ৰাধা : ২৯
#ৰাধা
Part 29
"তোমাৰ অনুভৱ মানেই যে বুকুত ওমলি থকা এটা বিষ
বিশ্বাস কৰা,
এই বিষটো মোৰ তোমাতকৈও আপোন।"
লেমৰ পোহৰত ডায়েৰীৰ পাতত কিবা এটা লিখিছে শৰতে। কবিতা হৈছে নে অনুভৱ সি নাজানে। কিন্তু লিখি নেপেলালে যে বুকুৰ বিষটোৱে তাৰ উশাহৰ পথত শিল হৈ বহি থাকিব। ৰাধা পুখুৰীত কানাইৰ বাঁহী আৰু ৰাধাৰ সেই মুগ্ধ চাৱনিয়ে শৰতক অস্থিৰ কৰি পেলাইছে। এৰা, কেনেকৈ! কেনেকৈ ভাবিলে সি যে বিচৰা কিবা এটা তাৰ হ'ব! মাক দেউতাক আনকি একমাত্ৰ বায়েকজনীও চোন এই পৃথিৱীত নাথাকিল। এজন এজনকৈ পৰিয়ালৰ সকলোকে হেৰুৱালে সি। গাঁৱৰে দুই এজনৰ মৰমত বিশেষকৈ সৰুকণ দাদাৰ দেউতাকৰ অনুগ্ৰহত পঢ়া শেষ কৰিলে সি। বিচৰা কোনটো বস্তু দিছে নো তাক ঈশ্বৰে, যে সি ৰাধাক পাব বুলি ভাবিলে। কেতিয়াৰ পৰা, কেতিয়াৰ পৰা নো ৰাধালৈ বিশেষ অনুভৱ এটাই বুকুত ঘৰ পাতিলে সি নিজেও নাজানে। এল পি স্কুলত পঢ়োঁতেই আটাইতকৈ উৎপতিয়া ছোৱালী এজনীয়ে তাৰ মনত কিবা এটা ভাল লগা ভাব জগাইছিল। মাঘৰ বিহুত লগৰ ল'ৰাৰ সৈতে সিহঁতৰ গাঁৱত জেউৰা চুৰ কৰিবলৈ অহা ছোৱালীজনীলৈ কিবা এটা বেলেগ মোহ সোমাইছিল। সেয়াই বাৰু আৰম্ভণি আছিল নেকি! ধেই, কি যে ভাবি আছে সি! ল'ৰা মানুহে দুখ কৰিব পাই জানো! ল'ৰাই প্ৰেম হেৰুৱাই কন্দাৰ অধিকাৰ আছে জানো! আচৰিত, কিছুমান বস্তু আমাৰ নোহোৱাকৈও ক'ৰবাত আমাৰ হৈ থাকে। আৰু সেইবোৰ হেৰুৱাই আমি কষ্ট পাওঁ, যাৰ গৰাকী আমি নহয়েই। নাই, ৰাধা নামৰ এই অনুভৱক মনতেই ৰাখি থ'ব সদায়। কাৰোবাক বুকুত চিৰকাললৈ সাঁচি থ'ব পৰাটোও এক প্ৰাপ্তি, শৰতে ভাবিলে। লাহে লাহে চকু মুদি দিলে সি। লখিমী নৈৰ বুকুখন যেন ভাঁহি উঠিল তাৰ চকুত। শৰৎ টোপনিত ঢলি পৰিল।
"আইজনী অ'..."
"কওক আই"
"গুৰুজনাৰ গীত এফাঁকি শুনাচোন অ'..."
আজিকালি ৰাধা প্ৰায়েই ভানুমতীৰ লগত শুৱে। আজিও শুইছে। ভানুমতীয়ে মাজে মাজে ৰাধাক বৰগীত গাবলৈ কয়। তাইও গাই শুনায়। তাই মন কৰিছে দিনে দিনে যেন ভানুমতী আৰু বেছি বয়সীয়া হৈ পৰিছে। লাহে লাহে যেন মায়া কমি আহিছে সকলোৰে প্ৰতি। কথা পাতিলেও অন্যমনস্ক হৈ থাকে। কেতিয়াবা কথা পাহৰেও। বুকুখন উশাহ ল'ব নোৱাৰা কৈ গধুৰ হৈ পৰে ৰাধাৰ। সংসাৰৰ একমাত্ৰ সত্য কথাটো যেন স্বীকাৰ কৰিবলৈ তাইৰ মনে নকয়। আজিও আইতাকে কওঁতে তাই শংকৰদেৱৰ বৰগীত এফাঁকি গালে,
"ঠাট প্ৰকট পটু কোটি কোটি কপি গিৰি গৰ গঢ় পদ ঘাৱে....."
