ৰাধা : ৪৬
#ৰাধা
Part 46
কাহিনীয়ে কি দিয়ে মানুহক? নিয়েই বা কি মানুহৰ পৰা? প্ৰতিটো কাহিনীয়ে মানুহৰ মাজত নিজক থৈ যায়। কাহিনীটো শেষ হোৱাৰ পাছতো মানুহ ঘূৰি থাকে সেই কাহিনীটোৰ চৌপাশে। "অসীমত যাৰ হেৰাল সীমা" পঢ়ি কমল নগৰত ঘুৰ্মুটিয়াই ফুৰা প্ৰজন্মৰ সন্ধ্যাৰ বাবে ৰাধাৰ অন্তিম দশা সহ্য কৰা খুব কঠিন হৈছিল। বাস্তৱক লৈ উপন্যাস লিখিলেও কোনোবা ক্ষেত্ৰত উপন্যাস বাস্তৱৰ পৰা এক পলায়নো হয়। হয়তো বাস্তৱত নোপোৱা বা পাবলৈ থাকি যোৱা বহু বস্তু আমি উপন্যাসত পাওঁ। উপন্যাসৰ চৰিত্ৰৰ মাজত আমি নিজকে চাওঁ, কাহিনীবোৰত নিজকে সজাও। বাস্তৱৰ লগত যুঁজিবলৈ আমি তেনেদৰেই সাহস গোটাও। উপন্যাস ভাল পোৱা মানুহবোৰে সেইবাবেই বাস্তৱৰ পৃথিৱী অলপ কষ্ট পাই চাগে! কল্পনাৰ পৰা বাস্তৱলৈ ঘূৰি অহাৰ মূল্য ভৰিব লগা হয় বাৰে বাৰে। ৰাধাৰ কাহিনীটোত নিজক নিমজ্জিত কৰি পোৱা সুখানুভূতিখিনি এই শেষৰ ফালে যেন অবৰ্ণনীয় যন্ত্ৰণালৈ সলনি হৈছিল সন্ধ্যাৰ। ৰাধাৰ প্ৰসৱ যন্ত্ৰণা আৰু শেষত তাইৰ কৰুণ মৃত্যুৱে সন্ধ্যাক যেন ৰূঢ় বাস্তৱৰ পৰিচয়হে দি গ'ল। এৰা, কাহিনীৰ দৰে কেতিয়াও নহয় কথাবোৰ। আনৰ কথা ভবা মানুহবোৰ শেষত চাগে এইদৰেই অকলশৰীয়া হয়। কিতাপখনৰ শেষত আৰু অলপ আছে যদিও তাতেই জপাই সন্ধ্যা উঠি আহিছিল। দিনটো তেনেকৈয়ে পাৰ হ'ল তাইৰ। আজি ভাত শাহুয়েকে আৰু মনুৱে মিলি ৰান্ধিলে। সন্ধ্যাৰ মনৰ অৱস্থাটোৰ বাবেই তাইক পাকঘৰত সোমাবলৈ দিয়া নাই। শহুৰেকে দুই এটা কথা পাতি তাইক বুজাই আছে। মাজতে অন্তৰাও আহি ওলালহি। সন্ধ্যাৰ প্ৰতি মাকৰ ধাৰণা সলনি হোৱাৰ উমান পাই অন্তৰাও সুখী। দুপৰীয়া ভাত খাই সন্ধ্যাই অভিমন্যুলৈ ফোন লগাইছিল। সি কামতে আছে, আজি হয়তো নাহিবও পাৰে। আবেলি সন্ধ্যাক অন্তৰাই জোৰ কৰিয়েই উলিয়াই নিলে। লেম্ব ৰোডৰ পৰা সেই ৰাস্তাটোত দুয়োজনীয়ে এপাক খোজ কাঢ়িলে। উজান বজাৰ ঠাইখনে যেন পুৰণি গুৱাহাটীখনক আজিও জীয়াই ৰাখিছে। উজান বজাৰৰ পুৰণি আৰ্হিৰ ঘৰবোৰে আজিও গুৱাহাটীৰ পুৰণা কাহিনী দোহাৰি আছে। লতাশিলৰ বিখ্যাত বৰুৱা পৰিয়ালৰ বিশেষ ঘৰটোৰ সমুখত থিয় হৈ মাজে মাজে ৰ লাগি চাই সন্ধ্যাই। মায়া, এই ঠাইটুকুৰাত সঁচাই মায়া আছে।
