ৰাধা : ২৪
#ৰাধা
Part 24
"বোলে কথাতে কয় নহয়,
ল'বলৈ মন আঁচু দিয়া ৰিহা হাতেৰে নহ'লো কাজি,
যাবলৈ মন পিলিঙা ডেকালৈ কপালে নাহিলো সাধি।"
প্ৰেমলতাৰ ফকৰাৰ লগে লগে হাঁহিৰ ৰসেৰে চৌ চৌৱাই উঠিছে হেমেনৰ দোকান। সময়ৰ লগে লগে গোবিন্দপুৰত বহু সালসলনি হ'ল যদিও এই হেমেনৰ দোকান কিন্তু একেই থাকিল। একেই থাকিল দোকানৰ আড্ডা। একেই থাকিল হেমেনৰ সেই গোটেই গাঁৱৰ বাতৰি প্ৰচাৰ কৰা প্ৰচাৰক সকল, পুতৌ, প্ৰেমলতা, চাৰুলতা, কণমাই। আজিও তাৰেই এক আড্ডা। পুতৌ পিছে নাই, সি আহিহে আছে। বাকী প্ৰেমলতাহঁত আছে। তাতেই প্ৰেমলতাক বিয়াৰ কথা সোধোতে তাই সেই ফকৰা মাতি শুনালে। লগে লগেই হাঁহিৰ ৰস। এনেতে কণমায়ে ক'লে,
'এই ৰ ৰ, এটা খবৰ পাৱ নে নাপাৱ?"
বোৱাৰীকেইজনী বাদেই, দোকানৰ ভিতৰৰ পৰা হেমেনে উকিয়াই উঠিল,
"বোলো কি খবৰ নো?"
গলখেকাৰি এটা মাৰি কণমায়ে ক'লে,
"সেউতী যে সেউতী, তাইৰ ছোৱালী এজনী হ'ল নহয়।"
প্ৰেমলতাই চিনি নাপাই সুধিলে,
"কোন সেউতী?"
"হেই মৰতীজনী, সেই ভদেছৰী বৰ বৌৰ বোৱাৰীয়েক আকৌ।"
এইবাৰ চাৰুৱে ক'লে,
"অ অ, সেই যে ধৰ্ম দেউতাহঁতৰ ঘৰৰ ওচৰত।"
"অ সেইজনীয়েই। বুইছ, শাহুয়েকে ল'ৰা পোনা এটা হওক বুলি কত নো সকাম নিকাম পূজা পাতল নীতি নিয়ম কৰালে। পিছে গৈ থৈ সৌ ছোৱালীহে হ'ল।"
হেমেনে ক'লে,
"বৰ বেয়া হ'ল বৰ বেয়া হ'ল, শুনিছিলোঁ শাহুয়েকে বোলে তাইক মাৰপিতো কৰিছিল।"
কণমায়ে উৎসাহী হৈ ক'লে,
"কৰেতো আকৌ। শাহুয়েক গিৰিয়েক দুইটাই কোবাই। একে সেৰেলা সেৰেলকৈ দিয়ে। এতিয়া চাগে আৰু দিছে। নিদিবও নো কিয়, প্ৰথম কেঁচুৱাটোৱে ছোৱালী হ'লে খং উঠিবই দেচোন।"
অথনিৰে পৰা মনে মনে থকা প্ৰেমলতাই কৈ উঠিল,
"এস থ হেৰৌ খুৰীটি, সেইটো নো কি একে দুখ পাব লগা কথা। ঈশ্বৰে যি দিছে দিলে আৰু। তাত আকৌ বাছ বিচাৰ কৰি থাকিব লাগে নে?"
"উৱাই, কি আকৌ ঈশ্বৰে যি দিলে! তাই যদি বোৱাৰী জনী হৈ শাহুয়েকক ল'ৰা নাতি এটা দিব নোৱাৰিলে তাই কিহৰ বোৱাৰী অ'!"
চাৰুৰ কথাত প্ৰেমলতাই ক'লে,
"এৰা, বোৱাৰীহঁতৰ তাকেহে কাম। দিনৰ দিনটো লেদেনা উকটিও শাহুৰ মাৰ খা, তাৰ পাছত আকৌ কেঁচুৱা লাগে ল'ৰা। কিয়, ল'ৰা কেঁচুৱাই সোণৰ চপৰা হাগি দিব নেকি শাহুয়েকক? ইমান ল'ৰালৈ মোহ যদি নিজেই আকৌ এবাৰ চেষ্টা নকৰে কিয়, পৈয়েক এটা বাছি লওক।"
কথাটো কৈ উচাৎ মাৰি প্ৰেমলতা আঁতৰি গ'ল। তাই যোৱাৰ ফালে চাই কণমায়ে ক'লে,
"বেটী নাটেশৰীৰ কথা শুন। সেই কাৰণেইতো এতিয়ালৈকে মতা এটা ঘটিব পৰা নাই।"
চাৰুৱে সমৰ্থন দি ক'লে,
"নহয় নো কি, বগা ছাল দেখুৱাই গাঁৱৰ ল'ৰা জাকক লোভ লগাই ফুৰিলে কি হ'ব! আজিলৈকে বাপেকৰ ঘৰত পৰি আছে, চৰম নাই! বাৰে পোৱাতীৰ আকৌ মুখখন কি শুনিবি, আমাক গিয়ান দিয়ে!"
এনেকৈ অলপ সময় প্ৰেমলতাৰ চৰিত্ৰৰ ওপৰতে বিশ্লেষণ চলি গ'ল দোকানত। অলপ পাছতে চিঞৰ এটা শুনি সিহঁতে বাটলৈ চালে। কোনোবাই চিঞৰি আহিছে,
"অ' হেমেন কাই, ঔ চাৰু নবৌ, কণমাই পেহীটি..."
চবেই চাই দেখে সেইটো চোন পুতৌ। ফোঁপাই জোপাই সি আহি সিহঁতৰ ওচৰ পাওঁতে কণমায়ে সুধিলে,
"ঐ শগুণে খোৱা, এনেকৈ খেঁতৰে পোৱাৰ নিচিনাকৈ চিঞৰিছ কিয়?"
