ৰাধা : ১৫
#ৰাধা
Part 15
ৰাধাপুখুৰীৰ পাৰটো ৰাতিৰ সময়খিনিত কোনোবা জোনাকী দেশৰ দৰে হৈ পৰে। এনে লাগে জোনাবায়ে যেন বুকুৰ সমস্ত জোনাক ৰাধাপুখুৰীলৈকে উজাৰি দিছে। যিয়ে এবাৰ জোনাকৰ সময়ত ৰাধাপুখুৰীৰ পাৰত বহিছে, সিয়েই এই মায়া এৰিব পৰা নাই। জোনটোৱে পুখুৰীৰ ফটফটীয়া পানীখিনিত এনেকৈ খেলে এনে লাগে যেন আকাশৰ বুকুৰ পৰা সঁচাই জোনক কাঢ়ি লৈ আনিলে পুখুৰীয়ে, কিন্তু চাবলৈ গ'লে সেয়াটো মাত্ৰ প্ৰতিবিম্বহে। কথাবোৰ এনেকুৱাই, আমাৰ কাষত থকা বুলি ভবা বহু বস্তু আচলতে আমাৰ নহয়েই। সেয়া মাত্ৰ আমি নিজেই কল্পনাৰে সাজি লোৱা এক প্ৰতিবিম্ব। যিদৰে কানাইৰ মনত গঢ় লৈছে ৰাধাৰ প্ৰতিবিম্ব। কিন্তু, ৰাধা জানো সঁচাই কানাইৰ? ৰাধাৰ সৈতে এখন সৰু ঘৰৰ কল্পনা গঢ় লৈছে নেকি কানাইৰ মনত অজানিতে? নাই, জোকাৰি পেলাই কানায়ে কথাবোৰ। আচলতে এই ৰাধাপুখুৰীৰ পাৰটো এনেকুৱাই, মায়াসনা। নভবা কথাবোৰ ভবাই, নুবুজা কথাবোৰ বুজায়। এই সময়ত সি ভাত খোৱাৰ পাছত ইয়াতে অলপ সময় বহে। বাঁহীটো বজায়। প্ৰায়েই ৰাধাও আহে। সি জানে, আজিও তাই আহিব। খুব মন বেয়া আজি তাইৰ। মানুহতকৈ বেছি গছ, নৈ, ফুল, চৰাই লৈ মৰম ৰাধাৰ। স্কুলৰ সমুখৰ কৃষ্ণচূড়া জোপা তাই কোনোবা বন্ধুৰ দৰে। তেনেস্থলত সেই গছজোপা হুৰহুৰকৈ বাগৰি যেতিয়া পৰিব কাৰোবাৰ কুঠাৰৰ আঘাতত, ৰাধা বাৰু কেনেকৈ থিৰ হৈ থাকিব! ৰাধাই কান্দিব নোৱাৰে, সাংঘাতিক দুখ লাগিলেও তাইৰ চকুপানীবোৰ ওলাই নাহে। কানায়ে বুজি পায়। সেইবাবে সি বাঁহীটো বজায়। বাঁহীৰ সুৰবোৰে ৰাধাৰ মূৰত যেন হাত ফুৰায়। কান্দিব নোৱাৰিলেও বুকুখন পাতল হয়। লাহেকৈ বাঁহীটোত ফুঁ দিলে। লাহে লাহে ঠাইখিনি আকৌ বেছি মায়ালগা হৈ পৰিল। কানাইৰ বাঁহীৰ সুৰটোৱে ৰাধাপুখুৰীৰ লগতে স্নেহালয়ৰ চৌপাশ আগুৰি ধৰিলে। স্নেহালয়ৰ পিছফালৰ দুৱাৰেদি ছায়ামূৰ্তি এটা ওলাই আহিল। এখোজ দুখোজকৈ আহি কানাইৰ কাষতে বহিলহি। চকু মুদি বাঁহী বজাই থকা কানাই ৰৈ গ'ল। চকু মুদিয়েই সি মাত দিলে,
"আহিলি ৰাধা?"
ৰাধাই একো নকৈ তাৰ কান্ধত মূৰটো পেলাই দিলে মাত্ৰ। কানায়ে বুজি পাই ইয়াৰ অৰ্থ। এটা হাতেৰে সি তাইৰ মূৰটো পিহি দিলে। ৰাধাই বিষন্ন মাত এটাৰে ক'লে,
"কিয় এনেকুৱা মানুহবোৰ?"
কানায়ে কৈ গ'ল,
"মানুহ যে, সেইবাবে। চব ভাল হ'লে চোন দেৱতা হৈ যাব।"
"সেইবুলি সকলো কৰিব নে, দয়া মমতা একো নাই নে?"
"টকাই মমতা বুজি নাপাই ৰাধা।"
"মৰিলে লগত লৈ যাব নেকি টকা!"
কানায়ে হুমুনিয়াহ এটা সৰালে। অলপ ৰৈ আকৌ ক'লে,
"কষ্ট হৈছে ন তোৰ?"
"বহুত..."
"চব ঠিক হ'ব চাবি।"
"কিন্তু কেনেকৈ?"
