ৰাধা : ৩৯
#ৰাধা
Part 39
নিঃসংগ মানুহৰ মনৰ মাজতো থাকে নেকি কোনোবা কৃষ্ণ গহ্বৰ! য'ত পোত গৈ থাকে অটল গভীৰ ৰহস্য। হাজাৰ চেষ্টা হাজাৰ বাৰ্তালাপেও সেই ৰহস্য নোৱাৰে ভেদিব। এৰা, নিঃসংগ মানুহে নিজে নিজক উদঙাই নিদিওঁ বুলিলে কাৰোৰে সাধ্য নাই তেওঁলোকক জনাৰ। ইউনিভাৰ্চিটিত পাঁচটাকৈ বছৰ একেলগে থাকিও অভিমন্যু আৰু সন্ধ্যাই বুজিব নোৱাৰিলে ময়ূৰক। ভেদিব নোৱাৰিলে তাৰ ৰহস্য, যি ৰহস্য ময়ূৰৰ মৃত্যুৰ পাছত আজি খোল খাইছে। ময়ূৰৰ কোনো ঘৰৰ মানুহক অভিমন্যুহঁতে লগ পোৱা নাছিল। এগৰাকী জেঠায়েক আহিছিল এবাৰ, যিয়ে কৈছিল যে ময়ূৰ অনাথ। সৰুৰে পৰা সি অনাথ আশ্ৰমত ডাঙৰ হোৱা। জেঠায়েক গৰাকীও সেই আশ্ৰমৰেই আছিল। কিন্তু আজি যেন সকলো ভুৱা ভুৱা লাগিছে সন্ধ্যাৰ। তাৰ মানে মানুহ গৰাকীয়ে সিহঁতক মিছা মতা নাছিলতো!
দুৱাৰমুখৰ পৰা অভিমন্যুয়ে কথাটো কৈ ভিতৰলৈ সোমাই গৈছিল। সন্ধ্যাৰ হাতৰ পৰা পৰি যোৱা কিতাপখন তুলি জপাই থ'লে সি। সন্ধ্যাই একেথৰে চাই আছে তালৈ। চকুযোৰ চলচলীয়া হৈ আহিছে। অভিমন্যু তাইৰ কাষতে বহি লৈ ক'লে,
"কি বুজিলি?"
চকুৰ পানীখিনি মোহাৰি সন্ধ্যাই কৈ গ'ল,
"ময়ূৰে খুব চতুৰতাৰে লিখিছে এই উপন্যাসখন। ইচ্ছা কৰি কাহিনীৰ প্ৰেক্ষাপট পিছুৱাই নি বহু পুৰণা কৰি দিছে। তাৰ বাবে হয়তো কিছুমান কাল্পনিক চৰিত্ৰও সংযোগ কৰিছে। উপন্যাসখন এনেকুৱাকৈ প্ৰস্তুত কৰা হৈছে যে পঢ়িলেই ভাব হয় কাহিনীটো আজিৰ পৰা প্ৰায় পোন্ধৰ বিছ বছৰ পুৰণি। এই ধৰ, অসম আন্দোলনৰ প্ৰসংগ, আলফাৰ কথা, ৰেডিঅ', চিঠিৰ ব্যৱহাৰ, লেণ্ডফোনৰ ব্যৱহাৰ, কী পে'ড মোবাইল, হাৰিকেন লেম্প আদিৰ ব্যৱহাৰ। সেই বিষয়বস্তুবোৰে উপন্যাসৰ প্ৰেক্ষাপটৰ ক্ষেত্ৰত পাঠকক বিভ্ৰান্ত কৰি পেলায়। মইও বিভ্ৰান্ত হৈছিলোঁ। কিন্তু এই শেষৰখিনিতেই ময়ূৰে এটা ভুল কৰি পেলালে। যিটো ভুলত সি ধৰা পৰি থাকিল।"
অভিমন্যুয়ে "কি ভুল" বুলি সোধাত সন্ধ্যাই পুনৰ ক'লে,
"ৰাধালৈ লিখা চিঠিত সি তেজপুৰ বিশ্ববিদ্যালয়ক লৈ এটা কবিতা লিখিছে। এই কবিতাটোৱেই সি তাত থাকোতে আমাৰ আগতো মাতি শুনাইছিল। কিন্তু কবিতাটোত পাটকাই, কপিলী আদি হোষ্টেলৰ কথা আছে। এইকেইখন হোষ্টেলতো একেবাৰে নতুন। উপন্যাসখনৰ মতে কানায়ে যি সময়ত তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈছে, সেই সময়ত পাটকাই হোষ্টেল তাত নাছিলেই। তেন্তে কানায়ে ৰাধালৈ লিখা চিঠিত পাটকাইৰ কথা কিয় আহিল?"
অভিমন্যুয়ে কথাটো শলাগি মূৰ জোকাৰিলে। সন্ধ্যাই আকৌ ক'লে,
"এতিয়া কথাটো হ'ল, যদি সঁচাই ময়ূৰেই সেই কানাই, তেন্তে ময়ূৰৰ মৃত্যুৰ সময়ত ৰাধা ক'ত আছিল? তাই নাহিল কিয়? শৰৎ ক'লৈ গ'ল? আৰু সেই জেঠায়েক গৰাকীয়ে আমাক কিয় মিছা মাতিলে?"
অভিমন্যুয়ে হুমুনিয়াহ পেলাই ক'লে,
"ৰাধা আৰু শৰতৰ বিষয়ে তই কিতাপখনৰ শেষৰ এই অংশখিনিত পাবি, পঢ়িবি। কিন্তু তোৰ পিছৰ প্ৰশ্নটোৰ উত্তৰহে মোৰ ওচৰত নাই। সেই জেঠায়েক গৰাকী কোন?"
