ৰাধা : ১৪
#ৰাধা
Part 14
"প্ৰত্যেকটো কথাই নিজৰ মতেই হ'ব লাগিব বুলি কিয় ভাবি লোৱা তুমি?"
"কথাবোৰ নিয়ম মতে হ'ব লাগে। এইবোৰ সংসাৰৰ নিয়ম।"
"কিহৰ নিয়ম অ' তোমালোকৰ? মানুহৰ মনত আঘাত দি কষ্ট দি অন্যায় কৰাকে নিয়ম বোলে নেকি তোমালোকৰ সংসাৰে? নে লোকৰ সুখী সংসাৰত জুই লগোৱাটো নিয়ম?"
"মাইনু, কথা ভালকৈ ক'বি। ডাঙৰ কলেজত পঢ়িছ বুলিয়েই মাৰক সন্মান দিবলৈ পাহৰি গ'লি! এয়া শিক্ষা পাইছ?"
"মোৰ শিক্ষাই মোক অন্যায়ৰ বিৰুদ্ধে মাতিবলৈ শিকাইছে। আৰু সন্মানৰ কথা নক'বা মা। সন্মান মানুহে অর্জন কৰে। কিবা সম্বন্ধ বা বয়সলৈ চাই সন্মান নিদিওঁ মই।"
"নালাগে তই সন্মান দিব। এইবোৰ কথাত মাত দিবলৈও নাহিবি। মোৰ ল'ৰা আৰু মোৰ মাজৰ কথা। মই মাক হওঁ তাৰ। তাৰ কথা মই নাভাবিলে কোনে ভাবিব?"
"ল'ৰা ছোৱালী জন্ম দিলেই মাক হৈ নাযায়। মাকৰ দায়িত্বও পালন কৰিব লাগে। খালী পকেট দেখি বোজা হৈ নাথাকিবি বুলি ঘৰৰ পৰা নিজৰ ল'ৰাক খেদি পঠোৱা মাকহে তুমি। এইবোৰ কথা পাহৰিলা নে মনত পেলাব লাগিব?"
"মাইনু....."
বাথৰুমত থকাৰ পৰাই কাৰোবাৰ তৰ্ক কৰাৰ শব্দ শুনি আছিল যদিও বাথৰুমৰ পৰা ওলাই আহি আচৰিত হৈ গ'ল সন্ধ্যা। ৰাতি শোৱা কিছু পলম হ'ল তাইৰ। ময়ূৰৰ উপন্যাসখন পঢ়ি পঢ়ি কেতিয়ানো সময় পাৰ হ'ল গমেই নাপালে। সেইবাবে আজি শুই উঠাও দেৰি। তাই উঠে মানে অনুৰণ আৰু মাকে গা ধুই আজৰি হ'ল। মনুৱে কৰি দিয়া চাহ খাই আছিল দুয়ো। সন্ধ্যা বাথৰুমত সোমাইছিল। তেতিয়ালৈকে ঠিকেই আছিল সকলো। হঠাৎ কাৰোবাৰ ডাঙৰ মাত শুনিছিল যদিও বিশেষ ভবা নাছিল সন্ধ্যাই। এতিয়া ওলাই আহি দেখিহে হতভম্ব। ৰাতিপুৱাই অন্তৰা আহি ওলাইছেহি। আৰু আহিয়েই মাকৰ লগত তৰ্ক আৰম্ভ। তাৰমানে ৰাতিৰ কথাবোৰ তাই গম পাইছে নেকি? কিন্তু সন্ধ্যাইতো কোৱা নাই! অনুৰণেই নিশ্চয় কৈছে। সন্ধ্যা গৈ সমুখৰ ৰূমটো পাওঁতেই পুনৰ অনুৰণৰ মাকে কৈ উঠিল,
"চোৱা ৰুণজুন, গুৱাহাটীত থাকি থাকি এইখন মুখ হৈছে। নাজানো আৰু কোনে কি শিকাইছে।"
কথাষাৰ যে আওপকীয়াকৈ সন্ধ্যাকে কৈছে সেয়া তাইও বুজি পাইছে যদিও মনে মনে ৰৈছিল। পিছে অন্তৰাই কৈ উঠিল,
