ৰাধা : খণ্ড ৭

 #ৰাধা 

Part 7

"ঐ ৰাধা, টোপনি গ'লি নেকি?"

কানাইৰ মাতটোত অতীতৰ বুকুৰ পৰা উভতি আহিল ৰাধা। সেই তেতিয়াৰে পৰা আজিলৈ কানাই সদায় ৰাধাৰ কাষতে থাকে। বয়সত ৰাধাৰ সমানেই যদিও বানপানীৰ বাবে পঢ়া ক্ষতি হৈ সি স্কুলত তাইতকৈ দুবছৰ তলৰ। সেই লৈ মাজে মাজে তাই জোকাই তাক, "মোক বাই বুলি মাতিবি?" তাৰ খং উঠে, "তাতকৈ নামাতোয়েই যা।" এনেয়ে হোৱা হ'লে এতিয়া ৰাধাই কিবা ধেমালিৰ কথা এটাই ক'লেহেঁতেন। কাৰণ কানাইৰ লগত তাই মন খুলি হাঁহিমুখেৰে কথা পাতে। বাকীবোৰৰ লগত যিমান খোলা হ'লেও ক'ৰবাত ৰৈ যায় কিবা এটা। বহুতে কয়ো, এইজনী এনে গোৱাৰ অ'। অকল খঙতেই থাকে। বেছিকৈ কথা পাতি চেলেপু হৈ থাকিবলৈ ৰাধাই ভাল নাপায়। সেয়ে আনকো তাই সেই সুযোগ নিদিয়ে। ৰাধাই একো নোকোৱা দেখি তাইৰ মনৰ উমান পাইছিলেই কানায়ে। সেয়ে কাষতে বহি লৈ ক'লে,

"মনটো বেয়া ন?"

অলপ সময় কোনেও একো নোকোৱা কৈ পাৰ হ'ল। মাত্ৰ এছাটি পাতলীয়া বতাহ। পথাৰত গৰুৰ দুই এটা হেম্বেলনি। ৰাধাই লাহে লাহে ক'লে,

"খুৰা আগতকৈ বেছি সলনি হৈছে। হাজৰিকাহঁতৰ লগত বেছিকৈ থাকিবলৈ লৈছে।"

"ব্যৱসায়িক মানুহ, মানুহৰ লগত মিলি থাকিবই লাগিব। তাতে মৌজাদাৰৰ ল'ৰা।"

"আজি কি কৈছে জান'? মই বোলে তেওঁৰ ঘৰতে খাই তেওঁৰ লগত শত্ৰুতা কৰিছোঁ।"

কানাই এইবাৰ মনে মনে থাকিল। ৰাধা আৰু কুন্তলাৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষ ভাবে প্ৰায়েই বৈকুণ্ঠই এই কথাটো শুনায়। সি একো ক'ব নোৱাৰে। সি নিজেই জানো সিহঁতৰ অনুগ্ৰহত থকা নাই!

"আজি দেতালৈ মনত পৰিছে অ'। দেতা নথকাৰ কাৰণেই সি এনেকৈ কথা শুনাই..."

আৰু একো ক'ব নোৱাৰিলে ৰাধাই। বুকুখন কিবা এটাই যেন জোৰকৈ চেপি ধৰিছে। চকুপানী ওলোৱা নাই, কিন্তু মাতটো যেন কঁপিছে। কানায়ে তাইৰ হাতখন নিজৰ হাতত ল'লে। ৰাধাৰ মূৰটো হাওলাই তাৰ কান্ধত পেলাই দিলে। চকু মুদি দিলে ৰাধাই। কানায়ে লাহে লাহে কৈ গৈছে,

"দেউতা মানেই এখন আকাশ বুইছ। যাৰ মূৰত এইখন আকাশ নাই, তেওঁহে বুজি পাই ৰ'দৰ তাপ কিমান, বৰষুণৰ বেগ কিমান। কিন্তু তই ভাঙি নপৰিবি। তই অকলশৰীয়া নহয়তো। ধৰ্ম ককা, আই তোৰ লগত সদায় আছে। কুন্তলা খুৰীও আছে।"

"আৰু তই? তই নাই নেকি?"

