ৰাধা : খণ্ড ৪

 #ৰাধা

Part 4

"ডাঙৰ খুড়া, ডাঙৰ খুড়া.."

নঙলা মুখৰ পৰাই চিঞৰি চিঞৰি সোমাই আহিছে ৰাধা। চোতালৰ ইমূৰৰ গোহালিৰ পৰা পোনাই তাইক দেখিছে যদিও তাইৰ ৰূপ দেখি মাতিবলৈ সাহস কৰা নাই। বহল চোতালখনত ইটো সিটো কামত লাগি থকা দুই এটাইও ভুমুকি মাৰিছে যদিও মাত দিয়া নাই। এনেতে ঘৰৰ কাম কৰা বাই তেজা ওলাই আহিল খৰধৰকৈ,

"কি হৈছে ৰাধা, এনেকৈ চিঞৰি আহিছ যে?"

"ডাঙৰ খুড়া ক'ত আছে তেজা বাই?"

তাইৰ চিঞৰ শুনি ভিতৰৰ পৰা বৈকুণ্ঠৰ পত্নী মানে ৰাধাৰ খুৰীয়েক সাদৰী ওলাই আহিল,

"ৰাধা, ক'ৰবাত কিবা অঘটন হ'ল নেকি?"

কপাহী কাপোৰৰ চাদৰ মেখেলা পিন্ধি সদায় মূৰত উৰণি লৈ ঘৰখনৰ সকলোৰে জঞ্জাল মাৰি ফুৰা সাদৰীক দেখি ৰাধা কিছু শান্ত হ'ল। ৰাধায়েই নহয়, সাদৰীৰ মুখৰ মৰমসনা মাতষাৰ, তাইৰ হাঁহিটোত আটায়ে যেন মোহ যায়। গোবিন্দপুৰৰ যিকোনো মানুহেই সেয়ে স্নেহালয়লৈ আহিলে প্ৰথমে সাদৰীকে বিচাৰে। মানুহজনীৰ মুখত আজিলৈকে কোনো খঙৰ ৰেশ নেদেখিলে ৰাধাই। গিৰিয়েকৰ দাবী ধমকিও শান্ত হৈ গ্ৰহণ কৰে সাদৰীয়ে। কাৰো প্ৰতি একো অভিযোগ নাই। নিজক যেন চৌধুৰী পৰিয়ালৰ বাবে উজাৰি দিবলৈকে আছে সাদৰী। সাদৰীক দেখি ৰাধাই এইবাৰ কিছু নৰমকৈ ক'লে,

"কথা এটাৰ কাৰণে খুৰাক লাগিছিল খুৰী।"

এনেতে ভিতৰৰ পৰা বৈকুণ্ঠ চৌধুৰী ওলাই আহিল। হয়তো তেখেতে অনুমান কৰিছিলেই। নিজৰ লাভ নোহোৱাকৈ এটা শব্দও খৰছ নকৰা, স্বভাৱতে গহীন বৈকুণ্ঠই মাতত কিছু বিৰক্তি সানি ক'লে,

"কি হৈছে ক?"

"তহঁতে বোলে শিল্পী দিৱসত সংঘত কিবা পাৰ্টিৰ মিটিং পাতিবি?"

"কি তহঁতে, মই কি ৰাজনীতি কৰা মানুহ নেকি! মিটিং পাৰ্টিয়েই পাতিব। মাত্ৰ লিডাৰজন মোৰ বন্ধুৰ ল'ৰা। আৰু মোৰ বন্ধু আমাৰ মৌজাৰ মৌজাদাৰ। সিও আহিব।"

"কিন্তু সেইদিনা যে আমি শিল্পী দিৱস পাতিম বুলি ঠিক কৰি.."