"মোৰ নিজৰ বিচাৰ বিবেচনা আছে মা। কোনোবাই শিকাব নালাগে মোক।"
এইবাৰ সন্ধ্যা অন্তৰাৰ কাষলৈ গ'ল,
"মনে মনে থাকা মাইনু। ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে পাহৰি নাযাবা।"
"কিন্তু ডাঙৰে নিজৰ দায়িত্বখিনি কিয় পাহৰি যায় ৰুণজুন বা? ডাঙৰৰ ভুল হ'লে সৰুয়েতো দেখুৱাবই লাগিব।"
অন্তৰাৰ অকাট্য যুক্তিত সন্ধ্যাইও কিবা ক'বলৈ বাট বিচাৰি নাপায়। তাইৰ অকণমানি পৃথিৱীখন খেলিমেলি কৰি দিয়া এই স্বৰ্ণৰেখা হাজৰিকাক তাই নিজেও জানো সহজে ল'ব পাৰিছে? মন জানো যোৱা নাই, যুক্তিৰে থকা সৰকা কৰি পেলাবলৈ? কিন্তু সন্ধ্যাই যে নোৱাৰে। এৰা, ভাল হ'বলৈ চেষ্টা কৰোঁতে কৰোঁতে আমি জীৱনত শুদ্ধ হ'বলৈ পাহৰি যাওঁ। বহুক্ষেত্ৰত ভাল হোৱাৰ বাবে শুদ্ধটো ক'বলৈও ৰৈ যাব লগা হয়। কিন্তু অন্তৰাহঁতে ভাল হোৱাৰ সংজ্ঞাত বিশ্বাস নকৰে। সিহঁতে শুদ্ধ বা ভুলক সাহসেৰে প্ৰতিষ্ঠা কৰিব জানে। কিন্তু এইটো সময় অন্তৰাক কিবা কৰি ৰখোৱা। নহ'লে খঙত তাই কি কি কৈ পেলাব ঠিক নাই। সেইবাবেই সন্ধ্যাই বাৰে বাৰে তাইক বুজাবলৈ চাইছিল। কিন্তু তাইৰ খঙত দুগুণে ঘিঁউ ঢালিছে শাহুয়েকে সন্ধ্যাক আওপকীয়াকৈ কৰা মস্কৰাই। অন্তৰা ৰৈ যোৱাৰ পাছতো তেওঁ সন্ধ্যাক কৈ গৈছে,
"সাপ হৈ খুঁটি বেজ হৈ জাৰি কি লাভ, এইবোৰ তাইৰ মূৰত কোনে ভৰাইছে মই নাজানো নে কিবা? ৰাতিয়েই ফোন কৰি চাগে..."
শাহুয়েকৰ কথা শেষ নহওতেই ভিতৰৰ পৰা অনুৰণ ওলাই আহি ক'লে,
"ভণ্টিক মই কৈছোঁ। আৰু ক'মেই। প্ৰতিটো কথাই তাই জানিব লাগিব আৰু মই জনামেই।"
এক মুহূৰ্তৰ বাবে সন্ধ্যাৰ শাহুয়েক নিশ্চুপ হৈ গ'ল। সন্ধ্যাই অন্তৰাক ক'লে,
"কিবা এটা খাই লোৱা আহা। একেলগে ওলাই যাম ক্লাছলৈ।"
কিন্তু অন্তৰাই ওলোটাই ক'লে,
"মই হোষ্টেলত খাই আহিছোঁ ৰুণজুন বা। গৈ থাকোঁ, তুমি খাই কৰি আহিবা।"
এইবাৰ মাকৰ ওচৰলৈ গৈ ক'লে,
"দাদাই এটা সময়ত বহুত চকুপানী টুকিলে। এতিয়াও যদি সেইবোৰ আকৌ আৰম্ভ হয়, মই কিন্তু..."
মাকে লগে লগে ক'লে,
"কি কৰিবি হা? কি কৰিবি তই?"