"নাজানো, কিন্তু মোৰ বিশ্বাস আছে তোৰ ওপৰত। গছজোপাক তই কিবাকৈ হ'লেও বচাবি। সেইটো মই জানো।"
"মই একো বুজি পোৱা নাই। হাতত মাত্ৰ কাইলৈৰ দিনটো আছে।"
"মনটো শান্ত কৰি ভাব। বেছি ভাবুক হৈ আছ। দুখ লগাবোৰ বাদ দি ভাব, ৰাধা হৈ ভাব।"
ইয়াৰ পাছত কানায়ে বাঁহীৰ সুৰটো আকৌ বজালে। লাহে লাহে ৰাধাই চকুকেইটা মুদি দিলে।
"তোমাৰ চৰণ সেৱাৰ গোবিন্দ
নাজানো একো উপায়,
যিমতে সেৱাত ৰহিবো কৰুণা
কৰিতে হৰি যোৱাই।"
ভানুমতীৰ কোঠাৰ পৰা ভাঁহি আহিছে ঘোষাৰ সুৰ। সদায় টোপনিত পৰাৰ আগে আগে ভানুমতীৰ কোঠাৰ পৰা ভাঁহি অহা ঘোষাৰ সুৰে স্নেহালয়ৰ প্ৰতিটো কোঠাত যেন ঈশ্বৰীয় এক বতাহহে বোৱাই যায়। বিশাল স্নেহালয়ৰ আটাইকেইটা কোঠালৈকে সেই ঘোষাৰ সুৰ ৰিণি ৰিণিকৈ হ'লেও যায়। ঘৰৰ মানুহবোৰেও ভানুমতীৰ ঘোষাৰ শব্দ অহালৈকে টোপনি নগৈ ৰৈ থাকে।
ৰাধাপুখুৰীৰ পাৰৰ পৰা উভতি আহিছে ৰাধা। স্নেহালয়ৰ কোঠাৰ লাইটবোৰ এটা এটা বন্ধ হৈছে। বাকী থকা আখলৰ কামবোৰ সামৰিছে তেজা আৰু সাদৰীয়ে। কুন্তলা হয়তো কোঠাত সোমালগৈ। তেজাই পিছফালৰ দুৱাৰবোৰো জপাই দিলে। ৰাধা এখোজ দুখোজকৈ নিজৰ কোঠাৰ ফালে গৈ থাকোতেই ভানুমতীৰ ঘোষাৰ শব্দ শুনি সেইফালে খোজ ল'লে। ভানুমতীৰ কোঠাত লাইট নাই। তেওঁ নিজেই লগাবলৈ নিদিলে। তাৰ সলনি কেৰাচিনৰ চাকি আৰু হাৰিকেন লেম্পহে জ্বলি থাকে। ৰাধা গৈ দুৱাৰ মুখত ৰওতে চাকিৰ হালধীয়া পোহৰত তাইৰ মুখখন জিলিকি উঠিল। ঘোষা সামৰি ভানুমতীয়ে মাতিলে,
"আহ আইজনী। তোক মতাই আনিম বুলি ভাবিছিলোয়েই। আজি মোৰ লগতে শুবি আহ।"
ৰাধা লাহে লাহে পালেঙলৈ উঠি গ'ল। তেজাৰ আগতে ভানুমতীয়ে কুন্তলালৈ খবৰ পঠিয়ালে, ৰাধা আজি ইয়াতে শুব। অৱশ্যে সেয়া কোনো নতুন কথা নহয়। ৰাধা প্ৰায়েই ইয়াত শুৱে। কেৰাচিনৰ চাকিটো ফুঁ মাৰি ভানুমতীও পালেঙত উঠিল। ৰাধাৰ চুলি কোঁচা খুলি দিলে। লাহে লাহে চুলিৰ মাজত আঙুলি কেইটা ভৰাই পিহি থাকিল তেওঁ। অলপ সময় তেনেকৈ থকাৰ পাছত মাত দিলে,
"তেন্তে? একো উপায় নহ'ল গৈ?"
ৰাধাই হুমুনিয়াহ এটা পেলাই ক'লে,
"হাৰি গ'লো অ' আই।"
"বাৰু, মহাভাৰতৰ জয়দ্ৰথ বধৰ কাহিনীটো জান নে তই?"
"অলপ অলপ, কিয় আই?"
"আকৌ কৈছোঁ, শুন। অভিমন্যু মৰাৰ পাছত অৰ্জুনে পণ কৰিছিল যে বেলি ডুবাৰ আগেয়ে জয়দ্ৰথক বধিব নোৱাৰিলে জুইত সোমাই আপোনঘাতী হ'ব। কৌৰৱৰ জালত অৰ্জুন সফল নহ'ল, জয়দ্ৰথক দিনটো বিচাৰিয়েই উলিয়াব নোৱাৰিলে। শেষত কৃষ্ণই সুদৰ্শন চক্ৰৰে বেলিটো ঢাকি দিলত অৰ্জুন মৰা চাওঁ বুলি জয়দ্ৰথ ওলাই আহিল। তেনেকুৱাতে চক্ৰ বেলিৰ পৰা আঁতৰি গ'ল আৰু অৰ্জুনে জয়দ্ৰথক বধ কৰিলে।"
দীঘলীয়া কৈ কথাখিনি কৈ ভানুমতী অলপ ৰ'ল। ৰাধাই সুধিলে,
"উম, এইখিনি জানো। এতিয়া?"
ভানুমতীয়ে আকৌ ক'লে,
"এতিয়া কচোন। জয়দ্ৰথ মৰিল কেনেকৈ?"
"কৃষ্ণৰ চতুৰালিত আকৌ।"
"সেইটোৱেই, প্ৰথমে অৰ্জুনে অনেক চেষ্টা কৰিলে। কিন্তু নোৱাৰিলে। শেষত কৃষ্ণই এটা মিছা পৰিৱেশ সাজি দিলে। য'ত সকলো পতিয়ন গ'ল। জয়দ্ৰথ ওলাই আহিল। আৰু মৰা পৰিল। কেতিয়াবা কেতিয়াবা বলেৰে নোৱাৰা কাম বুধিৰেও কৰিব লাগে। সঁচা কষ্টৰে কাম নিসিজিলে মিছা পৰিৱেশ ও বনাব লাগে।"
"কিন্তু কেনেকৈ আই? মানুহবোৰক পৰিৱেশৰ সুৰক্ষাৰ কথা ইমান বুজালোঁ বুজিয়েই নাপালে। প্ৰকৃতি ৰক্ষাৰ কথাও নুশুনে।"
ৰাজনীতিত পৰিপক্ক ভানুমতীয়ে আজুনাতিয়েকৰ সৰল মনটোত হাঁহি মাৰি ক'লে,
"আমাৰ ৰাইজে প্ৰকৃতিৰ কথা নুশুনে অ' আইজনী। ঈশ্বৰৰ কথাহে শুনে।"
"এতিয়া ঈশ্বৰক বিচাৰি আনো ক'ৰ পৰা?"
