ৰাধা : ১৬

 #ৰাধা

Part 16

"সন্ধ্যা, থাৰ্ড চেমত এতিয়া তোমাৰ ক্লাছ নাই জানো?"

হঠাৎ কাৰোবাৰ মাতত উপন্যাসৰ মাজৰ পৰা উঠি আহিল সন্ধ্যা। গোবিন্দপুৰৰ পৰা আহি এই কংক্ৰীটৰ মহানগৰ পালেহি। সঁচাই, কল্পনাৰ দৰেই হোৱা হ'লে কথাবোৰ! উপন্যাসৰ মাজলৈ একেবাৰে গুছি যাব পৰা হ'লে। উপন্যাস পঢ়া মানুহবোৰৰ কষ্ট সেইবাবেই বেছি নেকি বাৰু! 

"সন্ধ্যা, ইজ এভ্রিথিং ৰাইট?"

ড৹ কল্যাণীৰ মাত এইটো। কিতাপ সামৰি খিৰিকীৰে বাহিৰলৈ চাই আছিল সন্ধ্যাই। হঠাৎ মাতটো শুনি খপজপকৈ উঠিল। 

"য়েছ মেম, মই যাওঁ। ক্লাছ আছে।

"সন্ধ্যা, লাঞ্চ একেলগে কৰিম দিয়া। থলগিৰি যাম।"

কল্যাণী মেমৰ কথা শুনি সন্ধ্যাই বুজি পাইছে, তেখেতে সন্ধ্যাৰ মনটোৰ উমান পাইছে। সেইবাবে এই প্ৰস্তাৱ দিছে। ডিপাৰ্টমেণ্টটোত কল্যাণী মেম যেন মা এগৰাকীৰ দৰে। বয়সত সন্ধ্যাতকৈ বহু ডাঙৰ, ৰিটায়াৰ হ'বলৈ আৰু এক নে দুই বছৰ বাকী। ইউনিভাৰ্চিটিখনৰ বাহিৰৰ দোকানী আৰু ডিপাৰ্টমেণ্টৰ পিয়ন কেইজনৰ পৰা একেবাৰে প্ৰফেছৰসকললৈকে সকলোকে আচৰিত মৰমেৰে আৱৰি ৰাখিব পাৰে কল্যাণী মেমে। তেখেতৰ মাতষাৰতে যেন মা মা অনুভৱ এটা আছে। সন্ধ্যাই কিবা এটা শান্তি পায়। তেখেতক "অ'কে" বুলি কৈ সন্ধ্যা ক্লাছলৈ গ'ল। কৰিডৰটো পাৰ হওঁতেই হঠাৎ ছোৱালী এজনী দেখি তাই ৰৈ গ'ল,

"মেঘা, ইমান দিনৰ মূৰত যে.. কি খবৰ?"

মেঘা এজনী খুব মেধাৱী ছাত্ৰী। সন্ধ্যাহঁতৰ বিভাগৰে। এইবাৰ fifth চেমত। কিন্তু যোৱা এসপ্তাহমান ধৰি তাই অহা নাই ক্লাছলৈ। সন্ধ্যা নিজৰ শিক্ষাৰ্থীখিনিৰ লগত খুব অন্তৰংগ বাবে তাই কথাটো মন কৰিছিল। হঠাৎ তাইক দেখি সেয়ে ৰৈ গ'ল। মেঘাই তলমূৰ কৰি ক'লে,

"মই আৰু নপঢ়িম চাগে মেম।"

"হাৰে, এইটো কি কথা? এই শেষৰ বছৰটোত এইবোৰ কি কৈছা?"

"ঘৰত বহুত সমস্যা। দেউতাই আৰু পঢ়াব নোৱাৰো কৈছে। গুৱাহাটীত চলিবলৈ কষ্ট।"

সন্ধ্যাই বুজি পায়। চাৰ্টিফিকেট দি ফীজৰ পৰা ৰেহাই পালেও পিজিৰ খৰছ, সৰু সুৰা খৰছ ইয়াত বহুত বেছি। সহজ নহয় মহানগৰৰ জীৱন। এই ৰঙীন জীৱনৰ আঁৰত কতজনৰ যে চকুপানী লুকাই আছে, কোনে জানে। সন্ধ্যাই তাইৰ বাহুত মৰম কৰি ক'লে,

"ৰ'বাচোন। হ'ব কিবা এটা। ইমান ভাবিব নালাগে। তুমি ক্লাছ কেইটা কৰা। এতিয়া এইখিনি ৰাখা।"

কথাটো কৈ সন্ধ্যাই বেগৰ পৰা পাঁচশ টকাৰ নোট কেইখনমান উলিয়াই দিলে।

"নাই মেম। আজি বাৰু আপোনাৰ পৰা ল'লো। সদায় ক'ৰ পৰা ল'ম?"

সন্ধ্যাই এক মিনিট ৰ'বা বুলি কাৰোবলৈ ফোন লগালে,

"হেল্ল প্ৰিয়ংকা বা, ভাল নে? আচ্ছা শুনাচোন, তোমালোকৰ অফিচত যে ডিটিপি কৰিব পৰাকৈ কাৰোবাক লাগে বুলি কৈছিলা, বিচাৰি পালা নেকি? ঠিক আছে, মই মোৰ ষ্টুডেণ্ট এগৰাকীক পঠাই আছোঁ। তুমি কথা পাতি ল'বা। আৰু ক্লাছৰ বাবে টাইমটো মিলাই দিবা হা। অ'কে, থেংক ইউ।"

কথাটো কৈ সন্ধ্যাই কাৰ্ড এখন মেঘাক দি ক'লে,

"এইটো এড্ৰেচ। যোৱা এতিয়াই। তোমাৰ পাৰ্ট টাইম জব হৈ গ'ল আজিৰ পৰা।"

