ৰাধা : ৩৮
#ৰাধা
Part 38
চকুৱে মুখে এছাটি পানী। পানীৰ কণিকাবোৰে মৃদু আঘাত কৰিছে সন্ধ্যাৰ চকুৰ পতাত। দুই এটা টোপালে তাইৰ কোমল ওঁঠযুৰিত যেন জোৰকৈ চুমাহে যাঁচিছে। খকমককৈ চকু মেলি দেখিলে তাই সন্মুখত অনুৰণ ৰৈ হাঁহি আছে। সন্ধ্যাই তেতিয়াহে গম পালে যে ৰাতি পুৱাল আৰু তাই গোটেই ৰাতিটো ৰাধা পঢ়ি পঢ়ি বেলকণিতে টোপনি গ'ল। তাইৰ অৱস্থাটো দেখি অনুৰণে ক'লে,
"হোষ্টেলত থাকোতে এনেকৈ পঢ়ি পাইছিলা নে, এতিয়া আকৌ ষ্টুডেণ্ট হোৱাৰ মন নে কি?"
চকুহাল এবাৰ মোহাৰি সন্ধ্যা উঠি আহিল,
"কেনেকৈ যে টোপনি গ'ল তাতে!"
লগে লগেই তাই বাথৰুমত সোমাল। দৌৰাদৌৰিকৈ গা ধুই আহি পাকঘৰত সোমাল তাই। তেতিয়ালৈ পিছে মনুৱে গোটেইখিনি কৰিছিলেই। পাকঘৰত থাকোতেই অনুৰণে চিঞৰিলে,
"সন্ধ্যা, শুনা না।"
সন্ধ্যাৰ তাৰ পৰাই মাত দিলে, "কি হ'ল নো?"
"তোমাক লগ কৰিবলৈ কোনোবা আহিছে।"
"অ, গৈছোঁ ৰ'বা।"
সন্ধ্যা লৰালৰিকৈ আহি দেখে কোনোবা ল'ৰা এটা আৰু ছোৱালী এজনী আহিছে। দুইটাই মুখত মাস্ক পিন্ধি আছে। ল'ৰাটোৱে চান গ্লাছও পিন্ধি আছে। অনুৰণ চোফাতে বহি আছে। সন্ধ্যাই একো ধৰিব নোৱাৰিলে। কোন বা মানুহ! এনেতে ল'ৰাজনে আগুৱাই আহি ক'লে,
"গুড মৰ্নিং মেডাম। আমি আপোনাৰ অনুৰাগী। এবাৰ লগ কৰোঁ বুলি আহিলোঁ।"
সন্ধ্যাৰ কিবা আচহুৱা লাগিল যদিও ভালকৈয়ে ক'লে,
"অহ, ধন্যবাদ দেই।"
"মেডাম, আপোনাক এবাৰ সেৱা এটা কৰিব খোজোঁ।"
কথাটোৱে কৈয়েই ল'ৰাটোৱে তাইৰ ভৰি চুবলৈ আগুৱাই আহিল। সন্ধ্যাই "এই কি কৰা" বুলি কিবা ক'ব খোজোতেই হঠাৎ ল'ৰাটোৱে তাইক দাঙি ল'লে। এইবাৰ সন্ধ্যা আচৰিত হোৱাৰ লগতে খুব খং উঠিল। কি অসভ্য ল'ৰা! তাই চিঞৰিলে,
"কি অভদ্ৰামি কৰিছা এইবোৰ! নমোৱা মোক।"
সন্ধ্যাৰ আৰু বেছি আচৰিত লাগিছিল কাৰণ অনুৰণে এইবোৰ দেখিও কিবা কোৱাৰ সলনি হাঁহি হাঁহি চাই আছে। এইবাৰ তাই ল'ৰাটোৰ মুখৰ মাস্কখন টানি আজুৰি খুলি দিলে। লগে লগে তাৰ মুখখন ওলাই পৰিল। এইফালে ছোৱালীজনীয়েও তাইৰ মাস্কখন খুলি দিলে। এইবাৰ সন্ধ্যাৰ চকুৱে মুখে হাঁহি আৰু বুকুভৰা আনন্দ ফুটি উঠিল। উল্লাসেৰে চিঞৰি দিলে তাই,
"অভি, তই.. এনেকৈ মানে ক'ৰ পৰা?"
ল'ৰাটো আৰু ছোৱালীজনীয়ে একেলগে কৈ উঠিল, "ছাৰপ্ৰাইজ"
লগে লগে অনুৰণকে ধৰি গোটেই কেইটাই একেলগে হাঁহি উঠিল। সন্ধ্যাও ল'ৰাটোৰ কোলাৰ পৰা নামিল। এইজনেই অভিমন্যু শৰ্মা, সন্ধ্যা আৰু অনুৰণৰ ইউনিভাৰ্চিটিৰ বন্ধু। লগতে সেইজনী পখী, সন্ধ্যাৰ ৰূমমেট লগতে এতিয়া অভিমন্যুৰ প্ৰেমিকা। কৰ্মসূত্ৰে দুয়োটা মুম্বাইত থাকে। পিছে হঠাৎ এই আগমন সন্ধ্যাৰ বাবে কল্পনাৰো বাহিৰৰ আছিল। সিদিনা অভিমন্যুয়ে ফোনত অসমলৈ আহিম বুলি কৈছিল হয়, কিন্তু ইমান সোনকালে আহিব বুলি ভবা নাছিল তাই। হাঁহি হাঁহি চোফাতে বহি কথা পাতিবলৈ ল'লে সিহঁতে। চাৰিওটা যেন ঘূৰি গৈছে সিহঁতৰ ইউনিভাৰ্চিটিৰ দিনবোৰলৈ। সন্ধ্যাই ক'লে,
"তই কিন্তু একদম একেই আছ দেই। সেই একেই উৎপতিয়া। অলপো সলনি নহ'লি আৰু ন!"
"আৰু তয়ো একেই বেল জনী হৈ আছ! এইক কেনেকৈ হেণ্ডেল কৰা ৰে অনুৰণ!"