"বিচাৰিলে ঈশ্বৰকো পায়। ঈশ্বৰক যেনেকৈ সেৱা কৰ, তেনেকৈয়ে উলিয়াই আন। ঈশ্বৰে ক'লে মানুহে শুনিব। এতিয়া শুই থাক, আৰু কথা নাপাতো।"
আজু আইতাকৰ কথাই এগালমান মেৰপাকত সোমোৱাই দিলে ৰাধাক। কি বুজাব খুজিলে আইতাকে। জয়দ্ৰথ বধত কৃষ্ণই চতুৰালি কৰা, ভগৱানক বিচাৰি অনা, একো মিলাব পৰা নাই তাই। কথাবোৰ ভাবি ভাবি এটা সময়ত ৰাধা শুই পৰিল।
ৰাতিপুৱা বেলি উঠোতেই সাৰ পালে ৰাধাই। ঘৰৰ বনকৰা মানুহ পোনাৰামে গৰু কেইটা গোহালিৰ পৰা উলিয়াইছেহে এথোন। পিছফালৰ হাঁহৰ গৰালটো তেজাই খোলাই নাই। সাদৰীয়ে আগচোতাল সাৰিয়ে আছে। তেনেকুৱাতে ৰাধাই সাৰ পাই হাত মুখ ধুই কানাইৰ কোঠা পালেগৈ। তাক টানি টানি জগাই উঠালে। তাৰ পৰা দুইটা আহি সৰুকণৰ কোঠালৈ গ'ল। সৰুকণ ৰাতি পলমকৈ আহে বাবে তাক কোনেও সোনকালে নজগায়। কিন্তু আজিৰ কথা বেলেগ। ৰাধাই দুৱাৰত ঢকিয়াই ঢকিয়াই তাক উঠালে। দুৱাৰখন খুলি ৰাধা আৰু কানাইক দেখি সৰুকণ আচৰিত হ'ল। বেলেগ হোৱা হ'লে সি গালিয়েই দিলেহেঁতেন। কিন্তু ইহঁত দুটা ৰাতিপুৱাই আহিছে যেতিয়া কথা গুৰুতৰ। সিহঁতক বহিবলৈ দি সি মুখ ধুই আহিল গৈ। সৰুকণ উঠা দেখি তেজাই সৰুকণৰ কোঠাতে তিনিওটাকে চাহ দি গ'লহি। এতিয়া ৰাধাই লাহে লাহে কথাবোৰ ক'লে। কালি ৰাতি আজু আইতাকে কোৱা কথাবোৰো ক'লে। কথাখিনি শুনাৰ পাছত সৰুকণে ক'লে,
"মোৰ হ'লে চব মাথাৰ ওপৰেদি গৈছে অ'। একো বুজি পোৱা নাই।"
ৰাধাই লগে লগে ক'লে,
"আস সা, সৰু দা! অলপ চেষ্টা কৰচোন।আয়ে কেতিয়াও এনেই কথা নকয়। ইয়াৰ মাজত নিশ্চয় কিবা এটা আছে।"
অলপ চিন্তা কৰি কানায়ে ক'লে,
"আইৰ কথা কেইটাত থকা শব্দ কেইটা মন কৰচোন। চতুৰালি, মিছা পৰিৱেশ আৰু কি আছিল?"
এইবাৰ সৰুকণে ক'লে,
"ভগৱান, ভগৱানক উলিয়াই অনা।"
পুনৰ ৰাধাই ক'লে,
"অ অ, তাকো যেনেকৈ সেৱা কৰ..."
কথাটো কৈ ৰাধা অলপ সময় ৰ'ল। নিজৰ মাজতে তাই গুণগুণাই ক'লে,
"মিছা পৰিৱেশ, ঈশ্বৰক উলিয়াই অনা, ঈশ্বৰে ক'লে মানুহে শুনিব.... মিছা পৰিৱেশ..."
কেই মুহূৰ্ত মানৰ পাছত ৰাধা আৰু কানায়ে একেলগে চিঞৰি উঠিল,
"পাই গ'লো...."
উচপ খাই উঠিল সৰুকণে,
"কি পালি ঐ, মোকো ক চোন।"
"কৈ আছোঁ, ব'ল সংঘলৈ যাওঁ। ঐ কানাই, তই আমাৰ গোটেই কেইটাক মাতি থৈ আহ। এতিয়াই আহিবলৈ ক। সৰু দা, তই ব'ল মোৰ লগত।"
এইবুলি ৰাধাই সৰুকণক টানি অনাৰ দৰে লৈ গ'ল সংঘৰ ফালে। কানাই গ'ল তগৰহঁতৰ ঘৰৰ ফালে। সৰুকণে কানাইক এবাৰ চিঞৰিলে, "ঐ, চুপহিকো মাতিবি।" ৰাধাই "ধেই, মাতিব দে" বুলি তাক টানি টানি লৈ গ'ল।
সেউজ অসমৰ কাৰ্যালয়, সংঘৰ মজিয়াত গোপন মেল। দুৱাৰ বন্ধ কৰি তগৰ, সপোন, ৰঞ্জন, চুপহি, কানাই, সৰুকণ গোটেই কেইটা চকীত বহি লৈছে গোলকৈ। ৰাধাই থিয় হৈ সিহঁতক কৈ গৈছে পৰিকল্পনা। তাই যিমানেই কথাবোৰ গভীৰলৈ গৈছে, সিমানেই সিহঁতৰ চকুবোৰ ডাঙৰ হৈ গৈছে। এসময়ত ৰাধাই শেষ কৰি ক'লে,
"এতিয়া বুজিলি? পাৰিবি নে চবেই?"