"নাজানো, কিন্তু কিবা এটা ভয়ংকৰ কাম যে কৰিম সেইটো জানো। আৰু তুমিও জানা মা যে মই যিকোনো কামেই কৰিব পাৰো।"
কথাটো কৈয়ে দপদপাই ওলাই গ'ল অন্তৰা। শিল পৰা কপৌৰ দৰে চোফাতে বহি ৰ'ল স্বৰ্ণৰেখা। অন্তৰাই সঁচাই কৰোঁ বুলিলে যিকোনো কামেই কৰিব পাৰে সেয়া তেওঁ জানে। অনুৰণে এ পি এছ চি পোৱাৰ পাছতে ঘৰলৈ যোৱা কোনোবা সাংবাদিকে অন্তৰাক সুধিছিল, অনুভৱ কেনেকুৱা বুলি। তাই লগে লগে কৈছিল, "ভাল লাগিছে, দাদাই এতিয়াৰ পৰা মাৰ ঠাট্টাবোৰ শুনিব নালাগিব। শুনিবলৈ বেয়া, কিন্তু পুৰুষৰ উদং পকেটক কেতিয়াবা নিজৰ মাকেও উপলুঙা কৰে।" তাইৰ এইটো বাইট শুনি আন নালাগে ৰিপোৰ্টৰ জনো আচৰিত হৈছিল। ক'ৰবাৰ পৰা দৌৰি আহিছিল সন্ধ্যা। ৰিপোৰ্টৰ জনক কাবৌ কৰি বাইটটো আঁতৰাই দিছিল। সেইবাৰলৈ অনুৰণৰ মাকৰ সন্মান ৰক্ষা পৰিছিল। কথাবোৰ ভাবি ভাবিয়েই নিজৰ ৰূমটো পালেগৈ স্বৰ্ণৰেখা।
সন্ধ্যাই মনুৰ লগ লাগি টেবুলত ব্ৰেকফাষ্টৰ যোগাৰ কৰিছে। মাজে মাজে অনুৰণেও সহায় কৰি দিছে। কথাৰ মাজতে সন্ধ্যাই সুধিলে,
"মাইনুক সেইবোৰ কিয় ক'ব লাগে নো?"
"কিয়, ভুল কৰিলোঁ নেকি?"
"তাই পঢ়ি থকা ছোৱালী। এইবোৰ সংসাৰৰ কথাত তাইক কিয় টেনশ্যন দিব লাগে। আমি মিলিয়েই ঠিক কৰিম নহয়।"
অনুৰণে এইবাৰ দুষ্টালিৰ হাঁহি এটাৰে ক'লে,
"হৈছে, আপুনি সহনশীলা বসুমতী হৈ কি ঠিক কৰিব জনা আছে। এজনী ঘৈণীয়ে চম্ভালিব পৰা নাই, আৰু এজনী আনিব লাগে।"
সন্ধ্যাই কৃত্ৰিম খং দেখুৱাই অনুৰণৰ পেটত মৃদু ঘোচা এটা মাৰি ক'লে,
"চম্ভালিহে আছা মানে মোক। হ'ব, মুক্ত কৰি দিম সোনকালে।"
এইবুলি আঁতৰি যাবলৈ লওঁতেই অনুৰণে টান মাৰি আনিলে তাইক। টেবুলত ভেজা দি কাণৰ কাষলৈ মুখখন নি ক'লে,
"ঐ ছোৱালী, ইমান দম কিহৰ হা?"
"অসভ্য নেকি, মনু আছে কিচ্ছেনতে। মাও আহিব এতিয়া। এৰা চোন।"
"আহক। মই বেলেগৰ ৱাইফক ধৰা নাই নহয়। নিজৰ জনীক হে ধৰিছোঁ।"
এইবাৰ সন্ধ্যাই জোৰেৰে ঠেলা এটা মাৰি কিচ্ছেনলৈ সোমাই গ'ল। যাওঁতে কৈ গৈছে,
"এইটো বয়সতো ইউনিভাৰ্চিটিৰ প্ৰেম এৰিবৰ হোৱাই নাই।"
ব্ৰেকফাষ্ট কৰিয়েই সন্ধ্যা ওলাই আহিল। তাইৰ ক্লাছ কিছু দেৰিকৈ আছে। কিন্তু তাৰ পাছতো সোনকালেই আহিল। আচলতে কালি ৰাতিৰ কথাবোৰ আৰু ৰাতিপুৱাৰ কথাবোৰৰ পাছত তাইৰ আৰু ঘৰত থাকিবলৈকে মন নোযোৱা হৈছিল। তাৰ পৰা কিবাকৈ ওলাব পাৰিলেই যেন বাচি যায়। সেইবাবে সময়তকৈ আগতেই আহিল।
নিজৰ কেবিনত সোমাই প্ৰথমে কফি একাপ অনাই ল'লে। তাৰ পাছত লাহেকৈ ময়ূৰৰ উপন্যাসখন মেলি ল'লে, "ৰাধা"।
গোবিন্দপুৰৰ এল পি স্কুলখনৰ কাষৰ কৃষ্ণচূড়া জোপা কাটিব। খবৰটোৱে গোবিন্দপুৰক জোকাৰি গৈছে। আচলতে গোটেই গোবিন্দপুৰক বুলি ক'লে ভুল হ'ব। কাৰণ এইবোৰ কথা লৈ গোবিন্দপুৰৰ বেছিভাগ মানুহৰ বিশেষ একো ক'ব লগা নাই। এই ধৰা হেমেনৰ দোকানৰ পাৰ্টিটোৰ কথাই কৈছোঁ। কোনোবাই দোকানত সিদিনা উলিয়ালে, বোলে গছ জোপা কাটিব। লগে লগে দোকানতে থকা চাৰুবালাই কৈছে,
"কি নো নোহোৱা কথাটো হ'ল? গছহে কাটিব!"
