ৰাধা : ২৭
#ৰাধা
Part 27
আমি শুনি থকা, আমি পঢ়ি থকা কাহিনীবোৰৰ আঁৰতো বহু কাহিনী থাকে। কাহিনীবোৰ আমাৰ চৌপাশত ঘূৰি থাকে, কিন্তু কোনোদিন আমাৰ চকুত নপৰে। সন্ধ্যাৰ ইউনিভাৰ্চিটিৰ বন্ধু ময়ূৰেই যে ৰাধা নামৰ ছোৱালী এজনীৰ কথা কৈ কৈ আচলতে এখন উপন্যাস লিখি আছিল সেয়া জানো সন্ধ্যাহঁতে জানিছিল! কিন্তু কাহিনীটোত হঠাৎ যেন খেলিমেলি এটা আহিল। তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰসংগটো সন্ধ্যাই একেবাৰেই সহজ ভাবে ল'ব পৰা নাই। শেষত থাকিব নোৱাৰি তাই অভিমন্যুলৈ ফোন লগালে। তাইৰ ওচৰত অভিমন্যুৰ ব্যক্তিগত নম্বৰ আছে, আৰু সি যিমানেই চিনেমাৰ কামত ব্যস্ত থাকিলেও তাইৰ ফোন ৰিচিভ কৰেই। আজিও ৰিং কৰোঁতেই সি উঠালে,
"বাপ ৰে, ফাইনেলি যে ফোন কৰিলি। মই বোলো ৰাধা পঢ়িবলে পাই মোক পাহৰিলিয়েই চাগে!"
"নাই পাহৰা ৰহ। শুন না অভি, ইয়াত টি ইউৰ কথা আছে যে! এই কানাই কোন হয়? আৰু গোবিন্দপুৰ কি সঁচাকৈ আছে নেকি?"
সিফালে হুমুনিয়াহ পেলাই অভিমন্যুয়ে ক'লে,
"পঢ়ি যা, গম পাবি। কিন্তু মইও একো তৎ ধৰিব পৰা নাই। ময়ূৰৰ বিষয়ে আমি যিবোৰ জানো সেইবোৰৰ ওপৰতো সন্দেহ আহিছে। কথাবোৰ সঁচাই কোৱা হৈছিল নে আমাক!"
সন্ধ্যা যেন আৰু আচৰিত হ'ল,
"কি কৱ? কিন্তু ময়ূৰেতো কোনোদিন আমাক তাৰ নিজৰ কথা কৈ নাপালে। সেই জেঠায়েক এগৰাকীয়েহে সি অনাথ আশ্ৰমত ডাঙৰ হোৱাৰ কথা কৈছিল।"
"সেইটোৱেই, গোটেই কথাবোৰ কিবা সাঁথৰ সাঁথৰ। তই গোটেইখন পঢ়চোন। তাৰ পাছত পাতিম ভালকৈ।"
"হমমম, হ'ব বাৰু। পিছে তই অহাৰ কিবা প্লেন কৰিছ নে?"
"ভাল খবৰ এটা আছে। নৰ্থ ইষ্টৰ প্ৰজেক্ট এটা পাইছোঁ। হৈ গ'লে গুৱাহাটীত থকাকৈ যাম অলপ দিন।"
সন্ধ্যা যেন উৎসাহী হৈ পৰিল,
"কি বঢ়িয়া! পখীও আহিব নে?"
"যাব যাব। তাইৰ বায়েকৰ নাইন মান্থ চলি আছে। সেই কাৰণে যাবয়ে চাগে, কেঁচুৱা হোৱাৰ সময়খিনিত......."
কথাটো কৈ থকাৰ মাজতে হঠাৎ ৰৈ গ'ল অভিমন্যু। ছেঃ ঘপকৈ এইটো কথা সন্ধ্যাৰ আগত কিয় কৈ পেলাব লাগে বাৰু! এইফালে সন্ধ্যাৰ উশাহবোৰ ঘন ঘন হৈ আহিছে। এই মাত্ৰ এটা কথাতে তাই ৰৈ যায়। এই মাত্ৰ এটা কথাই তাই সহজভাৱে ল'ব পৰা নাই। ওঁঠখন কামুৰি তাই ৰৈ আছে একো নোকোৱাকৈ। সিফালৰ পৰা অভিমন্যুয়ে ক'লে,
"ঐ..."
সন্ধ্যাৰ নিজৰ ভাবটো লুকুৱাই মাত্ৰ ক'লে,
"হ'ব দে, তহঁত আহ সোনকালে। লগ পাই ভালকৈ পাতিম এইবোৰ।"
দুই এটা কথা কৈ অভিমন্যুয়ে ফোনটো থ'লে। কিতাপখন জপাই সন্ধ্যা ক্লাছলৈ বুলি উঠি গৈছিল, কিন্তু ক্লাছ কৰিবলৈ এটাও ল'ৰা ছোৱালী নাই। ফেচাৰ্ছৰ কামত লাগি আছে হেনো সিহঁত। হ'লেও এবাৰ খবৰ কৰিব লাগিছিল বুলি সন্ধ্যাই চি আৰকে ফোন কৰি ক'লে। বাহিৰত কফি একাপ খাই আহি তাই পুনৰ "ৰাধা"খন মেলি ল'লে।
আজি কলেজত অ'পেন ডিবেট। আৰু দুদিন পাছতেই ইলেকচন। ৰাধাই দুই এটা দিপাৰ্টমেণ্টৰ বাহিৰে আন ক'তো কেম্পেইনিং নকৰিলে। তাৰ বাবে চিনিয়ৰৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলোৰে গালিও খাব লগা হ'ল। সকলোৱে একমুখে ক'লে যে তেওঁলোকৰ এটা ভুল সিদ্ধান্ত হ'ল ৰাধাক উঠিবলৈ অনুমতি দি। তাইৰ লগত বেয়া ঘটনা এটা হ'ল মানিছোঁ, ৰাজনীতিত সেইবোৰ চলিয়েই থাকে। সেইবুলি এনেকৈ কোনোবাই পৰাজয় মানি লয় নে! পিছে ৰাধাই কাৰো কথাৰে একো উত্তৰ দিয়া নাই। নিশ্চুপ হৈ শুনি গৈছে সকলো। লাহে লাহে কোনেও তাইক একো নোকোৱা হ'ল। তাই হাৰিবই বুলি যেন নিশ্চিত হ'ল সকলো। মাত্ৰ প্ৰাঞ্জল, সপোন আৰু ৰঞ্জনে বিশ্বাস কৰিছিল ৰাধাক। সিহঁত তিনিটাৰ বিশ্বাস আছিল যে ৰাধা ইমান সহজে তল পৰি যোৱা মানুহ নহয়। তাই যদি দুখোজ পিছুৱাই আহিছে, তেন্তে তাৰ পাছত দিব লগা দৌৰৰ বাবেহে। সেয়ে আজিৰ অ'পেন ডিবেটলৈ সিহঁত আশাবাদী। আজি কিবা এটাতো হ'ব খাটাং।