সন্ধিয়া আহি সকলোৱে একেলগে চাহ খালে। সন্ধ্যাৰ মনটো উৰুঙা। গুৱাহাটীলৈ অহাৰ পাছত আজি হয়তো প্ৰথম এনেকুৱা হৈছে যে সন্ধ্যাই এবাৰো অনুৰণলৈ দিনটোত ফোন কৰা নাই। আনকি সিও তাইৰ এবাৰো খবৰ লোৱা নাই। দিনত সি ক'ত ভাত খালে, এতিয়া বা ক'ত আছে, একো নাজানে তাই। কৰিবলৈ লৈও থৈ দিছে তাই মোবাইল। কিয় বুজি নাপালে সি তাইৰ মনটোক! কিয় বুজিব নোৱাৰে মাক হোৱাৰ অনুভৱকণ! হয়, সন্ধ্যাই জানে যে লওঁ বুলিলেই কাৰোবাক এডপ্ত কৰি ল'ব নোৱাৰি। কিন্তু অনুৰণে একেষাৰেই অসম্ভৱ বুলি কৈ কিয় দিলে! অভিমান নহয়, সন্ধ্যাৰ খং উঠিছে আজি অনুৰণলৈ। খঙতে ফোন কৰা নাই তাই। থাকক, আজৰি হ'লে আহিব নিজেই। খঙতে কথা নপতাকৈ থাকিলেও পিছে সন্ধ্যাৰ মনটো উচপিচাই আছিল। অন্তৰাক এবাৰ ফোন কৰিবলৈও কৈছিল। পিছে অনুৰণে ৰিচিভ নকৰিলে। সময় পাৰ হোৱাৰ লগে লগে সন্ধ্যাৰ চিন্তা আৰম্ভ হ'ল। অনুৰণ অফিচৰ পৰা অহা সময় কেতিয়াবাই পাৰ হ'ল। কিয় অহা নাই এতিয়াও! শেষত খং কাটি কৰি নিজেই ফোন লগালে তাই। সি ধৰিলে,
"দিনটো খঙতেই থাকিলা নেকি ৰুণ?"
এইষাৰ মাতক কেনেকৈ খং কৰা যায়! এইটো মাতৰ পৰা কেনেকৈ আঁতৰি থকা যায়! নোৱাৰে, সন্ধ্যাই কেতিয়াও নোৱাৰে। নাজানে তাই কি ভিটামিন আছে অনুৰণৰ মাতত, এবাৰ শুনিলেই নোহোৱা হৈ যায় বুকুৰ সমস্ত বিষাদ। তাই ক'লে,
"কিয় অহা নাই ইমান সময়?"
"মোৰ সন্ধ্যাই প্ৰথমবাৰ মোৰ পৰা কিবা বিচাৰিছে, মই কি নিনিয়াকৈ যাব পাৰোঁ?"
এইফালে সন্ধ্যা একেচাবে থিয় হৈ চিঞৰি উঠিল, "তাৰ মানে তুমি...."
অনুৰণে সামান্য হাঁহি ক'লে, "আৰু অলপ ফৰ্মেলিটিজ আছে, নি আছোঁ তোমাৰ ছোৱালীক।"
কথাটো কৈ ফোনটো কাটিলে সি। ইতিমধ্যে সন্ধ্যাৰ চিঞৰত ঘৰৰ সকলো তাইৰ ওচৰ পাইছিলহি। শহুৰেকে সুধিলে,
"কি হৈছে ৰুণজুন?"
"দেউতা, মা, অনুৰণে কৃষ্ণপ্ৰিয়াক লৈ আনিব। একেবাৰে।"
"কি?"