ৰাধাৰ কথা কৈ নহওতেই খুৰাকে ক'লে,

"হ'ব দে। এদিন পিছুৱাই পাতিবি শিল্পী দিৱস।"

"শিল্পী দিৱস সোতৰ জানুৱাৰীত হয়। তাৰিখ এটা পিছুৱাব পাৰি নেকি? তাতকৈ তহঁতে পিছুৱাই নিদিয় কিয়?"

বৈকুণ্ঠই জানে, ৰাধাৰ লগত তৰ্কৰে তেওঁ নোৱাৰে। হাইস্কুলত পঢ়ি থকা এইজনী ভতিজাকৰ বিচক্ষণতাত তেওঁ কিমান বাৰ যে পানী হ'ব লগা হৈছে ঠিক নাই। সেয়ে এইবাৰ বৈকুণ্ঠৰ মাতটো ডাঙৰকৈ ওলাল,

"ৰাধা, চব কথাত মাত মাতিবলৈ নাযাবি। সেইবোৰ মানুহ তোৰ নিচিনাকৈ কাম বন নোহোৱা মানুহ নহয়। সদায় সময় দিব নোৱাৰে। হাজৰিকা ইলেকচনত জিকিলে আমাৰ গোবিন্দপুৰৰ কিমান কাম হ'ব ভাব চোন। নতুন ল'ৰা, ইমান কম বয়সতে কিমান কাম কৰিছে।"

ৰাধাই তাতকৈও ডাঙৰ মাতেৰে ক'লে,

"জানো দে, তোৰ সেই হাজৰিকাই আমাৰ গাঁৱৰ মথাউৰিৰ আধাৰশিলা পুতি যোৱা নাছিল জানো মই ফ'ৰত থাকোতেই। এতিয়া সেইটো আধাৰশিলাত শেলুৱৈ লাগি ধৰিব নোৱাৰা হ'ল গৈ। হাজৰিকাৰ কামৰ নমুনা মোক শুনাবলৈ নাহিবি।"

খুৰাক অলপ সময়ৰ বাবে ৰৈ গ'ল। চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ পৰাই তাৰমানে ৰাধাৰ এইবোৰত চকু। এবাৰ ইফালে সিফালে চালে। ৰাধাক তলৰ পৰা ওপৰলৈকে চালে তেওঁ। এইজনী এইকণ ছোৱালী, এতিয়াই তাইৰ এইয়া তেজ। সময় বাগৰাৰ লগে লগে তাই কি ৰূপ ল'ব সেয়া যে কল্পনাও কৰিব নোৱাৰি। নাই নাই, এনেকৈ এইক বাঢ়িবলৈ দিব নোৱাৰি। এটা এটাকৈ বাটৰ কাঁইট আঁতৰাই ধৰ্ম নাৰায়ণৰ সুযোগ্য উত্তৰাধিকাৰীৰ যোগ্যতা অর্জনৰ কৰা বৈকুণ্ঠ এই সাধাৰণ ছোৱালীজনীৰ ওচৰত হাৰি যাব নোৱাৰে। গহীন হৈ বৈকুণ্ঠই ক'লে,

"মনে মনে থাক। উকীল ওলাবলৈ নাহিবি। সেইদিনা পাৰ্টিৰ মিটিঙেই হ'ব। মন আছে যদি আহিবি। নহ'লে ঘৰত সোমাই থাকিবি।"

এনেতে ৰাধাৰ মাক কুন্তলাও সেইখিনি পালেহি। আহিয়েই মাকেও খুৰাকৰ লগতে যোগ দিলে,

"সময় নাই অসময় নাই ঘূৰি ঘূৰি এয়া ব্যৱহাৰ শিকিছ তই। ডাঙৰৰ ওচৰত এইটো সুৰত কথা ক'বলৈ লাজ নাপাৱ।"

কুন্তলা বৈকুণ্ঠৰ বাবে আটাইতকৈ ভাল সুযোগ। সুযোগটো পাই লগে লগে বৈকুণ্ঠই ক'লে,

"এইক ঘুৰাফুৰা অলপ বন্ধ কৰক নবৌ। কোনোবা দিনা আমাৰ পৰিয়ালৰ নাক কাণ কটা যাব।"