"ঐ ল'ৰা, আহিয়েই মূৰটো গৰম নকৰিবি।"
সন্ধ্যা আৰু অভিমন্যুৰ কথাৰ মাজতে পখীয়ে ক'লে,
"ৰ ৰ, এতিয়াই কাজিয়া আৰম্ভ কৰিব নালাগেহঁত চোন। বহুত সময় আছে।"
আকৌ সকলোৰে হাঁহি। এইবোৰৰ মাজতে মুখত অত্যন্ত বিৰক্তি সানি অনুৰণৰ মাক উঠি আহিল,
"ৰাতিপুৱাই পুৱাই কিহৰ ইমান হুলস্থুল এইবোৰ!"
কিন্তু আহিয়েই অভিমন্যুক দেখি তেওঁৰ মুখৰ ৰং সলনি হৈ গ'ল। লগে লগেই বিৰক্তিৰ ঠাইত মুখত মিঠা হাঁহি এটা বিয়পি পৰিল। মাতটো মাত্ৰাধিক কোমল কৰি তেওঁ মাত দিলে,
"আয়ু, অভিমন্যু দেখোন। ই আই, ক'ৰ পৰা এনেকৈ ওলালাহি হয় নে? ইচ, এই ৰুণজুনজনীয়ে মোক মাতি দিয়া চোৱা চোন তুমি আহিছা বুলি! তোমাৰ চিনেমা মই ৰিলিজ দিয়াৰ দিনাই চাওঁ জানা নে!"
অনৰ্গল কথা কৈ যোৱা মাকক দেখি অনুৰণ আৰু সন্ধ্যাই মুখ টিপি হাঁহিলে। অসমৰ পৰা গৈ মুম্বাইৰ চিনেমা জগতত খোজ পেলোৱা অভিমন্যু বৰ্তমান চিনেমাৰ এটা চিনাকি নাম। সন্ধ্যাৰ শাহুয়েকো অভিমন্যু বুলিলে বলিয়া। অৱশ্যে সেয়া তাৰ অভিনয়ৰ অনুৰাগী হৈ নে সন্ধ্যা অনুৰণৰ বন্ধু বুলি মানুহৰ আগত ক'বৰ বাবে সেয়া ধৰা পেলোৱা টান। পিছে যি কি নহওঁক, অভিমন্যু আহিল বাবে এইকেইদিন তেওঁৰ মুডটো অলপ ভাল হৈ থাকিব। অনুৰণহঁতৰ বাবে সেইটোৱেই সকাহ। কথাৰ মাজতে অনুৰণৰ মাকে অভিমন্যুক লগ পালেই কোৱা কথাটো ক'বলৈ নাপাহৰিলে,
"হেৰি নহয় অভিমন্যু, তোমাক যে আগৰ বাৰেই কৈছিলোঁ, মোকো মুম্বাইত কিবা চিৰিয়েল এখনতে সুবিধা এটা মিলাই দিয়াৰ কথা। কিবা পাতিছিলা নে, মই স্কুলত খুব অভিনয় কৰিছিলোঁ নহয়।"
অনুৰণে লাজতে তলমূৰ কৰিলে। এই সময়ত মাকক কিবা ক'লে ওলোটাহে হ'ব গৈ, সি জানে। অভিমন্যুয়ে পিছে টপককৈ ক'লে,
"চিৰিয়েল এখন আছে বৰমা। শাহু আৰু বোৱাৰীয়েকৰ কাহিনী। পুতেকলৈ বেলেগ ছোৱালী বিচাৰি থকা শাহুয়েকক বোৱাৰীয়েক ঘৰতে জ্বলাই দিয়ে। তেনেকুৱাই অলপ কাহিনীটো। আপোনাক শাহুয়েকৰ পাৰ্টটো দিম ভাবিছো, ল'ব নেকি?"
অনুৰণে সুদা মুখতে চৰ্চৰণি খাই উঠিল। সন্ধ্যাই কি কৰোঁ নকৰোঁকৈ ইফালে সিফালে চালে। এইফালে অনুৰণৰ মাকে থেৰো গেৰোকৈ "অ, পাতিম দিয়া পাছত ভালকৈ। এতিয়া তোমালোকে ৰেষ্ট লোৱাচোন।" বুলি উঠি গ'ল নিজৰ ৰুমলৈ। তেওঁ যোৱাৰ পাছত অনুৰণে ক'লে,
"ডেঞ্জাৰ মানুহ তুমি ভাই।"
সন্ধ্যাইও ক'লে, "অভদ্ৰ অ' তই। তেনেকৈ কথা কয় নেকি?"
অভিমন্যুয়ে লগে লগে কৈ উঠিল,
"আৰে, কি ভুল কৈছোঁ! তেওঁ কৰি থকা কামবোৰ যে ভুল সেয়া তেওঁ নিজেও ৰিয়েলাইজ কৰা উচিত। নে কি কোৱা অনুৰণ?"
অনুৰণে কিবা এটা ক'বলৈ লওঁতেই তাৰ ফোনটো বাজিল। উঠি গৈ সি কাণত ল'লে। সিফালৰ পৰা কিবা এটা কোৱাৰ পাছত সি চিঞৰ মাৰিলে, "হোৱাট? আৰ ইউ চিওৰ? ৱেইট ৱেইট, মই এতিয়াই গৈ আছোঁ।"
লগে লগেই সি কাপোৰ পিন্ধি সাজু হৈ সন্ধ্যাক ক'লে,
"ৰুণ, মই এতিয়াই যাব লাগে। ব্ৰেকফাষ্ট নকৰো। তুমি অভিমন্যুহঁতক খোৱাবোৱা দিয়া।"
অভিমন্যু আৰু পখীয়ে একো নুবুজি ৰৈ থাকিল। সন্ধ্যাই সুধিলে, "কিন্তু হৈছে কি ৰণ?"
"উজ্জ্বল দাহঁতৰ ঘৰলৈ যে অনাথ আশ্ৰমৰ ল'ৰা ছোৱালীবোৰ আহিছিল, তাৰেই তিনিজনী ছোৱালী কিডনেপ হৈছে। কিন্তু কিডনেপ হৈছে নে এয়া কাৰোবাৰ চক্ৰান্ত ঠিক নাই।"
এইবাৰ অভিমন্যুয়ে সুধিলে, "কেনেকুৱা চক্ৰান্ত অনুৰণ?"