আগদিনাই কলেজত ৰাধাই অনুপমক কৈ থৈছিল,
"অনুপম দা, কাইলৈ যেন দিবেটত কলেজৰ মেক্সিমাম ষ্টুডেণ্ট থাকে। আপুনি কিবা কৰি কৰক এইটো প্লিজ।"
অনুপমে বিৰক্তিৰে তাইলৈ চাইছিল যদিও সি পাৰে মানে চেষ্টা কৰিছিল। অৱশ্যে এই কামটো অকল ৰাধাই নহয়, হৃষীকেশেও কৰিছিল। সি লগৰ সকলোকে কৈ দিছিল,
"অ'পেন দিবেটত হাংগামা হ'ব। গোটেই কলেজ থাকিব লাগিব কিন্তু।"
যথা সময়ত অ'পেন দিবেট আৰম্ভ হ'ল। ৰাধাই ভবাতকৈও বেছি শিক্ষাৰ্থীৰে ভৰি পৰিল অ'ডিটৰিয়াম। লগতে সকলো শিক্ষক শিক্ষয়িত্ৰীও আছে। যোৱা বাৰৰ ঘটনাটোৰ বাবেই এইবাৰ যেন সকলো সাজু হৈ আছে। প্ৰথমেই হৃষীকেশ ক'বলৈ গ'ল। আৰম্ভ হ'ল তাক লৈ প্ৰশ্ন। সিও উত্তৰ দি গ'ল। শেষৰ ফাললৈ সি এবাৰ ক'লে,
"যোৱাৰ আগতে আপোনালোক সকলোকে এটা কথা জনাব খোজো। যিটো আপোনালোকে জনাটো খুব জৰুৰী।"
হৃষীকেশৰ কথাৰ লগে লগে ৰাধাৰ চকুযুৰি উজলি উঠিল। আনফালে উশাহ ঘন হৈছিল ৰিতুলৰ। ল'ৰা ছোৱালীবোৰে একান্ত মনে শুনিবলৈ ৰৈছিল হৃষীকেশৰ কথা। সি পুনৰ ক'লে,
"মই ক'ব খোজো ৰাধাৰ কথা।"
এইবাৰ সকলোৰে মাজত গুণগুণনি উঠিল। মঞ্চৰ কাষতে থকা দীপাংকৰ ছাৰে ৰাধালৈ চালে। চকুৰ ইংগিততে ৰাধাই ছাৰক ক'লে,
"ক'বলৈ দিয়ক।"
হৃষীকেশে কৈ গ'ল,
"আচলতে খুব লাজেৰে ক'ব খোজো। শেহতীয়াকৈ মই গম পালোঁ যে ৰাধা চৌধুৰীৰ লগত যিটো ঘটনা হ'ল সেয়া সম্পূৰ্ণ ভুৱা। আমাৰে সমৰ্থক ৰিতুল নামৰ এজনে নাজানো কি উদ্দেশ্যত ৰাধাৰ সৈতে এনে খেল খেলিলে। কিন্তু ৰিতুলৰ এই কাৰ্যত আমি খুব লজ্জিত। ৰাধা চৌধুৰীয়ে নিজৰ নিৰ্দোষীতা প্ৰমাণত ব্যৰ্থ হৈছে যদিও কলেজৰ এজন ছাত্ৰ হিচাপে মোৰ এয়া কৰ্তব্য যে মই মোৰ সহযোগীৰ সন্মান ঘূৰাই আনো। সেয়ে মই মঞ্চলৈ জীৱনদীপা হস্পিতেলৰ ৰিছিপচনিষ্ট কবিতা বৰাকো মতাই আনিছোঁ।"
লগে লগে বিকাশে মহিলা এগৰাকীক মঞ্চলৈ লৈ যোৱা দেখা গ'ল। মহিলা গৰাকীয়ে মাইকৰ ওচৰলৈ গৈ ক'লে,
"এখেতে কোৱা কথাবোৰ সঁচা। ৰাধা চৌধুৰীক মই সদায় ৰিতুল বোলাজনৰ লগত আমাৰ হস্পিতেললৈ যোৱা দেখিছিলোঁ। ৰাধা সদায় ৱেটিং ৰুমতে বহে আৰু ৰিতুল ভিতৰলৈ গৈ কিছু সময়ৰ পাছত ঘূৰি আহে।"
কথাখিনি কৈ তেওঁ তললৈ নামি গ'ল। হৃষীকেশে পুনৰ আৰম্ভ কৰিলে,
"এতিয়া আপোনালোক সকলো হয়তো নিশ্চিত হ'ল যে ৰাধা চৌধুৰীৰ লগত অন্যায় কৰা হৈছিল। এইখন মহাবিদ্যালয়ৰ ছাত্ৰ হিচাপে মই ৰিতুলক এনে গৰ্হিত কামৰ বাবে দৃষ্টান্তমূলক শাস্তি দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।"
অথনিৰে পৰা কোনোবা চিৰিয়াছ নাটকৰ অন্তিম দৃশ্য চোৱাৰ দৰে কাঁহ পৰি জীণ যোৱাকৈ নিশ্চুপ হৈ থকা অ'ডিটৰিয়ামৰ মানুহখিনিৰ যেন এইবাৰহে প্ৰাণ আহিল। সকলোৱে এতিয়াহে ইজনে সিজনৰ লগত কথাবোৰ পাতিবলৈ ধৰিলে। ঘটনাই ক'ৰ পৰা কি ৰূপ ল'লে কোনেও যেন ধৰিবই নোৱাৰিলে। ৰিতুলে এনে এটা ভয়ংকৰ কাম কৰিছিল বুলি কোনেও যেন ভাবিবই পৰা নাছিল। এতিয়া লাহে লাহে আঁতৰি গৈছে উৰণি। ষ্টুডেণ্টৰ লগতে শিক্ষক সকলৰ মাজতো যেন কথাৰ ভুনভুনণি চলিছিল। এইফালে প্ৰাঞ্জলহঁতৰ আৰু অৱস্থা নাই। অনুপমে যেন সুদা মুখতে চৰ্চৰণি খাইছিল। সিহঁতে ৰাধাক ঘেৰি লৈছিল। প্ৰাঞ্জলে সুধিলে,
"কি হৈছে ঐ এইবোৰ?"