"মইতো তহঁতৰ নিজৰ নহয়।"

ৰাধাৰ বুকুখন কিবা এটা কৰি গ'ল। মূৰটো তুলি তাই কানাইৰ চকুলৈ চালে। তাৰ গভীৰ চকুযোৰ অনবৰতে যেন পানীবোৰ এই সৰো এই সৰোকৈ থাকে। ৰাধাই জানে, তাইৰ মাক, ককাক, আজুআইতাক আৰু সাদৰী খুৰীয়েকে কানাইক নিজৰ ল'ৰাৰ দৰেই মৰম কৰে। কিন্তু আইতাক মনোহৰা আৰু খুৰাক বৈকুণ্ঠই কোনোদিনেই কানাইক নিজৰ কৰিব নোৱাৰিলে। কেতিয়াবা মনোহৰাই কানাইৰ হতুৱাই দুই এটা ঘৰৰ কাম কৰোৱাও তাই দেখে। লগে লগে তাই মাতো মাতে, "অতবোৰ কাম কৰা মানুহ নোহোৱা হ'ল নে, কানাইক যে কামত লগাব লগা হ'ল।" মনোহৰাই "ঘৰৰ ল'ৰাটোক দুই এটা কামত লগালে নো কি হয়" বুলি কৈ থয় যদিও তাই বুজে, আইতাকে কানাইক যে ঘৰৰ আনবোৰ লগুৱাৰ দৰেই ভাবে। তাৰ চকুলৈ চাই ৰাধাই ক'লে,

"মই কিবা তোক কেতিয়াবা বেলেগ বুলি ভাবিছোঁ নেকি? তেনেকৈ কিয় কৱ?"

সামান্য হাঁহি কানায়ে কয়,

"যদি নিজৰ বুলি ভাব, এটা কথা কওঁ?"

"ক আকৌ।"

"চা ৰাধা, মই বুজি পাওঁ, তই সকলোৰে ভাল হোৱাটো চিন্তা কৰ। অন্যায় সহ্য কৰিব নোৱাৰ। কিন্তু কি জান, প্ৰতিবাদৰ ভাষা সদায় হিংসাত্মক হ'ব বুলিতো কথা নাই। আজি তই অলকেশৰ লগত যিটো কৰিলি, সেইটো উত্তম আছিল। কিন্তু বৈকুণ্ঠ খুৰালৈ তেনেকৈ বস্তু দলিয়াই দিয়াটো ভাল হৈছে জানো ক!"

"একো বেয়া হোৱা নাই, যি যেনেকুৱা তাক তেনেকৈয়ে দিব লাগে। সি কেনেকৈ কথা কৈছে মোক তই শুনা নাই নহয়। তাৰ কথা মই নুবুজো বুলি ভাবে। হাজৰিকাৰ লগত মিতিৰালি।"

শেষলৈ ৰাধাই দাঁত কেইটা কৰচি উঠিল। কানায়ে লাহেকৈ তাইৰ মূৰটোত হাতটো ফুৰাই দি ক'লে,

"খং, চিঞৰ বাখৰে কিবা সলনি নকৰে ৰাধা। বেছিকৈহে বেয়া কৰে। আমি এতিয়া ডাঙৰ হৈছোঁ, কথাবোৰ বুজিব লাগিব আমি।"

ৰাধাই একো নকৈ মনে মনে আছিল। এনেতে পিছফালৰ পৰা কাৰোবাৰ মাত এটা,

"পানী অনা ঘাটলে নাযাবা দেই অকলে,

চল পালে কোনোবাই,

লৈ যাব ধৰি লৈ যাব"

সুৰ লগাই গানটো গাই গাই মাতটো আগুৱাই আহি ৰাধাহঁতৰ কাষতে বহিলহি। লগে লগেই অলপ আগলৈকে থকা বিষাদ বিষাদ লগা ভাবখিনি যেন নোহোৱা হৈ গ'ল। ৰাধা আৰু কানাইৰ মুখতো মিচিকিয়া হাঁহিৰ ৰং বিয়পিল। ৰাধাই ক'লে,

"সৰু দা, ৰাতিপুৱাৰ পৰা ক'ত আছিলি গৈ অ'? মিটিঙটো নাই চোন।"

"ধুৰ, গৰজ পৰিছে মোৰ তহঁতৰ অলকেশ হাজৰিকাৰ মিটিং শুনিবলে। সেই চুৱাখোৱা কুকুৰটোৰ মিটিং শুনাতকৈ মই ৰহিলাৰ চোতালত চুলাই খাম গৈ অ'.."

