ৰাধা : খণ্ড ৫
#ৰাধা
Part 5
কেতিয়াবা এখন চহৰৰ প্ৰেমত পৰে নে মানুহ? আমি নজনাকৈয়ে আমাৰ বাবে ৰৈ থাকে নেকি কোনোবা নগৰ? আমাৰ যেন জন্ম জন্মান্তৰৰ প্ৰেমিক হৈ, আঁকোৱালি ল'বলৈ? সন্ধ্যাৰ বাবে এই মহানগৰখন যেন তেনে এক প্ৰেমিক। জীৱনে দিয়া আটাইতকৈ কষ্টৰ সময়খিনিতে মহানগৰে আহ্বান জনাইছিল তাইক। লুইতৰ পাৰৰ এই ব্যস্ত চহৰলৈ অনুৰণৰ হাতত ধৰিয়েই গুচি আহিছিল সন্ধ্যা। তাৰ পাছত? মহানগৰে যেন নিচুকাই আছে তাইক। প্ৰতিটো পুৱা, প্ৰতিটো আবেলি, প্ৰতিটো সন্ধ্যা বা নিশা নতুন সাধুকথা শুনাই যেন উমলাই তাইক। কত সন্ধিয়া যে তাই কটাই দিছে শুক্ৰেশ্বৰ দেৱালয়ৰ আৰতি চাই। কত আবেলি অনুৰণৰ সৈতে এটাও শব্দ বিনিময় নকৰাকৈ পাৰ কৰিছে বেলিভিউত। কত বাৰ তাইৰ মন ভাল লাগক বুলিয়েই অনুৰণে লৈ গৈছে পাণ বজাৰৰ প্ৰকাশিকাৰ কিতাপৰ মাজলৈ। এৰা, মহানগৰে লাহে লাহে মলম সানিছিল যেন আঘাতবোৰত।
সেই মহানগৰৰে এটা বিখ্যাত তথা চঞ্চল গলী, প্ৰতিটো দিনেই হাজাৰ কাহিনীৰ সাক্ষী হোৱা এটা গলী, অনেক উপন্যাসৰ জন্মদাত্ৰী এটা গলী, প্ৰতিটো সন্ধিয়া গাভৰু হোৱা এটা গলী। ইয়ালৈ সন্ধিয়া প্ৰায়েই আহে সন্ধ্যা। গুৰু গম্ভীৰ খোজেৰে পাৰ হৈ যায়। চাৰিওফালে থকা খোৱাৰ দোকানবোৰত চলি থকা হাঁহিবোৰে, ৰাস্তাত খোজকাঢ়ি যোৱা উকিবোৰে সন্ধ্যাক যেন পাৰ হোৱা সময়ছোৱা দেখুৱাই দিয়ে। আগতে ইয়াৰ দোকানবোৰ ইউনিভাৰ্চিটিৰ গেটখনৰ সমুখতে আছিল। এতিয়া তাৰ পৰা উঠালে। সন্ধ্যাই বুজি নাপায়, ইউনিভাৰ্চিটিৰ সন্মুখৰ বাবে উঠালে নে ৰাস্তাৰ ইপাৰে থকা পার্কখনৰ আটক ধুনীয়া গেইটখন মানুহৰ চকুত পৰক বুলি। মন যায় তাইৰ, এই গলীটোৰ কোনোবা এখন দোকানত পুৰি চবজিৰ সোৱাদ ল'বলৈ মন যায়। হাঁহি হাঁহি চঞ্চল হ'বলৈ মন যায়। কিন্তু নোৱাৰে। কিয় নোৱাৰে নো? অন্তৰ্মুখীতা নে এশ তেইছ বছৰীয়া এখন