"ভালকৈ ক'ম ৰ'বা অভিমন্যু। গুৱাহাটীত এতিয়া ঘৰত কাম কৰিবলৈ ছোৱালীবোৰ আনি বেলেগলৈ চালান দিয়াৰ কাম আৰম্ভ হৈছে। বহু কেইজনী ছোৱালীক ইতিমধ্যে পঠাইছেই। ইহঁতক ভালকৈ খান্দিব লাগিব এইবাৰ।"
কথাটো কৈ কৈ সি "মই গৈ থাকোঁ, ইভনিং লগ পাম" বুলি ওলাই গ'ল। পখীয়ে নিজকে কোৱাৰ দৰে ক'লে, "মানুহবোৰ যে কি হৈ হৈ গৈ আছে দিনে দিনে।"
অথনিৰে পৰা হাঁহি থকা সন্ধ্যাৰ মুখখন ম্লান হৈ গ'ল। তাইৰ মনলৈ অন্নপ্ৰাসন্নত লগ পোৱা সেই ছোৱালীজনী ভাঁহি আহিল। তাই ঠিকে আছেতো! কোনো সম্পৰ্ক নথকাকৈয়ে কেতিয়াবা কিছুমান মানুহ আপোন হৈ পৰে। সেই ছোৱালীজনীও সন্ধ্যাৰ বাবে তেনেকুৱাই। মনে মনে ৰোৱা সন্ধ্যাক দেখি অভিমন্যুয়ে সুধিলে, "কি হ'ল আকৌ তোৰ?"
"নাই একো। ব'ল, তহঁত ফ্রেছ হৈ ল। মোৰো ক্লাছ আছে নহয়।"
কথাটো কৈ সন্ধ্যাই সিহঁতক গেষ্ট ৰূমটো দেখুৱাই দিলে। মনুক কৈ তাত প্ৰয়োজনীয় দুই এটা বস্তু দিয়ালে আৰু তাই সকলোৰে বাবে ব্ৰেকফাষ্ট সাজু কৰিবলৈ পাকঘৰত সোমাল।
শাহুয়েক, অভিমন্যু আৰু পখীৰ সৈতে একেলগে ব্ৰেকফাষ্ট কৰি সন্ধ্যা ওলাল ইউনিভাৰ্চিটিলৈ। পখী হেনো আজিয়েই ঘৰলৈ যাব। সেয়ে দুপৰীয়া সিহঁতে একেলগে লাঞ্চ কৰাৰ প্লেন কৰিলে। সন্ধ্যাই শাহুয়েককো লগ ধৰিছিল যদিও তেওঁ ক'লে,
"মই নাযাওঁ দেই, সেই অন্নপ্ৰাসন খায়েই পেটটো কিবা লাগি আছে। তোমালোক যোৱা, অতদিনৰ মূৰত লগ পাইছা। ফুৰ্তি কৰা।"
এনেকুৱাতে সন্ধ্যাৰ এই মানুহ গৰাকীলৈ কিবা এটা মৰম জাগে। সকলো বুজি পাই তেওঁ। তাৰ পাছতো কিয় যে কেতিয়াবা অবুজন হয়! তাইৰ বিশ্বাস, এদিন তেওঁ বুজিব সকলো। সকলোকে মাত লগাই সন্ধ্যা ফ্লেটৰ তললৈ আহিবলৈ লৈছিল। এনেতে বেগত "ৰাধা"খন ভৰোৱা দেখি অভিমন্যুয়ে সুধিলে, "আৰু কিমান আছে গৈ?"
"বেছি নাই, শেষৰ ফালে পাইছোঁ গৈ। কিন্তু বহুত প্ৰশ্ন আহিছে।"
"আহিবই, উত্তৰবোৰ তই আৰু মই একেলগে বিচাৰিব লাগিব। পঢ়, মই ইয়াত থকা কেইদিনতে পঢ়ি শেষ কৰ।"
"হ'ব বাৰু" বুলি কৈ সন্ধ্যা ওলাই গ'ল। ক্লাছতো সন্ধ্যাৰ মনলৈ কাহিনীটোৰ কথাই আহি থাকিল। কি এক সাঁথৰেৰে লিখিছে ময়ূৰে এই কাহিনীটো! এক অজানা মায়া, ঠিক কুঁৱলীৰ দৰে এখন জাল। ক্লাছৰ ফাঁকত তাই ষ্টাফৰুমত আকৌ কিতাপখন মেলি ল'লে।
অবাধ্য হৈ খহি পৰা চাদৰৰ আঁচলখন বাৰে বাৰে তুলি লৈ স্নেহালয়ৰ ফালে খৰকৈ খোজ লৈছে ৰাধাই। মাজে মাজে দৌৰো মাৰিছে তাই। পিছে ভাগৰত ৰৈ গৈছে। আকৌ দৌৰিছে। পিছে পিছে শৰৎ। মন গৈছে যদিও ৰাধাক ৰ'বলৈ কোৱা নাই শৰতে। কাৰণ সি জানে, এই সময়ত ৰাধাক কোনেও ৰখাব নোৱাৰে। স্নেহালয় পায়েই নঙলা খুলি সোমাবলৈ লৈছিল ৰাধা। শৰৎ ৰৈ গ'ল অলপ আঁতৰত। তাক দেখিলে হয়তো কথাবোৰ আনফালে যাব। তাতকৈ ৰাধা অকলেই যাওক। পিছে ৰাধাই নঙলাত হাত দিয়াৰ লগে লগেই বৈকুণ্ঠই বাৰাণ্ডাৰ পৰাই গৰজি উঠিল,
"সাৱধান, তোৰ এটা খোজো যাতে চোতালত নপৰে।"
ৰাধাই মূৰ তুলি চালে। স্নেহালয়ৰ বাৰাণ্ডা আৰু চোতালত গোবিন্দপুৰৰ বিভিন্ন জন মানুহেৰে ভৰি আছে। হয়তো আইৰ খবৰ পায়েই আহিছে সকলো। বৈকুণ্ঠৰ মাতত সকলোৰে দৃষ্টি ৰাধাৰ ওপৰত নিবদ্ধ হ'ল। ৰাধা ৰৈ গ'ল যদিও উত্তৰ দিলে,
"মই আইৰ ওচৰলৈ আহিছোঁ।"
এইবাৰ বৈকুণ্ঠ বাৰাণ্ডাৰ পৰা নামি আহিল,
"কথা ক'বলৈ আহিছ, সেই নীহকূলীয়াটোৰ লগত পলাই যাওঁতে আইৰ চিন্তা ক'লৈ গৈছিল? তোৰ বাবেই আইৰ আজি এইটো অৱস্থা।"
আচৰিত হ'ল ৰাধা। কেতিয়া পলাই গৈছিল তাই! আৰু তাইৰ বাবে আইৰ এই অৱস্থা কেনেকৈ হ'ল, আয়েইতো তাইক নিজেই উলিয়াই পঠাইছিল! উত্তৰবোৰ লগে লগেই পালে ৰাধাই। তাত ৰৈ থকা সকলোৱে ৰাধালৈ ঘৃণাৰ দৃষ্টিৰে চালে, দুই একে কিবা কিবি ফুচফুচাই ক'লেও,
"নিজৰ ঘৰখনৰ লগত এনেকুৱা কৰিলে, এতিয়া আকৌ সমাজৰ চিন্তা কৰিবলৈ যায়!"