মেঘাই অলপ সময় কাৰ্ডখন হাতত লৈ চালে। তাৰ পাছত পৰিৱেশ পাহৰি সন্ধ্যাক সাৱটি ধৰি হুকহুকাই কান্দি দিলে। সন্ধ্যাই মৰমেৰে মূৰত হাত ফুৰাই ক'লে,

"ইমান ডাঙৰ ছোৱালীয়ে এনেকৈ কান্দে নেকি? এতিয়া যোৱা, চিন্তা নকৰিবা। চব ভাল হ'ব।"

"আপুনি দেৱী হয় মেম। দেৱী।"

কথাটো কৈ মেঘা আঁতৰি গ'ল। এক চৰম তৃপ্তিৰে সন্ধ্যাই তাই যোৱাৰ ফালে চাই ৰ'ল। সঁচাই, আনৰ বাবে জীয়াব জানিলে জীৱনত নিজৰ দুখবোৰ আপোন আপুনি নোহোৱা হৈ পৰে। আমাৰ কথা বা কিবা কামে যদি আন কাৰোবাৰ মুখত সুখ আৰু হাঁহি আনি দিব পাৰিছে, তাতকৈ প্ৰাপ্তি আৰু কি হ'ব পাৰে জীৱনৰ! ঈশ্বৰে আমাক দিয়া এই জীৱনটো কেৱল জানো টকা পইচা ঘৰ গাড়ী আৰু পৰিয়ালৰ মাজতেই কটাই দিবলৈ! ইয়াৰ বাহিৰে জানো পৃথিৱীখনক দিবলৈ আমাৰ একো নাই! সন্ধ্যাই বিশ্বাস কৰে, এই ধুনীয়া জীৱনটো কেৱল ভোগ বিলাসৰ বাবে নহয়। আনৰ সুখৰ কাৰণ হ'ব পৰাৰ দৰে অনুভৱে বিলাসতকৈও অধিক তৃপ্তি দিয়ে। হাঁহিভৰা মুখেৰে সন্ধ্যা ক্লাছলৈ গ'ল।

ক্লাছটো কৰি প্ৰায় এঘণ্টাৰ পাছত ওলাই আহিল সন্ধ্যা। আহি মোবাইলটো অন কৰিলে। এনেতে অনুৰণৰ ফোন,

"ক্লাছ কৰিলা?"

"উম কৰিলোঁ।"

"ঘৰ যাবা নে, নে তাতেই কৰিবা লাঞ্চ?"

"ইয়াতে কৰিম চাগে। কল্যাণী মেমে কৈ থৈছিল।"

"ঠিক আছে। আৰু শুনা।"

"উম, কোৱা.."

"মন মাৰি নাথাকিবা, মই আছোঁ নহয়। চব ঠিক কৰি দিম।"

একো নকৈ ৰৈ থাকিল মাত্ৰ সন্ধ্যা। অনুৰণে আকৌ ক'লে,

"আজি যদি সোনকালে ফ্ৰী হ'ব পাৰো, শুক্ৰেশ্বৰ ঘাটলে যাম। হ'ব?"

"উম, হ'ব।"

"ঠিক আছে, ৰাখোঁ হা এতিয়া। বাই।"

ফোনটো কাটিলে সি। সন্ধ্যাৰ ভৰি অহা চকুৰ পানীখিনিক জোৰকৈ হেঁচি দিছে তাই। নাই, এয়া কিবা কষ্টৰ বা দুখৰ অশ্ৰু নহয়। বুকুত যন্ত্ৰণাৰ পাহাৰ লৈ জী থকা মানুহক দুখবোৰে কন্দুৱাব নোৱাৰে। তেনে মানুহক মৰম আৰু আদৰেহে কন্দুৱায়। যিদৰে সন্ধ্যাক অনুৰণৰ মৰমে কন্দুৱায়। তাই জানে, অনুৰণৰ মূৰ দাঙিব নোৱাৰা ব্যস্ততা। তাৰ মাজতো এই দুপৰীয়া লাঞ্চৰ সময়ত ফোন এটা আহিবই। তাই নিজে আগবাঢ়ি কেতিয়াবাহে কৰে। কিন্তু সি নাপাহৰে। দায়িত্ব আৰু সম্পৰ্কক কি আচৰিত ধৰণে সি সন্তুলন কৰে, সেয়া দেখি সন্ধ্যা নিজেও আচৰিত হয়। সম্পৰ্কত বহুত ডাঙৰ কিবা কিবি নালাগে আচলতে। এই সৰু সৰু কথাবোৰেইতো যথেষ্ট। ব্যস্ততাৰ মাজত এটা দুই কি এক মিনিটৰ ফোন, সৰুকৈ এটা মেছেজ, এইখিনিও কেতিয়াবা দিনটো সজাই দিবলৈ যথেষ্ট হৈ যায়। আচলতে সন্ধ্যা সেইবাবেই চহকী। পুৱাৰ গোমা মুখখন এতিয়ালৈ বহুখিনি পোহৰ হ'ল তাইৰ। কল্যাণী মেম এতিয়া ক্লাছত আছে। তেখেত অহালৈকে তাই ৰ'ব লাগিবই যিহেতু ষ্টাফৰুম পাই তাই আকৌ "ৰাধা"খন মেলি ল'লে।


সময় ; হয়তো ইয়েই একমাত্ৰ বস্তু যাৰ ওচৰত মানুহ নতশিৰ। চাওঁতে চাওঁতে সময়বোৰ লখিমী নৈৰ সোঁতৰ দৰে বৈ থাকিল। গোবিন্দপুৰত চাৰি কি পাঁচ বছৰ পাৰ হ'ল। এৰা, উপন্যাসৰ দৰে হোৱা হ'লে কথাবোৰ। দুই কি তিনি পৃষ্ঠা মেলোতেই পাৰ হৈ যোৱা হ'লে বছৰৰ পাছত বছৰ।

