ৰাধা : ৩০

 #ৰাধা

Part 30

"বিশ্বাস কৰক চৌধুৰী, মই সেইখন কাকত এৰা তিনিমাহেই হ'ল। তেনেক্ষেত্ৰত সেইখন কাকতৰ বাতৰি এটা কেনেকৈ ক'ৰ পৰা আহিল মই কেনেকৈ জানিম কওক।"

"আপুনি তাত নাই বুজিছোঁ, কিন্তু কোনোবা চিনাকিতো আছে। অতদিনে তাত চাকৰি কৰিলে এই সৰু কথাটোও উলিয়াব নোৱাৰিব নে, যে সেই বাতৰিটো তাত প্ৰকাশ পালে কেনেকৈ?"

"চাওক চৌধুৰী, প্ৰতিখন কাকতৰ নিজা নিজা গোপনীয়তা থাকে। তেনেস্থলত আপোনাৰ খবৰটো তাত কোনে কেনেকৈ উলিয়ালে সেয়া মোক কিয় ক'ব তেওঁলোকে। হয়তো তেওঁলোকৰ কোনোবা সাংবাদিকে গৈ তাত খবৰ কৰিছিল।"

"নাই নাই, এইটো অসম্ভৱ। সেইখন গাঁৱলৈ কোনোবা সাংবাদিক যাব আৰু মই গম নাপাম সেইটো হ'বই নোৱাৰে। চাওক শইকীয়া, আপোনাৰ লগত মোৰ লেনদেন আজিৰ নহয়। পুৰণা দিনৰ। বহু পুৰণা বাতৰি আপুনিয়েইতো না পাত্তা কৰি দিছিল। এতিয়াও কৈছোঁ, আপোনাক মন ভৰি যোৱাকৈ দিম। মাত্ৰ মোক লাগে যে সেই বাতৰিটো কোনে দিছিল।"

বৈকুণ্ঠৰ কথাত কপালখন কোঁচাই আঙুলি কেইটা ফুটাই ফুটাই তপন শইকীয়াই কিবা এটা ভাবিবলৈ লাগিল। তপন শইকীয়া, পেছাত সাংবাদিক! অৱশ্যে সাংবাদিক বুলি কোৱাতকৈ তেওঁক অপৰাধীৰ বাতৰিবোৰ নোহোৱা কৰি পেলোৱা যাদুকৰ বুলিলেহে বেছি শুৱাব। কিদৰে জঘন্য অপৰাধৰ বাতৰি এটাও নোহোৱা কৰি সাধাৰণ ৰাইজৰ ধ্যান অন্য দিশলৈ লৈ যাব লাগে সেয়া তপন শইকীয়াৰ বাওঁহাতৰ খেল। বৈকুণ্ঠৰ পুৰণা বহু কেলেংকাৰী তপন শইকীয়াই নোহোৱা কৰি থৈছে। কিন্তু এইবাৰৰ কথাটো বেলেগ হ'ল। বৈকুণ্ঠৰ বাতৰি যিখন কাকতত প্ৰকাশ পাইছে তাত তপন শইকীয়া নাই, তেওঁ থকা হ'লে অৱশ্যে বাতৰি প্ৰকাশেই নহয়। এতিয়া বৈকুণ্ঠক সেই বাতৰিটো কোনে দিছে আনি দিব লাগে। দিয়াটো ডাঙৰ কথা নহয়, কিন্তু তপন শইকীয়াই বৈকুণ্ঠ চৌধুৰীক হাড়ে হিমজুৱে জানে। বাতৰিৰ আঁৰত কোন আছে গম পালে বৈকুণ্ঠ চৌধুৰীৰ হাতত যে সেই মানুহটোৰ উশাহ শেষ হ'ব সেয়াও বুজি পাইছে শইকীয়াই। সেয়ে এই কেছটো অলপ মস্কিল। কি কৰা যায় ভাবি তপন শইকীয়াই ক'লে,

"ৰ'ব, এজন মানুহৰ পৰা উলিয়াব পৰা যায়। ফোন কৰো।"

এইবুলি শইকীয়াই ন'কিয়া ফোনটো উলিয়াই কিবা টিপিবলৈ লাগিল আৰু কাণত ল'লে।

"অ বৰা, কি হে বৰ মাৰভেলাছ বাতৰি দিছে দেখোনহে। অ অ এই চৌধুৰীৰ কেলেংকাৰীটোৰ কথা ক'লো, কম সাহস নহয় দেই গোবিন্দপুৰ পাৰ হৈ তাৰ পৰা বাতৰি অনা। আ আ... কি ক'লে, আপোনালোকে অনা নাই? আ আ.... অ হয় নেকি? কোনোবাই নিজেই দিবলৈ আহিছিল? ল'ৰা এটা ছোৱালী এজনী? কাক লগ কৰিবলৈ আহিছিল? সূৰ্য্য গোহাঁইক?....."

সূৰ্য গোহাঁই!! এই নামটো শুনাৰ পাছত বাকীখিনি শুনাৰ প্ৰয়োজনেই নাথাকিল বৈকুণ্ঠৰ। ককায়েক ভাগৱতৰ বিশ্বস্ত সতীৰ্থ এই সূৰ্য গোহাঁই। তেওঁক কোন ল'ৰা আৰু ছোৱালীয়ে বৈকুণ্ঠৰ বাতৰি দিবলৈ গৈছিল সেয়া বৈকুণ্ঠই ভালকৈ বুজিছে। এনেও আগতে সন্দেহ কৰিছিলেই। এতিয়া সম্পূৰ্ণ বিশ্বাস হ'ল যে এয়া একমাত্ৰ ৰাধা আৰু সৰুকণৰ কাম। এৰাটো, নহ'লে বৈকুণ্ঠক জোকাই লোৱাৰ সাহস আন কাৰো নাই। একো নাই, ঠিকে আছে। বৈকুণ্ঠৰ ইয়াৰ উচিত উত্তৰ সিহঁত দুইটাকে দিব। মনটো ডাঠ কৰি বৈকুণ্ঠ ঘৰলৈ বুলি গাড়ীত বহিল।