লগতে পুতৌয়ে যোগ দিলে,
"নহয় নো কি, গছ কাটিবয়ে আৰু। বাকী হেৰি নহয় চাৰু নবৌ, সিদিনা সেই মালতীহঁতৰ ঘৰত স্কুটাৰ লৈ ল'ৰা এটা অহা দেখিলো। কোন বাৰু হেই?"
বচ, আৰম্ভ হৈ যায় সিহঁতৰ দৈনিক ৰুটিন। গতিকে ইয়াৰ মাজত গছ কটাৰ দৰে কথা পাতিবলৈ সময় ক'ত। কিন্তু কিছুমান মানুহৰ কথাটো সঁচাই গাত লাগিছিল। ৰাধাহঁতৰ দলটো আছিল ইয়াৰ ভিতৰত প্ৰধান। কথাটো গম পায়েই সিহঁত আটাইকেইটা অৰুণ ছাৰৰ ঘৰ পালেগৈ। অৰুণ ছাৰৰ চোতালতে বহি কথা পাতি আছে। অৰুণ ছাৰে কৈ আছে,
"ৰাস্তাটো হেনো বহলাব। ভাল কথা, হওক। কিন্তু গছজোপা এৰিও ৰাস্তাটো বনাব পাৰি। গছজোপাটো ৰাস্তাৰ একেবাৰে মাজত নাই। বহুখিনি কাষত আছে।"
মাজতে তগৰে ক'লে,
"দেউতাই কৈছে, গছজোপা হেনো বহু পুৰণি। দেউতাহঁত সৰু হৈ থকাৰ পৰাই দেখি আহিছে।"
অৰুণ ছাৰে আকৌ ক'লে,
"অতো। মই ইয়ালৈ প্ৰথম চাকৰি পাই আহোতে সেই জোপাৰ তলতে বহি বহি কত সময় কটালো। গছজোপাই মোৰ ঘৰৰ নিচিনা হৈছিল গৈ অ।"
এইবাৰ ৰঞ্জনে ক'লে,
"এটা কথা বুজা নাই। ৰাস্তাটোতো আৰামত বনাব পাৰে। গছজোপাৰ ওচৰলৈকে এনেও নাযায় ৰাস্তা। তেন্তে গছজোপা কটাৰ কাৰণ কি?"
এনেতে দাঁত কেইটা কৰচি ৰাধাই মাত লগালে,
"কাৰণ এটাই, টকাৰ খঁক। ইমান পুৰণা গছ, কাটি লৈ বেচিলে কম টকা পাব নে? টকাৰ কাৰণে বৈকুণ্ঠ চৌধুৰীয়ে যিকোনো কৰিব পাৰে।"
লগে লগে অৰুণ ছাৰকে ধৰি আটাইকেইটাই চিঞৰি উঠিল,
"বৈকুণ্ঠ চৌধুৰী?"
ৰাধাই এইবাৰ থিয় হৈ ক'লে,
"অ, বৈকুণ্ঠ চৌধুৰী। এইটো ৰাস্তাৰ ঠিকা তেওঁৱেই লৈছে।"
সকলোৱে একো নামাতি মৌন হৈ ৰ'ল। কিছু সময় তেনেকৈয়ে গ'ল। এবাৰত সপোনে ৰাধাক সুধিলে,
"এতিয়া কি কৰিবি ৰাধা? আকৌ জানো খুড়াৰ লগত কাজিয়া...."
কথাটো শেষ নহওতেই অৰুণ ছাৰে ক'লে,
"এইবোৰ কাজিয়া পেচাল নকৰিবি দেই। আলোচনাৰ মাজেৰে কিবা কৰিব পাৰি নেকি ভাব শান্ত হৈ।"
ৰাধাই লগে লগে ক'লে,
"আলোচনা? আৰু এই বৈকুণ্ঠ চৌধুৰীৰ লগত?"
