ৰাধা : ১৭

 #ৰাধা

Part 17

থলগিৰি ; মহানগৰবাসী বিশেষকৈ উজান বজাৰৰ এটা চিনাকি নাম। ভাতৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্য সম্ভাৰ পাই যদিও একে আষাৰে ভাতৰ হোটেল বুলিব নোৱাৰি থলগিৰিক। কেৱল খাদ্যয়েই নে, বিভিন্ন জনগোষ্ঠীৰ গলবস্ত্ৰ, অন্য সাজপাৰ, থলুৱা স্বাদৰ অসমীয়া আচাৰ, বাঁহ গাজ, তিল পিঠা, নাৰিকলৰ লাৰু, চিৰা কি নাই তাত! আৰু বিশেষকৈ তাত কিতাপো পায়। সঁচাই, খোৱা বস্তুৰ পৰা পিন্ধা কাপোৰ আৰু কিতাপলৈকে পোৱা দোকান মহানগৰত আৰু আছে নে নাই সন্দেহ। ইয়াৰ উপৰি ইয়াৰ আন এটা বিশেষত্ব এইটো যে ইয়াত অন্য হোটেলৰ দৰে আফগানি চিকেন, স্বাহী পনীৰ, কাষ্টাৰ্ড আদি নহয়, তাৰ পৰিৱৰ্তে দৈ চিৰা, কোমল চাউল, ফানাপ, কোমোৰা আৰু হাঁহৰ মাংস, কলডিল, বেহুৱা আদি খাটি অসমীয়া খাদ্যবোৰ পোৱা যায়। এক কথাত ক'বলৈ গ'লে মহানগৰৰ অত্যাধুনিক জীৱনৰ মাজত থলগিৰি এখন খাটি অসমীয়া গাঁৱৰ ঘৰ। দোকানখন সাজিছেও তেনেকৈয়ে। ভিতৰত সজাই থৈছে জাকৈ, খালৈ, নাঙল আদিবোৰ। লতাশিল খেলপথাৰৰ পৰা উগ্ৰতাৰালৈ যোৱা পথটোতে সোঁফালে আছে থলগিৰি। সোমোৱা বাটটো যেন শিৱসাগৰৰ কাৰেংঘৰৰ দৰে। আধুনিক টাইলছ আৰু কাঁচৰ সলনি গোটেইখন বাঁহ আৰু কাঠেৰে সজা। সোমায়েই কাপোৰ, অন্য জলপানবোৰ সজাই থোৱা আছে। তাৰ পৰা ভিতৰলৈ গ'লে খোৱাৰ ঠাই। এফালে ডাইনিং আৰু আনটো ফালে মাটিত বহিব পৰাকৈ ঢাৰিত বিচনা কাপোৰ। তাৰ কাষতে বেৰত বৰ কায়দা কৰি "থলগিৰি" শব্দটো লিখা আছে। তাতেই সজাই থোৱা আছে কিতাপবোৰ। কবিতা, গল্প, উপন্যাস আদি। 

সন্ধ্যাই আগতে বিভিন্ন জনৰ মুখত শুনিছে যদিও অহা নাছিল। আজি ড৹ কল্যাণীৰ লগত ইয়ালৈকে আহিল। অথনি ৰাধাখন পঢ়ি থাকোঁতেই কল্যাণী মেম আহি ৰাধাক মাতিলেহি। কিতাপ জপাই ৰাধা ওলাই আহিল। আহোঁতে এবাৰ শাহুয়েকক ফোন কৰি খোৱা বোৱাৰ খবৰ ল'লে। তেওঁ ইতিমধ্যেই খাই আজৰি। অৱশ্যে মনু থাকিলে চিন্তা কৰিব লগা নাই। 

"কি ভাবিছা সন্ধ্যা?"

থলগিৰিৰ কিতাপবোৰ চাই থাকোঁতেই কল্যাণী মেমে সুধিলে।

"নাই মেম। এনেই চাইছোঁ কিতাপবোৰ। ইমান ধুনীয়াকৈ সজাই থৈছে।"

"গুৱাহাটীৰ হুলস্থুলবোৰত ভাগৰ লাগিলেই মই ইয়ালৈ আহোঁ বুইছা। খুব শান্ত সময় অকণ কটাই যাওঁ।"

"মোৰ আজিকালি শান্ত সময়লৈ ভয় লগা হ'ল মেম। শান্ত হ'লেই যেন মই নিজৰ মুখামুখি হ'ম। নিজৰ কথাবোৰ আকৌ মনত পেলাম। তাতকৈ চিঞৰ বাখৰবোৰে মোক পাহৰাই ৰাখে।"

"কোলাহলে সমস্যাৰ সমাধান নকৰে সন্ধ্যা। সমাধান সদায় নীৰৱতাইহে দিয়ে। সমস্যাৰ পৰা যিমান পলাবা, সিমান খেদিব।"