কিবা এটা ভাবি সন্ধ্যাই ক'লে,
"ময়ূৰৰ সেই আশ্ৰমখনলৈ যাবি নেকি? জেঠায়েক গৰাকীক এবাৰ লগ কৰি আহোঁ।"
"যাবতো লাগিবই। কিন্তু তাৰ আগতে তই ৰাধাখন গোটেইখন পঢ়ি শেষ কৰি ল। তেতিয়া আৰু ভালকৈ বুজি পাবি। ৰাধাৰ নো শেষত কি হ'ল, কানাই ক'ত আছে সেইখিনি পঢ়।"
"মোৰ ভয় লাগিছে অভি পঢ়িবলৈ। পিছৰখিনি খুব দুখলগা হ'ব হয়তো।"
"এৰা, খুব বেছিয়েই দুখলগা। কিন্তু চেটিছফেক্সনো আছে। গতিকে পঢ়, সেই উত্তৰখিনি আগতে জানি ল। তাৰ পাছত আমি একেলগে তালৈ যাম আৰু তেখেতক লগ কৰিম।"
কথাটো কৈ অভিমন্যু ৰূমটোৰ পৰা ওলাই গ'ল। সন্ধ্যাই পানী অকণ খাই পুনৰ মেলি ল'লে কিতাপখন।
ভানুমতী আইবিহীন স্নেহালয় ; যেন এক বিৰাট শূণ্য! ৰাতি ৰাতি ভাঁহি নাহে ঘোষাৰ শব্দ। ৰেডিঅ'ৰ মাতটোও কোনেও নুশুনা হ'ল। খুন্দনাৰ টুং টুং শব্দটোও নোহোৱা হ'ল। বাকী সকলো চলি আছে। আজিকালি মনোহৰাৰ শাসন আগতকৈ বেছি কাঢ়া হৈছে। ইফাল সিফাল কৰোঁতে প্ৰয়োজন হওক বা নহওক সাদৰীক নহ'লে তেজাক ধমকি এটা মাৰি ভুল খুচৰি থৈ যোৱাটো তেওঁৰ অভ্যাস হৈ পৰিছে। তাকো নহ'লে আগ চোতালত গৈ পোনাৰামকে কিবা এষাৰ কৈ আহেগৈ। গাঁৱৰ বোৱাৰীবোৰো আজিকালি বৰকৈ নাহে। মনোহৰাৰ ওন্দোলোৱা মুখৰ বাবেই মানুহ বেছি আহিবলৈ এৰিলে। ধৰ্ম নাৰায়ণ বেছি অসুখী হ'ল। ভাত খাই উঠাৰ পাছতেই কেতিয়াবা ভাত লাগে বুলি চিঞৰ মাৰে। কেতিয়াবা মনোহৰা কোঠাত সোমালে ভয় কৰি বিচনাত উঠে গৈ। এই সকলো দেখি শুনি সাদৰীয়ে অকলে অকলে কান্দে। কেতিয়াবা তাই ৰাধাপুখুৰীৰ পাৰতো বহেগৈ। কেতিয়াবা গোঁসাইঘৰত ঈশ্বৰক কয়, "আৰু কিমান বেয়া সময় দেখুৱাবা ঈশ্বৰ, সকলো শেষ হ'বলৈ আৰু কিমান বাকী?" স্নেহালয়ৰ নিজৰা লাহে লাহে মৰুভূমি হ'বলৈ লয় এইদৰেই।
এইফালে ৰাধা আৰু শৰৎ আগতকৈ বেছিকৈ কামত লাগিল। ৰাধাই আৰ্ট স্কুল এখন আৰম্ভ কৰিছে। লগতে মইনা পাৰিজাতো দেওবাৰে আৰম্ভ হৈছে। সপোন আৰু ৰঞ্জন অলপ দিন তাইৰ পৰা আঁতৰি আছিল, হয়তো কিবা কামত ব্যস্ত আছিল সিহঁত। এতিয়া পিছে স্কুলখনৰ কামত সিহঁতেও লাগি ভাগি দিছেহি। আগৰ দৰেই সিহঁতে সেউজ অসম সংঘত মাজে মাজে আড্ডা মাৰে।
সেইদিনা আছিল দেওবাৰ। ৰাধাৰ গাটো পুৱাৰ পৰাই অলপ দুৰ্বল লাগি আছিল। তথাপি তাই বৰ বিশেষ ভবা নাছিল। প্ৰতি দেওবাৰৰ দৰে তাই মইনা পাৰিজাত লৈ আহিল, পিছে অলপ পলম হ'ল। আহি দেখে সপোনে সৰু সৰু ল'ৰা ছোৱালীবোৰক ভাওনা নাচিবলৈ শিকাইছে। ৰঞ্জনে খোল বজাইছে। লগতে গাঁৱৰে প্ৰেমলতাহঁতো আছে। ৰাধা অহাৰ লগে লগে সকলোৱে ক'লে তাইক ভাওনাৰ নাচ এখন দেখুৱাবলৈ। ৰাধাই শ্ৰীকৃষ্ণৰ নাচ এটা দেখুৱাবলৈ লৈছিল। প্ৰথম উৰাটো দি এপাক ঘূৰিছিলহে। হঠাৎ তাই মাথা ঘূৰাই পৰি গ'ল। লগে লগে সকলোৰে মাজত হুলস্থুল লাগিল। কোনোবাই শৰতক খবৰ দিবলৈ দৌৰ মাৰিলে। ৰাধা এইফালে অচেতন। গোবিন্দপুৰত নতুনকৈ হোৱা স্বাস্থ্যকেন্দ্ৰলৈকে তাইক লৈ গ'ল বসন্তহঁতৰ ঘৰৰ অটোখনতে। তাত গৈ কিবা এটা দুটা স্বাস্থ্য পৰীক্ষা কৰিলে। তেতিয়ালৈ ৰাধাৰ চেতনাও আহিল। শৰতকে ধৰি বাকী সকলোৱে স্বাস্থ্যকেন্দ্ৰৰ বাহিৰতে ৰৈ আছিল। ডাক্তৰে ভিতৰৰ পৰা ওলাই আহি শৰতক সকলোৱে শুনাকৈ ক'লে,
"প্ৰফেছৰ চাহাব, মিঠাই খোৱাওক। দেউতা হ'বলৈ ওলাইছে।"
গোটেই মানুহবোৰে উল্লাসত উকিয়াই উঠিল,
"কি?"
সপোনহঁত একেদৌৰে ৰাধাৰ ওচৰ পালেগৈ। তাই তলমূৰ কৰিছিল। সপোন ধেক ধেককৈ হাঁহি হাঁহি ক'লে,
"এইজনীৰ লাজ চা, হেৰৌ কেঁচুৱা তুলিব পাৰিবি নে?"
"বোলো, মাক হ'লি আৰু দেই।"
লগে লগে সকলোৰে হাঁহিৰ জোৱাৰ।
জীৱনত প্ৰথমবাৰৰ বাবে যেন নিজৰ প্ৰেমত পৰিছে ৰাধা। নিজক নতুনকৈ ভাল পাব লৈছে তাই। নিজৰ ভাল লগা বেয়া লগাবোৰ নতুনকৈ ভাবিবলৈ লৈছে। নিজক লৈ ইমান ব্যস্ত আগতেতো নাছিল কাহানিও! মাতৃত্বৰ অনুভৱ এয়াই নেকি? সপোনত প্ৰায়েই তাই চোন লাৰুৱা গোঁসাই এজনাৰ সপোন দেখে। ৰাসত যশোদাৰ বচনবোৰ মাজে মাজে আওৰায়। এনেই মাজে মাজে পেটটোৰ ওপৰত হাত ফুৰাই, উফ কেনে এক প্ৰাপ্তি! নিজৰ শৰীৰত আন এটা প্ৰাণৰ উপস্থিতি, নাৰীক কি যে এক অপূৰ্ব আশীৰ্বাদ দিলে ঈশ্বৰে। যাক পুৰুষে কোনোকালেই বুজিব নোৱাৰিব।
সেইদিনা নিশা শৰতৰ উদং বুকুত মূৰ থৈ শুই ৰাধাই সুধিলে,
"এটা কথা কওঁ শৰৎ দা?"
"কোৱা"
"মোৰ যে এতিয়াও সকলো সপোন যেন লাগে জানে!"
"কি সপোন?"
