ৰাধা : ৩২
#ৰাধা
Part 32
ৰৈ গৈছে লখিমীৰ সোঁত, ৰৈ গৈছে নৈ পৰীয়া বতাহজাক, ৰৈ গৈছে নৈৰ পাৰৰ গৰুৰ হেম্বেলনি। ৰাধাৰ বাবে গোটেই পৃথিৱীখনেই ৰৈ গৈছে আজি! চাৰিওকাষৰ সকলো যেন তাইৰ অচিনাকি, তাই যেন কোনোবা দূৰ প্ৰদেশৰ ঠিকনা হেৰুৱা পক্ষী। কোনোবাই বন্দী কৰি আনি ইয়াত মেলি দিছেহি। প্ৰেমৰ আঘাত ইয়াকে কয় নেকি, ভালপোৱাৰ কষ্ট এইবোৰেই নেকি! শৰতৰ কথাত স্থবিৰ হৈ ৰৈ গ'ল ৰাধা। শৰতে ক'ব খুজিছিল কিবা এটা। তাই হাতখন দাঙি ৰখাই দিলে। তাৰ পাছত একো নকৈ উভতি খৰকৈ খোজ ল'লে। এক মুহূৰ্তৰ বাবে ৰৈ গৈছিল শৰৎ, কিন্তু তাৰ পাছতেই সিও তাইৰ পাছত দৌৰি গ'ল,
"ৰাধা, ৰাধা এবাৰ শুনি যোৱা মোৰ কথাখিনি। ৰাধা, এবাৰ শুনা অন্ততঃ। ৰাধা প্লিজ!!"
নাই ৰাধা নৰয়, তাইৰ ভৰিত যেন চকা লাগিছে। পৰা নাই ৰৈ যাব। কেনেকৈ ৰোৱা যায়, হেঁপাহৰ মানুহজনে যেতিয়া দলিয়াই দিয়ে ভালপোৱাৰ অৰ্ঘ্য! কেনেকৈ ৰোৱা যায়, হাতখন ধৰি থকাৰ পাছত যেতিয়া আজুৰি আঁতৰাই লৈ যায়! ৰ'ব জানো পাৰি!
এটা সময়ত শৰতে খৰকৈ গৈ আগভেটি ধৰিলে ৰাধাক,
"মোৰ কথাখিনি নুশুনাকৈ তুমি যাব নোৱাৰা।"
"জবৰদস্তি কৰিব মোৰ লগত?"
"প্ৰয়োজন হ'লে কৰিম, কাৰণ মই জানো মোৰ সেই অধিকাৰ আছে।"
ৰাধাই একো নামাতি তলমূৰকৈ ৰ'ল। শৰতে ৰাধাৰ হাতখন নিজৰ হাতলৈ আনি ক'লে,
"সৰুৰে পৰা অকল হেৰুৱায়েইতো আহিছোঁ। মা, দেউতা সকলোকে। অকলেইতো জীয়াই আছো। হেৰুৱাৰ যন্ত্ৰণা মোতকৈ ভালকৈ কোনে জানিব। তাৰ পাছত আকৌ কাৰোবাৰ প্ৰেম হেৰুৱাৰ কাৰণ মই কেনেকৈ হওঁ কোৱা! কেনেকৈ কাঢ়ি আনো তোমাক।"
"মই একো বুজি পোৱা নাই শৰৎ দা। কাৰ কথা কৈছে! কোন আছে, যাৰ পৰা আপুনি মোক কাঢ়ি আনিব বুলি ভাবিছে?"
শৰৎ অলপ ৰ'ল। দীঘলকৈ উশাহ এটা লৈ মাত্ৰ ক'লে,
"কানাই"
ৰাধা দুখোজ পিছুৱাই গ'ল। মুখেৰে কিবা ক'বলৈ গৈয়ো ৰৈ গ'ল! কানাই!! কানায়ে কঢ়িয়াই আছে তাইৰ প্ৰতি অনুৰাগ! কানায়ে সপোন দেখিছে তাইৰ সৈতে সংসাৰৰ! ৰাধাৰ চকুৰ আগলৈ ভাঁহি আহিল সিহঁতৰ শৈশৱৰ ছবিবোৰ! যিটো ল'ৰাৰ সৈতে একেলগে ধূলিয়ে বালিয়ে খেলি ডাঙৰ হৈছে সেই ল'ৰাটোৱে তাইক সেন্দূৰ দিয়াৰ কথা ভাবিছে! তাই চাইকেল চলাওঁতে পৰিব বুলি পিছে পিছে লৱৰি যোৱা ল'ৰাটোৱে তাইৰ লগত হোমৰ গুৰিত সাত পাক ল'ব খুজিছে! হয়, কানায়ে তাইক ভাল পায়। তাইও ভাল পাই কানাইক। কানাই তাইৰ ভায়েক নে বন্ধু নে প্ৰেমিক কোনোদিন বিচাৰ কৰি চোৱা নাই। কোনোদিন কিবা শব্দৰে সিহঁতে সিহঁতৰ সম্পৰ্কক বান্ধিবলৈও বিচৰা নাই! ৰাধাৰ প্ৰতিটো কষ্টৰ সাক্ষী কানাই, তেনেকৈ কানাইৰ প্ৰতিটো আঘাতৰ ঢাল হয় ৰাধা। আছে, কানাই আৰু ৰাধাৰ মাজত এটা নিবিড় অনুভৱ আছে। ক'ৰবাত অভিন্ন হয় সিহঁত। কিন্তু তাৰ মাজত স্বামী স্ত্ৰীৰ সপোন কোনোদিন অহা নাছিল। কিয়, কিয় সদায় প্ৰয়োজন হয় সম্পৰ্কৰ নামাকৰণ! কেৱল অনুভৱেৰে বান্ধ কিয় খাব নোৱাৰে মানুহ! প্ৰেমৰ উৰ্দ্ধতো থাকিব নোৱাৰে নে কিবা! ৰাধাই কৈ উঠিল,
"মিছা! হ'ব নোৱাৰে। কানায়ে মোৰ বিষয়ে নাভাবে কেতিয়াও এনেদৰে।"
"তুমি নামানিলেও এয়াই সঁচা ৰাধা। কানাইৰ বুকুত তুমিয়েই আছা।"
"কোনোবা কাৰোবাৰ বুকুত থকাৰ অৰ্থ সংসাৰ নহয় শৰৎ দা। কিমান জানে আপুনি কানাইক? কিমান বুজে আপুনি মোক?"