সন্ধ্যা কিছু সময় মনে মনে ৰ'ল। কল্যাণী মেমে আকৌ ক'লে,

"এইখন কলেজতেই পঢ়িলোঁ। চাকৰি কৰিলোঁ। এতিয়া বিশ্ববিদ্যালয় হ'ল, ইয়াৰ পৰাই অৱসৰ পাম। এই জীৱনটোত কিমান কি দেখিলো, শিকিলোঁ, মানুহৰ মুখ চিনিলোঁ। এটা কথা বুজিলোঁ সন্ধ্যা, মানুহক তুমি কেতিয়াও সুখী কৰিব নোৱাৰা। নিজৰ সমস্ত লাগিলে উজাৰি দিয়া, এটা মাত্ৰ এটা সৰু ভুলে সকলো খেলিমেলি কৰি দিব। আৰু তুমিতো একো ভুলো কৰা নাই।"

অলপ ৰৈ মেমে আকৌ ক'লে,

"তোমাক আত্মকেন্দ্ৰিক হ'বলৈ নকওঁ, কিন্তু নিজক প্ৰাধান্য দিয়া সন্ধ্যা। ইটছ হাই টাইম। তুমি নিজে ভাল বুলি ভবাটো কৰা। কাৰোবাক সন্মান কৰাৰ খাতিৰত অন্যায় মানি নাযাবা।"

"মই বুজিছোঁ মেম। চেষ্টা কৰিম মই।"

"তোমাৰ লগততো অনুৰণ আছে সন্ধ্যা, মোক চোৱা।"

কথাষাৰৰ লগত হুমুনিয়াহ এটা সৰি পৰিল কল্যাণীৰ। কল্যাণীৰ ডিভোৰ্চ হোৱা বহু বছৰ হ'ল। সন্তান এতিয়া বিদেশত থাকে। মাজে মাজে আহে, দেউতাকৰ ওচৰলৈকে যায়। তেওঁক কেতিয়াবা লগ কৰে। সন্ধ্যাই সৰুকৈ সুধিলে,

"মেম, আপোনাৰ ছাৰলৈ কেতিয়াবা মনত নপৰে নে?"

"পৰে, কিয় নপৰিব! মানুহজনহে ভুল আছিল, স্মৃতিখিনিতো সঁচা আছিল ন!"

সন্ধ্যাৰ বুকুখনো গধূৰ হ'ল। হয়তো কল্যাণীৰো। অলপ সময় তেনেকৈ পাৰ হোৱাত পুনৰ কল্যাণীয়ে ক'লে,

"মই গুচি আহিম বুলি গুচি অহা নাছিলোঁ জানা সন্ধ্যা। তেওঁ যদি এবাৰো ক'লেহেঁতেন, উভতি আহা। মই চাগে সকলো স্বাভিমান বাদ দি গুচি গ'লোহেঁতেন।"

এৰা, কেতিয়াবা "যাওঁ" বুলি কোৱা কথাষাৰৰ আঁৰত "ৰৈ যোৱা না" বুলি শুনাৰ হেঁপাহ অকণ লুকাই থাকে। আৰু আমি মানুহবোৰ ইমান ব্যস্ত যে সেই হেঁপাহকণ বুজাৰ বাবে সময় নলও। এনেকৈয়ে অকলশৰীয়া হৈ গৈ থাকে কত মানুহ। কথা পাতি থাকোতেই ভাত আহি পালেহি। খোৱা বোৱা কৰি সন্ধ্যাহঁত ওলাই আহিল তাৰ পৰা। এতিয়া আকৌ ক্লাছ।

একেৰাহে দুটা ক্লাছ কৰি সন্ধ্যাৰ মূৰটো কিছু বিষাইছিল যদিও "ৰাধা"খন পঢ়াৰ লোভটো সামৰিব নোৱাৰিলে। ষ্টাফৰ মাজত দুই এষাৰ কথা পাতি তাই আকৌ মেলি ল'লে, "ৰাধা"


কোনেও নজনাকৈ কাৰোবাক বুকুত কঢ়িয়াই ফুৰাতকৈ মনোৰম অনুভৱ চাগে আৰু একোৱেই নাই। আৰু তাৰ পাছত যেতিয়া তেওঁ হঠাৎ আহি সমুখত ওলাই! উফ, কেনেকৈ বাৰু নিজক লুকুওৱা যায়! আজি ৰাধাৰো সেয়াই হ'ল। কলেজৰ পৰা ঘৰলৈকে গোটেই বাটটো তাই একোৱে মাত দিয়া নাই। কিবা এটা বুজি পায়েই নেকি তগৰহঁতেও একো কোৱা নাই আজি। সপোন, ৰঞ্জনহঁতেও নিজৰ মাজতে পাতি আহিছে। স্নেহালয় পায়েই ৰাধা নিজৰ কোঠালৈ গ'ল। দুৱাৰখন জপাই তাই আইনাত নিজক চালে এবাৰ। ৰঙা পৰিছে নেকি তাই? আজি প্ৰথমবাৰলৈ তাই অনুভৱ কৰিছে তাই দেখিবলৈ চোন ধুনীয়া! প্ৰেমত পৰা প্ৰতিজন মানুহেই ধুনীয়া চাগে। প্ৰেম?? ধেই, কি পাগলে পাইছে বাৰু তাইক! নাই নাই, এইবোৰ বেছি ভাবিব নোৱাৰি। কাপোৰ সাজ সলাই হাত মুখ ধুই তাই খোৱা মেজলৈ গ'ল। মেজত সাদৰীয়ে তাইলৈ ভাত বাঢ়ি ৰৈ আছে। পিছে ৰাধাই দেখিলে আৰু কাৰোবাৰ ভাত আছে চোন। ৰাধা অহালৈ সকলোৱে ভাত খাই আজৰি হয়। আজিনো কোন ৰৈ আছে!