আনন্দৰ সাগৰ এখনহে বৈ গৈছে যেন আজি "ভালপোৱাৰ কাঞ্চন"ত। শাহুয়েকে ভৰা চকুৰে সন্ধ্যাক আঁকোৱালি ধৰিলে। সন্ধ্যাই গোটেই ঘৰখন নতুনকৈ সজালে। অন্তৰা আৰু দেউতাকে নতুন আলহীজনীলৈ কেইযোৰমান কাপোৰ কিনিবলৈ গ'ল। লগতে দুই এটা খেলা বস্তু। শাহুয়েকে গোঁসাই ঘৰত ধূনা জ্বলাই গোটেই ঘৰটোত ফুৰাই দিলে। সন্ধ্যাই নিজেই মাংস ৰান্ধিবলৈ লাগিল। অৱশেষত যথেষ্ট পলমকৈ হ'লেও অনুৰণ আহি পালে। তাৰ কোলাত ভাগৰুৱা হাঁহি মাৰি আছিল কৃষ্ণপ্ৰিয়াই। স্বৰ্ণৰেখাই ধূপ চাকিৰে আদৰিলে ঘৰৰ লখিমীক। সন্ধ্যাই চুমাৰে উপচাই দিলে। আজি ভৰুণ তাইৰ ঘৰখন, তাইৰ কোলা। নালাগে, আৰু একো নালাগে তাইক জীৱনৰ পৰা। কোনেও নেদেখাকৈ বেলকণিত বহি উচুপি কান্দিছে তাই সুখতে। এবাৰ ঘৰলৈ ফোন কৰিও খবৰ দিলে। হাঁহিময় সময় এখিনিৰ শেষত ৰাতি ভাত খাই সকলো বিচনাত পৰিল। সন্ধ্যা আৰু অনুৰণৰ মাজত আজি কৃষ্ণপ্ৰিয়া। উফ, এইকণ মুহূৰ্তৰ বাবে কতদিন ৰৈছে সিহঁত। কতদিন চকুলোৰে গাৰু তিয়াই দিছে তাই। নিচুকনি গীত গাই কৃষ্ণপ্ৰিয়াক শোৱাই লোৱাৰ পাছত সন্ধ্যা লাহেকৈ নামি আহিল আৰু ড্ৰয়াৰৰ পৰা চিগাৰেটৰ পেকেটটো আৰু লাইটাৰটো উলিয়ালে। অনুৰণৰ মুখত অসন্তুষ্টিৰ ৰেশ বিয়পি পৰিছিল যদিও সি মাত্ৰ ক'লে,
"বেলকণি গৈ খোৱা গৈ ৰুণ, ইয়াত কৃষ্ণা আছে।"
সন্ধ্যাই হাঁহি মাৰিলে আৰু পেকেট আৰু লাইটাৰ দুয়োটা ডাষ্টবিনটো খুলি পেলাই দিলে। অনুৰণ বিচনাৰ পৰা উঠি আহিল। সন্ধ্যাই সৰু মাতেৰে ক'লে,
"ছৰী ৰণ, বহুত কষ্ট দিলোঁ ন মই?"
একো ক'ব পৰা নাছিল অনুৰণে। এইজনীয়েইতো তাৰ সন্ধ্যা। এইজনী সন্ধ্যাক বিচাৰিয়েই হাঁহাকাৰ কৰি আছিল সি অতদিনে। মুখেৰে একো নকৈ সন্ধ্যাৰ কঁকালত হাটখনেৰে মেৰিয়াই কাষলৈ টানি আনিলে সি আৰু দুয়োখন গালত ধৰি তাইৰ ওঁঠযোৰ চুমি গ'ল নিজৰ ওঁঠৰে। অনুৰণৰ দাঁতৰ মৃদু পৰশ পৰিছিল সন্ধ্যাৰ দুই ওঁঠত। চকু মুদি দিছিল দুয়ো। লাহে লাহে সন্ধ্যাৰ চকু, গাল, কপাল সকলোতে বগাব ধৰিলে অনুৰণৰ ওঁঠ। চকুপানী সৰিছিল দুয়োৰে। সময়; ইমান ধুনীয়া হ'ব পাৰ নে তই! হেঁপাহ পলুৱাই মৰম কৰাৰ পাছত দুয়ো বিচনালৈ আহিল। টোপনিত লালকাল কৃষ্ণপ্ৰিয়ালৈ দুয়ো অপলক নেত্ৰৰে চাই ৰ'ল। সন্তানক টোপনিত পৰি থকা মুখখন চোৱাৰ ৰাগিখিনি আজি যেন বুজিছে সিহঁতে। বুকুৰে উজাই লৈছে এই অনুভৱ। তাইৰ গালত হাত ফুৰাই অনুৰণে সন্ধ্যাক সুধিলে,
"কৃষ্ণপ্ৰিয়া মানে কি নো?"
সন্ধ্যাই ক'লে, "কৃষ্ণপ্ৰিয়া, অৰ্থাৎ কৃষ্ণক ভালপোৱা আৰু কৃষ্ণৰ প্রিয় মানে ৰাধা।"
"সেইটো কেনেকৈ? মানে কৃষ্ণকতো ৰুক্মিণীয়েও ভাল পাইছিল, সত্যভামাইও পাইছিল। তেন্তে কৃষ্ণপ্ৰিয়া অকল ৰাধায়েই কিয়?"