তাৰ কথাত এইবাৰ হাঁহিত ফাটি পৰিল ৰাধা। এয়া সৰু। মানে সৰুকণ চৌধুৰী। ৰাধাৰ সৰু খুৰাক। পিছে, বয়সত ৰাধাতকৈ ন বা দহ বছৰ মানৰ হে ডাঙৰ বাবে তাই দা বুলিয়েই মাতে। সৰুকণ ধৰ্ম নাৰায়ণ আৰু তেওঁৰ দ্বিতীয় পত্নীৰ সন্তান। সৰুকণ জন্মৰ দুই কি তিনিমাহ হওঁতেই তেখেতৰ মৃত্যু হোৱাৰ বাবে সৰুকণক মনোহৰাই মাক হিচাপে ডাঙৰ কৰে। অৱশ্যে ধৰ্ম নাৰায়ণ আৰু শাহুয়েক ভানুমতীৰ ভয়ত সৰুকণক ডাঙৰ কৰাৰ দায়িত্ব ল'লেও মনোহৰাই আজি পৰ্যন্ত সৰুকণক নিজৰ কৰিব নোৱাৰিলে। সতিনীৰ পো বুলি আজিও সৰুকণক সহজভাৱে নল'লে। ৰাধাৰ দেউতাক ভাগৱত চৌধুৰীয়ে পিছে সৰুকণক খুব মৰম কৰিছিল। কিন্তু বৈকুণ্ঠ আছিল ইয়াৰ বিপৰীত। এতিয়াও বৈকুণ্ঠই সৰুকণক চকু পাৰি দেখিব নোৱাৰে। সুযোগ পালেই মাকৰ লগত লগ হৈ সৰুকণৰ দোষবোৰ ধৰ্ম নাৰায়ণৰ ওচৰত দাঙি ধৰে। ইফালে সৰুকণৰ এইবোৰত কানসাৰ নাই। ৰাধাতকৈও বেছি বনৰীয়া সৰুকণ। ঘৰত খুব কমেইহে দেখা যায়। ধৰ্ম নাৰায়ণে হাজাৰ কৈ কৈও একো কামত লগাব নোৱাৰিলে তাক। আচলতে আগতে সি এনেকুৱা নাছিল। পঢ়া শুনাতো ভাল আছিল। পিছে ৰাধাৰ দেউতাক ভাগৱত চৌধুৰীৰ মৃত্যুৰ পাছত সি যেন আৰু বেছি বনৰীয়া হৈ পৰিল। এতিয়া ঘৰখন আৰু সৰুকণৰ মাজত ৰাধা এখন দলঙৰ দৰে। মাজৰাতি ক'ৰবাৰ পৰা অহা সৰুকণক ৰাধায়েই দুৱাৰ খুলি দিয়ে। ভাত কেইটা তাৰ ৰুমলৈ তায়েই আনি থয়। বৈকুণ্ঠই ককাকৰ আগত সৰুকণে মদ খাই আহে বুলি লগালেও ৰাধাই জানে, সৰুকণে মদ নাখায়। মাজে মাজে ৰাধাৰ সি কিবা কিবি কথাও বুজায়। শ্ৰেণীবিহীন এখন সমাজৰ কথা বুজায়। কেতিয়াবা ৰাষ্ট্ৰই অসমৰ লগত কৰা অন্যায়ৰ কথা কয়, চৰকাৰে অসমৰ পৰা শুহি নিয়া সম্পদৰ কথা কয়। আৰু কয়, স্বাধীনতাৰ কথা। ৰাধাই আধা বুজে, আধা বুজি নাপায়। কিন্তু তাই শুনে, সৰুকণৰ প্ৰতিটো কথা মন দি শুনে। মানুহৰ প্ৰতি, সমাজৰ প্ৰতি বিশেষকৈ অসমখনৰ প্ৰতি থকা সৰুকণৰ টানটোৰ কথা তাই বুজে। একেদৰে সৰুকণেও তাইক বুজে। গোবিন্দপুৰত লাহে লাহে আৰম্ভ হোৱা অন্যায়বোৰে যে ৰাধাৰ জলকীয়াৰ দৰে পোৰে সেইকথা সি বুজি পায়। সেয়ে ঘৰৰ আনে তাইক সমৰ্থন নকৰিলেও সি কৰে। কোনো কথাত কেতিয়াও টু শব্দ এটাও কৈ নোপোৱা সৰুকণে কেতিয়াবা ৰাধাৰ কাৰণেই বৈকুণ্ঠৰ লগতো ফেপেৰি পাতি ধৰে। ৰাধাৰ হাঁহিৰ মাজতে সৰুকণে ক'লে,

"পিছে আজি বোলে অলকেশক ভাল ঠেকেচা দিলি কবিতাৰে।"

"তোক কোনে ক'লে?"