"এই যে আপোনাক লগ পোৱা, আমাৰ বিয়া হোৱা আৰু এতিয়া আমাৰ ভালপোৱাৰ এটি চিন পৃথিৱীলৈ আহিবলৈ ওলোৱা। উফ, কিবা যেন ৰূপকথা।"
শৰতে হাঁহি মাৰি ৰাধাক চুমাৰে উপচাই দি কয়,
"মোক মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ দিবলৈ গৈ আছা তুমি ৰাধা। সৰুৰে পৰা অনাথ হৈয়েই কটালোঁ, আনৰ অনুগ্ৰহত। তুমি যদিও সকলো মৰম পাইছা, তথাপি নিজৰ প্ৰকৃত মা বা দেউতাক লগেই নাপালা। ৰাধা, আমি পোৱা কষ্টবোৰ, আমাৰ সন্তানক নিদিওঁ দেই।"
"উম। আমি নোপোৱা মৰমবোৰ, আমি নোপোৱা আদৰবোৰ সকলো আমাৰ কেঁচুৱাটিক দিম। সোণ পুতলাৰ দৰে ৰাখিম মোৰ দেহাকণক।"
শৰতে কৌতুক কৰে,
"দেখিবলৈ তোমাৰ নিচিনা ধুনীয়া হওক। মাত্ৰ, খংটো তোমাৰ নিচিনা নহ'লেই হ'ল।"
ৰাধাই মৃদু ভুকু এটা মাৰে শৰতৰ বুকুত। সুখৰ উশাহত টোপনি যায় দুটি সপোনপিয়াসী পক্ষী।
ৰাধাৰ ভাল লগা দিনবোৰৰ মাজতে আহে এটা দুখলগা খবৰ, লখিমীৰ পানী বাঢ়ি আহিছে ধীৰে ধীৰে। পাৰৰ বেছিভাগ গছ কাটি পেলোৱাৰ বাবে এতিয়া লাহে লাহে মাটি খহিবলৈ আৰম্ভ কৰিছে। লখিমীত প্ৰয়োজন হৈছে মথাউৰিৰ। কথাটো সপোনৰ মুখৰ পৰা শুনিয়েই ৰাধা দৌৰ মাৰিছিল গোবিন্দপুৰলৈ। সেউজ অসমৰ সংঘতে লগ পাই সিহঁত কেইটাই কথা পাতিছিল খুব সোনকালে আমি এখন মিটিং দিব লাগিব যে ইয়াত আমাক মথাউৰি লাগে। নিৰ্দিষ্ট দিনত মিটিং হ'ল। মানুহক ৰাধাহঁতে কথাবোৰ বুজাই ক'লে। শৰৎ আৰু দুই এজনে মিলি বিধায়কলৈ এখন পত্ৰও লিখি দিলেগৈ। গোবিন্দপুৰৰ স্বাৰ্থত অনতিপলমে যাতে লখিমীত মথাউৰি নিৰ্মান হয়। পিছে সেইদিনাই নিশা বৈকুণ্ঠ চৌধুৰীয়ে সপোন, ৰঞ্জনকে ধৰি গাঁৱৰ কেইবাটাও ল'ৰাক স্নেহালয়লৈ মতাই নিলে। প্ৰায় তিনি ঘণ্টা মানৰ পাছত হাঁহি হাঁহি সিহঁতবোৰ ওলাই আহিছিল তাৰ পৰা। সেই তিনি ঘণ্টাত ঠিকাদাৰ চৌধুৰী সিহঁতৰ বাবে হৈ পৰিছিল, "বৈকুণ্ঠ দা"। যি সময়ত বৈকুণ্ঠ দাৰ সৈতে মুৰ্গীৰ ভজা মাংসৰ সোৱাদ লৈ গোবিন্দপুৰৰ ডেকাহঁতে বিশেষ পৰিকল্পনা কৰিছিল, সেই সময়ত গৰ্ভত নিজৰ সন্তান লৈও গোবিন্দপুৰৰ কুশলৰ বাবে চিন্তা কৰা ৰাধাই ঘূণাক্ষুৰেও গম পোৱা নাছিল তাইক লৈ বৈকুণ্ঠই সাজি পেলোৱা চক্ৰবেহুখনৰ কথা।
বহুদিন পাৰ হ'ল। মথাউৰিৰ একো উমঘাম নাই। ৰাধা অলপ দিন গোবিন্দপুৰলৈ যোৱা নাছিল, শৰতক সুধিলেও তেওঁ বিশেষ একো নকয়। সেয়ে সিদিনা তাই সপোনক বিচাৰি গোবিন্দপুৰ ওলাল গৈ। পিছে হেমেন খুৰাৰ দোকান পায়েই আচৰিত হৈ গ'ল ৰাধা। খুৰাৰ দোকানত লাগি আছে ৰংচঙীয়া পোষ্টাৰ,
"গোবিন্দপুৰত জনপ্ৰিয় বলিউডৰ শিল্পী মিছ কুইনৰ সাংস্কৃতিক অনুষ্ঠান।" লগতে দিয়া আছে, "স্থান : লখিমীৰ পাৰ"
চকু কপালত উঠিল ৰাধাৰ। কি হৈছে ইয়াত এইবোৰ! তাই লগে লগে সপোনহঁতৰ ঘৰ পালেগৈ। সপোন বাহিৰতেই আছিল। তাই গৈয়েই সুধিলে তাক,
"এইবোৰ কি হৈছে সপোন? লখিমীৰ পাৰত কিহৰ ফাংচন পাতিছে?"
সপোনে এবাৰ তাইলৈ চালে তাৰ পাছত বহি থকাৰ পৰাই মাত দিলে,
"তই এইটো অৱস্থাত কিয় এনেকৈ ঘূৰি ফুৰিছ? এতিয়াও আগৰ নিচিনা হৈ আছ নে?"
"তোক যিটো সুধিছো সেইটো ক। মথাউৰিৰ কথাটো কি হ'ল?"
"হ'ব ৰ লাহে লাহে। এতিয়া অনুষ্ঠানটো হৈ যাওক।"
"কথা নাই বতৰা নাই কিহৰ অনুষ্ঠান আহিল এইটো? আৰু লখিমীৰ পাৰত কিয়? পথাৰৰ ফালে বহু জেগা আছেতো।"
"ধেই একো নুবুজ তই! হেৰৌ ইমান ডাঙৰ গায়িকা আহিব, লখিমীৰ পাৰটোত কৰিলে কিমান ভাল লাগিব ভাবচোন। কাষতে নদীখন, আৰু একদম মুকলি ঠাই।"
ৰাধাই আচৰিত হৈ ক'লে, "মুকলি ঠাই মানে? গছবোৰ?"
সপোনে বিৰক্তিৰে উত্তৰ দিলে, "সেইবোৰ কাটি পেলাব। আৰম্ভ কৰিছেই।"
ৰাধাৰ মূৰটো ঘূৰাই যোৱা যেন লাগিল। লখিমীক লৈ এনে ষড়যন্ত্ৰ নতুন নহয়। লখিমীৰ পাৰত থকা সাঁচি, চন্দন, শিমলু, এজাৰ, কৃষ্ণচূড়া, আঁহত আদি পুৰণি গছবোৰলৈ বহু মানুহৰ লোভ আছিল। কিন্তু গোবিন্দপুৰৰ মানুহৰ ভয়ত তালৈ কোনেও হাত মেলিব নোৱাৰে। কিন্তু ৰাধা আচৰিত হৈছে, এই গছ কটাৰ কথাটো সপোনে ইমান সহজভাৱে কেনেকৈ ল'ব পাৰিছে! তাই তাক হাতত ধৰি টানি উঠালে,
"তই বলিয়া হৈছ নেকি সপোন? বহু কেইজোপা গছ কাটিছে যদিও লখিমীৰ পাৰত এতিয়াও কেইবাজোপাও পুৰণা গছ আছে। এই গছবোৰে মাটিখিনি ধৰি আছে বাবে লখিমীত আজিলৈ বান অহা নাই। আগৰ কেইজোপা কাটি দিওঁতেই ডোখৰ ডোখৰকৈ কিছু মাটি খহি গ'ল। এতিয়া গোটেইবোৰ কাটিবলৈ হ'লেচোন ভালকৈ এজাক বৰষুণ আহিলেই....."