গোবিন্দপুৰৰ প্ৰতি টুকুৰ ঠাইতেই আছে এক অনন্য ৰাগি। হেমেন খুৰাৰ সৰু দোকানখনৰ পৰা আৰম্ভ কৰি স্নেহালয়, ৰাধাপুখুৰী, বৰনামঘৰ সকলোতে মায়া। তাৰ মাজতেই কিন্তু এই লখিমী নৈৰ পাৰটো কিবা এটা বিশেষ। কত যৌৱনৰ প্ৰথম বতাহ ছাটি এই লখিমীৰ পাৰতেই বলিছে, কত উদং বুকুৰ কৰুণ বিননি এই লখিমীয়ে শুনিছে। গোবিন্দপুৰৰ হয়তো এনে এটি প্ৰেম কাহিনী নাই যাৰ কথা লখিমীয়ে নাজানে। কতজনী প্ৰিয়তমাৰ প্রিয়সখী এই লখিমী।

লখিমীৰ পাৰতেই বহি আছেহি চুপহি। ভাবি আছে সৰুকণৰ কথা, সিহঁতৰ আহিব লগা সময়ৰ কথা। ঘৰত দেউতাকৰ দাবী ধমকিবোৰৰ কথা। উৰে ৰাতি উজাগৰে কটোৱা চকুপানীৰ কথা। সৰুকণকে মনটো দি থৈ আজিও তাৰ বাবেই ৰৈ আছে চুপহি। টিউচন কৰি কৰি নিজা খৰছ উলিয়াই এটাৰ পাছত এটা বিয়াৰ প্ৰস্তাৱ বিনাদ্বিধাই দলিয়াই পেলাইছে তাই। নোৱাৰে, সৰুকণৰ বাহিৰে আন কাকো তাই শিৰত স্থান দিব নোৱাৰে। লাগিলে তাই বিয়া নোহোৱাকৈ কটাই দিব। সৰুকণক তাই বুজি পাই, সিহঁতৰ জীৱনটোৰ বাবেই যে সি চাকৰি বিচাৰি হাঁহাকাৰ কৰি আছে তাইও জানে। তাই ৰ'ব, সৰুকণে তাইক নিজৰ কৰি নোলোৱালৈকে তাই ৰ'ব। কথাবোৰ কাকো খুলি ক'ব নোৱাৰি এই লখিমীৰ পাৰতেই বহেহি তাই মাজে মাজে। আজি পিছে অহাৰ কাৰণ বেলেগ, সৰুকণে খবৰ পঠিয়াই মতাই আনিছে তাইক। কি বা কাৰণ! ভালেখিনি সময়েই হ'ল, দেখা দেখিয়েই নাই চোন। হঠাৎ পিঠিখনত দলি চপৰা এটা পৰিলহি। আসঃ বুলি ঘূৰি চাওঁতেই দেখে সৰুকণ আহি পাইছেহি। তাক দেখিয়েই অভিমানত মুখ ঘূৰালে তাই,

"হুহ, নিজে মাতি আনি এতিয়া ওলাইছেহি। গোটেই গাঁওখনৰ কাৰণে সময় ওলায়। মোলৈহে অলপো সময় নাই।"

"তোৰ কাৰণে কি সময় উলিয়াম, তয়েইতো মোৰ আটাইতকৈ ভাল লগা সময়।"

"ইস, সেইকাৰণেহে আমি লগ পাবলৈও তপস্যা কৰিব লাগে।"

"তই তপস্যা কৰিব নালাগে অ' গোসাঁনী। মইহে কিবা তপস্যা কৰি তোক পাইছোঁ।"

সৰুকণৰ কথাত হাঁহিৰ পাতলীয়া বতাহ এছাটিয়ে কোবাই গৈছিল চুপহিক। হাঁহিটো লুকুৱাই তাই ক'লে,

"হ'ব হ'ব। কথাৰে মায়া ৰচিব নালাগে। কিয় মাতিছিল সেইটো কওক।"

"কিয় মাতিব পাৰো নো তোক, কচোন।"

"কি হ'ব আৰু, সেই একেই চাগে ডায়লগ! তই দেউতাৰে চাই দিয়া দৰালৈ বিয়া হৈ যা, মোৰ কাৰণে ৰৈ নাথাকিবি, এইবোৰ! সেই সোপাকে যদি গাই তেন্তে কি কিন্তু যাওঁ।"

সৰুকণে জোৰকৈ শব্দ কৰি হাঁহি উঠিল। তাৰ পাছত ক'লে,

"কিন্তু মই যদি কওঁ, তই বেলেগলৈ বিয়া নহ'বি। খুব সোনকালেই স্নেহালয়লৈ আনি আছোঁ তোক। তেতিয়া?"

"ঔ আই, আজিচোন শেনৰ এজাত। কি হ'ল বা!"

সৰুকণে তাইৰ ওচৰ চাপি ক'লে,

"চাকৰি!"

"চাকৰি?"

"অ, এইবাৰ হ'ব বুইছ। দুই এদিনতে খবৰ আহিব।"

চুপহি যেন ফুৰ্তিত জঁপিয়াই হে দিব,

"কি? সঁচা নে? হে ঈশ্বৰ!"