"ৰাধা এটি অনুভৱ হয় ৰণ। যাৰ বুকুত ৰাধা থাকে, তেওঁহে কৃষ্ণক ভাল পাব পাৰে। ৰুক্মিণীৰ হৃদয়তো ক'ৰবাত ৰাধায়েই আছিল। ৰাধা অবিহনে কৃষ্ণক ভালপোৱা সম্ভৱ জানো!"
অনুৰণে সামান্য হাঁহি ক'লে,
"খুব ভাল পোৱা ন কৃষ্ণক?"
"সকলোতকৈ বেছি।"
"ক'ৰবাত পাইছিলোঁ, কৃষ্ণক ভাল পোৱা মানুহৰ হেনো দুখ কষ্ট বেছি হয়।"
"হ'ব পাৰে, কিন্তু কৃষ্ণক ভাল পোৱা প্ৰতিজন মানুহৰ লগতে কৃষ্ণ কাৰোবাৰ নহয় কাৰোবাৰ ৰূপত থাকে। কষ্টৰ উপশমৰ পথ তেওঁ নিজেই উলিয়ায়। আৰু কি জানা ৰণ, প্ৰিয়জনৰ পৰা আঁতৰি সুখত থকাতকৈ প্ৰিয়জনৰ লগত কষ্টত থাকি মই বেছি ভাল পাম। কৃষ্ণৰ পৰা আঁতৰি পোৱা সুখ নালাগে, তাতকৈ কৃষ্ণৰ সৈতে পোৱা দুখখিনিয়েই মোৰ আপোন।"
অনুৰণে মুগ্ধ হৈ চাইছিল সন্ধ্যালৈ। কৃষ্ণৰ সত্ত্বাক কিমান গভীৰলৈ ধাৰণ কৰি ৰাখিছে এই নাৰীয়ে! কিমান ভাল পালে কাৰোবাৰ সংগত পোৱা কষ্টকো আপোন বুলি হাঁহি হাঁহি ক'ব পাৰে অনুৰণে নাজানে! অলপ সময়ৰ পাছত সি সন্ধ্যাক ক'লে,
"মই আছোঁ, তুমি ৰাধাখন পঢ়ি শেষ কৰা যোৱা।"
সন্ধ্যাৰ এতিয়াহে মনত পৰিল, কিতাপখনৰ অন্তিম অংশ এটা আছে গৈয়ে। তাই মূৰ দুপিয়াই কিতাপখন লৈ বেলকণিলৈ ওলাই আহিল।
স্নেহালয়ৰ পদূলিত গাড়ী এখন ৰৈছেহি। কানায়ে ভিতৰৰ পৰা জপা এটা আৰু কেইটামান বেগ আনি গাড়ীখনত ভৰালে। গোহালিৰ গৰু কেইটা অলপ আগতে গাঁৱৰে ৰমণী গৰখীয়াই লৈ গৈছেহি। হেঁপাৰ পৰা বাছি থকা হাঁহকেইটা কণমাই খুৰীক দি দিলে সাদৰীয়ে। পদূলিত কেইবা গৰাকীও মানুহ আহি গোট খাইছেহি। দুই এগৰাকীয়ে মাজে মাজে কোৱা কুইও কৰিছে,
"যিমান যি হ'লেও ভেটিটো এৰিব নালাগিছিল।"
"এস, থাকি নো কি কৰিব এই মৰিশালিখনত।"
কথাটোয়ে কানাইৰ কাণত বেজীৰ দৰে বিন্ধিছে। স্নেহালয় আজি মৰিশালি! হুমুনিয়াহ এটা কাঢ়ি সি বাৰাণ্ডাতে বহি ৰ'ল সাদৰী ওলাই অহালৈ।
ভিতৰৰ কোঠাত সকলো বয় বস্তু পঠিয়াই উদং কৰি সাদৰীয়ে বিচনাখনতে বহি লৈ উচুপি আছে। বিচনাত বাগৰি আছে ৰাধাৰ এমহীয়া কেঁচুৱাটোৱে। পৰা নাই, আজি সাদৰীয়ে পৰা নাই নিজক বুজাব। কেঁচুৱাজনীলৈ দুখেৰে চালে তাই, চৌধুৰী বংশৰ অন্তিম গছি বন্তি। পাৰিব নে সাদৰীয়ে ডাঙৰ কৰিব। বুকুত কেঁচা তেজৰ দাগ লৈ কোন সতে তুলিব পানী কেঁচুৱাটি।
"কিয় নিথৰুৱা কৰিলি মোক ৰাধা, কিয় এনেকৈ এৰি গ'লি!"