গোবিন্দপুৰত পিছে এই চাৰি বছৰত যথেষ্ট পৰিৱৰ্তন হ'ল। চাৰি বছৰৰ আগৰ নিৰ্বাচনত মৌজাদাৰৰ পুতেক অলকেশ হাৰিল। ৰাধাহঁতৰ সেইদিনা কি যে ফুৰ্তি! অৱশ্যে সিজনেও বৰ বিশেষ কিবা ভাল এটা কৰিব নোৱাৰিলে। কিন্তু বৈকুণ্ঠ আৰু অলকেশৰ গোবিন্দপুৰৰ গছবোৰ এফালৰ পৰা তহিলং কৰাৰ যি বুদ্ধি আছিল, সেয়া পাঁচ বছৰলৈ মৰা পৰিছিল। গোবিন্দপুৰত হোৱা দুটা বিশেষ পৰিৱৰ্তন হ'ল চহৰৰ পৰা আহি গোবিন্দপুৰ ওলোৱাৰ মাজত লখিমী নৈৰ ওপৰৰ দলংখন পকা হ'ল। এতিয়া গাড়ী মটৰ বাছ অনায়াসে আহিব পৰা হ'ল। তাৰ লগতে গোবিন্দপুৰৰ মূল পথটোও আগতকৈ ধুনীয়া হ'ল। পকা মানে সেই ইটাৰ দৰে খাপৰি লগোৱা যে, তেনেকুৱা হ'ল। ৰাইজে দুদিনমান চেন্ডেল পিন্ধি ৰাস্তাত উঠাই নাছিল, কিজানি লেতেৰা হয়। কিন্তু সেইটো হোৱাৰ পৰা হোৱাই নোহোৱাই গাড়ী মটৰৰ আহ যাহ বেছি হ'ল। ৰাস্তাটো পাৰ হওঁ বোলোতেই কেতিয়াবা সময় লাগে। যি হ'লেও ৰাইজে লাগ বোলোতেই চহৰৰ ফালে যাবলৈ ৰিক্সা, অটো এখন পাই যায় এতিয়া। মাজে মাজে দুই একে চহৰৰ চিনেমা হলত চিনেমাও চাই গৈ এতিয়া। কন্যাদান চাই আহি কেইটামানে দুই তিনিদিন মানলৈ "ঊল গুঠিব জানে নে নাজানে" মুখৰ পৰা নেৰাই হৈছিল। অৱশ্যে সেয়া ৰাস্তা হোৱা সময়ৰে কথা। এতিয়া সেই দিন পাৰ হোৱাৰো বহু দিন হ'ল। আজিকালি ৰাইজৰ কেইঘৰমানত ৰঙীন টিভিও হ'ল। আগতে ৰাধাহঁত এল পি স্কুলত পঢ়ি থাকোতে সেই অকল স্নেহালয়তে যি এটা টিভি, তাতেই ৰাইজে জুম বান্ধি ৰামায়ণ মহাভাৰত চায়। বোৱাৰী সকলে কচৌটি জিন্দেগী কী, কুমকুম চায়। দেওবাৰে দেওবাৰে আকৌ অসমীয়া চিনেমা দিয়ে। এতিয়া কেইবা ঘৰতো টিভি হ'ল। লগতে এতিয়া কেছেট লগাই চাব পৰা চিডিও হ'ল। ৰাইজে অসমীয়া চিনেমা ওলালেই কেছেট কিনি লৈয়েই আনে। হেমেনৰ দোকানত আকৌ অসমীয়া চিনেমাৰ কেছেট ভাড়াও দিয়ে। ২৪ ঘণ্টা ৰাখি চাই ঘূৰাই দিব লাগে। সেইবাবে আজিকালি হললৈ যোৱা মানুহো কমিল। স্নেহালয়ত পিছে টিভিৰ বাহিৰে কম্পিউটাৰ এটাও সোমালহি। তাৰ কাৰণো ৰাধা নিজেই। মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন আৰু দুটাত লেটাৰ পাইছিল তাই। সেইবাবে চৰকাৰৰ পৰা কম্পিউটাৰ এটা পালে। বৈকুণ্ঠৰ গৰ্বত তৎ নাছিল সেইদিনা। ৰাইজেও উবুৰি খাই চাইছিলহি কি নো এইটো বুলি। সেইদিনো পাৰ হৈ ৰাধাই হায়াৰ চেকেণ্ডাৰীও পাছ কৰিলে আৰু চহৰৰ কলেজত এডমিশ্যন ল'লে। কেছেটৰ দিনবোৰ পাৰ হৈ এতিয়া হাতে হাতে ৰাইজৰ মোবাইল হ'ল। সৰু কিবা এখন থাকে, তাতেই গান ভিডিঅ' চব থাকে হেনো। ৰাধাহঁতৰ ঘৰত অকল বৈকুণ্ঠৰ তাতেই হে যি আছে। ৰাধাৰ সেইবোৰক লৈ ৰাপ নাই। তগৰহঁতৰ লগত সদায় চাইকেল লৈ চহৰৰ কলেজলৈ যায়। মাজতে বৈকুণ্ঠই চহৰতে হোষ্টেল লোৱাৰ কথা কৈছিল যদিও ভানুমতী গৰজি উঠিছিল,

"কেইদিন থাকিব ছোৱালীজনী! বিয়া দিবই লাগিব। এতিয়া থকা দিনকেইটাও বেলেগত থাকিব নালাগে।"