ৰাধাই কৈ নহওঁতেই সপোনে মাজতে কৈ উঠিল,
"ধেই, তই বৰ একেবাৰে বেছি বেছি জনা দেখাৱ অ'। সৰুৰে পৰাই ওস্তাদি তোৰ। তইহে চব জান আৰু। আমি এনেই।"
ৰাধা দুখোজ পিছুৱাই গ'ল। সপোনলৈ মন দি চালে তাই। ইয়াক ইমান অচিনাকিৰ দৰে কিয় লাগিছে আজি! সৰুৰে পৰা পাই অহা ল'ৰাটো যেন এইটো নহয়। ৰাধাই ক'লে,
"তই এনেকৈ কিয় কথা কৈছ মোৰ আগত সপোন? কি ভুল কৰিছোঁ মই?"
এইবাৰ সপোনে চিঞৰাৰ দৰে ক'লে,
"নাই নাই, তই আৰু ভুল কৰিবি নে? তহঁতৰতো সকলো অংকই শুদ্ধ। আমাৰ আগত আন্দোলন কৰি এম এল এৰ পৰা চাকৰি লোৱা অংক তহঁতে ঠিকেই জান। আমাক এই হুলস্থুলবোৰত ব্যস্ত ৰাখি নিজেই সুখৰ সংসাৰ কৰি থাকিবও পাৰ।"
ৰাধাই চিঞৰি উঠিল,
"সপোন, মনে মনে থাক। আৰু এটা শব্দও নক'বি। ছিঃ, তই এনেকুৱা বুলি ভবা নাছিলো। শৰৎ দাই এম এল এৰ পৰা চাকৰি লৈছে? এয়াই বুজিলি তই? লাজ নাপাৱ, সেই মানুহটোৱে দিনে নিশাই এই গাঁওখনৰ কথাই ভাবে। আৰু তই কৈছ...."
এনেতে জপনা খুলি ৰঞ্জন সোমাই আহিল,
"কি হৈছে সপোন?"
ৰাধাই এইবাৰ ৰঞ্জনক ক'লে,
"ৰঞ্জন, তই একদম ঠিক সময়তে আহিছ। চা, এই সপোনে কি কৈছে চা। শৰৎ দাই বোলে এম এল এৰ পৰাহে চাকৰি লৈছে। সি কেনেকৈ...."
ৰাধাৰ কথাৰ মাজতে ৰঞ্জনে ক'লে,
"কি মিছা কথা ক'লে?"
ৰাধা ৰৈ গ'ল স্তব্ধ হৈ। এইফালে ৰঞ্জনে কৈ গ'ল,
"তোৰ গিৰিয়েৰৰ এনে কি যোগ্যতা আছিল অ' প্ৰফেছৰৰ চাকৰি পোৱাৰ? আৰু তইতো এবাৰো আমাক নক'লি আগতে! তহঁতেতো জানিছিলি চব। আমাক আন্দোলনত ব্যস্ত ৰাখিলি আৰু নিজেই সা সুবিধা আদায় কৰি ল'লি নহয়?"
ৰাধাই খঙেৰে ক'লে,
"কোনে সুমুৱাই দিছে তহঁতৰ মূৰত এইবোৰ কথা? পাগল, চব পাগল হৈছ তহঁত। মোক বুজি নাপালি তহঁতে আজিলৈকে? মই তেনেকুৱা কাম কৰিম? মই?"
ৰঞ্জনে আকৌ ক'লে,
"নিচিঞৰিবি, তোৰ বাবেই বেয়া। বাকী এতিয়া বহুত কথাই বুজি পাইছোঁ দে। তয়ো এটা কথা বুজি ল। গোবিন্দপুৰৰ চিন্তা কৰিবলৈ বাদ দে। সংসাৰ কৰিছ, তাত মন দে। আমি জানো আমি কি কৰিব লাগে।"
খঙত ফোঁপাবলৈ লৈছিল ৰাধাই। চাদৰৰ আঁচলেৰে মুখখন এবাৰ মচি লৈ তাই ক'লে,
"ঠিক আছে। মই একো নকওঁ, মই একো নাভাবো। কিন্তু তহঁতেই ভাব, লখিমীৰ পাৰৰ গছবোৰ কাটি পেলালে কি হ'ব পাৰে তহঁতে ভাব। এতিয়া গান নাচ কৰাৰ সময় নে মথাউৰিৰ বাবে জোৰ দিয়াৰ সময় তহঁতে ভাব।"
এইবাৰ সপোনে আগুৱাই আহি ক'লে,
"গছ এনেও কটা যাব। কাৰণ ফাংচনৰ পাছতে তাত বৈকুণ্ঠ দা আৰু অলকেশ দাই মিলি ৰিজৰ্ট এখন খুলিব।"
এটাৰ পাছত আন এটা কথাই যেন ৰাধাক ধৰাশায়ী কৰি পেলাইছে।
"বৈকুণ্ঠ দা? অলকেশ দা? সেই অলকেশ কুকুৰটোক...."
ৰাধাৰ কথাটো শেষ নহওতেই সপোন আৰু ৰঞ্জনে একেলগে চিঞৰ মাৰিলে,
"ৰাধা..."