শৰতে একো নোকোৱা দেখি ৰাধাই আকৌ ক'লে,
"ঠিক আছে। আপুনি মোক গ্ৰহণ কৰে নকৰে সেয়া আপোনাৰ কথা। কিন্তু মোৰ আৰু কানাইৰ সম্পৰ্কক লৈ যি আঙুলি টোঁৱালে তাৰ প্ৰমাণ ময়েই আপোনাক দিম। আপুনি বুজিব লাগিব কানাই মোৰ বাবে আৰু মই কানাইৰ বাবে কি! ব'লক মোৰ লগত।"
ৰাধাৰ কথাত শৰৎ তাইৰ সৈতে আগবাঢ়িল স্নেহালয়ৰ ফালে।
স্নেহালয়ত নোসোমোৱাকৈ শৰতক ৰাধাই ৰাধাপুখুৰীলৈকে লৈ গ'ল। তাই জানে, এইখিনি সময়ত কানাই পুখুৰীৰ পাৰতেই থাকে। স্নেহালয়ত দিনটো ইটো সিটো মানুহেৰে ভৰি থাকে। কোনোবা মাছমৰীয়াই ডাঙৰ মাছ এটা আনি তাকেই কাটি বাচি দিব, কোনোবা আহিব মহুৰা ফুৰাবলৈ, কোনোবা ঢেঁকী দিবলৈ। কথাৰ মেল শেষ নহয় স্নেহালয়ৰ আগচোতাল, পাছ চোতালত। সেয়ে কানায়ে কিতাপ এখন লৈ পুখুৰীৰ পাৰলৈকে যায় গৈ। হাই উৰুমিৰ পৰা আঁতৰত তাত শান্তিৰে পঢ়িব পাৰে। ৰাধাৰ অনুমান মতেই পুখুৰীৰ পাৰৰ ৰাধাচূড়া জোপাৰ তলতে কানাই বহি আছে। ৰাধাহঁত যোৱাৰ ফালে পিঠি দি থকাৰ বাবে সি সিহঁতক দেখা নাই। ৰাধাই অলপ আঁতৰত শৰতক ৰ'বলৈ ক'লে। ইয়াৰ পৰা কানায়ে নেদেখে যদিও তাক সম্পূৰ্ণৰূপে দেখা পাই আৰু শুনাও পাব। শৰতক সেইখিনিতেই গছ এজোপাৰ আঁৰত ৰ'বলৈ দি তাই কানাইৰ ওচৰলৈ আগবাঢ়িল। ঘপকৈ তাইক দেখি সি উচপ খাই উঠি সুধিলে,
"কি হ'ল ঐ? কলেজৰ পৰা বাহিৰে ইয়াত যে? ইউনিফৰ্ম ও খোলা নাই।"
ৰাধা তাৰ কাষতে বহিল,
"তোৰ লগত কথা এটা আছিল। ঘৰত পাতিব নোৱাৰি।"
"কি কথা?"
"তোক বহুত দিনৰ পৰাই ক'ম বুলি ভাবি আছিলোঁ। কিন্তু তই বা আকৌ কি বুলি লৱ!"
কানায়ে অলপ হাঁহি ক'লে,
"মোৰ লগত কথা পাতিবলৈও তই পাতনি মেলিছ যে? কথাটো ক।"
"মানে কানাই..."
ৰাধা অলপ ৰৈ গ'ল। কানায়ে একেথৰে চাই আছে তাইৰ ফালে। গছৰ আঁৰৰ পৰা সিহঁতৰ কথাও শুনি আছে শৰতে। অলপ ৰৈ ৰাধাই ক'লে,
"মই তোক ভাল পাওঁ আৰু তোৰ লগত বিয়া হ'ব খোজো।"
কানায়ে চিঞৰি উঠিল,
"বিয়া??"
"অ, কি হ'ল? তই চাগে ভাবিছ মই আজিয়েই বিয়া হ'ব খুজিছোঁ বুলি। নহয়, তই পঢ়ি শুনি কিবা এটা কৰ। মই তেতিয়ালৈ ৰ'মতো।"
কানাই এইবাৰ থিয় হ'ল,
"এইবোৰ তই কি কৈছ ৰাধা!"
"কিয়, তই মোক ভাল নাপাৱ নেকি?"
"পাওঁ, তোক ভাল পাওঁ।"
"তেন্তে?"
"তোক মই ভাল পাওঁ ৰাধা। কিন্তু কোনোদিন তোৰ সৈতে সংসাৰ কৰাৰ সপোন দেখা নাই মই। ভাল পাওঁ তোক, তাত চৰ্ত একো নাই। ভালপোৱা মানেই বিয়া, সংসাৰ এইবোৰ ক'ত লিখা! কাৰোবাৰ পৰা একো নিবিচৰাকৈও কাৰোবাক ভাল পাব নোৱাৰি নেকি?"
মিচিকিয়া হাঁহি এটা মাৰি ৰাধা থিয় হ'ল,
"তাৰমানে মোক বিয়া কৰাবলৈ তোৰ মন নাই?"
"বেয়া নাপাবি ৰাধা, মই তোক সেইটো দৃষ্টিত কোনোদিন চোৱা নাই। তোৰ চকুলৈ চাই মই মোহ যাওঁ, তোৰ কথা শুনি মই ভোল যাওঁ। তোৰ হাঁহি তোৰ খং তোৰ প্ৰতিটো কথা মোৰ প্ৰিয়। কিন্তু তাত তোক শয্যা সংগী কৰাৰ কিবা কামনা নাই অ'। তোৰ আৰু মোৰ মাজৰ অনুভৱখিনিক কিবা এটা সম্বন্ধৰে বান্ধি পেলাব নোখোজোঁ মই।"
ৰাধাই এইবাৰ কানাইক সাৱটি ধৰিলে,
"তোতকৈ ভালকৈ মোক কোনে বুজি পাই হা? এইখন পৃথিৱীয়ে ভালপোৱাৰ অৰ্থ অকল বিয়া আৰু সংসাৰ বুলিয়েই ভাবে অ' কানাই।"
তাইৰ চলচলীয়া চকুযোৰ মচি দি কানায়ে ক'লে,
"কি হৈছে, মোক কচোন।"
ৰাধাই একো নকৈ মনে মনে ৰ'ল মাত্ৰ। এনেতে শৰৎ আগুৱাই আহি মাত দিলে,
"ৰাধা"
কানায়ে তেতিয়াহে ঘূৰি চালে,
"শৰৎ দা, আপুনি কেতিয়া আহিল?"
