ৰাধা : ৪১
#ৰাধা
Part 41
কোনোবা মানুহে কষ্ট সহ্য কৰিব পৰাৰ অৰ্থ এইটো নেকি যে তেওঁ পৃথিৱীৰ সকলো কষ্টৰ যোগ্য! কোনোবাই নিজক বাৰে বাৰে গঢ়ি তুলিব পৰাৰ অৰ্থ এইটো নেকি যে তেওঁক সময়ে অকল ভাঙিয়েই থাকিব! কোনোবা মানসিক ভাৱে শক্তিশালী হোৱাৰ অৰ্থ এইটো নেকি যে তেওঁ অকল যন্ত্ৰণা পোৱাৰহে যোগ্য! আচলতে মানুহে যিটো বস্তুকেই অন্তৰৰ গভীৰতাৰে বিচাৰে, সেই বস্তুটোকেই আজুৰি কাঢ়ি লৈ যোৱাটো চাগে সময়ৰ নিয়মেই। ৰাধাৰ লগতো যেন এনেকুৱাই হৈছিল। হয়, ৰাধা খুব সাহসী খুব শক্তিশালী! কিন্তু তাৰ অৰ্থ এইটোতো নহয় যে তাই অকল বুকু ভঙা কষ্ট পোৱাৰেই যোগ্য! সাহসী মানুহবোৰকো কেতিয়াবা সাহস লাগে, শক্তিশালী হ'লেও কেতিয়াবা শক্তি লাগে! যিমান অকলে থাকিব পাৰিলেও মানুহক কেতিয়াবা মানুহ লাগে! এষাৰ মাত লাগে! সময়ে ৰাধাৰ পৰা এই সকলোৱেই কাঢ়ি লৈ গ'ল। উফ! সঁচাই থাকে নে ঈশ্বৰ!
কথাবোৰ ভাবি ভাবি বিচনাত বাগৰি থাকোতেই সন্ধ্যাই ডাইনিং ৰুমত অন্তৰাৰ মাত শুনিলে,
"ৰুণজুন বাক বেয়া পাইছোঁ, চেলিব্ৰিটি মানুহক ঘৰত লুকুৱাই থৈছা খবৰ এটাও দিয়া নাই।"
কিতাপখন জপাই তাই ওলাই গ'ল। অন্তৰাৰ মাতটোৱে যেন এটা সকাহ দিলে তাইক। মৰহি টকা মনটো ভাল লাগিব অলপ। অন্তৰা আৰু অভিমন্যু সোমাই আহিছিল। সন্ধ্যাই গৈ ক'লে,
"ৱাহ, আমাৰ এক্টৰ ছাৰ তোমাক লগ কৰিবলৈহে গৈছিল মানে?"
অভিমন্যুয়ে ক'লে,
"আৰু কি? মই আহিম আৰু পাৰ্টনাৰ ইয়ালৈ নাহিব কথা হ'ব পাৰে নে!"
সন্ধ্যাই হাঁহিলে। অভিমন্যু আৰু অন্তৰা দুইটাৰে খুব লগ। আচলতে অন্তৰাৰ স্বভাৱটো অভিমন্যু আৰু পখী দুইটাই খুব ভাল পায়। সহ্য কৰি নাথাকি মুখতেই উত্তৰ দি আহে বাবেই সিহঁতৰ লগত তাইৰ মিল আছে। গোটেই কেইটা লগ হ'লে সিহঁতে সন্ধ্যাই জোকাই ৰং চাই। আজিও তেনেকৈয়ে আৰম্ভণি কৰিবলৈ অভিমন্যুয়ে ক'লে,
"বাই দি ৱে পাৰ্টনাৰ, আমাৰ সন্ধ্যা ৰাগিনী দেৱীৰ পৰা অলপ মানৱী হৈছে নে? নে সেই আগৰ দৰে ত্যাগৰ দেৱী হয়েই আছে?"
অন্তৰাইও একে সুৰতে ক'লে,
"এই জনা এতিয়াও দেৱীয়েই হৈ আছে বুইছা। এতিয়াতো ত্যাগৰ মাত্ৰা বাঢ়ি সতিনী আদৰিবলৈও সাজু হৈছে আমাৰ কমলা কুঁৱৰী।"
সন্ধ্যাই অন্তৰাৰ বাহুতে চাট এটা মাৰি ক'লে,
"বেছি হৈছে আৰু হা!"
"একো বেছি হোৱা নাই, তোক জানিবলৈ বাকী আছে নে মোৰ?"
অভিমন্যুয়ে ধমকি লগালে। অনুৰণৰ মাক নিজৰ ৰুমতে টিভি চাই আছে। তেওঁ শুনিলে কথাটো বেয়া হ'ব। সেয়ে সন্ধ্যাই কথাটো সলাই সুধিলে,
"ৰচোন, অনুৰণ ক'ত? তোৰ লগতে গৈছিলতো!"
"গৈছিল, পিছে ছাৰৰ কিবা কাম ওলাল। আহিব, অলপ দেৰি হ'ব। সি আহিলে একেলগে ডিনাৰ কৰিম। তেতিয়ালৈকে পাৰ্টনাৰ আৰু মই আড্ডা দিওঁ।"
অভিমন্যুৰ কথা মতে সন্ধ্যা, অভিমন্যু আৰু অন্তৰাই সিহঁতৰ ৰুমতে বহি কথা পাতিবলৈ লাগিল। মাজতে সিহঁতৰ দাবীত সন্ধ্যাই গান এটাও গাব লগা হ'ল। তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা অন্তৰাহঁতৰ আহি থকা ইলেকচন, বলিউডৰ চিনেমাৰ শ্বুটিঙৰ পৰা সন্ধ্যাৰ পি এইছ ডি লৈকে সকলো কথাৰে আড্ডা চলিল। মাজতে সন্ধ্যাৰ শাহুয়েকে আহিও ভাগ লৈছিল। কথাৰ লাচতে তেওঁ নাতিৰ মুখ নেদেখাৰ দুখো অভিমন্যুক ক'বলৈ নাপাহৰিলে। পিছে অন্তৰা আছিল বাবে কথা বেছি আগ নবঢ়ালে। ভাত খোৱাৰ সময়লৈ অনুৰণ আহি পালে। সকলোৱে হাঁহি মাতি ভাত খালে। অন্তৰা সেইদিনা তাতেই থাকিল।
ৰাতি শুবলৈ গৈ সন্ধ্যাই অনুৰণক সুধিলে,
"চব ঠিকেই আছে নে ৰণ?"
"আছেতো, কিয় সুধিলা?"
"এনেকুৱা লাগিছে তুমি খুব টেনশ্যনত আছা? কেছটো চলভ হোৱা নাই বাবে ন?"