ৰাধাই সেই একেই কুটিল হাঁহি লৈ কৈছিল,
"ৰ'ব দাদা, নাটক এতিয়াও শেষ হোৱা নাই। চাই যাওক।"
ৰাধাৰ ইংগিত পাই দীপাংকৰ ছাৰে ষ্টেজত উঠি লৈ মাইকত ঘোষণা কৰিলে,
"ৰ'বা হৃষীকেশ, অকল তোমাৰখিনি শুনিলেই নহ'ব। ৰিতুল, আমি তোমাৰো কথা শুনিব খুজিছোঁ।"
সকলোৰে চকু তেতিয়া অ'ডিটৰিয়ামৰ এটা চুকত ৰৈ থকা ৰিতুলৰ ওপৰত। এখোজ দুখোজকৈ গৈ সি মঞ্চত উঠিল আৰু মাইক হাতত লৈ ক'লে,
"ছাৰ, হৃষীকেশে কোৱা কথাখিনি সঁচা। অ, ময়েই ৰাধাক বদনামী কৰিছিলোঁ। ৰাধা মোৰ ৰুমলৈ যোৱাই নাছিল। কিন্তু মই এইবোৰ হৃষীকেশৰ কথা মতেহে কৰিছিলোঁ। সি মোক নিজেই মাতি নি ইলেকচনৰ আগৰ পৰাই ৰাধাক এইদৰে লৈ লৈ যাবলৈ কৈছিল। নহ'লে মই কিয় এনেকুৱা কৰিম কওক।"
এইবাৰ মঞ্চৰ তলত হুলস্থুল আৰম্ভ হৈ গ'ল। হৃষীকেশৰ সমৰ্থকে এই কথাটো সম্পূৰ্ণ মিছা বুলি বিৰোধিতা কৰিলে। চিঞৰি চিঞৰি সিহঁতে ৰিতুলক গালি পাৰিবলৈ ধৰিলে। কিন্তু ৰিতুলেও সমান চিঞৰত ক'লে,
"সঁচা সঁচা, এইখিনিয়েই সঁচা। এতিয়া নিজক মহান দেখুৱাবলৈ আৰু ৰাধাক দুৰ্বল দেখুৱাবলৈ ইহঁতে মোক ফচাইছে।"
লগে লগেই তলত পুনৰ এক হৈ হাল্লা আৰম্ভ। কেনিও কাৰো মাত নুশুনা এটা পৰিৱেশ আৰম্ভ হ'ল। শিক্ষক সকলে সকলো শিক্ষাৰ্থীক শান্ত কৰিবলৈ চেষ্টা চলাইছিল। তাৰ মাজতেই কলেজৰ প্ৰিন্সিপাল ড° গোলোক বৰবৰুৱা প্ৰচণ্ড খঙেৰে মঞ্চলৈ উঠি গ'ল। হঠাৎ মঞ্চত প্ৰিন্সিপালক দেখি তলৰ সকলো হুলস্থুল নিজে নিজেই ৰৈ গ'ল। প্ৰিন্সিপালে ৰিতুলৰ ওচৰ পাই সুধিলে,
"ৰাধাক তই ইচ্ছা কৰি বদনাম কৰা কথাটো সঁচা নে?"
ৰিতুলে তলমূৰকৈ উত্তৰ দিলে,
"স... স...সঁচা ছাৰ..."
লগে লগেই এটা প্ৰচণ্ড চৰ ৰিতুলৰ গালত পৰিল। সি তৎ ধৰিব নোৱাৰোতেই আৰু এটা চৰ সিখন গালত। সি এইবাৰ প্ৰিন্সিপালৰ ভৰিত ধৰি উচুপি উঠিল,
"মোক ক্ষমা কৰি দিয়ক ছাৰ। মই আৰু এনেকুৱা কাম কেতিয়াও নকৰো।"
প্ৰিন্সিপাল বৰবৰুৱাই ভৰিখন জোৰেৰে আঁতৰাই আনি ৰাধাক মাতিলে ষ্টেজলৈ আৰু সুধিলে,
"ৰাধা, ৰিতুল তোমাৰহে দোষী। তুমি কোৱা ইয়াক কি শাস্তি দিয়াটো বিচৰা?"
