ৰাধা : ১৮

 #ৰাধা

Part 18

ধৰ্ম নাৰায়ণৰ ঘৰত বছেৰেকীয়া ভোজ। প্ৰতি বছৰে হোৱা এই বৰভোজটো যেন অকল গোবিন্দপুৰেই নহয়, ওচৰৰ সাতখন গাঁৱৰ বাবে এক উৎসৱ। আচলতে স্নেহালয়ত প্ৰথম যেতিয়া গোঁসাই ঘৰ প্ৰতিষ্ঠা হৈছিল, সেইদিনাৰ পৰাই প্ৰতি বছৰে সেইদিনটোত নাম আৰু ভোজ পাতি অহা হৈছে। ওচৰৰ গোটেই কেইখন গাঁৱৰ বছা বছা নামাচাৰ্য আহি নামত বহেহি। লগতে গোটেই গোবিন্দপুৰৰ ৰাইজ। নামৰ পাছতে ভোজ। ঔ টেঙা দিয়া মাটি দাইলৰ পৰা আৰম্ভ কৰি লেছাৰী মাহৰ ভাজি, ৰঙালাও ভাজি, আলুৰ শুকান ভাজি আদি কেইবাবিধো ব্যঞ্জন। লগতে বিবিধ পিটিকা আৰু চাটনি। তাৰ পাছত আকৌ সৰভোগৰ পৰা মগাই অনা খাঁটি ম'হৰ দৈ। ৰাইজে একে উদৰ পুৰাই খাবলৈ সাজু।

পুৱাই ৰাধাই এযোৰ আকাশী ৰঙৰ চাদৰ মেখেলা পিন্ধিছে। ৰংটো পিছে কানায়ে পছন্দ কৰি দিয়া। পাকঘৰৰ ইটো সিটো কামৰ লগতে দৈৰ টেকেলি দঙা, ৰাইজক যোগাৰ দিয়া কামবোৰ কৰি থকাৰ মাজতে একোবাৰ তাই আহি নঙলাৰ ফালে চাইহি। এখন বিশেষ মুখৰ অপেক্ষাত যেন চকু বিষাইছে তাইৰ। গোটেই চোতালখন ৰভা দিছে ইমূৰৰ পৰা সিমূৰলৈ। চোতালৰ এমূৰত থকা গোঁসাইঘৰটো খোলা ৰাখি তাৰ তলতে সাজিছে গুৰু আসন। আলহীবোৰ আহি আছে এজন এজনকৈ। কাষৰীয়া গাঁৱৰ ঘনশ্যাম ককাক অহা দেখি ৰাধাই আগুৱাই গৈ সেৱা এটা কৰিলে। দীঘল চুলিৰ ককাজনক দেখিলেই শ্ৰদ্ধাত মূৰ দোঁ খাই আহে। ৰাধাই সেৱা কৰোঁতে তেওঁ ক'লে, "ভগৱন্ত বস্তুৱে সদায় কুশলে ৰাখক তোক মাজনী।" ইমান মৰমসনা মাত তেখেতৰ। আন কিছুমান ভকতৰ দৰে এখেতৰ খোজেপতি নিয়মবোৰো নাই। কোনোবাই সুধিলেও কয়, "এই নিয়মবোৰ নো কেলেই, মানুহৰ সুবিধাৰ অৰ্থেহে। মানুহক অসুবিধাত পেলোৱা নিয়মবোৰ যাতনাহে।" এপাকত ৰাধাই দেখিলে, মুকুলৰ দেউতাক বীৰেন ভকতো আহি পালেহি। এইজন মানুহক ৰাধাৰ একেবাৰে সহ্য নহয়। নিজকে সমাজৰ অভিভাৱক বুলি ভাবি লয় এই মানুহজনে। পুৰণি অযুক্তিকৰ নিয়ম কিছুমানত খামুচি মানুহক অসুবিধাত পেলোৱাটো যেন তেওঁৰ হবী। সকলোৰে ঘৰতে নিয়ম, পৰম্পৰাৰ নামত তেওঁৰ বৰ বৰ কথাবোৰ চলিয়েই থাকে। ইফালে নিজৰ ঘৰৰ কিন্তু অৱস্থাই নাই। মদপী পুতেকৰ বমি চোতালত গছকিহে আৰম্ভ হয় তেওঁৰ দিনটো। আনলৈ বেছি আঙুলি টোঁৱাই থকা মানুহৰ নিজৰ আঙুলিতে ঘাঁ লাগে আচলতে। এবাৰ গাঁৱৰ বিয়া এখনত ৰাধাৰ মাকক জোৰোণত যোৱা দেখি তেওঁ কৈছিল, "হেই কি কৰা কি কৰা, এই বিধৱাজনীক জোৰোণত নি অমংগলখন কৰিব খুজিছা নে?" কুন্তলাই সজল চকুৰে তলমূৰ কৰি আঁতৰি যাবলৈ লৈছিল যদিও কাষতে থকা ৰাধাই সকলোৱে শুনাকৈ তেওঁক কৈছিল, "কিয় বৰদেউতা, আপোনাৰো চোন বৰমা ঢুকাইছে। আপুনিও তিৰি মৰা বৰলা। আপুনি গ'লে অমংগল নহয় নেকি?" কুন্তলাই মুখত সোপা দিছিল ৰাধাৰ। ৰাধালৈ কেৰাকৈ চাই আঁতৰি গৈছিল বীৰেন বৰদেউতা। কুন্তলা ধৰ্ম নাৰায়ণৰ বোৱাৰী হোৱা সত্ত্বেও তেওঁৰ অপমানৰ পৰা ৰক্ষা পৰা নাছিল। গতিকে বাকী ঘৰৰ জীয়ৰী বোৱাৰীক তেওঁ কেনে ব্যৱহাৰ কৰে সেয়া সহজেই অনুমেয়। পিছে ৰাধাৰ পৰা তেওঁ সেইদিনাৰ পৰা অলপ আঁতৰি থাকে। চৌধুৰী পৰিয়ালৰ এইকুৰা জুয়ে কোনোবা দিনা তেওঁক যে জ্বলাই ছাৰখাৰ কৰিব তেওঁ জানে। মুকুলক মাৰি মূৰ ফালি দিয়াৰ কথাও তেওঁ পাহৰা নাই। সেয়ে ৰাধাৰ মুখামুখি নোহোৱাকৈ তেওঁ ৰাইজৰ মাজত বহিলগৈ।  

