ৰাধা খণ্ড : ১

 #ৰাধা

Part 1

প্ৰত্যেক মানুহেই নিজৰ সৈতে এখিনি কাহিনী জীয়ন দি ৰাখে, লগত লৈ ফুৰে উশাহৰ দৰে। নিঃসংগতাৰ আউসী নিশাত সেই কাহিনীবোৰ জোনাক হয়। কঁপি থকা দুভৰিৰ সঁহাৰি হয়। কেতিয়াবা কোনোবাই কাহিনীবোৰ উলিয়াব পাৰে, কোনোবাই নোৱাৰে। শেষ হয় উশাহৰ সৈতে। উশাহৰ সিপাৰেও থাকে নেকি কাহিনী, নাজানো। কিন্তু সেই কাহিনীবোৰত সংগ্ৰাম থাকে। মিলন বা বিচ্ছেদৰ পৰিধি ভেদি কিছুমান কাহিনীৰ সৃষ্টি হয় সমাজৰ বাবে, মানুহৰ বাবে। নিয়মৰ নাম দি পৰম্পৰাৰ নাম দি এখিনি মানুহক হেঁচি অহা শুহি অহা অন্যায়ৰ বিৰুদ্ধে চলে এনে কাহিনী। প্ৰেমৰ শক্তিত ভঙা যায় নিয়ম নামৰ দেৱাল। ৰাধাৰ কাহিনীও তেনেকুৱাই। সমাজৰ অন্যায়ৰ বিৰুদ্ধে এটা প্ৰচণ্ড চিঞৰ হৈ যেন জন্ম হৈছিল ৰাধাৰ। যেন এক বিশেষ উদ্দেশ্য লৈ পৰমপিতাই গঢ়িছে অদম্য সাহসী এই ছোৱালীজনীক। গকুলৰ যমুনাতীৰৰ সেই আলফুল ৰাধা নহয়, কৃষ্ণৰ প্ৰেমত যি চিৰকাল বিলীন। এয়া লখিমী নৈৰ পাৰৰ গোবিন্দপুৰৰ ৰাধা, যাৰ হাঁহিত গোবিন্দপুৰত বলে চঞ্চল পছোৱা, যাৰ গর্জনত বলে ধুমুহা, যাৰ খোজত ফুলিব খোজা কৃষ্ণচূড়াও লাজত মৰহি যায়।

গোবিন্দপুৰ ; যান্ত্ৰিকতাৰ পৰা বহু দূৰৈত এখন অসমীয়া গাঁও। অসমক ভাল পোৱা এজাক মানুহৰ গাঁও। গোবিন্দপুৰত সদায় ব'হাগ, সদায় শৰৎ। আজিৰ দিনত সপোন যেন লগা এখন সৰগ। গোবিন্দপুৰৰে এটি কোমল ৰাতিপুৱা। গাঁৱৰ গৰখীয়াই গৰুজাক নি লখিমীৰ পাৰত এৰাল দি আজৰি হৈছেহে এথোন। গাঁৱৰ স্কুলখনত প্ৰথম পিৰিয়ডটো শেষ হয়হে লাগে। হঠাৎ গাঁৱৰে মুখ চোকা বুলি নাম থকা কণমাইৰ ঘৰত হুলস্থুল।

"ঔ মই ক'তে মৰোঁ ঐ, জুই লাগতী গ'লি নে গ'লি নে তই"

চিঞৰি চিঞৰি গালি পাৰি কণমাই আগ চোতাল পায়হি মানে চোতালত ৰ'দাই থোৱা বগৰীৰ আচাৰৰ বটলটো আধা উদং কৰি দৌৰি পলাল ছোৱালীজনী। গছকি আধা ভঙা কৰি থৈ যোৱা নঙলা ডাল মাৰি কনমায়ে আকৌ গোৱাল গালি পাৰিবলৈ লাগিল,