ৰাধাই এবাৰ ৰিতুললৈ চালে, সি তাইলৈ চাই হাতযোৰ কৰিছে। ৰাধাৰ ওঁঠৰ কোণত হাঁহি এটা বিৰিঙি উঠিল। এইটো হাঁহি প্ৰতিশোধৰ। মাইকটো লৈ তাই ক'লে,
"এনে এটা কামৰ বাবে যিয়েই শাস্তি দিয়া যায় সিয়েই কম হ'ব। এই ল'ৰাটোৰ বাবে মই আৰু মোৰ ঘৰখনে যি মানসিক কষ্ট পাব লগা হ'ল সেয়া জানো সি কোনোবা দিনা ঘূৰাই দিব পাৰিব! তথাপি ছাৰ, আপুনি কৈছে যেতিয়া মই ৰিতুলৰ বাবে শাস্তি দাবী কৰিব খোজোঁ। কিন্তু আপুনি নিশ্চয়কৈ কওক যে আপুনি মই বিচৰা শাস্তিয়েই ইয়াক দিব।"
প্ৰিন্সিপালে পুনৰ ক'লে, "মোৰ নিজৰো এজনী ছোৱালী আছে ৰাধা। কোৱা, কি শাস্তি হোৱাটো বিচৰা তুমি।"
সকলোয়ে কাণ থিয় কৰি ৰাধাৰ কথা শুনি আছে। ৰাধাই গহীন মাতেৰে ক'লে,
"মই বিচাৰোঁ, ৰিতুলক চিৰদিনৰ বাবে এই কলেজৰ পৰা ৰেষ্ট্ৰিকেট কৰা হওক। আৰু আন কোনো কলেজত যাতে পঢ়িব নোৱাৰে তাৰ বাবেও যেন কোনো কেৰেক্টাৰ চাৰ্টিফিকেট দিয়া নহয়।"
ৰাধাৰ কথাত আনহে নালাগে স্বয়ং গোলোক বৰবৰুৱা, এইফালে হৃষীকেশ, প্ৰাঞ্জলহঁতো আচৰিত হৈ গ'ল। এয়াতো দেখ দেখকৈ ৰিতুলৰ বাবে এক নৰকীয় জীৱনৰ আহ্বান। এয়া জানো সম্ভৱ! এয়া জানো উচিত! পাপৰ প্ৰায়শ্চিত্ত বা ভুলৰ শুধৰণিৰ সুযোগ দিয়া জানো উচিত নহয়! ষ্টেজত আঠুকাঢ়ি থকা ৰিতুল যেন কথা ক'ব নোৱাৰাকৈ বোবা হৈ পৰিল। চকুৰে অন্ধকাৰ দেখিবলৈ ল'লে সি! প্ৰিন্সিপালে একো নোকোৱা দেখি ৰাধাই পুনৰ ক'লে,
"ছাৰ, যদি আপোনাৰ সঁচাই ক্ষমতা আছে তেন্তে এয়াই শাস্তি দিয়ক। আৰু যদি দিব নোখোজে তেন্তে আন একো শাস্তি দিব নালাগে।"
অলপ সময় ৰৈ প্ৰিন্সিপালে মাইকটো হাতত লৈ ক'লে,
"এই মুহূৰ্ততে ৰিতুলক কলেজৰ পৰা চিৰদিনৰ বাবে ৰেষ্ট্ৰিকেট কৰা হ'ল। কলেজ অ'থৰিটিয়ে ৰিতুলৰ কেৰেক্টাৰ চাৰ্টিফিকেট দিলে এইখিনি কথাই দিব লাগিব। অন্য কলেজত চিট পাবলৈ কোনো চাৰ্টিফিকেট দিব নোৱাৰিব।"
কথাটো কৈ তেখেত গপগপাই তললৈ নামি গ'ল। এইবাৰ ৰিতুল আহি ৰাধাৰ ভৰিত উবুৰি খাই পৰিল,
"ৰাধা, ৰাধা এনেকুৱা নকৰিবি ৰাধা। মোক মাফ কৰি দে ৰাধা। মোৰ জীৱনটো শেষ হৈ যাব ৰাধা। ৰাধা মোক এনেকুৱা নকৰিবি ৰাধা।"
ৰিতুলৰ এইটো অৱস্থাত যেন হৃষীকেশৰো দয়া উপজিছিল। প্ৰাঞ্জলহঁতৰো কিবা এটা যেন মনটো দুখ লাগিছিল। কিন্তু ৰাধাৰ চকুত ভাঁহি উঠিছিল সেই বিশেষ দিনটোৰ ছবিখন। কণীৰ কেঁচা কুহুমৰ গোন্ধবোৰ, চকীৰে কৰা আঘাতত বৈ অহা তেজৰ গোন্ধবোৰ। চকু ৰঙা হৈ আহিল ৰাধাৰ। দাঁত কৰচি ৰাধাই নিৰ্দয় ভাবে ৰিতুলৰ বুকুত এটা প্ৰচণ্ড গোৰ সোধাই দিলে আৰু সি তললৈ বাগৰি পৰিল। তলত থকা সকলৰ তাৰ অৱস্থাটো দেখি পুতৌ লাগিছিল যদিও সি ৰাধাৰ সৈতে কৰা কামটোৰ বাবে কোনেও তাৰ ওচৰলৈ যোৱাৰ সলনি ঘিণ লগা চাৱনিৰেহে চাইছিল। লগে লগে ৰাধাও তললৈ নামি আহিল। ৰিতুলে পৰাৰ পৰা থিয় হৈ ৰাধাৰ কাষলৈ গৈ সেহাই সেহাই ক'লে,
"তোক মই নাপাহৰোঁ ৰাধা।"
ৰাধাইও হাঁহি এটাৰে ক'লে,
"মইও পাহৰিবলৈ নিদিওঁ ৰিতুল। খুব সোনকালেই আকৌ লগ পাম।"
এইবাৰ লাহে লাহে এখোজ দুখোজকৈ ৰিতুল বাহিৰলৈ ওলাই গ'ল। এবাৰ হৃষীকেশলৈ চাইছিল সি। হৃষীকেশে তলমূৰ কৰিলে। কথাটো ইমান দূৰলৈ যাব বুলি যে সিও ভবা নাছিল। এতিয়াতো আৰু উপায় নাই। হুমুনিয়াহ এটা পেলাই হৃষীকেশ এইবাৰ ৰাধাৰ ভাষণৰ বাবে সাজু হ'ল।
ৰাধা মঞ্চত উঠিল এক প্ৰফুল্লিত মনেৰে। এবাৰ সকলোলৈকে চালে। এই একেখনেই মঞ্চ, সেই সিদিনা যিখিনি মানুহে চৰম অপমানেৰে তাইৰ বদনামৰ উৎসৱ কৰিছিল, আজি সেইখিনিয়েই অপৰাধবোধত তলমূৰ কৰি থিয় হৈ আছে তাইৰ ভাষণ শুনিবলৈ। আস! এয়াও যে কি প্ৰাপ্তি! মাইকটো লৈ ৰাধাই কৈ গ'ল,
"কি আচৰিত কথা ন, মিছা কথাবোৰ আমি ইমান সহজেই বিশ্বাস কৰি পেলাওঁ। কিন্তু সঁচা কথাৰ বাবে আমাক প্ৰমাণৰ প্ৰয়োজন হয়। সিদিনা ৰিতুলে কোনো প্ৰমাণ দিয়া নাছিল, অথচ সকলোৱে মানি ল'লে যে মোৰ লগত তাৰ সম্পৰ্ক আছে বুলি। কিন্তু আজি মোক নিৰ্দোষ দেখুৱাবলৈ আমাৰ প্ৰতিদ্বন্দী ডাঙৰীয়াই প্ৰমাণ আনিব লগা হ'ল।"
মঞ্চৰ তলত এক নীৰৱতা। কেৱল ঘড়ীৰ টিকটিক শব্দ এটাহে শুনা গৈছে। সমুখত থকা দুই এজন শিক্ষকেও তলমূৰ কৰি আছে। ৰাধাই পুনৰ ক'লে,
"এতিয়া মই আচল কথাটো কৈছোঁ শুনক। ৰিতুল মোৰ সহপাঠী। কোনোদিনেই আমাৰ মাজত কেতিয়াও একো মতভেদ হোৱা নাই। তেনেস্থলত আপুনিয়েই ভাৱক চোন, মোৰ লগত এনে এটা কাম সি কিয় কৰিব! হৃষীকেশ ডাঙৰীয়াই কৈ গৈছে যে ৰিতুল তেখেতৰ সমৰ্থক, এতিয়া আপোনালোকে কওক এজন সমৰ্থকে কেতিয়া এনে কাম কৰিব পাৰে! সহজেই অনুমেয় যে ইয়াৰ বাবে হৃষীকেশ ডাঙৰীয়াৰ ফালৰ পৰাই সেই নিৰ্দেশ আহিছিল আৰু এতিয়া সকলোৰে সন্মুখত মোক উদ্ধাৰ কৰাৰ অভিনয় কৰি নিজে নায়ক হোৱাৰ এক সুন্দৰ চেষ্টা চলাইছে। মই সুধিব খুজিছোঁ কিয়? কিয় এজনী ছোৱালীক স্তব্ধ কৰিবলৈ তাইৰ চৰিত্ৰৰ ওপৰত সকলোৱে আঙুলি টোঁৱাই? যিখন দেশত নাৰীয়ে প্ৰধানমন্ত্ৰী হ'ব পাৰে, সেইখন দেশত এখন সাধাৰণ কলেজ নিৰ্বাচনত এজনী ছোৱালীয়ে প্ৰতিদ্বন্দিতা কৰিবলৈ যাওঁতে ইমান আক্রোশ কিয়? আপোনালোকক মূৰ্খ সজাই কোনোবাই মহান হোৱাৰ চেষ্টা কৰিলেও আপোনালোক ভোল যাব নে? মই নকওঁ যে নিৰ্বাচনত মোকেই ভোট দিয়ক। মাত্ৰ ভোট দিয়াৰ সময়ত মনত ৰাখিব যে এই যে আপোনালোকে আজি ভোটটো দিব সি আগলৈও আপোনালোকৰ ৰাজনৈতিক অধিকাৰত প্ৰভাৱ পেলাব। আজি যদি আপোনালোকে এই অন্যায়ৰ পক্ষত ভোট দিয়ে তেন্তে আগলৈও নাৰীক অপমান কৰা, সাধাৰণ জনতাক পুতলা সজা ৰাজনৈতিক নেতাক প্ৰশ্ন কৰিবলৈ আপোনালোকৰ কোনো অধিকাৰ নাথাকিব। মোক কওক, এই অন্যায় আপোনালোকে সহ্য কৰিব নে?"
লগে লগে এজাক চিঞৰে প্ৰেক্ষাগৃহৰ দেৱাল ভেদি নহয়, গোটেই কলেজ চৌহদ কঁপাই তুলিলে,
"নকৰোঁ, আমি সহ্য নকৰোঁ।"
"নাৰীৰ লগত অন্যায় সহ্য কৰা নহ'ব।"
"ৰাধা চৌধুৰী জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ।"
চিঞৰবোৰে লাহে লাহে গর্জনৰ ৰূপ ল'লে। প্ৰাঞ্জল, অনুপমহঁতে গোটেই হলটোৰ চাৰিওফালে এবাৰ চালে। চাৰিওকাষত ৰাধাৰ জয়জয়কাৰ শুনি সিহঁতৰ আটাইৰে চকু চলচলীয়া হৈ গৈছিল। ৰাধা তললৈ নামি অহাৰ লগে লগে কোনোবা এজনীয়ে তাইক দাঙি ল'লে। চিঞৰবোৰ আৰু বাঢ়িল,
"ৰাধা চৌধুৰী জিন্দাবাদ"
এইফালে হৃষীকেশৰ অৱস্থা নাই। কথাবোৰ এনেকুৱা হোৱাৰতো কথা নাছিল। সি কাষত থকা বিকাশলৈ চালে, কিন্তু বিকাশ তেতিয়ালৈ তাত নাই। এবাৰত হৃষীকেশে মঞ্চলৈ গৈ স্পীকাৰত কিবা ক'বলৈ চেষ্টা কৰিছিল। কিন্তু তেতিয়ালৈ কোনোবাই সংযোগ কাটি দিছিল। হৃষীকেশৰ কথা কাৰো কাণত পৰা নাছিল। এইফালে জয়ধ্বনিৰ মাজতে ৰাধা আগবাঢ়িছিল আগফালে। হুলস্থুলবোৰৰ মাজতে ৰাধাই গীতিমা নামৰ ছোৱালীজনীৰ ওচৰলৈ গৈ ক'লে,
"গীতিমা, আজিৰ মিটিঙত আছিলাতো?"
"অ আছিলোঁ ৰাধা।"
"তেন্তে মিটিঙৰ কথাবোৰ পুতৌ দাৰ আগত ক'বা গৈ বুলি আশা কৰিলোঁ।"
ৰাধাৰ কথাত থতমত খাই গ'ল গীতিমাই। ৰাধাই পুনৰ ক'লে,
"সিদিনাৰ দৰে আজিৰ কথাবোৰো গোবিন্দপুৰ পাবগৈ লাগিব। নহ'লে মোকতো চিনি পোৱাই ন?"