গাই হোৱাৰ পাছত অলপ ৰৈ ৰাধাই সুধিলে,
"আই..."
"উম ক"
"গছ কেইজোপা কোনে এনেকৈ কাটিলে বাৰু?"
"নেজানো অ'। কিন্তু এয়া আৰম্ভণিহে, বুকুখন শিল কৰি ল। গোবিন্দপুৰ লাহে লাহে শেষ হ'ব। তাৰেই আৰম্ভণি হৈছে।"
"কিয় আই? আমি জানো ৰখাব নোৱাৰিম?"
"মানুহৰ লোভ, ক্ষমতা এইবোৰেই শেষ কৰি পেলাই অ' সকলো। তোৰ ককাৰে মোক কৈ গৈছিল। গোবিন্দপুৰ এদিন উচন হ'ব, তাৰ আগতেই তোক লৈ যামহি। এতিয়ালৈকে পিছে নাই অহা তেওঁ। তোৰ বিয়াখনৰ বাবেই চাগে ৰৈ আছে বুইছ।"
"কিনো কথা কয় আই? মোক এনেকৈ এৰি যাব গৈ নে আপুনি?"
ৰাধাৰ মাতটো যেন কঁপি উঠিল। সোঁতোৰা পৰা আঙুলি কেইটাৰে ৰাধাৰ গালে মুখে মৰম কৰি আজু আইতাকে কৈ উঠিল,
"কোনে কাক এৰি যাব পাৰে অ'? আজিলৈকে তোৰ ককাৰে মোক এৰি যাব জানো পাৰিলে? এই পালেংখন, সৌ কাঁহৰ ঘটিটো, সৌ জপাটো, সকলোতে তেওঁৱেই আছে দেখোন। বুইছ আইজনী মানুহক মানুহৰ পৰা কাঢ়ি নিব পৰাকৈ নিয়তিৰ ইমান শকতি নাই অ'। বুকুত ঘৰ সাজি থোৱা মানুহক ইছৰেও কাঢ়ি নিব নোৱাৰে।"
আজু আইতাকৰ কথাবোৰত যেন অমৃত বৰষে। ৰাধাই জোৰকৈ সাৱটি সোমাই পৰে তেওঁৰ বুকুত। আইতাকৰ চুলিৰ জবা কুসুম তেলৰ গোন্ধে আৱৰি ধৰে তাইক। লাহে লাহে চকুযোৰ অৱশ হৈ আহে তাইৰ। তাই টোপনি যোৱাৰ পাছত ভানুমতীয়ে নিজক কোৱাৰ দৰে কয়,
"মোক খেমিবি অ' আইজনী। মিছা কথাৰেই তোক অতদিনে মই ডাঙৰ কৰিলোঁ। আজিলৈ তোক কৈ পেলোৱাৰ সাহস গোটাব নোৱাৰিলোঁ। মোক খেমিবি।"
কথাৰ লগতেই ভানুমতীৰ পুখুৰী হেন চকুৰ পৰা কেইবাটাও পানীৰ টোপাল ওলাই গাৰুটোৰ বুকুত সোমাই পৰে।
সাধাৰণ সম্পাদিকা হিচাপে কলেজৰ দায়িত্ব সমূহ লৈছে ৰাধাই। প্ৰথমেই লাইব্ৰেৰীত প্ৰয়োজন কিতাপৰ বাবে প্ৰতিটো দিপাৰ্টমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভৰ লগত কথা পাতি এখন তালিকা সাজিলে। তাৰ পাছত সেইখিনি কিতাপ অনোৱাৰ ব্যৱস্থা কৰিলে। প্ৰায় পাঁচশৰো অধিক কিতাপ দুসপ্তাহৰ ভিতৰতে আহি লাইব্ৰেৰীত সোমালহি। ৰাধাৰ এই তৎপৰতাক প্ৰতিজন শিক্ষকেই একমুখে স্বীকাৰ কৰিলে। তেনেকুৱাতে এদিন প্ৰিন্সিপালে ৰাধাক মতাই নি ক'লে,
"ৰাধা, কথা এটা নহয়। এইবাৰ ইলেকচনত বহুত কিবাকিবি হৈ গ'ল। কলেজখনৰ পৰিৱেশটোয়েই কিবা হ'লচোন। ইটো বিভাগৰ লগত সিটো বিভাগৰ ষ্টুডেণ্টৰ মাতবোল নোহোৱাৰ দৰে হৈছে হেনো। কিবা কৰিব নোৱাৰি নে?"