ৰাধাইও চাইকেল লৈ অহা যোৱাই ভাল পাইছিল। কলেজত যোৱাও তাইৰ এবছৰ হ'ল এতিয়া। এইফালে কানায়ে মেট্ৰিক পাছ কৰি হায়াৰ চেকেণ্ডাৰী দিবলৈ পঢ়ি আছে। কেতিয়াবা ৰাধাই ভাবে, ইমান যে খৰকৈ পাৰ হৈছে সময়বোৰ। সৌ সিদিনাৰ হে যেন কথা, সিহঁতে যে সেই কৃষ্ণচূড়া জোপাৰ বাবে সেই নাটকখন কৰিব লগা হৈছিল। আজি এয়া! এই কেই বছৰত কিমান কি যে সলনি হ'ল। তাৰ মাজতে কোনেও নজনাকৈ ৰাধাৰ বুকুত বিষ এটা এতিয়াও উমলি ৰ'ল। "ভালকৈ থাকিবা, মই চিঠি লিখিম", কৈশোৰতে শুনা সেই মাতষাৰ ৰাধাই যে আজিও পাহৰিব পৰা নাই। নাই, তেতিয়াৰ পৰাই তাই ডাকোৱাল জনক দেখিলেই খুব আশাৰে চায়। নাই, এদিনো সেই চিঠি নাহিল। থাকক, তেওঁ তেনেকৈয়ে ৰাধাৰ বুকুৰ কোণতে থাকক। ৰাধাই কোনোদিন বিচাৰি নাযায় তেওঁক। কিন্তু তাইৰ মনে কয়, তেওঁ য'তেই নাথাকক লাগিলে, ৰাধাক যেন তেওঁ মনত ৰাখি থৈছে। থাকক, ক'ৰবাততো তাইৰ মনৰ মানুহ এজন আছে! এই অনুভৱটোও যথেষ্ট। লগত থাকিব লাগিবই বুলিনো কি কথা আছে! কথাবোৰ ভাবি ভাবি তাইৰ লাজ লাগে, প্ৰচণ্ড খঙাল ৰাধাৰ এইটো ৰূপ মানুহে দেখিলে কি হ'ব ভাবি তাইৰ হাঁহি উঠে। হাঁহি উঠিবৰ কথাই, বয়সৰ লগে লগে ৰাধাৰ গুণ্ডামি কমক চাৰি বাঢ়িহে গ'ল। সিদিনা কাষৰীয়া গাঁৱৰ কিবা ভোজ এটা আছিল। তাতেই মানুহ কেইজনীমানে পাতি আছিল,

"ধৰ্ম গাওঁবুঢ়াৰ যে নাতিনীজনী, চিনি পাই নে? নেপাব নে, সেই চটাক চিনি নোপোৱা কমেইহে আছে। জীয়ৰী ছোৱালী, তথাপিতো যি মতাকালু চৰিত্ৰ। মতা মখাৰ লগত ঘূৰাই নহয়, তিনিআলি চাৰিআলিত মতাজাকৰ লগত মাৰপিটো কৰে ঔ। মাজতে সেই যে মৌজাদাৰৰ পুতেকজন ইলেকচনত উঠিব বুলি আমাৰ গাঁৱলৈ বৰকৈ আহিছিল। সেই গাঁৱৰে কোনোবা ছোৱালী এজনীক হেনো চুৱা কৰিলে। এস, ডেকা তেজ, কিবা এটা হ'ল আৰু। মিলামিছা কৰিলেই হ'ল। নাই, তাই বেটিয়ে গোটেই ৰাইজখনৰ আগতে ল'ৰাটোক এক কাণতলীয়া সোধাই দিলে হেৰৌ। শাসন? খুড়াকে মাৰিবলৈকে লৈছিল। তাই হেনো ওলোটাই জ্বলা কাঠখৰি এডাল দলি মাৰি পঠাইছিল। এনে অসুৰ স্বভাৱৰ ছোৱালী দেখা নাই ঔ! নামটো? ইচ ৰাম, নকবি আৰু। কোনে জানো দিয়া। নামটোৰ মতে হ'ব লাগিছিল সাদৰী, লখিমী। তাই হ'ল গৈ সেই কালী গোসাঁনী। নামটো হ'ল..."

মানুহজনীৰ কথা কৈ নহওঁতেই তেওঁৰ কাষত থকা গৰাকীয়ে ভয়ে ভয়ে ক'লে,

"ৰাধা...."

তেতিয়াহে চবেই ঘূৰি চাই দেখে, তামোল এডোখৰ নিবলৈ আহি ৰাধা সেইখিনিতে থিয় দি আছে। কথা কৈ থকা মানুহ গৰাকী কঁপিবলৈহে ধৰিছিল যেন। ৰাধা সামান্য তেওঁৰ ফালে হাওলি ক'লে,

"আপোনাৰ নিজৰ জন্মও কাৰোবাৰ ডেকা তেজৰ বাবেই হ'ল নে, নে ৰাইজে বিয়া পাতি দিয়ালৈ মাক বাপেক ৰৈছিল?"

কাষৰ মানুহ কেইগৰাকীয়ে ইচ ইচ কৰিবলৈ ধৰিলে। ৰাধাই আকৌ নিজক কোৱাৰ দৰে ক'লে,

"মাইকী মানুহ হৈও এজনী ছোৱালীৰ কথা এনেকৈ ক'বলৈ লাজ পোৱা নাই। এইবোৰ মানুহ মৰিলেহে যদি সমাজখন ভাল হয়।"

এইবুলি আঁতৰি আহিল তাই তাৰ পৰা। কথা কোৱা মানুহজনীয়ে মুখত কাপোৰে সোপা দি ভিতৰলৈ গ'ল। তেওঁ যে কান্দিছে সেয়া সকলোৱে গম পালে। 