"মুখ চম্ভালি কথা ক'বি।"
ৰাধাই সিহঁতলৈ মন দি চালে এবাৰ। তাৰ পাছত হাত চাপৰি মাৰি কৈ উঠিল,
"ৱাহ ৱাহ ৱাহ! বঢ়িয়া, সুন্দৰ। কি সুন্দৰ মোৰ বাল্যবন্ধু। আজি অলকেশৰ বাবে মোক এনেকৈ চিঞঁৰিবও পৰা হৈ গ'লি! ধুনীয়া, ধুনীয়া খেল খেলিছে এইবাৰ বৈকুণ্ঠ চৌধুৰী আৰু অলকেশ হাজৰিকাই। পাশাৰ গুটি হিচাপে তহঁতক লৈছে। মজা, নাচি থাক। সিহঁতৰ কথাত কঁকাল ভাঙি নাচি থাক। কিন্তু এটা কথা মনত ৰাখিবি, গোবিন্দপুৰ আৰু লখিমীৰ মই একো হানি হ'বলৈ নিদিওঁ। তাৰবাবে লাগিলে তহঁতকো সুদাই নেৰোঁ মই। মনত ৰাখিবি, মই এতিয়াও সেই আগৰ ৰাধায়েই হয়।"
দাঁত কৰচি কথাটো কৈ ৰাধা খৰ খোজেৰে তাৰ পৰা ওলাই আহিল।
আহিয়েই ঘৰ পাই বিচনাত বাগৰ দিলে ৰাধাই। আজি যেন মনটো ভাঙি গৈছে ৰাধাৰ। যিজনী ৰাধাক তাইৰ কৰুণ অতীতেও ভাঙিব পৰা নাছিল, সেই ৰাধা যেন আজি বিচলিত হৈছে। বৈকুণ্ঠ বা মনোহৰাৰ হাজাৰ ঠাট্টা গালিয়েও তাইক লৰাব পৰা নাছিল। কিন্তু সপোন আৰু ৰঞ্জনৰ এই সলনিয়ে ৰাধাৰ বুকুখন যেন দুফাল কৰি পেলাইছে। এৰা, পৰৰ ওচৰত অভিযোগ দিব লগা নাথাকে। কিন্তু কষ্টবোৰ যেতিয়া নিজৰ মানুহে দিয়ে, তেতিয়া কেনেকৈ নিজক সামৰা যায়! আন মানুহৰ লাঞ্চনা উপেক্ষা কৰিব পাৰি, কিন্তু আপোন মানুহৰ পাৰি জানো! কিয় বুজি নাপালে সিহঁতে ৰাধাক! তাই জানে, নিশ্চয় কোনোবাই তাইৰ কথা সিহঁতক লগাইছে। কিন্তু আন কোনোবাই লগাইছে বুলিয়েই সিহঁতে বিশ্বাস কৰিব নে! এয়াই আছিল নেকি বন্ধুত্ব! নাই নাথাকে, কোনো কেতিয়াও একে হৈ নাথাকে। সময়ৰ লগে লগে মন সলনি হয় মানুহৰ, লগ সলনি হয়। এয়াই বাস্তৱ আচলতে। যি সলনি হৈ আগুৱাই যাব পাৰে, সি সুখী সদায়। আৰু যিয়ে পুৰণিক লৈ ৰৈ যায়, কষ্ট তাৰেই হয়। ৰাধা যেন ৰৈ গৈছে অতীততে। ৰঞ্জন সপোনহঁত বহুদূৰ আগুৱাই গ'ল। নোৱাৰে, ৰাধা সপোনহঁতৰ দৰে আগুৱাব নোৱাৰে। গছ কাটি লখিমীক উদং কৰি নাচ গান কৰিব নোৱাৰে তাই। আজি কানাইলৈ মনত পৰিছে খুব তাইৰ। এই সময়ত সি থকা হ'লে নিশ্চয় সপোনহঁতক বুজালেহেঁতেন। সময়ে যেন ৰাধাক অকলশৰীয়া কৰি পেলাবলৈ কিবা খেলহে খেলিছে, তাইৰ এনে লাগিল। বহু সময় ৰাধা বিচনাত পৰি থকা দেখি শৰতে আহি সুধিলে,
"উই, মন বেয়া নেকি?"
ৰাধাই কেতিয়াও এইখিনি কথা শৰতক ক'ব নোৱাৰে। সপোনহঁতে শৰতৰ ওপৰত এনে আৰোপ আনিছে বুলি জানিলে সি খুব দুখ পাব। সেয়ে তাই উঠি লৈ বহি ক'লে,
"নাই নাই, ঠিকে আছোঁ।"
শৰতে হাতত লৈ থকা গাখীৰৰ গিলাছটো ৰাধালৈ আগবঢ়াই দিলে। এই সময়খিনিত ৰাধাক সি কেঁচুৱাৰ দৰে যতন লৈছে। ৰাধাই গাখীৰখিনি খাই শেষ হোৱাত শৰতে পুনৰ সুধিলে,
"কোৱা এতিয়া, মোক ফাঁকি দিব নোৱাৰা তুমি।"
ৰাধা মনে মনে তলমূৰকৈ ৰ'ল। শৰতে ক'লে,
"কোনে কি কৈছে ৰাধা?"
এইবাৰ সৰু মাতেৰে ৰাধাই ক'লে,
"সপোনহঁতেও মোক ভুল বুজিব বুলি কেতিয়াও ভবা নাছিলো।"
শৰতে হুমুনিয়াহ পেলালে। এনে এটা সময় আহিব বুলি সি অনুমান কৰিছিলেই। ৰাধাৰ মূৰত হাত ফুৰাই ক'লে,
"আমাৰ সকলোৰে জীৱনত এনে এটা সময় আহেই ৰাধা, যেতিয়া আমি একেবাৰে অকলশৰীয়া হওঁ। বন্ধু, পৰিয়াল, প্ৰেম ভালপোৱা সকলো আঁতৰি যায় আমাৰ পৰা। আমি কেৱল আৰু কেৱল আমাৰ লগত থাকিব লগা হয়। সেই সময়তেই চাগে জীৱনৰ চিৰন্তন সত্যটো আমি উপলব্ধি কৰোঁ। অকলে আহিছোঁ আমি পৃথিৱীলৈ আৰু অকলেই যাব গৈ লাগিব। মানুহ লাগিব আমাক, বন্ধুও লাগিব। কিন্তু কাকো কেতিয়াও অপৰিহাৰ্য্য কৰি ল'ব নালাগিব। নহ'লে কষ্ট আমিয়েই পাম। কাৰণ এইখন সলনিৰ পৃথিৱী।"
ৰাধাই শৰতৰ কোলাতে মূৰটো পেলাই দি সুধিছিল,
"আপুনিও মোৰ পৰা আঁতৰি যাব নেকি? নে সলনি হ'ব?"
