ৰাধা : ১৩
#ৰাধা
Part 13
কাৰোবাৰ ভালৰ বাবে কোৱা এটা মিছা কথা হেনো এশটা সঁচা কথাৰ সমান। কথাষাৰ আজু আইতাকে কৈছিল এদিন ৰাধাক। তাইৰ মনত ৰাখিছে আজিও। সেইবাবেই নেকি, তাইৰ ভয় লগা নাই। এনেও সঁচা কথাৰ ওপৰত তাইৰ বৰ এটা বিশ্বাসো নাই। দেউতাকে সদায় সঁচা কথাবোৰেই লিখি আছিল পেপাৰত। কিন্তু কি হ'ল তেওঁৰ লগত? তেৰটা গুলীৰে ধৰাশায়ী হৈছিল ৰাজপথত। সৰুকণে কয় তেওঁক মৰা মানুহজন হেনো ধৰাও পৰিছিল। তাৰ পাছত ওলাই আহি এতিয়া অসমৰ বাহিৰত থাকে বোলে। সেয়াহে, সঁচা কথাৰ ফল। অৱশ্যে আজি ৰাধাই সঁচা কথাকেই ক'ব। মিছা ক'ব লগা হোৱা সঁচা কাৰণবোৰ ক'ব। তাৰ পাছত ককাকে ঘৰৰ পৰা উলিয়াই দিয়ে যদি দিয়ক।
নামঘৰৰ বাকৰিত বিচাৰ বহিব। গাওঁবুঢ়া ধৰ্ম নাৰায়ণে নিজৰ নাতিনীৰ বিচাৰ কৰিব। বিচাৰত দোষী হ'লে নাতিয়েকক ঘৰৰ পৰা খেদিব। কথাটো কম সময়তে গোটেই গাঁৱত বতাহৰ দৰে বিয়পিল। কথাটো শুনিয়েই যিয়ে যেনেকৈ আছে তেনেকৈ দৌৰিছে। ৰাধাক পেটে পেটে বেয়া পোৱাবোৰো আচৰিত হৈছে কথাটোত। তাইক বেয়া পাই কিছুমানে তাইৰ উৎপতিয়া আৰু গুণ্ডা স্বভাৱৰ বাবে। কিন্তু গোবিন্দপুৰত ৰাধা নথকাৰ কথাটো কোনেও কল্পনাও কৰিব নোৱাৰে। ৰাধাৰ লগৰ "সেউজ অসম"ৰ সপোন, ৰঞ্জনহঁত কেতিয়াবাই আহি ৰৈ আছেহি নামঘৰৰ বাকৰি পোৱাৰ আগতেই। নামঘৰ আৰু সংঘটোৰ মাজত থকা আহল বহল ঠাইখিনিতে এজোপা বৰগছ আছে। তাৰ তলতেই চকী এখনত ধৰ্ম নাৰায়ণ বহি আছে। বাকীবোৰ তলত সমুখত কোনোবাই কঠ ঢাৰি পাৰি কোনোবাই ঘাঁহনিতে বহিল। মনোহৰা, কুন্তলা, বৈকুণ্ঠকে আদি কৰি কিছুমানে আকৌ থিয় হৈয়ে আছে। ৰাধা আহি পাওঁতেই প্ৰথমে সপোনহঁত দৌৰি গ'ল। সপোনেই ক'লে,
"এইবোৰ কি শুনিছোঁ ৰাধা, তই কৈ নিদিলি কিয় যে এইবোৰ তই কৰা নাই।"
ৰঞ্জনেও ক'লে,
"এইবোৰ তোৰ লগত কৰোঁ বুলি কৰিছে কোনোবাই। কাকো সুদাই নেৰোঁ আমি। তোৰ লগত আছোঁ ৰাধা। ভয় নকৰিবি তই।"