ৰাধাই অলপ চিন্তা কৰি ক'লে,
"এটা কাম কৰিলে কেনে হয় ছাৰ?"
"কি কাম?"
"সেই নতুন বজাৰৰ ওচৰত যে আছে জ্ঞানকোষ আদৰ্শ মহাবিদ্যালয়, তেওঁলোকৰ সৈতে আমাৰ কলেজৰ এখন ক্ৰিকেট খেল পাতিলে কেনে হয়?"
চেলাউৰি কোঁচাই প্ৰিন্সিপালে ক'লে,
"মই চিৰিয়াছ কথা এটা কৈ আছোঁ ৰাধা। কি ধেমালি কৰিছা এইবোৰ?"
"ছাৰ, ধেমালি কৰা নাই। আপুনি পাৰ্মিচন দিয়ক। আমি তেওঁলোকৰ লগতো কথা পাতিম। এই খেলখনে গোটেইবোৰক আকৌ একগোট কৰি পেলাব চাব।"
অলপ চিন্তা কৰি তেওঁ অনুমতি দিলে। ৰাধাই ক্ৰীড়া সম্পাদকৰ লগ লাগি খেলৰ আয়োজন কৰিলে। সিখন কলেজেও মানি ল'লে। প্ৰতিটো বিভাগৰ পৰা বছা বছা খেলুৱৈৰে দল গঠন কৰা হ'ল। দৈনিক প্ৰেক্টিছো হ'ল। সময়ত খেলখন হ'ল আৰু আচৰিত ধৰণে গোটেই কলেজখন সেইদিনা একগোট হৈ গ'ল। কোন নো কি বিভাগৰ কোনে নো ইলেকচনত কাক চাপোৰ্ট কৰিছিল, কোনে কাৰ ফালে মাতিছিল এইবোৰ যেন পৰোক্ষ হৈ পৰিল। মুঠতে নিজৰ কলেজখনক জিকাব লাগে সেইটোহে মূল হৈ পৰিল। কালিলৈকে দেখিলে মুখ ঘূৰাই দিয়া কেইটাইও আজি একেলগে বহি চিঞৰিছে। কালিলৈকে শত্ৰু জ্ঞান কৰাটোৱেও আজি একেটা বটলৰ পৰাই পানী খাইছে। কলেজৰ হেৰুৱা পৰিৱেশ যেন আকৌ ঘূৰি আহিল। ৰাধাৰ বিচক্ষণতাৰ উমান প্ৰিন্সিপালে আকৌ এবাৰ পালে। ৰাধাক তেওঁ প্ৰশংসাৰে উপচাই দিলে।
"মাজু, মাজু.. হেৰা মনোহৰা, ক'ত আছা হে? পুতেৰাক মাতি আনা।"
ৰাতিপুৱাই ধৰ্ম নাৰায়ণৰ গর্জনত স্নেহালয়ত ভূমিকম্প নামিছে। তেওঁৰ মাত সকলোৱে শুনিছে যদিও কোনেও বুজা নাই ক'ত কি হ'ল! কুন্তলা গোঁসাই ঘৰত সোমাইছে। সাদৰীয়ে আখলত পুৱাৰ জলপান যতনাইছে। ৰাধা গা ধুই কলেজৰ বাবে ওলাইছেহে। সৰুকণ শোৱাৰ পৰা উঠাই নাছিল। হঠাৎ কি হ'ল! মনোহৰা উধাতু খাই ওলাই আহিছে। অলপ আগতে হ'কাৰটোৰ পৰা বাতৰিকাকতখন লৈ আগফালৰ বাৰাণ্ডাৰ আৰামী চকীত পঢ়ি থকা গিৰিয়েকক মনোহৰাই চাহ একাপ দি গৈছেহে। ঘপকৈ এনেকুৱা কি হ'ল গোটেই ঘৰ কঁপি যোৱাকৈ যে চিঞৰিছে। গোহালিত থকা পোনাকোনো আহি বাৰাণ্ডা পালেহি। তিতা চুলিখিনি আঁচুৰি ৰাধাও ওলালহি। মনোহৰাই আহিয়েই ক'লে,
"বোলো কি হ'ল হয় নে? এনেকৈ আটাহ পাৰিছে যে?"
