Posts

ৰাধা : ৪৪

 #ৰাধা Part 44 এতিয়া পুৱতি নিশা। অমাৱস্যাৰ বাবে আকাশত জোনটো নাই যদিও বেলি আহিবৰ উমান পাই আকাশে ৰং এছাটি ছটিয়াই লৈছে যেন। বাহিৰত চেঁচা বতাহ এজাক বলি আছে। গোহালিৰ গাইবোৰেও এঙামুৰি লৈছে। অলপ পাছত গোটেই গাওঁখনেই সাৰ পাই উঠিব। গায়ে মূৰে এৰীয়া চাদৰ এখন মেৰিয়াই অকলশৰে লখিমীৰ পাৰলৈ বুলি খোজ লৈছে চুপহিয়ে। এইখিনি সময়ত কোনোবা গাভৰুক এনেকৈ দেখিলে গঞা ৰাইজে কি কথা উলিয়াব পাৰে তাই জানে। সেইবাবেই মাত্ৰ চকুকেইটাহে উলিয়াই লৈছে তাই। এবাৰ নাহো বুলি ভাবিছিল তাই, আধা হোৱা কাহিনী এটা আকৌ এবাৰ পঢ়িবলৈ ইচ্ছা নাছিল। কিন্তু শেষত ভাবিলে কাহিনীটো একেবাৰে শেষ কৰি অহাই যাওক। দুদিন আগতেই ফেৰীৱালা এটাই পদূলিমুখতে বিৰবিৰাই কৈছিলহি, "অমানিশাৰ শেষ ৰাতি সৰুকণ লখিমীৰ পাৰতে ৰৈ থাকিব, পোহৰ হোৱালৈকে।" অৱশেষত চুপহি আহিল। নাই, কিবা সেন্দূৰীয়া সপোন দেখি নহয়। চুপহি আহিছে তাইৰ বুকুত এতিয়াও উম লৈ থকা আশাকণত একেবাৰে নিঃশেষ কৰি পেলাবলৈ। এৰা, একো আশা নাই বুলি কৈ দিয়া মানুহবোৰে নিজেও নাজানে বুকুৰ কোনোবা কোণত যে আশাৰ ফুল এপাহে উশাহ লৈ থাকে, সংগোপনে। লখিমীৰ পাৰ পাই খোজ ধীৰ হ'ল চুপহিৰ। সৌৱা সৰুকণ, তাইৰ হেঁপাহৰ মানুহজন। হাতত ...

ৰাধা : ৪৩

 ৰাধা Part 43 প্ৰতিশোধৰ অৰ্থ হেনো হাতত জ্বলি থকা অঙঠা লৈ প্ৰতিপক্ষক আঘাত কৰাৰ দৰেই। সন্মুখৰজন জ্বলাৰ লগতে নিজৰো হাতখন জ্বলিব। অত্যাচাৰী বৈকুণ্ঠক ৰাধাই নৃশংসতাৰে হত্যা কৰিলে সঁচা, কিন্তু ই জানো ৰাধাক সুখ দিব পাৰিব! আপোন মানুহৰ তেজৰ নৈ বোৱাই কোন নো সুখী হ'ব পাৰিছিল! কুৰুক্ষেত্ৰত জিকিও পঞ্চ পাণ্ডৱ সুখী আছিল নে!  কিতাপখন পিছৰকণ একে লেথাৰিয়ে পঢ়িবলৈ সাহস কৰিব নোৱাৰি জপাই থ'লে সন্ধ্যাই। ঘন ঘনকৈ উশাহ লৈ পানীৰে মুখখন ধুই পেলালে। ময়ূৰৰ মুখখন মনলৈ আহিছে তাইৰ। তলসৰা বকুল, ম'ৰা চৰাইৰ পাখি, হেডফোনত জুবিন গাৰ্গৰ গানৰ মাজতে ব্যস্ত থকা আলফুল ল'ৰাটোৰ মাজত এনে জিঘাংসাৰ কাহিনী সোমাই আছিল বুলি সন্ধ্যাহঁতে সপোনতো ভবা নাছিল। আচলতে সেই কষ্টকৰ সময়বোৰেই তাক একেবাৰে উদাসীন কৰি পেলাইছিল গোটেই পৃথিৱীখনৰ প্ৰতি। কথাবোৰ পাগুলি থাকোতেই সন্ধ্যাই দেখিলে অনুৰণে আনি থৈ যোৱা ছোৱালীজনীয়ে দুৱাৰমুখতে চুচুক চামাককৈ ৰৈ আছে। সন্ধ্যাৰ নিজকে খুব স্বাৰ্থপৰ যেন লাগিল। কেনেকুৱা ভয়ংকৰ পৰিস্থিতি এটাৰ পৰা ছোৱালীজনী আহিছে আৰু সন্ধ্যাই তাইক খোৱাবোৱা খিনি দিয়েই যেন দায়িত্ব সামৰিছে। কিতাপখন থৈ সন্ধ্যাই ছোৱালীজনীক কোলাত তুলি ...

