মপ্ৰতাৰণাও হয়, অতীতৰ গাঁথাৰ পৰা পলায়নৰ বাবে। নাই নাই, ভাৱাবেগত ভাহিব নোৱাৰে অভিশিখা। বৰ্তমান তাই এগৰাকী প্ৰতিষ্ঠিত লেখিকা। এখন চিনাকি মুখ সকলোৰে। এইদৰে আৱেগৰ দুৱাৰ মেলি দেখুৱাব নোৱাৰে তাই ভিতৰচ'ৰা। আনক আৱৰি ৰখা মানুহে নিজে ভাঙিলে শোভা নাপায়। গম্ভীৰ খোজেৰে ডঃ বৰদলৈৰ লগে লগে আগুৱাই গ'ল অভিশিখা।

গোটেই ইউনিভাৰ্চিটিখনতে যেন উথপ থপ লাগিছে। হ'বইতো, প্রিয় লেখিকা গৰাকীক ওচৰৰ পৰা চোৱাৰ হেঁপাহ, দুই এষাৰ কথা পতাৰ হেঁপাহ কোন পাঠকৰ নো নাথাকে। বিল্ডিংটোৰে উঠি গ'লেই সোঁফালে পঞ্জীয়কৰ কোঠা। ডঃ বৰদলৈয়ে তেওঁলোকক তালৈকে লৈ গ'ল। পঞ্জীয়ক নিজেও খুব উৎসাহী হৈ আছিল অভিশিখা দত্তৰ এই আগমনত। কোঠাটোত সোমোৱাৰ লগে লগে তেখেতে উঠি সম্ভাষণ জনালে। পঞ্জীয়কেই তেওঁলোকক জনালে যে নৱাগত আদৰণি সভাৰ আজি সন্ধিয়ালৈ মূল সাংস্কৃতিক অনুষ্ঠান আছে। তাৰ আগতে এতিয়া আৰম্ভণি অনুষ্ঠান অৰ্থাৎ উদ্বোধন সকলো শিক্ষাৰ্থীৰ প্রিয় লেখিকা অভিশিখা দত্তৰ দ্বাৰা কৰিব খোজে আৰু লগতে ইউনিভাৰ্চিটিৰ ফালৰ পৰা আমন্ত্ৰণ জনাইছে অসমৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অনুৰাগ বৰুৱাক, ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি এক বক্তৃতা প্ৰদানৰ বাবে। বর্ণৱে পঞ্জীয়ক আৰু ডঃ বৰদলৈৰ লগত কথা পাতি থাকোতে অভিশিখা আকৌ হৈ পৰিল আনমনা।


সেই প্ৰথম দিনৰ তিতা অভিজ্ঞতাৰ পৰা তাই যে ছাঁটোও সহ্য কৰা নাছিল অনুৰাগৰ। কিন্তু সি চাগে কিছু অন্তৰ্দ্বন্দত ভুগিছিল। আচলতে এই প্ৰেম বা আকৰ্ষণত কবলত পৰি সি সকলো ছোৱালী একেই ধৰণৰ ধাৰণা লৈ পেলাইছিল। যিটো ধাৰণা মষিমূৰ কৰিলে অভিশিখাই। অনুৰাগে বহুদিন চেষ্টাও কৰিছিল তাইৰ লগত কথা পতাৰ। কিন্তু অভিশিখা আছিল প্ৰচণ্ড স্বাভিমানী, যাৰ বাবে চিনিয়ৰ হোৱাৰ পাছতো অনুৰাগৰ ক'ৰবাত সাহস হোৱা নাছিল তাইৰ ওচৰত যাবলৈ। তেনেকুৱাতে ঘটিছিল সেই ঘটনাটো।

"অলপ ভাল পাইছে নে?"

মেলোঁ নেমেলোকৈ চকু কেইটা মেলিয়েই অভিশিখাই সমুখত নাৰ্ছ গৰাকীক দেখিছিল। চাৰিওফালে চাই তাই নিজক আৱিষ্কাৰ কৰিছিল নাৰ্ছিংহোমৰ বিচনাত। অভিশিখাৰ একচিডেন্ট হৈছিল।

"ভালকৈ চলাব নাজানিলে এইবোৰ চলোৱা কিয়"

দিপাৰ্টমেণ্টৰ হেডৰ গালি শুনিছিল তাই। তাইক কথাতো কৈ নাৰ্ছ গৰাকীক সুধিছিল তেওঁ,

"অনুৰাগ ক'ত?"

"অলপ আগতে ওলাই গৈছে।" 

"থেংক গড যে অনুৰাগৰ লগত ব্লাড মেটছ হ'ল, নহ'লে যে.."

একচিডেন্টৰ পাছত অভিশিখাক প্ৰয়োজন হৈছিল তেজৰ। কিন্তু O নিগেটিভ ব্লাড গ্ৰুপ নাই বাবে হুলস্থুল লাগিছিল। শেষত অনুৰাগে আহি তেজ দিছিল।

"চিষ্টাৰ, মোৰ ঘৰৰ পৰা কোনোবা আহিছে নে?"