"কোনে ভাত খোৱা নাই খুৰী?"

"কানায়ে।" সাদৰীৰ উত্তৰ।

"সি এতিয়ালৈকে ভাত খোৱা নাই যে, কিয়?"

সাদৰীয়ে এবাৰ ইফালে সিফালে চাই কোনোবা আছে নেকি পৰীক্ষা কৰি ল'লে। তাৰ পাছত ৰাধাৰ কাষলৈ আহি ক'লে,

"আজি আকৌ সেউতীৰ ওচৰলৈ গৈছিল। আকৌ কাজিয়া হৈছিল। তাকে দেখি মায়ে গালি দিলে।"

ভাল লগা অনুভৱবোৰৰ সলনি এসোপা গৰম তেজে ৰাধাৰ মূৰত গৈ থূপ খালে। কথাটো নতুন নহয়। ৰাধাহঁতৰ ঘৰৰ সমুখতে সেউতীৰ ঘৰ। মানে ভদ্ৰেশ্বৰী বৰমাৰ বোৱাৰী, সেউতী। বেচেৰী আজি বিয়া হৈ অহা পাঁচ বছৰ মানেই হ'ল। অহাৰ পৰাই তাই কেৱল শাহুয়েকৰ পৰা পাইছে অকল অত্যাচাৰ। কেতিয়াবা হালোৱা এচাৰিৰ দাগ, কেতিয়াবা উতলা গৰম পানীয়ে পোৰা দাগ। গিৰিয়েক মহীধৰ মাকৰ একান্ত বাধ্য। মাকক নিজেতো একো নকয়েই, বৰঞ্চ ওলোটাই ঘৈণীয়েকক দুই একোব নিজেও দিয়ে। তাৰ মতে ঘৈণীক ওলাওঁতে এগোৰ, সোমাওতে এগোৰ দিব লাগে। তেহে তলত থাকে। প্ৰায়েই সেউতীৰ হিয়াভঙা কান্দোন স্নেহালয়লৈকে ভাঁহি আহে। কেতিয়াবা নিজান ৰাতিও। ৰাধা প্ৰায়েই দৌৰি যায়। কিন্তু ভদ্ৰেশ্বৰীয়ে ওলোটাই কয়, "মহাজনৰ ঘৰৰ মানুহে আনৰ সংসাৰত মূৰ সোমোৱালে বেয়া দেখে।" তথাপি ৰাধা যায়, কিন্তু সেউতীয়ে নিজেই তাইক উভতাই পঠায়। কিহৰ বাবে মানুহজনীয়ে এই যমৰ যাতনা সহি আছে ৰাধাই বুজি নাপায়। এদিন ৰাধাই ইয়াৰ পৰা যাওক গৈ বুলি কওঁতে কৈছিল,

"ক'লৈ যাম অ' ৰাধা? আই বোপাই মৰিল। সেইখন ককাইদেউৰ ঘৰ। ৰাখিব জানো মোক?"

ৰাধাই ভাবে, সঁচাই ছোৱালীবোৰৰ নিজৰ বুলি ঘৰ এখন নাথাকে নেকি? বিয়াৰ আগলৈকে দেউতাৰ ঘৰত, বিয়াৰ পাছত গিৰিয়েকৰ ঘৰত। তেন্তে ছোৱালীবোৰৰ নিজৰ ঘৰ কোনখন? ৰাধা যোৱাৰ বাবে ভানুমতীয়েও বাধা দিছিল, "গিৰিয়েক ঘৈণীয়েকৰ মাজত নোসোমাবি ৰাধা। তাই নিজেই মানি লৈছে যেতিয়া আমি কৈ কি হ'ব?" কিন্তু এতিয়াতো সেউতী সাত মাহৰ সন্তান সম্ভৱা। এই অৱস্থাতো অত্যাচাৰ কৰিছে নে? কিমান নিষ্ঠুৰ এইবোৰ মানুহ! এদিন আইতাক মনোহৰাই সেউতীৰ কথা ওলাওঁতে ৰাধাক কৈছিল, "আগলৈ তইও কেতিয়াবা শাহুয়েৰৰ পৰা দুই এচাট খাব লগা হ'ব পাৰে। সেইবুলি উভতি আহিবি নে?" ৰাধাই দাঁত কৰচি কৈছিল, "উভতি নাহো, ফলা খৰিৰে কোবাই শাহু আইক চিধা কৰি ল'ম।" আইতাকে "কৃষ্ণ কৃষ্ণ, এনে দাংকাটি এইজনী" বুলি উঠি গৈছিল। যি নহওক বাৰু, আজিও তেনে কিবায়েই হ'ল চাগে। সেইবুলি আইতাকে কানাইক কিয় গালি দিব! ৰাধাই এতিয়াই আইতাকক ইয়াৰ বাবে কথা শুনাই দিব পাৰে। কিন্তু ফচি মৰিব বেচেৰী খুৰীয়েকজনী। সেয়ে তাই সেইবোৰ নকৰি তাইৰ খনৰ লগতে কানাইৰ কাঁহীখনো লৈ তাৰ কোঠা পালেগৈ।