অনুৰণ অলপ সময় মনে মনে থাকিল। তাৰ পাছত হুমুনিয়াহ এটা পেলাই ক'লে,
"কাইলৈ চাগে কি উজ্জল দাক এৰেষ্ট কৰাব লাগিব।"
সন্ধ্যা আচৰিত হ'ল, "কি??"
"উম, এই গোটেই কেলেংকাৰীটোত তেওঁ জড়িত আছে।"
"কি কোৱা?"
"উম, বাদ দিয়া এতিয়া। মই শো, তুমি পঢ়িবা চাগে অলপ।"
এই কেইদিন সদায় তাই ৰাতি পঢ়ি থকাৰ বাবেই অনুৰণে আগবাঢ়ি ক'লে। সন্ধ্যাৰ বেয়া লাগিল, তাই বেছি আত্মকেন্দ্ৰিক হৈ গৈছে নেকি বাৰু! কথাটো বুজি পাই অনুৰণে ক'লে,
"এই ন'ভেলখন অভি আৰু তোমাৰ বাবে কিমান বেছি ইমপৰ্টেন্ত হয় মই বুজি পাওঁ ৰুণ। যোৱা পঢ়াগৈ, মই বেয়া নাপাওঁ।"
সন্ধ্যাই অনুৰণৰ কপালত চুমা এটা আঁকি দি কিতাপখন লৈ বেলকণি পালেগৈ।
আঙুলি মূৰত দিন গণি পাৰ হয় ৰাধাৰ সময়। সৰুকণ আহি যোৱাৰো ভালেমান দিনেই হ'ল। সি যাওঁতে সৰহকৈ টকা অলপ দি গৈছিল ৰাধাক। তাই তাৰেই চলি আছে যেনেতেনে। মাজতে এদিন সাদৰী আহি ওলাইছিলহি, লগত এসোপা ফলমূল। এখৰাহী শাক আৰু এটা মাছ। পোনাৰাম আৰু তেজাই লৈ আনি থৈ গৈছিলহি। সিহঁত যোৱাৰ পাছত ৰাধাই কৈছিল,
"তুমি কিয় আহিলা খুৰী? খুৰা আৰু আইতাই গম পালে...."
সাদৰীয়ে লগতেই কৈছিল,
"এতিয়াও সেইবোৰ ভাবি থাকিলে চলে নে ৰাধা? পিছে আয়ে কৈ যোৱা কামবোৰ কেতিয়ালৈ কৰিম ভাবিছা? আগুৱাব লাগিছিল নহয়। আনক চকুপানী দিয়া মানুহে নিজে সুখত খাই থকা দেখিলে মোৰ অসহ্য লাগে।"
"কৰিম খুৰী। অলপদিন ৰোৱা। তোমালৈ খবৰ পঠাম। স্নেহালয়ৰ ৰাজফেঁটীজনীক প্ৰথমে বধি লওঁ। বাকীজনলৈ অলপ সময় থওঁ। নে কি কোৱা?"
সাদৰীয়ে হাঁহি মাৰিছিল,
"মই সাজু আছোঁ। বুকুত বহুদিনৰ পুৰণা জুই একুৰা উমি উমিকৈ জ্বলি আছে। ফিৰিঙতিক আকৌ এবাৰ ফুঁৱাব লাগিব।"
অলপ কথা পাতি তেওঁ গৈছিলগৈ। ৰাধাই সকাহ পাইছিল। স্নেহালয়লৈ নোযোৱাকৈয়ে কাম হৈ যাব তাইৰ।
চন্দ্ৰকলাৰ দৰে বাঢ়ি অহা ৰাধাৰ পেটটোৱে মাজে মাজে তাইৰ বুকুত বিষ এটা দি থাকে। শৰতৰ বুকুৰ উমটোলৈ তাইৰ মনত পৰে, কিন্তু মনলৈ আহে তাৰ চিতাৰ জুইকুৰাৰ উত্তাপ। মূৰত তেতিয়া এসোপা অঙঠা একেলগে জ্বলে। কেতিয়া কেতিয়া আহিব সময়! তেনেকুৱাতে এদিন ফেৰীৱালা এটা দিনতে ৰাধাৰ পদূলিত আহি চিঞৰ ধৰিলেহি,
"দাদা বাইদেউ, নবৌ ভিনদেউ ল'ব নেকি প্লাষ্টিকৰ বস্তু, কাপ প্লেট, পাকঘৰৰ বস্তু!"
ৰাধাই চোতালতে ডাৰবাৰিত কাপোৰ মেলি আছিল। তাই মন নিদিলে। এনেতে মানুহটোৱে আকৌ চিঞৰিলে,
"বাইদেউ ল'ব নেকি, কাপ প্লেট বাতি গিলাছ ছেট!"
ৰাধাই এবাৰ চালে, দাড়ি থকা বুঢ়া মানুহ এজন। অৱশ্যে মাতটোত বেছি বয়সীয়া যেনো লগা নাই। তাই চোৱাৰ লগে লগে মানুহটোৱে আকৌ মাত দিলে,
"ল'ব নেকি বাইদেউ, তিতা মিঠা সকলো আছে। জিভাতেই সোৱাদ!"