বুজি পালে ৰাধাই, উপস্থিত সকলোৰে আগত তাইক খলনায়িকা সজোৱাৰ সুন্দৰ আখৰা কৰিছে বৈকুণ্ঠই। ঘিণ লাগিছে আজি তাইৰ এই মানুহটোলৈ, ইমান তললৈ নামিব পাৰে নে সি! পিছে মানুহৰ কথাত উভতি যোৱা মানুহ ৰাধা নহয়। তাই ওলোটাই মাত দিলে,
"কাৰ বাবে আয়ে এনে কৰিছে সেয়া আয়ে নিজেই জানে। আনৰ কথাৰ উত্তৰ দি থাকিবলৈ মই বাধ্য নহয়। মুঠতে মই আইৰ ওচৰলৈ যামেই।"
বৈকুণ্ঠই কন্দামুৱা হৈ মানুহবোৰক ক'লে,
"দেখিছে নে তাইৰ জেদ! এই সময়ত আয়ে তাইক দেখিলে বেছি খং কৰিব।"
লগে লগে তাত থকা মানুহবোৰেও ক'বলৈ ধৰিলে, "তই উভতি যা ৰাধা।"
ৰাধা আগুৱাব লৈও ৰৈ গ'ল। বৈকুণ্ঠলৈ তাই ভয় নকৰে। কিন্তু এই সৰল মানুহবোৰ, তেওঁলোকেতো একোৱেই নাজানে। বৈকুণ্ঠৰ কথাত পতিয়ন গৈ তেওঁলোকে যদি কিবা বেয়া পৰিৱেশ কৰে! এনেতে ভিতৰৰ পৰা খৰ খোজেৰে সাদৰী ওলাই আহি সকলোৱে শুনাকৈ ক'লে,
"ৰাধা, ভিতৰলৈ আহা। আৰু সকলোৱে শুনক, ৰাধাৰ বাবে আইৰ এনে অৱস্থা হোৱা নাই। এইখন ঘৰলৈ কোন আহিব কোন নাহিব সেয়া সিদ্ধান্ত আন মানুহে নল'লেও হ'ব।"
গঞা ৰাইজে হয়তো প্ৰথমবাৰৰ বাবে সাদৰীৰ এই ৰূপ দেখিছে। সকলোৱে মনে মনে ৰ'ল। খঙত একো নাই হৈ বৈকুণ্ঠই সাদৰীৰ ওচৰলৈ গৈ আনে নুশুনাকৈ ক'লে,
"তেল ফাটিছে তোৰ? এতিয়াই ভিতৰলৈ যা, নহ'লে কাটি দুটুকুৰা কৰিম।"
সমান সুৰতে সাদৰীয়েও ক'লে,
"যদি আপুনি ৰাধাক সোমাবলৈ নিদিয়ে, তেন্তে মই এতিয়াই সকলোৰে আগত চিঞৰি চিঞৰি কৈ দিম আয়ে কিয় খোৱা বোৱা এৰিছে!"
বৈকুণ্ঠ নিমাত হৈ গ'ল। অতি যতনেৰে কৰা কাম এটাত এই পানী পৰে পৰে। ভিতৰুৱা কেতবোৰ কথা বাহিৰ হ'ব লাগিলে গোবিন্দপুৰৰ মানুহে তাক নচঁচা শূলত দিব। উপায়হীন হৈ সি ৰাধালৈ চাই ক'লে,
"ঠিক আছে। আইৰ খাতিৰতে যাবলৈ দিছোঁ, কিন্তু বেছি পৰ নকৰিবি।"
লগে লগে সাদৰীয়ে নিজেই নঙলা খুলি ৰাধাক টানি ভিতৰলৈ লৈ গ'ল। ভিতৰলৈ যিমানে গৈছে ৰাধা কঁপি গৈছে। এই পদূলি এই বাৰাণ্ডা, এই মজিয়া, উসঃ আজি কিমান অচিন! ভিতৰত সোমায়েই ৰাধাই সাদৰীক সুধিলে, "আয়ে এইবোৰ কিয় কৰিছে খুৰী?"
"বহু কথা ৰাধা। কিন্তু এইবোৰ কোৱাৰ সময় নহয় এয়া। তুমি আইক বুজোৱা, তেওঁ এনেকৈ হাৰ মানিলে নহ'ব। এতিয়াও বহু যুঁজ বাকী।"
"আৰু ককা? ককাই কি একো কোৱা নাই?"