ৰাধায়ে কানাইক ক'লে,
"কিছুমান মানুহক কৈ দে কানাই, তেওঁলোকে ভবাতকৈ বহুত বেলেগ সম্পৰ্কৰে ভৰি আছে পৃথিৱীখন। ৰাধা আৰু কানাইৰ একেটাই আত্মা, ইয়াত শৰীৰৰ কিবা কথা নাই।"
তেতিয়া শৰতে কথাবোৰ কানাইক ক'লে। এতিয়াহে কানায়ে কথাবোৰ বুজিব পাৰিলে। সি শৰতৰ হাতত ধৰি ক'লে,
"শৰৎ দা, প্ৰেমত ভালপোৱা থাকে সঁচা। কিন্তু সকলো ভালপোৱাই প্ৰেম নহয়। আৰু কিছুমান ভালপোৱা প্ৰেমতকৈও ঊৰ্ধ হয়। ৰাধা আৰু মোৰ মাজত ভালপোৱা আছে সঁচা, কিন্তু সেয়া আপুনি ভবাৰ দৰে প্ৰেম নহয়। ৰাধা মোৰ বাবে দেৱী প্ৰতিমাৰ দৰে, যাক মই ভালপোৱাৰে আৰাধনা কৰোঁ। ইয়াত স্বামী স্ত্ৰীৰ বাসনাৰ ৰং নাসানিব। ৰাধাক ভাল পাওঁ, কিন্তু কোনোদিন তাইৰ সৈতে একেলগে শোৱাৰ কথা ভাবিব নোৱাৰো মই। ৰাধাক মই মোৰ আত্মাত ধাৰণ কৰিছোঁ শৰৎ দা, ইয়াত শৰীৰৰ একো কথাই নাহে।"
কথাখিনি কওঁতে অহৰহ চকুপানী বৈ আছিল কানাইৰ। ৰাধাই পিছফালৰ পৰা তাৰ বাহুত হাত থৈছিল। শৰতে চকুৰ পলক নজোপোৱাকৈ চাই ৰৈছিল সিহঁতলৈ। যেন সঁচাই বৃন্দাবনৰ ৰাধা আৰু কৃষ্ণৰ সমুখত থিয় হৈ আছে শৰৎ। যি সদায় অভিন্ন, যি দুটা শৰীৰৰ এটাই আত্মা। সেই শাশ্বত ভালপোৱা সেই স্বৰ্গীয় প্ৰেম আজিৰ পৃথিৱীতো যে ক'ৰবাত আছে সেয়া শৰতে কল্পনাও কৰা নাছিল! অন্তৰত কিমান পৱিত্ৰতা থাকিলে ভালপোৱাক আত্মাত ধাৰণ কৰিব পাৰে, অনুভূতি কিমান স্বৰ্গীয় হ'লে পাৰ্থিৱ স্পৰ্শৰ ঊৰ্ধলৈ যাব পাৰে সেয়া যেন শৰতে আজি অনুভৱ কৰিছে। হাত যোৰ কৰি শৰতে কানাইৰ ওচৰত আঁঠু ল'লে,
"মোক ক্ষমা কৰি দিয়া কানাই, ক্ষমা কৰা মোক। ভুল বুজিলোঁ মই তোমালোকক। আৰে তোমাৰ দৰে প্ৰেম কৰাটো দূৰৰ কথা, আমি তেনেকুৱা প্ৰেমৰ অনুমানো কৰিব নোৱাৰো। তোমাৰ ভালপোৱাৰ পৰিসীমাৰ ওচৰত মই একেবাৰে তুচ্ছ অ'। য'ত আমি সকলোৱে স্বাৰ্থ লৈ ভাল পাওঁ, বিবাহৰ প্ৰাপ্তিৰ, তাত তুমি কেৱল ভাল পাইছা। কিবা পাবলৈ আশা নকৰাকৈ বিলীন হৈছা। আৰু মই...."
শৰতৰ মাতটো থোকাথুকি হৈছিল। কানায়ে উঠাই দিলে শৰতক,
"ধেই শৰৎ দা, কি কৰিছে এইবোৰ! মই তেনেকুৱা একো নহয়। কিন্তু ৰাধা মোৰ বুকুত আছে, বুকুতেই থাকক। ভাগ্য একে হোৱাৰ প্ৰয়োজন নাই আমাৰ। আপুনি মাত্ৰ তাইক ভালে ৰাখিব।"
কানাইৰ হাতত ধৰি শৰতে ক'লে,
"মই ৰাধাক নহয়, কানাইৰ ৰাধাক নিজৰ কৰিম। সদায় আৱৰি ৰাখিম ভালপোৱাৰে। ৰাধাৰ আত্মাত তোমাক সদায় জীয়াই ৰাখিম।"
ৰাধাই চকুলো মোহাৰিছিল। শৰতে তাইৰ ওচৰলৈ গৈ কৈছিল,
"ক্ষমা কৰিব পাৰিবা মোক মা?"
ৰাধা বুকুত সোমাই পৰিল শৰতৰ। শৰতে মনৰ হেঁপাহেৰে সাৱটি ল'লে তাইক। এইফালে কানায়ে ক'লে,
"পিছে এতিয়া ইয়াৰ পৰা যোৱাটো ভাল হ'ব।"
হাঁহি মাৰি শৰৎ আৰু ৰাধা আঁতৰি আহিল। কানাই আৰু ৰাধা স্নেহালয়লৈ আগবাঢ়িল আৰু শৰৎ উভতিল।
ঢেংক্লুক ঢেংক্লুক