ৰাধাই একো নামাতি লাহে লাহে গৈ মানুহখিনিৰ ওচৰ পালেগৈ। লগে লগে পৰিৱেশটো যেন আৰু গহীন হৈ আহিল। কানাই আৰু লগৰ কেইটাই ৰাধাক আগুৰি আছে। একেবাৰে বিপৰীত দিশত তগৰৰ মাক দেউতাক। তগৰ কঠ এখন পাৰি মাটিতে বহি আছে। থৰ হৈ আছে তাইৰ দুচকু, যেন নিষ্প্ৰাণ। ৰাধাই এবাৰ চাৰিওফালে চাই ল'লে। এনেতে ধৰ্ম নাৰায়ণে আৰম্ভ কৰিলে,
"তেন্তে বিচাৰ আৰম্ভ হওক। গুণাৰামৰ জীয়েক তগৰৰ বিয়া ভঙাৰ কথাৰে এই মেল দিয়া হৈছে। গোচৰীয়াৰ গোচৰ যে ইয়াৰ আঁৰত ৰাধা চৌধুৰীৰ হাত আছে।"
কথাৰ লগে লগেই তগৰৰ মাকে বুকু ঢকিয়াই আৰম্ভ কৰিলে,
"মোৰ দুখুনী ছোৱালীজনীক তেনেই মোহাৰি পেলালে। এনে এটা বদনাম দি তাইৰ কপালখনত জুই লগাই দিলে। একেলগে ঘূৰি ঘূৰি এইখনহে কৰিলে। মই আগতেই কৈছিলোঁ, এইবোৰ ডাঙৰ মানুহৰ মন বুজি নাপাবি। আঁতৰি থাকিবি। তাই নামানিলে। এতিয়া এয়া। থাকিব গোটেই জীৱনটো আবিয়ৈ হৈ।"
ৰঞ্জনে খঙত কিবা এটা ক'বলৈ লৈছিল। তাৰ মুঠি মৰা হাতখনত ৰাধাই টান মাৰি ৰখাই দিলে। ধৰ্ম নাৰায়ণে পুনৰ সুধিলে,
"এতিয়া ক, তই কেনেকৈ গম পালি যে কথাবোৰ ৰাধাই উলিয়াইছে।"
কথাটো শেষ হোৱাৰ লগে লগেই উত্তৰটো ৰাইজৰ মাজৰ এজনৰ পৰা আহিল,
"সিদিনা মই হেমেনৰ দোকানত বহি থাকোতেই গম পালোঁ।"
কথাটোৰ লগে লগে মুকুল আগবাঢ়ি আহিল। সকলোৰে আগত আহি ক'লে,
"সিদিনা মই ডেকা চাঙত বহি আছো। দোকানত পুতৌ আৰু প্ৰেমলতাই ফুচফুচাই কথা পাতি আছে, ৰাধাই সঁচাই ক'লে নে মিছাই ক'লে। মোৰ তেতিয়াই কিবা এটা সন্দেহ হৈছিল। সেইদিনাই গধূলি পুতৌক লগ ধৰি অলপ খান্দোতেই কথা ওলালেই নহয়। নিজক খুব মহান দেখুৱাই, বৰ গোসাঁনী দেখুৱায়। তলে তলে এইবোৰ কাম। ডাঙৰ মানুহৰ ঘৰৰ জীয়ৰীতো!"
মুকুলে শেষৰ কথাখিনি ধৰ্ম নাৰায়নলৈ চাই ক'লে। ৰাধাৰ কাণত সপোনে ক'লে,
"এইটো সিদিনা একেবাৰেই মৰি যোৱা হ'লেই ভাল আছিল।"
ৰাইজে ভালকৈয়ে বুজি পালে যে মুকুলে ৰাধাৰ প্ৰতিশোধ ভালকৈয়ে ল'লে। পিছে ৰাধাই নো কি কয় তালৈকে বাট চাই ৰ'ল। ধৰ্ম নাৰায়ণে এইবাৰ ৰাধাক সুধিলে,
"ৰাধা, কথাবোৰ সঁচা নে?"
ৰাধাই কিবা এটা ক'বলৈ নাপাওঁতেই ৰঞ্জন, সপোনহঁতে একেলগে কৈ উঠিল,
"মিছা, মিছা। হ'বই নোৱাৰে এইবোৰ। ই মুকুলে ৰাধাক ফচাবলৈহে..."