এইবাৰ অৰুণ ছাৰে ক'লে,
"মনে মনে থাক ৰাধা। যিমান হ'লেও তোৰ খুড়া। অ, তহঁতে এটা কাম কৰিব পাৰ কিন্তু।"
অলপ ৰৈ তেওঁ আকৌ ক'লে,
"আমাৰ পঞ্চায়তৰ সভাপতি, সেই কাষৰীয়া গাঁৱৰ মহেশ খাটনিয়াৰক লগ কৰিব পাৰ চোন। তেওঁলোক চৰকাৰী মানুহ। কিবা কিজানি কৰিব পাৰেই। তাতে তেওঁতো আমাৰ স্কুলতে পঢ়ি যোৱা সেই তেতিয়াতে। জিকাৰ পাছত আমি মাতি আনি গামোচাও পিন্ধাইছোঁ।"
অৰুণ ছাৰৰ কথাত অলপ সময় ৰৈ ৰঞ্জনে ক'লে,
"ছাৰে কথাটো ঠিকেই কৈছে। মহেশ বর্তাক কোৱাহে ভাল হ'ব। ব'ল, যাওঁ আমি।"
এনেতে ৰাধাই মাত লগালে,
"ৰ, ভতিজাক হৈ বর্তাৰৰ মৰম খুজিবলৈ যাব নালাগে। যদি যাব লাগে, আমি আনুষ্ঠানিক ভাবেই যাম।"
তগৰে ক'লে, "মানে?"
"মানে আমি অনুৰোধ কৰিবলৈ নাযাওঁ। গছজোপা কটাৰ পৰা ৰক্ষা কৰিবলৈ আৱেদন পত্ৰ লিখি লৈ যাম। তাত আমাৰ গাঁৱৰো কিছুমান মানুহৰ চহী ল'ম। ককাৰো ল'ম।"
ৰাধাৰ কথাত অৰুণ ছাৰে উৎসাহিত হৈ ক'লে,
"বঢ়িয়া ৰাধা। একদম বঢ়িয়া কথা ভাবিছ। যা, কাম আৰম্ভ কৰ।"
সিহঁত কেইটা একেলগে ওলাই গ'ল। সেইদিনাই আৱেদন লিখি সিহঁতে মানুহৰ চহী লোৱা আৰম্ভ কৰিলে। প্ৰথমেই ধৰ্ম নাৰায়ণৰ চহী ল'লে। তাৰ পাছত ভানুমতীৰ। তাৰ পাছত অৰুণ ছাৰৰ। লাহে লাহে আৰু দুই এজনৰ। কিন্তু বেছি ভাগেই সিহঁতক উপলুঙাই কৰিলে,
"ইস ৰাম, সিহঁতৰ ঘৰৰ গছহে কাটিব যেনিবা।"
"থ হেৰৌ, এই সোপা অদৰকাৰী কামত ঘূৰি ফুৰাতকৈ পঢ়া শুনা কৰ।"
ৰাধাৰ মাকেও দবিয়ালে,
"মেট্ৰিক পাবৰ হ'ল, এতিয়া এনেকৈ যি তি কামত ঘূৰি ফুৰাৰ সময় আছে নে তোৰ?"
কিন্তু ৰাধাহঁত ৰৈ নগ'ল। প্ৰায় পঞ্চাশটা মান চহী গোটালে সিহঁতে। সেইখিনিৰ সৈতেই দৰ্খাস্তখন লৈ পঞ্চায়তৰ সভাপতি মহেশ খাটনিয়াৰৰ ঘৰ ওলালগৈ। কিন্তু সভাপতিৰ ঘৰৰ সন্মুখ পায়েই মুখ কেইখন যেন মৰহি গ'ল সিহঁতৰ। বিশেষকৈ ৰাধাৰ। কাৰণ মহেশৰ ঘৰৰ সমুখত এখন মাৰুটি ভেন থিয় দি আছে। সেইখন আন কাৰো নহয়, ৰাধাৰ খুড়াক বৈকুণ্ঠ চৌধুৰীৰ। ভেনখনে যেন সিহঁতলৈ চাই উপলুঙাহে কৰিছে। ইমান দিনৰ কষ্ট যেন পানী হৈ গ'ল সিহঁতৰ। কিন্তু ৰাধা ইয়াতে ৰৈ যোৱা ছোৱালী নহয়। নঙলা খুলি তাই ভিতৰলৈ সোমাই গ'ল।
"ঐ, এইটো মই টিপিম দেই।"
মহেশ সভাপতিৰ ঘৰৰ সমুখত থকা কলিং বেলটোলৈ দেখুৱাই সপোনে ক'লে। সেই অঞ্চলটোত অকল সিহঁতৰ ঘৰতে কলিং বেল আছে। ঘৰটো নতুন ডিজাইন দি সজা। মাজতে বৈকুণ্ঠইও ঘৰত কলিং বেল লগোৱাৰ কথা কৈছিল, পিছে ধৰ্ম নাৰায়ণে নিদিলে। ক'লে,