"উম সঁচা। এইবাৰ কাকো কোৱা নাছিলোঁ বুইছ। কিমান আৰু মানুহক এইবাৰো নহ'ল বুলি উত্তৰ দি থাকিম ক। এমাহ মানেই হ'ল, টাউনৰ ছচিয়েল ৱেলফেয়াৰৰ অফিচত পোষ্ট ওলাইছিল, ইণ্টাৰভিউৰ খবৰ দিলে দাদা এজনে। গৈ দি আহিলোঁ। এমাহ হ'ল, মই বোলো নহয় চাগে। সিদিনা দাদা জনে লগ পাই ক'লে, এই দুই এদিনতে খবৰ আহিব হেনো। জইনিং লেটাৰ ওলাবই।"

চুপহিয়ে সৰুকণক আঁকোৱালি ধৰিলে,

"মই কৈছিলোঁ নে, এইবাৰ চব ভাল হ'বই। তুমিহে ধৈৰ্য ধৰিব নোৱাৰা।"

সৰুকণে তাইৰ কাণৰ ওচৰত ক'লে,

"ঐ, এনেকৈ নৈৰ পাৰত সাৱটি নধৰিবি দেই। বিয়াৰ হোমলৈ নৰ'ম আকৌ। নৈৰ পাৰতে ফুলশয্যা হৈ যাব।"

চুপহি লগে লগেই উচাৎ মাৰি আঁতৰি গ'ল,

"ছিঃ কটা! কি যে মানুহ নহয়! লাজো নাই।"

হাঁহি হাঁহি সৰুকণে তাইৰ হাতত ধৰিলে,

"এইবাৰ সঁচাই তই মোৰ হ'বি অ'। সপোনবোৰ সঁচা হ'বই এইবাৰ।"

চুপহিয়ে কিবা এটা ক'বলৈ লওঁতেই হঠাৎ কাৰোবাৰ চিঞৰ,

"ঐ সৰু দা, সৰু দা ঐ.. বেটাই ইয়াত প্ৰেম কৰি আছেহি। ঐ সৰু দা, শুনিছ নে.."

সিহঁত দুইটা একেচাবে থিয় হ'ল। ঘূৰি চাই দেখে সেইজনী ৰাধা। তাই আহি ওচৰ পোৱাত সৰুকণে আচৰিত হৈ সুধিলে,

"এনেকৈ মৰিবলৈ ধৰা নিচিনাকৈ চিঞৰিছ যে!" 

ৰাধাই ফোঁপাই ফোঁপাই ক'লে,

"নিচিঞৰিম নে, শুনিলে তয়ো চিঞৰি মৰিবি।"

এইবাৰ চুপহিয়ে সুধিলে,

"কি হৈছে ৰাধা, কাৰোবাৰ কিবা?"

ৰাধাই সৰুকণক ঢকা এটা মাৰি ক'লে,

"হ'বলৈ আৰু কি আছে, এইডালৰ চাকৰি হ'ল। ঘৰলৈ এপইণ্টমেণ্ট লেটাৰ আহিছে।"

"কি?" সৰুকণ আৰু চুপহিয়ে একেলগে চিঞৰি উঠিল।

সৰুকণে ৰাধাক দাঙি ল'লে ফুৰ্তিতে। এনেতে ক'ৰবাৰ পৰা সপোন আৰু ৰঞ্জনো আহি ওলাল। আহিয়েই চিঞৰ আৰম্ভ সিহঁতৰ,

"সৰু দাৰ চাকৰি হৈ গ'ল ঐ...!"

লগে লগে সিহঁত আটাইকেইটাৰ হাঁহি আৰু চিঞৰত লখিমীৰ পাৰটো যেন কিবা উৎসৱৰ থলী হৈ পৰিল। অলপ সময় তাতে ফুৰ্তি কৰি সিহঁত স্নেহালয় পালেহি।

এইফালে স্নেহালয়তো প্ৰায় হুলস্থুলৰ পৰিৱেশ। স্নেহালয়ৰ বহল বাৰাণ্ডাখনতে থিয় হৈ আছে ধৰ্ম নাৰায়ণ, মনোহৰা আৰু কুন্তলা। চোতালত পোনা, পুতৌ আৰু প্ৰেমলতা। আটাইবোৰে মিলি সৰুকণৰ কথাই পাতি আছে। এবাৰত সাদৰীয়ে সকলোকে চাহ দিবলৈ আহিল।

"এতিয়া আৰু গাওঁবুঢ়া দেউতাৰ চোতালত উৰুলিহে শুনিব লাগে আৰু দেই। নে কি কৱ প্ৰেম' বাইটি?"

"নহয় নো কি! বোলো সাদৰী নবৌ, জুৱলিক আদৰিবলৈ সাজু হোৱা আৰু। এপাক নাচিবও লাগিব দেই।"

লগে লগে পুতৌয়ে ক'লে,

"সাদৰী বৌয়ে হেৰিটো নাচিব আকৌ, সেই যে মাধুৰী দীক্ষিতৰ চিনেমাখনত নাচে,

আই হে চুভ ঘৰী আজ বনি মেই বৰী,

কাল তক ঘৰ কি বহু থি অব হু জেঠানি"

পুতৌয়ে গানটো গোৱাৰ লগে লগে এপাক নাচিও দিলে। আগফালে থকা গোটেই মানুহখিনিয়ে হাঃ হাঃ কৈ হাঁহি উঠিল, আনকি ধৰ্ম নাৰায়নেও। সাদৰীয়ে লাজতে মিচিকিয়াই উৰণি টানিলে। হুলস্থুলৰ মাজতে মুখত বিৰক্তি সানি বৈকুণ্ঠ ভিতৰৰ পৰা ওলাই আহিল। সি অহা দেখি সাদৰী ভিতৰলৈ সোমাই গ'ল। এনেতে নঙলা খুলি সৰুকণ আৰু ৰাধাহঁত সোমাই আহিল। সিহঁত আহোতেই আকৌ হাঁহি, কথা বতৰা আৰম্ভ হৈ গ'ল। ধৰ্ম নাৰায়ণে সৰুকণক সাৱটি ধৰিলে। কুন্তলাই চাদৰৰ আগেৰে বৈ অহা চকুপানী মচিলে। বৈকুণ্ঠ আৰু মনোহৰাৰ মুখৰ যেন ৰং সলনি হৈছিল। প্ৰেমলতাই মাজতে ক'লে,

"বোলো সৰু, এতিয়া অফিচৰ পৰা আহোঁতে যাওঁতে মোলৈ মেকআপৰ দুই এপদ বস্তু আনি দিবি আকৌ।"

কোনেও একো ক'বলৈ নাপাওঁতেই পুতৌয়ে মাত দিলে,

"থ আই, তোলৈ কিয় আনিব আকৌ! সৰুকণ দাই আমাৰ চুপহি বাই লৈহে আনিব ন সৰুকণ দা?"