"নাইতো, কোনো অহা নাই এতিয়ালৈ।" ।" 

নাৰ্ছ গৰাকী ওলাই যোৱাৰ ফালে চাই চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল অভিশিখাৰ। এৰা, ক'ত আহিব তাইৰ ঘৰৰ মানুহ! তাইৰ মাক হয়তো ব্যস্ত কোনোবা উকীলৰ সৈতে দেউতাকৰ লগত ডিভোৰ্চৰ কথাত বা দেউতাক হয়তো ব্যস্ত পুত্ৰৰ ব্যৱসায় বহলোৱাৰ ধাণ্ডাত। সন্ধিয়ালৈ অনুৰাগ আহিছিল। অলপ ফল আৰু জুইচ লৈ।

: এইখিনি খাই লোৱা

: কিয় আনিব লাগে এইবোৰ

: এনেই

: অনুৰাগ দা...

: ৱেলকাম

: হা ?

: তুমি থেংক ইউ ক'লাহেঁতেন ন, সেইকাৰণে আগতীয়াকৈ কৈছোঁ

বেমাৰতো পৰিৱেশ পাহৰি হাঁহি উঠিছিল অভিশিখাই জোৰেৰে। লগতে অনুৰাগেও।


"অভি, মাতি আছে তোমাক।"

চক খাই উঠিল অভিশিখা। কেতিয়াৰ পৰা বর্ণৱে মাতি আছিল তাই ক'ব নোৱাৰে। লগতে পঞ্জীয়ক আৰু ডঃ বৰদলৈ। ইচ, তাইক কিহে পাইছে বাৰু! কি বুলি ভাবিছে তেওঁলোকে। কিয় পৰা নাই তাই থিৰেৰে থাকিব! অতীতৰ বুকুতো থাকে নেকি পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি? কি তীব্ৰ আকৰ্ষণেৰে টানি নিয়ে নিজৰ ফালে।

"আমাৰ ষ্টুডেণ্ট কেই গৰাকী মানে আপোনাক লগ কৰিবলৈ ৰৈ আছে।"

ডঃ বৰদলৈৰ কথাটো শুনিহে অভিশিখাই দুৱাৰৰ ফালে চাই দেখিলে দহ পোন্ধৰ গৰাকী মান ল'ৰা ছোৱালীৰ ভিৰ এটা আহোঁ নাহোকৈ সোমাই আহিছে কোঠাটোলৈ। হয়তো অনুষ্ঠান আৰম্ভ হোৱালৈ ৰ'ব নোৱাৰিলে সিহঁত। প্রিয় লেখিকাৰ সান্নিধ্য লাভৰ লোভে পঞ্জীয়কৰ কোঠালৈ অহাৰ দুঃসাহসও প্ৰদান কৰিছে। হাঁহি মুখেৰে অভিশিখাই মাতিলে সিহঁতক।

"বাইদেউ, ইমান ধুনীয়াকৈ কেনেকৈ লিখে আপুনি?"

"যিমান পঢ়োঁ ভিতৰলৈ সোমাই যাওঁ"

আদি নানা মন্তব্যৰে উপচাই দিলে সিহঁতে অভিশিখাক। কোনোৱে ফটো উঠিলে, কোনোৱে অট'গ্ৰাফ। লাহে লাহে দুই এজনকৈ আৰু ল'ৰা ছোৱালী আহিবলৈ লোৱাত ডঃ বৰদলৈয়ে সকলোকে অডিটৰিয়ামলৈ যাবলৈ ক'লে। অভিশিখা আৰু বর্ণৱক তাতেই চাহ একো কাপ খোৱাই তেওঁলোককো লৈ গ'ল বিল্ডিংটোৰ দ্বিতীয় মহলাত থকা প্ৰেক্ষাগৃহলৈ।

দুৱাৰখন মেলি অভিশিখা সোমাই যোৱাৰ লগে লগেই এজাক চিঞৰি কঁপাই পেলাইছিল গোটেই বিল্ডিংটো। চকু ভৰি আহিছিল অভিশিখাৰ। ইমান মৰম, ইমান আদৰ, ইমান হেঁপাহ! তাই সঁচাই যোগ্য নে এইবোৰৰ! কি নো কৰিছে তাই? নিজৰ মনত উকমুকাই থকা কিছুমান ভাৱনাত কল্পনাৰ কাহিনীৰে সানি উলিয়াই দিছে আখৰৰ মাজেৰে। তাতেই ইমান বেছি সঁহাৰি? উফ, আজি যেন তাই বুজিছে ইমান দিনে কি হেৰুৱাই আছিল তাই। সাহিত্যৰ কৰ্মী হিচাপে তাই যোৱা কেইবছৰত কেইবাটাও বঁটা পাইছে, বেছি ভাগেই বর্ণৱে লৈছেগৈ। কিন্তু ক'তা, কোনোটো বঁটা হাতত লওঁতে বা খবৰ পাওঁতে এনে অনুভৱটো হোৱা নাছিল। সঁচাই, পাঠকৰ সঁহাৰিতকৈ শ্ৰেষ্ঠ বঁটা এজন লেখকৰ বাবে আন একোৱেই হ'ব নোৱাৰে। এনেতে মঞ্চত ঘোষক উঠিছিল। লাহে লাহে শাম কাটিছিল হুলস্থুলবোৰ। অভিশিখা আৰু বৰ্ণৱ বিশ্ববিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে আগশাৰীত। কিয় জানো মঞ্চৰ পৰা চকু আনফালে ঘূৰাবলৈ যেন ভয় লাগিছিল অভিশিখাৰ। ঘূৰালেই যেন চকুত পৰিব এযোৰ গভীৰ চকু। এযোৰ ৰঙা পৰা পানীৰে ভৰ্তি আকুলতাৰ চকু। দূৰ দূৰণিৰ পৰা যেন ভাঁহি আহিব এটি কঁপা কঁপা মাত,