পুতৌৰ উশাহ ঘূৰি অহাই নাই। হেমেনে দিয়া পানীকণ খাই সি সেহাই সেহাই ক'লে,
"খবৰটো শুনিলে তহঁতৰো একেই দশাহ'ব অ' পেহীটি।"
এইবাৰ গোটেইখিনি পুতৌৰ ওচৰলৈ আগুৱাই আহিল। পুতৌ ডেকাচাংখনতে বহি ল'লে। দীঘলকৈ উশাহ এটা লৈ তাৰ পাছত ক'লে,
"আমাৰ যে ৰাধা, ৰাধাৰ কলেজত বোলে ল'ৰা এটাৰ লগত চলি আছে নহয়!"
"চলি আছে মানে?"
"মানে বহুত দূৰ পালেগৈ, বিচনাতো উঠিল গৈ হেনো।"
লগে লগেই গোটেই মখাই চিঞৰি উঠিল,
"কি....!!"
চাৰুলতাই ক'লে,
"ঐ মাউৰত মৰা, কি কৈছ আৰু কাৰ কথা কৈছ মনত আছে নে? বুঢ়ীমাৰে গম পালে ইয়াতেই মাছ বখলিওৱা দি বখলিয়াব কিন্তু।"
কণমায়েও যোগ দিলে,
"নহয় নো কি? এইবোৰ কথা এনেকৈ মুকলি নাপাতিবি আই, মহাজনৰ ঘৰৰ কথা। কোনোবাই শুনক, শুনি লগাই দিয়ক।"
পুতৌয়ে পুনৰ ক'লে,
"একেবাৰে খাটি সঁচা কথা ঔ পেহীটি। আমাৰ মাহীদেউৰ ভাগৰ ছোৱালীজনী তাতে পঢ়ে নহয়। গোটেই বোলে কলেজ একে তল ওপৰ।"
এইবাৰ হেমেনে ক'লে,
"কিন্তু ইমান ডাঙৰ কথা এটা একো বিশেষ গমেই নাপাওঁ চোন।"
পুনৰ চাৰুৱে ক'লে,
"তাকেইতো, এইবোৰ এতিয়া কাকো নজনাবি দেই। ভিতৰি ভিতৰি আৰু অলপ গম লৈ লওঁ ৰহ।"
অৱশেষত সিহঁতে সেইটোৱেই মানি ল'লে। কথাবোৰ তলে তলে শিপাইছে যদিও সকলোৱে জনাকৈ প্ৰকাশ হোৱা নাই। সেয়ে সিহঁতেও প্ৰচাৰ কৰিবলৈ সাহস কৰা নাই। সেইদিনালৈ কথাটো তাতেই থামিল।
"কাইলৈ ৰাতিপুৱা ৯ বজাৰ পৰা ষ্টেজ কেম্পেইনিং হ'ব কলেজৰ অ'ডিটৰিয়াম মণিকাঞ্চন প্ৰেক্ষাগৃহত।"
খবৰটো পাই আচৰিত হ'ল প্ৰাঞ্জল, অনুপমহঁত। হয়, আগতেও ষ্টেজ কেম্পেইনিং হয়। কিন্তু নমিনেচনৰ তিনি চাৰিদিন পাছত। কিন্তু কালি নমিনেচন গৈছেহে। আজি ইলেকচন কমিটিৰ লগত কেণ্ডিডেটবোৰৰ মিটিং আছিল। আজিৰ পৰা কেম্পেইনিংবোৰ ষ্টাৰ্ট হ'লহেঁতেন। কিন্তু হঠাৎ ষ্টেজ কেম্পেইনিং ঘোষণা কিয় কৰিলে! কথাটো অসহজ যেন লাগিলেও উপায়তো নাই, কমিটিয়ে দিছে যেতিয়া যাব লাগিবই। তথাপি প্ৰাঞ্জলৰ সন্দেহ আছিল, ইয়াৰ আঁৰত যেন কিবা এটা আছে। সেয়ে সি ডিপাৰ্টমেণ্টতে কামত লাগি থকা সকলোকে ক'লে, কাইলৈ যেন তাত সকলো থাকে। কাম বন বাদ দিও থাকে। লগতে অনুপম, ৰঞ্জন, সপোন আৰু অঞ্জলিক কৈছে, ৰাধাক যেন অকলে এৰা নহয়। লাগিলে পৰিস্থিতি যিয়েই নহওঁক। সকলোৱে কথা পাতি পাতি সেইদিনা বাকী থকা কামবোৰ কৰিলে। সপোনে গীতালিহঁতৰ লগ লাগি পোষ্টাৰবোৰ বনাইছিল আৰু কলেজৰ চাৰিওফালে সেইবোৰ লগাবলৈ দিছিল। প্ৰাঞ্জল আৰু অনুপমে লগত আৰু কিছুমানক লৈ ৰাধাক জিউগ্ৰাফী ডিপাৰ্টমেণ্টলৈ নিছিল কেম্পেইনিংৰ বাবে। এনেকৈয়ে কাম কৰি কৰিয়েই কেতিয়া নো সন্ধিয়া হ'ল সিহঁতে গমেই নাপালে। কাইলৈৰ বাবে কিছু পৰিকল্পনা কৰি সিহঁত ঘৰাঘৰি গ'ল।
আজি কলেজত আহিয়েই ৰাধাৰ মনটো কিবা এটা ভাল লাগি গ'ল। তাইৰ ফটো, বেনাৰ পোষ্টাৰে কলেজৰ চৌহদটো আৱৰি পৰিছে। পোষ্টাৰবোৰত লিখি দিয়া হৈছে বিভিন্ন শ্লোগান। এই নিৰ্বাচনৰ সময়খিনিত কলেজখনে এক বেলেগ ৰূপ লয়। যিয়ে এবাৰ নিৰ্বাচনৰ অংশীদাৰ হৈছে, সিহে বুজে ইয়াৰ ৰাগি। নিৰ্বাচনত জয় পৰাজয় পাছত, কিন্তু ই বহু কথা শিকাই, বহু মুখ চিনায়। শ্বহীদ বেদীৰ ওচৰত ৰৈ থাকোতেই ৰাধাক জিতুমণি দাই মাতিলেহি,
"ঐ ঐ, ব'ল। আৰম্ভ হ'বই এতিয়া।"
ৰাধাই হাতঘড়ীটোলৈ চালে, বেছি সময় নাই। তাই লৰালৰিকৈ প্ৰথমে ডিপাৰ্টমেণ্টত সোমাল গৈ। অনুপম, প্ৰাঞ্জল আৰু অঞ্জু বা ৰৈ আছে। তাই সোমায়েই সুধিলে,
"বাকীবোৰ ক'ত?"