"আৰে সবতে শুনি আছোঁ। খুব ভাল কৰিলি। উঃ বেটা লাট চাহাবৰ কি ভাষণ। ইয়াক মই কোনোবা দিনা বধিম। চাই থাক।"

এনেতে কানায়ে ক'লে,

"অকল অলকেশ নহয়, আজি আমাৰ মহাৰাণীয়ে বৈকুণ্ঠ খুৰাকো..."

কানাইৰ শেষ নহওতেই সৰুকণে গহীন হৈ ক'লে,

"সেইটো কিন্তু তই বহুত বেয়া কৰিছ ৰাধা।"

"নহয় মানে সৰু দা..."

ৰাধাক ক'বলৈ নিদি একে সুৰতে সৰুকণে আকৌ ক'লে,

"মাৰিছ যেতিয়া ঘটিটো মূৰত পৰাকৈয়ে মাৰিব লাগিছিল। কিয় লগাব নোৱাৰিলি মূৰত।"

ৰাধাই এইবাৰ পেটত ধৰি হাঁহি হাঁহি বাগৰি পৰিল। ইফালে কানাইৰ অৱস্থা কাঢ়িল। কেনেকুৱা খুড়াক বাৰু এইটো। সি থিয় হৈ ক'লে,

"কি হে সৰু দা আপুনি! আপুনিয়েই বেছি গুণ্ডা কৰিছে এইজনীক।"

তাৰ কথাত ৰাধা আৰু সৰুৰ আকৌ হাঁহি। অথনিৰে পৰা মৰি থকা ৰাধাৰ মনটো যেন এইকণ সময়তে আকৌ ঠন ধৰি উঠিল।

হাঁহিৰ মাজতে সৰুকণে ক'লে,

"পিছত হাঁহিবি। এতিয়া ব'ল চোন, লখিমীৰ পাৰলৈ যাওঁ।"

লগে লগে ৰাধাৰ চকুত দুষ্টালিৰ হাঁহি এটা খেলি উঠিল। কানায়ে ভালকৈ নাজানিলেও ইমান দিনে কিবা এটা অনুমান কৰি আছিল। সেয়ে সি লাহেকৈ ক'লে,

"সৰু দাৰ আজিকালি লখিমীৰ পাৰলৈ যোৱাৰ কোব বৰ বাঢ়িছে চোন।"

কানাইৰ মূৰটোত হাতেৰে লাহেকৈ থাপকৈ মাৰি সৰুকণে ক'লে,

"ইমান খবৰ কিয় হা?"

পিছৰ কণ ৰাধায়ে লগালে,

"অতো, পোৱালি পোৱালি ল'ৰা।"

লগে লগেই ৰাধা আৰু সৰুকনে শব্দ কৰি হাঁহি উঠিল। কানায়ে কৃত্ৰিম খং কৰি ক'লে,

"বাৰু হ'ব। আজিৰ পৰা বাঁহী শুনাবলৈ ক'লেও নুশুনাও মই।"

বাঁহীৰ কথা কওঁতেই ৰাধা মনে মনে ৰ'ল। এই বাঁহীৰ লগতেই তাই ৰৈ যায়। ৰাধা নামটোৰ লগত এই ৰাধাৰ একোতেই মিল নাই। সেই গকুলৰ বৃষভানুৰ জীয়ৰী ৰাধা আৰু আমাৰ গোবিন্দপুৰৰ ৰাধাৰ মাজত আকাশ পাতল পাৰ্থক্য। কিন্তু কিবা মিল যদি আছে, অকল বাঁহী। সৰুৰে পৰাই বাঁহী শুনি আচৰিত ভাল পাই তাই। অকল ভাল হে পাই নে, বাঁহীয়ে যেন তাইক সন্মোহন কৰে। আচলতে কানাইৰ লগত ৰাধাৰ মিল হোৱাৰ আঁৰতো বাঁহীয়েই আছিল। বাঁহীৰ কথা ওলাওঁতেই ৰাধাৰ মনটো আকৌ অতীত পালেগৈ।