এইফালে তগৰৰ মাকে চিঞৰি উঠিল,
"ঔ আই, একে পালি পহৰীয়া লৈ আনিছে গোসাঁনীয়ে। ক'ত এতিয়া আমাৰ কথা ৰজিব। আমি সৰু মানুহৰ কথা কোনে শুনিব।"
ধৰ্ম নাৰায়ণ চকীৰ পৰা থিয় হৈ গলগলীয়া মাতেৰে ক'লে,
"মনে মনে থাকক ৰাইজ। ৰাধা, তোক কিবা এটা সুধিছো। কথাবোৰ সঁচা নে মিছা?"
এইবাৰ কাহ পৰি জীণ যোৱা পৰিৱেশ। ৰাধা লাহে লাহে সমুখলৈ আহিল। মূৰ থিয় কৰি ক'লে,
"সঁচা। তগৰৰ মিছা বদনামবোৰ ময়েই গাঁৱত উলিয়াইছোঁ।"
এইবাৰহে তগৰে ৰাধাৰ ফালে চালে, ৰাধাইও। দুয়োজনীৰ চকুৱে চকুৱে পৰিল। তগৰৰ চকুত কি আছিল ৰাধাই নাজানে। কিন্তু তাত ঘৃণা বা খং যে নাছিল সেয়া সঁচা। ৰাধাৰ কথা শেষ হোৱাৰ লগে লগে কুন্তলা আগুৱাই আহি ৰাধাৰ গালত প্ৰচণ্ড চৰ সোধাই দিলে। লগে লগে আনখন গালতো। ৰাধা থৰ হৈ থাকিল মাত্ৰ। মাৰি মাৰি মাকে ৰাধাক কৈ গৈছে,
"বাপেৰৰ লগতে তয়ো মৰি নগলি কিয়? কিয় মোৰ বুকুখনত জুই লগাবলৈ জীয়াই থাকিলি ঐ কুলক্ষিনী। তোৰ কাৰণেই বাপেৰ মৰিল। এতিয়া মোকো জ্বলাই জ্বলাই মাৰিছ।"
ৰাধাক স্কুলত থবলৈ যাওঁতে আততায়ীৰ হাতত ৰাধাৰ দেউতাকৰ মৃত্যু হোৱাৰ বাবে মাকে মাজে মাজে তাইকে ইয়াৰ বাবে দোষে। ৰাধাই একো কোৱা নাই। সহ্য কৰি গৈছে প্ৰতিটো আঘাত। এনেতে সাদৰী দৌৰি আহি কুন্তলাক আঁতৰাবলৈ চালে,
"বাইদেউ, অকণমান ধৈৰ্য ধৰক চোন। বাইদেউ ৰওক চোন।"
এইবাৰ সৰুকণ আগুৱাই আহি ৰাধাক টানি নিজৰ ফালে লৈ গ'ল। আৰু চিঞৰি উঠিল,
"বলিয়া হৈছে নেকি নবৌ? তাই কিয় এনেকুৱা কৰিলে সেয়া নোসোধে নেকি?"
লগে লগেই আকৌ হুলস্থুল এটাৰ সৃষ্টি হ'ল। কোনোবাই ক'লে ৰাধাক কিবা ক'বলৈ দিয়ক। কোনোবাই ক'লে তাইক গোবিন্দপুৰৰ পৰাই খেদি দিয়ক। সকলোৰে মাজত তগৰৰ মাকৰ টেংটেঙিয়া মাতটো বেছিকৈ ভাঁহি উঠিল।
এইবোৰৰ মাজতে এবাৰ কানাই গৈ বহি থকা তগৰৰ কাষ পালেগৈ। তাইৰ ওচৰ চাপি মাত দিলে সি,
"তই একো নকৱ তগৰ?"
শেঁতা চকুৰে মূৰ তুলি চালে তগৰে,
"মই?"
"অ তই, ৰাধাই কিয় এইবোৰ কৰিলে তই কি নাজান?"