"আগতে নিজৰ কামতে নাক কাণ বচাই ল তই।"

কথাটো কৈ গপগপাই ভিতৰলৈ সোমাই গ'ল ৰাধা। মাক নহা হ'লে হয়তো কথাটো আৰু বাঢ়িলহেঁতেন। কিন্তু যিমান পাৰি মাকৰ অবাধ্য নোহোৱাকৈ থাকে তাই। ৰাধা যোৱাৰ পাছতে সাদৰী তলমূৰ কৰি লাহেকৈ ভিতৰ সোমাল। যেন একো শুনাই নাই। ৰাধাৰ শেষৰ কথাষাৰ যে শেল এপাট হৈ বৈকুণ্ঠৰ কাণত পৰিছে সেয়া সাদৰীতকৈ ভালকৈ কোনে বুজিব। কিন্তু নাই, স্বামী যিয়েই নহওক যেনেকুৱাই নহওক, প্ৰশ্নৰ আঙুলি উঠোৱাটো পাপ। মহাপাপ। সেয়ে বহুকথা জানিও বুজিও নিশ্চুপ হৈ থাকে সাদৰী। কেতিয়াবা গোঁসাই ঘৰত উচুপি উঠে, এওঁক সুমতি দিবা গোঁসাই। কোটৰ পৰা ৰুমাল উলিয়াই কপালত বিৰিঙি থকা ঘাম মচি মচি বৈকুণ্ঠও ওলাই গ'ল বাটৰ ফালে। কি নাক কাণ কটাৰ কথা ক'লে ৰাধাই। তাই যেন লাহে লাহে বুজি আহিছে বৈকুণ্ঠৰ উদ্দেশ্য। নাই, নাই বেছি ভাবিছে সি। ৰাধা তেনেই অকণমানি। তাই কি বুজি পাব ব্যৱসায়িক অংক। ৰাধা যোৱাৰ ফালে চাই চাই গোঁসাই ঘৰৰ ফালে খোজ ল'লে কুন্তলাই। চিন্তাত ডুবি থকা কুন্তলাই কেতিয়া নো খোলাকৈ হাঁহিছিল মনতে নাই। গিৰিয়েকৰ অকাল মৃত্যুৰ পাছত শহুৰেক আৰু দেওৰেকৰ ডেউকাৰ তলতে তাই আৰু জীয়েকজনী আছে। কিন্তু জীয়েকৰ যি কথা বতৰা হ'বলৈ লৈছে সেই চিন্তাই খুলি খাই কুন্তলাক। ছোৱালী মানুহৰ এই ধৰণৰ কথা, এই ব্যৱহাৰ কুন্তলাৰ বাবে কল্পনাৰো বাহিৰ। চিন্তাৰ আঁত ছিঙি নাযায়হে নাযায়।