শৰতে হাঁহি মাৰি ক'লে,
"তুমি থকালৈকে সলনি নহওঁ মই। কিন্তু যদি সময়ে কেতিয়াবা মোক আঁতৰাই নিয়ে, তেতিয়াও তুমি ভাঙি পৰিব নোৱাৰিবা। মোৰ ৰাধাক মই হাৰি যোৱা চাব নোখোজোঁ।"
"মই হাৰি নাযাওঁ শৰৎ দা। সপোনহঁত আঁতৰি গৈছে যাওক। কিন্তু মই মোৰ কাম কৰিমেই। মানুহক ঘৰে ঘৰে গৈ বুজাম। সকলোকে ক'ম, লখিমীৰ পাৰত এটা মথাউৰিৰ কিমান প্ৰয়োজন সেয়া সকলো মানুহেই বুজিব লাগিব।"
ৰাধাৰ কথাত হাঁহি মাৰি শৰতে ক'লে,
"এইজনীহে মোৰ গুণ্ডাজনী। মই সদায় আছোঁ তোমাৰ লগত।"
মনটো ফৰকাল লাগিল ৰাধাৰ। সঁচাই, গোটেই পৃথিৱীৰ সিপাৰে এখন সৰু পৃথিৱী মানুহক লাগে। কেতিয়াবা সেই পৃথিৱীয়ে কেৱল এজন মানুহকেই সামৰে।
ৰাধাই অৰুণ ছাৰ, শৰৎ আৰু শৰতৰ দুই এজন চিনাকি কাষৰীয়া গাঁৱৰ ব্যক্তিক লগত লৈ গোবিন্দপুৰৰ মানুহৰ ঘৰে ঘৰে গ'ল। সকলোকে আকৌ এবাৰ বুজালে যে মথাউৰিৰ প্ৰয়োজন কিয়! লখিমীক জোকাই ল'লে তাৰ ভয়ংকৰ ফল যে ভুগিব লাগিব গোটেই গোবিন্দপুৰে। কথাবোৰ কৈ সকলোকে পিছৰ দেওবাৰে সংঘলৈ মাতি পঠালে। তেওঁলোকে এইবাৰ পুনৰ এম এল এৰ ঘৰলৈ যাব আৰু আকৌ মথাউৰিৰ কথা ক'ব গৈ। কিছুমানে সিহঁতৰ কথাত হয়ভৰ জনালে। কিছুমানে পিছে "ধেই, লখিমীত নো বানপানী হ'ব নে" বুলি হাঁহি উৰুৱাই দিলে। যি কি নহওঁক, দেওবাৰে মানুহখিনি গোট খালে কিবা এটা হ'ব বুলি ৰাধাহঁতে আশা কৰিছে। এইকেইদিন বহু কেইবাৰ ৰাধা সপোনহঁতৰ মুখামুখি হৈছে। সিহঁতে এবাৰো ৰাধাক মতা নাই, ৰাধাইও উপযাচি মতা নাই। চিনাকি মুখৰ অচিনাকি আচৰণ কষ্টকৰ হয়, ৰাধাৰ বাবেও হৈছিল। তথাপি তাই আশা কৰিছে সঁচা কথাবোৰ এদিন সিহঁতে বুজি পাব।
ৰাধাহঁতে গোবিন্দপুৰৰ মানুহৰ ঘৰে ঘৰে ঘূৰাৰ সময়তে এইফালে বৈকুণ্ঠই ফোন লগাইছিল অলকেশ হাজৰিকালৈ,
"এইবাৰ মই কিন্তু আগতীয়াকৈ জনাইছোঁ। সোনকালেই কিবা এটা কৰিবৰ হ'ল। পাছত মোক দোষ দি লাভ নাই।"
"চিন্তা নকৰিব চৌধুৰী। আপোনাৰ ভতিজাকে এইবাৰ যিমান যি কৰিলেও মোৰ নোম এডালো লৰাব নোৱাৰে।"
অলকেশৰ কথাত স্বস্তিৰ নিশ্বাস এৰে বৈকুণ্ঠই। লাহে লাহে সঁচা হৈ আহিছে তাৰ সপোনবোৰ। মাত্ৰ এই ৰাধাক একেবাৰে আঁতৰাবলৈ বাকী। ভাল হ'ব, এইবাৰ সকলো ভাল হ'ব।
দেওবাৰৰ দিনা দহমান বজাত ৰাধাহঁত সেউজ অসম সংঘ পালেগৈ। তেতিয়ালৈ কোনো আহি পোৱা নাছিল। অলপ পাছত অৰুণ ছাৰ আহিল। শৰতৰ চিনাকি মানুহ দুজনো আহিল। কিন্তু গোবিন্দপুৰৰ এজন মানুহৰো দেখাদেখি নাই। মানুহ বেছি নাহে বুলি ৰাধাই অনুমান কৰিছিল, কিন্তু এজনো যে নাহিব তাই ভবাই নাছিল। অলপ পাছত ৰাস্তাৰে হেমেন খুৰা কোবাকুবিকৈ গৈ থকা দেখি ৰাধাই গৈ মাত দিলে,
"হেমেন খুৰা, আজি মিটিং এখন দিয়া হৈছিল যে! আপোনালোক নাহিল যে! কোনো এজন মানুহো নাহিল চোন।"
হেমেন খুৰাই উত্তৰ দিলে,
"আজি আৰু ক'ত মানুহ আহিব ৰাধা!"
"কিয়?"
"তই গমেই নাপাৱ নেকি? আমাৰ পঞ্চায়তৰ অফিচত আজি নতুন আঁচনি এখনৰ ফৰ্ম দি আছে। ৰ কি আছিল নামটো, অ অ মনত পৰিছে, গৃহলক্ষ্মী আঁচনি। এইখন আঁচনি বিশেষকৈ ছোৱালী আৰু বোৱাৰীবোৰৰ কাৰণে। ওঠৰ বছৰৰ ওপৰৰ বিয়া হোৱা বা নোহোৱা সকলো মাইকী মানুহেই ইয়াৰ পৰা পঁচিছ হাজাৰকৈ টকা পাব। ফৰ্মত লিখি এই কেইদিনৰ ভিতৰতে জমা দিব লাগিব। চবৰে বেংকত এমাহৰ ভিতৰতে পইচা সোমাই যাব। গতিকে চব তাতেই লাগি আছে।"
শৰতে আগুৱাই আহি সুধিলে,
"গৃহলক্ষ্মী আঁচনি? এইখনৰ নামটো আগতে শুনা নাই!"
হেমেন খুৰাই পুনৰ ক'লে,
"নুশুনিবা বোপা। এইখন নতুনকৈহে উলিয়াইছে চৰকাৰে। আমাৰ ইয়াতো বিধায়কে নিজেই আহি সকলোকে ফৰ্ম বিলাই আছে। গাঁৱৰ মানুহে ওপৰতে ইমান টকা পাব, কিয় বাদ দিব বাৰু কচোন ৰাধা। মইতো কওঁ, তয়ো এই মথাউৰিৰ ধান্দা এৰি ফৰ্ম এখন ল গৈ যা।"
কথাটো কৈ খৰকৈ খোজ ল'লে হেমেন খুৰাই। শৰতে ৰাধালৈ চালে। ৰাধাই খঙেৰে কৈ উঠিল,
"সাধাৰণ ৰাইজক মূৰ্খ সজাই কি লেতেৰা ৰাজনীতি কৰিছে ইহঁতে! ছিঃ, টকাৰে ভোট কিনিবলৈ আহিছে। এইবোৰ টকা এনেয়ে দিয়াতকৈ সেয়াৰে উন্নয়নৰ কাম নকৰে কিয়?"
শৰতে ক'লে,
"তুমি কি ভাবিছা ৰাধা, এইবোৰ টকা কি সঁচাই দিব? নিদিয়ে, খুব বেছি দহজনীৰ মাজত দুজনীয়ে পাব। এইবোৰ মানুহক আভুৱা ভৰাৰ কৌশল। আমাৰ মানুহবোৰে কিয় যে বুজি নাপাই এইবোৰ কথা। এনেকুৱা লোভ দি আচল কথাবোৰৰ পৰা মানুহক আঁতৰাই ৰাখে ইহঁতে।"
ৰাধাহঁতে কথা পাতি থাকোতেই গোবিন্দপুৰৰ দুজনমান মানুহ তালৈ আহি ৰাধাক ক'লেহি,
"ৰাধা, তোক শেষ বাৰলৈ কৈছোঁ। গোবিন্দপুৰৰ কামত তই মাথা মাৰিব নালাগে। ঘৰে ঘৰে গৈ মানুহক উচটোৱা বাদ দে। নিজৰ ঘৰত যি কৰ, কিন্তু ইয়াত নহয়। লখিমীৰ পাৰত আজিৰ পৰাই গছ কটা হ'ব, তই যাতে একো মাত নিদিয় তাত।"
কথাটো কৈ মানুহ কেইজন গুচি গ'ল। ৰাধাই একো মাতিব নোৱাৰিলে। কাৰ বাবে মাতিব তাই, যিখিনি মানুহৰ বাবেই তাই চিন্তা কৰি আছে তেওঁলোকেই যেতিয়া তাইক শত্ৰুজ্ঞান কৰিছে তাইৰ কিবা ক'ব লগা থাকিল গৈ জানো! হুমুনিয়াহ সৰাই ঘৰলৈ উভতি আহিল ৰাধা আৰু শৰৎ।
"এতিয়া কি ভাবিছে?"