"মই ভাঙি পৰিম অভিশিখা, তুমি নোহোৱা জীৱন এটা মই যোৱা দুবছৰে কল্পনাও কৰা নাই।"

নাই, আৰু ভাবিব নোৱাৰি। বুকুখন কঁপি আহিছে, ভৰি আহিছে চকু। বঞ্চনা আৰু বিচ্ছেদৰ সেই অধ্যায় ইমান যন্ত্ৰণা আৰু ৰহস্যৰে ভৰা যে সেয়া খুলিবলৈ ল'লে অভিশিখা নিজেই টুকুৰা টুকুৰকৈ খহি পৰিব।

"এতিয়া প্ৰথমে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, বিশিষ্ট অধ্যাপক লেখক আমাৰ চিৰনমস্য ডঃ অনুৰাগ বৰুৱা ছাৰক। তেখেতে বৰ্তমান......"

ঘোষিকা গৰাকীৰ পিছৰ কথাখিনি শুনিবলৈ ধৈৰ্য নাছিল অভিশিখাৰ। বহি থকা চোফাখনত হাতেৰে জোৰকৈ হেঁচি ধৰিছে। চকু কেইটা যিমান পাৰি ঘনকৈ পিৰিকিয়াইছে। চকুপতাৰ উঠা নমাৰে চকুপানীবোৰ ৰখাবলৈ আপ্ৰাণ চেষ্টা কৰি এসময়ত সফল হৈছে তাই। কিন্তু বুকুখন? উশাহ ল'ব নোৱাৰাকৈ গধুৰ। কোনোবাই যেন শিল এছটা বহাই থৈ আঁতৰি গৈছে। কুৰুকি কুৰুকি আকৌ সোমাইছে অতীতৰ কোলাত।


: অনুৰাগ দা

: উম

: অথনিৰে পৰা আধা ঘণ্টা হ'ল আমি ইয়াত বহি থকা। কোৱা কিয় মাতিছিলা।

: মানে.. মানে অভিশিখা কথা এটা আছিল

: উফ ৰাম, ধেই! আধা ঘণ্টা ধৰি এইটোৰ পৰা আগেই বাঢ়িব পৰা নাই। এইটো সাহস লৈ প্ৰেম কৰিবা তুমি? শুনা মিষ্টাৰ অনুৰাগ বৰুৱা, মইও ভাল পাওঁ তোমাক। আই লাভ ইউ টু। হ'লতো?

পানী অকণ খাবলৈ লৈছিল অনুৰাগে। লগে লগে চৰ্চৰণি খাই চকু মুখ ৰঙা পৰি অৱস্থা বেয়া হৈ গ'ল। কেণ্টিনখনত যি দুই তিনিজন মানুহ আছিল, সকলো উঠি আহিল কি হৈছে বুলি। কাহি কাহি অনুৰাগৰ অৱস্থা নাই। হাত ভৰি সমানে কঁপিছে তাৰ। এনেতে ক'ৰ পৰা জানো অনুৰাগৰ ৰুমমেট গীতাৰ্থ আহি ওলাল। তাক পানী খোৱাই মূৰতো অলপ পানী দি মেলি শান্ত কৰিলে। অভিশিখা ৰৈ আছিল কাষতে। অনুৰাগে চাওঁ নাচাওঁকৈ চালে তাইলৈ। "টেক কেয়াৰ, ইভনিং লগ পাম মেঘালীত" বুলি কৈ অভিশিখা গুচি গ'ল। তাই যোৱাৰ ফালে চাই অনুৰাগে নিজক কোৱাৰ দৰে ক'লে,

"কি ভয়ংকৰ ছোৱালী!"

