ৰাধা : ১৯
#ৰাধা
Part 19
মহানগৰৰ সন্ধ্যাই ভালপোৱা ঠাইবোৰৰ ভিতৰত অন্যতম, শুক্ৰেশ্বৰ ঘাট। এই ঠাইটুকুৰাৰ লগত তাইৰ আন এক সম্পৰ্কও আছে। ইয়াত বহি থাকোতেই তাই প্ৰথম গুৱাহাটীৰ প্ৰখ্যাত শিক্ষানুষ্ঠানখনত চাকৰিৰ খবৰটো পাইছিল। লগত আছিল অন্তৰা। জঁপিয়াই উঠিছিল অন্তৰা ফুৰ্তিত। সেই যে সন্ধ্যা আহিল, তেতিয়াৰ পৰা ব্যস্ততাৰ মাজত প্ৰায়ে ইয়ালৈ আহে। শুক্ৰেশ্বৰ দেৱালয় আচলতে মহাদেৱৰ এখন বিখ্যাত দেৱালয়। মহাদেৱক পূজা হয় ইয়াত। মূল শিৱৰ দেৱালয়ৰ লগতে নাৰায়ণ, পাৰ্বতী, গণেশ আদি দেৱতাৰো সুকীয়াকৈ মন্দিৰৰ দৰে ঘৰ আছে। মহাদেৱৰ মূল দেৱালয়ৰ পিছফালেৰে এটা বাট গৈছে। বাটটো গৈ ব্ৰহ্মপুত্ৰৰ ঘাটত ওলাই গৈ। ইয়াত সুন্দৰকৈ ষ্টেপবোৰ দি সজাই থোৱা আছে। পানীৰ ওচৰলৈকে যোৱাৰ দীঘল ষ্টেপবোৰৰ উপৰিও তাৰ কিছু ওপৰত এডোখৰ মুকলি ঠাইও আছে। তাত বহিব পৰাকৈ বেঞ্চ ও আছে, লগতে ষ্টেপো। সন্ধ্যাহঁত কেতিয়াবা সেই বেঞ্চতে বহে কেতিয়াবা ঠাই ডোখৰত খোজ কাঢ়ে। পানীৰ ওচৰলৈকে তলৰ ষ্টেপৰ ফালে সিহঁত নাযায়। এই ঠাই ডোখৰৰ পৰাই দেখা যায় সুবিশাল ব্ৰহ্মপুত্ৰক। সুদূৰলৈ চালে এনেকুৱা লাগে যেন ব্ৰহ্মপুত্ৰৰ সীমা আৰু আকাশ যেন ক'ৰবাত মিলি গৈছেগৈ। এই সন্ধিয়াৰ সময়খিনিত ঠাইকণ বেছি মায়া সনা হৈ পৰে। কাৰণ দেৱালয়ৰ পৰা সন্ধ্যা আৰতিৰ শব্দ ভাঁহি আহে। ভাঁহি আহে মন্ত্ৰ আৰু ঘণ্টাৰ ধ্বনি, লগতে ঢাকৰ শব্দ। কিছু দূৰৈৰ পৰা ৰিণি ৰিণিকৈ ভাঁহি অহা শব্দখিনিৰ সৈতে বিশাল নৈ আৰু আকাশে ঘাটটোক যেন এক স্বৰ্গীয় পৰশহে দিয়ে। সন্ধ্যাৰ সেইবাবেই এই ঠাইখিনি খুব প্রিয়। আৰু অনুৰণে সন্ধ্যাৰ প্ৰিয়বোৰ সামৰি ৰাখিব ভালকৈ জানে।
ৰেলিং ডালত ধৰি লুইতলৈ একেথৰে চাই ৰৈ আছে সন্ধ্যা। অনুৰণো কাষতে, এপাকত সি সন্ধ্যাৰ হাতখনত হাত থ'লে,
"সকলো ভাল হৈ যাব ৰুণ।"
সন্ধ্যাই এবাৰ তাৰ ফালে চালে। তাৰ পাছত আকৌ নৈৰ ফালে চাই অনুৰণক ক'লে,
"দূৰৈৰ পৰা চালে নদীৰ পানীখিনি আৰু আকাশখনকো একেলগে থকা যেন লাগে ন! কিন্তু সঁচাকৈ সিহঁতৰ মিলন হয় জানো?"
"মানে, কি ক'ব খুজিছা?"
"আমাৰ মিলন হৈও ক'ৰবাত ৰৈ গৈছোঁ নেকি ৰণ? এই যে মায়ে আহি ইমান সহজে কৈ দিব পাৰিছে আন এজনীক বিয়া পাত। কথাবোৰ ইমান সহজ নে! নে আমি আমাৰ সম্পৰ্কটোক সিমানখিনি গভীৰতালৈ নিব পৰাই নাই।"
অনুৰণে এইবাৰ পাছফালৰ পৰা সন্ধ্যাক আঁকোৱালি ধৰিলে,
"এই উপমা আৰু অলংকাৰবোৰ তোমাৰ উপন্যাসলৈকে থোৱা না। জীৱনলৈ কিয় টানিছা? মই তোমাক বা তুমি মোক কিমান ভাল পোৱা সেয়া আনক দেখুওৱাৰ কি প্ৰয়োজন কোৱা।"
সন্ধ্যা মনে মনে থাকিল তলমূৰকৈ। অনুৰণে তাইৰ কপালত সৰুকৈ চুমা এটা খাই ক'লে,
"ইউনিভাৰ্চিটিত পাঁচ বছৰ ৰৈছিলোঁ তোমাৰ বাবে। তেতিয়াতো তুমি মোৰ কাষতো নাছিলা। তাৰ পাছতো ৰৈ আছিলোঁ। আৰু এতিয়া মোৰ নামত সেন্দূৰ পিন্ধাৰ পাছত মোৰ পত্নী হোৱাৰ পাছত ভাবিছা যে তোমাক এৰি যাম? তুমি মোৰ উশাহ হয় ৰুণ। তোমাৰ অবিহনে মোৰ অস্তিত্বই বা কি!"