"ভাবিছো, কি কৰিলে ভাল হয়?"
"কৰিব লগা আৰু কি আছে? লখিমীৰ পাৰলৈ গৈ কোনে গছ কাটি আছে এফালৰ পৰা কোবাই যাব লাগে। কাটি কাটি লখিমীত উটুৱাই দিব লাগে এই কুকুৰহঁতক।"
"ৰাধা, মনে মনে থাকাচোন। এনেকুৱা অৱস্থাত এই মাৰিম কাটিম কৈ থাকিব নাপাই নহয়।"
"পাই নাপাই বাদ দিয়ক। মই লাগিলে কাৰোবাক মাৰিও পেলাব পাৰিম এতিয়াই। মোৰ কেঁচুৱাইও পেটতে শিকি আহক এইবোৰ।"
"ৰাধা প্লিজ..."
অথনিৰে পৰা গোবিন্দপুৰৰ পৰা আহি শান্তিৰে থাকিব পৰা নাই ৰাধা। তাইৰ চকুৰ আগতে হেঁপাহৰ ঠাইখন নিঃশেষ হৈ যাবলৈ লৈছে। কেনেকৈ সহিব তাই! কেনেকৈ কিছুমান দানৱৰ হাতত ধৰ্ষিতা হ'বলৈ এৰি দিব নিজৰ মাতৃভূমিক! এৰা, ধৰ্ষণেইতো কৰিছে সিহঁতে। ধৰ্ষণ কৰিছে লখিমীক, ধৰ্ষণ কৰিছে গোবিন্দপুৰক। তলি উদং কৰি শেষ কৰিছে এই সোণ হেন মাটিক। যিখন ঠাইত সিহঁত খেলি ধূলি ডাঙৰ হ'ল, যিখন ঠাইত নাচি বাগি যি ঠাইৰ গছত ওলমি শৈশৱ পাৰ কৰিলে সেইখন ঠাইৰ এনে অৱস্থা দেখি কেনেকৈ থিৰেৰে থাকে ৰাধা! তাইৰ দুৰ্ভাগ্য, আজি ভানুমতী আই নাই। ককাক ধৰ্ম নাৰায়ণ থাকিও নথকাৰ দৰেই হৈছে। তাৰেই সুযোগ লৈছে বৈকুণ্ঠ, অলকেশহঁতে। আৰু গোবিন্দপুৰৰ মানুহ ব্যস্ত সাময়িক সুখত, নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণত। বুজিব, এসময়ত গোবিন্দপুৰৰ প্ৰতিজন মানুহেই বুজিব। কিন্তু তেতিয়ালৈ সময় হয়তো পাৰ হৈ যাব। অস্থিৰ হৈ পৰা ৰাধাৰ ওচৰলৈ আহি তাইৰ মুখখন হাতেৰে তুলি ধৰিলে শৰতে,
"অলপ ধৈৰ্য ধৰা ৰাধা। মই আছোঁ নহয়। কৰিম কিবা এটা। কিন্তু এনেকৈ খঙেৰে নহয়।"
এইবুলি ৰাধাক ঘৰতে থৈ শৰৎ ওলাই গ'ল কাৰোবাক লগ কৰিবলৈ বুলি। শৰতৰ ওপৰত ৰাধাৰ বিশ্বাস আছে, তেওঁ কিবা এটা কৰিব।
তাৰ কিছুদিনৰ পাছত হঠাৎ গোবিন্দপুৰৰ ৰাইজৰ মাজত হুলস্থুল লাগিল। ৰাজ্যৰ আগশাৰীৰ বাতৰিকাকত "আমাৰ বাতৰি"ত ডাঙৰ ডাঙৰ হৰফেৰে প্ৰকাশ পালে,
"গোবিন্দপুৰত অনৈতিকভাবে বনাঞ্চল ধ্বংস : ব্যক্তিগত লাভালাভৰ বাবে বিধায়কৰ পৃষ্ঠপোষকতাত টকলা কৰি গৈছে লখিমী নদীৰ পাৰ।"
লগে লগেই তুমুল বিতৰ্কৰ সৃষ্টি হ'ল ৰাজ্যৰ বিদ্বান মহলত। বহু কেইজন প্ৰকৃতি সংৰক্ষণ সংগঠনৰ লোকো আহিল গোবিন্দপুৰলৈ। শৰতে নিজেই লৈ গৈ দেখুৱাই দিছিল তেওঁলোকক আটাইবোৰ। ইয়াৰ পাছতে আন দুই এখন কাকততো প্ৰকাশ পালে বাতৰি। উপায় নাপাই অলকেশ হাজৰিকাই বন্ধ কৰাব লগা হ'ল গছ কটাৰ কাম। অৱশেষত দিছপুৰৰ পৰা ফোন আহিল অলকেশলৈ,
"আপুনি সঁচাই বলিয়া হৈছে নেকি হাজৰিকা? কিবা এটা কাম কৰাৰ আগতে পাৰ্টিৰ কথা এবাৰ হ'লেও ভাবিব। পাৰ্টি আপোনাৰ ঘৰৰ নহয়তো। আৰু এইবোৰ কথা নিউজ কেনেকৈ পালেগৈ? আপোনাৰ সমষ্টিতে আপোনাৰ বিৰোধী মানুহ আছে আৰু আপুনি গমেই নাপায়। এনেকৈ হ'লে কিন্তু নেক্সট টাইম টিকেটৰ কথা নক'ব।"
খং আৰু চিন্তাই এফালৰ পৰা জুমুৰি দি ধৰিছে অলকেশক। মানুহ পঠিয়াই ইতিমধ্যেই তেওঁ গম পাইছে যে এইবোৰ সেই ৰাধা আৰু শৰতৰ কাম। কি মাটিৰে গঢ় লৈছে এই ছোৱালীজনীয়ে। কিমান বাৰ অলকেশে চেষ্টা কৰিলে, কিন্তু নাই, তাইক আজিলৈকে বলে পৰা নাই। ভাবিছিল মানুহৰ সমৰ্থন কমি গ'লেই তাইও দমি যাব। কিন্তু নাই, তাই ওলোটাই বেছি ভয়ানকহে হ'ল। নাই নাই, এই কথাই কথা নহয়। কিবা এটা ডাঙৰ কৰিব লাগিব তেওঁ। কিবা এটা ভয়ংকৰ। অলকেশে বৈকুণ্ঠ চৌধুৰীলৈ ফোন লগালে,
"চৌধুৰী, কি তেজৰ হে আপোনাৰ ভতিজাক? আৰে এইজনীৰ লগত আমাৰ কিমান সময় খৰছ হৈ গৈছে আপুনি জানে নে? চাল্লা মোৰ চকীৰ ওপৰত কথা আহি গৈছে এতিয়া বুইছে!"