"অ অ, মই ক'ম ক'ম ৰাধা।"
"তেন্তে ইয়াত কি কৰি আছা? যোৱা ঘৰলৈ। যোৱা।"
ৰাধাই ধমকি দিয়াৰ দৰে কোৱাত গীতিমা দৌৰ দিলে। এইজনীয়েই সিদিনা পুতৌৰ আগত গোটেই কথাবোৰ কৈছিল, ৰাধাই মন কৰি আছিল তাইক।
"ৰাধা বাইদেউ"
কাৰোবাৰ মাত শুনি ৰাধাই পিছফালে ঘূৰি চাই দেখে বিকাশে মনোৰম হাঁহি এটা মাৰি ৰৈ আছে। চকু দুটা তিৰবিৰাই আছে তাৰ। ৰাধাৰ কাষলৈ আহি লাহেকৈ ক'লে,
"মোৰ বাকী হিচাপটো?"
ৰাধাই তাৰ পিঠিত থপৰিয়াই ক'লে,
"বৰ কামৰ মানুহ অ' তই। পিছে এতিয়া মানুহৰ মাজতে কেনেকৈ হিচাপ মিলাম। শুন, অলপ পাছত লাইব্ৰেৰীৰ পিছফালে আহিবি। কোনো নাথাকে সেইফালে। তাতে লগ পাম। হ'ব?"
"হ'ব" বুলি কৈ বিকাশ আঁতৰি গ'ল। ৰাধাৰ মনটো আকৌ যেন লকলকাই উঠিল, আন এখন খেলৰ বাবে।
অসমীয়া বিভাগৰ বিশেষ ৰূমটোত হাঁহিৰ উজান উঠিছে। হাঁহিৰ কোবত যেন দেৱাল কঁপিছে। হাঁহি হাঁহি প্ৰাঞ্জলে ক'লে,
"তোক মানিছোঁ দেই ছোৱালী। কেনেকৈ গোটেই খেল পাল্টাই দিলি বাপ ৰে!"
অনুপমেও যোগ দিলে,
"মই যে প্ৰথমে ভাবিছোঁ কিবা চিনেমা চলি আছে নেকি ইয়াত! হৃষীকেশে ৰাধাক বচাবলৈ গৈছে, হে প্ৰভু কি দিন আহিল!"
ৰঞ্জনে ক'লে,
"এইকেইদিন ৰাধা মনে মনে থাকোতেই বুজিছিলোঁ এই যে কিবা এটা খেলি আছে। কেম্পেইনিং নকৰাকৈয়ে গোটেইবোৰ আজি আমাৰ চাপোৰ্টত আহি গ'ল ৰে!"
লগে লগেই পুনৰ হাঁহি। এবাৰত ৰাধাই থিয় হৈ ক'লে,
"এতিয়া আন এখন খেল খেলি আহোঁ ব'লক।"
প্ৰাঞ্জলে আচৰিত হৈ সুধিলে,
"আকৌ? এইবাৰ আকৌ কি খেল?"
ৰাধাই সাঁথৰ হাঁহি এটা মাৰি ক'লে,
"দেখিব ৰ'ব। মাত্ৰ অলপ পাছত হৃষীকেশক লাইব্ৰেৰীৰ পিছফালে লৈ আনিব যেনে তেনে।"
"হৃষীকেশক? কিন্তু মই মাতিলে সি আহিব জানো?"
উপায়টো কুলজিতে দিলে,
"টেনশ্যন নাই দা, আমাৰ ক্লাছৰ কাৰোবাক কৈ পঠাম। জুনিয়ৰ চবকে এনেও চিনি নাপায়।"
"ঠিক আছে" বুলি ৰাধা ওলাই আহিল ৰুমৰ পৰা। ইফালে সিফালে চাই ৰাধা লাহে লাহে লাইব্ৰেৰীৰ পিছফালে পালেগৈ।
লাইব্ৰেৰীৰ পিছফালে কলেজৰ গোপন স্থান। ঠাইডোখৰ ওখ ওখ কেইবাজোপাও গছে আৱৰি আছে। সন্মুখৰ পৰা ইয়াত কোন আছে সতকাই ধৰা টান। সেই সুযোগতে বহু প্ৰেমিক যুগলে মাজে মাজে তাত গৈ বন্য তৃপ্তিও নোলোৱা নহয়। ৰাধা গৈ দেখে আগৰে পৰাই তাত বিকাশ ৰৈ আছিল। তাই যোৱাৰ লগে লগেই সি আগবাঢ়ি আহি হাত পাতিলেহি,
"দিয়ক দিয়ক ৰাধা বাইদেউ।"
ৰাধাই হাঁহি হাঁহি ক'লে,
"ৰ ৰ, দিমতো। ইমান লৰালৰি কিহৰ? মোক কচোন, কেনেকৈ কৰিলি কামটো? আৰু নাৰ্ছিংহোমৰ মানুহো আহি গ'ল?"
"আৰে বাইদেউ, এই বিকাশে কাম কৰিলে না পূৰা কাম কৰে। আধা আধি নকৰে। আৰু এই হৃষীকেশ, এইটো মস্ত গৰু এটা। মোৰতো একো কষ্টই নহ'ল।"
এইবুলি আৰম্ভ কৰি গোটেই কথাখিনি বিকাশে সগৌৰৱেৰে ভাঙি পাতি ক'লে। ৰাধাই মাত্ৰ মিচিকিয়া হাঁহি এটা মাৰি শুনি থাকিল। বিকাশৰ কথা কৈ শেষ হওঁতেই, লাইব্ৰেৰীৰ পিছফাললৈ আহিয়েই পোৱা ওখ দেৱদাৰু জোপাৰ তলৰ পৰা কোনোবাই চিঞৰ মাৰি উঠিল,
"ঐ কুকুৰ...."