প্ৰথমে সৰুকণে ক'লে,
"তোৰ ব্ৰেইনটো মানিছোঁ দেই। কি আছে ভিতৰত ফালি চাম এদিন।"
লগে লগে গোটেইকেইটাই গিৰ্জনি মাৰি হাঁহিলে। ৰাধাই লগে লগে ধমক দি উঠিল,
"চুপ থাক। এতিয়া দাঁত নিকটাই থকাৰ সময় নাই। চবেই কামে কামে লাগ। মনত ৰাখিবি, অকল আজিৰ দিনটোহে আছে।"
এইবাৰ সপোনে ক'লে,
"আমি পাৰিম।"
ৰাধাই সৰুকণলৈ চাই ক'লে,
"সৰু দা, তই ৰঞ্জনকে লগত লৈ টাউনলৈ গৈ বস্তুটো লৈ আন গৈ। চাবি, পুৰণা লেতেৰা চাই আনিবি।"
এইবাৰ সপোনক ক'লে,
"সপোন আৰু তগৰ, তহঁত যা অৰুণ ছাৰক লগ ধৰি কথাখিনি ক গৈ।"
"কানাই আৰু চুপহি বাইদেউ, মোৰ লগত আহা। আমি বাপুদেউক লগ ধৰি আহোঁ। তেওঁক কথাবোৰ বুজাই ক'ব লাগিব।"
ইয়াৰ পাছতেই সকলো নিজৰ নিজৰ দায়িত্ব লৈ কামে কামে গ'ল। সন্ধিয়া এন্ধাৰ হোৱাৰ পাছত সকলো ইয়াতে গোট খাব বুলিও ঠিক কৰিলে।
গোবিন্দপুৰৰ বাপুদেউ ; এটা চিনাকি নাম। বাপুদেউৰ ঘৰ ক'ত, বংশ নো কি কোনেও নাজানে। কেতিয়াৰ পৰা বাপুদেউ গোবিন্দপুৰত নিগাজিকৈ থাকিবলৈ ল'লে তাকো নাজানে। আনকি বাপুদেউ কেনেকৈ নো চলে তাকো নাজানে। কিন্তু গোবিন্দপুৰ বা কাষৰীয়া গাঁৱকে ধৰি ওচৰৰ এটাই কেইখন গাঁৱতে যে বাপুদেউৰ প্ৰতিপত্তি চলে সেয়া সকলোৱে জানে। বোলে কাৰোবাৰ ঘৰৰ বাৰীত নিশা ফেঁচায়ে নিউ নিউ কৰিছিল, পিছদিনা বাপুদেউ হাজিৰ। বিৰবিৰকৈ কিবা কিবি মাতি ফুহ মাৰি ডালটো দেখুৱাই দিব। কোনোবা এটাই ডালটো কাটি আনিব, বিপদ বোলে তাতেই শেষ। আকৌ কাৰোবাৰ বোলে সপ্তাহ জোৰা জ্বৰ, বাপুদেউ গৈ পাই যায়। জ্বৰত হেনো "জৰাসন্ধ বধ" পাঠ কৰিব লাগে। বাপুদেৱে নিজেই গাত পাতি লৈ পাঠ কৰি আহে। অৱশ্যে মনৰ শান্তিৰ বাবে বাপুদেৱে ডাক্তৰৰ পৰামৰ্শও ল'বলৈ কয়। পিছে জ্বৰ হেনো বাপুদেউৰ কাৰণেহে ভাল হয়। ডাক্তৰৰ ঔষধ বোলে নিমিত্তহে মাত্ৰ। কাৰোবাৰ ছোৱালী ঠিক হোৱা নাই, বাপুদেৱে নিজেই ক'ৰ পৰা জানো সম্বন্ধ গোটাই দিব। দেখিবা, এমাহতে ছোৱালীয়ে উৰণি ল'লেই। বাপুদেউৰ ইষ্টদেৱ নো কোন কোনেও নাজানে। কাৰণ মানুহ ভেদে বাপুদেউৰ ইষ্টদেৱ বেলেগ হৈ থাকে। তেওঁ বোলে শংকৰৰ ভক্ত। পিছে সেই শংকৰ কেতিয়াবা শিৱ হৈ পৰে, কেতিয়াবা আকৌ শংকৰদেৱ হৈ পৰে। পিছে সেই লৈ বাপুদেউক কোনেও একো নকয়। তেনেকৈ ৰাইজৰ দান বৰঙণিৰেই বাপুদেউ চলি থাকে। বাহিৰে বৰ চিক চাক যদিও খোৱা বোৱাৰ কথা ওলালে বাপুদেউ বৰ উদাৰ। কাৰোবাৰ কিবা বেয়া দিন চলি থাকিলে তেওঁ নিজেই কয়, বোলে ঈশ্বৰত বৰকৈ মতি গতি থকা ভকত এজনাক মাতি জহা চাউল, ক'লা হাঁহ, মাটি মাহৰ সৈতে ভাত এসাজ খোৱাই দিলেই সকলো মংগল। ৰাইজে আনক নেপাই বাপুদেউকে মাতে। বাপুদেউ নিজেও গৈ উদ্ধাৰ কৰি আহেগৈ। কেতিয়াবা কাৰোবাৰ লগত বাপুদেউৰ খুঁত খাত নলগাও নহয়। মাজতে কোনোবাই কিবা লাগি বাপুদেউক গালিও দিছিল। বোলে,
"ফোঁটে লগুণে গোবিন্দাই,
ভকতিৰ পিছে লেখমান নাই।"
বাপুদেউৱে আঙুলি ফুটাই শাও দিলে।
যিমান হ'লেও পিছে ধৰ্মৰ ক্ষেত্ৰত বাপুদেউৰ মতেই ৰাইজৰো মত। সেই বাপুদেউকে লগ পাবলৈ আহিল ৰাধাহঁত। বহুত বিচাৰ খোচাৰৰ অন্তত কাষৰীয়া গাঁৱৰ নামঘৰৰ কাষৰ বিপিনহঁতৰ ঘৰতে বাপুদেউক পোৱা গ'ল। বিপিনৰ মাকে হেনো শয্যা লোৱা বহুদিনেই হ'ল। মাত বোল নাই, কিন্তু উশাহ লৈ আছে, মানে জীৱই মুক্তি পোৱা নাই। সেয়ে আজি বাপুদেউ গৈ বিধান দিলে, বোলে "চিৰি কিছনৰ বৈকুণ্ঠ পয়ান ভাগ পাঠ কৰোৱা, তেহে তেৰাই ইহ সংসাৰ এৰিব।" বিপিনৰ ঘৈণীয়েকে বোলে "তাৰ পাছতো যদি নেৰে?" বাপুদেউৰ লগে লগে উত্তৰ, "তেন্তে, যুধিষ্ঠিৰৰ স্বৰ্গযাত্ৰা, অজামিল উপাখ্যান, গীতা পাঠ এফালৰ পৰা কৰি যাম নহয়। কোনোবা এটা মিলিব গৈ দিয়া।"
কথা পাতি থাকোতেই ৰাধাহঁত গৈ ওলালগৈ। ৰাধাক দেখি বাপুদেউ ওলাই আহিল,
"আও, ধৰ্ম মহাজনৰ নাতিনী দেখোন। ক'ৰ পৰা ওলালহি হয় নে?"