"চব মণিকাঞ্চনত মানে অ'ডিটৰিয়ামতে আছে। ব'ল আমিও যাওঁ।" অঞ্জু বায়ে ক'লে।
গৈ থাকোঁতে প্ৰাঞ্জল দাই ৰাধাক কৈ গ'ল,
"ৰাধা, লাগিলে যিয়েই নহওঁক যিয়েই নকওঁক ধৈৰ্য ধৰিবি। ৰাজনীতিত ধৈৰ্যই মূল কথা। নিজৰ কথাবোৰ কৈ যাবি। কলেজখনৰ বাবে কি কৰিব খুজিছ কবি। বাকীবোৰ কথা উপেক্ষা কৰিবি।"
ৰাধাই মূৰ দুপিয়াই সঁহাৰি জনালে। ৰাধাহঁত গৈ পোৱালৈকে গোটেই মণিকাঞ্চন ভৰ্তি হৈ গৈছিল ষ্টুডেণ্টৰে। পুনৰ সন্দেহটোৱেই উকমুকাই উঠিছিল প্ৰাঞ্জলৰ মনত। আগৰ কেইবাৰ ষ্টেজ কেম্পেইনিঙত ইমান ষ্টুডেণ্ট হোৱা মনত নপৰে। আজি কিয়! চিট ফুল হোৱাৰ পাছতো থিয় হৈও ষ্টুডেণ্ট আছে আজি। গোটেই কলেজৰ নব্বৈ শতাংশই আজি ইয়াত। হঠাৎ ইমান আগ্ৰহ হ'ল নে ৰাজনীতিলৈ! বাৰু যি হওক, সিহঁতে ৰাধাক লৈ আগলৈ গ'ল। অঞ্জলিয়ে চিট ৰাখি থৈছিল। তাতেই গৈ বহিল সিহঁত। প্ৰথমে ইলেকচন কমিটিৰ মেম্বাৰ দীপাংকৰ ছাৰে উঠি লৈ দুই এষাৰ ক'লে নিৰ্বাচনক লৈ, লগতে প্ৰাৰ্থী সকললৈ শুভেচ্ছা জনালে। তাৰ পাছতে হৃষীকেশ উঠিল ষ্টেজলৈ আৰু ভাষণ আৰম্ভ কৰিলে। নিজৰ চিনাকীৰ লগতে যোৱা এবছৰে কলেজৰ বাবে কিমান কাম কৰিলে তাৰ খতিয়ান দিলে। লগতে এইটোও পাকে প্ৰকাৰে বুজালে যে কলেজ এখনৰ জি এছ হোৱাটো বহুত ডাঙৰ দায়িত্ব আৰু ছোৱালী এজনীৰ বাবে সেয়া পালন কৰাটো সম্ভৱপৰ নহয়। বহুতেই হাত চাপৰি বজালে হৃষীকেশৰ কথাত। অলপ পাছত সি ষ্টেজৰ পৰা নমাত এইবাৰ ৰাধাক মাতিলে। ৰাধা উঠি গৈ ভাষণ আৰম্ভ কৰিলে। তেনেকুৱাতে বাহিৰৰ পৰা কোনোবা অসমীয়া বিভাগৰে ল'ৰা এজন আহি প্ৰাঞ্জলহঁতক ক'লেহি,
"প্ৰাঞ্জল দা, কোনোবাই বাহিৰত ৰাধাৰ পোষ্টাৰ ফালিছে। কোনোবাই ক'লা ৰঙো লগাইছে।"
"কি...!!" চিঞৰি উঠিল প্ৰাঞ্জলহঁতে। লগে লগেই সপোন, ৰঞ্জন, জিতুমণিকে ধৰি কেইবাটাও উঠি গ'ল। প্ৰাঞ্জল আৰু অনুপম তাতেই ৰ'ল। মঞ্চত ৰাধাই ভাষণ দি আছে,
"কলেজখনৰ বাবে কি কৰিছোঁ, কি নাই কৰা তাৰ হিচাপ মই আপোনালোকক নিদিওঁ। কাৰণ, সেইখিনি কথাৰ আপোনালোক নিজেই সাক্ষী। আচলতে আপোনালোকেহে সেই খতিয়ান মোক দিব পাৰে। মই ক'ব খুজিম যে ছাত্ৰ একতা সভাৰ এগৰাকী সাধাৰণ সম্পাদক হিচাপে মই কি কি পদক্ষেপ ল'ম। পুথিভঁৰালত ফেনৰ অভাৱত ঘাম মচি মচি কিতাপ পঢ়া আমাৰ শিক্ষাৰ্থীৰ কথা ভাবিবলৈ আগৰ ইউনিয়ন ব'ডীসমূহৰ সময় নহ'ল, কেইবাটাও ডিপাৰ্টমেণ্টৰ ক্লাছত শিক্ষাৰ্থীৰ অনুপাতে বেঞ্চৰ সংখ্যা কম হোৱাৰ বাবে একেটা ক্লাছকে দুবাৰ পঢ়াবলগীয়া হোৱাও আমি দেখিছোঁ, পাইছোঁ। এটা ডাঙৰ পুথিভঁৰাল থকাৰ পাছতো আমাৰ শিক্ষাৰ্থীয়ে ইংৰাজী সাহিত্যৰ কিতাপৰ বাবে চহৰৰ দোকানে দোকানে ঘূৰিব লগা হোৱাটো আমাৰ বাবেই লাজৰ কথা। বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো আজিলৈকে কেণ্টিনখন আমাৰ সুবিধা অনুযায়ী নহ'ল গৈ। মই সুধিব খুজিম যদি সাধাৰণ সম্পাদক পুৰুষ হোৱাটোহে নিয়ম, যদি নাৰীৰ বাবে এয়া দায়িত্ব পালন সম্ভৱ নহয়, তেন্তে আগৰ কেইজন সাধাৰণ সম্পাদক পুৰুষ নাছিল নেকি?"