বিকাশ উচপ খাই উঠিল। ঘূৰি চাই দেখে সেইখিনিত হৃষীকেশ ৰৈ আছে। তাৰ লগত জুনিয়ৰ দুটা। বিকাশ গোটেই মানুহটো থকথককৈ কঁপি উঠিল। কপালত ঘাম বিৰিঙিল। হৃষীকেশ আগুৱাই আহিল। চকু কেইটাত যেন অঙঠাহে জ্বলিছে তাৰ। আহিয়েই বিকাশৰ চোলাৰ কলাৰত ধৰি জোকাৰি দিলে সি,
"বেইমান, বিশ্বাসঘাটক! কিয়, কিয় এনেকুৱা কৰিলি? ক কুকুৰ।"
"দাদা, দাদা মই কৈ আছোঁ। দাদা মোৰ একো ভুল নাই...."
বিকাশৰ কৈ নহওতেই এটা প্ৰচণ্ড ঘোঁচা তাৰ নাকত পৰিলহি আৰু সি মাটিত বাগৰি পৰিল। ৰাধাৰ লগে লগে তাৰ পৰা আঁতৰি দেৱদাৰু জোপাৰ তল পালেগৈ আৰু তাৰ পৰাই সিহঁতক চাই ৰ'ল। তেতিয়ালৈ অনুপম, প্ৰাঞ্জলহঁতো সেইখিনি আহি পাইছিল। আহিয়েই সিহঁতে হৃষীকেশে বিকাশক মাৰি থকা দেখি আচৰিত হ'ল। প্ৰাঞ্জলে সুধিলে,
"ৰাধা, কি এইবোৰ?"
"কি নো ক'ব দাদা, বেচেৰা বিকাশে মোক তাৰ কাহিনী শুনাই আছিল। কেনেকৈ সি হৃষীকেশক আজিৰ কথাখিনি কোৱালে, তেনেকুৱাতে হৃষীকেশ আহি পালেহি!"
তেতিয়াহে সিহঁতে বুজিলে ৰাধাই কি খেলৰ কথা কৈছিল। অনুপমে লগে লগে আগুৱাই যাব লৈছিল হৃষীকেশক ৰখাবলৈ। ৰাধাই হাতত থাপ মাৰি ধৰিলে,
"আৰে দাদা, আপুনি কিয় ৰখাবলৈ গৈছে! কলেজৰ প্ৰশাসন আছে নহয়, তেওঁলোকে ৰখাবতো!"
এইফালে হৃষীকেশৰ ঘোঁচাই বিকাশৰ অৱস্থা কাহিল কৰিছে। চুলিত ধৰি বগৰাই লৈছে তাক। গোৰ, ঘোঁচা, চৰ এটাৰ পিছত এটা আক্ৰমণত বেচেৰা বিকাশ যেন ধৰাশায়ী হৈছে। লগে লগে ৰাধাৰ ওঁঠৰ কোণত ভাঁহি আহিছে হাঁহিৰ ঢৌ এটা। এইবাৰ প্ৰাঞ্জলে ক'লে,
"মই কাৰোবাক মাতি আনো গৈ, ই বিকাশক মাৰি পেলাব এতিয়া।"
ৰাধাই লগে লগে বাধা দিলে,
"এ দাদা, ৰ'বহে। দুই এডাল হাড় ভাঙিবলৈ দিয়ক, অলপ তেজ চেজ ওলাবলৈ দিয়ক। এতিয়াই কিয় ৰখাব লাগে!"
প্ৰাঞ্জলহঁতে আচৰিত হৈ চালে ৰাধালৈ। প্ৰতিশোধ ল'বলৈ কিমান ভয়ংকৰ হৈ উঠিব পাৰে এই ছোৱালীজনী! সপোনে আগুৱাই আহি ৰাধাক ক'লে,
"ইমান হিংস্ৰ কেতিয়াৰ পৰা হ'লি তই ৰাধা?"
লগে লগে ৰাধাই শব্দ কৰি হাঁহি উঠিল,
"হাঃ হাঃ হাঃ.. ইয়াতকৈও বেছি হিংস্ৰ হ'ব পাৰো মই। মনটো গৈছে ইহঁত গোটেই কেইটাক লখিমীত জুবুৰিয়াই মাৰি পেলাওঁ। ককা, আইতা, মা সকলোৰে কি অৱস্থা হৈছিল এই কেইদিন ইহঁতৰ কাৰণে। তহঁত ল'ৰাবোৰে বুজি নাপাবি কেতিয়াও, যেতিয়া চৰিত্ৰত দাগ লাগে তেতিয়া কেনেকুৱা লাগে। ভুল নকৰাকৈ যেতিয়া ভুলৰ কৈফিয়ত দিব লাগে তেতিয়া কেনেকুৱা লাগে। জন্ম দিয়া মায়ে যেতিয়া মৰি যাবলৈ কয়, তেতিয়া কেনেকুৱা লাগে। আজি ইহঁতে গম পাওক, নাৰীয়ে যেতিয়া প্ৰতিশোধ লয়, কিমান ভয়ংকৰ হয়! মোৰ বিষয়ে এইবোৰ কৰাৰ আঁৰৰ মানুহটোৱেই বিকাশ। আজি পাওক, আৰু এনেও শত্ৰুক নিজে আঘাত কৰাতকৈ শত্ৰুৰ মাজত কাজিয়া লগাই চাই বেছি ভাল লাগে।"
শেষৰ কথা কেইটাত হাঁহি বিৰিঙিছিল ৰাধাৰ। এইফালে বিকাশৰ নাকেৰে বৈ আহিছে তেজৰ ধাৰ। এটা দাঁতো ভাঙি মুখেৰেও তেজ ওলাইছে। লাহে লাহে যেন লেবেজান হৈ পৰিছে সি।
এইবাৰ প্ৰাঞ্জলে ৰাধাৰ বাহুত হাত থৈ মৰমেৰে ক'লে,
"তোৰ কথা মই বুজিছোঁ ৰাধা। এবাৰ বিকাশৰ অৱস্থাটো চা, ইয়াতকৈও বেছি হোৱাটো বিচাৰ নে তই?"