ৰাধাৰ পিছে এইবোৰলৈ খেদ নাই। কোনে কি কয় কওক। তাই নিজে জানে তাই ভুল কৰা নাই। তাই মেট্ৰিক পাছ কৰি হায়াৰ চেকেণ্ডাৰী পঢ়ি থাকোঁতেই ঘটিছিল এই ঘটনাটো। গাঁৱৰ সোণপাহিক হঠাৎ লখিমীৰ পানীত উদ্ধাৰ কৰিছিল। ভাগ্যে তাই জাঁপটো মাৰোঁতে গৰখীয়া দুটামান তাতে আছিল। পাছত কথাটো ওলাল, তাই হেনো সাত মাহ গা ধোৱা নাই। পেটটো দেখি ৰাইজে সন্দেহ কৰিছিলেই, সেইটোৱেই সঁচা হ'ল। মৌজাদাৰৰ ঘৰৰ সঁচ বুলি জানিব পাৰি কোনেও একো কোৱা নাছিল। এদিন লাজ - মান কাটি সোণপাহিৰ দেউতাক মৌজাদাৰৰ ঘৰলৈ ছোৱালীজনীক লৈ আনক বুলি ক'বলৈ যাওঁতে হেনো জোতাৰে কোবাই খেদিলে। পুতেকে ক'লে,

"জীয়েৰেও মজা অকণ ল'লে মইও ল'লো। সেইবুলি ঘৰ সোমোৱাম নে?"

কথাটো শুনি জ্বলি উঠিছিল ৰাধা। সেইবাবেই গোবিন্দপুৰত কিবা মিটিঙলৈ আহোঁতে গোটেই ৰাইজৰ আগত এটা প্ৰচণ্ড চৰ সোধাই দিছিল অলকেশক,

"লম্পট, চৰিত্ৰহীন। লাজ নাপাৱ? সেন্দূৰ দিয়াৰ সাহসকণ নাথাকিলে বিচনাত শুবলৈ কিয় যাৱ? মাইকী মানুহবোৰ তহঁতৰ পুতলা নেকি হা?"

মুখেৰে মাতিব পৰা নাছিল অলকেশে। এইফালে ঘৰত চিঞৰ বাখৰ কৰিছিল বৈকুণ্ঠই। গোহালিৰ পৰা হালোৱা এচাৰি এডাল লৈ ৰাধাক কোবাবলৈ গৈছিল। ৰাধাৰ দুগুণে খং চৰিছিল। হিতাহিত জ্ঞান হেৰুৱাই পিছফালে চৌকাত জ্বলি থকা কাঠখৰি এডাল দলিয়াই পঠাইছিল খুড়াকলৈ,

"জ্বলাই দিম, তোকো জ্বলাই দিম। নিলাজহঁত, আনৰ ঘৰৰ ছোৱালী এজনীৰ জীৱন ধ্বংস কৰাটোৰ তপিনা চেলেকি থাকিবলৈ লাগে তোক। চৌধুৰীৰ ল'ৰা হৈ এইকণ সাহস।"

বৈকুণ্ঠৰ আৰু এখোজ দিবলৈও সাহ হোৱা নাছিল। দিনে দিনে এনেকৈয়ে ভয়ংকৰ হৈ উঠিছিল ৰাধা। না কাৰোবাক মানে না কাৰোবাৰ কথা শুনে। মুখ খুলিলে সমুখৰ জনৰ বয়স, স্থান একো নাচায়। এফালৰ পৰা যেন ধাহি মুহি যাব তাই। হয়তো তাইৰ বাবেই বৈকুণ্ঠ, অলকেশহঁতে এতিয়াও গোবিন্দপুৰৰ সম্পদত হাত দিবলৈ সাহস কৰা নাই। সময় পাৰ হৈছে ইয়াৰ মাজতেই।


লখিমী নৈৰ পাৰত বহি আছে ডেকা গাভৰু এহাল। আজি কেইবা বছৰো ধৰি ইজনে সিজনৰ মনটো হৰি থৈছে। কিন্তু সময়ৰ পাকত আজিও দূৰে দূৰে। ডেকাজন কিছু হতাশ, কথা যেন ওলাই অহা নাই। গাভৰুজনীৰ চকু ভৰি আহিছে বাৰে বাৰে। নিজৰ বুকুখন উদং যদিও সাহস আৰু হেঁপাহেৰে যেন আৱৰি খুজিছে ডেকাক। গাভৰুজনীয়ে লাহেকৈ সুধিলে,

"এইবাৰো নহ'ল গৈ?"

ডেকাজনে একো নক'লে। মুখখন দেখিলেই লাগে, পৰা হ'লে যেন চিঞৰি চিঞৰি কান্দিলেহেঁতেন। কিন্তু, "মতা মানুহে আকৌ নাকান্দে যে"। গাভৰুজনীয়ে বাহুত হাতটো দি ক'লে,

"চিন্তা নকৰিব। ইয়াৰ পাছত অহা বুধবাৰলৈ আৰু এটা যে আছে...."

এইবাৰ ডেকাজনে একেকোবে বহাৰ পৰা উঠিল,

"ধুৰ, নিদিওঁ আৰু মই ইণ্টাৰভিউ। চালা ঘোচ খাই চাকৰি দি ইণ্টাৰভিউৰ নাটক পাতে কুকুৰহঁতে। আজি কি সুধিছে জান, ৰিক্সাৱালা হ'বলৈ কি কি শিক্ষাগত অৰ্হতা লাগে বুলি ভাবে আপুনি? চালা, মাৰৰ মূৰটো লাগে বুলি কৈ গুচি আহিলোঁ। কি ভাবিছে সিহঁতে.. আমি আমি পঢ়া শুনা কৰা ল'ৰাবোৰ কি ধ্বংস হৈ যাম নেকি...."

