Posts

Showing posts from June, 2025

ৰাধা : ৪৫

 #ৰাধা Part 45 কি দিয়ে প্ৰতিশোধে? তৃপ্তি হয়তো দিয়ে, কিন্তু প্ৰাপ্তি দিব পাৰে নে? সুখ হয়তো দিয়ে, কিন্তু শান্তি দিব পাৰে নে? কোন শান্তিত আছিল প্ৰতিশোধ লৈ? ৰাৱণক বধ কৰাৰ পাছত ৰামসীতাৰ শান্তি হৈছিল নে? কুৰুক্ষেত্ৰৰ পাছত দ্ৰৌপদীৰ শান্তি হৈছিল জানো? এতিয়া সময় মাজনিশা। কথাবোৰ মনলৈ পাক ঘুৰণি খাই আহি আছে ৰাধাৰ। হয়, বৈকুণ্ঠক হত্যা কৰাৰ বাবে ৰক্ষা পৰিল স্নেহালয়। ৰক্ষা পৰিল গোবিন্দপুৰ। কিন্তু ঘূৰি আহিল জানো ৰাধাৰ শৰৎ? সাদৰী খুৰীয়ে ঘূৰাই পালে জানো দেহমন ঢুলীয়াক? ঘূৰি আহিব জানো ভাগৱত নাইবা ভানুমতী? স্বাভাৱিক হ'ব জানো সৰুকণৰ জীৱন? তেন্তে! উফ, কথাবোৰ ভাবিলেই যেন আঁত হেৰায়। ভাত কেইটা খাই বিচনাত পৰাৰ পাছতে তাইৰ পেটটো কিবা এটা কৰি আহিছিল। দুবাৰকৈ শৌচো হৈছে। কঁকাল আৰু পিঠিখন মাজে মাজে কিবা হান মাৰি ধৰাদি ধৰিছে। থিয় হ'লেই মূৰটো যেন ঘূৰাই। আজি প্ৰথম বাৰলৈ ৰাধাৰ ভয় লাগিছে। পেটটো খামুচি ধৰিছে। চকুপানী ওলাইছে। এই সন্তানটিৰ প্ৰতি কিমান যে অন্যায় কৰিলে তাই! শৰতৰ মৃত্যুৰ পাছতে ডাক্তৰৰ ওচৰলৈ যাবলৈ এৰিলে। পাছলৈ সাদৰীয়ে জোৰ কৰি কেতিয়াবা নিছিল যদিও ঔষধবোৰ অনিয়মীয়া। যদি কেঁচুৱাকণৰ কিবা এটা হয় তাই কেনেকৈ সহ্য ক...