সাদৰীয়ে ফেঁকুৰি উঠি কয়। লাহে লাহে কেঁচুৱাটি কোলাত লৈ তাই ওলাই আহে। ভানুমতী আইৰ কোঠাত সোমাই পালেংখন চুই সেৱা এটা কৰে,
"এই কেঁচুৱাকণক আশীৰ্বাদ কৰিব আই।"
ৰাধাৰ কোঠাত সোমাই এবাৰ। উফ, তাই গঁথা বকুলৰ মালাডাল তেনেকৈয়ে থাকিল। লাহে লাহে আহি চ'ৰাঘৰ পায়হি সাদৰী। এফালৰ পৰা চাই আহে, হৰিণৰ শিং যোৰ, টেলিফোনটো, ৰেডিঅ'টো চোফাযোৰ সকলো। ভানুমতী আইৰ কেঁকোৰা দোলাখনত এবাৰ হাত ফুৰাই। লাহে লাহে বাহিৰ পায়হি। কেঁচুৱাজনীক কানাইৰ কোলাত দি স্নেহালয়ৰ দুৱাৰ জপাই, হয়তো শেষ বাৰৰ বাবে। বাৰাণ্ডাৰ পৰা নামি এবাৰ তাই সেৱা কৰিলে। এইখন ঘৰে সকলো দিলে তাইক। তাইও দিলে জীৱনৰ বহু কেইটা বছৰ। কিন্তু এইখন ঘৰৰ পৰা তাইৰ চাঙি নুঠিল। বৰঞ্চ এটা নতুন জীৱনৰ বাবে আগুৱাব লগা হ'ল সাদৰী। আচলতে কথাবোৰ কানায়ে হে কৈছিল ৰাধাৰ মৃত্যুৰ পাছতে,
"আপুনি আৰু ইয়াত থাকিব নালাগে খুৰী। মোৰ লগত ব'লক।"
সাদৰীয়ে আপত্তি কৰিছিল,
"ইয়াৰ পৰা ক'লৈ যাম মই কানাই? ইয়াতে থাকিম বাকী কেইটাদিনো।"
"আপুনি যিমান ক'লেও ৰাধাৰ সন্তানক মই এইখন ঠাইত ডাঙৰ হ'বলৈ নিদিওঁ। ৰাধা আৰু শৰৎ দাৰ মৃত্যুৰ মূল কাৰণ গোবিন্দপুৰৰ মানুহেই। সিহঁতৰ লোভৰ বাবেই অলকেশে শৰৎ দাক মাৰি পেলাবলৈ সুযোগ পালে। তাৰ পাছতে ৰাধাৰ এয়া হ'ল। সেইদিনা ৰাতি এটা মানুহ নোলাল ৰাধাৰ বাবে। চব স্বাৰ্থপৰ ইয়াত। ইহঁতৰ মাজত মই তাইক এৰি নাযাওঁ। ৰাধাক এৰি গৈ যি ভুল কৰিলোঁ, এইক এৰি গৈ সেই একেটা ভুলেই দুবাৰ নকৰো।"
ইয়াৰ পাছত সাদৰীৰ কিবা ক'বলৈ একো বাকী নাছিল। কানায়ে দূৰৈৰ চহৰৰ কোনোবা আশ্ৰম এখনৰ কথা কৈছিল। সি হেনো কথা পাতিছে, কেঁচুৱাটিৰ লগতে সাদৰীও থাকিব পাৰিব। অগত্যা সাদৰীয়ে কানাইৰ কথা মানি লৈছিল। আৰু উপায়েই বা কি আছিল। ৰাধাৰ মৃত্যুৰ খবৰ কুন্তলালৈ পঠোৱা হৈছিল, তেওঁৰ ঘৰৰ মানুহে আহিবলৈ হেনো নিদিলে। এতিয়া এইখন জগতত সাদৰীৰ আপোন বুলিবলৈ অকল কানাই আৰু ৰাধাৰ কেঁচুৱাজনী। সেয়ে সিহঁতকে সাৰথি কৰি সাদৰী ওলাই আহিল। নিজৰ বাবে নহ'লেও কেঁচুৱাকণৰ বাবে।
বাহিৰত বহুখিনি মানুহ গোট খালেহি। সপোনহঁতো আহিছে। মানুহবোৰে ৰাধাৰ কেঁচুৱাজনী চাবলৈ হাত মেলিছিল। লগে লগেই কানায়ে গুজৰি উঠিল,
"সাৱধান, কোনেও এই কেঁচুৱাৰ কাষলৈও নাহিব। আপোনালোকৰ কোনো অধিকাৰ নাই কেঁচুৱাজনীক চোৱাৰ। আপোনালোক এইৰ মাকৰ হত্যাকাৰী। অ, ৰাধাক আপোনালোকে মাৰি পেলালে। গোটেই জীৱনটো এই গাঁওখনৰ কথা ভাবি থকা ছোৱালীজনীক আপোনালোকেই মাৰি পেলালে। কি সাহসত তাইৰ সন্তানৰ ওচৰলৈ আহিছে!"
