ৰাধা : ৪৪
#ৰাধা
Part 44
এতিয়া পুৱতি নিশা। অমাৱস্যাৰ বাবে আকাশত জোনটো নাই যদিও বেলি আহিবৰ উমান পাই আকাশে ৰং এছাটি ছটিয়াই লৈছে যেন। বাহিৰত চেঁচা বতাহ এজাক বলি আছে। গোহালিৰ গাইবোৰেও এঙামুৰি লৈছে। অলপ পাছত গোটেই গাওঁখনেই সাৰ পাই উঠিব। গায়ে মূৰে এৰীয়া চাদৰ এখন মেৰিয়াই অকলশৰে লখিমীৰ পাৰলৈ বুলি খোজ লৈছে চুপহিয়ে। এইখিনি সময়ত কোনোবা গাভৰুক এনেকৈ দেখিলে গঞা ৰাইজে কি কথা উলিয়াব পাৰে তাই জানে। সেইবাবেই মাত্ৰ চকুকেইটাহে উলিয়াই লৈছে তাই। এবাৰ নাহো বুলি ভাবিছিল তাই, আধা হোৱা কাহিনী এটা আকৌ এবাৰ পঢ়িবলৈ ইচ্ছা নাছিল। কিন্তু শেষত ভাবিলে কাহিনীটো একেবাৰে শেষ কৰি অহাই যাওক। দুদিন আগতেই ফেৰীৱালা এটাই পদূলিমুখতে বিৰবিৰাই কৈছিলহি,
"অমানিশাৰ শেষ ৰাতি সৰুকণ লখিমীৰ পাৰতে ৰৈ থাকিব, পোহৰ হোৱালৈকে।"
অৱশেষত চুপহি আহিল। নাই, কিবা সেন্দূৰীয়া সপোন দেখি নহয়। চুপহি আহিছে তাইৰ বুকুত এতিয়াও উম লৈ থকা আশাকণত একেবাৰে নিঃশেষ কৰি পেলাবলৈ। এৰা, একো আশা নাই বুলি কৈ দিয়া মানুহবোৰে নিজেও নাজানে বুকুৰ কোনোবা কোণত যে আশাৰ ফুল এপাহে উশাহ লৈ থাকে, সংগোপনে। লখিমীৰ পাৰ পাই খোজ ধীৰ হ'ল চুপহিৰ। সৌৱা সৰুকণ, তাইৰ হেঁপাহৰ মানুহজন। হাতত মম এডাল লৈ ৰৈ আছে। সৌৱা তাইৰ সপোনবোৰ ভৰিৰে গচকি পেলোৱা নিষ্ঠুৰজন। কি কৰে তাই উভতি যাব গৈ নেকি! তাই লাহে লাহে ঘাটলৈ নামি গ'ল। সৰুকণে তাইৰ ফালে ঘূৰিলে। মমডালৰ হালধীয়া পোহৰত সৰুকণে চুপহিলৈ চালে। মম নহয় যেন সেয়া চুপহিৰ ভালপোৱাবোৰহে টোপাল হৈ সৰি পৰিছে, লাহে লাহে টুটি আহিছে। চুপহিলৈ চাই সৰুকণে সুধিলে,
"ভালে আছ নে?"
চুপহিৰ বুকুখন কঁপি উঠিল। কেতিয়াকৈ শুনিছিল এইষাৰ মাত! সপোনত খেপিয়াই ফুৰা এইহাল চকু, কেতিয়া দেখিছিল শেষ বাৰ! শান্ত মাতেৰে ক'লে তাই,
"উম ভাল।"
"তোক কষ্ট দিলোঁ মই।"
"একো নাই, কষ্টহে! অভ্যাস হ'ল এতিয়া।"
চুপহিৰ কথাই বুকুত যেন গুলী এটা হৈ খুন্দিয়াইছে সৰুকণৰ। দীঘলকৈ উশাহ এটা লৈ ক'লে,
"মোক একো নকৱ নেকি?"
"মোৰ বাবে ক'বলৈ কিবা ৰাখিলে জানো?"
"নুবুজিবি তই।"
"কেতিয়াবা বুজাই চাইছিল জানো!"
"কেনেকৈ বুজাম! আমাৰ জীৱনটো সেন্দূৰীয়া কৰাতকৈ আই অসমীৰ বুকুখন সেউজীয়া কৰাটো বেছি জৰুৰী মোৰ বাবে।"
চুপহিয়ে এইবাৰ হাঁহিলে। তাৰ পাছত ক'লে,
"হাতত ৰাইফল লৈ তেজৰ ফাঁকু খেলি আপুনি সেউজীয়াৰ কথা কয়!"