বাপুদেৱে ৰাধাক লৈ অলপ সাৱধানে চলে। ৰাধাক স্বভাৱৰ বিষয়ে ভালকৈ জানে বাবে ৰাধালৈ ভয় এটাও কৰে। ৰাধাই কাষ চাপি ক'লে,
"আপোনাৰ লগত অলপ আলোচনা আছিল। গোপন।"
বাপুদেৱে ইফালে সিফালে চাই বিপিনৰ ঘৰৰ পৰা বিদায় ল'লে। সোনকালেই জীৱক মুক্তি দিয়াব বুলি কথাও দিলে। তাৰ পৰা ৰাধাহঁতৰ লগতে আহি গোবিন্দপুৰৰ বৰ নামঘৰৰ কাষৰ আঁহত জোপাৰ তলতে বহিল গৈ।
বৰ নামঘৰৰ বাকৰিৰ আঁহতৰ তলত প্ৰায় আধা ঘণ্টামান ধৰি ৰাধাই বাপুদেউক গোটেই কথাখিনি বুজালে। তেওঁ কৰিব লগা খিনিও ক'লে। পিছে শেষলৈ বাপুদেউৰ মুখ শুকাই গ'ল। শিল পৰা কপৌটো হৈ বাপুদেৱে ক'লে,
"মোক এইসোপাৰ মাজলৈ কেলৈ টানিছ হয় নে? কোনোবাই ধৰা পেলাব লাগিলে মই তেহেলে যাম। মই নোৱাৰিম ঐ ৰাধা।"
লগে লগে ৰাধাৰ খংটো উঠি আহিল। চকু পকাই উগ্ৰ মূৰ্তি ধৰি বাপুদেউৰ থুতৰিটোত ধৰি তাই ক'লে,
"কি? এইবোৰ আপুনি কেতিয়াও কৰিয়ে পোৱা নাই? তৰু জেঠাইহঁতৰ ঘৰৰ আগফালে নিজেই ৰাতি নিউ নিউ শব্দ কৰি পিছদিনা যে ফেঁচা পৰা গছৰ ডাল দেখুৱাবলে যোৱাৰ নামত পইচা লৈছিল সেইটো কি মই নাজানো বুলি ভাবিছে? সেউতীৰ মাক বেমাৰত পৰি আছিল, আপুনিও বাহানা দেখুৱাই নগ'ল। যিদিনাই চহৰৰ ডাক্তৰ আহি বেজী দিলে, পিছদিনাই টুকটুককৈ গৈ মন্ত্ৰ মাতি পানী জাৰি দি আহিল। ডাক্তৰৰ বেজীয়ে বেমাৰ ভাল কৰাৰ পাছত কাৰ নাম হ'ল, আপোনাৰ।"
এইফালে বাপুদেউ থঁকথঁককৈ কঁপিছে,
"এইবোৰ তই কেনেকৈ...."
"আৰু শুনাম নেকি, কওক শুনাম নেকি আৰু?" ৰাধাই দাঁত কৰচি আহিল। কথা বিষম দেখি কানায়ে তাইক টানি আঁতৰাই আনিলে,
"পাগল হৈছ নেকি? এনেকৈ ধমকি মাৰি কাম কৰাবি নেকি?'
"ধমকি মানে, এই বুঢ়াটোক মই বৈদ্য জাৰিম এতিয়া। ইয়াক, ইয়াক বুজা ঐ বুজা। ই বুঢ়াক বধিম মই আজি।"
ৰাধাক খঙে সীমা চেৰাইছে। কানায়ে লাহে লাহে বুজালে পুনৰ,
"অলপ ৰ, মই কৈ আছোঁ।"
এইবাৰ কানায়ে বাপুদেউক বুজাবলৈ লাগিল,
"চাওক দেউ, এইটো কাম কৰিলে কিন্তু আপোনাৰো লাভ আছে। আপুনি মাত্ৰ ভাওনাখন হে কৰিব লাগে। বাকীবোৰ আমিয়েই কৰিম। আৰু শেষত আপোনাৰ কথাইতো সঁচা প্ৰমাণ হ'ব, তেতিয়া ৰাইজে কাক বেছিকৈ মানিব?"
এইবাৰ বাপুদেউৰ চকু উজলি উঠিল,
"হয়তো, এইটো চোন মই ভবাই নাছিলোঁ।"
এইবাৰ চুপহিয়ে ক'লে,
"তেন্তে ভাৱক আকৌ। এইটো কিন্তু এটা সুবৰ্ণ সুযোগ দেই।"
বাপুদেউ ৰাধাৰ কাষলৈ গৈ ক'লে গৈ,
"আইদেউ, বোলো মই সাজু। তুমি যেনেকৈ কৈছা, তেনেকৈয়ে হ'ব। বাকী মই কাষৰীয়া গাঁৱৰ নামৰ পাৰ্টিটোকো কৈ থওঁ।"
"নামৰ পাৰ্টি আকৌ কেলৈ?" ৰাধাই সুধিলে।
বাপুদেৱে হাঁহি এটা মাৰি ক'লে,
"হেঃ হেঃ, বাপুদেউৱে কাম সদায় নিপুণকৈ কৰে দেই আইদেউ। চাই থাকা চোন খেল।"
কথাটো কৈয়ে বেগটো কাষত লৈ বাপুদেউ আঁতৰি গ'ল। ৰাধাহঁতো লাহে লাহে ঘৰ পালেগৈ।
সময় মাজনিশা! স্নেহালয়ৰ পিছফালৰ এখন দুৱাৰ খোল খাইছে। কেৰেককৈ সামান্য শব্দ এটা। তিনিটা ছায়া মূৰ্তি বাহিৰ ওলাইছে। এটাৰ হাতত এটা মোনা, আন এটাৰ হাতত এখন দীঘল কিবা আৰু আনটোৰ হাতত এটা হালধীয়া পোহৰৰ টৰ্চ লাইট। লাহে লাহে হাতত সাৰে ভৰিত সাৰে কৈ হাউলিটোৰ কাষেৰে গৈ গৈ আগচোতাল পাই নঙলা পাৰ মূল বাটত উঠিল গৈ সিহঁত। এইবাৰ খোজ ল'লে চাৰিআলিৰ ফালে।