কানাইৰ কোঠাটো স্নেহালয়ৰ একেবাৰে চুকৰ ফালে। ৰাধা আৰু সৰুকণৰ বাহিৰে কোনো নাযায় সাধাৰণতে তালৈ। ৰাধা সোমাওতেই বকুল ফুলৰ গোন্ধ এটা নাকত লাগিলহি। কানায়ে বকুল বুটলি মালা কেইবাডালো সাজি থৈছে। বকুল যে শুকাই যোৱাৰ পাছতো গোন্ধটো ৰৈ যায়। এই গোন্ধটো পাই ৰাধাৰ আকৌ কলেজৰ কথাটোলৈ মনত পৰিল। ভাবটো জোকাৰি পেলাই ৰাধাই কানাইলৈ চালে, বিচনাত টোপনিত সি। টোপনিতে বাঁহীটো সাৱটি আছে। হয়তো বজাই আছিল। শুই থাকিলে তাৰ মুখখন কোনোবা শিশুৰ দৰে লাগে। এই মুখখনকো কোনোবাই গালি পাৰি বেজাৰ দিব পাৰে নে! বেৰত ওলমি ৰখা ম'ৰা পাখি দুটা এই সৰো এই সৰোকৈ আছে। ৰাধাই টেবুলতে ভাতৰ কাঁহী কেইখন থৈ তাক জগালে। সাৰ পালে যদিও ৰৈ থাকিল সি। ৰাধাই কাঁহীখন আগবঢ়াই দিলে,

"খাই ল।"

"ভোক লগা নাই।"

"এইবোৰ কেঁচুৱাৰ নিচিনা কথা নক'বি।"

"সঁচাই কৈছোঁ।"

"ঠিক আছে, মইও নাখাও তেন্তে। এদিন নাখালে নমৰোঁ।"

কানায়ে এইবাৰ কাঁহীখন নিজৰ হাতলৈ আনিলে, কিন্তু ৰৈ থাকিল। ৰাধাই ভাতকেইটা সানি তাক এগৰাহ খোৱাই দিলে। কানাইৰ চকুকেইটা পানীৰে ভৰি পৰিল। ৰাধাই ক'লে,

"কোনোবাই গালি দিলেই তই পৰ হৈ যাবি নেকি? গালি পাৰিলে ভাত নাখাবলৈ হ'লে মই ইমান দিনে মৰিয়েই থাকিলোহেঁতেন।"

"মোক তহঁতৰ ঘৰৰ মানুহবোৰে এতিয়াও নিজৰ বুলি ভাবিব নোৱাৰিলে ন?"

"বলিয়া নেকি, স্নেহালয়ত অকল সেই মনোহৰা বুঢ়ীয়েই আছে নেকি?"

কানাই যেন ইচ ইচ কৰি উঠিল,

"মনে মনে থাকচোন। এনেকৈ কয় নেকি?"

"কিয় নক'ম। দিনটো কাম নাই বন নাই আক তাক গালি পাৰিয়েই পাৰ কৰে। কিহৰ ফোঁপোলা ভেম লৈ ফুৰে জানো! কোনোবা দিনা এই ভেম বাহিৰ কৰিম মই ৰহ।"

কানাইৰ হাঁহি উঠে তাইৰ কথাত। তাৰ সৰু কিবা এটা হ'লেও সহ্য নকৰে এই ছোৱালীজনীয়ে। তাইৰ বাবেইতো সি আকৌ হাঁহিবলৈ শিকিলে। ভাত কেইটা খাই ৰাধাই কাঁহী দুখন আনি ধুলেহি। এনেতে ৰাধাক শুনাই মনোহৰাই সৰু বোৱাৰীয়েক সাদৰীক ক'লে,

"সাদৰী, মহাৰাণীক ক'বা। এতিয়া গাভৰু হ'ল। ডেকা ল'ৰাৰ কোঠাত সোমাই ভাত খাই থকাটো বৰ বজৰুৱা দেখি।"