"সৃষ্টিৰ বাবে ধ্বংসৰ প্ৰয়োজন আছে।"
"যি সৃষ্টি ধ্বংসৰ মাজেৰে আহে তেনে সৃষ্টিয়ে কাকো একো নিদিয়ে।"
সৰুকণে চুপহিৰ মুখলৈ চালে। সি এৰি যোৱা চুপহিজনী যেন অচিনাকি হৈ গ'ল। ধীৰস্থিৰ নাৰীলৈ সলনি হ'ল সেই লাজুকীয়া গাভৰুজনী। নাই, এই নাৰীৰ ওচৰত উত্তৰ দিয়াৰ সাহস সৰুকণৰ নাই। সি মাত্ৰ ক'লে,
"যাবলৈ ওলালোঁ।"
"কেতিয়াবাই গ'ল। এতিয়া অনুমতি অনৰ্থক।"
"এতিয়া মোৰ দায়িত্ব আছে চুপহি।"
"এৰা, প্ৰেমত এৰা এৰি হোৱাৰ পাছত ল'ৰাৰ হাতত দায়িত্বই থাকে। গোটেই অপ্ৰাপ্তিবোৰতো ছোৱালীজনীৰ হাতত ৰৈ যায়। লওক আপুনি দায়িত্বই লওক। মই হুমুনিয়াহবোৰ ল'ম।"
সৰুকণে একো উত্তৰ দিব নোৱাৰিলে। চকুযোৰ সেমেকি উঠিছে বাৰে বাৰে। চিঞৰি উঠিব যেন সি আকাশ বিদাৰি। কিন্তু পৰা নাই। পুনৰ চুপহিয়ে ক'লে,
"এটা অনুৰোধ আছিল।"
"কি অনুৰোধ?"
চুপহি তাৰ ওচৰলৈ গ'ল। তাৰ চকুলৈ চাই ক'লে,
"আগলৈ কেতিয়াবা লগ পালে, মোক ভাল নে বুলি নুসুধিব।"
কথাটো কৈ তাই পুনৰ চাদৰখন গায়ে মূৰে লৈ উলটি আহিল। এবাৰো ঘূৰি নাচালে পিছলৈ। তাই গুচি অহাৰ পাছতে লখিমীৰ পাৰৰ বালিত বহি পৰিল সৰুকণে। মুখখন ঢাকি হিয়ালি জিয়ালি কান্দি উঠিল সি। লখিমীৰ পানীখিনি উদয়ৰ ৰঙেৰে ৰঙীন হোৱালৈকে সি কান্দিয়েই থাকিল। তাৰ পাছতে লখিমীৰ বুকুত ভাঁহি আহিল এখন নাওঁ। সৰুকণে মুখখন ধুই নাৱত উঠিল গৈ। লাহে লাহে নাওঁখন সেই ঘাটৰ পৰা আঁতৰি গ'ল। বুকুৰ সমস্ত হুমুনিয়াহ এই পাৰে থৈ সৰুকণে একেবাৰে গুচি গ'ল এক অনিশ্চিত কাহিনীৰ চৰিত্ৰ হ'বলৈ।
স্নেহালয়ত আজিকালি নিজম পৰিৱেশ। ৰাতিপুৱা গাঁৱৰে কোনোবা গৰখীয়াই আহি গৰু কেইটা লৈ যায়, সন্ধিয়া দি যায়। কেতিয়াবা গৰু কেইটা নিজেই উভতি আহে। পিছফালৰ হাঁহ কেইটা হেঁপাই নি নি দুই এটাহে আছে গৈ। তাঁতশালখনত শেলাই পৰিছে। মকৰাজালেৰে মেৰ খাই যঁতৰটো ক'ৰবাত পৰি আছে। ঢেঁকীটোত কিবা লতা এডাল বগাই আহিছে। মূল ঘৰটোত থকা বস্তুবোৰকে দিনটো চাফা কৰি মেলি পাৰ কৰে সাদৰীয়ে। স্নেহালয়ত এতিয়া থকা একমাত্ৰ মানুহ, সাদৰী। হাজাৰ জোৰ কৰাৰ পাছতো ৰাধা ইয়াত নাথাকিল।