ঘোপ মৰা এন্ধাৰৰ মাজত জোনবাইৰ পোহৰেও যেন হাৰ মানিছে আজি। কেনিও কাৰো মাত নাই। গোটেই গোবিন্দপুৰ শুই নিঃপালি দিলে। জিলিৰ জি জি মাত এটাহে ভাঁহি ফুৰিছে। স্নেহালয়ৰ পৰা ওলোৱা মূৰ্তি কেইটা গৈ গৈ এল পি স্কুলৰ কাষৰ কৃষ্ণচূড়াজোপাৰ তলত ৰৈ গ'ল। তাত আগৰে পৰাই কেইটামান ছায়া মূৰ্তি ৰৈ আছিল। কোনেও কাকো মাত দিয়া নাই। লাহে লাহে মূৰ্তি কেইটাই মাটি খান্দিবলৈ আৰম্ভ কৰিলে। হুৰুস হুৰুস.. খচ খচ.. শব্দহে শুনা গ'ল কেৱল।
স্নেহালয়ত ছায়া মূৰ্তি তিনিটা পুনৰ সোমাইহি মানে তেতিয়ালৈ পুৱতি নিশা হৈছিল। ধান বনা বুকু কেইখনে বাট চাই ৰৈছিল, এটা আশাৰ পুৱালৈ।
গোবিন্দপুৰৰ আজিৰ ৰাতিপুৱাটো যেন কাৰো বাবেই স্বাভাৱিক নাছিল। আজি গছ কটা হ'ব বাবেই স্কুল বন্ধ। তাৰ পাছতো সকলো সোনকালেই উঠিল। বৈকুণ্ঠহঁতে গছজোপা কটাৰ আগতে এবাৰ চাই আহিবলৈ দুই এজন কৃষ্ণচূড়াতললৈ গৈছে। কথাটো বিশেষ দ কৈ নাভাবিলেও আজিৰ দিনটোত মানুহবোৰ কিছু আবেগিকো হৈছে। বৈকুণ্ঠ আজি সোনকালেই উঠিল। মানুহৰ হেম গেম দেখি সি খবৰ পঠাইছে, সোনকালে কাম আৰম্ভ কৰিব লাগে। ৰাধা সৰুকণও আজি সোনকালেই উঠিল। সকলোৱে একেলগে পুৱাৰ জলপান খাইছিলহে মাথোন, হঠাৎ গোবিন্দপুৰৰ বৰ নামঘৰৰ ডবা বাজি উঠিল। ৰাধা, বৈকুণ্ঠৰ লগতে খোৱা মেজত থকা ধৰ্ম নাৰায়নো চঁক খাই উঠিল,
"এই অসময়ত ডবা কোনে বজাইছে?"
মনোহৰাই লগতে ক'লে,
"তাকেইতো, কিবা ভয়ংকৰ বিপদ নহ'লে এনেকৈ দিনত ডবাতো নবজায়।"
পুৱাৰ জলপান লৰালৰিকৈ গিলি ধৰ্ম নাৰায়ণ আৰু বৈকুণ্ঠ ওলাই গ'ল। অৱশ্যে তেওঁলোকেই নহয় এঘৰ এঘৰকৈ সকলোৰে মানুহ ওলাই আহিল। কামবোৰ তেজা আৰু সাদৰীক গতাই দি মনোহৰা আৰু কুন্তলাও আহিল। পিছে পিছে ৰাধা, কানাই আৰু সৰুকণ। নামঘৰৰ বাকৰিত ৰাইজে ভৰি পৰিছে। নামঘৰৰ ভিতৰত নামঘৰীয়াই ডবা বজাবলৈ এৰি আঁঠু লৈছে। কাষতে বহি আছে, বাপুদেউ। হঠাৎ বাপুদেউক তাত দেখিও ৰাইজ আচৰিত। তাৰ মানে কিবা এটা বিপদ সঁচাই আহিছে। সেৱা কৰি নামঘৰীয়া আৰু বাপুদেউ ওলাই আহিল ৰাইজৰ মাজলৈ। ধৰ্ম নাৰায়ণেই সুধিলে,
"পুৱাই ডবাৰ মাত যে নামঘৰীয়া? বিষয় কি?"
নামঘৰীয়াই কঁপা কঁপা মাতেৰে ক'লে,
"বিষয় অতি গুৰুতৰ ধৰ্ম দেউতা। বাপুদেউ, এইফালে আহক।"
বাপুদেউ বেগাই আহি ধৰ্ম নাৰায়ণৰ ভৰিত যেন পৰিব খুজিছে,
"মোক খেমিব দেউতা ঈশ্বৰ। মই যি দেখিছোঁ তাকেইহে বেকত কৰিছোঁ।"
ধৰ্ম নাৰায়ণৰ ধৈৰ্য হেৰাইছে,
"কিন্তু কথাটো কি নকৱ কিয়?"
নামঘৰীয়াই ক'লে,
"আমাৰ বাপুদেউৱে হেনো কালি সপোনত দেখিছে, গোঁসায়ে হেনো কৃষ্ণচূড়া জোপা কাটিবলৈ বাধা দিছে।"
কথাটো কোৱাৰ লগে লগে গুমগুমণি উঠিল ৰাইজৰ মাজত। বৈকুণ্ঠ গৰজি উঠিল,
"কি বাৰে ভচহু কথা ক'বলৈ আহিছে এইবোৰ?"
বাপুদেউৱে হাতযোৰ কৰি ক'লে,
"বোপায়ে মাৰিলেও মাৰিবা, কিন্তু সইত খাই কৈছোঁ, সামাজিকত কালি তেৰাক দেখিলো। সাইলাখ ম'ৰা পাখি, হাতত বাঁহী লৈ আহিছে। মোক বোলে, বাপুদেউ গছজোপা ৰাখিবলৈ ক'বা। মই গুৰিতে আছোঁ। গাঁওখনৰ ভাল হ'ব।"
ৰাইজৰ মাজত হুলস্থুল বাঢ়ি আহিল। কোনো কোনোৱে নামঘৰৰ ফালে চাই হাতযোৰ কৰিলে। কিন্তু বৈকুণ্ঠ খঙত একো নাই হৈ উঠিল,
"এইবোৰ কিহৰ নাটক কৰিবলৈ আহিছে? কেতিয়াবা ভগৱানে সপোনত আহি কিবা কোৱা শুনিছে নেকি? গছৰ তলত ভগৱান থাকে নেকি? ভালে ভালে বন্ধ কৰক, নহ'লে..."
এনেতে ধৰ্ম নাৰায়ণে কৈ উঠিল,
"মাজু, মনে মনে থাক। ৰাইজৰ আগত কেনেকৈ কথা ক'ব লাগে পাহৰি নাযাবি। বাপুদেউ, সঁচা কথা কৈছ নে তই?"
