ৰাধা : খণ্ড ২
#ৰাধা
Part 2
আত্মপ্ৰতাৰণাৰ জানো সীমা নাথাকে! অভিনয়ৰ জানো শেষ নাথাকে! তাৰ সিপাৰে.. কোৱা নাযায়, কোৱা নাযায়! কিন্তু সময়ৰ সোঁতত নিজক এৰি দি কেতিয়ালৈকে হাঁহিব পাৰে মানুহে! এসোপা কথা বুকুত হেঁচি হেঁচি কেতিয়ালৈকে উশাহ ল'ব পাৰে মানুহে! কল্পনাৰ পৃথিৱী সাজি সাজি কেতিয়ালৈকে বাস্তৱক উপেক্ষা কৰিব পাৰে মানুহে! তাৰ পাছত.. ভাবিব নোৱাৰি ভাবিব নোৱাৰি। কেতিয়াবা ভৱিষ্যতৰ সম্ভাৱনা ইমানেই বেছি বিভৎস হয় যে তাক মনলৈও আনিব নোৱাৰি।
এইবোৰেই ভাবি ভাবি বেলকণিৰ ঝুলনাখনত বহি একেথৰে সমুখলৈ চাই আছে সন্ধ্যাই। হাতত এটা আধাজ্বলা চিগাৰেট। চিগাৰেটৰ এশ্ব্ পৰি লেতেৰা হৈছে ঝুলনাৰ তলছোৱা। মাজে মাজে ওঁঠত লৈ উৰাই দিছে ধোঁৱাবোৰ তাই।
"বাইদেউ, আকৌ চিগাৰেট খাইছে আপুনি?"
কাম কৰা বাই মনুৰ মাতত ভাৱনাৰ সাগৰৰ পৰা আকৌ ঘূৰি আহিল সন্ধ্যা। হাতৰ চিগাৰেটটোলৈ চালে তাই। বৰষুণৰ পাছৰ কেঁচা মাটিৰ গোন্ধ, শেৱালি তগৰৰ গোন্ধ, নতুন কিতাপৰ গোন্ধ ভাল পোৱা সন্ধ্যাই কেতিয়া চিগাৰেটৰ ধোঁৱাৰ গোন্ধৰ মাজত নিজক বিচাৰিবলৈ ল'লে তাইও গম নাপায়। এসময়ত চিগাৰেটৰ গোন্ধ সহিব নোৱাৰিছিল তাই। আনকি তাইৰ বাবেই অনুৰণে চিগাৰেট খোৱা একেবাৰেই এৰি দিলে। কিন্তু তাই! জীৱনে কেতিয়াবা এনেকৈ প্ৰতাৰণা কৰে যে নিজৰ ওচৰতে নিজক অচিনাকি যেন লাগি যায়। কেতিয়া প্ৰথম চিগাৰেট মুখত দিছিল সন্ধ্যাই! বিবাহিত জীৱনৰ সেই ভয়ংকৰ ধুমুহাজাক পাৰ হোৱা কেইদিনমানহে হৈছিল। মানুহৰ কথাৰ শেলবোৰে ভাঙি টুকুৰা কৰিছিল তাইৰ বুকুখন। সন্ধ্যাই যেন যন্ত্ৰৰ দৰে আনি লৈছিল চিগাৰেট। তাৰ পাছত সেই ৰাতি অনুৰণৰ টোপনিৰ পাছতে উঠি আহি ওঁঠত লৈছিল তাই। আৰম্ভ হৈছিল এখন ধোঁৱাৰ পৃথিৱী। কাহি কাহি অৱস্থা বেয়া হৈছিল তাইৰ। অনুৰণ উঠি আহি সেই অৱস্থাত তাইক দেখি স্তম্ভিত হৈ গৈছিল। হাতত জ্বলা চিগাৰেট, আউল বাউল চুলিৰে কান্দি কান্দি চকুপানীৰে গাল তিয়াই ধোঁৱাৰ মাজত এইজনী কি সঁচাই তাৰ সন্ধ্যা! কিমান অচিনাকি কিমান বেলেগ! কিমান কষ্ট পালে সন্ধ্যাৰ দৰে এজনী ছোৱালী এনেকুৱা হৈ যাব পাৰে! অনুৰণৰ নিজৰ ওপৰত খং উঠিছিল, কিয় পৰা নাই সি সন্ধ্যাক আৱৰিব। খুব কষ্টৰে মাতিছিল মাত্ৰ সি, "ৰুণ..."