লগে লগেই জাউৰিয়ে জাউৰিয়ে হাত চাপৰি আহিল। লগতে চিঞৰ,
"ৰাধা চৌধুৰী জিন্দাবাদ
জিন্দাবাদ জিন্দাবাদ"
প্ৰাঞ্জলে নিজৰ মাজতে ক'লে, "বঢ়িয়া ৰাধা, বঢ়িয়া।"
ৰাধাই আৰু কিবাকিবি কৈ আছিল, তাৰ মাজতে কোনোবা এজন আহি প্ৰাঞ্জলক ক'লেহি,
"ঐ, বাহিৰত মাৰপিত লাগিছে। সপোনহঁতক পলিটিকেল চায়েন্সৰ ল'ৰাই মাৰিছে।"
"কি...!!" লগে লগেই আগপিছ নাভাবি প্ৰাঞ্জল, অনুপম, অঞ্জলি আৰু অসমীয়া বিভাগৰ বহু কেইটা ল'ৰা ছোৱালী উঠি গ'ল বাহিৰলৈ। সিহঁতে মণিকাঞ্চনৰ মূল দুৱাৰ পাৰ হোৱাৰ লগে লগে ৰহস্যজনক ভাবে ভিতৰৰ পৰা বন্ধ হৈ গ'ল দুৱাৰখন। হৃষীকেশৰ কাণত কোনোবাই কিবা এটা কোৱা দেখা গ'ল আৰু লগে লগেই কুটিল হাঁহি এটা ফুটি উঠিল তাৰ মুখত।
ইতিমধ্যে ৰাধাৰ ভাষণ প্ৰায় শেষ হৈছিল। মঞ্চৰ পৰা নামিবলৈ লৈছিলেই। তেনেতে কোনোবা ল'ৰা এজনে ডাঙৰ মাতেৰে আগলৈ গৈ ক'লে,
"মোৰ ৰাধা চৌধুৰীক এটা প্ৰশ্ন সুধিব লগা আছে।"
সকলোৱে ল'ৰাজনলৈ ঘূৰি চালে। প্ৰেক্ষাগৃহৰ কোলাহল হঠাৎ ৰৈ গ'ল। ৰাধা পুনৰ মাইকৰ ওচৰলৈ গ'ল। কোনোবা এটাই ল'ৰাজনকো স্পীকাৰ এটা দিলে। সি সুধিলে,
"আপোনাৰ সহপাঠী ৰিতুলৰ লগত আপোনাৰ অবৈধ সম্পৰ্কৰ কথা আমি জানিব পাৰিছোঁ। আপোনাক সুধিব খুজিছোঁ ৰিতুলৰ সৈতে কেইবাদিনৰ পৰা আপুনি একেলগে ক'ৰবালৈ যোৱাটো সঁচা নে?"
যেন কাঁহ পৰি জীণ যোৱা অৱস্থা। সকলোৰে চকু ৰাধাৰ ওপৰত। ৰাধাই এবাৰ তললৈ চালে, ক'লৈ গ'ল প্ৰাঞ্জল দাহঁত? সপোন, ৰঞ্জন এটাকো কিয় দেখা নাই? নাই এনেকৈ নহ'ব, মনটো ডাঠ কৰি তাই ক'লে,
"আপুনি এইদৰে ব্যক্তিগত কথা সুধিছে যে, অনুগ্ৰহ কৰি নিৰ্বাচন সম্পৰ্কীয় প্ৰশ্ন কৰক।"
লগে লগে আন এজনে স্পীকাৰটো লৈ ক'লে,
"কি কথা কৈছেহে, আমাৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধি সৎ চৰিত্ৰৰ হ'ব লাগিব। সেইখিনি জনাৰ আমাৰ অধিকাৰ আছে। কলেজখনক ব্যভিচাৰী হ'বলৈ দিব নোৱাৰি নহয়। আপুনি উত্তৰ দিয়ক। ৰিতুলৰ সৈতে যোৱাটো সঁচা নে মিছা?"
এৰা, এনেকুৱাই হয় কথাবোৰ। অপৰাধ যিয়েই নকৰক, কাঠগৰাত সদায় নাৰীক থিয় কৰোৱা হয়। প্ৰশ্ন সদায় নাৰীক কৰা হয়। নিজৰ লগত হোৱা অন্যায়ৰ বাবেও সদায় নাৰীয়েই উত্তৰদায়ী হয়। অলপ পৰ ৰৈ ৰাধাই ক'লে,
"চাওক, কথাটো আপুনি যিদৰে ভাবিছে ঠিক তেনেকুৱা নহয়..."
লগে লগেই তলত হুলস্থুলৰ দৰে হ'ল। সকলোৱে একমুখে ক'লে,
"আমাক উত্তৰ লাগে।"
ৰাধাই শেষত ক'লে,
"ৰিতুলৰ লগত মই ওলাই যোৱাটো হয়, কিন্তু....."
থাপাছ...
ক'ৰ পৰা জানো, লগে লগেই এপাত চেন্ডেল আহি ৰাধাৰ ঠিক বুকুত পৰিলহি। হতভম্ব হৈ ৰৈ গ'ল তাই। তলত আৰম্ভ হৈ গ'ল ৰাধাৰ মূর্দাবাদ ধ্বনি,
"ৰাধা চৌধুৰী মূর্দাবাদ"
"আমাক এনেকুৱা জি এছ নালাগে"
"নিলাজ ৰাধা চৌধুৰী নিপাত যাওক"
"ব্যভিচাৰী ৰাধা ছিঃ ছিঃ"
ৰাধাই স্পীকাৰটোত জোৰকৈ চিঞৰিলে,
"এইবোৰ মিছা, মোক বদনামী কৰা হৈছে। সি মোক বায়েকৰ অসুখ বুলি লগ ধৰিছিল..."