অলপ পাছতে ধৰ্ম নাৰায়ণৰ ভনীয়েক, ৰাধাহঁতৰ পেহী আইতাক মহামায়াও আহি পালেহি। কথাত ৰসেশ্বৰী আইতাকজনী আহি পোৱাৰ লগে লগে গোটেই স্নেহালয়ত হাঁহিৰ উজান উঠিল। পাচলি কাটি থকা গাঁৱৰ বোৱাৰীজাকৰ হাঁহিয়ে গোটেইখন বুৰাই পেলাইছে। কথাৰ মাজে মাজে ফকৰা মাতি ৰস দিয়া মহামায়া আইতা সকলোৰে প্রিয়। আহি পাওঁতেই কোনোবা এজনীয়ে বোলে "আইতা একে ধুনীয়াজনী হৈ আছে ঔ" লগতেই মহামায়াৰ উত্তৰ,

"বুঢ়ী হ'লো ঠেৰী হ'লো

দাঁতত ধৰিলে পোকে,

আৰুনো কি গাভৰু হ'ম

তামোল দিব লোকে।"

হাঁহিৰ মাজতে গাঁৱৰে সৰলাই আহি তামোল এখন দিলেহি। লগে লগে আইতাই বোলে, "আই হেৰেই সৰলা, তোৰ পুতেৰে বিয়া পতা নাছিল নে? এতিয়াও তই এনেকৈ কামত লাগিবৰ হৈ আছে নে?" সৰলাই লগতে সুযোগ পাই ক'লে, "ভাল কথা কৈছে পেহীটি। সিজনী মেমনী হৈ থাকে ঘৰত। কাম বনো তাকো মই শিকাই বুজাই আগবঢ়াই দিলেহে কিবা এটা চুৱে।" মহামায়া আইতাই ফকৰা মাৰিলে,