সেয়াই আছিল আৰম্ভণি। অভিশিখাৰ বাবে অনুৰাগ দাৰ পৰা অনুৰাগ হৈছিল। ইউনিভাৰ্চিটিৰ বেছিভাগ ছোৱালীৰ ড্ৰিম বয় অনুৰাগ প্ৰেমত পৰিছিল এই গজলং গজলংকৈ খোজকাঢ়ি যোৱা, জপৰা চুলিৰেই হলৌ মলৌ চাৰ্ট এটা পিন্ধি পাণ বজাৰ, গণেশগুৰি, জালুকবাৰীত বাইক চলাই ঘূৰি ফুৰা, ইলেকচনত কাজিয়া লাগি ল'ৰা এটাৰ নাকৰ বাৰাণ্ডা উফৰাই দিয়া অভিশিখা দত্তৰ। এক কথাত ক'ব গ'লে ইউনিভাৰ্চিটিৰ আটাইতকৈ গুণ্ডা বেপেৰুৱা আৰু খঙাল ছোৱালীজনীৰ প্ৰেমত পৰিছিল সুদৰ্শন যুৱক মিষ্টাৰ ইউনিভাৰ্চিটি অনুৰাগ বৰুৱা। কেনেকৈ অনুৰাগে নিজেও নাজানে। অভিশিখাৰ সেই একচিডেন্টটোৰ পৰাই লাহে লাহে যেন ওচৰ চাপি আহিছিল সিহঁত। ৰিলিজ দিয়াৰ দিনা অভিশিখাক ঘৰত থ'বলৈ গৈ মাক আৰু দেউতাকৰ মাজৰ ডিভোৰ্চ সংক্ৰান্তীয় কাজিয়া দেখি অহাৰ পিছত অনুৰাগে লাহে লাহে কথা পাতিবলৈ লৈছিল তাইৰ লগত। লাহে লাহে বুজিছিল অনুৰাগে, সকলোৱে গুণ্ডা বুলি ভাবি থকা ছোৱালী জনীৰ মাজতো লুকাই আছে এজনী মৰম আকলুৱা গাভৰু। মাক দেউতাকৰ কথা কৈ কৈ চান্দমাৰীৰ ব্ৰিজত অনুৰাগক আঁকোৱালি কান্দি পেলোৱা নিচাসক্ত অভিশিখাৰ চকুত দেখিছিল মৰমহীনতাৰ চাপ। নাই, অভিশিখাৰ প্ৰতি অনুকম্পা নাছিল অনুৰাগৰ। তাইৰ দৰে এটি ব্যক্তিত্বক পুতৌ কৰাৰ দুঃসাহস অনুৰাগৰ নাই। কিন্তু প্ৰেম, দিনে দিনে গভীৰৰ পৰা গভীৰ হৈ গৈছিল অনুৰাগৰ অভিশিখাৰ প্ৰতি প্ৰেম। হয়তো ধৰা পেলাইছিল অভিশিখাই। সেয়ে কথা এটা আছে বুলি কেণ্টিনত ঘেঁহাই থকা অনুৰাগক চিধা চিধিকৈ কৈ দিছিল অভিশিখাই।

: মোৰ মাজত কি পালা অ' তুমি?

: তোমাৰ মাজত ?

: অ, ইউনিভাৰ্চিটিৰ ইমান ধুনীয়া ধুনীয়া ছোৱালী থাকোতে এই জধলী জনীক কিয় ভাল পালা?

: নাজানো, মোৰ অলপ জধলা টাইপ মানুহবোৰ ভাল লাগে।

"যাহ ফটুৱা" হাঁহি হাঁহি উঠি গৈছিল অভিশিখা। সলনি হৈছিল, অনুৰাগৰ সান্নিধ্যত সলনি হৈছিল বহুখিনি অভিশিখা। লাহে লাহে এৰিছিল বেয়া অভ্যাস। বাৰত বহি মদৰ গ্লাছৰ সলনি শুক্ৰেশ্বৰ ঘাটত বহি কথা পাতি বেছি ভাল পোৱা হৈছিল। দিনবোৰ গৈ আছিল, অনুৰাগৰ এম এ শেষ হৈছিল। নেটৰ পৰীক্ষাৰ বাবে প্ৰিপেৰেচন কৰি আছিল। পি এইচ ডিৰো চেষ্টা চলাইছিল সি। এম এ শেষ হৈছিলহি অভিশিখাৰ। ঠিক তেনেকুৱাতে, উফ...!!


"মাননীয় পঞ্জীয়ক মহোদয়, বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, প্ৰখ্যাত লেখিকা শ্ৰীমতী অভিশিখা দত্ত আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল"

মঞ্চত অনুৰাগ বৰুৱাৰ ভাষণ। আৰম্ভণিতে এড্ৰেচ কৰিছে সকলোকে। "প্ৰখ্যাত লেখিকা অভিশিখা দত্ত", কেনেকৈ কেনেকৈ পাৰিছে অনুৰাগে। কেনেকৈ উচ্চাৰণ কৰিব পাৰিছে তাইৰ নাম। ঘৃণাত মুখ কোঁচ খোৱা নাই নে অনুৰাগৰ? বিতৃষ্ণা জগা নাই নে? চাওঁ নাচাওঁকৈ মঞ্চলৈ চালে অভিশিখাই। এটা পাতল নীলা ৰঙৰ কোট পিন্ধিছে। ফ্ৰেন্স কাট দাড়িত এটা মটিয়া ৰঙৰ প্ৰলেপ। চকুত এযোৰ চষ্মা। ক্লিন শ্বেভত থকা অনুৰাগক এইটো ৰূপত সঁচাই অচিনাকি যেন লাগিল অভিশিখাৰ। অৱশ্যে তাই নিজেও জানো একে হৈ আছে? হলৌ মলৌ চাৰ্টৰ সলনি আজি পাটৰ শাৰী এখন পিন্ধি আহিছে তাই। চুটি চুলিৰ সলনি কঁকাললৈকে বৈ পৰা একোচা দীঘল চুলি। ডিঙিত, হাতত, আঙুলিত সোণৰ গহনা। আচহুৱা লাগিছে নে অনুৰাগৰো? কেনেকৈ ইমান নিৰ্লিপ্ত ভাৱেৰে কৈ গৈছে সি? অভিশিখাক সমুখত দেখিও? তাইৰ শিৰৰ ৰঙা দাগটো দেখিও?