"এই বাঘৰ আগ তেল খোৱা মৰতী জনীৰ পৰা একো এটা আগফালে এৰিব নোৱাৰা হ'লো ঐ। আছিলোঁৱেই মই, পুতুককৈ ভাতৰ চৰুৰ পৰা আহোঁ মানে তাই বেটীয়ে চিলনীয়ে থপিওয়াদি নিলে ঐ আচাৰ খিনি। অত কষ্ট কৰি বনালোঁ, তাই শেষ কৰিলে। ৰহ, এতিয়াই যদি মই মাৰক লগাই তোৰ পিঠি ফালিব নোৱাৰোঁ, চাই থাক।"

অথনিৰে পৰা মাকৰ গালি শুনি শুনি এসময়ত অতিষ্ঠ হৈ জোনাকী আগফালে ওলাই আহিল,

"কি হ'ল নো মাই, কাক ইমান গালি পাৰি আছ?"

মাকে দুগুণ জোৰেৰে চিঞৰি ক'লে,

"আৰু কাক, সেই দাংকাটি জনীক। দেখিছ নে আচাৰ সোপা কেনেকৈ চোৰ কৰিলে।"

জোনাকীয়ে হাঁহি উঠিল সশব্দে,

"হ'ব দে, তাই চোন কেনেকুৱা জানই।"

জ্বলা জুইত যেন ঘিঁউ হে পৰিল। ভেকাহি মাৰি উঠিল কণমায়ে,

"কি হ'ব দে, তাইক আজি পিঠি বখলিওৱাম চাই থাক।"

কথাটো কৈ কণমাই ওলাই গ'ল। হাঁহি হাঁহি জোনাকীও ভিতৰ সোমাল। জোনাকীয়ে জানে, মাকৰ এই খং যাৰ ওপৰত উঠিছে, তাইৰ মাত্ৰ এটা হাঁহিতেই খং কেনিবা উৰিব। অকল মাকেই নহয় এই গোবিন্দপুৰৰ সকলোৱেই জানে যিমান দুষ্টালি কৰিলেও তাই গোটেই গাঁও খনৰেই প্ৰাণ।

নিজৰ ঘৰৰ পৰা ওলাই কনমাই আগবাঢ়িল গোবিন্দপুৰৰ আটাইতকৈ সুন্দৰ হাউলিটোৰ ফালে। এক কথাত ক'বলৈ গোবিন্দপুৰৰ ৰাজপ্ৰসাদ। গাওঁবুঢ়া তথা মূৰব্বী ধৰ্ম নাৰায়ণৰ হাউলি, "স্নেহালয়"।

ধৰ্ম নাৰায়ণ চৌধুৰী ; গোবিন্দপুৰ বাসীৰ বাবে যেন সাইলাখ নাৰায়ণৰেই ৰূপ। দুখীয়াৰ দুখৰ সাৰথি তেওঁ, দুষ্টৰ বাবে মহাকাল তেওঁ। মমতাৰ হাতেৰে তেওঁ গোটেই গাঁওখন আৱৰি আছে। সকলোৰে বিপদ আপদ সকলোতে ধৰ্ম নাৰায়ণ সদায় আগত। সেইবাবেই গাঁৱৰ সৰু ডাঙৰ ডেকা বুঢ়া সকলোৰে বাবে তেওঁ অভিভাৱক। গাঁৱৰ সকলোৱেই তেওঁক "দেউতা" সম্বোধন কৰে। আধাতকৈ বহু অধিক বসন্ত গৰকি জীৱনৰ ভাটীয়লি সময়ত উপস্থিত হোৱা ধৰ্ম নাৰায়নেও গাঁৱৰ সকলো মানুহক নিজৰ সন্তানৰ দৰে মৰম কৰে। 

"এই দুপৰীয়া খন কেনি ওলালি অ' কণমাই?"

মুখেৰে ভোৰভোৰাই গৈ থকা কণমাইক দেখি গাঁৱৰ মাঘি দদায়ে সুধিলে। সাউতকৈ একে পাকে উৰণি খন লৈ কণমায়ে ক'লে,

"এই দেউতাৰ ঘৰৰ পৰা আহোঁ গৈ দদাইদেও, আপুনি?"