"বেল বজাই মানুহ মাতিব লগা পৰিৱেশ অহা নাই স্নেহালয়ত।"
হয়তো কথাটো। স্নেহালয়ৰ ভিতৰে বাহিৰে এনেও এজাক মানুহ গিজগিজাই থাকেই। ঘৰৰ মানুহখিনিৰ বাদেও বনকৰা মানুহ, তাৰ উপৰি গাঁৱৰ বোৱাৰী জীয়ৰীও ঢেঁকী দিবলৈ, তাঁত ব'বলৈ বুলি স্নেহালয়তে দিনটো থাকেহি। গতিকে বেলৰ কি দৰকাৰ। সেইবাবেই ৰাধাহঁতৰ দলটোৰ বাবে মহেশ বর্তাহঁতৰ ঘৰৰ বেলটো বৰ মজাৰ বস্তু।
সপোনে টিপি দিয়াৰ লগে লগেই টিং টং শব্দ এটা হ'ল ভিতৰত। অলপ সময়ৰ পাছত কোনোবা ল'ৰা এটা ওলাই আহিল। ৰাধায়েই ক'লে,
"বর্তাক লগ পাবলে আহিছোঁ।"
ল'ৰাটো ভিতৰলৈ সোমাই গ'ল। অলপ পাছত মহেশ খাটনিয়াৰ ওলাই আহিল। প্ৰথমে ৰঞ্জনেই কথাটো ক'বলৈ ওলাইছিল। কিন্তু তেখেতৰ পিছে পিছে বৈকুণ্ঠ চৌধুৰী ওলাই অহা দেখি সি মনে মনে ৰ'ল। তাৰ হাতৰ পৰা দৰ্খাস্তখন কাঢ়ি নি ৰাধা আগুৱাই গ'ল।
"বর্তা, আমি আপোনাক আবেদন এখন দিবলৈ আহিলোঁ।"
মহেশ খাটনিয়াৰ আৰু বৈকুণ্ঠ চৌধুৰীয়ে ইজনে সিজনৰ চকুলৈ চালে। ৰাধাই আকৌ ক'লে,
"ৰাস্তা বনাবলৈ যে স্কুলৰ কাষৰ গছজোপা কাটিবলৈ লৈছে, সেই গছজোপা নাকাটিবলৈ দৰ্খাস্ত দিছোঁ। ৰাস্তাটো বনাবলৈ গছজোপা কটাৰ প্ৰয়োজন নাই আচলতে। গছজোপা য'ত আছে, তালৈকে ৰাস্তাটো এনেও নাযায়।"
মহেশ সভাপতিৰ লগতে বৈকুণ্ঠৰ চকু কঁপালত উঠিল। এই পেন্দুকণা কেইটাই এইবোৰ বিষয়তো চকু দিব বুলি তেওঁলোকে যে সপোনতো ভবা নাই। মহেশ সভাপতিয়ে দৰ্খাস্তখন লৈ ক'লে,
"এইবোৰ চৰকাৰেহে কৰিছে। চৰকাৰৰ কথা মতেই কাম হৈছে।"
"সেইবাবেই আপোনাক দিছোঁ, আপুনি চৰকাৰলৈ লিখক। চৰকাৰ নিজে আহিতো চোৱাহি নাই। আপুনি নিজেও সেইখন স্কুলত পঢ়া। কেতিয়াবা চাগে গৰমত গছজোপাৰ তলত আপুনিও ৰৈছিল। যেনে তেনে গছজোপা বচাওক বর্তা।"
খাটনিয়াৰে আকৌ এবাৰ বৈকুণ্ঠলৈ চালে। বৈকুণ্ঠৰ মুখখন কঠোৰ হৈ আহি আছে। খাটনিয়াৰে ৰাধালৈ চাই ক'লে,
"মোৰ কাম এইবোৰ নহয়। চৰকাৰে নিজেই কিবা ভাবি কামটো কৰিছে। বাৰু, মই চাওঁ। কিন্তু লাভ নহ'ব একো। নে কি কয় চৌধুৰী?"
বৈকুণ্ঠই গম্ভীৰ মাতেৰে ক'লে,
"আচলতে ইহঁতবোৰৰ ভুল নাই। কিতাপত গছ বচাব লাগিব বুলি পাইছে, আহি গৈছে। সৰুতে এইবোৰ কাম কৰি এনেও ফুৰ্তি লাগে। কিন্তু উন্নতি হ'বলৈ হ'লে এইবোৰ গছ বন কটা যাবই। মানুহটো হাবিত থাকিব নোৱাৰে। গতিকে....."