ধৰ্ম নাৰায়নে বাতৰিকাকতখন জোকাৰি জোকাৰি ক'লে,
"হ'বলৈ আৰু কি আছে! ই বৈকুণ্ঠই মোৰ মান সন্মান চব শেষ কৰি পেলালে। এয়া চোৱা কাকতত কি লিখিছে। কাষৰীয়া গাঁৱত দমকল বহোৱাৰ ঠিকা ইমান লাখ টকাৰ লেনদেন। তোমাৰ যোগ্য পুত্ৰৰ নামৰ সৈতে ওলাইছে।"
ঘটনাটো এতিয়াহে বুজি পালে ৰাধাই। একেদৌৰে তাই সৰুকণৰ দুৱাৰ ঢকিয়ালে গৈ। খোলাৰ লগে লগে তাক কথাটো ক'লে। সৰুকনৰ পুৱাৰ টোপনি তেনেই ভাঙিল,
"কি কৱ? সঁচাই ওলাল নেকি?"
"অতো, ককাই পুৰা গালি দি আছে আগফালে।"
"বঢ়িয়া, খুব ভাল হৈছে। ফচি মৰক দে। দুখীয়া মানুহখিনিৰ নামত অহা টকাবোৰো নেৰে চাল্লা।"
ৰাধা আৰু সৰুকণ দুইটা আগফালে ওলাই গ'ল। আগফালে বৈকুণ্ঠক আঙুলি টোঁৱাই গালি পাৰি আছে ধৰ্ম নাৰায়ণে,
"কিহৰ অভাৱ তোৰ? যে গাঁৱৰ মানুহখিনিৰ বাবে অহা টকা মাৰিব লগা হ'ল? কি কাৰণত? তোক যদি টকা লাগে মোক নক'লি কিয়? ছিঃ, চৌধুৰীৰ বংশত জন্ম হৈ চুৰ কৰিবলৈ ল'লি? মই একো নাজানো, নিজৰ পকেটৰ পৰা টকা খৰচ কৰি এসপ্তাহৰ ভিতৰত যদি দমকল ভালকৈ বহাই দিব নোৱাৰ, ঘৰ সোমাব নোৱাৰিবি কৈ দিলোঁ।"
কথাটো কৈ কাকতখন বৈকুণ্ঠৰ মুখলৈ দলিয়াই ধৰ্ম নাৰায়ণ ওলাই গ'ল বাটৰ ফালে। দাঁত কৰচি প্ৰচণ্ড খঙত বৈকুণ্ঠ নিজৰ কোঠা পালেগৈ। ৰাধা আৰু সৰুকণে ইটোৱে সিটোৰ ফালে চাই মিচিককৈ হাঁহি এটা মাৰি ভিতৰলৈ সোমাই গ'ল।
কোঠাত সোমাই বিচনাতে কাকতখন মেলি গোটেই বাতৰিটো আকৌ এবাৰ পঢ়িলে বৈকুণ্ঠই। আচৰিত, কাষৰীয়া গাঁৱৰ মানুহৰ ইমান সাহস কেনেকৈ হ'ল যে সাংবাদিকক গৈ বতৰা দিব পাৰিলে! নাই নাই, ইয়াৰ আঁৰত নিশ্চয় কোনোবা আছে। সকলো সুকলমেইতো হৈছিল। ইঞ্জিনীয়াৰৰ পৰা মহৰীলৈকে সকলোকে সন্তুষ্ট কৰিয়েই বৰঙণি দিয়া হৈছিল। পঞ্চায়তৰ সভাপতি আনকি বিধায়কলৈও পঠোৱা হৈছিল। অ, সিংহভাগ যেনিবা বৈকুণ্ঠৰ ওচৰলৈকে আহিছিল। কিন্তু সকলোকে সুখী কৰি দিয়াৰ পাছতো এই কাম কৰিলে কোনে! অংকটোত ক'ত কেনেকৈ খেলিমেলি হ'ল! নাই নাই, এই কামটো বাৰু বৈকুণ্ঠই কৰিব। কিন্তু এইটোৰ আঁৰৰ মানুহজন বৈকুণ্ঠই খান্দিবই লাগিব। এয়া কিজানি আৰম্ভণিহে, আগলৈ কিজানি বৈকুণ্ঠৰ প্ৰতিটো খোজত তেওঁৰ চকু থাকিব। নাই নাই, এইবোৰ পানীৰ তলৰ কাঁইট মষিমূৰ কৰিবই লাগিব। লাগিলে সি যিয়েই নহওঁক। দেউতাকৰ কথাবোৰে তাৰ কাণত এতিয়াও কিবা শলা এডালৰ দৰে বিন্ধি আছে। তাতে সেই সতীয়া ভাই সৰুকণৰ ওচৰত। ছিঃ, কিয় কিয় কৰিব লাগে এনেকুৱা দেউতাকে। খঙতে বিচনাৰ কাষৰ চকীখন গোৰ মাৰি দিলে বৈকুণ্ঠই। শব্দ এটা কৰি কাঠৰ চকীখন বাগৰি পৰিল। তেনেতে কোঠালৈ সাদৰী সোমাই আহিল। আহিয়েই চকীখন দেখি কথাটো অনুমান কৰিলে তাই। চকীখন উঠাই সাদৰীয়ে সৰু মাতেৰে ক'লে,
"এতিয়া খং উঠাই কি হ'ব? এইবোৰ অনিয়ম কৰাৰ আগতেই ভাবিব লাগে।"
বৈকুণ্ঠই খঙেৰে ক'লে, "কি হ'ল?"