তগৰে তলমূৰ কৰিলে আকৌ। কানায়ে আকৌ ক'লে,
"আজি মাত দে তগৰ। আজি যদি মাত নিদিয়, গোটেই জীৱনটো কথা নোকোৱাকৈয়ে পাৰ কৰিব লাগিব। সৌ ছোৱালীজনীয়ে তোৰ কাৰণেই জুইত জাঁপ দিছে গৈ। অন্যায় কৰা মানুহতকৈ অন্যায় সহি থকা মানুহবোৰ বেছি দোষী।"
তগৰে এবাৰ কানাই চালে। চকুৰ পৰা পানী এটোপাল বাগৰি পৰিল তাইৰ।
হঠাৎ সকলো হুলস্থুল নস্যাৎ কৰি ধৰ্ম নাৰায়ণ পুনৰ গৰজি উঠিল,
"মনে মনে থাকিলিহঁত নে?"
এইটো গোজৰণিত গোবিন্দপুৰৰ যেন প্ৰতিজোপা গছো ৰৈ যায়। গৰুৱে হেম্বেলিয়াবলৈ পাহৰি যায়। বতাহ স্তব্ধ হৈ যোৱাৰ দৰে ৰৈ গ'ল সকলো। ধৰ্ম নাৰায়ণে পুনৰ ক'লে,
"আৰু কাৰোবাৰ কিবা ক'বলৈ আছে নে? নহ'লে মই বিচাৰৰ ৰায় শুনাব পাৰো। মোৰ কথা সলনি নহয়। দোষীয়ে দোষ মানি লৈছে যেতিয়া....."
এনেতে তেনেই ক্ষীণ অথচ গহীন মাত এটা শুনা গ'ল,
"মোৰ ক'বলৈ আছে ককা।"
ৰাইজে লগে লগে মাতটোৰ ফালে চালে। মাতটো আছিল তগৰৰ। বহি থকা তগৰজনী লাহে লাহে থিয় হ'ল। গাৰ চাদৰৰ আচলটো ঠিক কৰি তাই আগলৈ আগবাঢ়িল। এনেতে মাকে আহি হাতত ধৰিলেহি,
"ঐ, একদম মনে মনে বহি থাক। নহ'লে ঘৰত গৈ..."
তগৰে লগে লগে মাকৰ হাতটো জোৰেৰে আঁতৰাই চিঞৰি উঠিল,
"নহ'লে কি কৰিবি বৌটি? গৰম পানী ঢালি দিবি? ফলা খৰিৰে কোবাবি? নে গাৰুৰে মুখত সোপা দিবি? ক বৌটি কেনেকৈ মাৰিবি?"
তগৰৰ মাক দুখোজ পিছুৱাই গ'ল। মুখেৰে টু শব্দ এটা নোলোৱা তগৰজনীৰ আজি কি হ'ল? তগৰে আকৌ চিঞৰিলে,
"নকৱ কিয়? বিয়া নহওঁ বুলি কওঁতে এইবোৰেই কৰা নাছিলি জানো তই?"
তগৰৰ মাকে তলমূৰ কৰিলে। ধৰ্ম নাৰায়ণ আগুৱাই আহি সুধিলে,
"কথাবোৰ খুলি কচোন মাজনী।"
তগৰে ৰাইজলৈ চাই লাহে লাহে কৈ গ'ল,
"মোৰ বিয়া হ'বলৈ অলপো মন নাই। মোৰ পঢ়িবলৈ মন। পিতাইৰো ইমান মন নাই। কিন্তু বৌটিয়ে জোৰকৈ বিয়া দিব ওলাইছে মোক। কাৰণ দৰা হেনো ধনী। বহুত টকা আছে। নহওঁ বুলি কওঁতে ঘৰত মাৰপিত। উপায় নাপাই এদিন ৰাধাক ক'লো গৈ। তাইও আহি বুজালে। তেও নুশুনিলে। এয়া চাওক ককা, সেইদিনা মোৰ বিয়া নভঙা হ'লে মই মিচিমি বিহ খাই মৰিলোহেতেন। আজিও লৈ ফুৰিছোঁ লগত।"
এইবুলি তগৰে চাদৰৰ আগত বান্ধি থোৱা গাঁঠিটো খুলি দেখুৱালে। সৰু চিচাৰৰ বটল এটা ওলাই পৰিল। ৰাইজৰ মুখৰ মাত নোহোৱা হ'ল। তগৰে কান্দি কান্দি ৰাধালৈ দেখুৱাই ক'লে,
"এই ৰাধাই এইবোৰ নকৰা হ'লে মই বিহ খাই মৰিলোহেতেন। মই বিয়া হ'ব নোৱাৰো এতিয়াই। টকা আছে বুলিয়েই মই...."
