ৰাধা : ৪৫
#ৰাধা
Part 45
কি দিয়ে প্ৰতিশোধে? তৃপ্তি হয়তো দিয়ে, কিন্তু প্ৰাপ্তি দিব পাৰে নে? সুখ হয়তো দিয়ে, কিন্তু শান্তি দিব পাৰে নে? কোন শান্তিত আছিল প্ৰতিশোধ লৈ? ৰাৱণক বধ কৰাৰ পাছত ৰামসীতাৰ শান্তি হৈছিল নে? কুৰুক্ষেত্ৰৰ পাছত দ্ৰৌপদীৰ শান্তি হৈছিল জানো? এতিয়া সময় মাজনিশা। কথাবোৰ মনলৈ পাক ঘুৰণি খাই আহি আছে ৰাধাৰ। হয়, বৈকুণ্ঠক হত্যা কৰাৰ বাবে ৰক্ষা পৰিল স্নেহালয়। ৰক্ষা পৰিল গোবিন্দপুৰ। কিন্তু ঘূৰি আহিল জানো ৰাধাৰ শৰৎ? সাদৰী খুৰীয়ে ঘূৰাই পালে জানো দেহমন ঢুলীয়াক? ঘূৰি আহিব জানো ভাগৱত নাইবা ভানুমতী? স্বাভাৱিক হ'ব জানো সৰুকণৰ জীৱন? তেন্তে! উফ, কথাবোৰ ভাবিলেই যেন আঁত হেৰায়। ভাত কেইটা খাই বিচনাত পৰাৰ পাছতে তাইৰ পেটটো কিবা এটা কৰি আহিছিল। দুবাৰকৈ শৌচো হৈছে। কঁকাল আৰু পিঠিখন মাজে মাজে কিবা হান মাৰি ধৰাদি ধৰিছে। থিয় হ'লেই মূৰটো যেন ঘূৰাই। আজি প্ৰথম বাৰলৈ ৰাধাৰ ভয় লাগিছে। পেটটো খামুচি ধৰিছে। চকুপানী ওলাইছে। এই সন্তানটিৰ প্ৰতি কিমান যে অন্যায় কৰিলে তাই! শৰতৰ মৃত্যুৰ পাছতে ডাক্তৰৰ ওচৰলৈ যাবলৈ এৰিলে। পাছলৈ সাদৰীয়ে জোৰ কৰি কেতিয়াবা নিছিল যদিও ঔষধবোৰ অনিয়মীয়া। যদি কেঁচুৱাকণৰ কিবা এটা হয় তাই কেনেকৈ সহ্য কৰিব!
"মোৰ কিবা পাপৰ শাস্তি মোৰ কেঁচুৱাটোক নিদিবা গোঁসাই। মোৰ আয়ুসখিনি তুমি সেই কেঁচুৱাকণকেই দিবা।"
ৰাধাই বিৰবিৰাই কয়। তেনেতে বাহিৰত দুৱাৰত এটা শব্দ। কোন আহিছে এই মাজনিশা! ৰাধাই উঠিবৰ চেষ্টা কৰে। শব্দটো আকৌ আহে। থিয় হওঁতেই ৰাধাই গম পাই, এটা পানীৰ ধাৰা তাইৰ মেখেলাৰ মাজেৰে যেন বৈ আহিছে। লগতে এটা হাড় ভঙাৰ দৰে প্ৰচণ্ড বিষ। আটাহ পাৰি চিঞৰ এটা মাৰিব লৈছিল ৰাধাই, ঠিক তেনেকুৱাতে এটা মাতে ৰখাই দিলে তাইক। দুৱাৰৰ সিপাৰৰ পৰা ভাঁহি আহিছিল এটা মাত,
"ৰাধা ঐ....!!"