"এই নক'বি আৰু বুইছ, বোলে চাৰি আঙুলিয়ে খাই, বুঢ়াই হেঁচুকিলেহে যায়। এই ল'ৰা কেইটাক কৈ কৈ অতদিনে নোৱাৰি আজি নিজেই এই ধানখিনি লৈ আনিছোঁ বনাই আনো।"

কণমায়ে এতিয়াহে মন কৰিলে, মাঘি কাইদেউয়ে ঠেলি ঠেলি অনা চাইকেলখনৰ মাজত মৰাপাট ডাঙৰ বস্তা এটা। এক মুহূৰ্তৰ বাবে কণমাইৰ মাঘিৰ পুতেক বিতুললৈ খং উঠিল, দিনৰ দিনটো সেই সৰু বাপুহতৰ দোকানৰ সমুখত কেৰম খেলি থাকিব, তথাপি বুঢ়া বাপেকটোক অকণ সহায় কৰি নিদিয়ে। মাঘি কাইদেউক "বাৰু" বুলি কৈ কণমাই আগবাঢ়িল।

পদূলিটোৰ মুখতে দুফালে দুজোপা দেৱদাৰু। দুয়ো জোপাতে কপৌফুল মেৰ খাই আছে। ব'হাগ আহিলেই এইখিনি গোন্ধে মলমলাই থাকে। তাৰ পৰা দুখোজ গ'লেই সোঁফালে আকৌ বকুল এজোপা। বকুলজোপাৰ কাষতে ভঁৰাল ঘৰটো। বাওঁফালে এজোপা শেৱালি আৰু মোমাই তামোল। মোমাই তামোল জোপাৰ কাষত গোহালিটো। গোহালিৰ কাষেৰেই কেইবা জোপা দেৱদাৰুৰ শাৰী। বাটচৰাটো সাৰি আহিয়েই চালে চকুৰোৱা পৰিৱেশ ধৰ্ম নাৰায়ণৰ ঘৰৰ। মূল হাউলিটোৰ সমুখত নাৰ্জী, অপৰাজিতা, গোলাপৰ শাৰী। নঙলাটো খুলি বুলনি পাৰ হৈ দীঘলীয়া পদূলিটোৰে সোমাই গৈছে কণমাই। দুইফালে থকা খৰিকাজাই আৰু আগতীয়া তগৰজোপাৰ গোন্ধ ভাঁহি আহিছে বতাহত। মাজে মাজে গোহালিত বান্ধি থোৱা চেউৰীজনীৰ হেম্বেলনি। কোনোবাই ঢেঁকী দি আছে হ'বলা পিছফালে, ঢেং ক্লুক শব্দ এটাও শুনিছে।

"কণমাই দেখোন, কিবা সকামত আহিলি হ'বলা?"

বহল বাৰাণ্ডাখন পাওঁতেই পিছ ফালৰ পৰা কাৰোবাৰ মাত শুনি কণমায়ে ঘূৰি চাওঁতে পোনাৰামক দেখিলে গোহালিৰ পৰা ওলাই অহা। পোনাৰাম, ধৰ্ম নাৰায়ণৰ ঘৰত থকা বহু বছৰেই হ'ল। তেওঁলোকৰ দূৰ সম্পৰ্কীয়ও হয়। মানুহটোৰ মূৰটো অলপ বেয়া। মাজে মাজে কিবা পাগলামি খনো কৰে। তথাপিও গাওঁবুঢ়া দেউতাই তাক মৰম কৰি ৰাখিছে। সিও ইফাল সিফাল কাম কৰি দিয়ে।

"আছে ৰ সকাম এটা। ঘৰৰ মানুহ আছে নে নাই অ' পোনা?"