ৰাধাৰ আকৌ মূৰটোত যেন অঙঠা জলিবলৈ ধৰিলে। তাইও একে সুৰতে ক'লে,

"খুৰী, নিজৰ পেট গেলা মানুহে সকলোতে বেয়াই দেখে। কৈ দিবা, মোক এইবোৰ শিকাবলৈ নাহিলে নিজৰ কাৰণেই ভাল। বয়স হৈছে, ধৰ্মকথা কওক। মই কথা ক'বলৈ গ'লে চকুপানী টুকিব লাগিব।"

নাতিয়েকে এইদৰে ক'ব বুলি মনোহৰাই সপোনতো ভবা নাছিল। হয়তো আজিৰ কথাটো গম পাইছে। ইয়াতকৈ আগবাঢ়িলে ৰাধাই যে তেওঁক একো মানতে নাৰাখে তেওঁ জানে। একো নকৈ নিজৰ কোঠাত সোমাল গৈ মনোহৰা। আহিব, উচিত সময় তেওঁৰো আহিব। তেতিয়া এই আটাইবোৰৰ হিচাপ এবাৰতে ল'ব। এইবুলি নিজকে প্ৰবোধ দিয়ে মনোহৰাই।


দিনবোৰ গৈ থাকে একেদৰে, কিন্তু তাৰ মাজতে ৰাধাৰ মাজত আহে অকণ অকণ ভাল লগা সলনি। আজিকালি কলেজলৈ যাওঁতে সাজোন কাচোনত অলপ সময় লাগে ৰাধাৰ। আগতে কেতিয়াবা কাজল নোলোৱাকৈও কলেজ গুচি যোৱা ৰাধাই এতিয়া কাজলকণ লগাবলৈ নাপাহৰে। মনেটৰ পাৰফিউম অকণো লগাই, চুলি কেইডালো বান্ধি যায়। লগতে বেগত অকণমানি আইনা এখনো নিয়ে। মাক কুন্তলাই আলেঙে আলেঙে মন কৰে, কিন্তু ৰাধাক একো নকয়। হওক, অকণমান ছোৱালী মানুহৰ গুণ তাইৰ মাজতে আহিছে যদি আহক। আজিকালি ৰাধাৰ মনটো কিবা এটা অস্থিৰ হৈও থাকেচোন। ক্লাছৰ মাজতে খিৰিকী সিপাৰে তাইৰ চকুযোৰ পিটপিটাই ঘূৰি ফুৰে, আন এযোৰ চকুৰ অপেক্ষাত। ইক'ন'মিক্সৰ ডিপাৰ্টমেণ্টৰ ফালে গ'লে বুকুখনৰ ঢিপিং ঢিপিং শব্দটো যেন কাণত পৰেহি। এই অকণ অকণ ভাল লগাবোৰে যেন তাইক কাণে কাণে কয়হি, "তই ডাঙৰ হ'লি ঐ ৰাধা।"

আজি দেওবাৰ। আগবেলাটো ৰাধা ভানুমতীৰ কোঠাতে বহি আছে। ভানুমতী আগতকৈ কিছু দুৰ্বল হৈছে। আগৰ দৰে এই চোতাল, এই বুলনি, এই পিছফাল ফুৰিব নোৱাৰে। কিন্তু মনটো এতিয়াও পিছে আগৰ দৰেই। ভানুমতীৰ কোঠাতহে চাগে পৰিৱৰ্তনৰ একো পৰশ পৰা নাই। স্নেহালয়লৈ নতুন টিভি অহাৰ পৰা ভানুমতীৰ কোঠাতে ৰেডিঅ'টো অনবৰতে থাকে। দেওবাৰৰ পুৱা তাতেই জলপান খাই খাই ৰাধাই দ্বীপেন বৰুৱাৰ গান শুনে। আজিও শুনি আছে,

"লাজ লাজ লাজ ভণ্টি নকৰিবা আমালৈ

লাজ লাজ লাজ ভণ্টি তোমাৰ আমাৰ একেটি

জাত জাত জাত ভণ্টি নকৰিবা আমালৈ লাজ...."

কথাৰ মাজতে ভানুমতীয়ে সোধে,

"বোলো হয় নে, আজিকালি চোন বৰকৈ ৰচকীজনী হৈ থাক, কথাটো কি?"

"ইচ, ক'ত নো দেখিলে?"

"কেলেই নেদেখিম, চকুত কাজল লাগিয়েই থাকে, মুখত হাঁহি ওলমিয়েই থাকে।"

আজু আয়েকৰ কথাত হাঁহিত বাগৰি পৰে ৰাধা। হাঁহি দিয়ে আইতাকেও। যেন দুয়োজনী আজন্ম সখীহে। হাঁহি হাঁহি ভানুমতীয়ে কয়,

"বি এ টো পাছ কৰিলেই ধৰ্মক ক'ব লাগিব, বোলো সোনকালে কাম ফেৰা আদায় কৰিব লাগে।"

"কি কাম?"

"কিয়, ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী!"