"যতাই দিবা সজাই দিবা তৰি দিবা তাঁত,

তেহে চাবা বোৱাৰীৰ থুনুক থানাক মাত।

তোৰো এতিয়া সেই গতিয়েই হৈছে সৰলা।"

আইতাৰ ফকৰাত চোতাল কঁপি যোৱাকৈ হাঁহিৰ উজান উঠে। এনেতে ৰাধাৰ মাক কুন্তলাই ক'লে,

"হেই, অকণ মনে মনে। ভকত আহিলেই নহয়। বোৱাৰীৰ মাজৰ পৰা এনেকৈ হাঁহি উফৰি গ'লে বেয়া পাব পাৰে ভকতে।"

লগে লগেই মহামায়াই কুন্তলাৰ কথা উফৰাই ক'লে,

"থ হেৰৌ। জানো দে ভকতৰ কথা। বোলে,

আজিকালি ভকতৰ কিনো নিয়ম নীতি,

ঘৰত পিন্ধে ঘৈণীয়েকৰ চাদৰ সমাজত পিন্ধে ধূতী।"

এইবাৰ যেন হাঁহিৰ বিস্ফোৰণহে ঘটিল। বোৱাৰীহঁতৰ কোনোবা জনী হাঁহিত বাগৰি পৰিছে। কোনোবা জনী উঠি দৌৰ মাৰিছে। কোনোবা জনীয়ে সুদা মুখতে চৰ্চৰণী খাইছে। মুঠতে আইতাৰ ফকৰাত চবৰে অৱস্থা কাঢ়িল। বোৱাৰী মহলত হাঁহিৰ শব্দতে সকলোৱে গম পাইছে যে মহামায়া আইতা তাতে আছে। সেইবাবে ভানুমতীয়ে জীয়েকক ভিতৰলৈ মাতি পঠালে। জীয়েকৰ স্বভাৱৰ বিষয়ে তেওঁ জানে। মহামায়াৰ আৰু অলপ দেৰি বোৱাৰীহঁতক জোকাই ৰং চাবলৈ মন আছিল। কিন্তু মাকৰ কথা পেলাবলৈ সাহস এই বয়সতো নাই। সেয়ে লগে লগে ভানুমতীৰ কোঠা পালেগৈ।

অলপ পাছতে নাম প্ৰসংগ আৰম্ভ হ'ল। 

"জয় জয় ৰাম জয় শ্ৰী ৰাম

জয় সনাতন হৰি হে..."

নামৰ সুৰে স্নেহালয়ৰ চৌপাশ বেৰি ধৰে। ৰাধাই এপাকত আহি বাহিৰৰ পৰিৱেশটো চাই আকৌ ভিতৰলৈ যায় গৈ। এই নামৰ সুৰবোৰত কিয় জানো, তাইৰ দেউতাকলৈ মনত পৰে। দেউতাক গুচি যোৱাৰ পাছতো যে এনেকৈ নাম হৈছিল। ৰাধা আহিব পৰা নাছিল চোতাললৈ। এতিয়াও তাইৰ সেইবোৰেই মনলৈ আহে। সেয়ে তাই ভিতৰ পালেগৈ। খুপি খুপি ভানুমতীও আহি মুঢ়া এটা লৈ নামত বহেহি। লগত লাগি থাকে তেজা, মহামায়া আৰু কুন্তলা। ভিতৰৰ পাকঘৰত তৎ নেপাই সাদৰীয়ে। এফালৰ পৰা কৰি যায় কামবোৰ। সহায় কৰি দিয়ে ৰাধাই। 

"ৰাধা আইদেউ, আপোনালোকৰ যে ছাৰ। তেখেত আহিছে। চ'ৰা ঘৰতে বহিবলৈ দিছোঁ।"

তেজাৰ মাতটোত মনটো চমকি উঠিল ৰাধাৰ। তথাপি তাই যিমান পাৰে মনৰ ভাবটো লুকুৱাবলৈ চেষ্টা কৰিলে। পিছে কাষতে থকা খুৰীয়েকে তাইৰ অৱস্থাটো বুজি পায়েই ক'লে,

"তুমি যোৱা, কথা পাতা গৈ। মই জলপান দি পঠাম।"

এখোজ দুখোজকৈ ৰাধা আহি চ'ৰাঘৰ পালেহি। ৰাধাক সমুখত দেখি চকুৰ পলক নজোপোৱাকৈ চাইছে শৰতে। একো মাতিব পৰা নাই ৰাধাই। বুকুখন যেতিয়া ভৰি থাকে অনামী অনুভৱে তেতিয়া চোন শব্দবোৰেও প্ৰতাৰণা কৰে। শৰতেই আগতে ক'লে,

"কাম কৰি আছিলা?"