"গম পাইছোঁ। মই কি কৰোঁ কওক, আপুনি কোৱা মতেই কৰিলোঁ। কিন্তু তাই অকলেও যে এইবোৰ কৰি ফুৰিব কোনে জানে!"
"এইবাৰ কিন্তু ডাঙৰ কিবা এটা হ'ব চৌধুৰী। আপুনি আজিয়েই মোৰ ওচৰলৈ আহক। এনেকৈ চলি থাকিলে আমি চব ডুবি মৰিম।"
ফোনটো কাটিলে। বৈকুণ্ঠইও ভাবিছে, কথাবোৰ এতিয়া অলপ বেলেগ কৰিব লাগিব। এনেকৈ হ'লে বৈকুণ্ঠ মেনশ্যনৰ সপোন সদায় সপোন হৈয়েই ৰৈ যাব।
এইফালে গছ কটা বন্ধ হোৱাত ফুৰ্তিত তৎ নাছিল ৰাধা আৰু শৰতৰ। হয়, সাংবাদিকক খবৰবোৰ শৰতেই দিছিল। আমাৰ বাতৰিৰ সাংবাদিকক শৰতে নিজেই লৈ আনিছিল গোবিন্দপুৰলৈ। কিন্তু কথাটোত গোটেই অসমৰ মানুহ যে জাঙুৰ খাই উঠিব সিও ভবা নাছিল। হওক তেও অৱশেষত যে জয় সিহঁতৰেই হ'ল।
আজি ভাত খাই অলপ সোনকালেই বিচনাত পৰিছিল যদিও শৰৎ আৰু ৰাধা দুইটাৰেই টোপনি অহা নাই। বাহিৰত কৃষ্ণপক্ষ চলি আছে। জিলিৰ জি জি মাতটো কিবা ভয় লগাকৈ ওলাইছে। ৰাধাৰ অলপ অলপকৈ ওফন্দি অহা পেটটোত হাত ফুৰাই শৰতে ক'লে,
"কেতিয়া যে চাবলৈ পাম। ধৈৰ্য নোহোৱা হৈছে মোৰ।"
ৰাধাই ক'লে, "তাৰ পাছত মোক আকৌ মৰম নকৰা হ'ব নেকি?"
শৰতে হাঁহি পেলালে, "পাগলী, তোমাক মৰম নকৰাকৈ থাকিব পাৰিম নে? মাত্ৰ..."
পাছৰকণ ফুচফুচাই ক'লে, "মাত্ৰ মাইনা টোপনি যোৱালৈকে ৰ'ব লাগিব।"
ৰাধাই শৰতৰ হাতখন আঁতৰাই দি কৃত্ৰিম খং দেখুৱাই, "অসভ্য ক'ৰবাৰ!"
"ঐ ছোৱালী, শিক্ষকক এই ব্যৱহাৰ কৰিব নাপায়।"
লগে লগেই আকৌ দুয়োটাৰে হাঁহি। এনেতে বাহিৰত কাৰোবাৰ মাত,
"শৰৎ দা, অ' শৰৎ দা, শুনকচোন।"
ৰাধাক বিচনাতে এৰি শৰৎ উঠি গ'ল। বাহিৰত কোনোবাই শৰতক ক'লে,
"লখিমীৰ গছবোৰ এফালৰ পৰা কোনোবাই জ্বলাই গৈছে। আপুনি আহকচোন।"
শৰতে লৰালৰিকৈ চোলাটো পিন্ধি ওলাল। ৰাধাই ক'লে,
"মইও যাওঁ নেকি?"
"ধেৎ পাগল হৈছা নেকি, নালাগে।"
"কিন্তু আপুনি এনেকৈ অকলে..."
শৰতে ৰাধাৰ কপালত চুমা এটা খাই ক'লে,
"একো নহয় মোৰ। সোনকালেই ঘূৰি আহিম।"
কথাটো কৈয়ে ওলাই গ'ল শৰৎ। ৰাধাই কিবা ক'বলৈ সুযোগেই নাপালে। হঠাৎ আকাশত মেঘে গাজি উঠিল। কিয় জানো ৰাধাৰ বুকুখন কঁপি উঠিছে। সময়ে যেন পুনৰ বলিৰ বাবে সাজু হৈছে, কালজিভা মেলি আকৌ এবাৰ আগুৱাই আহিছে ৰাধাৰ ভাগ্যলিপি।
(আগলৈ)
ইয়াৰ পিছৰ খণ্ডলৈ অধিৰ আগ্ৰহেৰে অপেক্ষা কৰিলোঁ 💗
ReplyDeleteঅপেক্ষাত আকৌ ❤️❤️
ReplyDelete❤️❤️❤️
ReplyDeleteঅধীৰ আগ্ৰহেৰে অপেক্ষাৰত পৰৱৰ্তী খণ্ডলৈ😊❤️
ReplyDeleteকি হব গৈ আছে গোবিন্দপুৰত। শৰতক ইমান ৰাতি মাতি নিয়াৰ আঁৰত হয়টো বেলেগ ৰহস্য আছে। উফ্ ৰাম ৰাধা আৰু শৰতৰ একো বেয়া নহওক। আহিব লগীয়া জন ভালে থাকক।
ReplyDeleteশেষৰকণ পঢ়ি ভয় লাগিছে দেখোন 🥺
ReplyDelete❤❤❤
ReplyDeleteকৌশিক দা.. ময়ুৰৰ দৰে শৰৎ দকো নোহোৱা নকৰিব 😩
ReplyDeleteWait again 2-3 days
ReplyDeleteবঢ়িয়া কৌশিক দা❤️
ReplyDeleteইয়াত দিব সদায়। পঢ়িব নাপাই আধৰুৱা হলে কষ্ট হ'ব। link টো story ত দি দিব। অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিলো।🙏😢
ReplyDelete😢😢😢
ReplyDeleteউঃ, বৰ ভয় লাগিছে। শৰতৰ লগত ভয়ানক কিবা এটা হ'বলৈ গৈ আছে যেন লাগিছে।
ReplyDeleteপৰৱৰ্তী খণ্ডলৈ অপেক্ষাৰত😊❤️
ReplyDeleteকৌশিক দা শৰতক নোহোৱা নকৰিব ৰাধাৰ জীৱনৰ পৰা ইমান দুখ সহিব নোৱাৰিম ৰাধা আৰু শৰত যাতে বেলেগ নহয় কেতিয়াও
ReplyDeleteইয়াৰ পিছৰ খণ্ডটিলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা😌🥺...
ReplyDeleteশৰৎ আৰু ৰাধাৰ জীৱনলৈ আকৌ কিবা নতুন ধুমুহা নামি আহিব গৈ আছে😔...
ৰাধাই বাৰু আকৌ কিবা হেৰুৱাব গৈ আছে নেকি🥺..
উফ...
কি হ'ব গৈ আছে বাৰু😰
❤️❤️
ReplyDelete♥️♥️
ReplyDeleteNext
ReplyDelete