"শেষত ইয়াকেই কওঁ, জীৱনৰ খুব মূল্যৱান লগতে মায়াসনা সময় এইখিনি। সকলো কৰা, ফুৰ্তি কৰা, বন্ধুত্ব গঢ়া, প্ৰেমতো পৰা। মাত্ৰ, এই সকলোবোৰৰ পৰা যিকোনো সময়ত নিজৰ ওচৰলৈ উভতি আহিব পৰাকৈ এডাল সাঁকো সাজি থ'বা। সময়ে দিয়ে ঠিকেই, কিন্তু দিলে যিমান সুখ আহে কাঢ়ি নিলে তাতকৈ দুগুণ বেছি দুখ দি যায়।"

ভাষণৰ সামৰণি মাৰিছিল অনুৰাগে। চকুৰ পতাৰ আকৌ ওপৰ তল কৰিছিল অভিশিখাই। বাঢ়ি আহিছিল অতীতৰ মাধ্যাকৰ্ষণ। টানি নিছিল স্মৃতিয়ে সেই বিশেষ দিনটোলৈ। যিটো দিনৰ পৰা অভিশিখাই ঘিণ কৰা হ'ল নিজক। আজিলৈকে সেই দিনটোৱে দিয়া আঘাতেৰে ক্ষত বিক্ষত হৈ আছে। কলিজা ডেই নিয়া সময় সেয়া।


অভিশিখাৰ এম এৰ ফাইনেল পৰীক্ষা শেষ হোৱাৰ দিনা অনুৰাগ আহি ওলাইছিল। কথাবোৰ শুনি বিশ্বাস অবিশ্বাসৰ মাজেৰে সুধিছিল তাইক,

: গীতাৰ্থই এইবোৰ কি কৈছে অভিশিখা?

: ঠিকেই কৈছে।

: পগলা হৈছা নেকি তুমি?

অনুৰাগৰ চিঞৰক অগ্ৰাহ্য কৰি বেপেৰুৱা মাতেৰে কৈছিল অভিশিখাই,

: ইয়াত পগলা হ'বলগীয়া কি আছে অনুৰাগ? ইমান এটা ভাল ল'ৰা অহাৰ পাছত মই কি তোমাৰ বাবে ৰৈ থাকিম? চৰকাৰী উচ্চ পদৰ চাকৰি, বঙলাৰ ঘৰ, গাড়ী দুৱাৰ, উচ্চ বংশ আৰু কি লাগে!

: তেন্তে আমাৰ ভালপোৱা, আমাৰ সপোন এইবোৰৰ কি একো মূল্য নাই?

: ধুৰ, কি বকি আছা অ'? এম এৰ দুটা বছৰ ব'ৰ লাগিব বুলি তোমাৰ লগত অলপ ঘূৰিছিলোঁ। সেইবুলি কি বিয়া হ'ম নেকি তোমাৰ লগত? গোটেই জীৱন তোমালোকৰ সেই জুপুৰী ডালত ভাত ৰান্ধি কটাই দিবলৈ এই অভিশিখাৰ জন্ম হোৱা নাই।

অনুৰাগৰ স্বাভিমানত আঘাত কৰিবলৈ সেই বাক্য কেইশাৰী যথেষ্ট আছিল। তেনেকৈয়ে ভাবিছিল অভিশিখাই। কিন্তু ভুল আছিল তাই। ইমানখিনি কোৱাৰ পাছতো অনুৰাগে তাইৰ হাতত ধৰি কঁপা কঁপা মাতেৰে কৈছিল,

: মই ভাঙি পৰিম অভিশিখা, তুমি নোহোৱা জীৱন এটা মই যোৱা দুবছৰে কল্পনাও কৰা নাই।

: এইবোৰ ডাইলগ নাটকত লিখাগৈ যোৱা। হ'পলেচ!