সাদৰীয়ে একো নামাতি ৰৈ থাকিল। ৰাধাই পুনৰ সুধিলে, "কি হৈছে ককাৰ?"
"দেউতাই আজিকালি মানুহকেই ভালকৈ চিনি নাপাই ৰাধা।"
উফ ভগৱান! আৰু কিমান নিষ্ঠুৰ হ'ব পাৰা তুমি! আৰু কিমান কঠুৱা হ'বা এইখন ঘৰৰ প্ৰতি! কিমান যন্ত্ৰণা সহিব এইখিনি মানুহে! কিমান তেজৰ চকুলো বোৱাব এইটো বংশই! ৰাধা আৰু সাদৰী গৈ আইৰ কোঠাত সোমাল গৈ। ভিতৰত মনোহৰা আছিল। ৰাধাক দেখি একো নামাতি ওলাই আহিল তেওঁ। ৰাধা গৈ ভানুমতীৰ পালেঙত বহিল। সাদৰী ৰৈ থাকিল থিয় হৈ। শুই থকা ভানুমতীক ৰাধাই মূৰত হাত ফুৰাই দিলে। এই কেইমাহতে যেন আজু আইতাক একেবাৰে সাত বেমাৰীৰ দৰে হৈ গ'ল। চকু কেইটা গাঁত যেন লগা হ'ল। গালৰ হনু স্পষ্ট হৈ পৰিল। ৰাধাৰ হাতৰ পৰশ পাই ভানুমতীয়ে সৰু সৰু মাতেৰে কৈ উঠিল,
"মোৰ আইজনী অ'...."
ৰাধাই আৰু ৰখাব নোৱাৰিলে। তাই ফেঁকুৰি উঠিল,
"এনেখননো কিয় কৰিছে আই? আমাক এৰি যাবৰ এনে নো কি সময় হৈছে! মোক আৰু নিথৰুৱা কৰি নেপেলাব আই।"
ভানুমতীয়ে চকু মেলি ৰাধালৈ চালে। মুখখনে হাঁহো হাঁহো কৰি ক'লে,
"আজু ককাৰে মোক মাতি আছে অ' ৰাধা। মোক আৰু বাধা নিদিবি। মোলৈ আৰু মোহ নাৰাখিবি। মই বৰ কষ্ট পাম।"
"ঈশ্বৰে পঠাইছে যেতিয়া এদিন নহয় এদিন সকলো যাবই লাগিব আই। কিন্তু এনেকৈ ইচ্ছা কৰি কোনোবা যাবলৈ ওলাই নে! সময়ৰ আগতেই কিয় কৰিছে এনেখন?"
"সময় আহিছে ৰাধা। সময় আহিছে কেতিয়াবাই। মইহে ৰৈ আছিলোঁ। এতিয়া আৰু মোৰ সকাম নাই। এই যুঁজখন তই এতিয়াৰ পৰা অকলে চলাবি। তই হিচাপ ল'ব লাগিব আইজনী। সকলোৰে হিচাপ ল'ব লাগিব। তোৰ ওপৰত বহুজনৰ আশা। তোলৈ আমি সকলো ৰৈ আছোঁ।"
"মই নোৱাৰিম আই। আপুনি নহ'লে মই নোৱাৰিম। মই ভাঙি পৰিম আই।"
কৈ কৈ হুকহুকাই কান্দি উঠিল ৰাধাই। কেনেকৈ সহে নো তাই! এই জবা কুসুম তেলৰ গোন্ধটো, এই তামোলৰ গুৰিৰ গোন্ধটো, কোঠাটোত থকা লেমৰ হালধীয়া পোহৰটো, এই ৰেডিঅ'টো, এই পালেংখন! আইৰ সৈতে তাইৰ এহেজাৰ এটা স্মৃতি! কতদিন আইক সাৱটি তাই ইয়াতে শুই গৈছে। কতদিন তাইৰ উচুপনি আয়ে ওমলাইছে, কতদিন তাইৰ চকুৰ পানীৰে ভিজি গৈছে আইৰ বগা চাদৰৰ আঁচল! ভানুমতী আই এনে এক সত্ত্বা যি ৰাধাক অনবৰতে আৱৰি ৰাখে। এই সত্ত্বাৰ অবিহনে ৰাধা যে অসম্পূৰ্ণ। নোৱাৰিব, তাই যে নোৱাৰিব। কান্দি থকা ৰাধাক হাতত ধৰি লাহেকৈ নিজৰ ফালে টানি ল'লে ভানুমতীয়ে। ৰাধাই মূৰটো গুজি দিলে তেওঁৰ বুকুত। হয়তো শেষ বাৰৰ বাবে! ৰাধা আৰু ভানুমতী, দুয়ো ক'ৰবাত বুজি পাইছে এয়ে হয়তো শেষ। ইয়াতেই হয়তো সামৰণি। ভানুমতীয়ে নিজৰ উৰ্যা যেন পৰিৱহন কৰিছে ৰাধালৈ। নিজৰ অন্তিম শক্তিখিনিও যেন দি যাব খুজিছে ৰাধাক। ৰাধাৰ মূৰত হাত ফুৰাই ক'লে তেওঁ,
"নেকান্দিবি আইজনী। মই তোৰ মাজতেই থাকিম। ক'লৈকো নাযাওঁ। এই স্নেহালয় বহুত অপৱিত্ৰ হ'ল। মলিন হ'ল। ইয়াক ধুৱাব লাগিব তেজেৰে। স্নেহালয়ে এইবাৰ বলি বিচাৰিছে। তই পূজা দিব লাগিব আইজনী। বলিৰ পঠা এইবাৰ তই বাছিব লাগিব। কুৰুক্ষেত্ৰৰ আগে আগে শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা কথাবোৰ মনত পেলাবি। অধৰ্মত থাকিলে কোনো আপোন নহয়। তেজৰ সম্বন্ধৰো তেজ বোৱাব পৰাকৈ শকতি থাকিব লাগিব। মই আশীৰ্বাদ দিছোঁ আইজনী। ভালে থাকিবি। এইখন অসুৰৰ পিথবী। ইয়াত তয়ো বেছিদিন থাকিব নোৱাৰ। মোৰ আইজনী অ', আমি সকলোৱে সিপাৰে লগ হ'ম গৈ দে।"
বহু সময় কথা কৈ ভানুমতী অলপ সময় ৰ'ল। উশাহবোৰ ঘন ঘনকৈ ল'লে। ৰাধা তেওঁৰ বুকুৰ পৰা ওলাই বহিল। কিবা যেন বুজি পালে ৰাধাই। কিবা যেন শক্তি পালে। অথনি চলি থকা মনৰ অস্থিৰতাখিনি এতিয়া তাইৰ নাই। এনেতে ভানুমতীয়ে আকৌ ক'লে,
"এবাৰ সেই ঘোষা ফাঁকি গা চোন।"
ৰাধাই বুজি পাই লাহে লাহে গাই উঠিল,
"কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী,
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ....."