ৰাধাই একো নকৈ ভিতৰলৈ যাবলৈ লওঁতেই মানুহটোৱে চাইকেলৰ পেডেল মাৰিবলৈ লৈ সুৰ ধৰি গালে,
"কিনো খাই পাহৰিম তোকে ঐ লাহৰী
কিনো খাই পাহৰিম তোক,
মিচিমি আহিব বৰেবিহ আনিব
তাকে খাই পাহৰিম তোক।"
এইবাৰ ৰাধাৰ ঘপকৈ কিবা এটা মনত লাগিল। তাই ভালকৈ মন দি চালে মানুহটোলৈ। লগে লগে যেন কিবা এটা বুজি পালে। তাই মাত দিলে,
"কি কি আছে নো ককাই, ভিতৰলৈ আহকচোন।"
বাটেদি যোৱা দুই এটাই ৰাধাৰ পদূলিত কোন আছে চাইছিল। এনেও, অকলশৰীয়া নাৰীৰ ঘৰৰ পদূলিত বহুতৰ চকু থাকে। তেওঁৰ পাকঘৰৰ জুই জ্বলাৰ খবৰ নল'লেও পদূলিত খোজৰ শব্দ সকলোৱে শুনে। এতিয়াও বহুতে চাইছিল যদিও ফেৰীৱালা দেখি উভতি গ'ল। মানুহজন ৰাধাৰ চোতাললৈ আহিল আৰু বস্তুবোৰ ৰাধাক দেখুৱাই গ'ল।
"আইদেউ, এইটো চাওক। কি বঢ়িয়া প্ৰেচাৰ কুকাৰ। আপোনাক দি আছোঁ মাত্ৰ এশ টকাত।"
ৰাধাৰ মনত সন্দেহ আহিছিল যদিও ঠিৰাং কৰিব পৰা নাছিল। এতিয়া এশ টকাত প্ৰেচাৰ কুকাৰ দিয়াৰ কথাত তাইৰ সন্দেহ সঁচা হ'ল। তাই সাউৎকৈ ভিতৰৰ পৰা এশ টকা এটা আনিলে। মানুহজনক দিয়াত তেওঁ যাবলৈ ওলাল। যোৱাৰ সময়ত কৈ গ'ল,
"আইদেউ গা ভাৰী যেন পাইছো। শুনিছোঁ আজি বা কালিলৈ গ্ৰহণ লাগিব। আইদেউ সাৱধানে থাকিব।"
ৰাধাৰ চকুযোৰ জিলিকি উঠিল। তাই ক'লে,
"তাকেই ককাই, গ্ৰহণৰ বাবে আজি সাঁজ লগাৰ আগতেই ভাত সাজু কৰি থৈছোঁ। এমুঠি খাই ল'ব লাগিব।"
মানুহজনেও যেন ৰাধাৰ ইংগিত বুজি পালে। তেওঁ ক'লে,
"গ্ৰহণৰ আগত ভাত খোৱাতকৈ পাছতহে খোৱা ভাল হ'ব আইদেউ। একেবাৰে আজৰি হৈ।"
"ভাল বাৰু! গ্ৰহণটো সোনকালে লাগি ভাগিলেই হয়।"
কথাটো শলাগি মানুহজন গ'ল গৈ। ৰাধাই লগে লগে কুকাৰটো লৈ ভিতৰলৈ সোমাই দুৱাৰখন জপাই দিলে। ৰাধাই বুজি পালে এইজনেই হয়তো সৰুকণৰ লগৰজন। তাই সৰুকণক এবাৰ মাতিছিল, সেয়ে ইংগিতত তেনেকৈ কৈছিল। পিছে সি হয়তো মৌজাদাৰক হত্যা কৰাৰ পাছতহে আহিব। বাৰু হওক, ৰাধা ৰৈ আছে সেই খবৰৰ বাবে। তাই ভিতৰলৈ গৈ কুকাৰটো খুলিলে। তাই ভবামতেই তাৰ ভিতৰত কাপোৰেৰে মেৰিয়াই থোৱা সৰু চিচাৰৰ বটল এটা আছিল। বটলটো হাতত লৈ ৰাধাই হাঁহি মাৰিলে ক'লে,
"সাজু হওক মনোহৰা চৌধুৰী।"
সেইদিনাই আবেলিলৈ ৰাধাই সিহঁতৰ ৰাস্তাত মধুৰামক দেখি ক'লে,
"মধুৰাম, গোবিন্দপুৰৰ ফালে গ'লে সাদৰী খুৰীক ক'বি গৈ চোন। কাষৰীয়া গাঁৱৰ আইথানত তেওঁ শৰাই এভাগ দিছিলে। দেউৱে তাৰেই প্ৰসাদ অকণ মোৰ হাততে দি গ'ল। পাৰিলে লৈ যাবলৈ দিবি।"
"হ'ব" বুলি কৈ মধুৰামে বাট ল'লে।
তাৰ দুই কি এদিনৰ পাছতেই ৰাধাই বিচাৰি থকা খবৰটো আহিল। অৰুণ ছাৰৰ ঘৰলৈ গৈছিল তাই। মাজে মাজে তাই গৈ অৰুণ ছাৰৰ তাতে বহেগৈ। সুখ দুখৰ কথা পাতে। গোবিন্দপুৰৰ মানুহৰ কথা কৈ ছাৰে হা হুমুনিয়াহ কাঢ়ে। আজিও ৰাধা তাতেই আছিল। তেনেতে বাহিৰত হুলস্থুল শুনিলে। দুয়োজন ওলাই আহিল। এইফালে পুতৌয়ে দৌৰিছে। অৰুণ ছাৰে দেখি উকিয়ালে,
"ক'ত কি হৈছে অ'?"
"ছাৰ, মৌজাদাৰ দেউতাক কোনোবাই মাৰিলে ৰাতিয়েই। লগতে এম এল এ ছাৰৰ ডাঙৰটো পুতেককো দাৰে ঘপিয়ালে।"
কথাটো কৈয়েই সি নৰ'লেই। ৰাধাৰ চকু দুটা উজলি উঠিল। অৰুণ ছাৰে ক'লে,
"এইবোৰ কি দিন দেখুৱাইছা ঈশ্বৰ! গাঁওখনত কি হ'ব ধৰিছে এইবোৰ।"
ৰাধাই একো নমতা দেখি তেওঁ পুনৰ ক'লে,
"ৰাধা, যাৱ নেকি এপাক মৌজাদাৰ দেউতাৰ ঘৰলৈ? পুতেক হেনো কিবা মিটিঙৰ কাৰণে দিছপুৰ গৈছিল বুলি শুনিছিলোঁ। চা চোন, এম এল এৰ ঘৰতে এয়া অথন্তৰ।"
"যাম ছাৰ। আপুনি গৈ থাকক। মই আগতে এপাক ঘৰৰ পৰা আহোঁ গৈ। এম এল এ চাৰো আহি লওক। তেওঁকো মাত এষাৰ দি আহিম।"
ৰাধা খৰ খোজেৰে ঘৰলৈ গ'ল। শৰতৰ ফটোখন হাতত লৈ ক'লে,
"শেষৰ আৰম্ভণি হৈ গৈছে শৰৎ দা। মই জানো, আপুনি হয়তো মোক এই পথ লোৱাৰ বাবে বৰ ভাল নাপাব। কিন্তু মোৰ উপায় নাই। সিহঁতে আৰম্ভ কৰা খেলখন মইতো শেষ কৰিবই লাগিব।"
গোবিন্দপুৰ, কাষৰীয়া গাঁও সকলোতে খবৰটো বনজুইৰ দৰে বিয়পি পৰিল। লগে লগেই মানুহৰ মাজত হুৱাদুৱা লাগিল। শৰতৰ মৃত্যুৰ খবৰ ৰাইজে পাহৰিছিলহে, লগে লগেই আন এটা হত্যাকাণ্ডই পুনৰ সকলোকে জোকাৰি পেলাইছে। ডেকা বুঢ়া সকলোৱে মৌজাদাৰৰ ঘৰলৈ দৌৰিছে। চাৰিআলি তিনিআলিত জুম বান্ধি কিছুমানে কথা পাতিছে। হেমেনৰ দোকানতো মানুহৰ জুম। নানা কথা উৰিছে বতাহত,
"কোনে কৰিলে বাৰু এইটো কাম?"