"ইচ, হৈছে আৰু মই বিয়া চিয়া নহওঁ দেই আই। ইয়াতে থাকিম সদায়।"

এনেতে ধৰ্ম নাৰায়ণ সোমাই আহে,

"কাৰ বিয়াৰ কথা চলিছে নো?"

"চাওক চোন ককা, আয়ে হেনো মোৰ বিয়া পাতে।"

ৰাধাৰ কথাত তাইৰ মূৰত হাত ফুৰাই ককাকে কয়,

"সময়ততো হ'বই লাগিব বিয়া। আমি চাই দিম নহয় ধুনীয়া দৰা।"

ৰাধাই মুখ ফুলাই,

"মোক খেদিবলৈ ইমান মন মানে! হ'ব গুচি যাম মই।"

তাইৰ কথাত দুয়োজনে হাঁহে। এইবাৰ সৰুকণ আহি দুৱাৰমুখৰ পৰা কয়,

"দেউতা, এইফালে আহিব চোন।"

ধৰ্ম নাৰায়ণৰ লগতে ৰাধা আৰু ভানুমতীয়েও প্ৰশ্নবোধক চাৱনিৰে তালৈ চোৱাত সি কয়,

"ই শৰৎ আহিছে, আপোনক লগ কৰিবলৈ।"

"শৰৎ, ইমান দিনৰ মূৰত ই ক'ৰ পৰা ওলালহি!" কথাটো কৈ কৈ ধৰ্ম নাৰায়ণ উঠি যায়। এইফালে বুকুৰ সেই বিশেষ শব্দটো শুনে ৰাধাই, ঢিপিং!! গাটো কিবা জ্বৰ উঠাৰ নিচিনা। ভানুমতীয়ে সোধে,

"কি হ'ল, জলপানখিনি খা আকৌ!"

"মই আৰু নাখাও আই, আহিছোঁ দেই।"

কথাটো কৈ প্ৰায় লৰ মৰাদি উঠি যায় ৰাধা। ভানুমতীয়ে অবাক হৈ চাই ৰয়, "এইজনীৰ আকৌ কি হ'ল?"


সন্মুখৰ প্ৰতীক ৰুমতে শৰৎ বহি আছে। ৰাধাই চাওঁ নাচাওঁকৈ এবাৰ পৰ্দাৰ ফাঁকেৰে জুমিলে ভয়ে ভয়ে। তাৰ পাছতহে ভাবিলে, কিহে পাইছে তাইক। কেনেবাকৈ খুৰীয়েক বা তেজাই দেখিলে তাইক শেষ কৰিব জোকাই জোকাই। এইবাৰ গৈ তাই আখলঘৰ পালেগৈ। তাই সোমাওতেই তেজাই ক'লে,

"কি হ'ল আইদেউ, কিবা লাগিছিল নেকি?"

বেচেৰী তেজা, আজিলৈকে ৰাধাই কিবা কাম কৰিবলৈ আখলত সোমাই পোৱাই নাই। কিবা বস্তু বিচাৰিহে যায়, সেয়ে তেনেকৈ কৈছে। কিন্তু ৰাধাৰ যে আজি সঁচাকৈ কিবা এটা কৰিবৰ মন গৈছে। কওঁ নকওঁকৈ ৰাধাই তেজাক ক'লে,

"আলহীলৈ চাহ ময়ে কৰোঁ নেকি তেজা বাই?"

"কি???" সাদৰী আৰু তেজাই একেলগে যিটোহে চিঞৰ মাৰিলে ৰাধা উচপ খাই উঠিল। চিঞৰিবৰ কথাই। যিজনী ৰাধাই পানী এগিলাচো নিজেই লৈ নাখাই তাই চাহ বনাবলৈ আহিছে! তাকো আলহীলৈ! সাদৰীয়ে পানী খাবলৈ লৈছিল, চৰ্চৰণী খাই উঠিল। ৰাধাই গেঙেৰি মাৰি আহিল,

"কিহে পালে নো ইমানকৈ চিঞৰিবলৈ? চাহকণ কৰোঁ বুলিহে কৈছোঁ কিবা। মায়ে চোন কৈয়ে থাকে কাম কৰিবলৈ।"

হয়, কথাটো হয়। পাকঘৰৰ কাম, তাঁতশালৰ কামতকৈ ৰাধা ব্যস্ত হৈ থাকে গৰু ছাগলীক পথাৰলৈ নিয়া, মাজে মাজে খৰি ফলা, মাছ মৰা এইবোৰ কামত। সেইবাবে কেতিয়াবা কুন্তলাই দবিয়াই, "হেৰৌ, মাইকী মানুহৰ কামবোৰ কৰিবি চোন অলপ। অকল মতা মানুহৰ নিচিনাকৈ এইবোৰত লাগি থাক তই।" কিন্তু সেইবুলি হঠাৎ এই পৰিবৰ্তন আচৰিত। পিছে ৰাধাক একে আষাৰে না বুলি ক'লে আকৌ কি ৰূপ দেখুৱাই ঠিক নাই। সেয়ে সাদৰীয়ে কায়দা কৰি ক'লে,