কোনেও ওলোটাই কিবা ক'বলৈ সাহস নকৰিলে। চকুপানীৰে ভৰত সপোনে মূৰ ওপৰ কৰিব পৰা নাছিল। ভুল হ'ল সিহঁতৰ, যি ভুলৰ আজি শুধৰনি নাই। সাদৰীয়ে কাকো একো মাত নিদি গাড়ীত বহিল গৈ গম্ভীৰ খোজেৰে। কানায়ে কেঁচুৱাজনী সাদৰীৰ কোলাত দি মানুহখিনিক আঙুলি টোঁৱাই ক'লে,
"মনত ৰাখিব, যদি সঁচাই ঈশ্বৰ আছে ৰাধাৰ লগত আপোনালোকে কৰা অন্যায়ৰ প্ৰতিশোধ এই লখিমী নৈয়ে ল'ব। ভুগিব এদিন সকলোৱে ভুগিব। সেইদিনা বুজিব ৰাধাক। সেইদিনা মনত পৰিব ৰাধালৈ। পাগলৰ দৰে ভাল পাইছিলোঁ এইখন গাঁৱক। আজি অন্তৰৰ পৰা অকল অভিশাপ ওলাইছে, গোবিন্দপুৰ নিপাত যাওক।"
চকু কেইটা জ্বলি উঠিছে কানাইৰ। খঙত পানী ওলাইছে চকুৰে। মুখখন ৰঙা পৰি উঠিছে। সেই সময়ত কোনেও তাৰ মুখলৈ চাবলৈ সাহস কৰা নাই। কথাটো কৈ কানাই গাড়ীত বহিলহি। গোবিন্দপুৰৰ পথৰ ধূলি উৰুৱাই গাড়ীখন আগবাঢ়িছিল। সেই সময়তে আচৰিত ধৰণে গাজনি মাৰিলে। লাহে লাহে অলপ আগলৈকে শান্ত হৈ থকা আকাশখন ক'লা হৈ উঠিল। বতাহজাকো কিবা এটা শব্দ কৰি বলি আছে। দিনতে পথাৰৰ পৰা শিয়ালৰ ৰাউচি ভাঁহি আহিছে। গোট খাই থকা মানুহখিনিৰ মাজতে কোনোবাই ক'লে,
"লখিমীৰ পানী বাঢ়িছে। পাৰৰ আৰু অলপ মাটি যোৱা ৰাতি খহিছে।"
কথাটোৱে যেন বুকু কঁপাই তুলিলে প্ৰতিজন মানুহৰ। হঠাৎ আহিল এজাক দোপালপিতা বৰষুণ। মানুহখিনিৰ মাজত হুৱাদুৱা লাগিছিল। দৌৰা দৌৰিকৈ ঘৰ সোমাল গৈ সকলো।
সেই যে বৰষুণ আৰম্ভ হ'ল, সাত লগাৰ দৰে একেৰাহে সাতদিন মান বৰষুণ দিয়েই আছিল। কানাই আৰু সাদৰীয়ে ৰাধাৰ কেঁচুৱাজনী লৈ ক'লৈ গ'ল কোনেও নাজানিলে। লাহে লাহে স্নেহালয় ভূত বঙলাত পৰিণত হ'ল। সেইফালে মানুহে দিনতে যাবলৈ ভয় কৰা হ'ল। স্নেহালয়ৰ হাউলিক লৈ না না মুখৰোচক কাহিনীও ওলাই থাকিল। কোনোবাই তাত ৰাতি কান্দি থকাও শুনিলে, কোনোবাই তামোল খুন্দাৰ শব্দ শুনিলে। কোনোবাই ৰাতি ঘোষাৰ গোৱা শুনিলে, কোনোবাই ভিতৰত ৰেডিঅ' লগোৱা শুনিলে।