ব'হাগৰ আহোঁ আহোঁ, স্নেহালয়ত চাৰিওফালে ব্যস্ততা। ঢেঁকীৰ চাবত দেৱালো যেন কঁপি উঠিছে। পাৰ হৈ যোৱা সময়বোৰ লাহে লাহে মানুহবোৰে পাহৰিছে। ব'হাগক আদৰিবলৈ গোবিন্দপুৰে নতুন সাজ এযোৰহে যেন পিন্ধিছে। চ'তৰ শেষৰ কেইদিন স্নেহালয়ত সাতখন বিয়াঘৰৰ দৰে ব্যস্ততা হয়। গোবিন্দপুৰৰ বেছিভাগ বোৱাৰী দিনটো ইয়াতেই থাকেহি। কোনোবাজনীয়ে ঢেঁকীত বৰা চাউল খুন্দিব, কোনোবাজনীয়ে তাঁতশালত বহিব, কোনোবাজনীয়ে যঁতৰত। তাতে এই কেইদিন ভানুমতীৰ জী মহামায়াও আছেহি। আচলতে ঘৰখনৰ সকলোৰে সেমেকা মন দেখি ৰাধায়েই তেওঁক মতাই অনাইছিল। ধেমেলীয়া মহামায়া অহাৰ লগে লগেই ঘৰৰ পৰিৱেশ বেলেগ হৈ যায়। সকলোকে জোকাই মেলি হাঁহি উঠাই ফুৰা মহামায়া যেন এজাক হাঁহিৰ বতাহ। চাৰিওফালে বোৱাৰী হাঁহিয়ে ঘৰ ৰজনজনাই থাকে। তাৰ মাজে মাজে সাদৰীয়ে ঘৰৰ কামবোৰ কৰি থাকে, তেজাই চাহ পানী যতনাই থাকে, কুন্তলাই কেতিয়াবা ঢেঁকীশালত কেতিয়াবা তাঁতশালত বহি কথাৰ মহলা মাৰে। মনোহৰা পিছে বৰকৈ এইফালে নাহে। তেওঁ আহিলেও কথা বতৰা বন্ধ হয়, বোৱাৰীহঁতে খহি পৰা উৰণি টানি টানি লয়। মনোহৰাই কিবা ক'লেও কাৰোবাক গাজত লগাকৈহে এষাৰ কৈ আঁতৰি যায়। গম্ভীৰ খোজ আৰু বিৰক্তিৰ চাৱনিৰ মনোহৰাক গাওঁবুঢ়ানী বুলি সমীহ কৰি চলিলেও পিছফালে চবেই মুখ কোঁচাই। কেতিয়াবা লাখুটি ডাল লৈ খুপি খুপি ভানুমতীও ঢেঁকীশালৰ বোৱাৰী মেললৈ আহে। মহামায়াই তেওঁক ভিতৰৰ পৰা উলিয়াই আনে। বোৱাৰীহঁতৰ লগত কথা পাতি পাতি মহামায়াই দুই এফাঁকি ফকৰা মাতি বোৱাৰীহঁতক হাঁহিৰে চকুলো বোৱাই,
"গাভৰু কালত আছিলোঁ এজনী
ভুকুত ভাঙিছিলোঁ বেল,
কেঁচা সৰিয়হ মুঠিত চেপি
মুখত ঘঁহিছিলোঁ তেল।"
বোৱাৰীহঁতে হাঁহিত বাগৰি পৰে। মহামায়াই উছাহ পাই আকৌ ফকৰা মাতে,
"গাভৰু কালতে আছিলোঁ এজনী
ফুলক নুবুলিলোঁ ফুল,
থুৰীয়া তামোলে বটা নধৰিছিল
বোপাই নধৰিছিল কূল।"
হাঁহিত সাহ পাই কোনোবা এজনী বোৱাৰীয়ে একে সুৰতে কয়,
"গাভৰু কালত আছিলোঁ এজনী
খোজতে বকুল সৰে,
এতিয়া বিহুলৈ ওলাব নোৱাৰোঁ
কেঁচুৱাই আমনি কৰে।"
আকৌ হাঁহিৰ উজান উঠে। জীয়েকৰ ধেমালি শুনি ভানুমতীয়েও হাঁহি পেলায়। বয়স পাহৰি বোৱাৰীহঁতৰ লগত তেওঁ মিলি পৰে। বোৱাৰী হাঁহিৰে স্নেহালয় ভৰি পৰা দেখি ভিতৰত মনোহৰাই ভোৰভোৰাই,
"এইটো বয়সত সেই বোৱাৰীজাকৰ মাজত বহি চুপতি মৰাৰ সময় আছে!"
কিন্তু ভানুমতীৰ এইটো ৰূপ দেখি সাদৰী, কুন্তলাহঁতে সুখৰ উশাহ লয়। সৰুকণ যোৱাৰ পাছত মানুহজনী যেনেকুৱা হৈ গৈছিল যেন উশাহ লৈ থকা এডাল শুকান কাঠ। ৰাধাৰ আপডালতে লাহে লাহে আকৌ প্ৰাণ পাইছে ঘৰখনে। এনে এটা দিনতে ৰাধাই ঢেঁকী দি আছিল, এইফালে চাউল বঢ়াই আছিল সেউতীয়ে। ঢেঁকী দিয়াৰ মাজতে সেউতীৰ ব্লাউজে নঢকা পিঠিখনৰ উদং অংশত ৰাধাই দেখিছিল পোৰা পোৰা দাগ। তেজৰ শুকান ঘাঁ। ঘাঁবোৰে ৰাধাৰ বুকুখন বিষোৱাই তুলিছিল। কতদিনৰ পৰা মানুহজনীয়ে নীৰৱে সহি আহিছে শাহুয়েক আৰু গিৰিয়েকৰ অকথ্য অত্যাচাৰ। এতিয়া বুকুত কণমানি ছোৱালীজনী লৈও একেই মাৰপিত সহিব লাগে। এনেতে হঠাতে আগচোতালৰ পৰা পোনাকণ দৌৰি আহিল,
"সেউতী নবৌ, অ' সেউতী নবৌ"
এটাইমখা বোৱাৰীয়ে সুধিলে,
"কি হ'ল, এনেকৈ চিঞৰিছ যে?"
"আপোনালোকৰ বৰমাই মাইনাজনীক কোবাইছে। কিবা জগৰ লগালে হ'ব পায়! কণমানিজনীক এচাৰিৰে কোবাই আঁঠু কঢ়াই থৈছে। আপুনি যাওকচোন।"
বোৱাৰীহঁতৰ মাজৰ পৰা ইচ ইচ ইচ শব্দ ভাঁহি আহিল। বৰমা মানে সেউতীৰ শাহুয়েকৰ কথা কৈছে। শাহুয়েকে কথাৰে সেউতীৰ লগতে কেঁচুৱাজনীকো থেকেচা দিয়ে হয়, কিন্তু সেই মাতেই ভালকৈ নুফুটা ছোৱালীজনীক এনেকৈ কিয় কোবাইছে। খৰধৰকৈ চালনীখন পেলাই সেউতী যাবলৈ লওঁতেই ৰাধাই ক'লে,
"ক'লৈ যোৱা নবৌ?"