চকুযোৰ চলচলীয়া হৈছিল অনুৰণৰ। কোনে কয় পুৰুষ কঠোৰ, কোনে কয় পুৰুষৰ নাথাকে হৃদয়। প্রিয় নাৰীৰ সমুখত স্বয়ং মহাদেৱেই চোন দুৰ্বাৰ প্ৰেমিক হৈ পৰিছিল। এৰা, পুৰুষ সহজে আৱেগিক নহয়। কিন্তু যেতিয়া হয়, সেই আৱেগৰ ঢল কেৱল তেওঁৰ প্ৰিয়তমাৰ প্ৰতিহে বয়। বৈ অহা অনুৰণৰ চকুপানী টোপাল সন্ধ্যাই মচি দিলে হাতেৰে, আৰু ক'লে,
"এই কথাটোতে চকুপানী ওলাব লাগে নে! মই কিবা তুমি আঁতৰি যাবা বুলি কৈছোঁ নেকি! আমি আছোঁ, আৰু সদায় এনেকৈয়ে থাকিম।"
অলপ সময় তাতেই কথা পাতি সিহঁত ওলাই আহিল। সন্ধ্যাহঁতৰ ইউনিভাৰ্চিটিৰ হোষ্টেল ৰোডত এবাৰ ৰ'ল সিহঁত। তাতে নামি চাহ খালে। মাজতে ল'ৰা ছোৱালীৰ দল এটা আহি সন্ধ্যাৰ সৈতে ফটো উঠিল। অনুৰণে চাই থাকিল আঁতৰৰ পৰা পৰম সন্তুষ্টিৰে। এইটো আজিকালি এটা অভ্যাসৰ দৰেই। নৱ প্ৰজন্মৰ প্রিয় লেখিকাত পৰিণত হোৱা সন্ধ্যাক পালেই আগুৰি ধৰে অনুৰাগীয়ে। নিষ্পাপ মৰম আৰু ভালপোৱাৰে উপচাই পেলায়। গাড়ীত বহি অনুৰণে জোকাই,
"চেলিব্ৰিটি মানুহ ভাই, য'তে ত'তে ফেনচ ওলায়।"
"হ'ব আৰু! মোৰ নহয়, মোৰ ন'ভেলৰহে ফেনচ।"
অনুৰণে সন্ধ্যাৰ গালখনত সামান্য চিকুটি ক'লে,
"তুমি নিজেইতো এখন উপন্যাস।"
"আৰু এই উপন্যাসৰ প্ৰতিটো পাতত তোমাৰ নামেইতো লিখা আছে।"
সন্ধ্যাৰ কথাত তাইৰ হাতখন নিজৰ হাতলৈ আনি ল'লে অনুৰণে। তাই লগে লগে ক'লে,
"গাড়ীত এইবোৰ ধেমালি নহয় দেই। খুন্দিয়াবা নহ'লে ক'ৰবাত।"
"এক্সিডেণ্টতো মোৰ কেতিয়াবাই হৈ গৈছে সন্ধ্যা ৰাগিনী, তোমাৰ প্ৰেমৰ গাড়ীত খুন্দিয়ায়।"
অনুৰণৰ কথা আৰু সুৰত জোৰকৈ হাঁহি উঠিল সন্ধ্যাই। আচৰিত ল'ৰা এইটো। এইটো ল'ৰাই ইউনিভাৰ্চিটিত আটাইতকৈ লাজুকীয়া ল'ৰা আছিল বুলি তাইৰ যে এতিয়া বিশ্বাসেই নহয়। মুখেৰে টু শব্দ এটা নোকোৱা ল'ৰাটোৱে এতিয়া অনবৰতে কথাৰ মাজতে থাকে। আচলতে সন্ধ্যাই বুজে, তাইক ভালে ৰাখিবলৈকে সকলো কৰে অনুৰণে। সি নিজেই এদিন নিশা আবেগিক হৈ কৈছিল,
"ভাল হোৱা না সন্ধ্যা। নিজৰ বাবে নহ'লেও মোৰ বাবে ভালে থাকা তুমি।"
সেয়ে তাইও তাৰ বাবেই নিজক ভালে ৰাখে।
শুক্ৰেশ্বৰ ঘাটৰ পৰা আহি ঘৰ সোমাই সন্ধ্যাই গম পালে শাহুয়েক এতিয়াও অহা নাই। তাই লগে লগে এটা ফোন কৰিলে। সিফালৰ পৰা শাহুয়েকৰ মাত,
"অ ৰুণজুন, মই গৈ আছোঁ অলপ পাছত। মোৰ লগত আলহী এজনীও যাব দেই। ভাত বনাই থ'বা।"
দুই এটা কথা কৈ ফোনটো কাটিলে তাই। কোন বা আলহী আহে! ড্ৰাইভাৰ মিতুৰ হতুৱাই বজাৰখিনি কৰাই আনিলে তাই। অনুৰণে অলপ ৰেষ্ট লৈছে। অলপ পাছতে ওলাই যাব। ৰাতি অহা বোলে পলম হ'ব। বজাৰখিনি মনুক দি কামবোৰৰ দিহা দি সন্ধ্যা আহি বেলকণিত বহিলহি। এনেয়ে হোৱা হ'লে চাগে হাতত ল'লেহেঁতেন চিগাৰেট এটা। কিন্তু আচৰিত ধৰণে ময়ূৰৰ কিতাপখন পঢ়াৰ পৰা তাইৰ সেই স্বভাৱটো নোহোৱা হৈছে। ৰাধাৰ চৰিত্ৰটো যেন সন্ধ্যাই নিজৰ মাজত ধাৰণ কৰিবলৈ লৈছে। সন্ধ্যাই শান্ত মন এটা লৈ উপন্যাসখনৰ পাত লুটিয়ালে। বুক মাৰ্কটো আঁতৰাই থৈ আকৌ গুচি গ'ল গোবিন্দপুৰৰ সেই কল্পনাৰ পৃথিৱীখনলৈ।
"ৰাধা..."
হঠাৎ সৰুকণৰ মাতত চক খাই উঠিল ৰাধাই, হাতত সেই বিশেষ চিঠিখন। তাইৰ হাতত সেইখন দেখি কঁপি উঠিল যেন সৰুকণ। লগে লগে পিছে মনৰ ভাব লুকুৱাই সি ক'লে,
"কেনে গ'ল ভোজ? মই ভাবিছিলোঁ নাপামেই নেকি..."
"এইবোৰ কি কৰিবলে ওলাইছ তই সৰু দা?"
ৰাধাৰ কঠোৰ মাত। সৰুকণ ৰৈ গ'ল। অলপ সময় ৰৈ সি চিঠিখন কাঢ়ি ল'লে। তাৰ পাছত লাহে লাহে ক'লে,
"আৰু কি উপায় আছে?"