গুচি গৈছিল অভিশিখা। দেউতাকে পঠোৱা গাড়ীৰ ধূলিৰে অনুৰাগক বুৰাই গুচি গৈছিল। নাজানে তাই, তাৰ পাছৰ কাহিনী তাই একোৱেই নাজানে। পাছৰ কথাবোৰ ঘটি গৈছিল যন্ত্ৰৰ দৰে। বৰ্ণৱৰ লগত তাইৰ বিয়া, বৰ্ণৱৰ চাকৰিৰ সংক্ৰান্তত সিহঁত ঘৰ পৰিয়াল সকলো এৰি অন্য এখন চহৰত নিগাজীকৈ থাকিবলৈ লোৱা, বৰ্ণৱৰ জোৰত অভিশিখাৰ আকৌ এটা এম এ ডিগ্ৰী, লগতে লাহে লাহে লিখা মেলাৰ পৃথিৱীখনলৈ অহা। যোৱা দহটা বছৰ কেৱল উপন্যাসৰ মাজতে কটাই আহিছে তাই। মাজে মাজে জোনাক বৰ্ণৱৰ লগত ঘৰলৈ যায়। কিন্তু নাযায় অভিশিখা। বৰ্ণৱৰ দেউতাক জীয়াই থকালৈকে নিয়মিত ভাৱে গৈছিল যদিও তেখেত ঢুকোৱাৰ পৰা একেবাৰে নোযোৱা হ'ল তাই উদং ঘৰখনলৈ। বাকী নিজৰ ঘৰৰ মোহ তাই কেতিয়াবাই এৰিলে। এম এ কৰাৰ দিনতে ডিভোৰ্চ হোৱা মাক দেউতাকৰ লগত একো যোগাযোগ নাই বুলিবই পাৰি।


"এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰন জনাইছোঁ আমাৰ সকলোৰে প্রিয় লেখিকা স্বনামধন্য সাহিত্যিক অভিশিখা দত্ত বাইদেউক।"

বর্ণৱে হাতখনত মুঠি মাৰি ধৰি ক'লে, "অল ডা বেষ্ট।" গম্ভীৰ খোজেৰে উঠি গ'ল অভিশিখা। সম্বৰ্ধনাৰ পাছতে আৰম্ভ কৰিলে ক'বলৈ। কি নো ক'লে তাই! ঘৰতে জুকিয়াই অহা কথাবোৰৰ এটা শব্দও মনত নাই তাইৰ। যি মনলৈ আহিছে ইউনিভাৰ্চিটিৰ জীৱনৰ লগত সংগতি ৰাখি কথাবোৰ কৈ গ'ল। নবাগত আদৰণি সভাৰ উদ্ধোধন কৰা বুলি ঘোষণাও কৰিলে। অৱশ্যে তাইৰ কথাখিনি ভাষণৰ পৰিৱৰ্তে ইণ্টাৰেকটিভহে আছিল। তাইৰ সৈতে পাঠকৰ অন্তৰংগ আলাপ। এজন ছাত্ৰই সুধিলে,

"বাইদেউ আপোনাৰ প্ৰেম হৈছিল নে?"

বুকুৰ ধপ ধপনি মুখত প্ৰকাশ নকৰি অভিশিখাৰ উত্তৰ,

"হৈছে, উপন্যাসৰ সৈতে।"

আকৌ এজনৰ প্ৰশ্ন,

"বাইদেউ, আপোনাৰ উপন্যাসত খুব কৰুণ কাহিনী দেখোঁ। আপুনি কেতিয়াবা প্ৰতাৰিত হৈছিল নেকি?"

আগশাৰীত বহি থকা ডঃ বৰদলৈৰ চেলাউৰী থূপ খাইছিল প্ৰশ্নটোত। হয়তো এনে ব্যক্তিগত প্ৰশ্ন সোধাৰ বাবে অসন্তুষ্ট হৈছিল। কিন্তু অভিশিখাই বুজি পাই, প্রিয় লেখকক লৈ পাঠকৰ কৌতূহলৰ সীমা নাথাকে। তাক সন্মান দিব জানে তাই। তাই উত্তৰ দিছিল,

"প্ৰতাৰিত হৈছোঁ, সময়ৰ দ্বাৰা।"

এনেদৰে আন দুই এটা প্ৰশ্নৰ উত্তৰ দি নামি আহিছিল অভিশিখা মঞ্চৰ পৰা। দুই এটা অনুষ্ঠানৰ পাছতে সিহঁতৰ অনুষ্ঠানটো শেষ হ'ল। ষ্টুডেণ্টৰ লগত ফটো উঠা, অটোগ্ৰাফ দিয়া আদিৰ মাজতে ডঃ বৰদলৈয়ে অভিশিখাহঁতক কেণ্টিনত লাঞ্চও কৰালে। তাৰ পাছতে বৰ্ণৱক ডঃ বৰদলৈয়ে ইউনিভাৰ্চিটিৰ বিল্ডিংটো দেখুৱাবলৈ নিলে। কিন্তু অভিশিখা তেওঁলোকৰ লগত নগৈ অলপ আঁতৰি আহিল। বিল্ডিংটোৰ কাষতে এখন বহল খেলপথাৰৰ দৰে ঠাই আছে। ঠাই টুকুৰাৰ ঠিক সোঁমাজত এজোপা প্ৰকাণ্ড আঁহত গছ। গছজোপাৰ তলটো মানুহ বহিব পৰাকৈ বনাই থৈছে। তাই তাতে বহিল। অলপ আছুতীয়া সময়ৰ তাইক এতিয়া বৰকৈ প্ৰয়োজন। আজি মঞ্চত তাই নিজে দিয়া উত্তৰটো পাক ঘুৰণি খাই থাকিল তাইৰ মনত। এৰা, সময়ে যিদৰে তাইৰ লগত চূড়ান্ত প্ৰতাৰণৰ খেল খেলিলে, তাৰ আঘাতত ক'ৰবাত আজিও টুকুৰা হৈ পৰি আছে তাইৰ বুকুখন। মন উৰিছিল আকৌ স্মৃতিৰ ডেউকাত।