"উম"

"জানা জানো কাম কৰিব?"

সেয়া, এই মানুহটো কিয় এনেকুৱা! অকণমান ভাল লগা আহেহে, তেওঁ দিয়েই নহয় তাইৰ খংটো উঠায়। তাইৰ মুৰটো গৰম কৰি লৈ এতিয়া আঁৰ চকুৰে হাঁহি আছে। ৰাধাৰ একদম ভাল নালাগে এইচব কথা। 

"পোনা কাই, দৈৰ টেকেলিবোৰ তাতেই দ'মাই থৈছা যে?"

প্ৰয়োজনতকৈ অধিক জোৰেৰে কথাটো কৈ ৰাধাৰ চ'ৰাঘৰৰ পৰা চোতালৰ ফালে ওলাই গ'ল। শৰতে জানে, তাই যে খঙতে এনেকৈ গৈছে। থাকক, তাইৰ খংটোও লগতে থাকক চোন। খং চং নোহোৱা তেনেই শান্ত ৰাধাজনীক চোন সি ভাল পাব নোখোজে। কাৰোবাক ভাল পালে তেওঁৰ সমগ্ৰ সত্ত্বাক ভাল পোৱা যায়। প্ৰিয়জনক সলনি কৰি লৈ ভাল পাব খুজিলে সেয়া ভালপোৱা হ'ব পাৰে জানো! ভালপোৱাতো আৰু কাপোৰৰ দৰে নহয় যে তাক জোখত হ'বলৈ কাটি কুটি চিলাই লোৱা যায়। হাঁহি মনেৰে শৰতে তেজাই আনি দিয়া জলপানকণ খাই বাহিৰৰ ফালে ওলাই গ'ল। অলপ পাছতে ভাত দিবই।

সকলো ঠিকেই চলি আছিল। নামৰ পাছতে প্ৰসাদ আৰু ভোজৰ কামো ভালদৰেই পাৰ হ'ল। শেষত সময় আহিল ভকত বিদায় দিয়াৰ। ধৰ্ম নাৰায়ণ, মনোহৰা, বৈকুণ্ঠ, সাদৰী, কুন্তলা আৰু ৰাধাও ব্যস্ত ভকত সকলক গুৱা পাণ আৰু এভাগি বস্ত্ৰৰে বিদায় দিয়াত। তেনেকুৱাতে মুকুলৰ দেউতাক বীৰেন ভকতে ভিতৰলৈ চাই বোলে,

"গৰম পানী এঘটি দিবহি নে কি কোনোবাই! বৰকৈ পিয়াহ লাগিছে হে।"

ৰাধাই চোতালৰ পৰাই তেওঁৰ মাতটো শুনিলে। কিন্তু এই সময়ত পানী গৰম কৰিবলৈ কোন যাব, সেয়ে তাই ওচৰতে থকা তগৰক কথাটো ক'লে। তগৰ গৈ সাউৎকৈ পানীকণ গৰম কৰি আনি বীৰেন ভকতলৈ আগবঢ়ালে। তেনেকুৱাতে তেখেতে ডাঙৰকৈ চিঞৰি উঠিল,

"ছিঃ ছিঃ ছিঃ! গোটেইখন শেষ কৰিলে ঔ! আবিয়ৈ ছোৱালীৰ হাতেৰে ভকতলৈ পানী পঠিয়াই এই মহাজনৰ ঘৰে। গোটেইখন চুৱা কৰি পেলালে। এনে অপমান দিবলৈকে মাতি আনিছিল নে হেৰৌ!"