শিক্ষানুষ্ঠানৰ অধ্যাপিকা হোৱাৰ মৰ্যাদা। ৰাধাখন পঢ়ি পঢ়ি কেতিয়ানো সন্ধিয়া হৈছিলহি গমেই নাপালে সন্ধ্যাই। কিতাপৰ মাজত বুকমাৰ্কটো ভৰাই উঠি আহিছিল তাই ইয়ালৈ। ফ্লেটৰ পৰা নামি আহি খোজকাঢ়িয়েই সিহঁতৰ ইউনিভাৰ্চিটিৰ এই হোষ্টেল ৰোডটো পালেহি। বুকুখন গধূৰ হৈ আছিল। ময়ূৰৰ মৃত্যুত হয়তো অসমীয়া সাহিত্যই এক সুন্দৰ সম্ভাৱনাক হেৰুৱালে। গধূৰ মনটোক নিচুকাবলৈকে তাই ইয়ালৈ আহিল। ভাল লাগে, এই হাঁহিমুখৰ ল'ৰা ছোৱালীবোৰ দেখি কিবা এটা ভাল লাগে তাইৰ। জীৱনৰ আটাইতকৈ ধুনীয়া সময়খিনি উপভোগ কৰি ভাল লাগে। লাগিলে সেয়া আনৰেই হওক। সন্ধ্যাই অনুভৱ কৰে, লাহে লাহে যেন তাই প্ৰেমত পৰিছে এই মহানগৰৰ। তাই শিক্ষকতা কৰা বিশ্ববিদ্যালয়খনৰ। কেতিয়াবা অতীত খুচৰিও চাই, কোনোবা সময়ত অতীতত আছিল নেকি দেৱদাৰুৰ ছাঁত জিৰোৱাৰ সপোন? নাই, তাইৰ চোন অতীত কাঞ্চনৰ ৰঙেৰে ৰঙীন। কিন্তু জীৱনৰ এই বয়সত দেৱদাৰু যে তাইৰ অতি প্ৰিয় হৈ পৰিছে। গধূলিৰ এই চিঞৰবোৰ, হোষ্টেল ৰোডৰ দোকানবোৰ কিবা যে অতি আপোন। এৰা, ইয়াত হেৰাই যাব পাৰি। নিজক নিজে প্ৰশ্ন সুধিব নোৱাৰাকৈ হেৰাব পাৰি। সেয়ে হয়তো কাঞ্চনৰ নিৰিবিলিতকৈ দেৱদাৰুৰ কোলাহল তাইৰ বেছি প্রিয় এতিয়া।
উভতি আহি গোঁসাই ঘৰত সোমাই চাকিগজ জ্বলাই দিলে সন্ধ্যাই। কিয় জানো, ৰাধাকৃষ্ণৰ যুগল মূৰ্তি ভাগলৈ চাই তাইৰ চকু সেমেকি উঠিল। তাই জানে, আহিব লগা দিনকেইটা বৰ সুখৰ নহ'ব তাইৰ। বুকুখন শিল কৰিবলৈ সাজু হৈছে যেন। অনুৰণৰ মাককো দোষ নিদিয়ে তাই। এই বয়সত নাতি ওমলাবলৈ মন প্ৰতিজনী নাৰীৰে যাব। কিন্তু দোষ জানো সন্ধ্যাৰ? বিয়াৰ এবছৰ পাছৰ সেই ভয়ংকৰ ঘটনাটো জানো তাই পাহৰিব পাৰিছে? সেইটো তাইৰ দোষ জানো। কণমানি কপাহ যেন লগা পুতলাটো যেতিয়া নিষ্প্ৰাণ বুলি ডাক্তৰে কৈছিল তাই যে তেতিয়া...
"ৰুণ, ক'ত আছা?"
