ৰাধা : ৪৬
#ৰাধা Part 46 কাহিনীয়ে কি দিয়ে মানুহক? নিয়েই বা কি মানুহৰ পৰা? প্ৰতিটো কাহিনীয়ে মানুহৰ মাজত নিজক থৈ যায়। কাহিনীটো শেষ হোৱাৰ পাছতো মানুহ ঘূৰি থাকে সেই কাহিনীটোৰ চৌপাশে। "অসীমত যাৰ হেৰাল সীমা" পঢ়ি কমল নগৰত ঘুৰ্মুটিয়াই ফুৰা প্ৰজন্মৰ সন্ধ্যাৰ বাবে ৰাধাৰ অন্তিম দশা সহ্য কৰা খুব কঠিন হৈছিল। বাস্তৱক লৈ উপন্যাস লিখিলেও কোনোবা ক্ষেত্ৰত উপন্যাস বাস্তৱৰ পৰা এক পলায়নো হয়। হয়তো বাস্তৱত নোপোৱা বা পাবলৈ থাকি যোৱা বহু বস্তু আমি উপন্যাসত পাওঁ। উপন্যাসৰ চৰিত্ৰৰ মাজত আমি নিজকে চাওঁ, কাহিনীবোৰত নিজকে সজাও। বাস্তৱৰ লগত যুঁজিবলৈ আমি তেনেদৰেই সাহস গোটাও। উপন্যাস ভাল পোৱা মানুহবোৰে সেইবাবেই বাস্তৱৰ পৃথিৱী অলপ কষ্ট পাই চাগে! কল্পনাৰ পৰা বাস্তৱলৈ ঘূৰি অহাৰ মূল্য ভৰিব লগা হয় বাৰে বাৰে। ৰাধাৰ কাহিনীটোত নিজক নিমজ্জিত কৰি পোৱা সুখানুভূতিখিনি এই শেষৰ ফালে যেন অবৰ্ণনীয় যন্ত্ৰণালৈ সলনি হৈছিল সন্ধ্যাৰ। ৰাধাৰ প্ৰসৱ যন্ত্ৰণা আৰু শেষত তাইৰ কৰুণ মৃত্যুৱে সন্ধ্যাক যেন ৰূঢ় বাস্তৱৰ পৰিচয়হে দি গ'ল। এৰা, কাহিনীৰ দৰে কেতিয়াও নহয় কথাবোৰ। আনৰ কথা ভবা মানুহবোৰ শেষত চাগে এইদৰেই অকলশৰীয়া হয়। কিতাপখনৰ শেষত আৰু অলপ আছে য...