: তোক লগ পাবলৈ কোনোবা আহিছে। ভিজিটৰচ ৰুমতে আছে।

পঢ়ি থকাৰ মাজতে অভিশিখাক ক'লে ৰুমমেট মৈত্ৰীয়ে। কোন বা আহিল বুলি খৰ খোজেৰে ভিজিটৰচ ৰুমত গৈ তাই দেখে এগৰাকী বগা সাজ পৰিহিতা আদহীয়া মহিলা। চিনি পোৱা নাছিল তাই। মহিলা গৰাকীয়ে নিজেই ক'লে,

: মই অনুৰাগৰ মাক।

লগে লগে মুখত হাঁহিৰ ঢৌ এটা খেলি গ'ল অভিশিখাৰ। তাই কিবা ক'বলৈ নৌ পাওঁতেই মাকে আকৌ ক'লে,

: তোমাৰ লগত কথা আছিল, সেইবাবে এনেকৈ আহিলোঁ।

: কওকচোন বৰমা।

: তুমি মোক ভুল নুবুজিবা মাজনী। কিন্তু..

: কি হৈছে বৰমা, কওকচোন।

: তুমি অনুৰাগৰ জীৱনৰ পৰা আঁতৰি যোৱা।

বুকুখনত যেন কোনোবাই হাতুৰী এডালেৰে কোবাই দিছে অভিশিখাৰ। মূৰটো আচন্দ্ৰই কৰিছে। কিবা ক'বলৈ নাপাওঁতেই মাকে আকৌ ক'লে,

: অনুৰাগক মই খুব কষ্টৰে অকলেই ডাঙৰ কৰিছোঁ। এইখিনিলৈকে পঢ়াইছোঁ। কিন্তু তাৰ জীৱনত মই এনেকুৱা এজনী ছোৱালীক আনিব নোৱাৰো যাৰ নিজৰ মাক দেউতাকৰে এৰা এৰি হৈছে। অনুৰাগৰ বাবে ছোৱালী এজনী আমি, মানে মই আৰু মোমায়েকহঁতে আগতেই চাই থৈছোঁ। কিন্তু তাৰ এইবোৰ খবৰ পাই মই খুব কষ্ট পাইছোঁ। তোমাক কাবৌ কৰিছোঁ মাজনী, মোৰ বুকুৰ পৰা ল'ৰাটোক কাঢ়ি নিনিবা।

চোফাখনত ধমহকৈ বহি পৰিছিল অভিশিখা। কেই মুহূৰ্তমানৰ পাছতে নিজকে চম্ভালি লৈ মানুহ গৰাকীৰ হাতখন নিজৰ হাতৰ মাজলৈ নি কৈছিল,

: মা দেউতাৰ মৰম হেৰুৱালে কেনে লাগে মই বুজোঁ। চিন্তা নকৰিব, অনুৰাগক মই সেই কষ্ট পাবলৈ নিদিওঁ।

মানুহ গৰাকী গুচি গৈছিল। ৰুমলৈ আহি উৰে নিশা পাগলীৰ দৰে কান্দিছিল অভিশিখাই। লগতে সাজু হৈছিল এখন যুদ্ধৰ বাবে। যিখন যুদ্ধত বিধস্ত হৈ গৈছিল অনুৰাগ।


"ভালে আছা অভিশিখা?"

কোন? ক'ৰ পৰা ভাহি আহিছে এই মাত? কোন যুগৰ বুকুৰ পৰা আহিছে? চক খাই উঠিছিল অভিশিখা। কথাবোৰ ভাবি থাকোতে কোন সময়ত অনুৰাগ বৰুৱা আহি তাইৰ কাষ পালেহি গম নাপায়। চাওঁ নাচাওকৈ চালে তাই,

"আছোঁ, তুমি?"

"ভালেই। তোমাৰ প্ৰতিখন উপন্যাসেই পঢ়োঁ। ভাল লাগে।"

"ধন্যবাদ। আজিকালি গান নোগোৱা নেকি?"

অলপ হাঁহি অনুৰাগে ক'লে,

"গান তেতিয়াই বাদ দিলোঁ নহয়।"

"কেতিয়া?"

"তুমি যোৱাৰ পাছতেই।"

বুকুখন যেন কিহবাই মুচৰিহে দিছিল অভিশিখাৰ। কঁপি উঠিছে তাই ভিতৰৰ পৰা। আধাফুটা মাতেৰে ক'লে তাই,

"অনুৰাগ..."

"মই জানো অভিশিখা।"

"মানে?"

"মায়ে সকলো কৈ গৈছে মোক।"

বহাৰ পৰা থিয় হৈ গ'ল অভিশিখা। কি কৈছে অনুৰাগক মাকে? কি কৈছে?