"কি উপায় আছে মানে? উকণিৰ ভয়ত কোনোবাই চুলি খুৰাই নেকি? কি কৰিবি গৈ তই তাত গৈ? ইতিমধ্যে যোৱা কেইটাই কি কৰিছে দেখিছোঁ নহয়। অতবোৰ অকণ অকণ ল'ৰা ছোৱালীৰ জীৱন শেষ কৰি দিলে চাল্লা। লাজ লাগে, এটা সময়ত এই মানুহবোৰক আমাৰ ৰাইজে ঘৰৰ ল'ৰাৰ দৰে মৰম কৰিছিল। সিহঁতৰ কাৰণে আৰ্মীৰ মাৰ খাইছিল। এতিয়াও আনকি, এতিয়াও আৰ্মীৰ কেম্প আছেই। নিজেই দেখিছ তই। তাৰ পাছতো..."
"তাৰ পাছতো যাম বুলি ভাবিবলৈ বাধ্য হৈছোঁ ৰাধা। কি কৰিম ক? ইমান পঢ়ি শুনিও চাকৰি নাই। কি ডাল কৰিছে চৰকাৰে? আন্দোলন কৰি নেতা হোৱা কেইটাক দেখিলো কি ফালিলে। সোণৰ অসম বনাই! মাটিৰ অসম খনো শেষ কৰি পেলালে। কষ্ট কৰি পঢ়ি শুনিও ঘোচ নিদিয়াকৈ চাকৰি নাই এতিয়া। মাথা বেয়া হৈ যায় মোৰ। তেনেকুৱাতে এফালৰ পৰা বন্দুক লৈ শেষ কৰি পেলাবলৈ মন যায়।"
কথাখিনি কৈ কৈ সৰুকণ বহি পৰিল বিচনাতে। ৰাধাই তাৰ মূৰত হাত ফুৰাই দিলে। দেখিছে, সৰুৰে পৰা তাইও দেখি আহিছে। আন্দোলনৰ কথাবোৰ সাধুৰ দৰে আজু আইতাকৰ মুখত শুনি আহিছে। শ্বহীদৰ নামত শপত খাই দিল্লীলৈ গৈ ভিজা মেকুৰী হৈ ঘূৰি অহা নেতাহঁতৰ কাহিনী শুনিছে। ৰাইজে গোঁসাই প্ৰভু বুলি সেৱা কৰি ৰাজ শাসনত বহুওৱা নেতাই ৰাইজৰ পিঠি দিয়াৰ কথাও শুনিছে। আৰু এতিয়া চকুৰ আগতে সৰুকণহঁতৰ দৰে ডেকা ল'ৰাবোৰ হাবিলৈ যোৱাও দেখিছে। যোৱা মাহতো কেইবাটাও ল'ৰা তাত গৈ যোগ দিছে গৈ। কিন্তু সৰুকণ! নাই নাই, ৰাধাই তাক এনেকৈ জীৱনটো আগত লৈ যাবলৈ নিদিয়ে। তাই শান্ত মাতেৰে বুজালে,
"ধৈৰ্য ধৰিবি অলপ সৰু দা। ভাল সময় আহিব। সেই ভাল সময়বোৰ দেখিবলৈকে তই ভালে থাকিব লাগিব। এতিয়া উঠি ভাত কেইটা খাই ল।"
দীঘলকৈ উশাহ এটা লৈ সৰুকণ উঠিল। আৰু ৰাধাক ক'লে,
"ৰচোন, পুতৌৰ মুখত শুনিলোঁ আজি বীৰেন বুঢ়াক দিলি হেনো তই।"
ৰাধাৰ হাঁহি উঠিল। কম প্ৰতিভা নে গোবিন্দপুৰৰ ৰাইজৰ। বীৰেন ভকত গৈ চাগে ঘৰ পোৱা গৈয়ে নাই, কথা বতাহত ওলালেই। হাঁহি হাঁহি ৰাধাই কথাখিনি কোৱাৰ পাছত সৰুকণে ক'লে,
"মজা কৰিলি। এনেও এই বুঢ়াটোৰ দপদপনি বেছি। কাৰো আপত্তি নাথাকিলেও তেওঁৰহে অকল। কাম নাই।"
"হ'ব দে, তই ভাত খা এতিয়া।" বুলি কৈ ৰাধা সৰুকণৰ কোঠাৰ পৰা ওলাই আহিল। সৰুকণৰ আগত হাঁহি দেখুৱাই আহিল যদিও তাইৰ মনটো মুকলি হোৱা গৈ নাই। সেই বিশেষ চিঠিখনে তাইৰ মনটো ৰেপি আছে যেন। মনটোক শান্ত কৰিবলৈকে তাই ৰাধাপুখুৰীৰ ফালে খোজ ল'লে।
বৰভোজৰ পাছত সকলোৱে নিজৰ কোঠাত অলপ জিৰাইছে। বৈকুণ্ঠ আৰু ধৰ্ম নাৰায়ণে বাকী থকা হিচাপবোৰ কৰিছে। মনোহৰা, কুন্তলা, সাদৰী নিজৰ কোঠাত। ভানুমতীৰ কোঠাতে আছে মহামায়া। অতদিনৰ মূৰত মাকক পাই মহামায়াই খা খবৰবোৰ লৈছে। বয়স যিমানেই নহওক, মাক জীয়েকৰ সম্পৰ্ক সদায় একেদৰেই থাকে। বিয়া দিয়া জীয়েকৰ প্ৰতি মাকৰ যি আকুলতা, জীয়েকৰো মাকৰ ঘৰ বুলিলে সেই একেই হেঁপাহ। এইবোৰৰ মাজতে ৰাধা গৈ ৰাধাপুখুৰীৰ পাৰ পালেগৈ। তাই অনুমান কৰা মতেই পুখুৰীৰ পাৰত বহি আছে কানাই। দিনটো যে তাৰ কিমান কাম। বয়স কম যদিও সকলোৱে তাকহে কামত বিচাৰে। ৰাধাই পিছে কাপোৰ নসলোৱাকৈয়ে আহিল, চাদৰ মেখেলা পিন্ধিয়েই। কানাইৰ ওচৰতে বহিলহি আৰু সুধিলে,
"বীৰেন বর্তাক বেছি বেয়াকৈ ক'লো নেকি বাৰু?"