"হয় অ', এম এল এৰ বাপেকক মাৰি পেলাবলৈ কম কলিজা লাগিব নে?"
"এইটো সেই বন্দুক পাৰ্টিৰহে কাম নেকি!"
"নহয় নহয়, বেলেগ পাৰ্টিৰ মানুহেহে মৰালে নেকি, পুতেকক একো কৰিব নোৱাৰি বাপেককে।"
"নহয় বুইছ, এই মৌজাদাৰৰ বহুত শতৰু। কম মানুহক সুদ খাই খাই দেউলীয়া কৰিলে নে! তাৰ মাজৰেই কোনোবাই সঁচ মাৰি থ'লেহি চাগে!"
কিছুমানে সুদখোৰ মৌজাদাৰ মৰাত তলে তলে ভালো পাইছে। ফুচফুচাই কৈছেও,
"ভালেই হৈছে দে, কম মানুহক সি ভিখাৰী কৰিলে নে!"
"হেৰৌ, শুনিছিলোঁ শৰতকো বোলে অলকেশেই মানুহ লগাই মৰাইছিল। পালে এতিয়া মজাটো!"
মুঠতে কেওফালে কথাৰ বতাহ। ইয়াৰ মাজতে বৈকুণ্ঠ গাড়ী লৈ দৌৰাদৌৰিকৈ মৌজাদাৰৰ ঘৰ পালেগৈ। নাই নাই, ক'ৰবাত কিবা এটা খেলিমেলি হৈছে। নহ'লে মৌজাদাৰক মাৰিবলৈ কাৰ সাহস! বুকুখন ঢপঢপ কৰিছে বৈকুণ্ঠৰ। এতিয়াও ৰৈ গৈছে নেকি কিবা কাঁইট!
মৌজাদাৰৰ চোতালত মানুহৰ গণিব নোৱাৰা ভিৰ। গোবিন্দপুৰ আৰু বাকী গাওঁবোৰৰ বাহিৰেও আন আন ঠাইৰ মানুহো আহিছে। অলকেশৰ লগত চিনাকি কোনোবা কোনোবা অফিচাৰো আহি ওলাইছেহি। চোতালত শোৱাই থোৱা মৌজাদাৰৰ শৱৰ কাষত মৌজাদাৰনী কান্দি কান্দি বাৰেপতি ঢলি পৰিছে। বৈকুণ্ঠই চোতালতে ইফালৰ পৰা সিফাললৈ পাইচাৰী কৰি ফুৰিছে। এনেতে চাইৰেনৰ মাত শুনা গ'ল। মানুহবোৰৰ মাজত হৈ চৈ লাগিল। কেইবাখনো গাড়ী আহি পদূলিত ৰৈ গ'ল। তাৰ পৰা নামি আহিল অলকেশ। আহিয়েই "দেউতা..." বুলি চিঞৰ মাৰি বাগৰি পৰিল সি। বৈকুণ্ঠই তুলি ধৰিলে গৈ তাক। চিঞৰ বাখৰ কৰি আস্ফালন কৰিছে অলকেশে,
"কোনে কি কৰিলি ঐ? কোনে লৈ গ'লি মোৰ দেউতাক? দেউতা ঐ উঠকচোন ঔ!"
অলকেশৰ চিঞৰত, কান্দোনত মৌজাদাৰক বেয়া পোৱা মানুহখিনিৰো চকু সেমেকিছিল। মাত্ৰ এগৰাকীৰ বাহিৰে। খুলি থোৱা গেটখনেদি ধীৰে ধীৰে সোমাই আহিছিল ৰাধা। একেথৰে হাত ভৰি আচাৰি চটফটাই কান্দি থকা অলকেশলৈ চাই ৰ'ল তাই। আস! কেনে তৃপ্তি এয়া! বুকুভৰি উঠা যেন অনুভৱ। অতদিনে তাই এইখিনি সময়ৰ বাবেইটো ৰৈ আছিল। আগুৱাই আহি তাই মানুহ এজনক সুধিলে,
"কেনেকৈ হ'ল এইবোৰ?"
"কি নো ক'বি অ' আই! যোৱা পুৱতি নিশা মৌজাদাৰ দেউতা হেনো সৰুপানী চুবলৈ উঠিছিল। তেনেতে বাহিৰত শব্দ এটা হ'ল। তেওঁ পিছ দুৱাৰেদি কোন বুলি ওলাই আহিল। আহি বাৰীৰ ফালে যাবলৈ লওঁতেই একে বুকুতে বহাই দিলে অ' দা এখনেৰে। দেউতাৰ চিঞৰ বাখৰ শুনি ডাঙৰ বোপাৰ ল'ৰাকণ ওলাই আহিছিল। হেৰৌ তাৰো ডিঙিতে ঘপিয়াই দিলে বুইছ নে! দেউতা বাগৰি পৰিল। লগে লগেই পেটতে আৰু এঘাপ দি সেইজনা কেনিবাদি পলাল। ল'ৰাকণে বোলে এবাৰ হুঁচ আহোঁতে ডাক্তৰৰ ঘৰতে কৈছে, মুখত ক'লা কাপোৰ বান্ধি আহিছিল হেনো সিহঁতে।"
মানুহজনৰ কথা কেইটাত মনলৈ অহা ফুৰ্তিখিনি লুকুৱাই খুব কষ্টৰে মুখত দুখ লগা ভাব এটা সানিবলৈ চেষ্টা কৰিলে ৰাধাই। হয়তো তাই সফলো হ'ল, কোনোবা এজনে আহি কৈছে,
"তই আকৌ এইটো গাৰে কিয় আহিলি আই? এইবোৰ দেখি মনটো বেয়াহে লাগিব।"
ৰাধাই থোকাথুকি মাতেৰে ক'লে,
"নহাকৈ কেনেকৈ থাকোঁ নো! মৌজাদাৰ দেউতা মোৰ নিজৰ দেউতাৰ দৰেই নহয় জানো!"