অনুৰণৰ মাতত ভাৱনাত যতি পৰিল তাইৰ। আজি বুলিয়েই নহয়, আগতেও তাইক অতীতৰ সেই ঘটনাৰ পৰা উলিয়াই আনিছে অনুৰণে। কিন্তু ঘাঁবোৰ পাহৰা ইমান সহজ জানো! গোঁসাই ঘৰৰ পৰা ওলাই আহিল সন্ধ্যা। অনুৰণে কফি একাপ আগবঢ়াই দিলে তাইলৈ, "লোৱা"
কেনেকৈ বুজি পাই সি! সেই তেতিয়াৰে পৰা এতিয়ালৈ! আচৰিত! অনুৰণৰ ৰন্ধাত খুব চখ। ঘৰত থকাৰ সময়খিনিত পাকঘৰত সোমোৱাৰ সুযোগটো নেৰে সি। মনু আৰু সন্ধ্যাৰ সেই সময়ত পাকঘৰৰ কাষলৈ যোৱাও নিষেধ। সিহঁত থাকিলে হেনো সি নাৰ্ভাচ হয় আৰু খানা বেয়া হয়। হাঁহি হাঁহি সন্ধ্যা আৰু মনু আঁতৰি আহে। আজিও সাৰ পাই নিজেই মনু আৰু তালৈ চাহ কৰিলে আৰু সন্ধ্যালৈ তাই ভাল পোৱা কফি। আনদিনা অনুৰণ, সন্ধ্যা, মনু আৰু মিতুয়ে একেলগে চাহমেলত বহে। পিছে আজি সন্ধ্যা সিহঁতৰ ওচৰৰ পৰা উঠি গৈ ৰুমৰ টেবুলখনত বহিল। কফিত চুমুক দিয়াৰ লগতে মেলি ল'লে, "ৰাধা"
"ৰাধা পুখুৰী" ; গোবিন্দপুৰত ৰাধাৰ আটাইতকৈ প্রিয় ঠাইটুকুৰ। স্নেহালয়ৰ পিছফালেৰে লুংলুঙীয়া বাট এটাৰে গৈ পোৱা পথাৰখনৰ লগতে পুখুৰীটো। তাৰ পাৰতে এজোপা ৰাধাচূড়া। পুখুৰীটো ৰাধা সৰু থাকোঁতে ককাক ধৰ্ম নাৰায়ণে খন্দাই দিছিল। সৰুৰে পৰা নৈ বলিয়া ৰাধাই হোৱাই নোহোৱাই দৌৰ মাৰে লখিমীৰ পাৰলৈ। গোটেই গাঁওখন পাৰ হৈ লখিমীৰ নিজান পাৰত অকলে অকলে গুচি যোৱাৰ বাবে কত দিন যে তাই গালি খাইছে, মাকৰ মাৰ খাইছে। সেইবাবেই এবাৰ ৰাধাৰ জন্মদিনত ঘৰৰ ওচৰতে ককাকে এই পুখুৰীটো খন্দাই দিছিল তাইৰ নামতে নামকৰণ কৰি। ইয়াৰ পাৰলৈ ৰাধাৰ নিজৰ মানুহখিনিহে আহে। মনটো বেয়া লাগিলেই ৰাধা ইয়াৰ পাৰলৈ আহে। মেখেলাখন কোঁচাই ভৰি কেইটা পুখুৰীৰ পানীলৈ মেলি দিয়ে। পুখুৰীটোৱে যেন তাইক বুজি পাই, বুজি পাই কাষৰ ৰাধাচূড়া জোপাই। বতাহ এছাটি মাৰি তাইক নিচুকাই। ৰাধা কেতিয়াবা চিলমিল টোপনিতো পৰে ইয়াতে। বনকুঁৱৰী যেন লাগে তাইক তেতিয়া। ৰাধাৰ কোনোবা জনমৰ যেন প্রিয় সখী দুজনীহে, পুখুৰীটো আৰু ৰাধাচূড়া জোপা। আজিও বহু সময় ইয়াতে বহি আছেহি তাই। কন্দামুৱা চকুহালৰ পৰা চকুপানী এই পৰো এই পৰোকৈও উভতি গ'ল। তাই কান্দিব নোৱাৰে। কান্দিব নোৱাৰে বাবেই নেকি, কষ্টও বেছি পাই তাই। চকুপানী নোলোৱা মানুহৰ কষ্টও বেছি। আজি মনটো খুব বেয়া তাইৰ। সেই মিটিংৰ পৰা যে অলকেশ হাজৰিকা গুচি গ'ল, সেই লৈয়ে আৰম্ভ হৈছিল সকলো। ঘৰত ককাক নাছিল। মিটিংৰ পৰা আহি ৰাধাই ভাত কেইটা খাইছিলহে। চোতালৰ পৰাই গর্জন কৰি সোমাই আহিছিল খুৰাক বৈকুণ্ঠ।
"কি ভাবিছ তই নিজকে। ইমান মানুহৰ মাজত তেওঁক অপমান কৰাৰ সাহস ক'ত পালি তই?"