কথাটো শেষ নহওতেই ৰাধাই ডাঙৰ মাতেৰে ক'লে,
"গছ কাটি হোৱা উন্নতি আমাক নালাগে। গোবিন্দপুৰকো নালাগে। বাকী, এল পি স্কুলৰ কাষৰ গছজোপাই কাৰ উন্নতি কৰিব সেয়া আমিও ভালদৰে জানো।"
কথাটো কৈয়েই তাই তাত নৰ'ল। দপদপাই ওলাই গুচি আহিল। পিছে পিছে বাকী কেইটাইও। পদূলি সাৰি যোৱাৰ পাছত খাটনিয়াৰে বৈকুণ্ঠক ক'লে,
"কি দেখিছোঁ হে চৌধুৰী? আপোনাৰ ঘৰতে দেখোন ফেঁটী গোমৰ পোৱালি হৈছে। সাৱধান হওক, নহ'লে কেতিয়াবা আমি গোটেই জাক এই ফেঁটী সাপৰ খোঁটত মৰিব লাগিব।"
বৈকুণ্ঠই দাঁত কৰচি উত্তৰ দিলে,
"আপুনি চিন্তা নকৰিব। খুব সোনকালে এই ফেঁটী সাপৰ ব্যৱস্থা কৰি আছোঁ মই। বাকী, স্কুলৰ কাষৰ কৃষ্ণচূড়া জোপা কটা যাবই। যাব লাগিবই।"
আকাশখন লাহে লাহে কমলা হৈছে। ৰান্ধনীয়ে পাকঘৰৰ কাম সামৰা দি বেলিটোৱে যেন ৰংবোৰ সামৰি যাবলৈ ওলাইছে। ৰংবোৰে বেলিটোৰ কথা নুশুনি আকাশৰ চোতালত পিয়াপি দি ফুৰিছে। তেনেকুৱা সময়তে এল পি স্কুলৰ কাষৰ কৃষ্ণচূড়া জোপাৰ তলত বহিছেহি ৰাধাহঁত। অথনিৰ সভাপতিৰ ঘৰৰ পৰা বাহিৰে বাহিৰে ইয়ালৈকে আহিল সিহঁত। ৰাধা গছজোপাৰ গুৰিতে বহি আছে। সপোন আৰু ৰঞ্জন থিয় হৈ গছজোপাতে আউজি আছে। তগৰে গছজোপা সাৱটি ধৰি বহি আছে ৰাধাৰ কাষতে। আৰু মাত্ৰ দুদিন, তাৰ পাছত যে এই ঠাইটুকুৰ সলনি হৈ যাব। খালী, উদং হৈ যাব। কৰিলে, পাৰে মানে চেষ্টা কৰিলে সিহঁতে। কিন্তু নোৱাৰিলে। বহু সময় মনে মনে থকাৰ পাছত তগৰে ক'লে,
"ৰাধা, মনত আছে নে আমি যে আগতে ইয়াৰ পাতবোৰ ছিঙি ছিঙি ছাৰৰ টেবুলখন সজাই দিওঁ!"
এইবাৰ সপোনে ক'লে,
"পাতবোৰ কেতিয়াবা ৰাধাৰ চুলিলৈ দলিয়াই দিওঁ, তাই যে গালি দিয়ে আমাক।"
ৰঞ্জনেও ক'লে,
"তোৰ মনত আছে নে ৰাধা, তই যে এবাৰ অৰুণ ছাৰক সুধিছিলি, কৃষ্ণচূড়াৰ পাহিবোৰত কোনে ইমান ধুনীয়া ৰং কৰে বুলি!"
এইবাৰ ৰাধাই ক'লে,
"আগতে ছাৰে পঢ়া নোৱাৰিলে যে আঁঠু কঢ়াই, আৰু আমি...."
পিছৰ কণ সপোনে ক'লে,
"আৰু আমি আহি ইয়াৰ তলতে আড্ডা মাৰো। ছাৰে গোটেইখন বিচাৰি বিচাৰি..."
এইবাৰ হাঁহি উঠিল এটাই কেইটাই। তগৰে ক'লে,
"ৰাধা তোৰ সেই মণিহাৰি বেপাৰীটো মনত আছে?"