কানাইৰ ওঁঠত হাঁহি এটা বিৰিঙি উঠিল। এইজনীয়ে তাৰ ৰাধা। নাৰিকলৰ খোলাৰ দৰে বাহিৰৰ পৰা টান। সি হাঁহি মাৰি ক'লে,
"মই অ বুলি ক'লে তই জানো তেওঁক ক্ষমা খুজিবলৈ যাবি?"
"ক্ষমা? তাকো মুকুলৰ বাপেকক? ধুৰ বেং! কথাটো সুধিছিলোঁহে, বেছিয়েই ভাবি ল'লি।"
কানাইৰ হাঁহি উঠিল তাইৰ কথাত। অলপ সময় ৰৈ সি ক'লে,
"কাপোৰসাজ সলাই আহ যা চোন।"
"কিয়, চাদৰ মেখেলা পিন্ধিলে বেয়া লাগে নেকি মোক?"
"বেয়া নালাগে। ডাঙৰ ডাঙৰ লাগে।"
"তাতে কি হ'ল নো? ডাঙৰ হৈছোঁ আকৌ আমি।"
হুমুনিয়াহ এটা সৰিল কানাইৰ। তাৰ পাছত ক'লে,
"বৰ সোনকালে ডাঙৰ হ'লো অ'। ডাঙৰ হ'বলে মোৰ ভয় লাগে। ডাঙৰ হ'লে মানুহবোৰ হেৰাই যায়। সলনি হৈ যায়।"
ৰাধাই তাৰ মূৰত থপকৈ মাৰি ক'লে,
"মই নেহেৰাও দে গৰু, আছোঁয়েইতো।"
কানায়ে এইবাৰ তাইৰ ফালে চাই ক'লে,
"বিয়াতো হ'বি।"
"উম, সেইটো পিছে হয়। বিয়া হ'লে যৌতুকত তোকো লৈ যাম দে। যাবি?"
এইবাৰ দুয়োটাই শব্দ কৰি হাঁহি উঠিল। ৰাধাই পুনৰ ক'লে,
"তাতকৈ তয়েই বিয়া পাতি থ নহ'লে মোক।"
"কাম নাই আৰু। তোৰ নিচিনা ডাকু এজনীক বিয়া পাতি গোটেই জীৱনটো গালি শুনি শুনি মৰিবলৈ মন নাই।"
কানাইৰ কথাত ৰাধা থিয় হ'ল,
"কি হ'ল? কি ডাকু? বিয়াৰ পাছত মোৰ গালি শুনি মৰিব? ৰচোন তোক আজি।"
ৰাধাই গছৰ শুকান ডাল এটা ভাঙি ল'লে। কানাই লগে লগেই পুখুৰীৰ পাৰে পাৰে দৌৰ দিলে। পিছে পিছে ৰাধা,
"তোক আজি এই পুখুৰীতে পুতি থ'ম ৰহ।"
দৌৰি দৌৰি এসময়ত ভাগৰ লাগি কানাই বহি পৰিল,
"ঐ ঐ হৈ গ'ল। মাফ কৰি দে। আৰু নকওঁ দে।"
ৰাধাই পিছে তাৰ ডিঙিটোত ধৰি জোকাৰি দিলে। সি টেপা খাই চিঞৰি উঠিল,
"ঐ সঁচাকে মৰি যাম ঐ! এইজনী কিবা বলিয়া ভাই। এৰি দে ঐ।"
এইবাৰ যেনিবা তাই এৰি দিলে। কানায়ে ডিঙিটো মোহাৰি মোহাৰি ক'লে,
"তই মানুহ মাৰি দিবি ৰে কেতিয়াবা।"
ৰাধাৰ হাঁহি উঠিল,
"হেঃ হেঃ.. মইও ভাবো বুইছ, কেতিয়াবা খঙত কাৰোবাক মাৰিয়েই পেলাম নেকি মই!"
লগে লগে দুয়োটাৰে হাঁহি।
এনেতে পিছফালৰ পৰা কাৰোবাৰ মাত,
"ৰাধা.. কি অমংগলীয়া কথা কৈ থাক তই। কেঁচুৱা হৈ আছ নেকি?"
ঘূৰি চাই দেখে কুন্তলা। ৰাধাক ঘৰত বিচাৰি নেপাই এইখিনি পালেহি। ৰাধাহঁত থিয় হ'ল,
"মই ধেমালিতে হে..."
"ধেমালি কৰি থকাৰ বয়স আছে এতিয়া? কাপোৰ সলাবলৈও সময় নাই তাইৰ। ব'ল একদম। আৰু কানাই, দিনটো কাম কৰি ভাগৰ লগা নাই তোৰ? যা চোন, অলপ বিচনাতে বাগৰ দে।"
মাকৰ ধমকিত ৰাধা আৰু কানাই দুয়োটা ঘৰলৈ যায়। সিহঁত যোৱাৰ ফালে চাই কুন্তলাই হাতযোৰ কৰি ওপৰলৈ চাই,
"কথাবোৰ যেন মিছা হওক ঈশ্বৰ। তেনেদিন কেতিয়াও নাহক।"
ভয় লাগে কুন্তলাৰ, ভীষণ ভয়। এই ছোৱালীজনীলৈ ভয় লাগে তাইৰ। ৰাধাৰ জন্মৰ সময়ত সোঁৱৰণিত লিখা কথাবোৰ, জ্যোতিষীয়ে কোৱা কথাবোৰলৈ ভয় লাগে। কুন্তলাৰ এতিয়াও মনত আছে। বাবা জনে স্পষ্টকৈ কৈছিল,
"ছোৱালীটিৰ হাতত নৰহত্যা আছে।"
উফ.. নাই নাই সেইবোৰ মনলৈও আনিব নোৱাৰি। লাহে লাহে স্নেহালয়ৰ ফালে গ'ল কুন্তলা।
ৰাধাহঁতৰ কলেজত ইলেকচনৰ বতৰ। সকলোৱে আগৰ পৰাই ৰাধাক জোৰ দিছিল এইবাৰ জি এছ মানে সাধাৰণ সম্পাদক পদৰ বাবে খেলিবলৈ। ৰাধাই প্ৰথমে ইমান ভবা নাছিল যদিও সকলোৱে কৈ থকাৰ বাবে লাহে লাহে ভাবিবলৈ লৈছে। সেই বুলিয়েই নতুন কৈ অহা ল'ৰা ছোৱালীবোৰৰ মাজত ৰাধাক যিয়ে যেনেকৈ পাৰে চিনাকি কৰাই আছে। ৰাধাইও সিহঁতক এডমিশ্যন, হোষ্টেল যি কামত লাগে সহায় কৰি দিছে। ৰাধাক চিনিয়ৰখিনিয়ে বাৰে বাৰে সাৱধান কৰি আছে, চাবা দেই খংটো কিন্তু কমাব লাগিব। ছাত্ৰ সন্থাৰ পৰাই হয়তো উঠিব ৰাধা, ছাত্ৰ সন্থাৰ নেতা দুই এজনেও তাইক বুধি পৰামৰ্শ দিছে। সম্পূৰ্ণ ঠিক হোৱা গৈ নাই যদিও ইলেকচনৰ আখৰা তলে তলে সকলোৱে কৰি আছে। তাৰ মাজতেই সিদিনা ইংৰাজী বিভাগৰ চন্দ্ৰ ছাৰে ৰাধাক লগ পাই সুধিলে,
"শুনিছোঁ এইবাৰ হেনো ইলেকচনত উঠিবি হয় নে?"