অনর্গল কথা কৈ গৈছে ডেকাই। লাহে লাহে কথাবোৰ থুকাথুকি হৈছে। অস্পষ্ট হৈছে শব্দবোৰ। জোৰকৈ লুকুৱাই ৰখা কান্দোন ওলাই পৰে যেন। এনেতে গাভৰুৱে পৰিৱেশ পাহৰি জোৰকৈ সাৱটি ধৰিলে ডেকাক। ডেকা যেন মমৰ দৰে গলি পৰিল। কঁপি কঁপি প্ৰথমে উচুপি তাৰ পাছত হাও হাওকৈ কান্দি উঠিল। দুয়োটা একেলগে বহি পৰিল আকৌ। গাভৰুৱে সাৱটি লৈছে ডেকাৰ মূৰটো। ডেকাই কান্দিছে কেৱল। গাভৰুৱে কৈ গৈছে,

"ধৈৰ্য নেহেৰুৱাব সৰুকণ দা। মই ৰ'ম, ৰৈ আছোঁ আপোনালৈ। সকলো ভাল হ'ব।"

"একো ভাল নহয় অ' চুপহি। তই যা গৈ, কষ্ট পাবি অ' মোৰ লগত। একো নহয় মোৰ জীৱনত।"

"আৰু এনেকৈ নক'ব, ভিক্ষা কৰি খালেও আপোনাৰ লগতে খাম মই।"

একো নকৈ এইবাৰ উচুপি গৈছে সৰুকণে। এৰা, সিহঁত সৰুকণ আৰু চুপহি। স্বাভিমানী সৰুকণৰ কাৰো সহায় নোলোৱাকৈ নিজাকৈ নিজক প্ৰতিষ্ঠা কৰাৰ হেঁপাহ। কিন্তু শিক্ষা থকাৰ পাছতো ঘোচ দিব নোৱাৰাৰ বাবেই আজিও নিবনুৱা। নুবুজে কোনেও নুবুজে এই নিবনুৱাৰ বুকুৰ ঘাঁ। ঘৰে পৰে সকলোৱে "কি কৰি আছা এতিয়া" বুলি ঠিকেই সোধে, কিন্তু যুঁজি থকা ল'ৰাজনৰ মনটোৰ উমান কোনেও নাপায়। সৰুকণৰ বাবে ৰৈ আছে চুপহি। বি এ শেষ হোৱাৰ পাছতো ৰৈ আছে তাই। দলিয়াই দিছে বিয়াৰ এটা এটা প্ৰস্তাৱ। ঘৰৰ মানুহৰ টেঙা মাত শুনি শুনিও ৰৈ আছে তাইৰ মনৰ মানুহজনৰ বাবে। লাহে লাহে যেন ভাঙি পৰিছে সৰুকণ। ধৰ্ম নাৰায়ণৰ বিশাল সম্পত্তিৰ প্ৰতি তাৰ লোভ নাই, তাৰ মন নিজৰ বাবেহে। কিন্তু সমুখত যেন সকলো বাট বন্ধ। আকৌ উকিয়াই মাতে ৰঙা সুৰুজে, তেনেকুৱাতে তাৰ চকুত ভাঁহি উঠে চুপহিৰ আলফুল মুখখন। তাইক এইদৰে এৰি সি পাৰিব নে অৰণ্যৰ মাজত গৈ সংগ্ৰামী হ'ব! স্বাধীনতাৰ বাবে সি বুকুৰ ভালপোৱাখিনি একেবাৰে জোকাৰি পেলাব পাৰিব নে! সৰুকণ ৰৈ যায়। ভাবি থাকোতেই চুপহিয়ে তাৰ মুখখন চাদৰৰ আঁচলেৰে মচি দি ক'লে,

"এনেকৈ হ'লে হ'ব জানো! কিবা এটা উপায় ওলাবই। মোৰ কথা নাভাবিব। নিজে বিয়াত নবহোঁ বুলিলে চোচৰাই নিব নে কিবা?"

আৰু দুই এটা কথা পাতি চুপহি গ'ল গৈ। সৰুকণ অলপ সময় তাতে ৰ'ল। সিহঁত বহি থকা গছজোপাৰ গুৰিটোৰ মাটিখিনি হাতেৰে আঁতৰাবলৈ লাগিল। ওলাই পৰিল চিঠি এখন। সেইখন চোলাৰ মাজত ভৰাই সি লাহে লাহে স্নেহালয়ৰ ফালে খোজ ল'লে।


গোবিন্দপুৰৰ পৰা কিছু নিলগৰ এখন খুব ব্যস্ত চহৰ। গোবিন্দপুৰৰ প্ৰায়ভাগ মানুহেই বিভিন্ন সংক্ৰান্তত এই চহৰখনৰ ওপৰত নিৰ্ভৰশীল। সেয়া লাগিলে, কলেজত পঢ়াই হওক, চিকিৎসাৰ বাবেই হওক, কোৰ্ট কছাৰীয়েই হওক। ইয়াৰে এখন আগশাৰীৰ কলেজত পঢ়ি আছে ৰাধাই। ৰাধা, সপোন, ৰঞ্জন, তগৰ আটাইকেইটাই। অ পাহৰিছিলোঁয়েই, তগৰে হায়াৰ চেকেণ্ডাৰীত অসমৰ ভিতৰতে সপ্তম স্থান লৈ পাছ কৰিছে। কলেজখনে তগৰক বিনামূলীয়াকৈ পঢ়াইছে সেয়ে। তগৰক চবেই খুব মৰম কৰে কলেজত। এইফালে ৰাধাৰ উৎপাত পিছে ইয়াতো কমা নাই। মাজতে কলেজ উইকৰ সময়ত লাগিছিলেই নহয় বেলেগ ডিপাৰ্টমেণ্টৰ লগত। ৰাধা অসমীয়া বিভাগৰ, কলেজ উইকত চব কাম আগভাগ লৈ কৰিছে। চিনিয়ৰেও ভাল পাইছে। তাৰ মাজতেই দলীয় নৃত্যৰ ৰিজাল্ট দিওঁতেই লাগিল গণ্ডগোল। পলিটিকেল চায়েন্স দিপাৰ্টমেণ্টৰ বোলে সময় পাৰ হৈ গৈছিল, তাৰ পাছতো সিহঁতে প্ৰথম পুৰস্কাৰ কেনেকৈ পালে বুলি লাগিলেই। "এই পলিটিকেল কেইটাৰ মূৰ কেইটা ছিঙি কলেজৰ গেইটত ওলোমাই থ'ম আজি মই" বুলি তাই গৈছিলেই। তেনেতে যেনিবা সিহঁতৰ দিপাৰ্টমেণ্টৰ মেম এগৰাকীয়ে থাপ মাৰি ধৰি ৰখাই কিবা কিবি বুজালে। তাইও শান্ত হ'ল।