মানুহ গৰাকীয়ে ৰাধাৰ মূৰত হাত ফুৰাই দিলে। মানুহবোৰে কিবাকিবি পাতি থাকিল। এইফালে অলকেশে আটাহ পাৰিয়েই আছে। এবাৰত বৈকুণ্ঠ ৰাধাৰ চকুৱে চকুৱে পৰিল। তাইৰ চকুত যেন কিবা এটা দেখিলে বৈকুণ্ঠই। তাতকৈ বেছি ভালকৈ ৰাধাক কোনে বুজিব পাৰিব! কেনেবাকৈ ৰাধাই!! নাই নাই, অসম্ভৱ। এইজনী দুখুনী গা ভাৰী বিধবাই কি ডাল কৰিব পাৰিব। সি এনেয়েহে ভাবিছে। মনটো জোকাৰি পেলালে সি।
চাৰিজনে মিলি মৌজাদাৰক তুলি লৈ গ'ল সাঙী কৰি। কান্দি কান্দি লেবেজান হৈ পৰা অলকেশক চাই সুহুৰি মাৰি মাৰি ৰাধা ঘৰ পালেগৈ।
ৰাধা শোৱনি কোঠাত নিশা সৰুকণে ভাত খাইছে। আগফাল, পিছফাল দুৱাৰ দাং মাৰি ৰাধাই তাক ভাত মুঠি যতনাই দিছে। আহোতেই সৰুকণে কুকুৰাৰ মঙহ লৈ আনিছে। দুইটাই টকালি পাৰি খালে। খাই উঠি ওলাই যোৱাৰ আগে আগে সৰুকণে সুধিলে,
"ইয়াৰ পিছত?"
ৰাধাই হাঁহি মাৰি ক'লে,
"মনোহৰা চৌধুৰী।"
"বঢ়িয়া, শুভেচ্ছা থাকিল।
"শুভেচ্ছা মোক দি লাভ নাই। এইটো কাম বেলেগেহে কৰিব।"
"কোনে?"
"আছে কোনোবা।"
ৰাধাৰ ৰহস্যৰ হাঁহিত বুজিব নোৱাৰিলে যদিও সোনকালেই ইয়াৰ ভেদ খুলিব বুলি সৰুকণ ওলাই গ'ল।
মৌজাদাৰৰ মৃত্যুৰ পাছতে বহু কথা বদলি গ'ল। কেইবাদিনলৈও গোবিন্দপুৰত পুলিচৰ সঘন আহ যাহ চলিল। গোবিন্দপুৰৰ বহু কেইটা ডেকা ল'ৰাক সোধপোছ কৰিলে। পুলিচ এদিন বৈকুণ্ঠক বিচাৰি স্নেহালয়লৈও গৈছিল। বৈকুণ্ঠই অলকেশক ফোন কৰি কৰি হায়ৰাণ হৈ গ'ল, তাক ফোনত নাপালে। অলপ দিনৰ পাছত সকলোৱে গম পালে অলকেশে নিজৰ পৰিয়াল লৈ মেলি ইয়াৰ পৰা একেবাৰে গ'ল গৈ। এইফালে লখিমীৰ পাৰো উকা হৈ ৰ'ল। ৰিজৰ্ট বনোৱাৰ বৈকুণ্ঠৰ সপোনত চেঁচা পানী পৰিল। বৈকুণ্ঠ যেন লাহে লাহে অকলশৰীয়া হৈছে। কেতিয়াবা সপোনতে কিবা বিৰবিৰাই উঠে। কেতিয়াবা দুপৰীয়া কোনোবাই মাতিছে বুলি চিঞৰ মাৰি উঠে। তাৰ অৱস্থা দেখি মনোহৰা চিন্তাত পৰাৰ বিপৰীতে সাদৰীয়ে মনতে তৃপ্তিৰ হাঁহি মাৰে। সাদৰীয়ে আজিকালি দিনটো কথা নোকোৱাকৈয়ে পাৰ কৰে বুলিব পাৰি। গহীন হৈ কামবোৰ কৰি থকা সাদৰীক আজিকালি ঘপকৈ কিবা এটা সুধিবলৈ কিয় জানো মনোহৰাৰো অখজা লাগে। ধৰ্ম নাৰায়ণৰ ওচৰত সন্ধিয়া মাজে মাজে সাদৰীয়ে কীৰ্তন পঢ়ে। একেথৰে তাইলৈ চাই থকা শহুৰেকক দেখি শোক এটাই খুন্দা মাৰি ধৰে সাদৰীৰ বুকুত। এই মানুহটোক এনে অৱস্থা কোনে কৰিলে সেয়া যে কেৱল তাইহে জানে। ৰাতিপুৱা চাহৰ লগত কিবাকিবি টেবলেট মিহলাই দিয়া সাদৰীয়ে দুদিন নিজেই দেখিছে। ভুল, ভুল কৰিলে সাদৰীয়ে। তেতিয়াই কৈ দিব লাগিছিল। কিন্তু কি নো প্ৰমাণ আছিল তাইৰ! পুতেকৰ মোহত অন্ধ শহুৰেকে তাইক বিশ্বাস কৰিলে হয় জানো! আৰু আজি এয়া। কিন্তু সাদৰীয়ে জানে, আৰু বেছি সময় নাই। ৰাধা আহিব, এই স্নেহালয়ক উদ্ধাৰ কৰিবলৈ তাই নিশ্চয় আহিব।
কেইদিনমান ধৰি বৈকুণ্ঠৰ গাটো বৰ এটা ভাল নহয়। আচলতে মনৰ ভয় আৰু চিন্তাইহে মানুহটোক বেছি বেমাৰী কৰি তুলিছে। তেহে এদিন সাদৰীয়ে ৰাতি শেতেলিত ক'লে,
"বোলো ইমানকৈ নো চিন্তা কৰে কেলেই? যিটো হ'ব লগা আছে হ'ব আৰু। এনেকৈ ঘৰতে সোমাই থকাতকৈ দুদিনমান নহ'লে টাউনতে সখাৰামৰ ঘৰত থাকি আহক। পাৰিলে ডাক্তৰকো দেখুৱাই আহিব পাৰিব।"
বৈকুণ্ঠৰো কথাটো মনত লাগিল। হওঁতে ঘৈণীয়েকে বেয়া কোৱা নাই। বৈকুণ্ঠৰ সখি এজনে মাজতে চহৰতে নতুনকৈ ঘৰ বান্ধিলে। তাক তেতিয়াৰ পৰাই থকাকৈ মাতি আছিল যদিও যাব পৰা নাছিল। এতিয়াই গৈ আহিব গৈ পাৰি। সি ক'লে,
"তই জানো ইয়াত অকলে পাৰিবি?"