মুহূৰ্ততে যেন নোহোৱা হৈছে সকলো যন্ত্ৰণা। ৰৈ গৈছে পৃথিৱী, ৰৈ গৈছে বিষবোৰ। চকুত বিৰিঙি উঠিছে হাঁহিভৰা শৈশৱ আৰু এটা বাঁহীৰ সুৰ। কানাই; এৰা উভতি আহিছে কানাই। এয়া সঁচা নে, নে সপোন! ৰাধাই অ'ত ত'ত ধৰি ধৰি ওলাই আহিছে। তাইৰ লগতে পানীৰ সোঁত এটাও পিছে পিছে গৈছে যেন। দুৱাৰৰ খিলিটো সোলকাই দি তাই বেৰত আউজি ৰ'ল। কানাই সোমাই আহি স্তব্ধ হৈ গ'ল। উফন্দি থকা পেটটোৰে চুলি মেলি বাউলী হৈ চকুপানীৰে গাল তিয়াই কোন এইজনী অভাগিনী! এয়া যে ৰাধা নহয়! বগা সাজ পিন্ধা নাৰী গৰাকীৰ মাজত ৰাধাক বিচাৰি থাকোতেই সি উপলব্ধি কৰিলে ৰাধাৰ প্ৰসৱ যন্ত্ৰণা আৰম্ভ হৈছে। তাই লাহে লাহে বেৰত চুচৰি বহি পৰিছে। কিবা ক'বলৈ লৈও ক'ব পৰা নাই তাই। মুখেৰে কিছুমান গেঙনিহে ওলাই আহিছে। সি লাহে লাহে ধৰি ধৰি ভিতৰলৈ নি শোৱাই দিলে বিচনাত। যন্ত্ৰণাত চটফটাই উঠিছে ৰাধাই। পাকঘৰলৈ গৈ পানী অকণ গৰম কৰি আনি কাপোৰ এখনেৰে সেক দিলে তাইৰ পিঠিত, পেটত। তাৰ পাছত তাইক তাতেই শোৱাই থৈ বাহিৰত চাইকেলখন লৈ ঘোঁৰা দৌৰ দিলে স্নেহালয়লৈ। অলপ পাছতে সাদৰীক লৈ উভতি আহিল সি। সাদৰীক ৰাধাৰ ওচৰত থৈ সি ওলাই আহিল। প্ৰথমেই সপোনৰ ঘৰৰ দুৱাৰত টুকুৰিয়ালে সি। সপোন ওলাই অহাত ৰাধাৰ কথাটো কৈ কিবা এটা সহায়ৰ বাবে লগ ধৰিলে। উত্তৰত সপোনে ক'লে,
"মই নোৱাৰিম কানাই, বেয়া নাপাবি। দেউতাহঁতেও তাইৰ লগত কিবা সম্পৰ্ক ৰখাটো বেয়া পায়।"
আচৰিত হৈছিল কানাই। কি শুনিছে এয়া সি! একেই উত্তৰ আহিল ৰঞ্জনৰ পৰা। এইবাৰ গাঁৱৰে বসন্তৰ ঘৰলৈ গ'ল সি। বসন্তৰ গাড়ী এখন আছে। তাতেই ৰাধাক ডাক্তৰৰ ওচৰলৈ নিব পৰা যাব। কিন্তু বসন্তই ক'লে,
"মোৰ গাড়ীত বেমাৰী উঠাব নোৱাৰিম দেই। তাতে চুৱা লগা। গাড়ীতে কিবা হওক অশৌচ লাগিব।"
পাগলৰ দৰে হৈছিল কানাই। কি হৈ গ'ল গোবিন্দপুৰৰ! অথনি সাদৰীয়ে তাক বহু কথাই ক'লে। কিদৰে মনোহৰা আৰু বৈকুণ্ঠৰ মৃত্যু হ'ল সেয়াও। কিন্তু মানুহবোৰ যে অমানুহ হৈ গ'ল সেয়াটো কোৱা নাছিল! সেই ছোৱালীজনীৰ এই গতি হ'ল একমাত্ৰ এই গাঁওখনৰ কথা চিন্তা কৰি। আজি ইয়াত এটা মানুহ নোলাল তাইৰ এই বিপদত। সি এটা এটা ঘৰত গৈ সুধিছিল। উত্তৰবোৰ আহিছিল,
"সেইজনী কুলক্ষিণী। গোটেই ঘৰখন চোবাই খালে। নোৱাৰিম দেই যাব।"
"ঔ আই! একো কথাত তলেই নপৰে চোন গাওঁবুঢ়াৰ নাতিনীয়েক। এতিয়া কিয় মানুহ লাগে।"
"তাই কেঁচুৱাৰো মূৰ খাব। ডাক্তৰৰ তালৈ নি লাভ নাই।"
কানাইৰ যেন এফালৰ পৰা সকলোকে কোবাই যাবলৈ মন গৈছিল। অৱশেষত যেনিবা স্বাস্থ্যকেন্দ্ৰৰ নাৰ্ছ গৰাকী যাবলৈ সাজু হ'ল। দৌৰা দৌৰিকৈ আহিয়েই তেওঁ ভিতৰলৈ গৈছিল। সাদৰী আছিলেই তাত। কানাই বাহিৰতে ৰ'ল। বহু সময় পাৰ হ'ল। পূৱ আকাশত বেলি ওলাও ওলাও। তেনেতে ভিতৰৰ পৰা ভাঁহি আহিল টেৱা টেৱা মাত, কেঁচুৱাৰ কান্দোন। সাদৰীয়ে ওলাই আহি তাক ক'লে, "ৰাধাৰ ছোৱালী এজনী হৈছে।"