এতিয়াহে ৰাধাই বুজি পালে যে এইখন ভাওনা কৰিবলৈকে তেওঁক ভকত বিদায়ৰ সময়ত পানী খোৱাৰ পিয়াহ লাগিছিল। তেওঁৰ চিঞৰত আটাইবোৰ তাতেই গোট খালেহি। ধৰ্ম নাৰায়নে গলগলীয়া মাতেৰে সুধিলে,

"কোনে পানী দিছিলি?"

তগৰে কঁপা কঁপা মাতেৰে ক'লে,

"মই"

বীৰেন ভকতে আকৌ আৰম্ভ কৰিলে,

"চুৱা কৰিলে গোটেইখন। আমাৰ ঘৰত আবিয়ৈ ছোৱালীৰ ছাঁটোও গছকি নেপাওঁ। ইয়াত ডাঙৰ বংশৰ ডাঙৰ কথা। নীতি নিয়ম একো নাই।"

ধৰ্ম নাৰায়ণে তগৰক সুধিলে,

"তই পানী আনিবলৈ কিয় যাব লাগে?"

তগৰে একো নকওঁতেই ৰাধা আগবাঢ়ি আহিল,

"কিয় ককা? তগৰে পানীকণ আনি দিলে কি হয়? তাই গা পা ধুই চাদৰ মেখেলা পিন্ধি ভক্তিভাৱেৰে পানী আনি দিছে। তাত কি চুৱা লাগিল বুজাই দিয়ক চোন মোক।"

এইবাৰ মনোহৰাই দবিয়াই ক'লে,

"মনে মনে থাক ৰাধা। ডাঙৰৰ মাজত কিয় কথা কৱ?"

"ডাঙৰ হ'ল বাবে চব কথা সঁচায়েই হ'ব নেকি? যুক্তিতো থাকিব লাগিব।"

ৰাধাৰ কথাত বীৰেন ভকতে মাত দিলে,

"যুক্তি নহয়, এয়া নিয়মৰ কথা। গাভৰু ছোৱালীৰ হাতেৰে কোনো ভকতে একো নাখায়। এয়াই নিয়ম। বিয়া নোহোৱা ছোৱালীৰ গাত চুৱা থাকে।"

"হয় নেকি? পিছে মাজৰাতি পুতেকে চোতালত কৰা বমিখিনি যে ৰাতিপুৱা গচকি চাফা কৰে, তাত চুৱা থাকে নে নাথাকে?"

ৰাধাৰ গম্ভীৰ মাতত যেন কোনোবাই কোদো বাহত জুইহে দিলে। ৰাইজৰ মাজত হুৱাদুৱাৰ দৰে গুমগুমণি ভাঁহি আহিল। এনেতে ক'ৰবাৰ পৰা বৈকুণ্ঠই আহি ৰাধাৰ হাতত ধৰিলেহি,

"ৰাধা, অতিথিক সন্মান কৰিবলৈ শিকিবি। নিলাজ, অভদ্ৰ বুলি আৰু কিমান পৰিচয় দিবি নিজক। এইখন সভ্য মানুহৰ ঘৰ। ভিতৰলৈ যা।"

এইবুলি ৰাধাক জোৰকৈ ভিতৰলৈ ঠেলি দিলে বৈকুণ্ঠই। তেনেতে মানুহৰ জুমৰ পৰা মাত এটা ভাঁহি আহিল,

"ৰাধাই একো ভুলতো কোৱা নাই।"

সকলোৱে সেইফালে চালে। ৰাধাও আচৰিত, কাৰণ মাতটো আছিল শৰতৰ। শৰৎ গম্ভীৰ খোজেৰে আগুৱাই আহিল,

"কি ভুল কৈছে ৰাধাই? তগৰে খুব সন্মানেৰে আনি পানীখিনি দিছিল। ঠিক আছে, মানিছোঁ তেওঁৰ কিবা নিয়ম আছে। তাকেই ভালকৈ কোৱা হ'লেও হয়। এনেকৈ অপমান কৰি কিয়? বাকী বীৰেন বৰদেউতা, মুকুলৰ কথাটো আপুনিও জানে। আনৰ ফালে আঙুলি এটা দিলে নিজৰ ফালেও তিনিটা থাকেই।"

শৰতৰ কথাত একো ক'ব নোৱাৰি বীৰেন ভকত ওলাই গুচি গ'ল। মানুহবোৰো লাহে লাহে নিজৰ কামে কাজে গ'ল। শৰতে এইবাৰ ধৰ্ম নাৰায়ণৰ ওচৰ পাই ক'লে,

"বৰদেউতা, ৰাধাৰ কথাখিনি সৰু বুলি উলাই নকৰি এবাৰ ভাবি চাব চোন। এই এচাম মানুহেই একেবাৰে লেতেৰা কৰি পেলোৱা নাই নে সমাজখন?"