আজি ৰাধাৰ ক্লাছ দেৰিকৈহে আছে। পিছে দেৰিকৈ থাকিলেও এইকেইদিন জুনিয়ৰক কিবা কিবি সুধি অলপ নাৰ্ভাচ কৰাৰ লোভটোৰ বাবে ৰাধা আৰু তাইৰ লগৰ কেইটামান সদায় ক্লাছ নাথাকিলেও লাইব্ৰেৰীৰ পৰা কেণ্টিনলৈ যোৱাৰ ৰাস্তাটোত থকা বকুল জোপাৰ তলৰ বেঞ্চ কেইখনত বহি থাকে। কেণ্টিনৰ আগত জুনিয়ৰবোৰ অহাৰ লগে লগেই আৰম্ভ হৈ যায় সিহঁতৰ ৰেগিং। আজিও সেই আশাতেই আছিল, পিছে আমাৰ ৰাধাৰাণী হে আহি পোৱা নাছিল। ৰঞ্জনহঁত ৰৈ থাকোতেই দেখিলে এজন যুৱক গুৰু গম্ভীৰ খোজেৰে কেণ্টিনৰ ফালে আহি আছে। ওখ, মিঠা বৰণীয়া, চকুত এযোৰ ক'লা চশমা, হাতত ঘড়ী। দেখাত কিছু ডাঙৰ যেনেই লাগিল। কলেজৰ ইউনিফৰ্ম, ক'লা পেণ্ট আৰু বগা চাৰ্ট নিপিন্ধা হ'লে কোনেও কলেজৰ ষ্টুডেন্ট বুলি ধৰিব নোৱাৰিলে হয়। তাতে যি হে গহীন খোজত আহিছে। কাষেৰে পাৰ হ'বলৈ লওঁতেই ৰঞ্জনে সুহুৰি মাৰিলে। যুৱকে সেইফালে নোচোৱাকৈ পাৰ হ'বলৈ লৈছিল। তেনেতে ৰঞ্জনহঁতৰ ক্লাছৰ আকাশে চিঞৰিলে,

"ঐ, মাতি থকা শুনা নাই নেকি? এইফালে আহ।"

যুৱকজন ৰ'ল। এবাৰ সিহঁতৰ দলটোৰ ফালে চালে। তিনিটা চাৰিটা ল'ৰা আৰু পাঁচজনী মান ছোৱালীৰ দল এটা। তেওঁ আগবাঢ়ি আহিল,

"হয় কওকচোন।"

সপোনে ক'লে,

"চকুত চশমা, হাতত ঘড়ী আকৌ চাৰ্ট কোচাই লৈছ, কলেজলৈ আহিছ নে বিয়া খাবলৈ হা?"

যুৱকজন অলপ সময় ৰ'ল। অলপ হঁহাৰ দৰে কৰি তেওঁ ক'লে, 

"তোমালোকে কলেজত এয়াই কৰিবলৈ আহা নে পঢ়া শুনাও কৰা।"

ৰঞ্জনহঁতৰ দলটো আচৰিত হৈছিল যদিও উত্তৰ দিবলৈ নাপাওঁতেই পিছফালৰ পৰা কাৰোবাৰ খঙাল মাত ভাঁহি আহিল,

"কলেজত আমি কি কৰিম সেয়া এতিয়া তইহে শিকাবি নেকি আমাক?"

সকলোৰে লগতে যুৱকজনেও ঘূৰি চালে। চাইকেলত উঠি নীলা ৰঙৰ দুপাত্তা, বগা চুৰিদাৰেৰে কলেজৰ ইউনিফৰ্ম পিন্ধা সেইজনী ৰাধা। মেলি থোৱা চুলিখিনি পাতলকৈ উৰি আছে। ৰ'দত চাইকেল চলাই অহাৰ বাবেই নেকি গাখীৰ হেন মুখখন ৰঙা হৈ উঠিছে। চেলাউৰি থূপ খোৱা ৰাধাই এবাৰ পিছফালে কাৰোবাক ক'লে, "ঐ, চাইকেলখন ষ্টেণ্ডত থৈ আহ গৈ"। লগে লগেই কোনোবা এটাই লৈ গ'ল চাইকেলখন। ৰাধাৰ তাৰ পৰা নামি আহিল। আগন্তুক যুৱকজনে চশমাযোৰ খুলি হাতত ল'লে। চকুৰ পলক নজোপোৱাকৈ তেওঁ চাই ৰৈছে ৰাধালৈ। যেন বহুযুগৰ চিনাকি। এনেতে ৰঞ্জনে ক'লে,

"বেটা, ছোৱালী দেখি পোৱা নাই নেকি হা?"