দিন যোৱাৰ লগে লগে কথাবোৰ সকলোৱে পাহৰিলে। মাত্ৰ পাহৰা নাছিল লখিমীয়ে। ধৰ্ম নাৰায়ণ, ভানুমতী আটায়ে কৈছিল, লখিমী জীয়া নৈ। এৰা, লখিমীয়ে সকলো জানিছিল। লখিমীয়ে সকলো দেখিছিল। দিনে দিনে বুকু ভৰি আহিছিল লখিমীৰ। ডোখৰ ডোখৰকৈ পাৰৰ মাটি খহাই নি নি লখিমী ধীৰে ধীৰে আগুৱাই আহি আছিল গোবিন্দপুৰৰ ফালে। পাৰৰ আটাইবোৰ গছ কাটি তহিলং কৰি উদং কৰি পেলোৱা লখিমীক বাধা দিয়াৰ শক্তি গঞা ৰাইজৰ নাছিল। গাঁৱৰ দুই এটাই চহৰলৈ বিধায়কক লগ কৰিবলৈ গৈছিল মথাউৰি এটাৰ বাবে। কিন্তু লগেই নাপালে হেনো। লাহে লাহে গোবিন্দপুৰবাসীয়ে জীৱন মৰণৰ ভয়ত দিন কটাবলগীয়া হৈছিল। বেছি বৰষুণ দিলে আটায়ে ঈশ্বৰক খাটিছিল। তেনেকুৱাতে এদিন লখিমীৰ ওপৰত থকা এখন দলং হুৰুহকৈ ভাঙি পৰিল। কোনো মানুহৰ বিশেষ ক্ষতি নহ'ল যদিও গোবিন্দপুৰৰ মানুহে ভয়ত তৎ হেৰুৱাইছিল। আৰু এদিন সেই কালনিশা আহি পাইছিল।
সময় সেয়া ভৰ বাৰিষাৰ। গোটেই মাহটোতেই বৰষুণ। সাত আঠদিন একেলেথাৰিয়ে বৰষুণ দিয়াৰ ফলত লখিমীৰ বুকু চপাচপীয়া। পিছে গঞা ৰাইজে বাৰিষা আহোতেই নিজেই দা কোৰ লৈ কলগছ, মাটি, চিমেণ্টৰ বেগ আদিৰে যেনেতেনে হ'লেও মথাউৰি এটা নিৰ্মান কৰি থৈছিল। হয়তো মথাউৰিটোৰ বাবেই অলপ ৰৈছিল লখিমী। পিছে কামত নাহিল। সেইদিনা আবেলিৰ পৰা কলহৰ কাণে ধলা বৰষুণ। মাজতে শিলো পৰিছিল। ৰাতি তেতিয়া দোভাগ। গাঁৱৰ ৰাইজে প্ৰচণ্ড শব্দ এটা শুনিলে। প্ৰতিঘৰ মানুহেই সাৰ পাই কাণ উনালে, ক'ত কি হ'ল! এইবাৰ কোনোবাই এটাই বাটে বাটে চিঞৰি গ'ল,
"মথাউৰি ভাঙিলে ঐ, কোন ক'ত আছ পলা। লখিমী বলিয়া হ'ল, এইফালেই আহিছে।"
লগে লগেই গাঁৱৰ বোৱাৰী ছোৱালীৰ প্ৰাণ কাতৰ চিঞৰ। কেঁচুৱাৰ কান্দোন। কোনফালে কোন দৌৰিছে ঠিকনা নাই। ঘৰৰ পৰা ওলাই আহোঁতে কোনোবা বুঢ়া উজুটি খাই পৰিছে। নাই, কাৰো কাকো চাবলৈ সময় নাই। কোনোবাই গাখীৰ খোৱা কেঁচুৱাকো বুকুতে বান্ধি দৌৰিছে। পিছে লখিমীয়ে কাকো বেছি সময় নিদিলে। কাল জিভা মেলি গোটেই গাঁওখনক খেদি আহিল। হাজাৰ হাজাৰ চিঞৰ একেবাৰে জাহ হ'ল। পানীত উটি উটি ককবকাই থাকিল বহুজনে। কেঁচুৱাবোৰৰ মাত নোহোৱা হ'ল। বহুতে কান্দিবলৈও সময় নাপালে। বহুতে ঘৰৰ পিৰালি পাইছিলহে, তাতেই উটি যাব লগা হ'ল। লখিমী নহয় যেন কোনোবা সাগৰহে এইখন। এইখন গোবিন্দপুৰৰ চিনাকি লখিমী নহয়। পানী হুৰ হুৰ শব্দটো আৰু মাজে মাজে মানুহবোৰৰ চিঞৰ। তাৰ বাহিৰে একো মাত নাই। কি বৰ নামঘৰ, কি হেমেন খুৰাৰ দোকান, কি স্নেহালয়, কি