ৰাধাই ভাত খাইয়েই উত্তৰ দিছিল গম্ভীৰ হৈ,
"কবিতা আবৃত্তি কৰিলে কাৰোবাক অপমান কৰা হয় নেকি?"
"মনে মনে থাক। কবিতা আৰু বেলেগ নাপালি। কাক মূৰ্খ সজাব আহিছ! তই কিয় সেইটো কবিতা কৰিছিলি আমি বুজি পোৱা নাই?"
এইবাৰ ৰাধাই কিছু জোৰকৈ ক'লে,
"পাইছ যদি ভাল কথা। সেইটো কবিতাত ৰাইজক লুটি খোৱা নেতাৰ কথা আছিল। তহঁতৰ হাজৰিকাৰ ইমান গাত কিয় লাগিল? অ' তাৰ মানে গোঁসাই ঘৰত কোন, মই কল খোৱা নাই নে কি?"
"ৰাধা, কথা চম্ভালি কবি। নহ'লে মই..."
খুৰাকে কথাটো সম্পূৰ্ণ কৰিব নোৱাৰিলেই, ৰাধাই সমুখৰ পানী ভৰ্তি ঘটিটো দলি মাৰি পঠালে। কাঁহৰ ঘটিটো বৈকুণ্ঠৰ কাষেৰে গৈ ভয়ংকৰ শব্দ এটা কৰি বেৰত লাগি পৰিল। মাক, খুৰীয়েক লগতে বৈকুণ্ঠ নিজেও হতভম্ব হৈ চাই থাকিল তাইলৈ। গালি বা খং বেলেগ কথা, কিন্তু তাই যে বস্তু দলিয়াই দিব সেইটো কল্পনাও কৰা নাছিল তেওঁলোকে হয়তো। লগে লগেই ৰাধাৰ মাক কুন্তলাই ৰাধাক এটা প্ৰচণ্ড চৰ সোধাই দিলে। বৈকুণ্ঠৰ লগে লগে মাত,
"আৰু দিয়ক বৌ। চবেই মূৰত উঠাই উঠাই নষ্ট কৰিলে এইক। মোৰ ঘৰত খাই মোলৈকে হাত উঠাব পৰা হ'ল তাই।"
লগে লগেই এটা গলগলীয়া মাতে কঁপাই দিলে স্নেহালয়ৰ আখলঘৰ,
"কাৰ ঘৰ বুলিলি এইখন?"
কুন্তলা আৰু সাদৰীয়ে লগে লগে উৰণি টানি ল'লে। সিহঁতক লুকাই লুকাই চাই থকা তেজাও দৌৰ মাৰিলে। ৰাধা আৰু বৈকুণ্ঠও হঠাৎ যেন সচেতন অৱস্থালৈ আহিল। সাদৰীয়ে পৰি থকা ঘটিটো উঠাই আনিলে। লগে লগেই আখললৈ ধীৰ গতিৰে সোমাই আহিল ভানুমতী চৌধুৰী। পিছে পিছে ৰাধাৰ আইতাক ধৰ্ম নাৰায়ণৰ পত্নী মনোহৰা। সাধাৰণতে ভানুমতী এইখিনি সময়ত আখললৈ নাহে। হয়তো নিজৰ কোঠাত, নাইবা বুলনিতে বহি থাকে। ৰাজহাউলি যেন স্নেহালয়ৰ আকৃতি দীঘলীয়া হোৱাৰ বাবে আখল ঘৰৰ শব্দ ভানুমতীৰ ৰূমলৈকে নাযায়। কিন্তু আজিৰ কথাখিনি গম পাইছিল তেখেতে। তাতে আখলত কিবা এখন লাগিছে বুলি পোনাৰ মুখেৰে শুনিয়েই আহিল তেখেত। ধৰ্ম নাৰায়ণ নথকাৰ অৱস্থাত ৰাধাক ইহঁতবোৰে যে কথাৰে থেকেচি পেলাই সেই কথা তেখেতে জানে। অৱশ্যে ৰাধাৰ খঙে চূড়ান্ত সীমা পালে যে ঘটনা ওলোটা হ'বগৈ সেইটোও বুজি পাই ভানুমতীয়ে। সেইখিনিতে মুখনি মাৰিবলৈ আহিছিল যদিও বৈকুণ্ঠৰ কথাত মাত গহীন হৈ আহিল ভানুমতীৰ। তলমূৰ কৰি উত্তৰ দিলে বৈকুণ্ঠই,
"নহয় মানে আই, নিজৰ ঘৰৰ মানুহৰ লগত শত্ৰুতা কৰা জানো ভাল। গোটেই অঞ্চলৰ লগতে ওচৰৰ সাতখন গাঁৱতো চৌধুৰী পৰিয়ালৰ নাম মুখে মুখে। তেনেস্থলত..."