এইফালে স্নেহালয়ৰ বিশেষ কোঠাটোৰ সমুখত ৰ'লগৈ ৰাধা। খঙত কি কৰিব একো ঠিৰাং কৰিব নোৱাৰিলেই ৰাধা ইয়ালৈ আহে। তাই জানে সকলো প্ৰশ্নৰ সমাধান যেন ইয়াতেই আছে। এই কোঠাটোলৈ আনটো বাদেই ধৰ্ম নাৰায়ণ বা তেখেতৰ পত্নী মনোহৰাৰে ঘপকৈ সোমাই অহাৰ অধিকাৰ নাই। কোঠাটো ধৰ্ম নাৰায়ণৰ মাতৃ অৰ্থাৎ ৰাধাৰ আজো আইতাক ভানুমতী চৌধুৰীৰ। নব্বৈৰ উৰ্ধৰ  ভানুমতীৰ এটা মাতত কঁপি উঠে স্নেহালয়ৰ দেৱাল। যাৰ আগত মূৰ তুলি কথা কোৱাৰ সাহস স্বয়ং ধৰ্ম নাৰায়ণৰো নাই। সেই ভানুমতীৰ কিন্তু বুকুৰ এফাল ৰাধা। আচলতে ৰাধাৰ এই মৰসাহটোৰ বাবেই তাই ভানুমতীৰ আটাইতকৈ প্রিয়। এসময়ত ভানুমতীও হেনো ৰাধাৰ দৰেই আছিল। সেই তাহানি যুগতে ভানুমতীয়ে বহু কথাই সলনি কৰাৰ চেষ্টাও কৰিছিল। কিন্তু পৰা নাছিল। সৰুৰে পৰা উদঙীয়া হৈ শেষত চৌধুৰী পৰিয়ালৰ বৰ বোৱাৰী হ'ব লগা হৈছিলহি ভানুমতী। কিন্তু বুঢ়া কালতো অসম আন্দোলনত সকলো বাধা বৰ বোৱাৰীৰ মৰ্যাদা বাদ দি ওলাই গৈছিল তেওঁ। সেই সময়ত প্ৰায় সত্তৰ বছৰীয়া ভানুমতীয়ে আন্দোলনত সক্ৰিয় ভূমিকা লোৱাৰ লগতে আৰ্মিকো হেনো ফেপেৰি পাতি কাঁচিৰে ঘপিয়াইছিল। খঙত কেঁচাইখাতীৰ ৰূপ লয় ভানুমতীয়ে। আন্দোলনৰ কথাবোৰ গঞা ৰাইজৰ মুখে মুখে সাধুকথাৰ দৰে আজিও চলি আছে। ভানুমতীৰ কোঠাটো যেন কোনোবা পুৰণি গল্পৰ দৰে। বিয়া হওঁতে লগত অনা পালেং, আলনা, আনকি মুখ চোৱা আইনাখনো একেই আছে। বেৰত এটা জাপি। আন্দোলনৰ পাছত কোনোবা সংগঠনে সম্বৰ্ধনা জনাই দিছিল। তাৰ লগতে এখন টেবুলৰ সৈতে এযোৰ চ'ফা। কোনোবাই কোঠালৈ আহি কথা পাতিব লগা হ'লে সেই চোফাতে বহে। ৰাধাৰ বাহিৰে ভানুমতীৰ বিচনাত উঠিব পৰাৰ অধিকাৰ কাৰো নাই। বিচনাখনতে বহি আউজি ভানুমতীয়ে জুপি জুপি কিবা এখন পঢ়ি আছে। ৰাধাই জানে, সেয়া হয়তো মামণি ৰয়ছমৰ কোনোবা উপন্যাস নহ'লে কীৰ্তন বা নামঘোষাৰ কিবা অধ্যায়। দুৱাৰ মুখৰ পৰাই তাই মাত দিলে,

"আই, শুলে নেকি?"

ভানুমতীক অকল চৌধুৰী পৰিয়ালৰে নহয়, গোটেই গাঁৱে আই বুলিয়েই মাতে। ভানুমতীৰ বয়সৰ মানুহ গোটেই গোবিন্দপুৰতে আৰু কোনো নাই। ৰাধাৰ মাতত বৰ কাপোৰখন কোঁচাই ভানুমতীয়ে চালে,

"নাই, আহ। তাতেই ৰ'লি যে!"