"মই বাৰে বাৰে কৈছিলোঁ, সাত পুৰুষেও শেষ কৰিব নোৱাৰা সম্পত্তি আছে। তাৰ পাছত দুখীয়া মানুহৰ টকাখিনিলৈ ইমান লোভ বেয়া কথা। এই বংশৰ মানুহক এইবোৰ কথাই নুশুৱাই।"
গিৰিপকৈ থিয় হ'ল বৈকুণ্ঠ। তাৰ পাছত ক'লে,
"চুপ থাক। এতিয়া তিৰোতা মানুহৰ কথা শুনিহে কাম কৰিব লাগিব মই?"
"মোৰ কথা শুনিব নালাগে, এতিয়া গোটেই গাঁৱৰ কথাই শুনিব লাগিব। সকলোকে মোৰ দৰে চুপ কৰাব নোৱাৰে আপুনি।"
সাদৰীৰ কথাটো শেষ হ'ল কি নহ'ল, এটা চৰ আহি তাইৰ গালত পৰিলহি। তাৰ পাছতে বৈকুণ্ঠই চুলিত ধৰিলে তাইৰ,
"আজিকালি খুব মুখ চলিবলৈ লৈছে দেখোন। পিঠিয়ে মাতিছে হ'বলা। পাহৰি নাযাবি। এতিয়াই বগৰাই লৈ চোবাই পেলাম।"
সাদৰীয়ে বৈকুণ্ঠৰ পৰা চুলিখিনি মুকলি কৰাৰ চেষ্টা কৰি ক'লে,
"আপুনি এজনী সাদৰীক চুপ কৰাব পাৰিব। সকলোকে নোৱাৰে। সময়ে অন্যায়বোৰৰ উত্তৰ নিজেই দিব এদিন। এতিয়া কাল সৰ্পিনী আপোনাৰ ঘৰতে উপজিছে। সময় সদায় একেদৰে নাযায় বৈকুণ্ঠ চৌধুৰী। আপোনাৰো সময় লাহে লাহে উকলিছে।"
লগে লগে বৈকুণ্ঠই আৰু এক চৰ মাৰি সাদৰীক কোঠাটোৰ চুক এটালৈ গতিয়াই দিলে। তাৰ পাছত দপদপাই কোঠাৰ পৰা ওলাই গ'ল। সি ওলাই যোৱাৰ ফালে চাই চাই সাদৰী উঠি আহিল। বৈ অহা চকুপানীখিনি আঁচলেৰে মচি বিচনাত বহি পৰিল। এইবোৰ ঘটনা সাদৰীৰ বাবে নতুন নহয়। বিয়াৰ প্ৰথম নিশাৰ পৰাই তাই পাই আহিছে বৈকুণ্ঠৰ এই ব্যৱহাৰ। ফুল শয্যাৰ নিশা নিজৰ স্বামী বৈকুণ্ঠৰ দ্বাৰাই ধৰ্ষিতা হৈছিল সাদৰী। কইনাৰ পাটৰ সাজ টানি আজুৰি সুলকাই গচকি পেলাইছিল বৈকুণ্ঠই। সাদৰীৰ ওপৰত জঁপিয়াই পৰিছিল। বেল্টৰে কোবাই দাগ বহুৱাইছিল ন কইনাৰ মাহ হালধি লাগি থকা পিঠিত। তাৰ পাছত! উফ ভাবিব নোৱাৰে সাদৰীয়ে। উদং গাৰে সেই মানুহটো যেন জন্তু হৈ পৰিছিল সেই নিশাটোত। কামুৰি কামুৰি শেষ কৰিছিল সাদৰীৰ আলফুল দেহটোত। চিঞৰিবলৈও যেন পৰা নাছিল তাই। বিবাহৰ প্ৰথম নিশা ন কইনাৰ কোঠাৰ পৰা অহা চিঞৰে মিতিৰ কুটুমক যে আমোদহে দিব সাদৰীয়ে জানে। তাৰেই সুযোগ লৈ উপৰ্যুপৰি ধৰ্ষণ কৰিছিল বৈকুণ্ঠই। শিল হৈ পৰি থকা পত্নীৰ প্ৰতি নাছিল একো ভ্ৰূক্ষেপ। মাত্ৰ যেন শৰীৰৰ জুই নুমুৱাৰ আয়োজন। এসময়ত ভাগৰি শুই পৰিছিল। আৰু সাদৰী, কোঠাৰ খিৰিকীখনৰ ওচৰতে বহি উচুপি আছিল উৰে ৰাতি। সেই নিশা সাদৰীয়ে কেৱল কৌমাৰ্য হেৰুৱা নাছিল, সাদৰীয়ে হেৰুৱাইছিল নিজক। সেইদিনা মৃত্যু হৈছিল এজনী ছোৱালীৰ। বিহু নাচ ভাল পোৱা, অনৰ্গল কথা কৈ ভাল পোৱা, পঢ়ি শুনি চাকৰি কৰি ঘৰ এখন সাজিব খোজা, দেউতাকৰ আলাসৰ লাৰু সাদৰী নামৰ স্বাভিমানী ছোৱালীজনীৰ মৃত্যু হৈছিল সিদিনা। তাৰ সলনি জন্ম হৈছিল প্ৰখ্যাত বংশৰ মাজু বোৱাৰী, আধ্যৱন্ত পৰিয়ালৰ সধবা গৃহিনী, ঘৰৰ লখিমী সাদৰী চৌধুৰীৰ। ছোৱালীবোৰে এনেকৈয়ে হেৰুৱাই নেকি সপোন। সাদৰীৰ আজিও মনত আছে, কিয় এনেকুৱা হৈছিল বৈকুণ্ঠ। সিহঁতৰ গাঁৱৰ ৰাস্তাটো পকা কৰিবলৈ ঠিকাদাৰ বৈকুণ্ঠ চৌধুৰী গৈছিল। সদায় অহা যোৱা কৰা চৌধুৰীৰ চকুত লাগিছিল গাঁৱৰ আটাইতকৈ মৰম লগা ছোৱালীজনীক। সাদৰী তেতিয়া উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীহে মাত্ৰ। গাঁৱৰ দেহমন ঢুলীয়াৰ ঢোলৰ চেৱত কঁকাল ঘূৰাই নচা ছোৱালীজনীয়ে টোপনি হৰিছিল বৈকুণ্ঠৰ। যাৰ বাবে সাদৰীৰ দেউতাকলৈ পঠাইছিল জীয়ৰীক বিয়া কৰাই নিয়াৰ প্ৰস্তাৱ। আৰু সাদৰীয়ে একমুখে নাকচ কৰিছিল। কেনেকৈ আন কাৰোবাৰ হ'ব তাই! দেহমন ককাইদেউক যোৱাবেলি বহাগৰ বিহুতে জানো মনটো দি থোৱা নাই। বিহুতলীৰ পৰা উভতি আহোঁতে পদূলিৰ মূৰতে যে আঁকোৱালি লৈছিল সি সাদৰীক। তাৰ ঘামি থকা দেহত সাদৰীয়ে যে স্বৰ্গৰ কিবা অনুভূতি এটা বিচাৰি পাইছিল। নাই, ঠিকাদাৰ কিয়, অমৰাৱতীৰ ইন্দ্ৰ আহিলেও সাদৰী কাৰো হ'ব নোৱাৰে। বৈকুণ্ঠ জ্বলি উঠিছিল এই কথাত। ৰৈ আছিল উপযুক্ত সুযোগৰ বাবে। কিন্তু তাৰ মাজতে ৰাস্তা সজাৰ অনিয়মত সাদৰী, দেহমনহঁতে সজোৰে প্ৰতিবাদ কৰিছিল ঠিকাদাৰৰ। কি হৈছিল তাৰ ফল? সিহঁতে বিহু মৰা আঁহতৰ তলতে এদিন পুৱা পৰি আছিল দেহমনৰ নিথৰ দেহটো। মূৰ ফাটি তেজ বৈ আছিল তাৰ। পাগলৰ দৰে কান্দিছিল সাদৰীয়ে। কিন্তু নাহিল, দেহমন উভতি নাহিল। কোনে মাৰিলে