"কি নো কথাটো! তেজা আৰু পোনা কাই আছেই দেখোন।"
"ঠিকে আছে দে, মাইকো লৈ কেইদিনমান থাকি আহোঁ গৈ।"
শাহুয়েককো নিব বুলি শুনি সাদৰী চিন্তাত পৰিল। আঁচনিত পানীয়েই পৰিব দেখোন। তাই লগে লগেই মাত লগালে,
"কথাও যে কয়, মায়ে বাৰু এতিয়া এনেকৈ চহৰত গৈ মিতিৰ খাই ফুৰিব নে? মানুহেও নো কি ক'ব, বোলে গিৰিয়েকটোৰ সেয়া! তেওঁ আকৌ চহৰ ফুৰিবলৈ গৈছে।"
বৈকুণ্ঠইও কথাটো টং কৰিলে। নাই নাই, মানুহক সন্দেহ হ'বলৈ দিব নোৱাৰি। ৱাহ, তাৰ লগত থাকি থাকি সাদৰীও বৰ চতুৰ এজনী হ'ল। সি তাইৰ কথাত শলাগি পিছদিনাই চহৰলৈ বুলি ওলাল। শাহুয়েকে যাবলৈ মনটো মেলিছিল যদিও ৰাতিয়েই বৈকুণ্ঠক সাদৰীয়ে কৈ থোৱা কথাখিনিৰ বাবে তেওঁৰ যোৱা নহ'ল। বৈকুণ্ঠ ওলাই যোৱাৰ পাছতে সাদৰীয়ে শাহুয়েকে নুশুনাকৈ তেজাক ক'লে,
"হেৰি নহয় তেজা, তোৰ যে কোনোবা এটাত মন খাইছে বুলি কৈছিলি। কোন নো?"
তেজাই লাজ লাজকৈ উত্তৰ দিলে,
"সেই লখিমীৰ সিপাৰৰ সৰু আইদেউ। যোৱা বেলি বহাগতেই লগ পোৱা। চাকৰি বহুদুৰত তেওঁৰ। অসমৰ বাহিৰত। ৰেলত অহা যোৱা কৰে। মোক পালে লগতে লৈ যাম কৈছিল।"
"সি আছে নে ইয়াত?"
"অলপ দিন আগত আহিছে। সিদিনা পানী আনিবলৈ যাওঁতে উকিয়াই আছিল নহয় মোক।"
সাদৰীয়ে কিবা এটা চিন্তা কৰিলে। তাৰ পাছত ক'লে,
"তাক মাতি পঠাবি নহ'লে আজি ৰাতি মানলৈ।"
তেজা আচৰিত হ'ল, "কিয় আইদেউ?"
সাদৰীয়ে তাইৰ মূৰত হাত ফুৰাই ক'লে,
"সদায় এনেকৈ লোকৰ ঘৰত লেদেনা উকটি থাকিম বুলি ভাবিছ নেকি? তোৰো ঘৰ এখন নেসাজ জানো?"
তেজাই সাদৰীক সাৱটি ধৰি উচুপি উঠিল। সাদৰীয়ে পুনৰ ক'লে,
"নেকান্দিবি। কাকো নজনোৱাকৈ যাবি গৈ। মাত্ৰ শুন, চাবি যাতে তহঁতক কোনেও বিচাৰি পাব নোৱাৰে।"
তেজাৰ যেন কিবা এটা সন্দেহ হ'ল, তাই সুধিলে,
"আপুনি কি কৰিবলৈ ওলাইছে আইদেউ?"
সাদৰীয়ে অলপ সময় ৰৈ কিবা এটা ভাবিলে। তাৰ পাছত ক'লে,
"তেজা, এইখন ঘৰৰ অন্যায়বোৰ তই জানো নেজান? আজি যদি তই যোৱাৰ পাছত তোৰ নামটোৰ আঁৰ লৈ ইয়াত কিবা এটা ন্যায় হয়, তই বেয়া পাবি নেকি?"
তেজাই যেন বুজি পালে। বৈ অহা চকুপানী মচি তাই দৃঢ়তাৰে ক'লে,
"পৰা হ'লে ন্যায় নিজেই কৰিলোহেঁতেন আইদেউ। কিন্তু একো নাই, নিজে কৰিব নোৱাৰিলোঁ কি হ'ল! মোৰ নামটোতো কিবা এটা কামত আহিব। আপুনি আগবাঢ়ক, মোৰ অলপো আপত্তি নাই।"
তেজাক চুমা এটা খালে সাদৰীয়ে। তাৰ পাছত তাই নিজৰ ভালে কেইপদ বচা বচা গহনা আৰু কেইসাজমান পাটৰ কাপোৰ কাপোৰেৰে মেৰিয়াই টোপোলা এটা কৰি তেজাৰ হাজাৰ আপত্তিৰ পাছতো তাইৰ হাতত তুলি দিলে। লগতে পোনাৰামক গৈ ক'লেগৈ,
"পোনাকাই, কাষৰীয়া গাঁৱত হেনো আইথানৰ প্ৰসাদ ৰাধাৰ ঘৰতে থৈ গৈছে দেউৱে। সেইফালে গ'লে লৈ আনিবাচোন।"
পোনাৰাম হয়ভৰ দি আঁতৰি গ'ল। বিশেষ কায়দাত উৰণিখন লৈ সাদৰী ভিতৰলৈ আহিল।
পিছদিনা পুৱা উঠিয়েই মনোহৰাই হুলস্থুল লগালে,
"সৰু বোৱাৰী, এই কুলক্ষিণীজনীক পুৱাৰ পৰা দেখা নাই যে ক'লৈ গ'ল?"
সাদৰীয়ে বুজিলে শাহুয়েকে তেজাৰ কথা সুধিছে। উচুপি উঠাৰ দৰে কৰি সাদৰীয়ে ক'লে,
"তাই কালি ৰাতিয়েই পলাল মা। মোৰ আলমিৰা খুলি গহনাও লৈ গৈছে।"
"কি কোৱা? চাল্লি শাখিনি। এতিয়াই মাজু ল'ৰালৈ টেলিফোন লগোৱা। তাইক ধৰি আনি গাত উতলা গৰম পানী ঢালিম আজি মই।"
সাদৰীয়ে শাহুয়েকক বুজালে,
"এতিয়াই হুলস্থুল নকৰিব মা। তেখেতে বেমাৰ দেখুৱাই আহি লওকচোন। এনেই ঘৰখনত মানুহ নাই। তাতে এতিয়া এইবোৰ শুনিলে কোনে কি খতি কৰে কোনে জানে! মনত নাই নে, পুতেক নথকাৰ সময়তেইতো মৌজাদাৰক...."