"আজি নালাগে নেকি ৰাধা, আলহী আছে নহয়। এদিন বনাই লৈ আমাক খোৱাই ল'বা।"

ৰাধাইও বুজিলে কথাটো। হেঁপাহতে চাহ কৰিম বুলি ক'লে হয়, পিছে চাহপাত, চেনি এইবোৰ ক'ত থাকে সেইটোও তাই নাজানে। সেয়ে তাই ক'লে,

"ঠিক আছে। তোমালোকেই বনোৱা। আলহীৰ ওচৰলৈ মই নিম।"

সাদৰী আৰু তেজাই ইজনীয়ে সিজনীৰ মুখলৈ চালে যদিও একো নকৈ কাম কৰাত লাগিল।


প্ৰতীক ৰুমৰ চোফাত বহি আছে শৰৎ। কাষত সৰুকণ। সমুখৰ আৰামী চকীত ধৰ্ম নাৰায়ণ। তাৰ কাষৰ চকীত মনোহৰা। লগতে থিয় হৈ আছে কুন্তলা। বহল কোঠাটোত তেওঁলোকৰ কথাবোৰ, কথাৰ মাজে মাজে হাঁহিবোৰ ভাঁহি আহিছে। শৰতে তাৰ খা খবৰবোৰ কৈ গৈছে। শৰৎ ধৰ্ম নাৰায়ণৰ আগৰ পৰাই প্রিয়। মাক দেউতাক নোহোৱা ল'ৰাটোৱে কিমান কষ্ট কৰি যে আজিৰ ঠাই পাইছে সেয়া সকলোৱে জানে। পঢ়া শুনাত সৰুৰে পৰাই সি চোকা। ভালকৈ সা সুবিধা পোৱা হ'লে চাগে ইমানদিনে আৰু ভাল চাকৰি পালেহেঁতেন। হ'লেও এতিয়া টেম্পোৰেৰী হ'লেও ক'ৰবাত যে মূৰটো গুজিছে সেয়াই বহুত। কিন্তু শৰতে বেয়া কাম এটা কৰিছে, পঢ়ি শুনি উভতি আহি চাকৰিও পালে, আৰু ধৰ্ম নাৰায়ণৰ ওচৰলৈ এতিয়াহে আহিছে। এতিয়া সি এদিন স্নেহালয়ৰ সবকে হাঁহ এটা আনি খোৱাব লাগিব, তেহে দোষটো কাটিব। এইবোৰ কথাই পাতি পাতি হাঁহি আছিল গোটেইবোৰে। মাজতে কুন্তলাই ঘৰ এখন পতাৰ কথাও উলিয়ালে। শৰৎ লাজতে ৰঙা পৰিল। এনেতে হঠাৎ সকলোৰে হাঁহিবোৰ বন্ধ হৈ পৰিল। বন্ধ হোৱাই নহয়, গোটেই কোঠাটোত যেন কাঁহ পৰি জীণ যোৱা অৱস্থা। কাৰণ, পৰ্দা কোঁচাই ৰাধাই লৈ আনিছে চাহৰ থালি। লগতে পিঠা, লাৰু। ৰাধাই আনিছে? আলহীৰ বাবে? আন নেলাগে ধৰ্ম নাৰায়ণৰ চকু বহল হৈ গ'ল। সৰুকণে মুখ জপাব পাহৰি গ'ল। মনোহৰাইতো আপোনা আপুনি বহাৰ পৰা উঠি দিলে। এইফালে কুন্তলাৰতো অৱস্থাই নাই। চকীখনত ধৰি কথমপিহে নপৰাকৈ আছে। মুঠতে কোনেও নিজৰ চকুক বিশ্বাস কৰিব নোৱাৰা অৱস্থা। এইফালে ৰাধাই গজ গামিনী খোজেৰে চাহ নি শৰতৰ সমুখৰ মেজখনত থ'লে গৈ। লগতে ক'লে,

"চাহ খাওক।"

খালী মুখতে হিকটি আহিল সৰুকণৰ। ৰ'ব নোৱাৰি সি সুধিয়েই পেলালে,

"ৰাধা, তোৰ গা চা বেয়া নেকি?"

ৰাধাই আচৰিত হৈ ক'লে,

"নাইতো। কিয়?"

এইবাৰ মনোহৰাই সুধিলে, 

"নহয় মানে কোনোবাই কিবা ক'লে নেকি?"

"মোক আকৌ কোনে কি ক'ব আইতা?"

ধৰ্ম নাৰায়নো সুধিবলৈ বাধ্য হ'ল,

"মানে সৰু বোৱাৰী আৰু তেজা নাই নেকি?"

