ৰাধা : আৰম্ভণি খণ্ড

 #ৰাধা

আৰম্ভণি খণ্ড :

"....শেষৰ পৰা যি আৰম্ভ হয়, তাৰ শেষ কেতিয়াও নহয়।"

প্ৰতিটো কাহিনীৰ শেষ থাকিবই যে লাগিব তাৰতো কোনো মানে নাই। কিছুমান কাহিনীয়ে শেষ স্বীকাৰ নকৰে। শেষৰ সৈতে যুঁজি নিজৰ এটা বাট সাজি লয়। কৃষ্ণচূড়াবুলীয়া বাট এটা কেতিয়া সেন্দূৰীয়া হৈ পৰে সেয়া উমান লেখকেও নাপায়। কাহিনীবোৰৰো নিজাকৈ এটা উপ কাহিনী থাকে। য'ত চৰিত্ৰবোৰে নিজৰ সৈতে কথা পাতে। সমাপ্তি নামৰ দেৱাল ভাঙি য'ত গঢ়া যায় আৰম্ভণি নামৰ বাট।

এঘাৰ মহলাৰ ওপৰৰ এটা আটকধুনীয়া ফ্লেট। সোমোৱা দুৱাৰখনৰ কাষতে বোৰ্ড এখনত লিখা আছে, "ভালপোৱাৰ কাঞ্চন" আৰু তলত দুটা বিশেষ নাম।

তাৰ পৰা সোমায়েই বৃহৎ লিভিং ৰুম। তাৰ সোঁফালে পাকঘৰ, পাকঘৰটো পাৰ হৈয়ে এটা গোঁসাই ঘৰ। ৰাধাকৃষ্ণৰ যুগল মূৰ্তি এভাগ আছে। লিভিং ৰূমটোত সন্মুখৰ ফালে আধুনিক চোফা। আৰু ৱালত লাগি এখন ডাইনিং। ৰূমটোৰ সিফালে আন এযোৰ চোফা, সমুখত প্ৰকাণ্ড টিভিটো। ৰূমটোৰ বাওঁফালে তিনিটা ডাঙৰ বেডৰুম। আৰু এটা অলপ সৰু ৰুম। মাজত কৰিডৰ। এটা বেডৰুমৰ লগত সংলগ্ন হৈ আছে বেলকণি এটা। সেই বেলকণিটোতে থিয় হৈ তলৰ মহানগৰখন চালে সন্ধ্যাই, সন্ধ্যা ৰাগিনী বৰুৱাই। হাতত একাপ কফি। অলপ আগতে গা ধোৱাৰ বাবে ভিজি আছে চুলিখিনি। পুৱাৰ ব্যস্ত মহানগৰখন বহুদিনৰ মূৰত যেন দেখিছে তাই। এখন প্ৰখ্যাত কলেজৰ সহকাৰী অধ্যাপিকা সন্ধ্যাই ৰাতিপুৱা এনেই এইদৰে ৰ'বলৈ সময় নাপায়। পিছে আজি তাইৰ ছুটী। সেইবাবেই এইকণ সুযোগ এৰিবলৈ মন নাই তাইৰ। পাকঘৰত কাম কৰা ছোৱালী মনুৱে বাচন ধুইছে। তাৰ পৰা ভাঁহি আহিছে দুই এটা শব্দ। কিয় জানো, আজি সন্ধ্যাৰ এবাৰ উলটি চাবৰ মন গৈছে। চাবৰ মন গৈছে, পাঁচ বছৰীয়া ইউনিভাৰ্চিটিৰ জীৱনটো। সপোন যেন লগা কাহিনীবোৰ গেটৰ সিপাৰে এৰি সিহঁত আহি সোমাইছিলহি বাস্তৱৰ ক'লা বগা পৃথিৱীখনত। তাৰ পাছত? কষ্ট, সংগ্ৰাম, যুদ্ধ। উফ.. আৰু এতিয়া? শেষ জানো হৈছে যুদ্ধৰ? এটা হুমুনিয়াহ সৰি আহিল তাইৰ। এনেতে ফোনটো বাজিল। বেলকণিত থকা ঝুলনাখনৰ পৰা ফোনটো আনি কাণত ল'লে,

"ৰুণ, গাড়ীৰ চাবি টো---" 

"জানো জানো, এইটো আৰু নতুন কথা নে। গৈ আছোঁ ৰ'বা।" 

গাড়ীৰ চাবিটো লৈ এপাৰ্টমেণ্টটোৰ লিফ্টৰ চুইছ টিপিলে সন্ধ্যাই। এৰা, নতুন কথা নহয়। তাই ঘৰত থাকিলে এইটো কাম প্ৰায়ে কৰে সি। পৃথিৱীত হেনো সকলো সলনি হয়। কিন্তু এইটো যেন সন্ধ্যাৰ স্বামীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। অৱশ্যে সলনি নহয় বাবেইতো আমি তাক ভালপোৱা বুলি কওঁ। গাড়ীখনত ভেঁজা দি ৰৈ আছে সন্ধ্যাৰ মানুহজন। য'ত তাই সামৰে সমস্ত পৃথিৱী। তাইৰ অনুৰণ। লেবাৰ ইন্সপেক্টৰ অনুৰণ হাজৰিকা। চকুত হাঁহি। চাবিটো আগবঢ়াই তাই ক'লে, 

"সদায় কিয় পাহৰা কোৱাচোন।" 

"তোমাক চোৱাৰ বাহানা আকৌ।" 

সন্ধ্যাক কঁকালত ধৰি আগুৱাই আনিলে সি। 

"ধেৎ এইটো। যাহ" বুলি আঁতৰি আহিল সন্ধ্যা। বিয়াৰ তিনি বছৰ হ'ল। এতিয়াও ক'ৰবাত সিহঁত মাজে মাজে ঘূৰি যায় আগৰ চঞ্চল সময়বোৰলৈ। অনুৰণক চাবিটো দি ওপৰলৈ আহিল সন্ধ্যা।

বেদৰুমত ফোনটো বাজি আছিল অথনিৰে পৰা। সন্ধ্যাই কল বেক কৰিলে। লগে লগে সিফালৰ চিনাকি মাত, 

"কি মানে, ক'ত মৰি থাক? ৰাতিপুৱা উঠিয়েই ৰোমাঞ্চত লাগি যাৱ নি দুইটা?" 