কিন্তু কি হ'ল, মাইকত ৰাধাৰ মাতটো কিয় ওলোৱা নাই! তেতিয়াহে তাই গম পাইছে যে তাইৰ সমুখৰ মাইকটোৰ কানেকচন এইমাত্ৰ কাটি দিয়া হ'ল। তাৰ মানে, সকলো এক সুন্দৰ পৰিকল্পনা। ৰাধাই এই মুহূৰ্তত কি কৰা উচিত ভাবি নাপালে। হঠাৎ একেলগে দুই তিনিটা কণী আহি তাইৰ গাত পৰিল। লগে লগে ফাটি গৈ তাইৰ গা, মুখ, মূৰ কণীৰে ভিজি গ'ল। কোনোবাই প্লাষ্টিকৰ চকী এখনো দলিয়াই দিছে। শিক্ষক সকলে ছাত্ৰ ছাত্ৰীৰ মাজত সোমাই চেষ্টা কৰিছে ৰখাবলৈ। কিন্তু সমৰ্থ হোৱা নাই। সকলো উত্তেজিত হৈ পৰিছে। চিঞৰ বাখৰ, হুলস্থুল, অশ্লীল গালি গালাজ, আক্ৰমণ প্ৰত্যাক্ৰমনেৰে এক ভয়ানক পৰিস্থিতি হৈ গ'ল। মঞ্চৰ পৰা নামি যাব পৰা নাই ৰাধা। এক প্ৰস্তৰ মূৰ্তি হৈ ৰৈ গৈছে। চেন্ডেল, জোতা, চকী, কণী আদিৰ আঘাত সহি গৈছে। চিঞৰি চিঞৰিও ভাগৰি গ'ল তাই। চুলি ভিজি গ'ল কণীৰ কেঁচা কুহুমেৰে। চকীৰ আঘাতত কপালৰ চুকৰ পৰা তেজ বৈ আহিছে। তলত পৰিৱেশ কোনেও চম্ভালিব পৰা নাই। ইংৰাজী বিভাগৰ দীপাংকৰ ছাৰক কোনোবাই গতিয়াই পেলাই দিছে তলত। মঞ্চত ৰাধা অকলে ৰৈ গ'ল। কিবা ক'বলৈ কিবা কৰিবলৈ একো নাই তাইৰ। তাই যেন যুগ যুগৰ পৰা ৰৈ থকা এজোপা গছ। মানুহে শিল দলিয়াই গৈছে। তাই সহি আছে।
এনেতে কোনোবাই মূল দুৱাৰখন খুলি দিলে। লগে লগেই এজাক ল'ৰা ছোৱালী ওলাই গ'ল। বেছি ভাগ কিন্তু ভিতৰতে। ৰাধাৰ ওপৰত আক্ৰমণ চলিয়েই আছে। তেনেকুৱাতে হঠাৎ বাহিৰৰ পৰা দৌৰি সোমাই আহিল শৰৎ। ৰাধালৈ চকী এখন দলিয়াবলৈ সাজু হোৱা এটা ল'ৰাক দুহাতেৰে দাঙি দলিয়াই দিলে বাহিৰৰ ফালে। লগে লগে যি য'ত আছিল তাতেই ৰৈ গ'ল। সকলোৱে শৰতৰ ফালে ভয়ে ভয়ে চালে। এটা ল'ৰাৰ হাতত কণী দুটা দেখিলে শৰতে, সি গৈ সেইদুটা কণী তাৰ মূৰতে ভাঙি দিলে। ল'ৰাটো দৌৰি পলাল। আন এটা শৰতক ফেপেৰি পাতি আহিল,
"ছাৰ, আপুনি এইবোৰত সোমাবলৈ নাহিব।"
লগে লগে শৰতে এটা প্ৰচণ্ড কাণতলীয়া চৰ সোধাই দিলে। ল'ৰাটো কৰ্ফাল খাই পৰিল। ইয়াৰ পাছতে লাহে লাহে ল'ৰা ছোৱালীবোৰ প্ৰেক্ষাগৃহৰ পৰা ওলাই গ'ল। শৰৎ এইবাৰ মঞ্চলৈ গ'ল। ওঁঠ কামুৰি সি ফেঁকুৰি উঠিল ৰাধাৰ অৱস্থাটো দেখি। চুলি, ডিঙিত কণীৰ কুহুমৰ হালধীয়া প্ৰলেপ, কঁপালত তেজ, গাত চুৰ্ণীখনো নাই। তাইৰ গালত হাত ফুৰাই কৈ উঠিল সি,
"ইমান অসুৰ হ'ব পাৰে নে মানুহ!"
ৰাধা নিস্তেজ, একো ক'ব নোৱাৰে যেন তাই। শৰতে এহাতেৰে সাৱটি ধৰি লৈ আনিলে তাইক। প্ৰেক্ষাগৃহৰ পৰা চিধা অসমীয়া বিভাগলৈকে লৈ গ'ল। সিহঁতৰ ক্লাছৰ ৰূমটোলৈকে তাইক লৈ গ'ল শৰতে। কিন্তু ৰূমটোৰ সন্মুখ পাই আচৰিত হ'ল। ৰুমৰ ভিতৰত কাৰোবাৰ মাত, হুলস্থুল শুনি আছিল। কিন্তু বাহিৰৰ পৰা দুৱাৰখনৰ তিনিওটা হুক মাৰি থোৱা আছে। শৰতে আটাইকেইটা খুলি দিয়াৰ লগে লগে দেখা পালে, প্ৰাঞ্জল, জিতুমণি, সপোন, ৰঞ্জন, অঞ্জলি, অনুপম, কুলজিতকে ধৰি অসমীয়া বিভাগৰ বছা বছা বহু কেইটা ল'ৰা ছোৱালী ভিতৰত আছে। দুৱাৰ খোলাৰ লগে লগে প্ৰাঞ্জলহঁত দৌৰি বাহিৰলৈ আহিব লৈছিল যদিও দুৱাৰমুখতে শৰৎ আৰু ৰাধাক দেখা পাই সিহঁত ৰৈ গ'ল। এইবাৰ ৰাধাৰ অৱস্থাটো দেখি মুখৰ মাত যেন হেৰাই গ'ল সকলোৰে। অঞ্জলিয়ে উচুপি কান্দিলে। প্ৰাঞ্জলে ৰাধাৰ সমুখতে আঠুকাঢ়ি বহি দিলে। কুলজিতে ৰুমৰ ৱালত ঘোচা মাৰি উঠিল। এইবোৰৰ মাজতে ৰাধাক ভিতৰলৈ লৈ গ'ল শৰতে আৰু বেঞ্চ এখনত বহুৱাই দিলে। অঞ্জলিহঁতে তাইৰ তেজখিনি কাপোৰেৰে টুকি দিলে আৰু তাইক বাথৰুমলৈ লৈ গ'ল। ৰাধা নহয় যেন পুতলা এটাহে নি আছে সিহঁতে তেনে লাগিল। তাৰ পাছত লাহে লাহে প্ৰাঞ্জলহঁতক গোটেই ঘটনাবোৰ ক'লে। শৰৎ মণিকাঞ্চনলৈ যোৱা নাছিল। ডিপাৰ্টমেণ্টতে কিছুমান কাম কৰি আছিল। অলপ পাছত কোনোবাই আহি ক'লে তাত হেনো হুলস্থুল লাগিছে। নিৰ্বাচনত এইবোৰ হয়েই বুলি নোযোৱাকৈ থাকিল। কিন্তু পাছত কোনোবাই যেতিয়া ক'লেহি ৰাধাক লৈ কিবা লাগিছে তেতিয়াহে সি দৌৰি গৈছিল। কথাখিনি কৈ শৰতে গালি পৰাৰ দৰে প্ৰাঞ্জলহঁতক ক'লে,
"তোমালোকে তাইক অকলে এৰি আহিছিলা কিয়, এনেকৈ কি পলিটিক্স কৰিবা তোমালোকে? যদি চাপোৰ্ট দিবই নোৱাৰা উঠিবলৈ কিয় দিছিলা?"