ৰাধা সোমাই আহি তেওঁৰ ওচৰত বহিলহি। তাইৰ বান্ধি থোৱা চুলিকোঁচা ভানুমতীয়ে খুলি দিলে। ৰাধাৰ কঁকাললৈকে পৰা চুলিখিনি তেওঁ বৰ ভাল পায়। কেতিয়াবা তেজাৰ হতুৱাই ঔ টেঙাৰ গুটি বা জবা পাত গুৰি কৰি নিজেই তাইৰ চুলিত লগাই ধুৱাই দিয়ে। ৰাধাই একো নমতা দেখি ভানুমতীয়ে নিজেই ক'লে,

"তেন্তে শিল্পী দিৱসৰ কথাটো তয়ো গম পালি। মই ধৰ্মক কৈছিলোঁয়েই ৰাধাই গম পালে কথাটো সৰু হৈ নাথাকে।"

"আপুনি কেনেকৈ জানিলে?" আচৰিত হ'ল ৰাধা। এইটো কোঠালিত থাকিয়েই গোবিন্দপুৰৰ পাত এটা লৰিলেও খবৰ পাই তাইৰ আজু আইতাকে।

"ধৰ্ময়েই মোক ক'লে। কথাটো তোৰ ককাৰেও পছন্দ কৰা নাই। কিন্তু ৰাধা, কিছুমান কথা পছন্দ নকৰিলেও মত দিব লগা হয়। ককাৰৰ সেই গতিয়েই হৈছে। পুত্ৰমোহ বুলিও ক'ব পাৰ। তোৰ বাপেৰ অকালতে ঢুকোৱাৰ পাছত ধৰ্ময়ে বৈকুণ্ঠক একোৱেই নোকোৱা হ'ল।" 

কথাটো ৰাধাই বুজি পায়। ধৰ্ম নাৰায়ণ আৰু ভানুমতীৰ চকুৰ মণি হেন আছিল ৰাধাৰ দেউতাক, ভাগৱত চৌধুৰী। এজন নিষ্ঠাবান সাংবাদিক হোৱাৰ লগতে সমাজকৰ্মীও আছিল। কিন্তু সেই যে ঘটনাটো। নাই, ৰাধাই মনত পেলাব নোখোজে। কিছু সময় ৰৈ ৰাধাই সুধিলে,

"তেন্তে আমি কি কৰিম এতিয়া?"

"কৰিব পৰা বহুতেই আছে। ককাৰে ক'লে বৈকুণ্ঠই তোক কিবা এটা কৰিবলৈ নিশ্চয় দিব সেইদিনা লিডাৰৰ আগত।"

"কি কৰিম গৈ? সেইজাকৰ আগত কি মই জ্যোতি সংগীত গাম? ৰূপহ কোঁৱৰৰ চুমা পৰশত নে গছে গছে পাতি দিলে?"

ৰাধাৰ ভেকাহি মৰা সুৰটো দেখি ভানুমতীয়ে মুখত আচলেৰে সোপা দি হাঁহিলে। আজোনাতিয়েকৰ যোগেদি তেওঁ নিজৰ শৈশৱ দেখি আছে যেন। এনেতে দুৱাৰমুখত ধৰ্ম নাৰায়ণ ৰৈ মাত দিলে,

"ভুলটো তহঁতৰ তাতেই। জ্যোতিপ্ৰসাদ অকল প্ৰেমিক নাছিল। অকল প্ৰেমৰ গীত, প্ৰেমৰ নাটকেই লিখা নাছিলতো। জ্যোতিৰ গীতত কবিতাত বিদ্ৰোহো আছিল। বিপ্লৱো আছিল।"

ভানুমতীয়ে পুতেকক দেখি মাত দিলে,

"আহ ধৰ্ম।"

ধৰ্ম নাৰায়ণ আহি চোফাতে বহিলহি। ককাকৰ কথাৰ ইংগিত বুজি পালে ৰাধাই। লগে লগে তাইৰ মুখত হাঁহিৰ পাতলীয়া বতাহ এছাটিয়ে খেলি গ'ল। লগে লগেই তাই ক'লে,

"ডাঙৰ খুৰাক ক'ব, মিটিঙৰ আৰম্ভণিতে মই এটা কবিতা আবৃত্তি কৰিম।"

কথাটো কৈয়েই ওলাই গ'ল তাই। তাইলৈ চাই চাই হাঁহি থকা ভানুমতীক ধৰ্ম নাৰায়নে ক'লে,

"ৰাধা সময়তকৈ সোনকালেই ডাঙৰ হোৱা নাই নে?'