বাপুদেউৱে ফেঁকুৰি উঠিল এইবাৰ,
"মই মিছা কৈনো কি পাম মহাজন দেউতা? গোঁসায়ে কিবা ক'বলৈ দিছে, মই ক'লো। বাকী ৰাইজে যি ভাল দেখে। মোৰ দোষ নধৰিব, অগিয়ানী মানুহ।"
এনেতে ৰাধাৰ কাণৰ কাষত ৰঞ্জনে কৈ উঠিল,
"এই বাপুদেউ কম নহয় দেই। চিনেমালৈ যাব পাৰিব।"
ৰাধাইও ফুচফুচাই ক'লে,
"মনে মনে থাক। কোনোবাই শুনিব লাগিলে ডিঙিটো মুচৰি পেলাম তোৰ।"
এইফালে ধৰ্ম নাৰায়ণ বিমোৰত পৰিল। কি কৰা যায়! এজন মানুহৰ সপোনৰ ওপৰত ভিত্তি কৰি কামটো ৰখাব পৰাওতো নাযায়। লাহে লাহে মানুহ বাঢ়ি আহিল। বৈকুণ্ঠ খঙত একো নাই হৈছে। এইবাৰ ভানুমতীও আহি পালেহি। ভানুমতীক দেখি গোটেই ৰাইজ মনে মনে ৰ'ল। ভানুমতীয়ে সকলোকে এবাৰ চাই ধৰ্ম নাৰায়ণক ক'লে,
"বাপুদেউৱে সপোনত দেখিছে বুলি ক'লে হয়। কিন্তু প্ৰমাণ নোহোৱাকৈ কেনেকৈ মানিব পাৰি নো? তাতকৈ এটা কামকে নকৰোৱা কিয়, গছজোপাৰ গুৰিটো খন্দোৱাই চালেই হ'ল চোন। গোঁসাই যদি সঁচাই আছে, ওলাই পৰিব দেখ দেখকৈ।"
এইবাৰ বৈকুণ্ঠ উৎসাহিত হৈ পৰিল,
"ঠিক, ঠিক কৈছে আয়ে। খন্দাই চাওঁ গুৰিটো। যদি একো নোলাই, গছত প্ৰথম ঘাপটো বাপুদেউয়েই মাৰিব।"
"হ'ব বোপা। মোৰ গোঁসাইৰ ওপৰত বিশ্বাস আছে। পিছে যদি তাত সঁচাই গোঁসাই আছে, গছজোপাত কিন্তু তুমি এটা ঘাপো মাৰিব নোৱাৰিবা।"
কথাটো কৈ বাপুদেউ স্কুলৰ ফালে খোজ ল'লেই। গঞা ৰাইজৰো সকলো গৈ কৃষ্ণচূড়া জোপাৰ তল পালেগৈ।
মানুহে ভৰি পৰিছে ঠাইটুকুৰ। কেইজনমানে ঠাই নেপাই স্কুলৰ বাৰাণ্ডাত উঠিছেগৈ। দুজনমান ৰাস্তাৰ সিটো পাৰেও আছে। সকলোৰে চকু গছজোপাত। সদায় দেখি থকা গছজোপা যেন আজি অচিনাকী নিচিনা লাগিছে। দুই একে আকৌ গছজোপা দেখি সেৱা এটাও কৰিছে। সকলো আহি পোৱাৰ পাছত বৈকুণ্ঠই মানুহ খান্দিবলৈ অনালে,
"কওক বাপুদেউ, ক'ত আছে আপোনাৰ গোঁসাই?"
বাপুদেউ কিছু বিমোৰত পৰিছিল। তথাপি মনতে ঘোষা এটা মতাৰ চলেৰে মানুহৰ মাজত থকা ৰাধালৈ চালে। ৰাধাই চকুৰে ইংগিত কৰি দিয়া মতে ঠাইটুকুৰাত বাপুদেউ আঁঠুকাঢ়ি বহিল। কপালখন লগাই সেৱা কৰি ক'লে,
"উম ইয়াতে।"
লগে লগেই ঠাইটুকুৰ খান্দিবলৈ আৰম্ভ কৰিলে। যিমানেই খান্দিছে মানুহবোৰ ওচৰ চাপি আহিছে। গোটেই চাৰিআলিটো মানুহে নধৰা যেন হৈ পৰিল। বহুখিনি খন্দাৰ পাছতো একো নোলোৱাত বৈকুণ্ঠই হাঁহি হাঁহি কৈ উঠিল,
"হ'ল নে এতিয়া প্ৰমাণ? বাপুদেউৰ সাধু শেষ হ'ল যদি গছ কটাৰ কাম..."
কথাটো কৈ শেষ নহ'লেই হঠাৎ কটংকৈ এটা শব্দ হ'ল। চিপৰাংখন কিবা এটাত লাগি ধৰিলে। ৰাইজৰ বুকুয়ে যেন ধানহে বানিছে। সকলোৱে আগুৰি ধৰিছে গাঁতটো। বাপুদেউৰ চকুকেইটা জলমলাই উঠিছে। গাঁত খন্দা মানুহ কেইটাই কিবা এটা পাইছে। কিন্তু কি?