"ভাবিছোঁহে ছাৰ।"
"ভাব ভাব, ভবাত আপত্তি নাই। পিছে উঠিবহে নোৱাৰিবি। ছোৱালী মানুহ হৈ ক'ত ইলেকচন খেলিব পাৰিবি? পঢ়িবলৈ আহিছ পঢ় আৰু ঘৰলৈ গৈ ভাল ছোৱালীৰ নিচিনাকৈ বিয়া হ। কি আকৌ ল'ৰাৰ সমানে সমানে এইবোৰ কাম! আজিলৈকে কোনো ছোৱালীয়ে ইলেকচন খেলি পোৱা নাই ইয়াত।"
ৰাধাৰ পিছফালে থকা চিনিয়ৰ মাধুৰীমা বায়ে ৰাধাৰ বাহুত জোৰকৈ হেঁচি ধৰিলে। কাৰণ তেওঁ জানে, ৰাধাই ছাৰক বৰ ভয়ংকৰ উত্তৰ এটা দিলেহেঁতেন। যিটোৱে পাছত ইলেকচনত প্ৰভাৱো পেলাব। ৰাধাইও কথাটো বুজি পাই বিশেষ একো নক'লে। কিন্তু একো নোকোৱাকৈ এৰি দিয়া মানুহো তাই নহয়। সেয়ে শান্তভাৱে ক'লে,
"মোৰ বিষয়ে ইমান চিন্তা কৰাৰ বাবে ধন্যবাদ ছাৰ। অৱশ্যে সেয়া ভাবিবলৈ মোৰ ঘৰৰ মানুহ আছে। বাকী থাকিল ইলেকচনৰ কথা, সেইটো আপুনি মোৰ ওপৰত এৰি দিয়ক। আনে নকৰা কামবোৰ কৰাটো মোৰ সৰুৰে পৰাই চখ।"
চন্দ্ৰ ছাৰে মুখেৰে কিবাকিবি ভোৰভোৰাই আঁতৰি গ'ল। এই মানুহজনক ৰাধাই প্ৰথমৰ পৰাই দেখিব নোৱাৰে। কেতিয়াও কোনো কথাতে সুখী নহয় মানুহজন। কেৱল আনৰ ভুল উলিওৱাত ব্যস্ত। কাকো উৎসাহ দি নাপাই একো ক্ষেত্ৰত। ছাৰ যোৱাৰ পাছত মাধুৰীমা বায়ে ক'লে,
"ঐ ছোৱালী, এনেকৈ খং লৈ ৰাজনীতি কৰিব নোৱাৰিবি দেই। অলপ শান্ত হ।"
"খং? এয়া খঙৰ খ টোও নহয় বা। খং হোৱা হ'লে এইজনক আজি...."
"উফ ৰাম। মনে মনে। এইজনী মানে অনবৰতে কালী গোসাঁনী হৈ থাকে ঔ। ব'ল কেণ্টিনৰ পৰা আহোঁ। কিবা এটা খাই আহোঁ।"
এইবুলি মাধুৰীমাই তাইক কেণ্টিনলৈ লৈ গ'ল। কেণ্টিনৰ চুকৰ টেবুল এখন বাছি লৈ সিহঁত কেইটা বহিল গৈ। এনেতে ৰাধাৰ চকুত পৰিল শৰৎ আৰু তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ নিশা মেম একেলগে বহি আছে। নিশা মেম শৰতৰ বয়সৰে হ'ব। হাঁহি হাঁহি কথা পাতি চাহ খাই আছে তেওঁলোকে। কিয় জানো ৰাধাৰ বুকুখন কিবা এটা কৰি গ'ল। মূৰত যেন পোক এটাই কামুৰি দিছে। বহুত চেষ্টা কৰিও বহি থাকিব নোৱাৰি ৰাধা উঠি গ'ল। তেওঁলোকৰ ওচৰ পাই নিশা মেমক ক'লে,
"গুড আফটাৰ নুন মেম। ভাল নে?"
মেমে তাইক দেখি হাঁহি মাৰি ক'লে,
"হেই ৰাধা, কি খবৰ? খুব ইলেকচনত লাগিছা বোলে? ভালকৈ দেই।"
"চেষ্টা কৰিছোঁ আৰু মেম।"
উত্তৰ দিছে যদিও চকু শৰতৰ ওপৰত আছিল ৰাধাই। তেওঁ তলমূৰকৈ চাহ খোৱাত ব্যস্ত। উপায় নাপাই ৰাধায়েই মাত দিলে,
"ভাল নে শৰৎ দা?"
শৰতে উত্তৰ দিবলৈ নাপাওঁতেই নিশা মেম যেন জঁপিয়াই উঠিল,
"শৰৎ দা? দা মানে? এওঁ তোমাৰ ভণ্টি নেকি শৰৎ?"
"ভণ্টি? নাই নহয়।" শৰতে ক'লে।
"তেন্তে কিহৰ দা আকৌ? ৰাধা, টিচাৰক কেনেকৈ মাতিব লাগে সেয়া এতিয়া শিকাব লাগিব নেকি? আমাৰ বাকী ছাৰসকলতকৈ বয়স কম বুলি দাদা বুলি কিয় মাতিবা? মইওতো সৰু। আনকি শৰততকৈও সৰু। সেইবুলি মোক বা মাতিবা নেকি?"