খিলখিল হাঁহি এটাই খেলি গ'ল সন্ধ্যাৰ মুখত। এইটো মাতৰ সমুখতেই যে সন্ধ্যাই পাহৰি পেলাই নিজৰ সকলো পৰিচয়। বিছ বছৰীয়া ছোৱালীজনী হৈ পৰে তাই। কৃত্ৰিম ধমকি মাৰি ক'লে, 

"চুপ। ক কিয় কৰিছিলি?" 

"বহুত মিছ কৰিছিলোঁ তোমাক জান।" 

শব্দ কৰি হাঁহি উঠিল এইবাৰ তাই। ক'ৰবাত অনুৰণ আৰু তাইৰো যদি অলপ বয়সৰ প্ৰভাৱ পৰিছে, এই ল'ৰাটো এতিয়াও সেই ইউনিভাৰ্চিটিতে যেন পঢ়ি আছে।

"অভি, shut up। change নহ'লি আৰু ন?" 

ফোনটোৰ সিপাৰে জোৰকৈ হাঁহি উঠিল অভিমন্যুয়ে। অভিমন্যু শৰ্মা, মায়ানগৰী মুম্বাইৰ প্ৰতিষ্ঠিত অভিনেতা। সন্ধ্যা অনুৰণৰ বিশ্ববিদ্যালয়ৰ বন্ধু। সন্ধ্যাৰ অভি।

"তোৰ কুৰিয়াৰটো পাবগৈ এতিয়া। সেইটো ক'ব লৈছিলোঁ।" 

"Ok, আহিলে ক'ম বাৰু।" 

এৰা, আজিৰ দিনটো বিশেষ। বিশেষ এখন কিতাপৰ বাবে, বিশেষ এখন উপন্যাসৰ বাবে, এটা কাহিনীৰ বাবে। দিনটো কাৰো সৈতেই ভগাব নোৱাৰে তাই। সেয়ে আজি ছুটী লৈছে। এয়া যে সময় উভতি চোৱাৰ, এয়া সময়, ৰহস্যৰ উৰণি খহাৰ।

ফোনটো কাটি কামত লাগিছিল সন্ধ্যা। অথনিৰে পৰা কামত লাগি থকা মনুক চাহ একাপ দিলে তাই। খাই থাকোতেই কলিং বেল বাজিল। বেলটোৰ লগত যেন সন্ধ্যাৰ বুকুখনো ধিপিংকৈ উঠিল। সন্ধ্যা গৈ দেখে অভিয়ে পঠোৱা কুৰিয়াৰটো। তাই লৰালৰিকৈ খুলিলে। ওলাই পৰিছিল এখন উপন্যাস। লেখক স্বৰ্গীয় ময়ূৰ কৃষ্ণ বৰুৱা। উফ, বুকুত যেন কোনোবাই শিল এটাহে থৈ গৈছে। স্বৰ্গীয় শব্দটো হাতেৰে এবাৰ মোহাৰি দিলে তাই। খুলি গৈছে অতীতৰ দুৱাৰ। ভাঁহি আহিছে পানীমূৰৰ সেই কালিকা লগা দিন। ভয়ংকৰ চিঞৰ। লাহে লাহে উপন্যাসখন মেলিলে সন্ধ্যাই। জিলিকি আছে উপন্যাসখনৰ নাম, 

"ৰাধা"

(আগলৈ)

Comments

  1. Handhyar obhi!🥺Kio janu handhya aru abhimanyur friendship tu e besi ke emotional kori die muk💗😭onuron aru handhya biyau patile🥹❤️‍🩹hetor biya pasot bur olop pohibo pua hole,aru pokhi tai ki khbr?mayur or radha pohibole bohut excited,tar le mnt pori thakibo kintu pohute≤🤧and I'm so glad ki apuni abhi aru handhyar friendship eke thole

    ReplyDelete
  2. Niribili khon ketiau pahoribo nuari kintu,heikhon imane bhal lage j pohiboleu bhoi lage emotional hoi jau bare bare aru eribo nuari ebar pohile,onuron handhya abhi mayur ❤️‍🩹best characters written

    ReplyDelete
  3. ভাল লাগিল পঢ়ি। কেতিয়াবা হয় ন উপন্যাস এখন পঢ়াৰ পিছতো ইয়াৰ পিছত বা কি হ'ল জানিব মন যায়। নিৰিবিলি- মোৰ বাবে এক তেনে অনুভৱ।

    ReplyDelete
  4. Sandhya, Anuron aru Abhimanyu ai tinita naam hunar loge loge niribili loi ghuri golu Tezpur University r kolponio poribekh burr❤

    ReplyDelete
  5. কৌশিক ভালপোৱাৰে আনে আৱৰি ৰখাটোতকৈ ভালপোৱাৰে নিজক আৱৰি ৰখাটো বেছি প্ৰয়োজন?

    ReplyDelete
  6. This comment has been removed by the author.

    ReplyDelete
  7. প্ৰতিটো খণ্ড‌ই ভাল লগা।

    ReplyDelete

Post a Comment

Popular posts from this blog

ৰাধা খণ্ড : ১

ৰাধা : ৩৯