তেতিয়া প্ৰাঞ্জলে কথাখিনি বুজাই ক'লে যে কিদৰে প্ৰথমে সপোনহঁতক কোনোবাই ৰাধাৰ পোষ্টাৰ ফালিছে বুলি মাতি আনিছিল আৰু কোনোবা শিক্ষকে ৰুমত বহিবলৈ দিছে বুলি কৈ বন্দী কৰি দিছিল ৰুমৰ ভিতৰতে। তাৰ পাছত পুনৰ প্ৰাঞ্জলহঁতক সপোনহঁতক কোনোবাই মাৰিছে বুলি কৈ মতাই আনিছিল আৰু সপোনক বেছি আঘাত পোৱাৰ বাবে ক্লাচৰুমত আছে বুলি লৈ গৈছিল। সিহঁত ৰূমটোত সোমোৱাৰ লগে লগে সপোনহঁতে কথাখিনি বুজাবলৈ সময়েই নাপালে, পুনৰ দুৱাৰ বন্ধ কৰি আঁতৰি গৈছিল। আচলতে এই গোটেই কামখিনি কৰিছিল অতদিনে ৰাধাৰ হৈ লাগি থকা কিছুমান ল'ৰাই, যাক প্ৰাঞ্জলহঁতে চকু মুদি বিশ্বাস কৰি লৈছিল আৰু সিহঁতে তাৰেই সুযোগ ল'লে। শৰৎ মৌন হৈ গৈছিল কথাবোৰ শুনি। ৰাজনীতিৰ নামত কিমান তললৈ নামিব পাৰে মানুহ, ছিঃ! ইতিমধ্যে ৰাধাক চুলি হাত মুখ ভালদৰে চাবোনেৰে ধুৱাই আনিলে অঞ্জলিয়ে। পিছে কাপোৰবোৰ তিতিল। চুলিখিনি পিছে ঘৰত গৈ চেম্পু কৰিব লাগিব, এঠা এঠা হৈ আছে। প্ৰাঞ্জলে তাইৰ ওচৰলৈ আহি তাইৰ হাতত ধৰি ক'লে,
"আমাক ক্ষমা কৰি দিবি অ' ভনী। লগত থাকিম বুলিও এৰি আহিলোঁ তোক। মানুহ ইমানলৈকে নামিব পাৰিব বুলি ভবা নাছিলো অ'। সিহঁতে চবৰে আগত তোক...."
ফেঁকুৰি উঠিল প্ৰাঞ্জলে। কুলজিতে খঙেৰে চিঞৰি উঠিল,
"সুদাই নেৰোঁ সিহঁতক। প্ৰাঞ্জল দা, ব'লক। এফালৰ পৰা কোবাই যাম চাল্লা!"
খঙত ফোঁপাই উঠিল সি। অনুপমে ৰাধালৈ চালে, একেথৰে সমুখলৈ চাই ৰৈ আছে তাই। মুখত একো প্ৰতিক্ৰিয়া নাই। সি ৰঞ্জনহঁতকো দেখুৱালে। ৰঞ্জনে তাইৰ ওচৰলৈ গ'ল,
"সৰুৰে পৰা একেলগে ডাঙৰ হ'লো, কেতিয়াও তোক অকলে নাই এৰা। আজি মাফ কৰি দিবি অ', এই বেয়া সময়খিনিও একেলগে পাৰ কৰিম দে।"
সপোনো আগুৱাই গ'ল,
"কিবা এটা ক ৰাধা, তই এনেকুৱা হৈ যাব নোৱাৰ। আমিতো জানো তোক। তই ভাঙি যাব নোৱাৰ।"
নাই, ৰাধা নিৰুদ্বেগ। সকলো এইবাৰ চিন্তাত পৰিল। যদি ৰাধা এনেকৈ থাকে, কি হ'ব! সপোনে এইবাৰ তাইক জোকাৰি দিলে,
"কিবা এটা ক না ৰাধা। নালাগে এইবোৰ ইলেকচন, আমি গোবিন্দপুৰতে উৎপাত কৰিম ব'ল। এইবোৰ চহৰৰ লেতেৰা ৰাজনীতি আমাক নেলাগে।"
ৰাধাৰ একো মাত নাই। উপায়হীন হ'ল সকলো। তেনেকুৱাতে সকলোৰে আগতে শৰতে গৈ জোৰকৈ বুকুত আঁকোৱালি ল'লে ৰাধাক। একো কোৱা নাই সি মুখেৰে, মাত্ৰ খুব জোৰেৰে সাৱটি আছে তাইক। ৰাধাৰ মূৰটো সোমাই পৰিছে শৰতৰ বুকুত। এৰা, কেতিয়াবা কোনো শব্দই আমাক সামৰিব নোৱাৰা হয়। মাত্ৰ এখন বুকু লাগে, ঘৰৰ দৰে এখন বুকু। কেইটামান মুহূৰ্তৰ পাছতে প্ৰথমে উচুপি আৰু পিছলৈ শব্দ কৰি ৰাউচি জুৰি কান্দি উঠিল ৰাধাই,
"মই বেয়া নহয় শৰৎ দা। মই একো বেয়া কাম কৰা নাই। মই ককাৰ সন্মান বেয়া কৰা নাই। মই কাৰো লগত শুবলৈ যোৱা নাই। মই বেয়া নাই হোৱা।"
শৰতে সাৱটি ধৰিয়েই তাইৰ মূৰত হাতটো ফুৰাই ক'লে,
"মই চব জানো অ' মা। মই জানো তোমাক।"
"মা".. উফ.. কোনোবাই কিমান ভাল পালে নিজৰ প্ৰেয়সীক মা বুলি মাতিব পাৰে! এৰা, মা জানো কেৱল এটা সম্বন্ধ, কেৱল এটা সম্বোধন। মা হৈছে মৰমৰ প্ৰকাশ। যাৰ বাবে নিজৰ জীয়েক, নাতিয়েককো মা বুলি মতা যায়! শৰতেও সেই অনুভৱতে ৰাধাক এইদৰে মাতিলে। ৰাধাই কিন্তু কান্দিয়েই থাকিল। তাইক দেখি অনুপম, জিতুমণি, সপোনহঁতৰো চকুপানী ওলাল। শৰতে এইবাৰ ৰাধাক মুকলি কৰি দিলে বাহুৰ পৰা। ৰাধা যেন কঁপি আছে। চকু মুখত পানী। শৰতে মচি দিলে ৰুমাল এখন উলিয়াই। তাইক ঘন ঘনকৈ উশাহ লৈ কৈয়ে আছে,
"মই..মই.. বেয়া কাম নাই..নাই কৰা...."