খুব কষ্টৰে ৰৈ আছিল ৰাধা। তাই সৰুকৈ মাত দিলে,
"ছৰী মেম। শৰৎ ছাৰ, ছৰী।"
নিশাই হাঁহি মাৰি ক'লে,
"ইটছ অ'কে। বাকী শৰৎ, আমি গৈ থাকোঁ ব'লা। বাকীখিনি কথা কমন ৰুমতে পাতিম।"
শৰতে "ঠিক আছে" বুলি উঠি গ'ল। ৰাধাই তেওঁলোক যোৱাৰ ফালে চাই থাকিল মাত্ৰ। তেওঁলোক যোৱাৰ পাছত "মাধুৰী বা, মোৰ কাম এটা মনত পৰিল। যাওঁ" বুলি কৈ ওলাই আহিল। কোনো নথকা ক্লাছটোৰ শেষৰ বেঞ্চখনতে বহিল গৈ তাই। কিয় এনেকুৱা হৈছে তাইৰ লগত! বুকুখন উশাহ ল'ব নোৱাৰাকৈ বিষাইছে কিয়! কিয় নিশা মেম আৰু শৰতক একেলগে সহ্য কৰিব পৰা নাই তাই! কিয় শৰতৰ এই অৱজ্ঞাই কষ্ট দিছে তাইক! মূৰটো যেন ঘূৰাবলৈ লৈছে। গোটেই কলেজখনকে অচিনাকি যেন লাগিছে। নাই লগা, একো ভাল লগা নাই ৰাধাৰ। কিবা এটা যেন কষ্ট। কিন্তু কিয়! চকুৰ কোণত জমা হোৱা পানীকণ জোৰকৈ মচি পেলালে তাই। নাই, তাই আঁতৰি থাকিব শৰতৰ পৰা। নালাগে, নালাগে তাইক এইবোৰ ভাল লগা অনুভৱ। সেই আগৰ খঙাল, গুণ্ডা ৰাধাজনীয়েই ঠিক আছে। এনেকৈ আকলুৱা হ'লে অকল কষ্টহে হয়। অকল কষ্ট। কথাবোৰ ভাবি ভাবি বেঞ্চখনতে মূৰটো পেলাই দিলে ৰাধাই।
"ৰুণ, মই ওলাইছোঁ দেই।"
হঠাৎ অনুৰণৰ মাতত সন্ধ্যা কিতাপৰ মাজৰ পৰা ওলাই আহিল। অনুৰণ যাবলৈ সাজু হৈছে। সাংঘাতিক ব্যস্ততাৰ চাকৰি অনুৰণৰ। সন্ধ্যাই বুজি পায়। তাৰ মাজতো যে তাইক দিব লগা সময়খিনিৰ লগত কেতিয়াও এৰা ধৰা নকৰে সি। সন্ধ্যাই কিবা এটা ক'বলৈ লওঁতেই কলিং বেলটো বাজি উঠিল।
"মা আহিছে নেকি" বুলি সন্ধ্যা ওলাই আহিল সমুখৰ ৰুমলৈ। হয়, অনুৰণৰ মাকেই আহিছে। পিছে লগত আন এগৰাকী। সন্ধ্যাক দেখিয়েই মাকে ক'লে,
"ৰুণজুন, এয়া চোৱা কোন আহিছে। এইজনী তনয়া। ভণ্টিহঁতৰ ঘৰৰ ওচৰৰ দত্তৰ জীয়ৰী। সৰুৰে পৰাই তনয়া আৰু আমাৰ বাবাৰ খুব মিল আছিল বুইছা। বহুত বছৰ তনয়া পঢ়াৰ নামত বাহিৰতে থাকিল। এই বছৰহে আহিছে ইয়ালৈ। ই ক'লৈ গ'ল, বাবা..."
কথাখিনি কৈ তেওঁ ভিতৰলৈ গ'ল অনুৰণক বিচাৰি। সন্ধ্যাই আজিকালি মানুহ পঢ়িব পাৰে। অনুৰণৰ মাক অহাৰ পৰা এতিয়ালৈকে নিজৰ পুত্ৰ জীয়ৰীক লগ পায়ো এবাৰো ইমান উৎসাহিত হোৱা নাই যিমান এই তনয়াক ইয়ালৈ আনি হৈছে। কিবা এটা বুজিছিল যদিও তাক এলাগী কৰি সন্ধ্যাই তনয়াৰ লগত কথা পাতিলে। মাতি নি চোফাতে বহুৱালে। কথা পাতি তনয়াই ক'লে,
"তোমাৰ কথা যেনেকৈ শুনিছিলোঁ তুমিও তেনেকুৱাই দেই। দেখিবলৈও ধুনীয়া, কথাও বৰ মৰমলগা।"
এনেতে অনুৰণৰ সৈতে মাক ভিতৰৰ পৰা ওলাই আহিল,
"হয়তো আকৌ। বোৱাৰী কাৰ! বাবা, এইক চিনি পাইছ নে?"
অনুৰণে এবাৰ তাইলৈ চাই ক'লে,
"তনয়া, ৰাইট?"
অথনিৰে পৰা বহি থকা তনয়া থিয় হ'ল,
"ৱাহ, তুমি চিনি পাইছা মোক? কি খবৰ অনু দা? ইমান বছৰৰ মূৰত যে লগ পালো।"
কথাটো কৈ কৈ তনয়াই অনুৰণক সাৱটি ধৰিবলৈ লৈছিল। কিন্তু অনুৰণ লগে লগেই দুখোজ পিছুৱাই গ'ল আৰু হাত এখন আগবঢ়াই দিলে। প্ৰথম দিনাই আঘাতপ্ৰাপ্ত হ'ল যদিও তনয়াই হাঁহি মাৰি হেণ্ডশ্বেক দিলে তাক। হাতৰ ঘড়ীটো চাই অনুৰণে ক'লে,
"মোৰ দেৰি হৈছে। গৈ থাকোঁ। মা, মোৰ আহি পোৱা দেৰি হ'ব। তোমালোকে ভাত খাই দিবা।"
"কিন্তু আজি যে তনয়া আহিছে। তই এনেকৈ..."