দেহমনক, সকলোৱে জানে। কিন্তু সকলো নিমাত। সেই যে দেহমন গ'ল, তাৰ পাছতে যেন ভাগ্য ঘূৰিল সাদৰীৰ। বেমাৰত পৰিছিল তাইৰ দেউতাক। সাধাৰণ হালোৱা দেউতাকক কেনেকৈ চিকিৎসা কৰাই সাদৰীয়ে। ঠিকাদাৰ বৈকুণ্ঠ চৌধুৰীয়ে সুযোগৰ সদব্যৱহাৰ কৰি প্ৰস্তাৱ দিছিল। তেওঁৰ লগত বিয়া হ'লে সকলো চিকিৎসা কৰাব শহুৰেকক। উপায় নাপাই মানি লৈছিল সাদৰীয়ে। বুকুখনক একেবাৰে শিল কৰি থৈ কইনা সাজ পিন্ধি হোমৰ গুৰিত বহিছিলহি বৈকুণ্ঠৰ সৈতে। কিন্তু কি ভাগ্যৰ লীলা, দেউতাকক চিকিৎসা আৰম্ভ কৰোঁতেই গুচি গৈছিল তেওঁ এই সংসাৰ এৰি। মাত্ৰ বান্ধ খাই ৰৈ গ'ল সাদৰী। বৈকুণ্ঠই জানে, সেন্দূৰ দি বান্ধি দিলেও সাদৰীৰ মনত আজিও আছে দেহমন ঢুলীয়া। যাৰ বাবে সাদৰীক শাৰীৰিক আৰু মানসিক ভাৱে অত্যাচাৰ কৰি আহিছে সেই ফুলশয্যাৰ দিনৰ পৰাই। সাদৰীয়ে সকলো জানে, বৈকুণ্ঠৰ বিষয়ে। কিন্তু সকলো দেখি শুনিও নিশ্চুপ হৈ যন্ত্ৰবত চলি যায়। কিন্তু দেখিছে, এতিয়া যেন সাদৰীয়ে আশাৰ কিৰণ এছাটি দেখিছে। ৰাধাৰ মাজত মৃত্যু হোৱা নিজক দেখিছে সাদৰীয়ে। ৰাধাৰ সাহস আৰু কথাত বৈকুণ্ঠ স্তব্ধ হৈ যোৱাত তৃপ্তি পাইছে সাদৰীয়ে। কৰিব, তাই যিমান পাৰে সহায় কৰিব ৰাধাক। অতদিনে জ্বলি থকা প্ৰতিশোধৰ এই ফিৰিঙতি যেন এতিয়া জুইফুল হৈ ফুলাৰ সময় আহিছে।
"সৰু আইদেউ, ভাতৰ আয়োজন কৰিবৰ হৈছে নহয়।"
তেজাৰ মাতত অতীতৰ বুকুৰ পৰা উভতি আহিল সাদৰী। দীঘলীয়া হুমুনিয়াহ এটিৰে পুৰণা কাহিনীৰ চন্দুকটো বুকুতে জপাই সাদৰী ওলাই আহিল আদৰ্শ বোৱাৰীজনী হৈ।
এইখিনিতে কিতাপখন জপাই চকুদুটা মুদি দিলে সন্ধ্যাই। ইয়াতকৈ বেছি যে তাই পঢ়িব নোৱাৰিলে। উফ, কি জীৱন! নিজৰ স্বামীৰ দ্বাৰা ধৰ্ষিতা হোৱা নাৰীয়ে কেনেকৈ লৈ থাকিব পাৰে উশাহ! সাদৰী চৰিত্ৰটোলৈ এক বিশেষ অনুভৱ উপজিল সন্ধ্যাৰ। সন্মান, পুতৌ নে দয়া তাই নাজানে। কিন্তু কাহিনীটো পঢ়ি গাটো কিবা যেন শিয়ঁৰি গ'ল। পানী অকণ খাই পিছৰ ক্লাছটো কৰিলেগৈ। ক্লাছটো শেষ কৰি ষ্টাফৰুম নাপাওঁতেই ফোন আহিল অনুৰণৰ,
"ৰুণ, লাঞ্চ হ'ল নে?"