ধৰ্ম নাৰায়ণে একো নকৈ মাত্ৰ মূৰটো দুপিয়াই আঁতৰি গ'ল। তেওঁ জানে, সকলো জানে, বুজেও। কিন্তু এই দুঃসাহস লৈ কিদৰে থাকিব পাৰিব ৰাধা! সেই লৈহে চিন্তা তেওঁৰ। থাকিব পাৰিছিল জানো তেওঁৰ প্ৰথম সন্তান ভাগৱতে! চিন্তাত মূৰ দোঁ খাই ধৰ্ম নাৰায়ণৰ।

ঘৰৰ আলহীবোৰ লাহে লাহে গৈছে গৈ। পোনাৰাম আৰু তেজাই অইন কাম কৰা মানুহৰ লগ লাগি বস্তুবোৰ সামৰিছে। যিবোৰ খোৱা বস্তু বাঢ়িছে সেয়া চুবুৰীৰ কিছুমান মানুহৰ ঘৰলৈও পঠোৱা হৈছে কুন্তলা আৰু মনোহৰাৰ নিৰ্দেশ মতে। ইয়াৰ মাজতে ৰাধাই ভাতৰ কাঁহী এখন বাঢ়ি লৈ সৰুকণৰ কোঠাৰ ফালে গ'ল। আজি গোটেই দিনটো সৰুকণ ঘৰত নাই। বহুতে সুধিছিল তাৰ কথা। বৈকুণ্ঠই হাঁহি মাৰি কয়, "সেয়া লাট চাহাবৰ কথা, ক'ত আৰু এইবোৰ কামলৈ আহিব।" মনোহৰাই কৈছে, "নিজৰ হ'লেহে নিজৰ মানুহলৈ টান থাকিব।" কিন্তু ৰাধাই জানে, সৰুকণ এইবোৰ কাৰণত নহাকৈ থকা নাই। এই যে ঘৰৰ পৰৰ সকলোৱে লগ পালেই চাকৰিৰ খবৰ লয়, বিয়া পতাৰ কথা কয় এইবোৰৰ পৰাহে পলাই ফুৰে সৰুকণ। ইমানখিনি শিক্ষা থাকিও চাকৰি নোপোৱাৰ কথাটোৱে ভিতৰি দহি আছে তাক। ৰাধাই বুজি পায়। আৰু বাকী মানুহবোৰ, কেৱল কাহিনী এটাহে লাগে। সেইবাবেই আঁতৰি আছে সি। ৰাধাই সেয়ে ভোজত দিয়া প্ৰতিটো বস্তুৰে কাঁহী এখন সজাই তালৈ লৈ আনিছে। তাই জানে, অলপ পাছতে আহি ওলাব সি। কিন্তু কাকো ভাতৰ কথা নোসোধে। সৰুকণৰ টেবুলত কাঁহীখন থৈ ওপৰত ঢাকোন এখন আনি ঢাকি থ'লে ৰাধাই। এনেতে তাৰ খেলিমেলি হৈ থকা বিচনাখন অকণ ভালকৈ পাৰি দিবলৈ লৈছিল তাই, কিন্তু এইখন কি! সৰুকণৰ তুলীৰ তলত এখন চিঠি। এনেও তালৈ বহু চিঠি পত্ৰ আহি থাকে। কিন্তু এইখন চিঠি দেখি যে বুকু কঁপি উঠিছে ৰাধাৰ। চিঠিৰ ওপৰত জিলিকি আছে, এটা উদিত সূৰ্য্য। বুকুখন কিবা এটা কৰি গ'ল ৰাধাৰ। অনুচিত বুলি জানিও ভয়ে ভয়ে চিঠিখন খুলিলে তাই। ঈশ্বৰক খাটিলে তাইৰ অনুমান যাতে ভুল হওক। কিন্তু চিঠিৰ ভিতৰৰ প্ৰথম শাৰীয়েই যেন বজ্ৰপাত পেলালে ৰাধাৰ বুকুত। শাৰীটো আৰম্ভ হৈছিল,

"ডাঙৰীয়া, বৈপ্লৱিক সংগ্ৰামী অভিবাদন গ্ৰহণ কৰিব......."