"মানে, কি বুজাব খুজিছ?"

"এতিয়াই তাইৰ যি চিন্তা, কথাৰ যি যুক্তি, মাতত যি জোৰ সেয়া যে..."

"ভানুমতী চৌধুৰীৰ একমাত্ৰ নাতিনীৰ সেইখিনি থাকিবই, থাকিব লাগিবই।"

কথাষাৰ কৈয়ে ভানুমতীয়ে কিতাপখন পুনৰ তুলি ল'লে। ধৰ্ম নাৰায়নে গম পালে, তেওঁ আৰু কথা নাপাতে। হুমুনিয়াহ সৰাই কোঠালিৰ পৰা তেওঁ ওলাই আহিল।


সংঘ গোটেইটো মানুহে ভৰি পৰিছে। বেছিভাগ মানুহ ৰাধাহঁতে চিনিয়েই পোৱা নাই। তাৰ মানে বাছবোৰ ভাড়া কৰি এয়া বেলেগৰ পৰাও মানুহ আনিছে। ৰঙা ৰঙা চকীৰে ভৰি পৰা প্ৰকাণ্ড সভাঘৰটোত চকীৰ কাষে কাষে বিভিন্ন পেকেট দ'ম বান্ধিছে। শিখৰ, তিৰঙ্গা, বৈদ্যনাথ, তেঁতেলী একো বাদ পৰা নাই। মানুহৰ হুলস্থুলত কেনিও কাৰো মাত নুশুনি। মাজে মাজে কোনোবা কেঁচুৱাৰ কান্দোন। ৰাধাই ভাবি নাপাই এই কেঁচুৱায়ে মেচুৱায়ে কি কৰিবলৈ আহে মানুহগাল। কি শুনিবলৈ আহে! একেবাৰে সমুখৰ চকী এখনত বহি থকা ৰাধাৰ চকুত পৰিছিল খুৰাক বৈকুণ্ঠ খুব ব্যস্ততাৰে ইফালৰ পৰা সিফাললৈ ঘূৰি সকলো তদাৰক কৰি আছে। তেনেতে চাইৰেন বজাই গাড়ী এখন ৰ'লহি। লগত আন কেইবাখনো গাড়ী। মানুহৰ মাজত উথপথপ লাগিল। পালেহি পালেহি বুলি চিঞৰ এটাও ভাঁহি আহিল। ৰাধাৰ খুৰাক দৌৰাৰ দৰে আগুৱাই গ'ল। এজাক মানুহৰ মাজত হাত জোকাৰি আহি আহি মঞ্চত সজাই থোৱা চকীত বহিল গৈ অলকেশ হাজৰিকা। আহি থকা ইলেকচনত সিহঁতৰ সমষ্টিৰ প্ৰাৰ্থী তথা সিহঁতৰ মৌজাৰ মৌজাদাৰ সদানন্দ হাজৰিকাৰ পুতেক। মঞ্চত অলকেশ হাজৰিকাৰ কাষতে বৈকুণ্ঠ চৌধুৰী। ৰাধাই দাঁত কেইটা কৰচি চাই ৰ'ল, অলপ পাছতে পাবি ৰ বুলি। ঘোষক জনে কৈ গ'ল,

"এয়া আমাৰ মাজত উপস্থিত হ'লহি গোবিন্দপুৰ বাসী ৰাইজৰ নয়নৰ মণি, অলকেশ হাজৰিকা। তেখেতৰ সাৰুৱা ভাষণ শুনাৰ আগতে আজি যিহেতু শিল্পী দিৱস সেয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি কবিতা আবৃত্তি কৰিব, ৰাধা চৌধুৰীয়ে।"