"মই যাওঁ দে ৰাধা, মোৰ ছোৱালীজনীক মাৰি পেলাব এতিয়া।"
"মাৰক দিয়া। তুমি নো গৈ কি কৰিব পাৰিবা! এনেও ডাঙৰ হৈ তাই তোমাৰ নিচিনাকৈ মাৰেইতো খাব। তুমি সেয়াই দেখুৱাই আহিছা। গতিকে এতিয়াৰ পৰাই অভ্যাস কৰক।"
সেউতীৰ চকুপানী বাগৰি পৰিল। ৰাধা আগুৱাই আহি ক'লে,
"নবৌ, ভাল বোৱাৰী ভাল ঘৈণী বহুত হ'লা। এতিয়া পাৰিলে ভাল মাক এজনী হৈ দেখুওৱা। এজনী বাঘিনী মাক। সেই ছোৱালীজনীক ঈশ্বৰে তোমাৰ ভৰসাত পৃথিৱীলৈ পঠাইছে।"
সেউতীয়ে মূৰ তুলি চালে। তাইৰ চকু কেইটা ৰঙা হৈ জ্বলি উঠিল। মুখখন কঠিন হ'ল। মূৰৰ উৰণি আঁতৰাই সেউতীয়ে চাদৰৰ আঁচল কঁকালত খুঁচনি মাৰিলে। তাৰ পাছত দৌৰি যোৱাদি ঘৰৰ ফালে খোজ ল'লে। পিছে পিছে ৰাধা আৰু কেইবাজনী বোৱাৰীও গ'ল।
সেউতীহঁতৰ গোবৰে লেপা চোতালখনতে উচুপি উচুপি আঁঠুকাঢ়ি কাণত ধৰি আছে কণমানিজনীয়ে। আইতাক ভদ্ৰেশ্বৰীয়ে কাষতে মুঢ়া এটাত বহি পাচলি কাটি কাটি কৈ আছে,
"তাই বাৰে পোৱাতীয়ে মোৰ টেঁটুত এইজনীক ওলমাই চাউল খুন্দাৰ চলেৰে মহাজনৰ ঘৰত গৈ মেল মাৰিছে গৈ। মই ইয়াত কেঁচুৱাৰ লেদেনা উকটিব লাগে। বেটী গোলামৰ জীয়েক, মোক চিনি পোৱা নাই।"
কণমানিজনীয়ে এবাৰত আকৌ ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰে। লগে লগেই ভদ্ৰেশ্বৰীয়ে চিঞৰি উঠিল,
"চুপ মাৰি থাক। একে ভুকুৱে সঁচ মাৰি থ'ম। মাৰে দেহা দেখুৱাবলে গৈছে, আহি নোপোৱালৈকে এনেকেই থাক।"
এনেতে নঙলাডাল গোৰ মাৰি খুলি সেউতী দৌৰ মাৰি সোমাই আহিল। তাইক দেখিয়েই কণমানি জনীয়ে মাই মাইকৈ তাইৰ কোলাত উঠিল গৈ। সেউতীয়ে দেখিলে, ছোৱালীজনীৰ আঁঠুত ছাল ফাটি তেজ ওলাই আহিছে। কোমল আৰু গাখীৰ হেন গালখনত ৰঙা ৰঙা আঙুলিৰ দাগ। হাতত এচাৰিৰ দাগো বহি আছে। বুকুখন কিহবাই যেন মুচৰি দিছে সেউতীৰ। কিমান কঠুৱা হ'লে এইহেন অকণমানি ছোৱালী এজনীৰ ওপৰত এনে অত্যাচাৰ কৰিব পাৰে। ছোৱালীজনীক ভিতৰত থৈ আহি সেউতী শাহুয়েকৰ কাষলৈ গ'ল,
"তাইক কিয় মাৰিলে মা?"
শাহুয়েকে একো উত্তৰ নিদি পাচলি কাটি থাকিল। এইবাৰ সেউতীয়ে অলপ ডাঙৰ মাতেৰে সুধিলে,
"মই কিবা এটা সুধিছো, তাইক কিয় মাৰিলে এনেকৈ?"
শাহুয়েক আচৰিত হৈ মূৰ তুলি চালে। সেউতীৰ চকুত যেন অঙঠাহে জ্বলিছে। এই অঙঠাত এতিয়াই পানী ছটিয়াব নোৱাৰিলে ই জুই হৈ বৰষিব। শাহুয়েকে গেঙেৰি মাৰি আহিল,
"কাক এনেকৈ কথা কৈছ! এইখন নলীয়া কটাৰীৰে ৰেপি পেলাম। দেহা দেখুৱাবলৈ গ'লে জীয়েৰকো লৈ যাবি। এনেও আগলৈ তোৰ নিচিনা বনৰীয়েইহে হ'ব। তাতকৈ..."
শাহুয়েকৰ কথা শেষেই নহ'ল, সেউতীয়ে তেওঁৰ হাতত থকা কটাৰীখন আৰু পাচলিৰ খৰাহীটো টান মাৰি আনি দলিয়াই দিলে। শাহুয়েক যেন জাঁপ মাৰি থিয় হ'ল। তেওঁ কি হৈছে তৎ ধৰিবলৈ নাপাওঁতেই এটা প্ৰচণ্ড কাণতলীয়া চৰ আহি তেওঁৰ গালত বহিলহি। গাভৰু বোৱাৰীয়েকৰ চৰ সহিব নোৱাৰি তেওঁ থিয়ৰ পৰা বাগৰি পৰিল। কি হৈছে এয়া! এয়া কি দেখিছে ভদ্ৰেশ্বৰীয়ে! যিজনী সেউতীয়ে আজি অতদিনে উভতাই উত্তৰ দিয়া নাই, তাই আজি তেওঁৰ গাত হাত উঠালে! চৰ মাৰি বগৰাই দিব পৰা হ'ল। সেউতী তাতেই ক্ষান্ত নাথাকিল। চোতালৰ এচুকত কাঠখৰি অলপ ৰ'দাই থোৱা আছিল। মেখেলাখন ওপৰলৈ খুচি লৈ তাই তাৰ পৰা খৰি এডাল লৈ আনিলে আৰু এটা হাতেৰে শাহুয়েকৰ চুলি কোঁচা থাপ মাৰি ধৰি লৈ সিটো হাতত খৰিডালেৰে উধাই মুধাই কোবাবলৈ ধৰিলে। ভদ্ৰেশ্বৰীয়ে বাধা দিবলৈ সুযোগেই নাপালে। তেওঁৰ গা, পিঠি হাত ভৰি বুকু কাঠখৰিৰ কোবেৰে সেৰেলা সেৰেল হ'ল। সেউতীয়ে লগে লগে চিঞৰিও থাকিল,
"মোৰ জী বনৰী, তাই দেহা দেখুৱাব। চাল্লা কুকুৰণী বুঢ়ী, অতদিনে নিজৰ আই বুলি ভাবি সেৱা কৰিলোঁ। তহঁতৰ মাৰপিত চকুমুদি সহি থাকিলোঁ। বেমাৰত গু মূত ধোঁৱাই দিলোঁ। এতিয়া মোৰ ছোৱালীজনীৰ এই গতি কৰ, তোক আজি মাৰিয়েই পেলাম মই।"
এইফালে ভদ্ৰেশ্বৰীয়ে টেঁটু ফালি চিঞৰিছে,
"ঔ কোন আছ অ', এই ৰাক্ষসীজনীৰ পৰা মোক বচাহি অ'। ঔ মোক এই আজি খাই পেলাব অ'। এইজনীৰ গাত ডাইনী সোমাল। কোন ক'ত আছ অ'!"