আৰু পঢ়িব নোৱাৰিলে ৰাধাই। বন্দুকৰ শব্দ, গুলীৰ শব্দ, তেজ, জুই, আৰ্তনাদ এসোপা মান ছবি আৰু শব্দই চকুৰ আগত ভাহি উঠিল ৰাধাৰ। স্নেহালয়ৰ ওপৰত তেতিয়া নিয়তিৰ এচমকা ক'লা ডাৱৰে কুটিল হাঁহি মাৰিছিল।


"সন্ধ্যা, বেয়া নোপোৱা যদি হেল্প এটা কৰিবা?"

হঠাৎ কাৰোবাৰ মাতত কিতাপৰ জগতৰ পৰা ঘূৰি আহিল সন্ধ্যা। উফ.. কি যে এই কিতাপখনৰ মায়া। এখন অসমীয়া গাঁৱতহে যেন ফুৰি আছিল তাই। কিতাপখন জপাই দেখে কাষত বৰ্ষা ৰৈ আছে। বৰ্ষা সন্ধ্যাৰ কলিগ। দুয়োজনীৰে বয়সো প্ৰায় সমানেই। হাঁহিমুখীয়া ছোৱালীজনী সন্ধ্যাৰ বৰ প্ৰিয়।

"কোৱা বৰ্ষা, কি হেল্প?"

"মোৰ ক্লাছ এটা আছে এতিয়া ফাৰ্ষ্ট চেমৰ, বেয়া নাপালে কৰি দিবা প্লিজ? নতুনতে সিহঁতক অফ দিলে হেডে গম পালে গালি খাম। মোৰ এফালে যাব লগা আছে, আৰ্জেন্ট।"

"ইটছ অ'কে। মই কৰি দিম দিয়া। এনেও ইয়াৰ পাছৰটো মোৰেই আছিল। কৰাই দিম দুয়োটা একেলগে মিলাই অলপ সময়। হ'ব?"

"একদম হ'ব। মই আহোঁ দেই।"

কথাটো কৈ বৰ্ষা ওলাই গ'ল। সন্ধ্যাই কিতাপখন জপাই ক্লাছত সোমাল গৈ।


এখন ঘৰ কিহেৰে পূৰ্ণ হয় বাৰু? কিহেৰে গঢ়া যায় ঘৰ এখন? ইটা বালি চিমেণ্টেৰে? অত্যাধুনিক সা সুবিধাৰে? মোটা অংকৰ দৰমহা পোৱা এটা চাকৰিৰে? ওহোঁ, নহয়। এখন ঘৰত প্ৰয়োজন হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱেই হ'ল ঘৰখনৰ মানুহবোৰৰ মাজত থকা ভালপোৱা, বিশ্বাস, ইজনৰ প্ৰতি সিজনৰ সন্মানেৰে। সেইবাবেতো আমি কেতিয়াবা কলেজ, ইউনিভাৰ্চিটি বা হোষ্টেলকো ঘৰ বুলি কৈ দিওঁ। কাৰণ তাৰ মাজত আমি বিচৰাবোৰ পাওঁ। সেইখিনিৰ অবিহনে ঘৰ এটা দালানহে মাত্ৰ। 