অলকেশৰ কাণত বৈকুণ্ঠই কিবা কৈছে। হয়তো ৰাধাৰ চিনাকি দিছে। ৰাধা উঠি গ'ল। গলগলীয়া মাত উলিয়াই তাই আৰম্ভ কৰিলে,

"কবিতাৰ শিৰোনাম, সাৱধান সাৱধান।"

হঠাৎ হুলস্থুল যেন নোহোৱা হৈ গ'ল। বৈকুণ্ঠৰ দৃষ্টিও ৰাধাৰ ওপৰত। কিবা এটা যে হ'বলৈ গৈ আছে, তেওঁ গম পাইছে। একোলৈ ভ্ৰূক্ষেপ নকৰি ৰাধাই গাই গৈছে,

"সুবিধাবাদীৰ দল,

তোৰ মিছা হ'ব কৌশল

ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছ বল।"

উচপ খাই উঠিল অলকেশ হাজৰিকা। চেলাউৰী কোঁচাই চালে বৈকুণ্ঠলৈ। ক'ৰবাত যেন কথাখিনিয়ে বিন্ধিছে তেওঁক। কি কয় বৈকুণ্ঠই। জ্যোতিপ্ৰসাদৰ এইটো কবিতা যে তাই মাতিব, বৈকুণ্ঠই যে সপোনতো ভবা নাছিল। ৰাধাৰ উদ্দাত্ত কণ্ঠ,

"জনতাক কৰা চল চাতুৰীৰ 

আলাসতে গজা কোৱা ভাতুৰীৰ

স্বৰূপ ওলাই গ'ল

তই হাতে হাতে পাবি ফল

হেৰৌ খকুৱাৰ দল,

তই জনা নাই...."

হঠাৎ বন্ধ হ'ল মাইকৰ শব্দ। ৰাধা প্ৰথমে আচৰিত হৈছিল যদিও লগে লগে গম পালে ইয়াৰ আঁৰত কোন। যোৱা পাঁচ বছৰে অলকেশ হাজৰিকাই যি কৰিছিল, তাৰ পাছত নিৰ্বাচনৰ প্ৰচাৰত এইটো কবিতা শুনাৰ সাহস আছে জানো? ঘোষক উঠি আহিল মঞ্চলৈ। আন এটা মাইক লৈ ঘোষণা কৰিলে,

"ৰাধালৈ ধন্যবাদ। আমি নিৰ্বাচনী সভালৈ আগবাঢ়িছোঁ।"

কিন্তু দৰ্শকৰ মাজত জাউৰিয়ে জাউৰিয়ে হাত চাপৰি আৰু উকি। মনটো ভৰি গ'ল ৰাধাৰ। তাইৰ শৰ একেবাৰে ঠিক ঠাইতে লাগিছে। মঞ্চত বহি থকা অলকেশ হাজৰিকালৈ চালে তাই, মুখত ভয় লৈ তাইলৈকে চাই আছে। চকুৱে চকুৱে পৰাত বিদ্ৰুপৰ হাঁহি এটা মাৰি তাই নামি গ'ল। তগৰহঁত তলত ৰৈ আছিল। ৰাধাই ক'লে, "ব'ল, কাম হৈ গ'ল।"

ৰাধা যোৱা আধা ঘণ্টা মানৰ পাছতে মঞ্চৰ পৰা ঘোষকৰ মাত ভাঁহি আহিল,

"আমাৰ প্ৰাৰ্থী অলকেশ হাজৰিকা হঠাৎ অসুস্থ হৈ পৰাৰ বাবে আজিৰ সভা স্থগিত ৰখা হৈছে।"

লগে লগেই চাইৰেন বজাই উলটি গ'ল অলকেশ হাজৰিকা।

(আগলৈ)

Comments

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