"এইখন ঘৰত মই মোৰ কেঁচুৱা জন্ম দিব নোখোজোঁ খুৰী। চৌধুৰী পৰিয়ালৰ ভাগ্যলিপি লৈ মোৰ সন্তান জন্ম হ'ব নালাগে।"
ৰাধাৰ কথা শুনাৰ পাছত সাদৰীয়ে আৰু তাইক জোৰ নকৰিলে। অৱশ্যে যেতিয়াই সময় পাই তাই নিজেই যায় ৰাধাৰ ওচৰলৈ। মাজে মাজে ৰিক্সা এখন পঠিয়াই দি ৰাধাক মতাই আনে। অৱশ্যে ৰাধা নিজেও আহে। উফন্দি থকা পেটটো লৈও তাই সাদৰীৰ ওচৰলৈ আহে। প্ৰেতাত্মাৰ দৰে জীয়াই আছে সাদৰী। ৰাধাই তাইক এলাগী কৰিব নোৱাৰে। কিবা এটা সিদ্ধান্ত ল'ব লাগিব, কিন্তু এতিয়াই নহয়। সন্তানটো জন্ম হোৱাৰ পাছতহে।
আজিও বাৰাণ্ডাখনতে ৰাধাক বহুৱাই লৈ তাইৰ ভৰি কেইটাত মিঠা তেল সানি আছিল সাদৰীয়ে। এনেতে ৰাধাই ক'লে,
"খুৰী, পোনা কাইৰ কিবা খবৰ পোৱা নে?"
"নাপাওঁ অ' ৰাধা। ইমান মানা কৰাৰ পাছতো পোনা কায়ে কথাবোৰ পুলিচক তেনেকৈয়ে ক'লে। তেওঁৰ কথা মনলৈ আহিলে নিজকে খুব স্বাৰ্থপৰ যেন লাগে মোৰ।"
সাদৰীয়ে হুমুনিয়াহ সৰালে, ৰাধাইও। দুয়োজনীৰে মনলৈ ভাঁহি আহিছিল সেই কালৰাতিটোৰ কথাবোৰ।
বৈকুণ্ঠৰ মৃতদেহ তাতেই এৰি সৰুকণ আৰু সাদৰী ব্যস্ত হৈছিল ৰাধাৰ লগত। সাদৰীৰ কোঠালৈ লৈ গৈ তাইৰ গালে মুখে পানী ছটিয়াইছিল, হুঁচ অহাৰ পাছত বলিয়াৰ দৰে কান্দিছিল ৰাধাই।
"মই কি কৰিলো খুৰী? মই কি কৰি পেলালোঁ? মই কেনেকৈ হত্যা কৰিলোঁ মানুহ এটাক?"
সাদৰীয়ে তাইক সাৱটি ধৰি মাত্ৰ কৈছিল,
"তুমি হত্যা কৰা নাই ৰাধা, বধ কৰিছা। মানুহক নহয়, অসুৰক।"
সৰুকণেও কিবাকিবি বুজাইছিল। ৰাধা শান্ত হৈছিল কিছু। বৈকুণ্ঠৰ দেহটো কি কৰা যায় সেয়া ভাবি সিহঁত কোঠাৰ পৰা ওলায়েই মূক হৈ ৰৈ গৈছিল। কাৰণ বৈকুণ্ঠৰ মৃতদেহৰ কাষত সেয়া পোনাৰাম। অতীতৰে পৰা সিহঁতৰ ঘৰৰ শাকনি বাৰী, ফুলনি, গোহালি সকলো চম্ভালি থকা পোনাৰামক দেখি ৰাধা, সাদৰী, সৰুকণ কোনেও কিবা ক'ব পৰা নাছিল। কিন্তু সিহঁতৰ ভয়ক অমূলক দেখুৱাই পোনাৰামে বৈকুণ্ঠৰ দেহটোলৈ থুৱাই দিলে,
"ইয়াতকৈও দুৰ্গতি হ'ব লাগিছিল তোৰ। শেষ, গোটেই ঘৰখন শেষ কৰি পেলালি কুলাঙ্গাৰ। দৌতাক ঘৰৰ পৰা উলিয়াই পঠাবলৈ তোৰ বুকু নকঁপিল। খা এতিয়া সুখেৰে খা এতিয়া ৰাজপাট।"
সৰুকণে গৈ পোনাৰামৰ পিঠিত হাত দিছিল,
"পোনা কাই...."