ৰাধাই শান্ত মাতেৰে মাথোঁ ক'লে,

"আছে আখলতে।"

মনোহৰাই এইবাৰ মুখৰ ভিতৰতে কোৱাদি ক'লে,

"ঘপকৈ কালী গোসাঁনী আই লক্ষ্মী হ'লচোন।"

কাষতে থকা কুন্তলাই ফুচফুচাই ক'লে,

"মনে মনে মা। শুনিব লাগিলে জানেই নহয়।"

এইবোৰৰ মাজত একো নুবুজাৰ দৰে ৰৈ আছিল শৰৎ। সি মাত্ৰ চাই আছিল ৰাধালৈ, একেথিৰে। সেই কৈশোৰৰ চঞ্চল মুখখন, যি এটা বিশেষ অনুভৱ হৈ থিতাপি লৈছিল তাৰ বুকুৰ কোনোবা কোণত। আজি এই ৰূপত দেখি সি ক'ব পৰা নাই একো। ৰাধা; শৰতৰ মানস প্ৰতিমা ৰাধা। কেনেকৈ বুজাব সি তাইক, কেৱল আৰু কেৱল যে ৰাধাৰ বাবেই তাৰ এই উভতনি। শৰতে কিবা ভাবিব বুলি পৰিৱেশটো সলাবলৈ কুন্তলাই ক'লে,

"শৰৎ বোপা, খোৱা আকৌ। চেঁচা হ'ব এতিয়া চাহ।"

এতিয়াহে যেন গোটেই কেইটা বাস্তৱলৈ ঘূৰি আহিল। পুনৰ কথা পাতিবলৈ ল'লে। ৰাধাও ৰৈ থাকিল বেৰতে আউজি। আঁৰ চকুৰে শৰতলৈ চায়। কিয় নতুন নতুন লাগি যায় গোটেই পৃথিৱীখন, মাথোঁ এজনৰ আগমনত। খং ৰাগ অভিযোগ নোহোৱা হৈ পৰিব পাৰে মাত্ৰ এপলক চকুৰ চমকত। কথাৰ মাজতে সৰুকণে ক'লে,

"তই কিহত আহিলি? মই থৈ আহিম নহ'লে।"

"নাই নাই। চাইকেল লৈ আহিছোঁ। তলা মাৰি থৈছোঁ। ইয়াত আকৌ চাইকেল চোৰ বেছি যে!"

শেষৰ কথাষাৰ সি ৰাধালৈ চাই ক'লে। উঠিল তাইৰ টিঙিচকৈ খংটো। ইমান বছৰৰ পুৰণা কথাটো এওঁ পাহৰাই নাই মানে। সেইটো লৈও এতিয়া খুঁচ মাৰিব লাগে নে! গুচি যাবলৈ মন গ'ল তাইৰ ভিতৰলৈ। কিন্তু তেনে কৰিলে অভদ্ৰামি কৰা হ'ব, সেয়ে তাই ৰৈ থাকিল। কিছু সময় কথা পাতি শৰৎ যাবলৈ ওলাল। বাৰাণ্ডালৈকে আগবঢ়াই দি ধৰ্ম নাৰায়ণ আৰু কুন্তলাহঁত ভিতৰ সোমাল। ৰাধাই আগুৱাই গৈ নঙলা খুলি দিলে। চাইকেলত উঠি নঙলাৰ ওচৰ পাই শৰতে ক'লে,

"কি হ'ল, একো নোকোৱা নেকি?"

ৰাধাৰ খং মাৰ যোৱাই নাছিল। তাই খঙেৰেই ক'লে,

"ইমান চুৰ হোৱাৰ ভয় থাকিলে ডিঙিতে ওলোমাই লৈ ফুৰিব চাইকেলখন।"

অলপ হাঁহি শৰতে ক'লে,

"মোৰ ভাল লগা বস্তুবোৰৰ ওপৰত বিশ্বাস আছে, কোনোবাই চুৰ কৰি নিলেও মোৰ ওচৰলৈকে উলটি আহিব। তাৰ কাৰণে জোৰকৈ কাষত ৰাখিব নালাগে।"

ৰাধাই একো নকৈ মাত্ৰ মনে মনে ৰৈ থাকিল। তাৰ পাছত সৰুকৈ ক'লে,

"বেয়া নাপাব। খং উঠি গৈছিল।"

"খং কৰি থাকিবা এনেকৈ। আপোন মানুহকহে খং কৰা যায়।"

কথাটো কৈ পেডেল মাৰি আঁতৰি গ'ল শৰৎ। যাওঁতে সিঁচি দি গ'ল ৰাধাৰ মুখত এচমকা হাঁহিৰ পোহৰ। একে দৌৰে ভিতৰ পালেগৈ ৰাধা। বিচনাত পৰি মূৰটো গুজি দিলে গাৰুটোত। আজু আইতাকৰ কোঠাৰ পৰা ভাঁহি আহিছে গীত এটা,

"ফাগুনৰ বতাহে গাতে ছাটি মাৰে

গাতে ছাটি মাৰি যায়.. 

অ' অ' অ' গাতে ছাটি মাৰি যায়..

আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই,

অ'.. সপোনৰ হাঁহিটি চাই...."

(আগলৈ)

Comments

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