"নাই, জাষ্ট ক্লাছ কৰি আহিলোঁ। কৰিমহে এতিয়া।"
"নেহৰু পার্কৰ সমুখলৈকে আহা না।"
"তুমি আহিলা যে? কিবা...."
"এনেই, মন গ'ল।"
হাঁহি এটা মাৰি ফোনটো কাটিলে তাই। নেহৰু পার্কৰ ওচৰতে ৰৈ আছিল অনুৰণৰ গাড়ীখন। তাই গৈ বহিলে। সি আগবঢ়াই দিলে কিবা পেকিং এটা,
"বিৰিয়ানি আনিছিলোঁ। খাই লোৱা।"
"ৱাহ, বেলেগ চোন। এইফালে যে, কিবা কাম?"
"আছিলেই ৰ'বা অলপ কাম। শেষ হ'ল বাৰু। ভাবিলোঁ মানুহজনীক টিফিনটো খোৱাই থৈ যাওঁ।"
খাই খাই হাঁহিলে সন্ধ্যাই। তাৰ এই অকণ অকণ আব্দাৰেই যে সন্ধ্যাৰ বাবে জী থকাৰ উশাহ। অলপ পাছত নামি গ'ল তাই। অনুৰণো তাৰ পৰা নিজৰ অফিছৰ ফালে গ'ল। ৰাস্তাটো পাৰ হ'ব লৈছিলহে সন্ধ্যা, হঠাৎ নেহৰু পাৰ্কৰ পৰা দৌৰি ওলাই আহিছিল এজাক সৰু সৰু ল'ৰা ছোৱালী। তাৰেই এজনী ছোৱালী, সাত আঠ বছৰ মানৰ হ'ব হয়তো, দৌৰোতে সন্ধ্যাৰ ভৰিত উজুটি খাই পৰি গ'ল। ইচ ইচ বুলি সন্ধ্যা গৈ তাইক তুলি ধৰিলে,
"ইচ, দুখ পালা নেকি?"
ছোৱালীজনীয়ে মূৰ তুলি সন্ধ্যালৈ চালে। উজ্জ্বল চকুৰে গৌড় বৰ্ণৰ ছোৱালীজনী দেখিলেই কিবা এটা মৰমলগা। মৰম লগা মাত এটাৰে তাই ক'লে,
"নাই পোৱা, ছৰী দেই।"
সন্ধ্যাই হাঁহি মাৰি ক'লে,
"পৰিলা তুমি, আৰু মোক ছৰী কৈছা যে!"
"নিজৰ ভুলৰ বাবেহে পৰিছোঁ মই। দৌৰি আহি আপোনাক নেদেখিলোঁ।"
সন্ধ্যাই গালত হাত ফুৰাই দিলে তাইৰ। এই বয়সতে একদম ডাঙৰ ছোৱালীৰ দৰে কথা। মৰম কৰি সন্ধ্যাই সুধিলে,
"কি নাম তোমাৰ?"
ছোৱালীজনীয়ে কিবা এটা ক'বলৈ লওঁতেই অলপ আগবাঢ়ি যোৱা সিহঁতৰ দলটোৰ পৰা কোনোবাই চিঞৰিলে,
"ঐ ৰাধা, আহিলি নে?"
লগে লগে সন্ধ্যাৰ সমুখত থকা ছোৱালীজনীয়েও চিঞৰ মাৰিলে,
"ঐ, গৈছোঁ ৰহ।"
তাৰ পাছত সন্ধ্যালৈ চাই "মই যাওঁ দেই" বুলি কৈ ছোৱালীজনী সিহঁতৰ দলটোৰ ফালে দৌৰ দিলে। সন্ধ্যাই অস্ফুট মাতেৰে নিজক কোৱাৰ দৰেই ক'লে,
"ৰা...ধা...."
বুকুখন যেন চিৰিংকৈ গ'ল তাইৰ। কি হৈছে, কিয় এই নামটোৱে লাহে লাহে যেন কিবা সাঁথৰৰ সৃষ্টি কৰিছে! হঠাৎ এই ছোৱালীজনীক লগ পোৱা কথাটোৱে কি বুজাইছে বাৰু! থিৰেৰে থাকিব নোৱাৰি ষ্টাফৰুমলৈ খৰকৈ খোজ ল'লে সন্ধ্যাই। ব্ৰেক টাইম শেষ হ'বলৈ অলপ সময় আছেই। তাই খৰখেদাকৈ "ৰাধা"খন মেলি ল'লে পুনৰ।
(আগলৈ)
Comments
Post a Comment