চকুৰ পানী মচি পোনাৰামে লগে লগে যেন দৌৰা দৌৰি কৰিছিল,
"সৰু আইদেউ, সোনকালে কাপোৰ এসাজ ৰাধা আইদেউক সলাই দিয়ক। সৰু ল'ৰা অ', ৰাধা আইদেউক থৈ আহ গৈ ঘৰত। পুৱতি নিশা আৰম্ভ হ'ব। লাহে লাহে মানুহে গম পাব। যা, দেৰি নকৰিবি।"
যন্ত্ৰৰ দৰে সাদৰীয়ে পোনাৰামৰ কথা মানি গৈছিল। মানিছিল ৰাধাইও। কিন্তু সিহঁতে মনা নাছিল যেতিয়া পোনাৰামে সেই নগা দাখন লৈ কৈছিল,
"তহঁত এতিয়া নিজৰ কামে কাজে যা। ইয়াত কি হ'ল সকলোৱে মনত পেলাই ল। এই পোনাৰামে বৈকুণ্ঠ চৌধুৰীক নগা দাৰে ঘৈয়ালে।"
ৰাধাহঁতে একেলগে চিঞৰি উঠিছিল,
"কি কথা কৈছা পোনা কাই?"
"নাই, এইটো অসম্ভৱ।"
ৰাধাই কৈছিল, "কামটো মই কৰিলোঁ, গতিকে মোৰ দোষ আনে ল'ব নালাগে।"
সৰুকণে কৈছিল, "তই নিজৰ কথা নাভাবিলেও আহিব লগাটোৰ কথা ভাব ৰাধা। মই অলপ পাছতে উলটি যাম। গতিকে মোৰ ওপৰতে দোষটো থাকক।"
সাদৰীয়ে কৈছিল, "এইখন ঘৰত মই আৰু থকাৰ ইচ্ছা নাই, তাতকৈ জেইলতেই ভাল লাগিব।"
সিহঁতৰ কথাৰ মাজতে পোনাৰামে আঠুকাঢ়ি হাতযোৰ কৰি কৈছিল,
"মই কাবৌ কৰিছোঁ অ' সৰুকণ তহঁত মখাক। মই এইখন ঘৰৰ নিমখ খাইছোঁ। এইখন ঘৰৰ মৰমৰ ধাৰত মই পোত গৈ আছোঁ। মোক এইকণ ধাৰ শুজাৰ সুযোগ দেহঁত। বিশ্বাস কৰ অ' সৰুকণ, পৰা হ'লে এই কামটো মই সিদিনাই কৰি পেলালোহেঁতেন যিদিনা এই কুকুৰে দৌতাক পগলা ফাটেকলৈ পঠাইছিল।"
কথাটো কৈ কৈ পোনাৰামে ফেঁকুৰি উঠিল। ৰাধাহঁতে কি ক'ব ভাবি পোৱা নাছিল। পোনাৰামৰ আৱেগখিনি বুজি পাই যদিও কোনসতে এই বয়সীয়াল মানুহজনক এনে এটা ভয়ংকৰ বিপদলৈ ঠেলি দিয়ে! এনেতে পোনাৰামে আকৌ ক'লে,
"মই এনেও আৰু বেছিদিন জীয়াই নাথাকো। মৰিলে মৰাৰ পাছত আইক লগ পাই কি উত্তৰ দিম। তহঁতক বিপদত পেলাই গ'লে আয়ে সুদাই নেৰিব নহয় মোক। গোটেই জীৱনটো ধৰ্ম দেউতাৰ বাবে দিলোঁ, এতিয়া এইখিনি সময়ত মোক মোৰ কৰ্তব্যৰ পৰা আঁতৰ কৰি নিদিবিহঁত ঔ!"
সৰুকণে গৈ পোনাৰামক সাৱটি ধৰিছিল গৈ,
"পোনা কাই..." আৰু একো ক'ব নোৱাৰি কান্দি উঠিল সি। পোনাৰামে সৰুকণক সাৱটি ধৰি সিখন হাত ৰাধালৈও মেলি দিলে। তাইও ওচৰ চাপি আহিল। সৰুকণে উচুপি উঠি ক'লে,
"আমাৰ ঘৰখন কিয় এনেকুৱা হৈ গ'ল পোনা কাই?"