কণমাইৰ উত্তৰটো ভিতৰৰ পৰা আহিল,

"আছোঁ আছোঁ। ঢেকীশালতে বহি আছিলোঁ এটাই জাক। আহা কণমাই।"

কথা কৈ কৈ ভিতৰৰ পৰা ওলাই আহিছে কুন্তলা। ধৰ্ম নাৰায়ণৰ ডাঙৰ বোৱাৰী। তাইৰ শুধ বগা সাজযোৰলৈ এবাৰ চালে কণমায়ে। তেনেই কম বয়সতে বগা সাজ মেৰিয়াব লগীয়া হোৱা কুন্তলাক বৰ আদৰ কৰি ৰাখে ধৰ্ম নাৰায়ণ দেউতাই। কোলাত তেতিয়া কুন্তলাৰ দুমহীয়া কেঁচুৱা জনী। 

"কোন আহিছে অ' কুন্তলা?"

এইবাৰ পিছে পিছে ওলালহি মনোহৰা। ধৰ্ম নাৰায়ণৰ পত্নী। কণমায়ে উৰণি খন উঠাই ল'লে থাওকতে।

"আচলতে মই মানে কথা এটাৰ কাৰণে হে...." 

কনমাইৰ কথাটো কৈ নহ'লেই, হঠাৎ পিছফালৰ পৰা নঙলা ডাল খুলি চাৰিজনী মান ছোৱালী সোমাই আহিল হুৰমুৰকৈ। আহিয়েই ফোঁপাই জোপাই ক'লেহি,

"কুন্তলা বৰমা, ৰাধাই পানীত জঁপিয়াই দিলে।"

কুন্তলা, মনোহৰা আৰু কণমায়ে একেলগে চিঞৰি উঠিল,

"কি?" 

আকৌ এজনীয়ে ক'লে,

"অ, আমি লখিমীৰ পাৰতে খেলি আছিলোঁ। তাতে কাৰোবাৰ দমৰা এটা আহি পানীত পৰিল, সেইটো বচাবলৈ নদীত জঁপিয়াই দিলে ৰাধাই।"

কুন্তলা বাগৰি পৰিব ধৰিছিল। কণমায়ে খাপ মাৰি ৰখালে। লগে লগে গোটেই হাউলিটোত হুৱা দুৱা লাগিল। এটাই মখা খৰকৈ খোজ ল'লে লখিমী নৈৰ পাৰলৈ। চুবুৰীটোত খবৰটো বিয়পি পৰিল,

"গাওঁবুঢ়া দেউতাৰ নাতিনী লখিমীত পৰিল"


"বাইদেউ অ' বাইদেউ, ফোন বাজি আছে অথনিৰ পৰা"

কাম কৰা বাইজনীৰ মাতত কিতাপৰ মাজৰ পৰা ওলাই আহিল সন্ধ্যা। অহ, তাইও যে আৰু। কাহিনীটোত এনেকৈ সোমাই গৈছে যে ফোন অহাও গম নাপায়। হাতত ফোনটো লৈ দেখে অনুৰণে কৰিছে। তাই ৰিচিভ কৰিলে,

"কোৱা ৰণ"

"কি হ'ল? গা চা বেয়া নেকি, ইমান সময় ধৰা নাই যে?"

"নাই নাই নহয়। ময়ূৰৰ কিতাপখন আহি পালেহি। পঢ়ি আছিলো। কোৱা চোন।"

"ঠিক আছে। শুনা চোন। আজি মা আহিব। দুদিন মান থাকিব বোলে। তুমি মিঠুৰ হতুৱাই যি যি বজাৰ লাগে কৰাই ল'বা।"

কথাটো কৈ ফোনটো কাটিলে সি। একে বহাতে ৰৈ থাকিল সন্ধ্যা অলপ সময়। মুখখন এন্ধাৰ হৈ পৰিল তাইৰ। শুনো নুশুনোঁ কৈ বুকু শালি যোৱা মাত এষাৰ যেন তাইৰ কাণত পৰিলহি,

"গুটি নলগা গছ উভালি পেলোৱাই ভাল।"

(আগলৈ)

Comments

Post a Comment

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা : ৩৯