হঠাৎ কিবা এটা মনত পৰাৰ দৰে জিভা কামুৰি ৰৈ গ'ল পুতৌ। বাৰাণ্ডাত যে ধৰ্ম নাৰায়ণ, মনোহৰা চব আছে সি কিয় পাহৰি থাকিল বাৰু! ছেঃ, ভয়ে ভয়ে সি ৰাধালৈ চালে। চকু টেলেকা টেলেক কৰি তাই তাৰ ফালেই চাই আছে, এতিয়াই যেন তাৰ ডিঙিটো কামুৰিহে নিব। কঁপা কঁপা মাতেৰে সি ক'লে,

"মো..মোক মানে বৌটিয়ে দোকানৰ পা ঢেলা চাবোন এডোখৰ নিবলৈ কৈছিল। মই আহোঁ দেই।"

কথাটো কৈ নৰ'লেই। খৰ খোজেৰে একে কোবে নঙলা পাৰ হ'ল। এইবাৰ প্ৰেমলতাই ক'লে,

"মইও চাৰু নবৌহঁতৰ ঘৰলৈ যাব লগা আছিল। আহিছোঁ দেই।"

লচপছকৈ খোজ পেলাই প্ৰেমলতাও পলাল। এইবাৰ সৰুকণে ধৰ্ম নাৰায়ণলৈ চাই ক'লে,

"মোকো কানায়ে মাতিছে নেকি" তাৰ পাছত ভিতৰলৈ চাই "অ কানাই, গৈছোঁ ৰহ" বুলি চিঞৰি লগে লগেই ভিতৰলৈ সোমাই গ'ল। ইয়াৰ পাছতে ধৰ্ম নাৰায়ণে ৰাধাক ক'লে,

"কি অ', তোক হ'বলা কোনেও মতা নাই?"

লগে লগে ৰাধাই ক'লে,

"মোক আয়ে অথনিয়ে নাৰিকল তেল অকণ চুলিত ঘঁহি দিবলৈ কৈছিল। মই আহোঁ।" কথাটো কৈয়েই তাই নৰ'ল। দৌৰি যোৱাদি ভিতৰ পালেগৈ। ধৰ্ম নাৰায়ণে এইবাৰ কুন্তলালৈ চালে। লগে লগে কুন্তলাই ক'লে,

"সাদৰীয়ে অকলে ভাতত লাগিছে চাগে। মই যাওঁ আখললৈকে।" এইবুলি সোমাই গ'ল ভিতৰলৈ।

আটাইবোৰ যোৱালৈ চাই ধৰ্ম নাৰায়ণে মিচিকিয়াই হাঁহিলে। হাঁহি হাঁহি মনোহৰাক ক'লে,

"চুপহি ছোৱালীজনী বেয়া নহয়হে। তুমি ইহঁতক ক'বা, ই জইন কৰি অহাৰ পাছতে মই দেউতাকৰ লগত কথা হ'ম।"

কথাটো কৈ তেখেত বাটৰ ফালে ওলাই গ'ল। এইফালে বাৰাণ্ডাত থকা বৈকুণ্ঠই খঙতে নিজক কোৱাৰ দৰে ক'লে,

"এতিয়া ঘৰত থাকিব নোৱাৰা হ'ব আৰু! চাকৰি কৰা পুতেকক পাই দেউতাৰ তৎ নাইকিয়া হ'লেই।"

মনোহৰাই ক'লে,

"দেউতাৰক কিয় দোষ দিছ, দেখিছ নে নাই কাকো নোকোৱা নেমেলাকৈ ইণ্টাৰভিউ দি চাকৰি ল'লে। কোন দিনা ঘৰ মাটি সোপাকে নিজৰ কৰে ঠিক নাই।"

"কাটি পিছ পিছ কৰি পেলাম। এই বৈকুণ্ঠক চিনি পোৱা নাই।"

"চুপ, ইয়াত বেৰৰো কাণ আছে। বেলেগ কিবা বুদ্ধি কৰ।"

অলপ ৰৈ বৈকুণ্ঠই মনোহৰাক সুধিলে,

"আচ্ছা, ইয়াৰ চাকৰি কোনটো অফিচত বুলি ক'লে?"

"ছোচিয়েল ৱেলফেয়াৰত। কিয়?"

মনোহৰাৰ প্ৰশ্নৰ উত্তৰ নিদি বৈকুণ্ঠই পকেটৰ পৰা মোবাইলটো উলিয়ালে। কিবাকিবি কথা পাতি ভিতৰলৈ সোমাই গ'ল। পিছে পিছে মনোহৰাও ভিতৰ পালেগৈ।


"বাপ ৰে, এই কেইদিন যে চন্ধ্যাক মেডামক দেখি আছোঁ আৰু! কিমান পঢ়ি আছে। কি বুক হে এইখন ইমান একে সোমাই গৈছে যে! কোন নো ৰাইটাৰ?"