কানায়ে কান্দি পেলালে। অলপ পাছত কোলাত এপাহ কপাহ ফুল হেন কেঁচুৱা এটা লৈ নাৰ্ছ গৰাকী ওলাই আহিল। কানায়ে কঁপা কঁপা হাতেৰে চুই চালে। সাদৰীয়ে কোলাত লৈ হাতৰ মুঠিত লৈ অনা সোণৰ ছেইন এডাল ছোৱালীজনীক আৱৰি থোৱা কাপোৰৰ ওপৰতে দি দিলে। নাৰ্ছ গৰাকীয়ে ক'লে,
"ৰাধাৰ অৱস্থা একেবাৰেই বেয়া। তেজ ৰখাই নাই। এতিয়া আৰু ডাক্তৰৰ ওচৰলৈ নিয়াৰ সময়ো পাৰ হৈ গৈছে। তোমালোকে পাৰিলে কেঁচুৱাকণক মাকৰ গাখীৰ অকণ খুৱাবলৈ দিয়া। ৰাধাই নিজেও জানিছে কথাবোৰ। বেছি সময় নাই, মানুহক খবৰ দিয়া।"
আকাশখন যেন ভাঙি পৰিছিল কানাইৰ মূৰত। ৰাধা যাব গৈ! নাই নাই, এনে হ'বলৈ কেনেকৈ দিব সি! একে দৌৰে তাইৰ ওচৰ পালেগৈ সি। ওচৰতে বহি কান্দি কান্দি সি তাইৰ হাতখনত সাৱটি ধৰিলে। ৰাধাই সেহাই সেহাই ক'লে,
"নাকান্দিবি অ' কানাই। মোৰ এনেও জীয়াই থকাৰ অধিকাৰ নাই। তই মোৰ ছোৱালীজনীক চাবি দেই।"
কানায়ে কান্দিয়েই থাকিল। সাদৰীয়ে কেঁচুৱাটো আনি ৰাধাৰ কাষতে শোৱাই দিলে। কানাই আঁতৰি দিলে। ৰাধাই গাখীৰ অকণ খুৱালে ছোৱালীজনীক। তাৰ পাছত সাদৰীক ক'লে,
"খুৰী, আপুনিও ইয়াৰ পৰা ক'ৰবালৈ যাওক গৈ। তাইকো ভালকৈ ৰাখিব। গোবিন্দপুৰৰ কথাবোৰ, আমাৰ পৰিয়ালৰ কথাবোৰ ইয়াতেই এৰি যাওক। এইবোৰ আৰু ক'তো কেতিয়াও নুলিয়াব।"
সাদৰীয়ে উচুপি উচুপি কেঁচুৱাটো লৈ সিটো কোঠালৈ গ'ল। কানাই আহি ৰাধাৰ ওচৰত বহিল। ৰাধাই লাহে লাহে ক'লে,
"আহচোন, মোৰ মূৰত হাতটো ফুৰাই দে। আজি কোনো নাই অ' মোৰ লগত কানাই।"
কানায়ে হাতটো ফুৰাই দিলে তাইৰ মূৰত। ৰাধাৰ চকুপানী বৈ আহিছিল। সিটো কোঠাত সাদৰীয়ে কেঁচুৱা নিচুকাই আছে,
"শ্যামকানু দূৰৈ হৈ নাযাবা
সোণৰ বংশী গঢ়াই দিম ঘৰতে বজাবা"
ৰাধাই কানাইৰ হাতখন নিজৰ মাজলৈ টানি আনিলে,
"কানাই...."
"ক ৰাধা"
"অহা জনমতো আমি লগ পাম। পাম নে?"
কানায়ে শব্দ কৰি কান্দি উঠিল। কান্দি কান্দিয়েই সি ক'লে,
"যা গৈ ৰাধা। এদিন এই পৃথিৱীখনে ভালপোৱাৰ কাৰণে কান্দিব চাবি। ধন টকা ক্ষমতা চব থাকিব, কিন্তু ভালপোৱা নাথাকিব।"
"কানাই...."
"ৰাধা..."
লাহে লাহে জাপ খাই আহিছে ৰাধাৰ চকু। আধামেলা চকুৰে ৰাধাই ক'লে,
"তুলীখনৰ তলতে তোৰ বাঁহীটো আছে। মোক এবাৰ বজাই শুনাবি নে?"
কানায়ে বাঁহীটো উলিয়াই আনিলে। কিন্তু বাৰে বাৰে চেষ্টা কৰিও সি বাঁহীটোত সুৰ দিব নোৱাৰিলে। চকুপানীৰে তিতি গৈছে গোটেই বাঁহীটো। ৰাধাৰ চকু লাহে লাহে জাপ খালে। সেয়া সেয়া ভানুমতী আই আহিছে,
"আইজনী, যাওঁ গৈ ব'ল। এইখন অসুৰৰ ঠাই।"
সৌৱা তাইৰ দেউতাক ভাগৱত চৌধুৰী চোন,
"আইমানু, এতিয়াৰ পৰা আমি একেলগে থাকিম দেই।"
আৰু আৰু সেয়া যে...