ৰাধাকে ধৰি গাঁৱৰ বোৱাৰী কেইজনীমানে চোতাললৈ নহাকৈ নঙলাৰ সিপাৰৰ পৰা গোটেই ঘটনাবোৰ চাই আছিল। কোনোদিন মুখেৰে টু শব্দ এটা নোকোৱা সেউতীৰ এই কালী গোসাঁনী ৰূপ দেখি আটাইকেইজনী যেন বোবা হৈ গৈছিল। এতিয়া ঘটনা বেছি বেয়ালৈ যোৱা দেখি এজনী বোৱাৰী নঙলা খুলি আগুৱাই যাবলৈ লৈছিল। লগে লগে ৰাধাই তেওঁক বাধা দি ক'লে,
"ক'লৈ যায়? অতদিনে যে শাহুয়েকে তাইক এইদৰে মাৰপিত কৰি আছিল, তেতিয়া আপোনালোক কোনোবাই ৰখাবলৈ আহিছিল নে? এতিয়া কিয় যাবলৈ ওলাইছে? চাওক, এতিয়াও ইয়াৰ পৰাই ৰং চাওক। কোনো যাব নোৱাৰে।"
ৰাধাৰ কথাত গোটেই বোৱাৰী কেইজনীয়ে তাপ মাৰিলে। ইফালে সেউতীৰ কাঠখৰিৰ কোবত ভদ্ৰেশ্বৰীৰ গাৰ ঠায়ে ঠায়ে ফাটি তেজ বিৰিঙি আহিছে। চাদৰৰ আঁচল ফালি গৈছে। শেষত তেওঁ সেউতীৰ ভৰিত ধৰি কান্দি উঠিল,
"মোক খেমা কৰি দে অ' আই। মোক এৰি দে। মই বৰ অইনাই কৰিলোঁ অ' তোৰ লগত। মোক এৰি দে।"
এইবাৰ সেউতীয়ে এৰি দিলে। কাঠখৰিডাল দলিয়াই দি চোতালত ধমহকৈ বহি পৰিল। শাহুয়েক চুচৰি চুচৰি গৈ ভিতৰ পালেগৈ। এনেতে ক'ৰবাৰ পৰা সেউতীৰ গিৰিয়েক আহি ওলালহি। কোনোবাই তেওঁক খবৰ দিছিল গৈ হ'বলা, নঙলা ভাঙি চোতাল সোমায়েই তেওঁ সেউতীক চুলিত ধৰি বগৰাই ল'লে,
"হাৰামজাদী, মোৰ বৌটিৰ ওপৰত হাত উঠাৱ তই! তোক আজি মই!"
পুতেকৰ মাত শুনি মাক ভিতৰৰ পৰা ওলাই আহিল,
"দে বোপাই দে, এইক শেষ কৰি পেলা আজি।"
সেউতীয়ে তেওঁৰ হাতৰ পৰা নিজক মুকলি কৰি কৈ উঠিল,
"আগতে আপোনাৰ মাকে কি কৰিছে শুনি লওক, মোৰ ছোৱালীজনীক কোবাই কোবাই..."
কথাটো শেষ নহওতেই সেউতীৰ গিৰিয়েকে কৈ উঠিল,
"অ কোবাবই তোৰ জীয়েৰক। ল'ৰা এটা দিব নোৱাৰিলি, এতিয়া তোৰ জীয়েৰক ৰাজকুমাৰী কৰি ৰাখিব লাগে। কেতিয়াবা মাৰি পেলাম জীয়েৰক।"
সেউতীয়ে যেন সাপৰ দৰে ফেঁট তুলি উঠিল,
"কি হ'ল, তই কাক মাৰি পেলাৱ?"
এইবুলি অলপ আগতে শাহুয়েকে পাচলি কাটি থকা কটাৰীখন বুটলি লৈ গিৰিয়েকৰ বাহুত এক ঘাপ মাৰি দিলে। লগে লগেই বাহুৰ পৰা তেজ বৈ আহিল। গিৰিয়েক বজ্ৰপাত পৰা মানুহৰ দৰে চমকি উঠিল আৰু দুখোজ পিছুৱাই গ'ল। সেউতীয়ে পুনৰ ক'লে,
"আজি তোকেই দুই ডোখৰ কৰি পেলাম মই।" এইবুলি কটাৰীখন টোঁৱাই তাই গিৰিয়েকক খেদি গ'ল। লগে লগে গিৰিয়েক দৌৰ মাৰিলে,
"আমাৰ এইজনী বলিয়া হ'ল। এই মোক কাটিবলৈ আহিছে ঐ, কোন আছ চা হি ঐ! এই মোক সঁচাকৈ কাটিব ঐ!"
গোটেই চোতালখন গিৰিয়েকক দৌৰাই ফুৰালে সেউতীয়ে। শাহুয়েকে বুকু ঢকিয়াই কান্দিছে,
"এই মোৰ ল'ৰাটোক মাৰি পেলাব ঐ! ঐ মোক বচা ঐ।"
কিন্তু কোনো সোমাই নাহিল। এবাৰত সেউতীৰ গিৰিয়েক চোতালতে বাগৰি পৰিল। তেওঁৰ ডিঙিত কটাৰীখন থৈ সেউতীয়ে কৈ উঠিল,
"আজিৰ পৰা যদি মোৰ ছোৱালীজনীৰ ওপৰত কিবা এটাও কৱ, তাইৰ গাত হাত উঠাৱ, এই কটাৰীৰে ৰেপি ৰেপি অসুৰৰ তেজ বাহিৰ কৰি দিম।"
শাহুয়েকে আহি পুতেকক সাৱটি ধৰিলে। এইবাৰ নঙলা খুলি ৰাধা সোমাই আহিল। সোমাই আহিয়েই ভদ্ৰেশ্বৰীক ক'লে,
"বুইছে বৰমা, মাইকী মানুহে চব সহ্য কৰে। জীয়েক হৈ সহ্য কৰে, বোৱাৰী হৈ সহ্য কৰে, ঘৈণী হৈও সহ্য কৰে। কিন্তু মাকে, মাকে কেতিয়াও সহ্য নকৰে। গতিকে মাকক জোকাই নল'ব। ইমান দিনে নবৌক আপোনালোকে কিমান কোবালে, আমি আহিলে কয় আনৰ ঘৰৰ কথাত কিয় মাত দিয়! আজি নিজেই বুকুত চপৰিয়াই মানুহ মাতিব লগা হ'ল নে? সময় সদায় একেদৰে নাযায়। ছোৱালী এজনীয়ে নিজৰ ঘৰখন এৰি আহি বোৱাৰী হয়। সেই ত্যাগক মূল্য দিবলৈ শিকক।"