হঠাৎ কাৰোবাৰ মাতটো শুনি সন্ধ্যা একে কোবে গোবিন্দপুৰৰ পৰা আহি মহানগৰীৰ প্ৰাণস্বৰূপ এই দেৱদাৰুৰ নগৰ পালেহি। বুকমাৰ্কটো "ৰাধা"খনৰ মাজত ভৰাই তাই মূৰ তুলি চাই দেখে তাইৰ কলিগ সিহঁতৰ বিভাগৰে পৰিণীতা হালৈ ৰৈ আছে। মানুহ গৰাকী সন্ধ্যাতকৈ চিনিয়ৰ। কিন্তু সন্ধ্যাৰ কিবা এটা পছন্দৰ নহয় তেওঁ। অনবৰতে বিভিন্ন ঋণাত্মক কথা লৈ ব্যস্ত থকা আৰু প্ৰতিটো কথাত নিজক জহাই ফুৰা স্বভাৱৰ বাবে পৰিণীতা হালৈক বৰ এটা ভাল নাপাই সন্ধ্যাই। কোনে ক্লাছ কৰিছে, কোনে ক্লাছত ষ্টুডেণ্টৰ লগত বেছি ফ্ৰী হৈছে, কোনে কাৰ ক্লাছ কৰি কাক আজৰি কৰি দিছে, কোনে কেইবাৰ নিজৰ হাজবেণ্ডৰ লগত কথা পাতিছে, কোনজন ষ্টুডেণ্ট কাৰ লগত ৰিলেচনচিপত আছে এনে ধৰণৰ আনৰ কথাত মূৰ গুজি ফুৰাটো যেন পৰিণীতা হালৈৰ নিজে নিজক দি লোৱা দায়িত্ব। কল্যাণী মেম আৰু সন্ধ্যা সেয়ে যিমান পাৰে এওঁৰ পৰা আঁতৰত থাকে। পিছে সন্ধ্যাৰ প্ৰতি অনৰ্থক জেদ এটা কঢ়িয়াই ফুৰে তেওঁ। আজিও সন্ধ্যাক কিতাপ পঢ়ি থকা দেখি মাত দিলে। সন্ধ্যাই পিছে মুখত হাঁহি এটা সানিয়েই উত্তৰ দিলে,

"মোৰ ইউনিভাৰ্চিটিৰ ফ্রেণ্ড এজনে লিখা বুক এইখন মেম।"

"অ হয় নেকি? তুমি যেনেকৈহে পঢ়িছা মই আকৌ ভাবিছিলোঁ কোনোবা প্ৰমিনেণ্ট ৰাইটাৰৰ কিতাপ চাগে। পিছে ইউনিভাৰ্চিটিৰ ফ্রেণ্ডৰ কিতাপ বুলি ক'লা যে, কেনেকুৱা ফ্রেণ্ড হা? অনুৰণে পিছে গম পাইনে নাই তুমি যে কোনোবা ফ্রেণ্ডৰ কিতাপত বুৰ গৈ আছা?"

খংবোৰে গৈ সন্ধ্যাৰ মূৰত থূপ খাইছিল যেন। তথাপি তাই নিজক সম্বৰণ কৰি উত্তৰ দিলে,

"অনুৰণৰ সৈতে চেইম হোষ্টেলৰ আছিল ফ্রেণ্ডজন মেম। আৰু তেখেত বৰ্তমান এই পৃথিৱীত নাই, আমি ইউনিভাৰ্চিটিত থাকোতেই এক্সিডেণ্ট এটাত ঢুকাইছিল।"

সন্ধ্যাৰ কথাত "আঃ ছৰী দেই" বুলি কৈ পৰিণীতা হালৈ যাবলৈ লওঁতেই সন্ধ্যাই আকৌ মাত লগালে,

"হালৈ মেম, কথা এটা কওঁ। মোৰ হাজবেণ্ড আপোনাৰ কোনো ৰিলেটিভ নহয়, না আপোনাৰ বিশেষ চিনাকি। ৰাইট? গতিকে আগলৈ তেখেতৰ নাম উচ্চাৰণ কৰিলে সন্মান সহকাৰে কৰিব বুলি আশা কৰিলো।"

কথাটো কৈয়েই সন্ধ্যা নৰ'ল। খৰ খোজেৰে ক্লাছৰ ফালে গুচি গ'ল।


"ৰুণজুন বা, অ' ৰুণজুন বা। উঠা হে, ইমান নো শুৱে নে মানুহ?"

ক্লাছৰ পৰা আহি বাকী থকা কামবোৰ কৰি বিচনাত পৰোঁতেই কেতিয়া নো টোপনি আহিল তাই গমেই নাপালে। শাহুয়েক টিভিৰ সমুখতেই আছিল। ছেঃ বেছি দেৰিয়েই শুলে নেকি তাই! হঠাৎ অন্তৰাৰ মাত শুনিহে সাৰ পালে। সাৰ পাই দেখে তাই কফি একাপ লৈ আনিছে।

"আৰে, তুমি কিয় আনিলা। মই কৰিলোঁয়েই হয়, মাকো দিব লাগিব।"

"মাক দিলোঁ মই, এতিয়া ওলাই আছে। অজয় মামাহঁতৰ তাত যাব হেনো আজি।"

"কিয়? কিবা আছে নেকি?"

সন্ধ্যাৰ প্ৰশ্নটোৰ উত্তৰ শাহুয়েকেই দিলে। তেওঁ ৰুমলৈ সোমাই আহিল,

"তোমাক ক'বলৈ পাহৰিছিলোঁয়েই ৰুণজুন। অজয়ৰ নাতিয়েকৰ কাইলৈ অন্নপ্ৰাসন। মই ইয়াত আছোঁ বুলি জানি সি আজিয়েই লৈ যাবলৈ ল'ৰাটোক পঠাই দিছে।"

তেতিয়াহে সন্ধ্যাৰ মনত পৰিল,

"ইয়ে হয়তো, বীণা মামীয়ে সিদিনা কৈছিল নহয়। পাহৰি গৈছিলোঁ। ভালেই দিয়ক মা। আপুনি গৈ থাকক, আমি কাইলৈ দুপৰীয়া যাম। অন্তৰাও ওলাবা।"

শাহুয়েকে ক'লে,

"যাবা, ইয়াকো ক'বা। নগ'লে কথাটো বেয়া হ'ব। অজয় মোৰ নিজৰ ভাইটি নহয় যদিও খুব আপোন সি।"

দুই এষাৰ কথা পতাৰ পাছতে অজয় মামাৰ পুতেকৰ লগত শাহুয়েক ওলাই গ'ল। অলপ পাছতে অন্তৰাও যাবলৈ ওলাল। সন্ধ্যাই পিছে ৰখাইছিল,

"বহাচোন অলপ। এতিয়াইতো হোষ্টেল নুসুমোৱা তুমি।"

"কোন যাব এতিয়াই হোষ্টেল? মই মিৰ্ছ মছলা যাম এতিয়া। ইহঁত কেইজনীও আহিলেই চাগে।"

উজান বজাৰৰ মিৰ্ছ মচলা, সিহঁতৰ ইউনিভাৰ্চিটিৰ যেন বিশেষ আড্ডাথলী। সন্ধ্যাই উজান বজাৰৰ বাছষ্টপৰ ফালে গ'লেই দেখে অতি কমেও তিনি চাৰিটা ষ্টুডেণ্ট তাত থাকিবই। সন্ধ্যাই হাঁহি মাৰি সুধিলে,

"আচ্ছা, মিৰ্ছ মছলাত ইমান কি আড্ডা অ' তোমালোকৰ?"