শেষৰ ক্লাছকেইটা কৰি ঘৰলৈ উভতি আহোঁতে সন্ধ্যাই সেই কথাকেইটাই ভাবি আহিছে। উজান বজাৰত অনুৰণ আৰু সন্ধ্যাই লোৱা এই ফ্লেটটো খুব হেঁপাহৰ। লগত থাকে মনু। তাইৰ বাবেও ঘৰটো খুব আপোন। মাজে মাজে অন্তৰা আহে, তাই আহিলেই লৈ আনে হাঁহি তামচাৰ বতাহ এজাক। কেতিয়াবা সন্ধ্যা অনুৰণৰ লগত অকলে উজান বজাৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে। মানুহৰ ঘৰৰ আগফালে থকা বাগানভেলীয়াবোৰৰ ফটো তোলে। আবেলি কেতিয়াবা যোৰ পুখুৰীৰ পাৰত কটাই দিয়ে কথা পাতি। নাইবা লতাশিল পথাৰৰ ঘাঁহনিত উদং ভৰিৰে খোজকাঢ়ে। সন্ধ্যাৰ আঘাতবোৰক উজান বজাৰৰ এই পৰিৱেশটোৱে লাহে লাহে শুকুৱাই আনিছিল। কিন্তু হঠাৎ যেন অনুৰণৰ মাক পুনৰ এবাৰ সেই ঘাঁ টুকুৰাক খুচৰি দিবলৈ আহিল। তেজ বৈ আহিছে পুনৰ। নিজৰ ঘৰতে আলহীৰ দৰে হৈ পৰিছে সন্ধ্যা। যাওঁ বুলিও যেন থমকি ৰৈছে দুভৰি। 

সংকোচ মনেৰে ঘৰ পালেগৈ সন্ধ্যা। ঘৰ পাই পিছে আচৰিত, শাহুয়েক ঘৰত নাই। মনুক সোধোতে ক'লে, জালুকবাৰীত থকা ভনীয়েকৰ ঘৰলৈ গৈছে বোলে। ভনী জোঁৱায়েকে লৈ গৈছেহি। সন্ধিয়াহে আহি পাবহি। সন্ধ্যাৰ আকৌ চিন্তা লাগি থাকিল, শাহুয়েকৰ অলপতে গা বেয়া হয়। এতিয়া তাৰ পৰা আহি আকৌ মূৰৰ বিষটো নহ'লেই হ'ল। হয়তো ৰাতিপুৱাৰ পৰিৱেশটোৰ বাবে মন বেয়া তেখেতৰ। হওক, অলপ ফুৰি আহিলে ভাল লাগিব। কাপোৰ সলাও বুলি সন্ধ্যা ৰুমত সোমাওতেই অনুৰণৰ ফোন,

"শুনা চোন, ৰেডি হৈ থাকিবা হা ইভনিং। মই যাম, গা টো ধুম আৰু আহি যাম শুক্ৰেশ্বৰ ঘাট। তোমাক ঘৰত ড্ৰপ কৰি আকৌ আহিব লাগিব মই। মোৰ আজি ৰাতি যোৱা দেৰি হ'ব চাগে।"

"হাৰে, ইমান দৌৰা দৌৰিত কিয় কৰিব লাগে নো প্লেন? তুমি আহা, ঘৰতে ৰেষ্ট লোৱাহি। আজি নালাগে বেলেগ এদিন যাম শুক্ৰেশ্বৰ।"

"না না নহ'ব। তোমাক নিম কৈ এতিয়া নিনিলে মোৰ বেয়া লাগি থাকিব। ওলোৱা না প্লিজ। মই মিলামতো চব।"

এইফালে সন্ধ্যা একো নকৈ ৰৈ থাকিল। সিফালৰ পৰা অনুৰণে আকৌ ক'লে,

"চাকৰিটো মোৰ জীৱিকা, কিন্তু তুমি মোৰ বাবে জীৱন হয় সন্ধ্যা। জীৱিকাৰ বাবে জীৱনক সময় নিদিম নেকি মই? ওলাই থাকিবা। গৈ আছোঁ।"

বুকু ভৰি আহে সন্ধ্যাৰ। মোবাইলটোক সাৱটি লয় তাই। ঈশ্বৰে কষ্টবোৰ দিলেও এই অনুৰণৰ নামতে সকলো কষ্টৰ উপশম দি পঠাইছে যেন তাইলৈ। ইমান ভালপোৱা ক'ত সাঁচি থোৱা অনুৰণ, ক'ত! 

(আগলৈ)

Comments

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