"একো নাই মা। ৰুণ আছেতো।, সকলো যোগাৰ কৰি থৈছে। কথা পাতা তোমালোকে।"
অনুৰণৰ মাক "বাৰু" বুলি ভিতৰলৈ সোমাই গ'ল। গম পোৱা গৈছে যে তেওঁ অসন্তুষ্ট হৈছে। সন্ধ্যাই অনুৰণক দুৱাৰমুখলৈকে আগুৱাই দিলে। অনুৰণে যাবলৈ লৈ সৰুকৈ সন্ধ্যাৰ কপালত চুমা এটা খালে,
"আহি আছো হা।"
সন্ধ্যাই হাঁহিলে মাত্ৰ। সিহঁতৰ এটাইও মন কৰা নাছিল তনয়াৰ কঠোৰ হৈ পৰা মুখখন।
হাঁহি ধেমালি কথা বতৰাৰ মাজতে ভালকৈ পাৰ হ'ল সময়খিনি। কথাৰ মাজে মাজে সন্ধ্যাই পাকঘৰতো মনুক কামত সহায় কৰি দিলে। শাহুয়েকক ইমান ফুৰ্তিত দেখি যেন সকাহ পাইছে সন্ধ্যাই, হওক তেও! তনয়াৰ নামতে হ'লেও যে তেওঁ আজি মুকলিকৈ হাঁহি মাতি আছে। সেয়াই বহুত। এটা সময়ত সকলোৱে খাবলৈ ভাতৰ টেবুলত বহিল। মনু আৰু সন্ধ্যাই বাঢ়ি দিলে। তনয়াই আয়োজন দেখি আচৰিত হৈ ক'লে,
"ইমানবোৰ মই কেনেকৈ খাম বাৰু?"
সন্ধ্যাই কিন্তু জোৰ কৰি হ'লেও তাইক দিলে। শাহুয়েকে সন্ধ্যাকো একেলগে বহিবলৈ ক'লে। ভাতৰ পাতত বহি ভাত এগৰাহ মুখলৈ নিবলৈ লওঁতেই সন্ধ্যাৰ ফোনটো বাজিল। আনি দেখে, অন্তৰাৰ ফোন। সন্ধ্যাই ধৰোঁতেই সিফালৰ পৰা মাত,
"ৰুণজুন বা, সোনকালে উইনট্ৰ'বলৈ আহা চোন। আয়েশাৰ গা খুব বেয়া। ইয়াত ভৰ্তি কৰিছোঁ।"
সন্ধ্যাৰ বুকুখন কঁপি উঠিল। উইনট্ৰ'ব নাৰ্ছিংহোম অন্তৰাহঁতৰ হোষ্টেলৰ ওচৰতে। সিহঁতৰ হোষ্টেলৰ পিছফালেৰে গ'লেই ওলাব গৈ পাৰে নাৰ্ছিংহোমৰ পিছফালে। আৰু এই আয়েশা সন্ধ্যাহঁতৰ দিপাৰ্টমেণ্টৰ। সন্ধ্যায়েই তাইৰ লোকেল গাৰ্জেন। দেউতাক নোহোৱা ছোৱালীজনীক মাকে খুব কষ্টৰে আনি ইয়াত পঢ়ুৱাইছে। মাক নিজৰ ঘৰ ধুবুৰীত থাকে। হঠাৎ কি হ'ল তাইৰ। সন্ধ্যাই ভাত নোখোৱাকৈয়ে হাত ধুই শাহুয়েকক ক'লে,
"মা, মই নাৰ্ছিংহোমলৈ যাব লাগে। মোৰ ষ্টুডেণ্ট এজনীক এডমিট কৰিছে।"
কথাটোৱে কৈয়ে সন্ধ্যা ৰুমলৈ গৈ চুৰিদাৰ এযোৰ পিন্ধি আহিল। পিছে শাহুয়েকে অলপ টান মাতেৰে ক'লে,
"এই ৰাতিখন তুমি গৈ তাত কৰিবা নো কি? তাতে বাবাও নাই। এনেকৈ যাব নোৱাৰা তুমি।"
"মা, নাৰ্ছিংহোমখন উজান বজাৰতে। অন্তৰাৰ হোষ্টেলৰ ওচৰত। একো নহয়। মই পাৰিম। মিতুক লৈ যাম।"
"ৰাতিখন ড্ৰাইভাৰ ল'ৰাটোৰ লগত বোৱাৰী এজনী অকলে অকলে। ছিঃ, লাজ লগা কথা। নাৰ্ছিংহোমেই যায় নে কি কোনে জানে!"
অনুৰণৰ মাকে নিজক কোৱাৰ দৰে কৈছিল যদিও কথাকেইটাই সন্ধ্যাৰ মন মগজুত খুব বেয়াকৈ আঘাত কৰিলে। লগে লগে তাই খঙেৰে উত্তৰ দিলে,
"সন্দেহ হ'লে জীয়েকক ফোন কৰি সুধি লওক। মোলৈ অহা ফোনটো তাইৰে আছিল। বাকী মোৰ চৰিত্ৰৰ চাৰ্টিফিকেট মই আন মানুহৰ পৰা নলও। মই কেনেকুৱা মই কি কৰিছোঁ সেয়া মই ভালকৈ জানো। আৰু মোৰ বাবে সেয়াই যথেষ্ট। গতিকে এইবোৰ অযথা কথা লৈ নিজৰ মূৰটো গৰম কৰি নাথাকিব।"
"তুমি মোক এনেকৈ কথা কৈছা?"