গাই হোৱাত ৰাধাই ভানুমতীৰ হাতত ধৰি ক'লে,
"যাওক গৈ আই। আপুনি আৰু কষ্ট পাব নালাগে। কথা দিছোঁ, আমাৰ বংশৰ এজন এজন মানুহৰ হিচাপ মই ল'ম। ন্যায় হ'ব। স্নেহালয়তে হ'ব। সিপাৰে গৈ আপুনি মাত্ৰ চাই থাকিব।"
এনেতে সাদৰীয়ে পিছফালৰ পৰা আহি ৰাধাৰ বাহুত হাত থ'লে। ভানুমতীলৈ চাই সাদৰীয়েও কৈ উঠিল,
"আমি কথা দিছোঁ আই।"
ভানুমতীৰ মুখত হাঁহিৰ ৰেশ বিয়পি পৰিল। ৰাধা ধীৰ খোজেৰে তাৰ পৰা ওলাই আহিল। পিছলৈ নোচোৱাকৈ ৰাধা স্নেহালয়ৰ পৰা ওলাই গ'ল। তেনেকৈয়ে গৈ শৰতৰ লগত ঘৰ সোমাল গৈ ৰাধা। মুখত একো ভাব নাছিল তাইৰ। মাত্ৰ গোঁসাই থাপনাত চাকি এগজ জ্বলাই থ'লে আৰু শৰতক ক'লে,
"মই আজি নিশা একো নাখাওঁ। আই আজি যাব গৈ।"
শৰতে ভাবিলে দুখতে ৰাধাই তেনেকৈ কৈছে। তাইক জোৰ কৰিও খোৱাব নোৱাৰিলে ভাত। ৰাধা উৰে নিশা থাপনাৰ ওচৰতে বহি ৰ'ল। আইৰ দুখতে ৰাধাৰ এই ব্যৱহাৰ বুলি শৰতে অনুমান কৰিছিল। কিন্তু শৰৎ আচৰিত হ'ল যেতিয়া মাজনিশা খবৰ আহিল, "ভানুমতী আই আৰু নাই। মাজনিশা শেষ নিশাহ এৰিলে আয়ে।"
শেষ হৈ গ'ল এটা যুগ। শেষ হৈ গ'ল এছোৱা সময়। যেন অভিভাৱকবিহীন হ'ল আজি গোবিন্দপুৰ। গোবিন্দপুৰৰ আকাশ বতাহ সকলোৱে কান্দিছে আজি। উজান উঠিছে লখিমীৰ বুকুত। সেই নিশাই লখিমীয়ে খহাই নিলে পাৰৰ এখিনি মাটি। লাহে লাহে চমু হৈ আহিছে সময়।
ৰাধাক মাতি মাতিও স্নেহালয়লৈ নিব নোৱাৰিলে শৰতে। তাই মাত্ৰ ক'লে, "মই আইক বিদায় দি আহিছোঁ।" ইফালে ভানুমতী আইৰ নিথৰ দেহৰ ওচৰত গঞা ৰাইজৰ সমুখত হিয়া ধাকুৰি কান্দিলে বৈকুণ্ঠ আৰু মনোহৰাই। ভিতৰৰ চ'ৰাঘৰত ধৰ্ম নাৰায়ণে সাদৰীক দেখি সুধিলে, "ইমান মানুহ কিয় আহিছে আমাৰ ঘৰলৈ?"
পুৱতি নিশা গোবিন্দপুৰ আৰু কাষৰীয়া গাঁৱৰ এশৰো অধিক ৰাইজৰ উপস্থিতিত দাওদাওকৈ জ্বলিল ভানুমতী আইৰ চিতা। স্নেহালয়ৰ দেৱালত পুনৰ লিখা হ'ল অন্যায় অনীতিৰ এক ঘিণ লগা ইতিহাস।
কিতাপখন জপাই দৌৰি যোৱাদি টয়লেটলৈ উঠি গ'ল সন্ধ্যা। পানীৰ টেপটো খুলি চকুৱে মুখে পানী মাৰি দিলে। কিমান জীৱন্ত হ'ব পাৰে এখন উপন্যাস, কিমান জীয়া হ'ব পাৰে উপন্যাসৰ চৰিত্ৰ! যোৱা এবছৰে শিল হৈ থকা সন্ধ্যাক পুনৰ বাধ্য কৰিলে আগৰ কোমল সন্ধ্যাজনী হ'বলৈ। কিতাপৰ মাজত লুকুৱাই অসীমত যাৰ হেৰাল সীমা পঢ়ি গোটেই ৰাতি কান্দি থকা সেই ছোৱালীজনী যেন ঘূৰি আহিছে পুনৰ। আৱেগ অনুভূতিৰ কবৰ ভাঙি যেন ওলাই আহিছে লুণীয়া আৱেগৰ ধাৰা। এৰা, কোনে কয় উপন্যাস কেৱল সাহিত্য বুলি! উপন্যাসে জীয়াব পাৰে মানুহ, উপন্যাসে জগাব পাৰে শুই থকা অনুভৱক, উপন্যাস হ'ব পাৰে কাৰোবাৰ বাবে সঞ্জীৱনী শক্তি। কিছু শান্ত হৈ ষ্টাফৰুমত বহিলহি সন্ধ্যা। পানী অকণ খাই সন্ধ্যাই ফোন এটা লগালে। বহুদিনৰ মূৰত ডায়েল কৰিছে এইটো নম্বৰ। ফোনটো ধৰি সিফালে সন্ধ্যাৰ মাকে কৈ উঠিল,
"ৰুণ, কি খবৰ? ভালে আছ নে?"