"মোক পাহৰি গ'লা ন মা?"
সেয়া যে শৰৎ! ৰাধাৰ বুকুৰ শৰৎ। সৌৱা লাহে লাহে আগুৱাই আহিছে শৰৎ। বগা সাজেৰে তাইৰ কাষলৈ আহি তাইৰ হাতত ধৰিছে,
"ব'লা ৰাধা।"
ৰাধাই হাতত ধৰিছে শৰতৰ। হাঁহি এটা বিয়পি পৰিছে তাইৰ মুখত। আজি প্ৰাপ্তি, আজি মিলনৰ ঋতু। লাহে লাহে ৰাধাই খোজ লৈছে পোহৰৰ দিশলৈ। কাষত তাইৰ প্ৰিয়জন। হাঁহি হাঁহি আগুৱাই গৈছে পৃথিৱীৰ সিপাৰে এখন নতুন পৃথিৱীলৈ।
"ৰাধা........"
কানাইৰ টেঁটুফলা চিঞৰত সাদৰী দৌৰি আহিল। কান্দি কান্দি কেঁচুৱাজনীক কোলাত লৈয়েই সাদৰী বহি পৰিল। শেষ! ইয়াতেই সকলো শেষ। গোবিন্দপুৰৰ আলাসৰ লাড়ু, স্নেহালয়ৰ প্ৰাণ, ধৰ্ম নাৰায়ণৰ বুকুৰ টুকুৰা, চৌধুৰী পৰিয়ালৰ ৰাজকন্যা ৰাধা গুচি গ'ল একেবাৰে নেদেখা বাটেৰে। কান্দি কান্দি লেবেজান হৈ গৈছে কানাই। লাহে লাহে মানুহেৰে ভৰি পৰিল চোতাল। গোবিন্দপুৰৰ আকাশ বতাহ কঁপাই যোৱা খবৰ, "ৰাধা ঢুকাল"
পদূলিত ৰৈ একেথৰে ৰাধাৰ নিথৰ দেহটোলৈ চাই ৰৈ থাকিল সপোন আৰু ৰঞ্জন। জপৰা চুলিৰে ৰাধাৰ দেহটোৰ কাষত বহি থকা কানাইক দেখি সাহ নকৰিলে কাষলৈ আহিবলৈ। অৰুণ ছাৰে কপাল থপৰিয়াই কান্দিছে,
"তাই গুচি গ'ল অ', অকল গাঁওখনৰ বাবেই লাগি লাগি তাই গ'ল গৈ। কোনেও বুজি নাপালে তাইক।"
কেইদিনমানৰ আগতে বিয়া ঠিক হোৱা তগৰেও ফেঁকুৰি থাকিল। প্ৰেমলতা, কণমাই সকলোৱে মুখত কাপোৰ দি কান্দিছে। কানায়ে সকলোলৈ চালে। পৰা হ'লে চকুৰে জুই বৰষি যেন পুৰি পেলালেহেঁতেন সকলোকে। এবাৰত তাই ৰাধাৰ মূৰত হাতটো ফুৰাই কপালত চুমা এটা খাই ক'লে,
"আমি কেতিয়াবা ক'ৰবাত আকৌ লগ পাম গৈ দেই ৰাধা। মইও সোনকালেই গৈ আছোঁ।"
চাৰিখন কান্ধৰ সাঙীত উঠি ৰাধা গৈ থাকিল লখিমীৰ বিশেষ পাৰটোলৈ।
এয়া লখিমীৰ শ্মশান ঘাট। চিতাখন এতিয়াই জ্বলি আছে উমি উমিকৈ। মানুহবোৰ নাই এতিয়া। ৰৈ আছে কানাই। হাতটো এতিয়াও কঁপি আছে তাৰ। এইখন হাতেৰেই কেনেকৈ জ্বলাইছিল সি তাৰ প্ৰাণৰ ৰাধাৰ চিতা। কান্দি কান্দিও যেন চকুপানী শেষ হৈছে। কঁকালৰ খুচনিৰ পৰা সি উলিয়ালে তাৰ বাঁহীটো। লাহে লাহে সি তুলি গ'ল বাঁহীত সুৰ,
"পৰ জনমৰ শুভলগনত যদিহে আমাৰ হয় দেখা,
পূৰাবা নে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা...."
(আগলৈ)
💗🥺
ReplyDeleteNext part please ❤️
ReplyDelete