"আৰে, তোমালোক কাঞ্চনৰ দেশৰ মানুহ ভাই! দেৱদাৰু নগৰীৰ মায়া কি বুজিবা! মিৰ্ছ মছলাত চিংৰা আৰু চাহ লৈ আড্ডা মৰাৰ জুতি তুমি নাজানিবা।"

কথা কৈ কৈ অন্তৰা ওলাই গ'লেই। অন্তৰাৰ কথাত হাঁহিলেও সন্ধ্যাৰ মনটো অলপ সেমেকিও গ'ল। সঁচাই এই ষ্টুডেণ্ট লাইফটোয়েই চাগে আটাইতকৈ ধুনীয়া সময়। জীৱনৰ ৰঙীন সময়। চাৰিওফালে ফাগুন। সন্ধ্যাই যে এতিয়া মন গ'লেও নোৱাৰে। শিক্ষকতা কৰা প্ৰতিজন ব্যক্তিৰ চাগে নিজক শিক্ষাৰ্থীৰ প্ৰতি এইখিনিতে ঈৰ্ষা আহে। এই চঞ্চল বতাহৰ দৰে উৰি ফুৰিব পৰা, মন গ'লেই হাঁহিত বাগৰি পৰিব পৰা, মন গ'লেই ক্লাছ বাংক মাৰি ঘূৰিবলৈ যোৱা এইবোৰ সোৱাদ শিক্ষকৰ জীৱনলৈ কেতিয়াও নাহে। প্ৰতিজন শিক্ষকে চাগে এনেকৈয়ে নিজৰ শিক্ষাৰ্থীৰ মাজত হেৰাই যোৱা নিজৰ ছবি বিচাৰে। হুমুনিয়াহ এটা সৰাই সন্ধ্যাই পুনৰ "ৰাধা"খনেই মেলি ল'লে।


এবুকু আশা, এসাগৰ সপোন লৈ সৰুকণ আজি টাউনলৈ বুলি ওলাই আহিছে। ৰাধাই ভালৰো ভাল চাৰ্ট এটা পিন্ধাই পঠাইছে। চকুকেইটা মাজে মাজে চলচলীয়া হৈ উঠিছে তাৰ। ইমান দিনৰ এটা সপোন, তাৰ এটা চাকৰি হ'ব। কাৰো ওচৰত হাত নপতাকৈ সিও এখন ঘৰ সাজিব। বৈকুণ্ঠ আৰু মনোহৰাক দেখুৱাই দিব যে ধৰ্ম মহাজনৰ সম্পত্তিলৈ তাৰ তিলমানো লোভ নাই। নিজৰ অৰ্জনেৰে সি দেউতাকক, কুন্তলাক, সাদৰীক কাপোৰ এসাজ দিব। ৰাধাৰ বিয়াৰ খৰছ সি ল'ব। আইক সোণৰ পানী চৰোৱা চশমাৰ ফ্ৰেম এযোৰ গঢ়াই দিব। আৰু চুপহি! তাইক যে কি কি নিদিব সি! অলপ টকা গোটাব পাৰিলে সি তাৰ মাকৰ নামত গাঁৱৰ এল পি স্কুলখনত তোৰণ এখন সজাব। লগতে ককায়েক ভাগৱতৰ নামত নতুন কণ কণ ল'ৰা ছোৱালীহঁতৰ মাজত আৰ্ট কম্পিটিচন এখন পাতিব। ককায়েকৰ ছবি অঁকাত খুব ৰাপ আছিল। অতবোৰ সপোন, আজি যেন সকলো বাস্তৱ হোৱাৰ পথত। ফাইলটো বুকুত সাৱটি লৈ টেম্পুৰ কাষৰ চিটটোত বহি বাহিৰলৈ চাই চাই গৈ আছে সি। অলপ পাছতে পাবগৈ তাৰ কৰ্মস্থলী।

এটা পুৰণি বিল্ডিঙৰ সমুখত থিয় হৈছে সৰুকণ। বিল্ডিংটোৰ আগফালে ওলমি আছে এখন পুৰণি ফলক, "সমাজ কল্যাণ বিভাগ"। ফলকখন পুৰণি হৈছে, লগতে পাতলকৈ শেলুৱৈৰ প্ৰলেপ এটাও পৰিছে। তথাপি নামটো এতিয়াও স্পষ্ট হৈ আছে বাবেই হয়তো কোনেও সেইখন আঁতৰাই পেলোৱাৰ কথা ভবা নাই। সৰুকণ ভিতৰলৈ সোমাই গ'ল। প্ৰথমেই মানুহ এজনক লগ পালে। তেওঁ কিয় আহিছে সোধাত সৰুকণে জইন কৰিবলৈ অহাৰ কথা ক'লে। মানুহজনে তেওঁক ভিতৰৰ কোঠা এটালৈ লৈ গ'ল। তাত এখন ডাঙৰ টেবুলৰ আগত আন দুজন মানুহ বহি আছিল। সৰুকণক লৈ যোৱা মানুহজনে তেওঁলোকৰ কাণত কিবা এটা ফুচফুচাই কৈ কোঠাৰ পৰা ওলাই গ'ল। টেবুলত বহি থকা এজনে সৰুকণক ক'লে,

"চাওঁ আপোনাৰ এপইণ্টমেণ্ট লেটাৰখন"