পিছৰখিনি ক'ব নোৱাৰিলে। কান্দোন ওলাই আহিল তগৰৰ। তগৰৰ মাক থিয়ৰ পৰা ঘপকৈ বহি পৰিল। গাঁৱৰ দুই এজনী বোৱাৰীয়ে তেওঁৰ ওচৰলৈ গৈ গায়ে মূৰে হাত ফুৰাই দিলে। এইবাৰ ধৰ্ম নাৰায়ণে ক'লে,
"শুনিলি নে তগৰৰ মাক, যিজনী ছোৱালীয়ে তোৰ জীয়েৰৰ মূৰ খালে বুলি ৰাউচি জুৰিছিলি, তাই নথকা হ'লে আজি তোৰ জীয়েৰৰ দহা কাজৰ যোগাৰ কৰিব লগা হ'লহেঁতেন।"
তগৰৰ দেউতাক আগবাঢ়ি আহিল ৰাধাৰ ওচৰলৈ। তাইৰ ওচৰত আঁঠু লৈ ফেঁকুৰি ফেঁকুৰি ক'লে,
"পাৰ যদি আমাক খেমিবি অ' গোসাঁনী। এজনীয়ে জী মোৰ। তাইৰ কিবা এটা হোৱা হ'লে..."
পিছৰকণ তেওঁ ক'ব নোৱাৰিলে। ডিঙিৰ গামোচাখনেৰে মুখখন মচি ধৰ্ম নাৰায়ণক ক'লে,
"আমি দুখীয়া মানুহ দেউতা। কোনোমতে দুবেলা খাই আছোঁ। ছোৱালী জনীৰ মগজটো ভাল বুলি জানো। কিন্তু কেনেকৈ পঢ়ুৱাম তাইক? সেই ভয়তে বিয়া দিব লৈছিলোঁ দেউতা।"
ধৰ্ম নাৰায়ণে সকলোৱে শুনাকৈ ক'লে,
"আজিৰ পৰা তগৰৰ পঢ়া শুনাৰ সকলো খৰছ মই দিম।"
অথনিৰে পৰা কথাবোৰ নিজে ভবাৰ দৰে নোহোৱাত বৈকুণ্ঠ চটফটাই আছিল। পিছে এতিয়া এইটো ঘোষণা শুনি ৰ'ব নোৱাৰি আগবাঢ়ি আহি ক'লে,
"এইবোৰ কি কৈছে দেউতা? স্নেহালয় কি ধৰ্মশালা নেকি ভিকহু পুহি থাকিবলৈ? টকা এনেয়ে অহা নাই নহয়।"
লগে লগেই সৰুকণে মাত দিলে,
"নেতাৰ ভৰি মালিচ কৰিবলৈ টকা খৰচ কৰাতকৈ এয়া বহুত ভাল কাম।"
বৈকুণ্ঠই ওলোটাই কিবা এষাৰ ক'বলৈ লওঁতেই ধৰ্ম নাৰায়ণে ক'লে,
"মোৰ টকাৰে মই ধৰম শালা খোলো, নৈত পেলাই দিওঁ, পুৰি পেলাওঁ মোৰ কথা। তাত মাত মাতিবলৈ নাহিবি। গুণাৰাম, তগৰৰ প্ৰতিমাহৰ পঢ়াৰ খৰছ মোৰ পৰা লৈ যাবি।"
কথাটো কৈ ধৰ্ম নাৰায়ণ তাৰ পৰা আঁতৰি আহিল। লাহে লাহে মানুহো ঘৰাঘৰি গ'ল। ৰাধা এবাৰ কান্দি থকা তগৰৰ ওচৰলৈ গ'ল। তাইৰ পৰা বিহৰ বটলটো লৈ দলিয়াই পেলালে। তাৰ পাছত ক'লে,
"আজিৰ পৰা যদি এইবোৰ কৰ, কোবাই কোবাই হাড় ভাঙি দিম।"
তগৰে সাৱটি ধৰিলে তাইক। তাৰ পাছত লাহে লাহে ঘৰলৈ খোজ ল'লে। শেষত বৰগছ জোপাৰ তলত ৰৈ গ'ল ৰাধা আৰু কানাই। সময় লাহে লাহে সন্ধিয়াই হ'ল। ৰাধাই একো নকৈ বহি আছে মাত্ৰ। কানায়ে এবাৰত থিয় হৈ ক'লে,