"তোমাক পৰীক্ষাৰ মাজত হোষ্টেলত লগ কৰিবলৈ যোৱাৰ সকলো কথা কৈছে। মা ঢুকোৱাৰ চাৰি বছৰ মানেই হ'ল। মৃত্যুৰ আগে আগে সকলো কৈছে মোক।"

এইবাৰ চকুপানী ৰখাব নোৱাৰিলে অভিশিখাই। অহৰহ বৈ আহিল তাইৰ। যেন যোৱা দহ বছৰে সাঁচিহে থৈছিল।

"নাকান্দিবা, মাৰ ভুল হৈছিল। ভুলৰ শাস্তি তেওঁ নিজেই পাইছে। তোমাক কেতিয়াবা লগ পালে ক্ষমা খুজিবলৈ কৈছিল। মাক ক্ষমা কৰি দিবা অভিশিখা।"

একো মাতিব পৰা নাছিল অভিশিখাই। কি শাস্তিৰ কথা কৈছে অনুৰাগে? মাকে চাই দিয়া গৰাকীক বিয়া নকৰালে নেকি তেওঁ? 

"দেউতা, দেউতা.. ব'লা আকৌ যাওঁ।"

সৰু ল'ৰা এটি দৌৰি ওলাই আহিল ভিতৰৰ পৰা। আহি অনুৰাগৰ কোচত উঠিল। খৰকৈ চকুপানী মচি ল'লে অভিশিখাই।

"তোমাৰ ল'ৰা?"

"উম"

"বৰ মৰমলগা।"

ল'ৰাটিক কোঁচত লৈ অনুৰাগ ভিতৰলৈ সোমাই গ'ল। পিছে পিছে অভিশিখাও। ইতিমধ্যে পঞ্জীয়কৰ কোঠাতে বর্ণৱে ডঃ বৰদলৈৰ লগত কথা পাতি আছিল। অনুৰাগ আৰু অভিশিখা গৈ পাই কিছু কথা পাতিলে। তাৰ পাছতে একেলগে তেওঁলোকে বিদায় মাগি ওলাই আহিল।

"যাওঁ অভিশিখা। লিখি থাকিবা। লিখাৰ মাজেৰে তোমাক বিচৰা মানুহবোৰে তোমাক পাব।" 

কথাষাৰ কৈ অনুৰাগে ল'ৰাটোক লৈ গাড়ীত বহিলগৈ। বৰ্ণৱ আৰু অভিশিখাও বহিলহি গাড়ীত। ছিটত মূৰ পেলাই দিলে অভিশিখাই। ভাগৰ, খুব ভাগৰ লাগিছে তাইৰ।

"ডঃ অনুৰাগ বৰুৱাক কিন্তু মানিব লাগিব দেই।"

বৰ্ণৱৰ কথাত মূৰ তুলি চালে অভিশিখাই,

"কিয়?"

"আৰে, ইউনিভাৰ্চিটিৰ প্ৰফেছৰ। ইমান ব্যস্ত জীৱন। তাৰ পাছত অকলেই সন্তান ডাঙৰ কৰা ধেমালি কথা নে?"

অভিশিখাই আচৰিত হৈ সুধিলে,

"কিয়, তেখেতৰ ৱাইফ ঢুকাইছে নেকি?"

বর্ণৱেও আচৰিত হোৱাৰ দৰে তাইলৈ চাই ক'লে,

"তুমি গম নোপোৱা নেকি? ল'ৰাটো তেখেতে এডপ্ত কৰাহে। নিজৰ নহয়তো। তেখেতে বিয়াই নকৰালে। মাকৰ লগতেই আছিল, মাক ঢুকোৱাৰ পাছত ল'ৰাটো এডপ্ত কৰি অকলেই ডাঙৰ কৰিছে। বহুতে বিয়াৰ জোৰ দিয়াৰ পাছতো নকৰালে, ভৱিষ্যতেও নকৰাই বোলে। ছিংগল পেৰেণ্ট হৈ থাকিব।"

বর্ণৱে আৰু কি কৈছিল একো কাণত নোসোমাল অভিশিখাৰ। অনুৰাগে মাকে কি শাস্তি পোৱাৰ কথা কৈছিল এতিয়াহে বুজি পালে তাই। ভাগৰ লাগিছে অভিশিখাৰ। খুব ভাগৰ। মূৰটো ছিটত পেলাই দিলে তাই। গাড়ী আগবাঢ়িল। চকুপানী নোৰোৱাকৈ বৈ আহিছে অভিশিখাৰ। বর্ণৱে গান এটা লগাইছিল গাড়ীত। বাজি আছে মনজ্যোৎস্না মহন্তৰ জনপ্ৰিয় গীত,

"বহুদিন শুনা নাই জীয়াশিলে কথা কোৱা,

বুকুৰ উমেৰে লিখি থোৱা ভালপোৱা ভালপোৱা

পৰে নে তোমাৰো মনতে বাৰু

ৰৈ ৰৈ প্রিয় হিয়া কঁপে কিয়

জানোচা পাহৰি যোৱা

বহুদিন শুনা নাই জীয়াশিলে কথা কোৱা....."


✍️কৌশিক

Comments

  1. খুব ভাল লাগিল কাহিনীটো

    ReplyDelete
  2. কাহিনীটো পঢ়ি খুব ভাল লাগিল

    ReplyDelete

Post a Comment

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