সাদৰীৰ কৈ নহওঁতেই মনোহৰাই ক'লে,
"এই হ'ব হ'ব। বুজিছোঁ দিয়া, সেইবোৰ কথা নো কিয় উলিয়াইছা? হ'ব এতিয়া ক'তো কথাটো নুলিয়াও, তুমি এনেই এবাৰ বৈকুণ্ঠক ফোন কৰি সুধিবাচোন কেতিয়ালৈ বা আহে।"
"হ'ব বাৰু" বুলি কৈ সাদৰী আঁতৰি আহিল। দিনটো মনোহৰাৰ কিবা চিন্তাতে গ'ল। ছেঃ, তেওঁ পুতেকৰ লগত যোৱা হ'লেই কিজানি ভাল আছিল। আজিচোন কিবা উদং নিচিনা লাগি আছে মনটো। পুৰণা দিনবোৰলৈও মনত পৰিছে। দুপৰীয়া ভাত কেইটা খাই ভাত ঘুমটি মাৰোঁতেই সপোন এটা দেখি তেওঁ চিঞৰ মাৰি উঠিছিল। সপোনত তেওঁ তৰাৱতীক দেখিলে। এৰা, সেই তৰাৱতী। তেওঁৰ সতিনী! আটিল মানুহজনীয়ে কিদৰে ভাত খোৱাৰ মেজতে হলকে হলকে তেজ বতিয়াই মৰিছিল মনোহৰাৰ জানো মনত নাই! আজি কিয় জানো তাইলৈ মনত পৰিছে! নাই, এদিনো তৰাৱতীয়ে মনোহৰাক বেয়া ব্যৱহাৰ কৰি পোৱা নাছিল। ওলোটাই মনোহৰাক কিবা লাগিলেই তাইহে যতনাই দিছিল। কিন্তু তাৰ পাছতো মনোহৰাই তাইক বাটৰ পৰা আতঁৰালে। তেতিয়াটো ভয় লগা নাছিল, তেন্তে সফলতাৰ শেষ শিখৰত উঠি কিয় আজি বুকু কঁপি আছে! এস, এইবোৰ অলাগতিয়াল ভাব বুলি মনোহৰাই জোকাৰি পেলালে।
নিশা আজি ভাত সাদৰীয়ে সোনকালেই ৰান্ধিলে। ধৰ্ম নাৰায়ণকো সোনকালেই ভাত খুৱাই শোৱালে। খাই বৈ মনোহৰা নিজৰ কোঠালিত গৈ বাগৰ দিলে। সাদৰীয়ে বাচন বৰ্তন ধুই ভাতৰ চৰু চাফা কৰি আজৰি হ'ল। মনোহৰাৰ চকুৱে পতায়ে লাগি এঘুমটি গৈছিলহে, এনেতে দুৱাৰত কাৰোবাৰ টোকৰ পৰিল। এবাৰ "কোন" বুলি মাতিছিল যদিও মাত নিদিয়াত মনোহৰা উঠি আহি দুৱাৰ খুলিলে। লাইটৰ পোহৰ আহি তেওঁৰ কোঠালিটো পোহৰাই দিছিল। দুৱাৰৰ সিপাৰে সাদৰী ৰৈ আছে। তাই ৰোৱাৰ ধৰণটো দেখি টিঙিচকৈ খংটো উঠিল মনোহৰাৰ। বেটীয়ে মূৰত উৰণি নলৈ চুলি মেলি তেওঁৰ আগত ৰৈছেহি। খঙতে তেওঁ ক'লে,
"কিহে পালে ৰাতিখন? কোনটো পৈয়েৰক লগ কৰিবলৈ যাৱ এইটো বেশত?"
সাদৰীয়ে শান্ত মাতেৰে ক'লে,
"মানে মা, কাষৰীয়া গাঁৱৰ আইথানৰ পৰা প্ৰসাদ অকণ অনাইছিলোঁ দিনতে। আপোনাক দিবলৈ ৰৈ গৈছিল।"
"এইজনী সঁচাই বলিয়া হ'ল হ'বলা! এই মাজৰাতিখন কোনে এনেকৈ প্ৰসাদ বিলাবলৈ আহে! দিনত দিবি যা!"
কথাটো কৈ মনোহৰাই দুৱাৰখন জপাবলৈ লওঁতেই সাদৰীয়ে থাপ মাৰি ধৰিলে,
"এইটো প্ৰসাদ ৰাতিয়েই খাব লাগে মা।"
লগে লগেই তাই কঁকালৰ খুচনিৰ পৰা মিচিমি বিহৰ বটলটো উলিয়ালে। এইফালে মনোহৰা লগে লগে কেইবা খোজো পিছুৱাই গ'ল।
"ত...তই এইবোৰ কি কৰিব খুজিছ? চাবি কিন্তু, ম...মই মাজু ল'ৰাক লগাই দিম।"
সাদৰীয়ে খলখলাই হাঁহি উঠিল,
"এটা সৰু বটল দেখিয়েই সকলোৰে ওপৰত দপদপাই থকা মনোহৰা চৌধুৰীৰ অৱস্থা চোৱা। কিয় মা, এইটোৰ সোৱাদ আপুনিও এবাৰ লওক না।"
মনোহৰাই এইবাৰ সাদৰীক ঠেলা এটা মাৰি পেলাই কোঠালিটোৰ বাহিৰলৈ ওলাই গ'ল। চিধাই গৈ চ'ৰাঘৰ পাৰ হৈ স্নেহালয়ৰ মূল দুৱাৰখন খুলিবলৈ লাগিল তেওঁ। যেনেতেনে ইয়াৰ পৰা ওলালেই বাচিব। উফ, কি হৈছে এইবোৰ! ঘৰতে যে এনে ফেঁটীসাপ আছিল মনোহৰাই যে গমেই নাপালে। দুৱাৰখন খুলি খোজ আগুৱাবলৈ লৈ মনোহৰা ৰৈ গ'ল। বুকুৰ উশাহ দুগুণ হৈ আহিল। কাৰণ স্নেহালয়ৰ বাৰাণ্ডাত ৰৈ আছিল, ৰাধা। মনোহৰাই তাইৰ ওচৰলৈ গৈ ক'লে,
"আইজনী অ', ৰাধা। তই মোক ইয়াৰ পৰা উলিয়াই নে চোন। এই এই সাদৰীয়ে মোক মাৰি পেলাব অ'।"
ৰাধাই মনোহৰাৰ খেলিমেলি হৈ থকা চুলিখিনি ঠিক কৰি দি ক'লে,
"কি কয় আইতা? সাদৰী খুৰীয়ে আপোনাক কেতিয়াও মাৰিব নোৱাৰে।"
এতিয়ালৈ সাদৰীও আহি সেইখিনি পাইছিলহি। ৰাধাই পুনৰ ক'লে,
"কাৰণ আপোনাক মইহে মাৰিম আইতা!"