"নেকান্দিবি অ' সোণহঁত! স্নেহালয়ক আকৌ সজাব লাগিব তহঁতে। আকৌ হাঁহিব লাগিব এই ঘৰখনে।"
পোনাৰামে কান্দি কান্দি ক'লে। সাদৰীয়েও উচুপি উঠিছিল। দুজন মানুহৰ লোভৰ বাবেই ধ্বংস হৈ গ'ল সৰগ যেন ঘৰখন।
তাৰ পাছৰ ঘটনাবোৰ সহজেই অনুমেয়। পিছদিনাই পুলিচে ভৰি গৈছিল স্নেহালয়ৰ চোতাল। গোটেই গোবিন্দপুৰ উঠি আহিছিল। সকলোৰে সমুখত পোনাৰামে স্বীকাৰ কৰিছিল সি বৈকুণ্ঠক হত্যা কৰাৰ কথা। পুলিচে হাত কেৰেয়া লগাই লৈ যোৱা পোনাৰামক দেখি সাদৰী আৰু ৰাধাই চ'ৰাঘৰত উচুপি কান্দিছিল। পোনাৰামৰ লগতেই যেন স্নেহালয়ৰ শেষ স্পন্দন ওলাই গ'ল। এতিয়া মাত্ৰ সাদৰীয়ে কেলঢোপ কেলঢোপকৈ থকা দেহ এটাকহে পানী খোৱাই জীয়াই ৰখাৰ বৃথা চেষ্টা কৰি আছে যেন। মাজে মাজে এইদৰে ৰাধা আহে। দুয়োজনী পুৰণা দিনবোৰৰ কথা পাতে।মহামায়া পেহী আইতাৰ ধেমালিবোৰৰ কথা পাতে। ভানুমতী আই ঢুকুৱাৰ পাছত তেওঁ এইফালে একেবাৰে পিঠি দিলে। মনোহৰা ঢুকুৱাৰ খবৰ পায়ো নাহিল। এতিয়ালৈ একো খা খবৰেই নোহোৱা হ'ল। কথা পাতি পাতি হা হুমুনিয়াহ কাঢ়ি ৰাধা গুচি যায় গৈ। আজিও তেনেকৈ যাবলৈ ওলাই ৰাধাই ক'লে,
"খুৰী, ৰাধা পুখুৰীৰ ফালে বহুত দিন যোৱাই নাই। ঠাই ডোখৰ চাগে একেবাৰে হাবি হৈ গ'ল ন!"
ডাৰবাৰিত থকা কাপোৰ সামৰি সাদৰীয়ে ক'লে,
"ৰ'বা, কাৰোবাৰ হতুৱাই চাফা কৰাব লাগিব। পিছে ৰাধা, এই কানাইৰ একো খা খবৰেই নোহোৱা হ'ল ন!"
"সি চিঠি দি আছিল খুৰী। শৰৎ দা গুচি যোৱাৰ পৰা মইহে এখন চিঠিৰো উত্তৰ দিয়া নাই।"
কথাটোৰ লগতে বুকুত বিষ এটা উঠিল ৰাধাৰ। কানাই; উফ.. তইতো নাজান মোৰ কাহিনী! এনেতে সাদৰীয়ে মাতি পঠোৱা ৰিক্সাখন পালেহি। ৰাধা গৈ বহিলত সাদৰীয়ে ক'লে,
"এতিয়াৰ পৰা তুমি আহিব নালাগে। ময়েই দিনটোত পাক এটা মাৰিম। ন মাহ পাৰ হ'ল, কোনদিনা খবৰ আহে ঠিক নাই। অলপ সাৱধানে থাকিবা।"
ৰাধাই শলাগিলে। ৰিক্সাখন আগবাঢ়িল।
"ৰ'বাচোন ককাই।"
হঠাৎ ৰাধাই ৰিক্সাখন ৰখালে। বুকুখন যেন কিবা এটাই মুচৰি দিছে। কিবা এটা যেন হেৰাব। এতিয়া আৰু হেৰাবলৈ আছেই বা কি! ৰাধাই এবাৰ স্নেহালয়লৈ চালে। এই হাউলিটোলৈ আজি তাইৰ ইমান মোহ জাগিছে কিয়!
"কি হৈছে ৰাধা?"
"একো নাই, ব'লা।"
ৰিক্সা আগবাঢ়িল। ৰাধাই উলটি উলটি চাই আহিল স্নেহালয়ৰ ফালে। গোবিন্দপুৰৰ প্ৰতিটো ৰাস্তা, প্ৰতিজোপা গছলৈ তাই মন দি চাইছে আজি। দুখুনী ৰাধাই বুজি পোৱা নাছিল, গোবিন্দপুৰত সেয়াই যে তাইৰ অন্তিমটো দিন।
(আগলৈ)
Next part please 🥺🥺❤️
ReplyDeleteNext part ❤️
ReplyDeleteNext part
ReplyDelete