বৈকুণ্ঠৰ কথা শেষ নহওঁতেই ভানুমতীয়ে ক'লে,
"সেই চৌধুৰী পৰিয়ালৰ কোনো সন্তানে কেতিয়াও নেতাৰ ভৰি চেলেকি ঢোলৰ লগৰ টেমেকা হোৱাও নাছিল। অসম আন্দোলন, ভাষা আন্দোলনৰ শ্বহীদৰ ঘৰ এইখন। গোবিন্দপুৰ সাক্ষী আছে, কত নেতাই এইখন ঘৰৰ চোতালত আহি মূৰ তল কৰি কথা কয়হি। কোনোদিন আমাৰ ঘৰৰ ল'ৰাই নেতাৰ কাষে কাষে ঘূৰাৰ নজীৰ নাই। ৰাধাই যি কৰিলে উত্তম কৰিলে। লম্পট অলকেশক ইয়াতকৈ ভাল উত্তৰ আৰু কি দিব লাগিছিল?"
ভানুমতীৰ কথা কেইটা যেন কথা নহয় চমতাৰ কোবহে আছিল বৈকুণ্ঠৰ বাবে। হাতখন মুঠি মাৰি দাঁত কেইটা কৰচি আছিল যদিও বুকুখনো ধান বনাদি বানি আছিল তেওঁৰ। কথাখিনি কৈ ভানুমতীয়ে ৰাধাক মূৰত হাত ফুৰাই আঁতৰি গ'ল। কুন্তলাৰ ভয় লাগিছিল, যদি ভানুমতীয়ে ৰাধাৰ গাত হাত তোলাৰ কথা গম পাই তেন্তে কি গতি কৰিব ঠিক নাই। পিছে তেনে একো নহ'ল। ভানুমতী ওলাই যোৱাৰ পাছতে ৰাধাও ওলাল। একেলৰে গৈ ৰাধা পুখুৰী পালেগৈ তাই। ৰাধাচূড়া জোপাতে মূৰটো হাউলাই পেলাই দিলে। চকুকেইটা মুদি দিছিল যদিও টোপনি অহা নাছিল ৰাধাৰ। কাৰণ তাই জানে, তাই ইয়াত আছে বুলি জানিলে ইয়ালৈ যে আৰু কোনোবা আহিব। তাই আশা কৰা মতেই লাহে লাহে পাতল বাঁহীৰ সুৰ এটা ভাহি আহিল। লাহে লাহে সেই সুৰটো যেন কাষ চাপি চাপি আহিল। সুৰটো ওচৰ চপাৰ লগে লগে ৰাধাৰ ওঠৰ হাঁহিটোও যেন স্পষ্ট হৈ উঠিল। এসময়ত একেবাৰে ওচৰ পাই বাঁহীটো ৰৈ গ'ল। এটা শান্ত মাত,
"ঐ ৰাধা"
ৰাধা ৰৈ যায় এইটো মাতত। কুন্তলাৰ ধমকি, মনোহৰাৰ শাসন, বৈকুণ্ঠৰ গালিৰ সিপাৰে থাকে এইটো মাত। এইটো মাত কানাইৰ, ৰাধাৰ আপোন কানাইৰ।
(আগলৈ)
Comments
Post a Comment