"ভাল মা। তোমালোকৰ ভাল নে? আইতাৰ কি খবৰ?"
"ভালেই, কথা পাতিবি নেকি আইতাৰ লগত?"
"উম, দিয়াচোন।"
ফোনটো সন্ধ্যাৰ আইতাকে ল'লে।
"ৰুণজুন অ', কেনে আছ অ' আই?"
ওঁঠ দুটা কামুৰি জোৰেৰে কান্দোনখিনি ৰখালে সন্ধ্যাই,
"ভালেই আইতা। আপোনাৰ ভাল নে?"
"আছোঁ দে আই। তইনো কি এনে অভিমান কৰি আছ অ'। কিবা এটা ভুল বুজাবুজি হৈছিল দে, সেইবুলি নিজৰ মানুহৰ পৰা এনেকৈ আঁতৰি থাকে নে? এপাক আহিবি চোন অ'। কোনদিনা ঘপকৈ গুচি যাওঁ কোনে জানে?"
"কি নো কথাবোৰ কৈছে আইতা? মই যাম, সোনকালেই যাম ঘৰলৈ।"
দুই এষাৰ কথা পাতি সন্ধ্যাই ফোনটো থ'লে। এৰা, বহুত হ'ল অভিমান। তাই ঘৰলৈ যাব এইবাৰ। মানুহেই যদি নোহোৱা হৈ যায় এই মান অভিমানবোৰৰ কি অৰ্থ থাকিল নো! ঘৰৰ মানুহৰ লগত কথা পাতি মনটো বহুখিনি পাতল হ'ল তাইৰ। ক্লাছলৈ বুলি উঠি গ'ল।
ক্লাছৰ মাজতে অভিমন্যু আৰু পখীৰ লগত উজান বজাৰৰ কেফে ৰিভিয়াত একেলগে লাঞ্চ কৰিলে সন্ধ্যাই। চাৰি মহলাৰ ওপৰৰ কেফে খনৰ পৰা ব্ৰহ্মপুত্ৰৰ ভিউটো বৰ ধুনীয়াকৈ দেখি। ইয়ালৈ এদিন অনুৰণে আনিছিল তাইক। মানুহো বৰ বেছি নাথাকে বাবে তাই অভিমন্যুক ইয়ালৈ আনিলে। পিছে ইয়াতো তাৰ অনুৰাগী নোলোৱাকৈ নাথাকিল। সকলোৱে ফটোও উঠিলে। ধুনীয়া সময় অলপ পাৰ কৰি সন্ধ্যা পুনৰ ইউনিভাৰ্চিটিলৈ গ'ল। পখী তাৰ পৰাই ৰেপিড' লৈ খানাপাৰা লৈ গ'ল। তাৰ পৰা ঘৰলৈ যাব তাই আজিয়েই। অভিমন্যু তাৰ নিজা কামত কাৰোবাক লগ কৰিবলৈ ওলাই গ'ল।
আবেলি ইউনিভাৰ্চিটিৰ পৰা আহি অলপ ফ্রেছ হৈ কফি একাপ খালে সন্ধ্যাই। অভিমন্যু আগতেই আহি পালে, গেষ্ট ৰুমৰ বিচনাত শুই আছে। শাহুয়েক হেনো মিঠুক লৈ বেলতলাৰ ভায়েকৰ ঘৰলৈ গ'ল। হয়তো যোৱা নিশাৰ ঘটনাৰ খবৰ ল'বলৈ। অনুৰণ আহোঁতে চাগে আজি পলম হ'ব। দুপৰীয়া এবাৰ ফোন কৰোঁতে কৈছিল। বিশেষ একো কাম নথকাত সন্ধ্যাই পুনৰ "ৰাধা"খন মেলি ল'লে। কাহিনীটো শেষ নকৰালৈকে যেন তাইৰ একো কথাত মন নবহিব।
ভানুমতী আইবিহীন এটা মাহ পাৰ হৈ গ'ল। গোবিন্দপুৰৰ মানুহৰ যেন ৰস জীপ নোহোৱা হৈছিল। শ্ৰাদ্ধৰ দিনা ঘোষা গাওতে বোৱাৰীহঁতৰ উচুপনিত স্নেহালয়ে যেন চকুলো টুকিছিল। হেমেন খুৰাৰ দোকানৰ পৰা আৰম্ভ কৰি সকলোৰে ঘৰে ঘৰে কেৱল আইৰে গুনগান। কোনো কোনোৱে ৰাধাক দূষিছিল, তায়েই ঘৰখনত কলি লগাই থৈ গ'ল বুলি। দুই একে আকৌ বৈকুণ্ঠক দোষ দিছিল, ৰাধা যোৱাৰ পাছত সিয়েই কিবা এটা কৰিলে। নহ'লে এনে এগৰাকী মানুহে কিয় ভাত পানী ত্যাগ কৰিব। যি হওক, লাহে লাহে কথাবোৰ স্বাভাৱিক হ'ল। শ্ৰাদ্ধলৈ বুলি অহা কুন্তলা আৰু মহামায়াও নিজৰ ঘৰলৈ উলটি গ'ল। ধৰ্ম নাৰায়ণ আৰু বেছিকৈ অসুখীয়া হ'ল। কামবোৰৰ দায়িত্ব সম্পূৰ্ণৰূপে বৈকুণ্ঠৰ হাতত পৰিল। এদেও দুদেওকৈ আগুৱাই স্নেহালয়ত কোনোবাই বিজয়ৰ হাঁহি মাৰিলে। ভানুমতী নোহোৱা হোৱাটো কাৰ বাবে যে আশীৰ্বাদ হৈ পৰিল সেয়া গোবিন্দপুৰৰ কোনেও নাজানিলে, একমাত্ৰ এগৰাকীৰ বাদে।