"অ আপোনাকেই কৈছোঁ। কিয় কৈছোঁ আপুনিও জানে। এইবোৰ লেতেৰা চুপতি মাৰিবলৈ মোৰ এতিয়া সময় নাই। মনু, অনুৰণ আহিলে ভাত কেইটা দিবি।"
কথাখিনি কৈ সন্ধ্যা ওলাই গ'ল। যাওঁতে ইচ্ছা কৰিয়েই দুৱাৰখন জোৰেৰে জপাই গ'ল। খং উঠিছে সন্ধ্যাৰ। প্ৰচণ্ড খং। তাই সকলো সহ্য কৰিব পাৰে। কিন্তু কোনোবাই তাইৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠাব, সেইটো সহ্য নকৰে। আচলতে আমি বয়সৰ প্ৰতি লক্ষ্য ৰাখি সংস্কাৰৰ বাবে বহুক্ষেত্ৰত নিশ্চুপ হৈ যাওঁ। হয়, মুখে মুখে উত্তৰ দিয়াটো ভুল কথা। কিন্তু উত্তৰ নিদিলে কেতিয়াবা মানুহে নিজৰ সীমা পাহৰি যায়। আৰু অনুৰণৰ মাকক নিজৰ সীমাডাল দেখুৱাই দিয়াটো খুবেই জৰুৰী আছিল।
সন্ধ্যা যোৱাৰ পাছতে কোব খোৱা সাপৰ দৰে ফেট তুলি উঠিল স্বৰ্ণৰেখা হাজৰিকা। বোৱাৰীয়েকৰ ব্যৱহাৰত খঙত টিঙিৰি তুলা হৈ নিজকে কৈ উঠিল তেওঁ,
"কি ভাবিছে তাই মোক? ভাবিছে কি? খুব চখ নহয় বাহিৰত থকাৰ। ঠিক আছে, আজি এই ৰাতিটো তাইৰ বাবে কেনেকুৱা ভয়ংকৰ হ'ব তাইও চাওক।"
এইবাৰ সন্ধ্যাৰ কোঠালৈ গৈ তাইৰ নাইট গাউনটো আনি তনয়াক দি ক'লে,
"আজিয়েই সুযোগ। সাজু হ। যি হ'ব, আজিয়েই হ'ব। তাইৰ এই মুখ সহ্য নকৰো মই।"
কিন্তু তনয়াই ক্ষন্তেক ৰৈ কিবা এটা ভাবি ক'লে,
"কিন্তু আণ্টি, আজি আহিয়েই এইবোৰ! কেইদিনমান গৈ লওক নেকি! অলপ ফ্ৰী হৈ লওঁ।"
"নাই নাই। ইমান সময় দিবলৈ মোৰ সময় নাই। সন্ধ্যাৰ নহ'লে সন্দেহ হ'ব। ইফালে আংকলৰ ফোন আহিলেই মই ঘৰলৈ যাব লাগিব। গতিকে আজিয়েই হওক।"
এইবাৰ তনয়াৰ ওঁঠত জিলিকিল কুটিল হাঁহি এটা।
উইনট্ৰ'ব নাৰ্ছিংহোমৰ ইমাৰজেঞ্চি ৰুমত ৰখা হৈছে আয়েশাক। ডাক্তৰে চাই আছে। তাইৰ ভালকৈ চেন্স নায়েই। বাহিৰৰ চকীতে বহি আছে অন্তৰা। সন্ধ্যা গৈ পাওঁতে উঠি আহিল তাই,
"দিনটো জ্বৰ আছিল। ৰাতি ভাত খোৱাৰ পৰা বমি। সেই কাৰণে এডমিট কৰি দিলোঁ। ডাক্তৰে চাই আছে। তুমি ভাত খালা নে নাই? দাদাও আহিছে নে?"
সন্ধ্যাই এবাৰ ভিতৰলৈ চাই ক'লে,
"অকলেহে আহিছোঁ ৰ'বা মিতুক লৈ। দাদাৰ আজি অহা দেৰি হ'ব। ঘৰতো আলহী।"
"কোন আলহী?"
"মা আজি মাহীহঁতৰ ঘৰলৈ গৈছিল। তেওঁলোকৰ ওচৰৰ কোনোবা দত্তৰ জীয়েক, তনয়া।"
নামটো শুনিয়েই অন্তৰা যেন আচৰিত হ'ল,
"কি? তনয়া? তাই আকৌ কিয় আহিছে?"
"হাৰে, আহিছে আৰু মাৰ লগতে।"
"নাই নাই, মায়ে তাইক এনেই অনা নাই। মই মাক ভালকৈ জানো। তুমি নাজানা, এই ছোৱালীজনী বহুত ভয়ংকৰ।"
সন্ধ্যাই হাঁহি উঠিল,
"ধেই, বেছি ভাবিছা অ'। আজি প্ৰথম আহিছে তাই আমাৰ ঘৰলৈ।"
"তনয়াৰ বাবে প্ৰথম দ্বিতীয় বুলি একো নাই। এটা কাম কৰা, তুমি যোৱা গৈ যোৱা। মই আছোঁ।"
"কিবা হৈছে নেকি, নালাগে। একো নহয় সেইবোৰ।"
কিন্তু অন্তৰা যেন অস্থিৰ। হঠাৎ মাকৰ লগত এই তনয়াৰ আগমন তাই মানি ল'ব নোৱাৰে। সেয়ে শেষত ক'লে,
"তেন্তে মিতুৰ লগত ময়েই যাওঁ ঘৰলৈ। আজি তাতে থাকিম।"
তাইৰ কথাত এইবাৰ সন্ধ্যাইও আপত্তি নকৰিলে। অগত্যা অন্তৰা সন্ধ্যাহঁতৰ ফ্লেটলৈকে গ'ল।
সন্ধ্যা গৈ আয়েশাৰ বিচনাতে বহিল। ডাক্তৰ এইমাত্ৰ ওলাই গৈছে। বমি কৰি কৰি লেবেজান হৈ গৈছে ছোৱালীজনী। চেন্স এতিয়াও ভালকৈ অহা নাই। চেলাইন দি থৈছে। সন্ধ্যাই তাইৰ মুৰটোত হাত ফুৰাই আছে। তাই হাত এখনেৰে সন্ধ্যাৰ কঁকালটো সাৱটি ধৰি শুই আছে। এনেতে অৱচেতন ভাবে আয়েশাই সন্ধ্যাৰ হাতখনত ধৰি মাত দিলে,
"মা, তুমি আহিলা?"
মা.. মা.. এই এটা শব্দ.. এই এটা সম্বন্ধ। আয়েশাই সন্ধ্যাক মা বুলি মাতিছে। কোনোবাই তাইক মা বুলি সম্বোধন কৰিছে। লাগিলে ভুলতেই হওক। উফ.. পাৰ ভাঙি বৈ আহিছে সন্ধ্যাৰ চকুৰে লুণীয়া আবেগৰ ঢল। ঠিৰেৰে থাকিব যেন পৰা নাই সন্ধ্যা। ফেঁকুৰি উঠিছে তাই। মা.. মা.. এই সৰু শব্দটোৱেই সন্ধ্যাক লৈ গৈছে আজিৰ পৰা কেই বছৰমান আগলৈ...!!
(আগলৈ)
Comments
Post a Comment