"আনিছে ঐ আনিছে, পাইছে ঐ পাইছে"
ৰাইজৰ মাজত গুমগুমণি উঠিল। এনেতে চাওঁতে চাওঁতে হাতত কিবা এটা লৈ গাঁত খন্দা মানুহজন ওপৰ পালেহি। সকলোৱে দেখাকৈ তেওঁ দাঙি ধৰিলে। ৰাইজ আচম্বিত হ'ল। বাপুদেউ মোৰ গোঁসাই মোৰ গোঁসাই বুলি মাটিতে বাগৰি বুকু ঢকিয়াইছে। সকলোৱে দেখিলে, মানুহজনৰ হাতত এটা পিতলৰ শ্ৰীকৃষ্ণৰ মূৰ্তি। সকলোৱে হাতযোৰ কৰি কপালত লগালে। ৰাধাৰ মুখত হাঁহি এটা বিৰিঙি উঠাৰ বিপৰীতে বৈকুণ্ঠৰ মুখখন খৰালিৰ পথাৰৰ দৰে শুকাই গ'ল। বাপুদেউ তাৰ ওচৰ পাই ক'লে,
"গোঁসাইৰ মহিমা দেখিলা নে বোপা? এনে পাপ নকৰিবা। গছজোপা থাকিবলৈ দিয়া বোপাই। গোঁসাইৰ বাক্য অমান্য নকৰিবা।"
এইবুলি কৈ তেওঁ মূৰ্তি ভাগ নিজৰ হাতলৈ ল'লে। ডিঙিৰ গামোচাখনেৰে মূৰ্তিৰ মাটিবোৰ গুচাই সকলোৱে শুনাকৈ সুৰেৰে গাই উঠিল,
"উপজিয়েই চিৰি কৃষ্ণই বসুদেৱক কয়,
থৈ আহা নন্দৰ ঘৰে নকৰিবা ভয়।"
এনেতে আচৰিত কাণ্ড এটা ঘটিল, যিটোৰ বাবে ৰাধাহঁতো প্ৰস্তুত নাছিল। কাষৰীয়া গাঁৱৰ দিহা নামৰ দলটো ক'ৰ পৰা জানো আহি ওলাল। বাপুদেৱে গোৱা নাম ফাকিকে ধৰি আৰম্ভ কৰি দিলে। লগতে বৰকাঁহ, নেগেৰা, খোল আদিও আৰম্ভ। বাপুদেউৱে গাই গৈছে,
"উপজিয়েই চিৰি কৃষ্ণই বসুদেৱক কয়,
কৃষ্ণৰূপে জন্ম লৈছোঁ নাৰায়ণহে মই।"
লগে লগেই ধৰি যায় সকলোৱে। নামৰ দলটোৰ লগে লগে তাত গোট খোৱা মানুহ খিনিয়েও চাপৰি বজাই বজাই নামত ভাগ ল'বলৈ ধৰিলে। বৈকুণ্ঠই সকলোকে কিবা ক'বলৈ লৈছিল যদিও বৰকাঁহ, খোলৰ শব্দ, নামৰ শব্দত কিবা কোৱাৰ পৰিৱেশ নাথাকিল। সকলোৱে গছজোপাক আগুৰি ধৰি নাম গাই গৈছে,
"কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ,
শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ।"
নামৰ ধ্বনিত মুখৰিত হ'ল গোবিন্দপুৰৰ আকাশ বতাহ। গছ কাটিবলৈ অহা মানুহ উলটি গ'ল। মাজতে মহেশ সভাপতিও আহিছিল, ৰাইজৰ মাজতে নাম গাই উভতি গুচি গ'ল। খঙত একো নাই হৈ বৈকুণ্ঠ ঘৰত দুৱাৰ মাৰি কোঠাত সোমাল গৈ। এইফালে নাম চলি থাকিল।
নামৰ মাজতে ৰাধা আৰু কানাই এবাৰ আঁতৰি আহিল। সিহঁতৰ গোঁসাই ঘৰত সোমাল দুইটা। ৰাধাই চাকি এগছ জ্বলাই দিলে থাপনাৰ আগত। দুইটাই হাতযোৰ কৰিলে। ৰাধাই কানাইক সুধিলে,
"মই বাৰু ভুল কৰিছোঁ নেকি কানাই? কৃষ্ণ গোঁসাইক মইও ভাল পাওঁ, মানো। কিন্তু কৃষ্ণৰ নাম লৈ এই নাটকখন কৰিব লগা হ'ল।"
কানায়ে শান্ত মাতেৰে ক'লে,
"ঈশ্বৰে সৃষ্টি কৰা প্ৰতিটো বস্তুতে ঈশ্বৰ আছে ৰাধা। সেই গছজোপাতো আছে। কিন্তু মানুহবোৰে কথাৰে নুবুজে বাবেই কামেৰে বুজাব লাগে।"
ৰাধাই আৰু একো নকৈ চকু দুটা মুদি দিলে।
লাহে লাহে দিনবোৰ পাৰ হ'ল। গছজোপা তেনেকৈয়ে ৰ'ল। গছজোপাৰ গুৰিতে সৰুকৈ কৃষ্ণৰ মন্দিৰ এটা হ'ল। মাজে মাজে বাপুদেউয়েই তাত বহে। ৰাইজে গধূলি ধূপ চাকি জ্বলায়। কোনোবা নিউজ চেনেলে আহি বাতৰিও কৰিলে। কোনোবাই অন্ধবিশ্বাস বুলিও হাঁহিলে। কিন্তু গছজোপা ৰ'ল। অক্ষত হৈ গছজোপা থাকি গ'ল।
বহুদিনৰ পাছত এদিন ৰাধাহঁত গছজোপাৰ তলতে মন্দিৰটোৰ সমুখত আবেলি এটাত বহিল গৈ। তগৰে কৈছিল,
"কেতিয়াবা ভয় লাগে। ইমান ডাঙৰ ফাঁকি এটা দিলোঁ আমি, কিজানি কিবা দোষেই লাগে।"
ৰাধাই থিয় হৈ সিহঁতৰ সমুখত ৰৈ ক'লে,
"নালাগে দোষ। মানুহক কথাৰে নহয়, কামেৰেহে বুজাব লাগে। অকল চিধা কথাৰে মানুহে বুজা হ'লে, কৃষ্ণই ছলনাৰ কুৰুক্ষেত্ৰ হ'বলৈকে নিদিলেহেঁতেন।"
মন্দিৰটোত এনেতে ঘণ্টাটো বাজি উঠিল। আবেলিৰ ৰ'দটো আহি ৰাধাৰ মুখখনত পৰিল। মুখখন যেন এক বিশেষ পোহৰে জিলিকি উঠিল। সকলোৱে হাতযোৰ কৰিলে, নাজানো ৰাধালৈ নে মন্দিৰটোলৈ। আনফালে ৰাধাই থিয় হৈ মন্দিৰটোৰ সমুখত ৰৈ তগৰহঁতলৈ চাই কৈ গ'ল,
""যদা যদা হি ধর্মস্য গ্লানির্ভবতি ভাৰত।
অভ্যুত্থানম অধর্মস্য তদাত্মানং সৃজাম্যহম্॥
পৰিত্রাণায় হি সাধুনাং বিনাশয় চ দুষ্কৃতাম।
ধর্মসংস্থাপনার্থায় সম্ভবামি যুগে যুগে॥"
(আগলৈ)
Comments
Post a Comment