দুখৰ মাজতে নিজৰ কাম লৈ ব্যস্ত হৈ আছিল ৰাধা। ছবি শিকোৱা আৰম্ভ কৰিছিল তাই। খুব সোনকালেই স্কুল এখন আৰম্ভ কৰিব। শৰতো নিজৰ কামত ব্যস্ত। তাৰ মাজতেই এদিন ডাকোৱালে ৰাধাৰ বাবে কঢ়িয়াই আনিলে এমুঠি হাঁহিৰ ৰং। কানাইৰ চিঠি আহিছিল। চিঠিখন হাতত লৈয়ে হাঁহি পেলাইছিল ৰাধাই। আই ঢুকুৱাৰ খবৰ দি তাই কানাইলৈ চিঠি লিখিছিল। কিন্তু উত্তৰ অহা নাছিল। আই নোহোৱা ঘৰখনলৈ কানাই যে নাহে সেয়া ৰাধাই জানিছিল বাবে তালৈ অপেক্ষা কৰা নাছিল। কিন্তু চিঠিখনলৈ ৰৈ ৰৈ ব্যাকুল হৈছিল তাই। অৱশেষত আহি পোৱাত হেঁপাহেৰে মেলি ল'লে। চিঠিৰ প্ৰথম অংশত আইৰ কথাই আছিল। খবৰটো পাই আহিবলৈ মন গৈও সি নাহিল। আই নোহোৱা ঘৰখন চাব যে নোৱাৰে কানায়ে। কথাবোৰ কৈ শেষত কানায়ে লিখিছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ বিষয়ে,
"তোক বুজাব নোৱাৰোঁ ৰাধা কি পাওঁ মই এই চৌহদটোত। ইয়াৰ চাৰিওফালে থকা কাঞ্চনবোৰত, নিৰিবিলি নামৰ সেই পুখুৰীটোত। মই যেন অতদিনে ইয়াৰে অপেক্ষাত আছিলোঁ। জান নে ৰাধা, ইয়াৰ নিৰিবিলি নামৰ পুখুৰীটো দেখিলে মোৰ ৰাধাপুখুৰীলৈ মনত পৰে। তোলৈ খুব মনত পৰে। তেতিয়াই তোৰ আৰু মোৰ আমাৰ কাহিনীবোৰ লিখি থাকোঁ। এনে লাগে তই যেন মোৰ কাষতে আহি বহিছ, মোৰ লগত কথা পাতিছ। আমি বেলেগ হোৱা নাই জান ৰাধা। আঁতৰি আহি আমি আৰু বেছিহে একেলগে আছোঁ। তেজপুৰ ইউনিভাৰ্চিটিৰ গোটেই পৰিৱেশটো তোক এটা কবিতাৰে মই কৈছোঁ শুন।"
চিঠিখনৰ পৃষ্ঠাটো ইয়াতে শেষ হোৱাত ৰাধাই পিছৰ পৃষ্ঠাটো খুলিলে। তাত কানায়ে এটা কবিতা লিখি পঠাইছিল। য'ত আছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ গোটেই চৌহদৰ বৰ্ণনা। কানায়ে লিখিছিল,
""তেজপুৰ বিশ্ববিদ্যালয়"
জ্যোতি তোৰণৰ ইপাৰে এখন সেউজীয়া নগৰ..
য'ত বসন্ত নাহিলেও বলে বৰদৈচিলাৰ বতাহ..
য'ত সোৱণশিৰীৰ সোণবোৰ কপিলীৰ ঢৌৰে মিলি বৈ যায় পবিতৰাৰ কাষেৰে..
য'ত বাঁহীৰ মিঠা সুৰে আন্দোলিত কৰে সুউচ্চ কাঞ্চনজংঘাৰ শিখৰ..
নাহৰে য'ত আৱৰি ৰাখে চৰাইদেউক..
যৌৱনৰ উদ্দাম পৰশত ইয়াত সদায় জীৱন্ত হয় নীলাচল পাহাৰ..
য'ত সগৰ্বে নিজৰ অস্তিত্ব ঘোষণা কৰা পাটকাইৰ সিপাৰে আছে সকলোৰে সপোনৰ শৰাইঘাট..
যাৰ চোতালত নিতৌ আহে নৱ নৱ ফাগুন..
নিৰিবিলিৰ নীৰৱ ক্ষণত ধনশিৰীৰ জীয়াঢলে কঁপাই সকলোৰে হৃদয়,
এয়াই তেজপুৰ বিশ্ববিদ্যালয়......"
সন্ধ্যাৰ হাতৰ পৰা পৰি গ'ল কিতাপখন। আঁতৰি গ'ল সকলো উৰণি। আঁতৰি গৈছে কুঁৱলী। পৰিষ্কাৰ, পৰিষ্কাৰ সকলো। স্পষ্ট এতিয়া। খোল খাইছে সাঁথৰৰ শিকলি। ভাঙিছে ৰহস্যৰ দেৱাল। দেখিছে, সকলো দেখিছে সন্ধ্যাই। নহয় নহয়, ৰাধা কেৱল এখন উপন্যাস নহয়। ৰাধা কেৱল ময়ূৰৰ কল্পনাৰ কাহিনী নহয়, হ'ব নোৱাৰে। সঁচা, সকলো সঁচা। উফ, কি আচৰিত মায়া। কি আচৰিত বিভ্ৰান্তিৰ পৰিপক্ক আঁচনি। নিজকে কোৱাৰ দৰে কৈ উঠিল সন্ধ্যাই,
"তাৰমানে তাৰমানে ময়ূৰেই....."
সন্ধ্যাই ক'ব নোৱাৰাকৈ দুৱাৰমুখত ৰৈ থকা অভিমন্যুয়ে কৈ উঠিল,
"আমাৰ ময়ূৰেই গোবিন্দপুৰৰ কানাই।"
(আগলৈ)
কান্দিছোঁ,হাঁহিছোঁ কেৱল।নিজকে যেন নিজে পঢ়ি আছোঁ ঠিক তেনে অনুভৱ ❤
ReplyDelete