ৰাধা : ৪২

 #ৰাধা Part 42 প্ৰত্যাঘাতৰ মাত্ৰা সদায় আঘাততকৈ দুগুণ বেছি হয়। আঘাত কৰাজনৰ বিপদ সেয়ে বেছি। কাৰণ কেনেবাকৈ যদি সেই আঘাতৰ উত্তৰ আহে, ই সহ্যাতীত হৈ আহে।  এতিয়া ৰাতি দুই বাজিছে। সন্ধ্যা শুবলৈ লৈও চকুত টোপনি অহা নাই। কিহে সলনি কৰে মানুহক! সময়ে, পৰিস্থিতিয়ে, ক্ষমতাই নে আপোন মানুহৰ প্ৰতাৰণাই! ৰাধাখনৰ প্ৰথম খণ্ডতে সেই দামুৰী এটা লখিমীত পৰোঁতেই হাইস্কুলত পঢ়ি থকা ৰাধাই পানীত জঁপিয়াই উদ্ধাৰ কৰিছিল। আৰু সেই একেজনী ৰাধাই সৰুৰে পৰা পোৱা আইতাকক বিহ খোৱাই অত্যাচাৰ কৰি মাৰি পেলালে। সন্ধ্যাই বুজি নাপাই ইয়াত দোষ কাক দিয়া যায়! আইন হাতত তুলি লোৱাৰ বাবে ৰাধাক দোষ দিব পৰা যায় নে! আইনে ৰাধাক ন্যায় দিব পাৰিলে হয় জানো! গৰ্ভত সন্তান লৈও এনে নৃশংস হত্যাকাণ্ড কৰিবলৈ কিমান বেছি আঘাত পাব লাগিব মানুহে! নাই, আচলতে এই যে যুক্তিবোৰ, বৌদ্ধিকতাৰ জ্ঞানবোৰ সেইবোৰ আনৰ লগত হ'লেহে কোৱা যায়। যেতিয়া নিজৰ লগত নিজৰ ঘৰত হয় তেতিয়া এইবোৰ যুক্তি ধোঁৱা হৈ উৰি যায়। তেতিয়া এটাই লক্ষ্য আহে, প্ৰতিশোধ। ৰাধাৰ ক্ষেত্ৰতো সেয়াই হৈছিল। দুঘণ্টাৰ পাছত অনুৰণ ওলাই যাব। সন্ধ্যা বিচনাত পৰিল। চকু জাপ খালে কি নাখালে, তাই সাৰ পালেই। চকু মেলিয়েই দে...

ৰাধা : ৪১

 #ৰাধা Part 41 কোনোবা মানুহে কষ্ট সহ্য কৰিব পৰাৰ অৰ্থ এইটো নেকি যে তেওঁ পৃথিৱীৰ সকলো কষ্টৰ যোগ্য! কোনোবাই নিজক বাৰে বাৰে গঢ়ি তুলিব পৰাৰ অৰ্থ এইটো নেকি যে তেওঁক সময়ে অকল ভাঙিয়েই থাকিব! কোনোবা মানসিক ভাৱে শক্তিশালী হোৱাৰ অৰ্থ এইটো নেকি যে তেওঁ অকল যন্ত্ৰণা পোৱাৰহে যোগ্য! আচলতে মানুহে যিটো বস্তুকেই অন্তৰৰ গভীৰতাৰে বিচাৰে, সেই বস্তুটোকেই আজুৰি কাঢ়ি লৈ যোৱাটো চাগে সময়ৰ নিয়মেই। ৰাধাৰ লগতো যেন এনেকুৱাই হৈছিল। হয়, ৰাধা খুব সাহসী খুব শক্তিশালী! কিন্তু তাৰ অৰ্থ এইটোতো নহয় যে তাই অকল বুকু ভঙা কষ্ট পোৱাৰেই যোগ্য! সাহসী মানুহবোৰকো কেতিয়াবা সাহস লাগে, শক্তিশালী হ'লেও কেতিয়াবা শক্তি লাগে! যিমান অকলে থাকিব পাৰিলেও মানুহক কেতিয়াবা মানুহ লাগে! এষাৰ মাত লাগে! সময়ে ৰাধাৰ পৰা এই সকলোৱেই কাঢ়ি লৈ গ'ল। উফ! সঁচাই থাকে নে ঈশ্বৰ!  কথাবোৰ ভাবি ভাবি বিচনাত বাগৰি থাকোতেই সন্ধ্যাই ডাইনিং ৰুমত অন্তৰাৰ মাত শুনিলে, "ৰুণজুন বাক বেয়া পাইছোঁ, চেলিব্ৰিটি মানুহক ঘৰত লুকুৱাই থৈছা খবৰ এটাও দিয়া নাই।" কিতাপখন জপাই তাই ওলাই গ'ল। অন্তৰাৰ মাতটোৱে যেন এটা সকাহ দিলে তাইক। মৰহি টকা মনটো ভাল লাগিব অলপ। অন্তৰা আৰ...