কলিজাটো আহি যেন ডিঙি পাইছেহি মনোহৰাৰ। তাৰমানে এয়া সকলো ষড়যন্ত্ৰ! উফ, কি ভয়ংকৰ। নাই নাই, এনেকৈ মিচিমি বিহ খাই মৰিবলৈ মনোহৰাই ইমান কষ্ট কৰা নাই। তেওঁ পুনৰ পলাবলৈ চেষ্টা কৰিছিল। পিছে ৰাধাই থাপ মাৰি ধৰি ভিতৰলৈ টানি নিলে। সাদৰীয়ে লগে লগে দুৱাৰখন জপাই দিলে ভিতৰৰ পৰা। মনোহৰাই শেষত উপায় নাপাই হাতযোৰ কৰি ৰাধাৰ ভৰি চুই ক'লে,
"মোক ক্ষমা কৰি দে অ' আই। বৈকুণ্ঠই তোৰ মানুহটোক মাৰি পেলাব বুলি মই জনা নাছিলো। পাছতহে গম পালোঁ। মোক এৰি দে অ'।"
ৰাধাই মনোহৰাৰ চুলিত খামুচি ধৰি ক'লে,
"সৰুৰে পৰা যদি আমাৰ প্ৰতি পুতেৰৰ মনত বিহ ঢালি নিদিলিহেঁতেন, তেন্তে আজি বৈকুণ্ঠই এইবোৰ নকৰিলেহেঁতেন। মাক ঘৰৰ পৰা কোনে খেদি পঠালে, ককাৰ এইটো অৱস্থা কোনে কৰিলে, আয়ে কিয় ভাত পানী বাদ দিলে? আৰু, তৰাৱতী আইতাক কোনে মাৰিছিল। ক, উত্তৰ দে মনোহৰা চৌধুৰী। নকৱ কিয়?"
মনোহৰাই বুকু ঢকিয়াই কান্দি উঠিল,
"মই, ময়েই মৰাইছিলোঁ অ'। ময়েই তৰাক বিহ দিছিলোঁ। মোৰ ভুল হৈ গ'ল অ'। মোক এৰি দেচোন। অ' হেৰি ক'ত আছে আপুনি...."
আইতাকৰ কান্দোনলৈ গুৰুত্ব নিদি ৰাধাই সাদৰীক ক'লে,
"খুৰী, এওঁক ভানুমতী আইৰ কোঠালৈ লৈ যাওঁ ব'লা। সেই কোঠাৰ গৰাকী হ'বলৈকেতো অতদিনৰ যত্ন। স্নেহালয়ৰ মহাৰাণী হোৱাৰ সপোনটো আজি পুৰা কৰিয়েই দিওঁ।"
সাদৰীয়ে হাঁহি মাৰিলে। লগে লগে ৰাধাই মনোহৰাক চুলিত ধৰি চোঁচৰাই চ'ৰাঘৰৰ পৰা আইৰ কোঠালৈ লৈ গ'ল। চিঞৰত গগণ ফালিছিল মনোহৰাই। কিন্তু নাই, আজি তেওঁক ৰক্ষা কৰিবলৈ কোনো নাই। ভানুমতীৰ কোঠালিত সোমোৱাই গতিয়াই দিলে ৰাধাই মনোহৰাক,
"মনত পেলা, কি কি অন্যায় কৰিলি এইটো বংশৰ লগত মনত পেলা। তই নিজৰ গিৰিয়েৰটোৰেই হ'ব নোৱাৰিলি, আনৰ কি হ'বি? নিজৰ পুতেৰটোকো নিজেই ধ্বংসৰ পথত আগুৱাই দিলি। মোৰ সৰু দাৰ জীৱনটো শেষ কৰি পেলালি।"
ৰাধাৰ চকুৰ অঙঠা দুটা আজি ভয়ঙ্কৰকৈ জ্বলিছে। মনোহৰাই বুজি পালে তেওঁৰ হাজাৰ অনুৰোধেও আজি ৰাধাক ৰখাব নোৱাৰে। সাদৰী আৰু ৰাধা দুয়োজনী আগুৱাই আহিল। ৰাধাই ক'লে,
"মই ধৰিছোঁ খুৰী। তুমি খুৱাই দিয়া শাহুয়েৰাক।"
চটফটাই থকা মনোহৰাক টানকৈ ধৰিলে ৰাধাই। ভৰিৰে গচক মাৰি ধৰিলে পেটত। লগে লগেই সাদৰীয়ে মনোহৰাৰ মুখখন জোৰ কৰি মেলি গোটেই বটল বিহ ঢালি দিলে। অলপ সময় ৰাধাই মুখখন জোৰকৈ জপাই ৰখালে যাতে উলিয়াই পেলাব নোৱাৰে। তাৰ পাছত এৰি দিলে। মেলা চুলিৰে আউলী বাউলী হৈ স্নেহালয়ৰ ইটোৰ পৰা সিটো কোঠালিলৈ দৌৰিছে মনোহৰা। এটা সময়ত ধমহকৈ পৰি ৰ'ল ভাত খোৱা কোঠাটোৰ মজিয়াত। এইখনেই সেইকণ ঠাই, য'ত বহু বছৰ আগতে আন এজনী বোৱাৰীয়ে মিচিমি বিহৰ প্ৰভাৱত ঢলি পৰিছিল। মনোহৰাই হলককৈ বমি কৰিলে। তেজেৰে ভিজি গ'ল গোটেই মজিয়া। আঁতৰৰ পৰা মাত্ৰ চাই ৰ'ল ৰাধা আৰু সাদৰীয়ে। আকৌ এবাৰ বমি। বমি আৰু তেজৰ কেচেমা গোন্ধ এটা বিয়পি পৰিছে গোটেই ঘৰটোত। কিন্তু এই গোন্ধটো সিদিনাৰ শৰতৰ চিতাৰ পৰা ভাঁহি অহা গোন্ধটোতকৈ বহুগুণে ভাল লগাচোন। এটা সময়ত বমি কৰি কৰি মনোহৰা লেবেজান হৈ পৰিল। ঘন ঘনকৈ লোৱা উশাহবোৰ এসময়ত গৈ ৰৈ গ'ল। চটফটাই থকা গাটো এসময়ত নিথৰ হৈ গ'ল। বাহিৰত ফেঁচা এটাই নিউ নিউ কৰিছে। ৰাধাই সাদৰীলৈ চাই তৃপ্তিভৰা হাঁহি মাৰি ক'লে,
"কৈছিলোঁ নহয়, যেতিয়া হিচাপ হ'ব, বৰ ভয়ংকৰকৈ হ'ব। প্ৰতিশোধ যেতিয়া লোৱা হ'ব, নৃশংসতাৰ সকলো সীমা লংঘি যোৱা হ'ব।"
তাৰ পাছতে ৰাধা ধীৰ খোজেৰে নিজৰ ঘৰলৈ খোজ ল'লে। তাইৰ বগা সাজযোৰত অলপ তেজবমিৰ চিটিকণি লাগি আছিল। সেইখিনি চাই ৰাধাই আপোনা আপুনি ক'লে,
"সাজযোৰ বৰ উকা হৈ আছিল, আজি ফুল বচা হৈ গ'ল। ৰঙা ৰঙা তেজফুল।"
(আগলৈ)
Comments
Post a Comment