শৰতে তাইক হাত ফুৰাই দি ক'লে,
"অলপ ধৈৰ্য ধৰা মা। তুমিতো ৰাধা হয়, ৰাধা এনেকৈ হাৰি যাব নোৱাৰে। তুমি দুৰ্বল হ'ব নোৱাৰা।"
এইদৰে সকলোৱে কিবাকিবি বুজোৱাৰ পাছত ৰাধা কিছু শান্ত হ'ল। পানীও অলপ খালে। প্ৰাঞ্জলে ক'লে,
"ৰাধা, তই যদি বিচাৰ ইলেকচন খেলিব নালাগে। ইমানখিনি হোৱাৰ পাছত আৰু মই তোক খেলিবলৈ নকওঁ। আমি উইথদ্ৰ' কৰি দিম দে।"
সকলো মনে মনে ৰ'ল। সকলোৰে দৃষ্টি ৰাধাৰ ওপৰত। ৰাধাই তলমূৰকৈ অলপ সময় ৰ'ল। তাৰ পাছত লাহে লাহে আধা ভঙা মাতেৰে ক'লে,
"নালাগে দাদা, মই উইথদ্ৰ' নকৰো। ইমান দিনে ইলেকচন খেলি আছিলোঁ। এতিয়াৰ পৰা ৰাজনীতি কৰিম। কিন্তু হাৰ মানি উভতি নাযাওঁ।"
ৰাধাৰ কথাত শৰতৰ লগতে হাঁহি বিৰিঙিছিল সকলোৰে মুখত। সম্পূৰ্ণ নহ'লেও আগৰ ৰাধাজনীৰ যেন কিছু অংশ ঘূৰি আহিছে। শৰতে তাইৰ ওচৰলৈ গৈ ক'লে,
"তুমি পাৰিবা। পাৰিবই লাগিব ৰাধা। আজি যদি তুমি ৰৈ দিয়া, আগলৈ কোনো ছোৱালীয়েই এই কলেজৰ পৰা নিৰ্বাচন খেলিবলৈ সাহস নকৰিব।"
মূৰ দুপিয়াইছিল ৰাধা। লাহে লাহে থিয় হ'ল তাই। নাই, এনেকৈ ৰৈ দিব নোৱাৰে তাই। এনেকৈ এৰি দিব নোৱাৰি হৃষীকেশক, ৰিতুলক। উত্তৰ দিব লাগিব। আঘাতৰ প্ৰতিঘাত হ'ব লাগিব। তাই সকলোৰে ফালে চাই ক'লে,
"মই ঘৰলৈ যাওঁ।"
"ৰ'বি, এনেকৈ নহয়।" এইবুলি অঞ্জলি বা আগুৱাই আহিল,
"তই আমাৰ হোষ্টেললৈ ব'ল। তাতে এইযোৰ সলাই মোৰ ইউনিফৰ্ম এযোৰ পিন্ধি যাবি। চুলিখিনিও ধুই ল'বি। দিনটো আছে নহয়, শুকাই যাব। ঘৰত একো গম নাপায় তেতিয়া।"
ৰাধা প্ৰথমে মান্তি হোৱা নাছিল। এদিন নহয় এদিনতো গম পাবই, গতিকে এতিয়াই পাওক। কিন্তু প্ৰাঞ্জলে বুজালে,
"তোক ঘৰৰ পৰা কথাবোৰ লুকুৱাবলৈ কোৱা নাই ৰাধা। কিন্তু এনেকৈ গৈ যেতিয়া গাঁও সোমাবি ভাবিছ নে কেনেকুৱা পৰিৱেশ হ'ব? মানুহে আৰু কি কি কথা উলিয়াব!"
কথাটো ৰাধাইও এতিয়াহে ভাবিলে। অগত্যা তাই প্ৰাঞ্জলৰ কথা মতে অঞ্জলিৰ লগত তাইৰ ৰুমলৈকে গ'ল। তাৰ পাছত দিনটোৰ শেষত অঞ্জলিৰ কাপোৰ পিন্ধিয়েই ঘৰলৈ গ'ল। সপোন আৰু ৰঞ্জনহঁতে স্নেহালয়ৰ পদূলিলৈকে তাইক আগবঢ়াই দিলে।
নিশা গভীৰ হৈছে। গোবিন্দপুৰ আটাইখন শুই পৰিছে। বাহিৰত জিলিৰ জি জি শব্দ এটা। ভানুমতীৰ কোঠাৰ পৰা ভাঁহি আহিছে ঘোষাৰ সুৰ,
"যাৰ ৰামকৃষ্ণ নাম নামে ভৱসিন্ধু তৰি
পাৱে পৰমপদ পাপী যত,
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপসা কৰোঁহো হৃদয়ত"
টোপনি নাই ৰাধাৰ দুচকুত। এৰা পানী ভৰ্তি চকুলৈ টোপনি কিদৰে আহে। কলেজৰ পৰা অহাৰ পৰাই ককাক, আইতাক, মাক সকলোৰে আগত অভিনয় কৰিয়েই গ'ল। ধৰা পৰাৰ ভয়ত কানাইৰ সমুখলৈ বেছিকৈ ওলোৱা নাই। আচলতে কষ্টবোৰতকৈও কষ্টবোৰ লুকুৱাবলৈ কৰা অভিনয়ে আমাক বেছি কষ্ট দিয়ে। ৰাধাৰ কষ্টও সেইবাবে দুগুণ হোৱা যেন লাগিছে। নাই, এনেকৈ তাই নোৱাৰে। এখোজ দুখোজকৈ তাই ভানুমতীৰ কোঠালৈ আগবাঢ়িল।
"আই, শুলে নেকি?"