"যা সপোন, ছাৰহঁতক মাতি লৈ আন। মাত্ৰ মন কৰিবি, কথাটো যাতে ষ্টুডেণ্টবোৰেও শুনে।"
ৰাধাৰ অনুমতি পাই সপোন দৌৰি গ'ল আৰু লগে লগেই ইংৰাজীৰ দীপাংকৰ ছাৰ, গণিতৰ বিমান ছাৰ আহি সেইখিনি পালেহি। লগে লগেই ৰাধাই চিঞৰাৰ দৰে ক'লে,
"অথনিৰে পৰা চেষ্টা কৰিও ইহঁতক আঁতৰাব পৰা নাই ছাৰ। চাওক চোন কেনেকৈ মাৰপিত কৰিছে।"
তাইৰ কথা শুনি প্ৰাঞ্জলহঁতৰ হাঁহিম নে কান্দিম লাগিল। ছাৰ সকলৰ লগত যোগ হৈ সকলোৱে বিকাশক মুক্ত কৰিলে। তেতিয়ালৈ সি মাৰ খাই খাই প্ৰায় অচেতন হৈছিল গৈ। প্ৰাঞ্জলহঁতে তাক ডাংকোলাকৈ আগফালে লৈ গৈছিল। লাইব্ৰেৰীৰ সমুখত এজাক ষ্টুডেণ্ট জমা হৈছিলহি। ৰাধাই সকলোৱে শুনাকৈ চিঞৰি চিঞৰি ক'লে,
"এয়া আপোনালোকৰ ভাবী জি এছ চাওক। নিজৰে সমৰ্থকক এনেকৈ প্ৰহাৰ কৰি কি অৱস্থা কৰিলে চাওক।"
ৰাধাৰ কথাতহে সম্বিত ঘূৰি আহিল হৃষীকেশৰ। খঙৰ কোবত এয়া কি কৰি পেলালে সি! সিতো নিৰ্বাচন খেলি আছিল, কি কৰি দিলে এয়া! ওচৰৰ সকলোৱে হৃষীকেশৰ প্ৰতি ঘৃণাৰ দৃষ্টিৰে চালে। দুই একে কিবা কিবি মন্তব্যও দিলে,
"এনে জঘন্য মানুহ"
"এইবোৰ অসুৰ ঔ"
"পলিটিক্সৰ নামত ইমান তললৈ নামিব পাৰে ইহঁত"
"এইডালক দেখিলেই গুণ্ডা গুণ্ডা লাগে"
কথাবোৰ শুনি শুনি ৰাধাই হাঁহি হাঁহি ধীৰ খোজেৰে বাৰাণ্ডাত উঠিল গৈ। তাতেই খুটা এটাত ভেজা দি আলেখ লেখ চাই ৰ'ল। এম্বুলেঞ্চ আহি পাইছেহি, কেইবাজনেও মিলি বিকাশক তাত উঠাইছে। ছাৰ দুজনমানো লগতে উঠিছে। বহু ষ্টুডেণ্টে নিজৰ বিভাগৰ পৰা ওলাই আহি আগফালে এনেই ইফালে সিফালে ঘূৰি ফুৰিছে। কলেজৰ প্ৰিন্সিপাল ছাৰে ওলাই আহি দীপাংকৰ ছাৰহঁতৰ লগত কিবা কথা পাতিছে। হৃষীকেশৰ যিবোৰ সমৰ্থক আছিল সিহঁত যেন কিবা চেদেলি ভেদেলি হৈ গ'ল। তাৰ মাজতেই ৰাধাহঁতৰ দলটোৱে একেলগ হৈ লাইব্ৰেৰীলৈ যোৱা বাটটোৰ কাষৰ বেঞ্চখনতে বহি কিবা কথা পাতিছে। এটা দীঘল নিশাহ এৰি ৰাধাই চাই আছে সকলো। আজি কেইবাদিনৰ মূৰত যেন তাই খোলা মনেৰে উশাহ লৈছে। এনেতে পিছফালৰ পৰা কাৰোবাৰ মাত,
"অভিনন্দন মিছ চৌধুৰী"
ৰাধাই ঘূৰি চাই দেখে হৃষীকেশ ৰৈ আছে। তাই ক'লে,
"কি কাৰণে বা?"
"আপুনি জিকিল। বৰ ভাল ষড়যন্ত্ৰ কৰিলে আপুনি।"
ৰাধাই হাঁহি মাৰি ক'লে,
"এয়া ষড়যন্ত্ৰ নহয়, ৰাজনীতিহে।"
"কিছুমান ষড়যন্ত্ৰ কেতিয়াবা ৰাজনীতিৰ বাবে হ'ব পাৰে। কিন্তু ৰাজনীতি কেতিয়াও ষড়যন্ত্ৰ হ'ব নোৱাৰে।"
হৃষীকেশে একো মাত নিদিলে। ৰাধাই তাৰ চৌপাশে এপাক ঘূৰি পুনৰ ক'লে,
"সেইবাবেই আচলতে, শকুনিয়ে যি কৰিছিল সেয়া আছিল ষড়যন্ত্ৰ। কিন্তু শ্ৰীকৃষ্ণই যি কৰিছিল, সেয়া ৰাজনীতি। ৰাজনীতি আচলতে ষড়যন্ত্ৰৰ এক প্ৰত্যুত্তৰহে। পাৰ্থক্য মাত্ৰ ইমান যে এই প্ৰত্যুত্তৰৰ মাত্ৰা বহুগুণে বেছি হয়। খেল আৰম্ভ আপুনি কৰিছিল, আৰু শেষ মই কৰিলোঁ। দ্যা এণ্ড।"
শেষৰ কথাটো কৈ হৃষীকেশলৈ এটা চকুটিপ মাৰি দিলে ৰাধাই। মুখেৰে একো মাত নামাতি হৃষীকেশ দাঁত কৰচি আঁতৰি গ'ল। ৰাধাইও গান এটা গাই গাই আপোন মনে ডিপাৰ্টমেণ্টৰ ফালে খোজ ল'লে,
"মন হীৰা দৈ কুলি কেতেকীৰ মিঠা মাতৰ সুৰেৰে,
যি কথা মোক কৈছিলা নৈৰে ঐ ঘাটতে,
নাপাই নহয় ঠগিব, জীৱন ধ্বংস কৰিব
সময় হ'লে ঘূৰিব, বিনা মেঘে বজ্ৰপাত
মন হীৰা দৈ জিৰাবাহি যৌৱনৰ ছাঁত..."
(আগলৈ)
Comments
Post a Comment