"ঘৰলৈ যাওঁ ব'ল ৰাধা।"
ৰাধাই কঁপা কঁপা মাতেৰে ক'লে,
"দেউতাক কোনোবাই গুলী মাৰিব বুলি আগতেই জনা হ'লে মই নিজেই আগত ৰৈ বুকু পাতি দিলোহেঁতেন অ' কানাই।"
কানাইৰ চকুৰে পানী বৈ আহিল। ৰাধাৰ কষ্টখিনি সি বুজি পাইছে। কাৰো প্ৰতি একো অভিযোগ নাই তাইৰ। কিন্তু মাকৰ কথাখিনিয়ে যে তাইৰ বুকু ভেদি গৈছে সি বুজি পায়। চকুপানী মোহাৰি ৰাধাৰ হাতত হাতখন থৈ সি ক'লে,
"খঙত মানুহৰ কথা লাগ বান্ধ থাকে জানো? তয়েই চোন যা তা কৈ দিয়। মন বেয়া নকৰিবি। নিজৰ মায়েহে কৈছে।"
"সেইবাবেইতো বেছি কষ্ট হৈছে। মা যে! মায়েই নুবুজিলে বেলেগে ক'ত বুজিব।"
কথাটো কৈ লাহে লাহে ঘৰৰ ফালে খোজ ল'লে ৰাধাই, লগতে কানাইও।
নুবুজে, মানুহবোৰে কেতিয়াও নুবুজে। এই যে খুব বেয়াকৈ এষাৰ কথা কৈ সমুখৰজনৰ বুকুখন শালি দিওঁ আমি, তেওঁক নিশ্চুপ কৰি নিজক জয়ী বুলি ভাবি লওঁ আমি, আচলতে ক'ৰবাত পৰাজয়হে সেয়া আমাৰ। আমাৰ কথা শুনি আমাৰ শব্দ শুনি সমুখৰ জন মাতিব নোৱাৰাকৈ ৰৈ গৈছে, আমাৰ কথাই সমুখৰ জনক চকুপানী বোৱাই দিছে, সেয়া কেনেকৈ বিজয় হ'ব পাৰে। নোৱাৰে, কেতিয়াও নোৱাৰে। মানুহক আঘাত দি কোনো মানুহ কেতিয়াও জিকিব নোৱাৰে। কষ্টবোৰ তেতিয়াই বেছি হয়, যেতিয়া কষ্ট দিয়াজন আমাৰ আপোন হয়। ৰাধাৰ কষ্ট চাগে সেইবাবেই বেছি।
ৰাধাহঁত যোৱালৈ সন্ধিয়া হৈছিল। নামঘৰৰ বাকৰিৰ সন্ধিয়াটোৰো মনটো যেন বিষাদেৰে ভৰি পৰিছিল। নিজান নিতাল নামঘৰটোত নামঘৰীয়াই ডবাত কোব মাৰিছিল। ধূনাৰ ধোঁৱাৰ লগতে গোন্ধ এটাও বিয়পি পৰিছিল। লগতে ভাহি আহিছিল প্ৰাৰ্থনাৰ সুৰ,
"কৃষ্ণ এক দেৱ দুখহাৰী
কাল মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ...."
(আগলৈ)
পাৰিলে খণ্ডবোৰ অলপ সোনকালে দিবচোন।
ReplyDeleteকিছুমান পৰিস্থিতিৰ সৈতে জীৱনেও মোকাবিলা কৰে....ভাল লাগে।
ReplyDeleteভাললাগিল কৌশিক
ReplyDelete