ৰাধা : ১৩
#ৰাধা Part 13 কাৰোবাৰ ভালৰ বাবে কোৱা এটা মিছা কথা হেনো এশটা সঁচা কথাৰ সমান। কথাষাৰ আজু আইতাকে কৈছিল এদিন ৰাধাক। তাইৰ মনত ৰাখিছে আজিও। সেইবাবেই নেকি, তাইৰ ভয় লগা নাই। এনেও সঁচা কথাৰ ওপৰত তাইৰ বৰ এটা বিশ্বাসো নাই। দেউতাকে সদায় সঁচা কথাবোৰেই লিখি আছিল পেপাৰত। কিন্তু কি হ'ল তেওঁৰ লগত? তেৰটা গুলীৰে ধৰাশায়ী হৈছিল ৰাজপথত। সৰুকণে কয় তেওঁক মৰা মানুহজন হেনো ধৰাও পৰিছিল। তাৰ পাছত ওলাই আহি এতিয়া অসমৰ বাহিৰত থাকে বোলে। সেয়াহে, সঁচা কথাৰ ফল। অৱশ্যে আজি ৰাধাই সঁচা কথাকেই ক'ব। মিছা ক'ব লগা হোৱা সঁচা কাৰণবোৰ ক'ব। তাৰ পাছত ককাকে ঘৰৰ পৰা উলিয়াই দিয়ে যদি দিয়ক। নামঘৰৰ বাকৰিত বিচাৰ বহিব। গাওঁবুঢ়া ধৰ্ম নাৰায়ণে নিজৰ নাতিনীৰ বিচাৰ কৰিব। বিচাৰত দোষী হ'লে নাতিয়েকক ঘৰৰ পৰা খেদিব। কথাটো কম সময়তে গোটেই গাঁৱত বতাহৰ দৰে বিয়পিল। কথাটো শুনিয়েই যিয়ে যেনেকৈ আছে তেনেকৈ দৌৰিছে। ৰাধাক পেটে পেটে বেয়া পোৱাবোৰো আচৰিত হৈছে কথাটোত। তাইক বেয়া পাই কিছুমানে তাইৰ উৎপতিয়া আৰু গুণ্ডা স্বভাৱৰ বাবে। কিন্তু গোবিন্দপুৰত ৰাধা নথকাৰ কথাটো কোনেও কল্পনাও কৰিব নোৱাৰে। ৰাধাৰ লগৰ "সেউজ অসম"ৰ সপোন, ৰঞ্জনহঁত কেতিয়াবা...