এইবাৰ ৰাধাই যুৱকক ভালকৈ চালে। মুখত দাড়ি ভৰ্তি, চুলিও দীঘল। চকুযোৰ অলপ চিনাকি যেন লাগে যদিও মনত নপৰা। এটা কথা তাই নিশ্চিত যে ল'ৰাজনৰ বয়স সিহঁততকৈ বেছি। হওক বেছি, ফাৰ্ষ্ট ইয়েৰৰ যেতিয়া জুনিয়ৰেই। এইবাৰ তাই ক'লে,

"এইটো ৰূপত জুনিয়ৰ কলেজলৈ নাহে। কাইলৈ চুলি দাড়ি কাটি আহিবি। নহ'লে মই কাটি দিম ইয়াত।"

যুৱকে মাতটো কৃত্ৰিম গহীন কৰি ক'লে,

"আপুনি নাপিতৰ কামো কৰে নেকি?"

লগে লগে ৰাধাহঁতৰ দলটো বহাৰ পৰা উঠি গ'ল। সকলোৱে ভাবিছে আজি শেষ, এই ল'ৰাটোৰ নাকৰ বাৰাণ্ডা উফৰিব। ৰাধাৰ মুখখন আৰু ৰঙা পৰি আহিল। হাতৰ মুঠিটো টান হৈ আহিল। যুৱকৰ চাৰ্টৰ কলাৰত ধৰি টানি আনিবলৈ লৈছে তাই। তেনেকুৱাতে কেণ্টিনৰ বাৰাণ্ডাৰ পৰা কলেজৰে অৰ্থনীতি বিভাগৰ বৰদলৈ ছাৰে মাত লগালে,

"আৰে, দাস আপুনি ইয়াতে ৰ'ল যে?"

ৰাধাই লগে লগে চাৰ্টৰ কলাৰটো এৰি দিলে। আটাইবোৰ ল'ৰা ছোৱালী সাৱধান হ'ল। বৰদলৈ ছাৰো সিহঁতৰ ওচৰলৈ আহিল আৰু ক'লে,

"ইহঁতক চাগে চিনি পোৱা নাই ন? এয়া আমাৰ কলেজৰে একদম সক্ৰিয় শিক্ষাৰ্থী, অসমীয়া বিভাগৰ ৰাধা চৌধুৰী।"

ৰাধাই আচৰিত হৈ চাই ৰৈছে মাত্ৰ। যুৱকজনৰ মুখত মৃদু হাঁহি। বৰদলৈ ছাৰে এইবাৰ ৰাধালৈ চাই ক'লে,

"ৰাধা, এয়া তহঁতৰ ছাৰ। আজিৰ পৰা আমাৰ কলেজত গেষ্ট ফেকাল্টি হিচাপে জইন কৰিছে। বৰ চোকা ল'ৰা। এই বছৰ এম এ শেষ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা, আমাৰ বিভাগৰে। নামটো শৰৎ জ্যোতি দাস।"

কি.!!! শৰৎ.. শৰৎ দা.. ৰাধাৰ মূৰটো আচন্দ্ৰই কৰিছে! ইমান বছৰৰ মূৰত। এৰাটো, প্ৰায় পাঁচ কি ছয় বছৰ। ইমান সলনি হ'ল। আগতকৈ অলপ শকত, মুখত দাড়ি, চুলিও দীঘল। উফ, তাইক কিহে পাইছিল বাৰু। তেওঁ ও আকৌ কলেজৰ ইউনিফৰ্মটো কিয় পিন্ধি আহিব লাগে নো! কি হৈছে ৰাধাৰ, এনেকুৱা লাগিছে তাই যেন বছৰ বছৰ ধৰি সেইটুকুৰ ঠাইতে থিয় হৈ আছে, লৰচৰ কৰিব নোৱাৰাকৈ। অলপ আগলৈকে গৰমত ৰঙা পৰি থকা ৰাধা যেন বৰফত গা ধুই আহিছে। লাহে লাহে কঁপি উঠিছে তাই। সপোন ৰঞ্জনহঁত তেতিয়ালৈ দৌৰি পলাল। তাইও দৌৰিব খুজিছে কিন্তু এটা খোজো যে দিব পৰা নাই। বৰদলৈ ছাৰে কাৰোবাক "ঐ শুনচোন" বুলি কৈ আঁতৰি গ'ল। বকুলতলৰ ঠাইটুকুৰত অকল ৰাধা আৰু শৰৎ। প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় হৈ থকা ৰাধাৰ কাষলৈ আহিল শৰৎ। একেবাৰে কাষলৈ আহি ৰাধাৰ কাণৰ কাষত ক'লে,

"স্কুলৰ পৰা কলেজ পালাহি, গুণ্ডামি নকমিল ন?"

কথাটো কৈ কেণ্টিনৰ ফালে গুচি গ'ল শৰৎ। ৰাধা ধমহকৈ বহি পৰিল বেঞ্চখনতে। বুকুত কোনোবাই ধানৰ মিল এটা বহাই দিছেহি হ'বলা। গোবিন্দপুৰৰ নিলগত সেই চহৰখনত যেন আৰম্ভ হৈছে, পুনৰ এটা নীৰৱ কাহিনী।

বতাহ এছাটি মাৰিছে ৰিবৰিবকৈ। গছজোপাৰ পৰা বকুলৰ ফুল এপাহ সৰি পৰিল ৰাধাৰ কোলাতে। কেণ্টিনত বাজি আছে গান এটা। গানটোত ৰাধাৰ যেন আৰু বেছি কিবা লাজ লাগিল। সৰা বকুলপাহ হাতত লৈ তাই মুখখন ঢাকি ধৰিলে। কেণ্টিনত বাজি আছিল,

"বহুদিন বকুলৰ গোন্ধ পোৱা নাই,

বহুদিন বকুলৰ মালা গঁথা নাই..."

(আগলৈ)

Comments

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