পালেঙৰ পৰাই মূৰ দাঙি চালে ভানুমতীয়ে,
"আইজনী, শুৱাই নাই নেকি তই? আহ, মোৰ ইয়াতে শুবি আহ।"
ৰাধা সোমাই আহিল। ভানুমতীৰ কাষতে শুলে। ভানুমতীয়ে তাইৰ চুলিৰ মাজে মাজে আঙুলি কেইটা ফুৰাই থাকিল। এবাৰত ৰাধাৰ গালত হাত লাগিল, ভিজা ভিজা পাই ভানুমতীয়ে সুধিলে,
"তই কান্দি আছ? মোক ক'বি নে কি হৈছে?"
ৰাধা এইবাৰ উচুপি উচুপি আজু আইতাকৰ বুকুত সোমাই পৰিল। ভানুমতীয়ে সাৱটি ধৰি ক'লে,
"মই মৰি যোৱা নাই নহয় আইজনী। কচোন মোক।"
লাহে লাহে শান্ত হৈ ৰাধাই এটা এটাকৈ গোটেই কথাখিনি ক'লে। ভানুমতী বিচনাতে উঠি বহিল। মাজে মাজে কঠোৰ হৈ আহিছিল তেওঁৰ মুখখন। ৰাধাৰ কৈ হোৱাৰ পাছত তাই ৰ'ল। ভানুমতী বিচনাৰ কাষতে থকা মেজখনৰ পৰা পানীৰ ঘটিটো আনি তাইক এধোক খাবলৈ দি নিজেও খালে। ৰাধাই সুধিলে,
"মই এতিয়া কি কৰোঁ আই?"
ভানুমতীয়ে ৰাধাক শুবলৈ দি লাহে লাহে গম্ভীৰ মাতেৰে ক'লে,
"শ্ৰীকৃষ্ণৰ কাহিনী এটা কওঁ শুন। কুৰুক্ষেত্ৰৰ যুঁজৰ কথা। কৌৰৱৰ পক্ষত এজন প্ৰতাপী ৰজা আছিল। তেওঁৰ ওচৰত দেৱতাৰ পৰা পোৱা এডাল গদা আছিল। গদাৰ মাহাত্ম্য এয়াই যে যুদ্ধত কাৰোবাৰ নাম লৈ গদাডাল মাৰি পঠোৱা হয়, গদাই তাক বধ কৰিহে উভতি আহে। কিন্তু যদি কোনোবা নিৰস্ত্ৰ মানুহলৈ গদাডাল নিক্ষেপ কৰা হয়, তেন্তে গদাই পুনৰ যিজনে গদাডাল মাৰিছিল তেওঁলৈ উভতি আহি তেওঁকেই বধ কৰে। কৃষ্ণই জানিছিল এইডালে গদা ব্যৱহাৰ কৰিলে পাণ্ডৱে ৰক্ষা নাপায়। সেইবাবে কৃষ্ণই কৰিলে কি, সেই ৰজাজনক যুদ্ধত কথাৰে খুব অপমান কৰিলে। ইমানেই বেছি অপমান আৰু ইতিকিং কৰিলে যে ৰজাজনে খঙত গদাডালৰ চৰ্তৰ কথা পাহৰি কৃষ্ণৰ নাম লৈ গদা ডাল মাৰি পঠিয়ালে। কিন্তু যুদ্ধত কৃষ্ণ সাৰথিহে। তেওঁৰ হাতত একো অস্ত্ৰ নাছিল। সেয়ে গদাই নিজৰ চৰ্ত মানি নিৰস্ত্ৰজনলৈ নিক্ষেপ কৰাৰ বাবে পুনৰ উভতি গৈ সেই ৰজা জনকে বধ কৰিলে।"
কাহিনীটো কৈ ভানুমতী অলপ ৰ'ল। তাৰ পাছত ৰাধাক সুধিলে,
"কিবা বুজিলি নে?"
ৰাধাই ক'লে, "ওহোঁ"
ভানুমতীয়ে তাইৰ মূৰত হাত ফুৰাই ক'লে,
"কথাটো এনেকুৱা যে কেতিয়াবা আমি কিছুমান যুদ্ধ অস্ত্ৰ নোলোৱাকৈয়ে কৰিব লাগে। শত্ৰুপক্ষই নিক্ষেপ কৰা অস্ত্ৰতেই তেওঁলোকৰ পৰাজয়ৰ সূত্ৰ লুকাই থাকে। মাত্ৰ তাক উদ্ধাৰ কৰিব জানিব লাগে। পাণ্ডৱে যদি সেই ৰজাজনৰ লগত যুদ্ধ কৰিলেহেঁতেন তেন্তে তেওঁলোক জিকিব নোৱাৰিলেহেঁতেন। সেয়ে শ্ৰীকৃষ্ণই সেই অস্ত্ৰকেই উভতাই পঠালে। মই কি কৈছোঁ তই বুজিব পাৰিছ নে?"
এইবাৰ যেন ৰাধাই বুজি উঠিল সকলো। হাঁহি এটা ওলাই আহিল তাইৰ ওঁঠৰ ফাঁকেৰে। হৃষীকেশ আৰু ৰিতুল ; এই ৰাধা চৌধুৰী কোন, তাক বুজি পোৱা নাইতো! ঠিক আছে, বুজাই দিয়া হ'ব। চকুপানীৰ মূল্য চকুপানী আৰু তেজ দুইটাৰে ভৰিব লাগিব। লাহে লাহে চকু জাঁপ খাই আহিল ৰাধাৰ। জন্মাষ্টমীলৈ বেছি দিন নাই। ৰাধাই নিজকে ক'লে,
"জন্মাষ্টমীৰ ভিতৰত এই অসুৰহঁতক যদি শেষ কৰিব নোৱাৰো, মইও ধৰ্ম নাৰায়ণৰ নাতিনী নহয়।"
এৰা, বহুত হ'ল ছাত্ৰনীতি, এইবাৰ সঁচাই ৰাজনীতিয়েই হ'ব, কুটিল ৰাজনীতি!
(আগলৈ)
Comments
Post a Comment