প্ৰথম দিনৰ অভিজ্ঞতাৰ পাছত সিহঁতৰ বৰ বিশেষ মাত বোল নাছিল। কানায়ে কেতিয়াবা মাতিব খুজিলেও ৰাধাই তাক ওচৰ চাপিবলৈকে নিদিয়ে। কিন্তু সেই ৰাতিটো! সেই ৰাতি বৈকুণ্ঠৰ গালি খাই অকলে অকলে বিচনাত উচুপি আছিল ৰাধাই। বাহিৰত ফৰিং ফুটা জোনাক। খোলা খিৰিকী খনেৰে পাতলীয়া বতাহ এছাটিও মাৰি আছিল। ঘৰৰ সকলো টোপনিত। ৰাধাৰ কোঠাত মম এডাল জ্বলি আছিল। তেনেতে শুনিছিল তাই পাতলকৈ বাঁহীৰ সুৰ এটা। খুব কৰুণ। প্ৰথমে চঁক খাই উঠিছিল। গোবিন্দপুৰত এনেকৈ বাঁহী বজোৱাতো কোনো নাই। আনকি ৰাসৰ সময়তো বাহিৰৰ পৰা মগাই আনিব লাগে মানুহ। তেন্তে কোন! এখোজ দুখোজকৈ বাহিৰলৈ ওলাই তাই অনুমান কৰিলে সুৰটো ৰাধাপুখুৰীৰ পৰা আহিছে। কেৰাচিনৰ চাকি এটা লৈ তাই সেইফালেই আগুৱাই গৈছিল। আৰু কানাইক বাঁহী বজাই থকা দেখিছিল। হঠাৎ তাইক দেখি ৰৈ গৈছিল কানাই। কিবা এক অপৰাধবোধত তলমূৰ কৰি কৈছিল সি,

"মানে, টোপনি অহা নাছিল। সেই কাৰণে.."

"তই বাঁহী বজাব জান'?"

"উম, সৰুৰে পৰাই। পিতায়ে শিকাইছিল। বাঁহীটো বজালে পিতাই লগতে থকা যেন লাগে।"

মন্ত্ৰমুগ্ধ হৈ ৰাধা বহি পৰিছিল কানাইৰ কাষতে। চাকিটো মাটিতে থৈ কানাইক ক'লে,

"তোৰ দেউতাহঁতলৈ খুব মনত পৰে?"

"সদায়।"

"মই যে তোক কেতিয়াবা গালি দিওঁ, তোৰ বেয়া লাগে ন?"

"নালাগে..."

"কিয়?"

"নিজৰ বুলি ভাবিলেহে গালি দিব পাৰি। তোৰ গালিবোৰো মোৰ ভাল লাগে ৰাধা।"

ৰাধাৰ চকুযোৰ ভৰি পৰিছিল পানীৰে। অলপ সময় চাই ৰৈছিল দুয়ো দুয়োৰে চকুলৈ। পুখুৰী পাৰৰ বতাহজাক লাহে লাহে তীব্ৰ হৈছিল। এটা চেঁচা চেঁচা ভাব বিয়পি আহিছিল। ৰাধাচূড়া ফুলাৰ সময় আছিল সেয়া। এপাহ ৰাধাচূড়া ৰাধাৰ কোলাত সৰিছিল। লাহেকৈ কানাইৰ কান্ধত মূৰটো থৈ ৰাধাই কৈছিল,

"ধুনীয়া সুৰ এটা বজাচোন।"

চকুদুটা মুদি কানায়ে বজাই গৈছিল, জয়ন্ত হাজৰিকাৰ বিশেষ গানটোৰ সুৰ।

"তোমাৰ মৰমে মোৰ

দেহত তুলিলে ঢৌ

বুকুত দিলে যে মৌ

কি যে মিঠা মিঠা...."

লাহে লাহে চকু জাপ খাইছিল ৰাধাৰ। এপাকত বতাহ ছাটিয়ে নুমোৱাই দিছিল কেৰাচিনৰ চাকিটো। ৰাধাপুখুৰীয়ে সেইৰাতি কাহানিও নিলিখা কবিতা এটা লিখিছিল। বহু সময় তেনেকৈয়ে বহি ৰৈছিল, ৰাধা আৰু কানাই। লগত ৰাধাচূড়াৰ দুই এটা সৰি অহা পাহি, এছাটি বতাহ। আকাশৰ জোনটোৱেও যেন সেইদিনা কানাইৰ বাঁহীৰ সুৰত পুখুৰীৰ পানীৰ মাজত দুলি আছিল। কানায়ে বাঁহীত বজাই গৈছিল,

"কেনেকৈ কি যে হৈ গ'ল

কলিটি কুসুমে ৰ'ল

সুৰভি উপচি গ'ল

কি যে ভাল লগা

তোমাৰ মৰমে মোৰ......"

(আগলৈ)

Comments

Post a Comment

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