সৰুকণে ফাইলটোৰ পৰা উলিয়াই আগবঢ়াই দিলে। অলপ পাছত মানুহজনে হাঁহি মাৰি ক'লে,

"আমাৰ চৰকাৰৰো যে কাম। এইটো পোষ্টত ইতিমধ্যে আন এজন মানুহক এপইণ্টমেণ্ট দিলেইচোন।"

বুকুখন কঁপি উঠিল সৰুকণৰ। সি ক'লে,

"নাই নাই, এয়া আপুনি কি কৈছে! তিনিদিন আগত আহিছেহে এইখন। এনেকৈ কেনেকৈ কোনোবাই জইন কৰিব! ভালকৈ চাওকচোন।"

মানুহজনে ক'লে,

"কিন্তু কালি সন্ধিয়া এজন মানুহে জইন কৰিলে। আপুনি এইখন পোৱাৰ দিনাই আহিব লাগিছিল।"

"মোৰ ঘৰ অলপ দূৰত। বাকী ডকুমেণ্টবোৰ ঠিক থাক কৰোঁতে সময় লাগিল। তাতে যোৱা দুদিন বন্ধও আছিল। মানুহজনে বন্ধৰ মাজত কেনেকৈ জইন কৰিলে?"

"হেঃ হেঃ, কি কৰিব ডাঙৰীয়া, ৰজাই বিচাৰিলে বন্ধৰ দিনতো জইন হৈ যাব পাৰে। আপুনি এতিয়া ঘৰলৈকে যাওক। আকৌ পোষ্ট ওলালে এপ্লাই কৰিব।"

সৰুকণৰ প্ৰচণ্ড খং উঠিল,

"কি কথা ক'বলৈ আহিছে। বুজি পাইছোঁ, আপোনালোকে টকা খাই এইচব কৰিছে। মই এতিয়াই থানাত গোচৰ দি আছোঁ। দিয়ক এইখন।" বুলি সি এপইণ্টমেণ্ট লেটাৰখন আনিবলৈ হাত মেলিলে। এনেতে সিজন মানুহে তাৰ সমুখতে লাইটাৰ এটা মাৰি লেটাৰখন জ্বলাই দিলে,

"এইখন থাকিলেহে আপুনি গোচৰ দিব। এয়া লওক।"

লগে লগে সৰুকণে হিতাহিত জ্ঞান হেৰুৱাই পেলালে আৰু মানুহটোক ডিঙিত ধৰি টানি উলিয়াই আনিলে। তাৰ পাছত টেবুলত পেলাই লৈ ঘুচিয়াবলৈ ধৰিলে। মানুহজনৰ নাক ফাটি তেজ ওলাইছিল। লগে লগে আনজনে চিঞৰি সকলোকে মাতিলে। সকলোৱে টানি আজুৰি যেনিবা মানুহজনক মুকলি কৰিলে। ৰুমাল এখনেৰে নাকটোত ধৰি মানুহজনে সৰুকণক ক'লে,

"চাল্লা কুকুৰৰ পোৱালি, মোৰ গাত হাত দিয়! এইটো চাকৰি কিয়, চাওঁ তই কোনটো অফিচত চাকৰি ল'ব পাৰ! মোক চিনি পোৱা নাই! তোৰ ককায়েৰেই তোক চাকৰি দিবলৈ মানা কৰি আমাক টকা দিছে বুইছ। অ খাইছোঁ আমি টকা। কি ঘণ্টা কৰিবি অ'। কি ডাল কৰিবি।" 

গালি পাৰি পাৰি মানুহটো ওলাই গ'ল। সৰুকণক বাকী মানুহ কেইটাই টানি আজুৰি উলিয়াই আনি অফিচৰ বাহিৰলৈ গতিয়াই দিলে। সি কৰ্ফাল খাই সেই পুৰণি ফলকখনৰ তলতে পৰিল গৈ। অলপ সময় জড় হৈ সি পৰি ৰ'ল। চকুপানী ওলাইছে আজি সৰুকণৰ। বৈকুণ্ঠই তাৰ চাকৰিটো খালে, তাৰ ককায়েকে তাৰ জীৱনটো শেষ কৰি দিলে, কিয়! কিয়! সি জানে, এইবোৰ সি ক'লে চাগে ৰাধাৰ বাহিৰে আন কোনেও বিশ্বাস নকৰে। লাহে লাহে তাৰ পৰা এখোজ দুখোজকৈ ওলাই আহিল সি। ৰাস্তাৰ ফুটপাথত বহি আছে সৰুকণ। কান্দিছে, আজি সৰুকণে কান্দিছে। মানিবেগত থকা ভাগৱতৰ ফটোখন উলিয়াই কান্দিছে সি,

"মোক চবেই মিলি শেষ কৰি দিলে অ' ককাইদেউ। তই মোকো লৈ যা হি চোন। মই আৰু পৰা নাই অ'। মই পৰা নাই।"

হুকহুকাই কান্দিবলৈ ল'লে সি। সেই যে মানুহজনে জ্বলাই দিলে, সেয়া জানো অকল এপইণ্টমেণ্ট লেটাৰ আছিল। তেওঁ যে সৰুকণৰ সপোন, তাৰ আশা, তাৰ হেঁপাহ সকলো জ্বলাই দিলে। সপোন হেৰুৱা মানুহ কেনেকৈ জীয়াই থাকিব পাৰে! আশা হেৰুৱা মানুহে কেনেকৈ আগুৱাব পাৰে! সকলো ধূসৰ হৈছে আজি। চুপহিৰ কইনা সাজ পিন্ধা ছবিখন ধোঁৱাৰ দৰে নোহোৱা হৈছে। একো নেদেখা হৈছে সৰুকণে। কান্দি কান্দি এসময়ত সৰুকণ থিয় হ'ল। আকাশত তেতিয়া দুপৰৰ বেলি। বেলিটোলৈ এবাৰ চালে সি। তাৰ পাছত ক'লে,