ৰাধা : ৪০

 #ৰাধা Part 40 "কথা দিলোঁ আপোনাক, প্ৰতি টোপাল তেজৰ মূল্য ল'ম। আমাৰ বিচ্ছেদৰ মূল্য সিহঁতে ভৰিবই লাগিব।" এয়া পুৱতি নিশা। লখিমীৰ পাৰৰে এটা বিশেষ ঘাট। এই ঘাটটোলৈ সাধাৰণতে কোনো মানুহ নাহে। কাৰণ গোবিন্দপুৰৰ লগতে বাকী গাওঁকেইখনৰো বহু কেইজন লোকৰ শেষ ঠিকনা এইটো ঘাটেই হৈছিল। এক কথাত ক'বলৈ গ'লে এই ঘাটটোক শ্মশান ঘাট বুলিও ক'ব পৰা যায়। এই পুৱতি নিশা পোহৰ ওলোৱা ঠিক আগে আগে আজিও এই ঘাটত এখন চিতা জ্বলিছে। প্ৰকাণ্ড দৈত্য এটাৰ দৰে আকৃতি হৈ উৰি উৰি গৈছে ধোঁৱাবোৰ। ফটফটকৈ চিতাৰ বাঁহবোৰ জ্বলাৰ শব্দৰ লগতে ছাইবোৰো উফৰি পৰিছে। বতাহত মিলি পৰিছে পোৰা মঙহৰ গোন্ধ এটা। কোনোবা কুকুহা আহি চিতাৰ কাষত ৰৈ থকা নাৰীমূৰ্তিটোকো স্পৰ্শ কৰিছে। আঁতৰি যোৱা নাই নাৰী গৰাকী। আহক ছাইবোৰ, পৰক অঙঠা, বুকুলৈকে উজাই আহক পোৰা মঙহৰ কেচেমা কেচেম গোন্ধ। কোনে জানে এয়াই চাগে তেওঁৰ প্ৰিয়জনৰ পুৰি যোৱা কলিজা। নাই, নাৰী গৰাকীৰ চকুত এটোপাল চকুলোও নাই। মাত্ৰ প্ৰস্তৰ মূৰ্তিৰ দৰে মেলা চুলিৰে কেঁচাইখাইতীৰ ৰূপ ধৰি ৰৈ আছে। দেখিলে বুজিব পাৰি ভিতৰৰ ধুমুহা জাকৰ কথা। এই মুহূৰ্ততে যেন চাৰখাৰ কৰি পেলাব সকলো। এজন এজনকৈ চিতাৰ কাষৰ পৰা ...

ৰাধা : ৩৯

 #ৰাধা Part 39 নিঃসংগ মানুহৰ মনৰ মাজতো থাকে নেকি কোনোবা কৃষ্ণ গহ্বৰ! য'ত পোত গৈ থাকে অটল গভীৰ ৰহস্য। হাজাৰ চেষ্টা হাজাৰ বাৰ্তালাপেও সেই ৰহস্য নোৱাৰে ভেদিব। এৰা, নিঃসংগ মানুহে নিজে নিজক উদঙাই নিদিওঁ বুলিলে কাৰোৰে সাধ্য নাই তেওঁলোকক জনাৰ। ইউনিভাৰ্চিটিত পাঁচটাকৈ বছৰ একেলগে থাকিও অভিমন্যু আৰু সন্ধ্যাই বুজিব নোৱাৰিলে ময়ূৰক। ভেদিব নোৱাৰিলে তাৰ ৰহস্য, যি ৰহস্য ময়ূৰৰ মৃত্যুৰ পাছত আজি খোল খাইছে। ময়ূৰৰ কোনো ঘৰৰ মানুহক অভিমন্যুহঁতে লগ পোৱা নাছিল। এগৰাকী জেঠায়েক আহিছিল এবাৰ, যিয়ে কৈছিল যে ময়ূৰ অনাথ। সৰুৰে পৰা সি অনাথ আশ্ৰমত ডাঙৰ হোৱা। জেঠায়েক গৰাকীও সেই আশ্ৰমৰেই আছিল। কিন্তু আজি যেন সকলো ভুৱা ভুৱা লাগিছে সন্ধ্যাৰ। তাৰ মানে মানুহ গৰাকীয়ে সিহঁতক মিছা মতা নাছিলতো! দুৱাৰমুখৰ পৰা অভিমন্যুয়ে কথাটো কৈ ভিতৰলৈ সোমাই গৈছিল। সন্ধ্যাৰ হাতৰ পৰা পৰি যোৱা কিতাপখন তুলি জপাই থ'লে সি। সন্ধ্যাই একেথৰে চাই আছে তালৈ। চকুযোৰ চলচলীয়া হৈ আহিছে। অভিমন্যু তাইৰ কাষতে বহি লৈ ক'লে, "কি বুজিলি?" চকুৰ পানীখিনি মোহাৰি সন্ধ্যাই কৈ গ'ল, "ময়ূৰে খুব চতুৰতাৰে লিখিছে এই উপন্যাসখন। ইচ্ছা কৰি কাহিনীৰ প্ৰেক...