ভদ্ৰেশ্বৰী তলমূৰ কৰি ভিতৰলৈ সোমাই গ'ল। পিছে পিছে সেউতীৰ গিৰিয়েকো গ'ল। সেউতীয়ে ৰাধাক এবাৰ আঁকোৱালি ধৰিলে, তাৰ পাছত সিঁচৰতি হৈ থকা পাচলিবোৰ সাৰি খৰাহীত ভৰাই ভিতৰলৈ খোজ ল'লে। এটা প্ৰাপ্তিৰ মন লৈ ৰাধাও স্নেহালয়লৈ উভতিল।
ৰাধা গৈ স্নেহালয় পাওঁতে চোতালতে মনোহৰা ৰৈ আছিল। হয়তো সেউতীহঁতৰ ঘৰত হুলস্থুল শুনিয়েই বাহিৰত ৰৈছিলহি। ৰাধা সোমাই যাওঁতেই তেওঁ ক'লে,
"আনৰ সংসাৰত জুই লগাইছ, নিজৰো যেতিয়া জুই লাগিব। তেতিয়া বুজিবি।"
ৰাধাই ওলোটাই ক'লে,
"যি ইতিমধ্যেই জ্বলি চাৰখাৰ হৈ আছে তাত কি জুই লগাম! এঙাৰকতো আৰু পুৰিব নোৱাৰি।"
কথাটো কৈয়েই তাই ভিতৰলৈ সোমাই গ'ল। চ'ৰাঘৰ পাওঁতেই হঠাৎ টেলিফোনটো বাজি উঠিল। স্নেহালয়ত বৈকুণ্ঠৰ নিজাকৈ ফোন এটা আছে যদিও এই লেণ্ডলাইন টেলিফোনটোৰ কানেকচন কাটি দিয়া নাই। দূৰণিৰ মিতিৰৰ মানুহে কেতিয়াবা ইয়াতে ফোন কৰি খা খবৰ লয়। সাধাৰণতে টেলিফোন সদায় বৈকুণ্ঠ নাইবা ধৰ্ম নাৰায়ণে উঠাই যদিও ধৰ্ম নাৰায়ণ অসুখত পৰাৰ বাবে আজিকালি যিয়েই ওচৰত থাকে সিয়েই ধৰে। আজিও সেয়ে ৰাধায়েই ফোনটো উঠালে,
"হেল্ল'..."
সিফালৰ পৰা একো মাত নহা দেখি ৰাধাই আকৌ ক'লে,
"হেল্ল', কোনে কৈছে?"
"ৰা...ধা..."
ৰাধাৰ বুকুখন কঁপি উঠিল এক আৱেগত। কতদিনৰ মূৰত শুনিছে এইটো মাত। ফোনটো ধৰি থকা হাতখনো যেন কিছু কঁপি উঠিল। কঁপা কঁপা মাতেৰে তাই ফুচফুচাই ক'লে,
"সৰু দা..."
সিফালৰ পৰা সৰুকণে ক'লে,
"ভাল নে তোৰ?"
"তই, তই ক'ত আছ ঐ? গুচি আহচোন তই। শুনিছনে?"
"মই যাব পৰা অৱস্থাত নাই ৰাধা। তোক কথা এটা জনাবলৈ ফোন কৰিলোঁ। আমি ভুল ভাবি আছিলোঁ ৰাধা, ভাগৱত ককাইদেউক সংগঠনৰ ল'ৰাই মৰা নাই। আচলতে ককাইদেউক...."
"কাৰ ফোন অ' ৰাধা?" হঠাৎ বৈকুণ্ঠ সোমাই আহিল চ'ৰাঘৰলৈ। ৰাধাই লগে লগে ফোনটো থৈ দিলে আৰু বৈকুণ্ঠক ক'লে,
"এই, এই ৰং নম্বৰ। কাক বিচাৰিছে জানো, সুধিলেও ভালকৈ নকয়।"
বৈকুণ্ঠই সন্দেহৰ দৃষ্টিৰে এবাৰ ৰাধালৈ আৰু এবাৰ ফোনটোলৈ চালে। ৰাধা ভিতৰলৈ সোমাবলৈ লৈছিল। এনেতে বৈকুণ্ঠই ক'লে,
"ৰচোন, কথা এটা আছে তোৰ লগত।"
ৰাধা ৰ'ল। আগফালৰ পৰা মনোহৰাও আহিল। ভিতৰৰ পৰা কুন্তলা আৰু ধৰ্ম নাৰায়ণ সোমাই আহিল। কিবা গভীৰ আলোচনা যেনেই ভাব হ'ল ৰাধাৰ। বৈকুণ্ঠই হাঁহি এটা মাৰি ক'লে,
"মৌজাদাৰে এই ব'হাগতে আঙুঠি পিন্ধোৱাৰ কথা কৈছে।"
লগে লগেই মনোহৰা আৰু কুন্তলাৰ মুখত হাঁহি বিৰিঙি উঠিল। ৰাধাই একো বুজি নাপাই দৰে সুধিলে, "মানে?"
বৈকুণ্ঠই তাইৰ মূৰত হাত ফুৰাই ক'লে,
"মানে এই ব'হাগতে তোৰ আৰু মৌজাদাৰৰ সৰুটো পুতেকৰ আঙুঠি পিন্ধোৱা।"
ৰাধাই চিঞৰি উঠিল, "তহঁত বলিয়া হৈছ নেকি? মই মৌজাদাৰৰ ঘৰলৈ বিয়া নহওঁ কেতিয়াও।"
লগে লগে মনোহৰাই একে সুৰতে ক'লে,
"কিয়? কি নাই মৌজাদাৰৰ ঘৰত? সাতটাকৈ গুটি ধানৰ ভঁৰাল, এগোহালি গৰু, তিনিখন গাড়ী, এখন চাহ বাগিচাৰ মালিক। আৰু কি লাগে?"
"সততা, বিশ্বাস, মানুহৰ প্ৰতি আদৰ। এইবোৰ লাগে মোক। যিবোৰ মৌজাদাৰৰ ঘৰত নাই। আপুনিয়েই কওক ককা, কি কাৰণে হলধৰ কায়ে গছত ওলমিব লগা হৈছিল? মৌজাদাৰৰ ঘৰত সূত দি দি নহয় নে? জেতুকী পেহীয়ে গিৰিয়েকৰ চিকিৎসা কৰাবলৈ বুলি ঘৰৰ এটাইবোৰ মাটি লগতে গহনাও নি মৌজাদাৰক দিলেগৈ। শেষত আপুনিওতো নিজৰ পৰা পইচা দিছিল। দুখীয়া মানুহৰ তেজ শুহি খোৱা সেইঘৰলৈ মই কিয় বিয়া হ'ম?"