ৰাধাপুখুৰী, একোৰেই চিন চাব নোহোৱা হৈ গ'ল। গোবিন্দপুৰৰ পৰুৱা এটাও পলাবলৈ সুযোগ নাপালে। কিছুমান মানুহ কাষৰীয়া গাঁৱলৈ পলাই গৈছিল। কিন্তু প্ৰায় সংখ্যকেই বানত পৰিল। লখিমীয়ে যেন অট্টহাস্য কৰিছিল কালী গোসাঁনীৰ দৰে। কানায়ে দিয়া অভিশাপ আখৰে আখৰে ফলিয়াইছিল। ৰাধাৰ প্ৰতিশোধ লখিমীয়ে লৈছিল। শেষ হৈ গ'ল এনেকৈয়ে গোবিন্দপুৰৰ। অসমৰ মানচিত্ৰৰ বুকুৰ পৰা নিঃচিহ্ন হৈ গ'ল এখন মনোৰম ঠাই। মানুহৰ ক্ষুদ্ৰ স্বাৰ্থ, অৰ্থ লোভ আৰু প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰেই কাল হৈ উভতিছিল নিজলৈ। নিজৰ লাভৰ বাবে প্ৰকৃতিক ব্যৱহাৰ কৰা প্ৰতিজন মানুহেই বুজিব লাগে, যিদিনা প্ৰকৃতিয়ে উভতি ধৰিব, সিদিনা পলাবলৈ না ঠাই হ'ব না সময়। সেই কালৰাতি লখিমীৰ বুকুত জাহ যোৱাৰ সময়ত উশাহ এৰাৰ আগে আগে গোবিন্দপুৰৰ প্ৰতিজন মানুহৰে মুখত এটাই নামেই ফুটিছিল,
"ৰাধা...
ৰাধা...
ৰাধা..."
ইয়াতে শেষ ৰাধাৰ কাহিনী। ইয়াতে থমকি ৰয় ৰাধা। ৰাধাৰ কেঁচুৱাটি সাদৰীৰ মমতাত ডাঙৰ হৈ আছে। থুপুক থাপাক খোজ কাঢ়িছে। তাইক চাই চায়েই সাদৰীয়ে পাহৰি পেলাই অতীতৰ কষ্টবোৰ। নতুন ঠাইখনত কোনেও সাদৰীৰ অতীত গম নাপায়। মাজে মাজে কানাই আহে। তাই আহিলে ৰাধাৰ ছোৱালীজনীৰ ফুৰ্তিত তৎ নোহোৱা হয়। কানায়ে মাজে মাজে তাইক বাঁহী বজাই শুনায়। তাই শুনি শুনি টোপনি যায়। কানায়ে তাইৰ মাজতে ৰাধাক বিচাৰি পায়।
ৰাধা, ৰাধা হেৰাই নাযায়। যাব নোৱাৰে। পৃথিৱীত বাঁহীৰ সুৰ থকালৈকে ৰাধাও থাকিব। প্ৰতিজনী ছোৱালীৰ বুকুৰ সাহস হৈ ৰাধা জীয়াই থাকিব, সদায়।
(আগলৈ)
Next part plz🥺❤️
ReplyDelete💗🥺Next part
ReplyDelete❤️
ReplyDeleteNext part please....
ReplyDelete🥺 iyar pisot keita khondo ase koba ne kunubai???
Deleteদাদা সোনকালে দিয়কনা পাছৰ পাৰ্টটো । ময়ুৰেই কানাই বুলি প্ৰায় নিশ্চিত হ'লোৱেই ।মোৰ কিয় জানো এনেকুৱা লাগি আছে, সাদৰী খুৰীয়েই ময়ুৰৰ জেঠায়েক বুলি চিনাকি দিছিলগৈ আৰু কৃষ্ণাপ্ৰিয়া ৰাধাৰেই জীয়েকজনি যেন । কান্দিছো যদিও ভাল লাগিছে, সন্ধ্যা লগত ৰাধাৰ connection এটা যে ওলাল ❤️❤️❤️ প্লিজ দাদা সোনকালে দি দিয়ক 🙏🙏🙏
ReplyDelete