"তোৰ বাটেৰেই এতিয়া আগুৱাম।"

চকুপানী মচি লৈ সি খৰখোজেৰে আঁতৰি আহিল তাৰ পৰা।


যোৱা দুদিনৰ পৰা সৰুকণ ঘৰত নাই। গোটেই হাউলিৰ মানুহৰ মাজত হুলস্থুল লাগিছে। গাঁৱৰো কেইবাজনো মানুহ আহি চোতালত গোট খাইছে। আগতে কেতিয়াও সি এনেকৈ কাকো নোকোৱাকৈ দুদিনকৈ ঘৰলৈ নহাকৈ নাথাকে। আনে নাজানিলেও ৰাধাই অন্ততঃ জানে। এতিয়াও চবেই তাইকে সুধিছে। তাই সিদিনা ৰাতি দেৰিকৈ ঘৰলৈ অহা সৰুকণক লগ পাইছিল। পুৱাতেই চাকৰিত জইন কৰিব বুলি ওলাই যোৱা ল'ৰাটো দুভাগ ৰাতিহে ঘৰ সোমাইছিল। ঘৰৰ মানুহে ভাবিছিল চাকৰি পাই চাগে লগৰ ল'ৰাৰ লগতে ক'ৰবাত ঘূৰি মেলি আছে, কাইলৈৰ পৰাতো অফিচেই হ'ব। ৰাতি যেতিয়া চব শোৱাৰ পাছত সি আহি ওলাইছিল, ৰাধাই সুধিছিল তাক জইন কৰিলে নে, কেতিয়াৰ পৰা যাব। সি উত্তৰ দিছিল,

"জইন কৰিলোয়েই, কাইলৈয়ে যাম আৰু দেৰি নকৰো।"

ৰাধাই ভাত দিবলৈ লওঁতে সি কৈছিল, খাই আহিছোঁ কিবাকিবি। ৰাধাই আৰু দুই এষাৰ কথা পাতিবলৈ লৈছিল। কিন্তু সি ভাগৰ লাগিছে বুলি শুবলৈ লৈছিল। ৰাধাৰ অলপ আচহুৱা লাগিছিল যদিও বিশেষ একো ভবা নাছিল তাই। পিছদিনা পুৱা যেতিয়া তাক কোঠাত পোৱা নাছিল, তাই ঘৰৰ সকলোকে জনাইছিল। কথাটো কোনেও প্ৰথমে গুৰুত্ব দিয়া নাছিল। দিনটো সি ঘৰলৈ নাহিল। সকলোৱে ভাবিলে হয়তো লগৰ কাৰোবাৰ লগতে আছে, নাইবা চাকৰিৰ কামতে ঘূৰি আছে। ৰাধাই পিছে যিমান পাৰে খবৰ কৰিছিল। কানাইক লগত লৈ সৰুকণৰ বন্ধুবোৰৰ ঘৰলৈ গৈছিল। শৰতক দুই এঠাইলৈ পঠাইও খবৰ লোৱাইছিল। কিন্তু কোনেও নাজানে সৰুকণৰ খবৰ। এবাৰত ৰাধা গৈ চুপহিৰ কাষ পাইছিল গৈ। তাই সেমেকা চকুৰে কৈছিল,

"নাজানো অ' ৰাধা। সেই লখিমীৰ পাৰতে তেওঁক শেষ লগ পোৱা।"

যেতিয়া এনেকৈ দুদিন পাৰ হ'ল তেতিয়াহে সকলোতে হুলস্থুল লাগিল। গাওঁবুঢ়া দেউতাৰ সৰুটো ল'ৰা দুদিন ধৰি ঘৰত নাই। খবৰটোৱে গোটেই গাঁওখন যেন গৰম কৰি তুলিছে। ঠায়ে ঠায়ে আলোচনা হৈছে। স্নেহালয়লৈ মানুহৰ সোঁত বৈছে। কুন্তলাই মানুহৰ লগত কথা পাতি পাতি মাজে মাজে ফেঁকুৰি উঠিছে। বৈকুণ্ঠই চহৰৰ চিনাকি মানুহৰ লগত ফোনত কথাও পাতিছে। শৰতে বাইক লৈ চহৰত গৈও খবৰ কৰিছে। কিন্তু সৰুকণ নাই। ধৰ্ম নাৰায়ণ যেন ভাঙি পৰিছে। জীৱনৰ এই বয়সত তেওঁ এই ভাৰ যেন উঠাব পৰা নাই। ভানুমতীয়েও মাজে মাজে উচুপি উঠে। ক'লৈ গুছি গ'ল দং দংকৈ ডেকা ল'ৰাটো। ৰাধাই মাজে মাজে সৰুকণৰ কোঠাত সোমাই কাগজ পত্ৰবোৰ কিতাপবোৰ চাই, কিজানি কিবা পায়েই। নাই, একো নাই। তাইৰ আন এটা ভয়েহে বুকুত ঘৰ পাতিছে, সৰুকণ কেনেবাকৈ সেইফালেই যোৱাগৈ নাইতো! তাইৰ সন্দেহ যেন অমূলক হওক, ঈশ্বৰক খাটে। পিছে ঈশ্বৰে এইবাৰ ৰাধাৰ কথা নুশুনিলে। সৰুকণ নোহোৱা হোৱাৰ দুদিন পাছতেই ডাঙৰ ডাঙৰ হৰফেৰে বাতৰি কাকতত প্ৰকাশ পালে,

"গোবিন্দপুৰৰ এজন শিক্ষিত যুৱকৰ সশস্ত্ৰ সংগঠনত যোগদান, শিক্ষিত নিবনুৱাৰ এনে পদক্ষেপে কি সূচায়, চৰকাৰৰ ব্যৰ্থতা নে পুনৰ স্বাধীনতাৰ প্ৰসংগ"

বাতৰিকাকতখন হাতত লৈ হাউলিৰ বাৰাণ্ডাতে ঢলি পৰিল ধৰ্ম নাৰায়ণ।

(আগলৈ)

Comments

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