ৰাধাৰ কথাৰ উত্তৰ ধৰ্ম নাৰায়ণৰ ওচৰত নাছিল। কিন্তু আজিৰ তাৰিখত বৈকুণ্ঠৰ ওপৰত নিৰ্ভৰশীল তেওঁ। বৈকুণ্ঠক কিবা উভতাই ক'বলৈ যেন ধৰ্ম নাৰায়ণ অপাৰগ। এনেতে ৰাধাই আকৌ ক'লে,
"বিয়াৰ কথা আকৌ ওলাইছেই যেতিয়া মই কৈ থওঁ, মই মোলৈ দৰা ইতিমধ্যে চাইছোঁ।"
এইবাৰ চ'ৰাঘৰত থকা আটাইবোৰ চমকি উঠিল। মহামায়াৰ হাতত ধৰি ভানুমতীও আহি ওলালহি। বৈকুণ্ঠই সুধিলে, "কোন?"
"শৰৎ দা"
"শৰৎ দা মানে? সেই তহঁতৰ কলেজৰ শৰৎ জ্যোতি দাস?"
"অ, তেওঁৱেই।"
এইবাৰ বৈকুণ্ঠ, কুন্তলা আৰু মনোহৰাই একেলগে চিঞৰি উঠিল,
"কি?"
"অ, মই বিয়া হ'লে শৰৎ দা লৈকে হ'ম।"
মনোহৰাই ক'লে, "সেই মাক বাপেক কেও কিছু নোহোৱা টোকোনাটোলৈ বিয়া হৈ কি পাবি? তাৰতো চাকৰিটোও স্থায়ী নহয়।
"মই মাক বাপেকলৈ বিয়া নহওঁ, তাৰ চাকৰিটোলৈও বিয়া নহওঁ। মই তালৈহে বিয়া হ'ম। মই বিচৰা সকলো তাত পাম মই।"
এইবাৰ বৈকুণ্ঠই ক'লে,
"সেইবুলি বংশ পৰিয়াল বুলিওতো কথা এটা আছে। চৌধুৰী পৰিয়ালৰ জীয়ৰী সেই দাসৰ ঘৰলৈ বিয়া হৈ যাব নেকি? আমাৰ টুকুৰাত খাই জীয়াই থকা মানুহ সিহঁত। এতিয়া সিহঁতলৈ আমি কন্যাদান কৰিম?"
ৰাধাই ক'লে,
"ছিঃ খুৰা, ইমান লেতেৰা তহঁতৰ মনবোৰ। আজিৰ দিনতো উচ্চ নীচৰ কথা কৱ। অৱশ্যে তোৰ পৰা আৰু আশায়েই কি কৰা যায়। কিন্তু মোৰ এটা কথা জানি ল, মই শৰৎ দালৈকে বিয়া হ'ম।"
বৈকুণ্ঠ যেন খঙত বলিয়া হৈছিল। সি কুন্তলালৈ চাই ক'লে,
"দেখিলা বৌ, এইজনীকে জীয়ৰী বুলি অতদিনে বুকুত সাৱটি আছিলা নহয়। কিমান ক'লো যে নলাৰ পানী কেতিয়াও গঙ্গাজল নহয়। নাই, কোনেও নুশুনিলে মোৰ কথা।"
কি কৈছে এইবোৰ বৈকুণ্ঠই। ৰাধাই একো নুবুজি চাই থাকিল মাত্ৰ। ধৰ্ম নাৰায়ণে চেঁপা মাতেৰে ক'লে, "মনে মনে থাক অ' মাজু ল'ৰা।"
বৈকুণ্ঠই আৰু বেছিকৈ চিঞৰি উঠিল, "নাথাকো মই মনে মনে। বাৰে বাৰে কৈছিলোঁ, এইজনীক ইয়ালৈ আনিব নালাগে। কিন্তু....."
এইবাৰ ভানুমতী আগুৱাই আহিল, "মাজু অ', মই কাবৌ কৰিছোঁ তোক। এইবোৰ কথা আৰু নুলিয়াবি চোন।"
"কিয় নুলিয়াম? ক'মেই, তাইও বুজি পাওক এইখন ঘৰে তাইৰ বাবে কি কৰি থৈছে, তাই সাত জনম ল'লেও এইখন ঘৰৰ ধাৰ শুজিব নোৱাৰে।" বৈকুণ্ঠই গর্জন কৰি উঠিল। ৰাধাৰ যেন লাহে লাহে গাটোত কিবা কঁপনি এটা উঠিছে। গোটেই গাটো কিবা চেঁচা বতাহ এজাকে কোবাই গৈছে। লাহে লাহে গৈ তাই বৈকুণ্ঠৰ ওচৰ পাই সুধিলে,
"মোক ক ডাঙৰ খুৰা! কি কথা লুকুৱাই থৈছ তহঁতে। ক মোক।"
কুন্তলাই ফেঁকুৰি উঠিল, "ৰাধা, তই ভিতৰলৈ যা চোন।"
কিন্তু বৈকুণ্ঠই বাধা দি ক'লে, "নাই বৌ, আজি এই শুনিবই লাগিব। শুনক, অতদিনে নিজৰ জীয়ৰী বুলি ভাবিছিলা নহয়। চোৱা, আজি নীচ জাতৰ ল'ৰালৈ যাবলৈ ওলাই নিজৰ পৰিচয় দি দিলে তাই।"
ৰাধাই এইবাৰ চিঞৰি উঠিল, "কি বকি আছ তই? কি জীয়ৰী বুলি ভাবিছিলা? ক মোক কি কথা এইবোৰ?"
একে সমানে চিঞৰি বৈকুণ্ঠই ক'লে, "শুন তেন্তে, তই ভাগৱত চৌধুৰী আৰু কুন্তলা চৌধুৰীৰ সন্তান নহয়েই। তোৰ আচল বাপেৰো এই বংশৰ নহয়।"
নামঘৰৰ ডবা, খোল, বৰতাল যেন একেলগে ক'ৰবাত বাজি উঠিছে। কাণ তাল মাৰি যোৱাকৈ কোনোবাই ক'ৰবাত বৰকাঁহ বজাইছে। মূৰৰ পিছফালে যেন প্ৰকাণ্ড কুঠাৰ এখনেৰে কোবাই দিছে। আকাশখনত যেন ফাটি যোৱাকৈ গাজনি মাৰিছে। বজ্ৰপাত আহি পৰিছে যেন ৰাধাৰ গোটেই গাত। খোজ থৰক বৰক হৈছে তাইৰ। চ'ৰাঘৰৰ বস্তুবোৰ যেন ঘূৰিবলৈ লৈছে চাৰিওফালে। চকুৱে লাহে লাহে একো নমনা হৈ আহিছে। হাতেৰে মূৰটোত আজুৰি ধৰি চ'ৰাঘৰৰ মজিয়াতে বাগৰি পৰিল ৰাধা।
(আগলৈ)
Comments
Post a Comment