"আছে আছে, আমি যে কাণফুলি চুৰ কৰিছিলোঁ।"
গোবিন্দপুৰলৈ আগতে চাইকেলৰ পিছফালে কাণফুলি, ফোঁট, চেইন, পাৱেল আদি মাইকী মানুহৰ বস্তুৰে সৈতে বাকচ এটা চাইকেলত বান্ধি মানুহ এটা বেচিবলৈ আহে। ৰাধা, তগৰহঁতৰ মানুহটোৰ সেই বস্তুবোৰলৈ খুব চখ। দামো কম। কিন্তু ঘৰৰ মানুহে ল'বলৈও নিদিয়ে। সেয়ে সিহঁতে মানুহটোক এবাৰ নামঘৰৰ ওচৰতে পাই ফুলি এযোৰ দিবলৈ কৈছিল। তিনিজনী মানে মিলি দহ টকা এটা গোটাই দিছিল। মানুহটোৱে সিহঁতক ধমকি মাৰি আহিল। পিছত এদিন মানুহটোৱে চাইকেলখন এই গছজোপাৰ তলতে ৰখাই স্কুলতে সৰুপানী চুবলৈ গৈছিল। ৰাধা আৰু তগৰে মিলি বাকচটো খুলি মন পছন্দৰ দুযোৰ ফুলি উলিয়াই লৈ গ'ল। মানুহটোৱে পিছে পিছে খেদিছিল। শেষত ঘৰতো কথাটো গম পাই দুয়োজনীকে খুব পিটিছিল। বহুত দিনলৈ ৰঞ্জনহঁতে সিহঁতক চুৰুণী বুলিয়েই জোকাই আছিল।
কথাবোৰ মনত পৰি গোটেই কেইটাই আকৌ হাঁহি উঠিল। লাহে লাহে এন্ধাৰ নামিবলৈ ধৰিলে। হাঁহিবোৰো নোহোৱা হ'ল। তগৰে উচুপি উঠিল। গছজোপাক চুমা এটা খাই ক'লে,
"কেতিয়াবা চাগে তোৰ পাত, ফুল ছিঙি ফুৰ্তি কৰিছিলো। আমাক মাফ কৰি দিবি দেই।"
এইবাৰ গোটেই কেইটাই গছজোপা সাৱটি ধৰিলে এবাৰ। পাতলকৈ বতাহ এছাটি মাৰিলে। কৃষ্ণচূড়াৰ পাত কেইটামান সৰি পৰিল সিহঁতৰ গাত। গছজোপাইও যেন কৈছে, তোমালোকৰ শৈশৱটো বুকুতে সাঁচি থৈছোঁ মই। মই নাথাকিলেও মোৰ প্ৰতিটো অংশত সেই শৈশৱ ৰৈ যাব। ৰৈ যাব মোৰ প্ৰতিটো কাটি পেলোৱা ডালত, ৰৈ যাব মোক দুফাল কৰি পেলোৱা গা গছত, ৰৈ যাব মোৰ ছিঙি ভাঙি যোৱা প্ৰতিটো পাতত। লাহে লাহে তাৰ পৰা আঁতৰি গ'ল গোটেই কেইটা। চকুবোৰ সেমেকা। ক'বলৈ একো নাছিল কাৰোৰে। একো নোকোৱা সময়তেই চাগে মানুহে বুকুৰ কথাবোৰ কয়। বুকুৰ মানুহে সেই ভাষা বুজিও পায়। যিদৰে সিহঁতে পাইছিল। মুখেৰে একো নোকোৱাকৈ গৈ থাকিল সিহঁত। বাকীবোৰ কিছু আগুৱালে। ৰাধা অলপ পিছ পৰিল। ৰঙা হৈ থকা চকুৰে গছজোপালৈ চাই তাই নিজে শুনাকৈ ক'লে,
"তোক যদি বচাব নোৱাৰো, মোৰ নাম ৰাধা নহয়।"
(আগলৈ)
অপেক্ষাৰ অন্ততঃ এক অবুজ অনুভৱ লৈ পঢ়িলোঁ...ভাল লাগিল।।
ReplyDeleteএক অনন্য অনুভৱেৰে সিক্ত হলো কৌশিক তোমাৰ নতুন প্ৰয়াস 'ৰাধা'ৰ স্পৰ্শত। নিৰিৱিলিৰ প্ৰিয় চৰিত্ৰ অনুৰণ,ময়ূৰ,সন্ধ্যা,অভিমন্যুক বুকুত সামৰি যেন অপেক্ষা ৰাধাৰ বাবে,এতিয়া ৰাধা নিচেই কাষত।সুন্দৰ সাৱলীল ভাৱে দুয়োটা কাহিনীকেই সুন্দৰ ভাৱে আগুৱাই নিয়াত তুমি সফলতাৰ দিশে আগবাঢ়িছা। আগুৱাই যোৱা ৰাধাৰ সঙ্গী কানাইৰ দৰে আমাৰ কৃষ্ণ কানাই সদায় কাষত আছে আৰু থাকিব।ভালে থাকিবা,,,,,
ReplyDelete