তাক দেখি চেপি চেপি ওলোৱা কান্দোনে পাৰ ভাঙিছিল সন্ধ্যাৰ।
"মই নোৱাৰো ৰণ.. মই আৰু নোৱাৰো.."
একো নকৈ মাত্ৰ বুকুৰ মাজত সাৱটি লৈছিল সি সন্ধ্যাক। উৰে ৰাতি বেলকণিৰ চোফাখনত কটাই দিছিল দুয়ো। অনুৰণৰ কোলাত সৰু ছোৱালী এজনীৰ দৰে টোপনি গৈছিল তাই।
পিছদিনা পুৱা অনুৰণ অফিচলৈ যোৱা নাছিল। ৰাতিপুৱা ব্ৰেকফাষ্টৰ পাছত সন্ধ্যাৰ হাতত ধৰি বৰ আকুলতাৰে কৈছিল,
"তুমি কেতিয়াবা হেৰাই গ'লেও মই বিচাৰি আনিব পাৰিম সন্ধ্যা। কিন্তু তুমি এনেকৈ সলনি হৈ গ'লে মই কি কৰিম কোৱা। সেই সৰাফুল ভালপোৱা জোনাক ভালপোৱা ছোৱালীজনীক মোৰ পৰা কাঢ়ি নিনিবা সন্ধ্যা। যিকোনো মূল্যৰ বিনিময়ত তোমাক হেৰুৱাব নোৱাৰিম মই।"
অনুৰণৰ সেমেকা চকুযুৰি দেখি মুখেৰে একো ক'ব পৰা নাছিল তাই। আৰু নাখাও বুলি অনুৰণক কথাও দিব পৰা নাছিল। কিন্তু নিজক সামৰিবলৈ চেষ্টা কৰিছিল। লাহে লাহে অন্তৰ্মুখী হৈছিল তাই। বাহিৰে সকলো ঠিকে আছে। অনুৰণৰ লগত হাঁহিছে, ধেমালি কৰিছে। আগৰ নিচিনাকৈ আছে। কিন্তু ভিতৰি দহিছে। ভাঙিছে। কোনেও নজনাকৈ, অনুৰণেও। তেনে মুহূৰ্ততে কেতিয়াবা হাতত তুলি লয় চিগাৰেট। অনুৰণে কওঁ বুলি ক'ব নোৱাৰে একো। তাইৰ কষ্টখিনি সি যে অনুমানো কৰিব নোৱাৰে। লাহে লাহে সিও এৰাই চলে এই বিষয়টো। মাত্ৰ যিমান পাৰে মৰমেৰে সামৰে তাইক।
আজিও সেয়ে চিগাৰেট হুপিছিল সন্ধ্যাই। লাহে লাহে পাতল হৈ আহিছিল চিন্তাবোৰ। সাময়িক ভাৱে হ'লেও ধোঁৱাবোৰে খেদি পঠাইছিল চিন্তাবোৰক। এনেতে হঠাৎ মনুৰ কথাত অপৰাধবোধ হ'ল তাইৰ। চিগাৰেটটো হাতৰ পৰা দলিয়াই দি তাইক ক'লে,
"মা আহিব, অলপ বজাৰ কৰিব লাগিছিল। মিতুক মাতি দিবাচোন।"
সন্ধ্যাৰ কথা শুনিয়েই মনু বায়ে মুখ কোচাই উঠিল,
"ইচ, হ'ল আৰু কেইদিন মানলে।"
আৰু কিবা কিবি ভোৰভোৰাই বাইজনী ওলাই গ'ল ৰূমটোৰ পৰা। সন্ধ্যাই একো নক'লে। ক'বও নো কি, ৰণৰ মাক অহাৰ কথাটো লৈ তাইৰ নিজৰো বুকুখন কঁপি থকা নাই জানো। তথাপি তাই ঈশ্বৰকে খাটিলে।
অলপ পাছত মিতু আহি ওলাল। সন্ধ্যাই বজাৰৰ দীঘল লিষ্ট এখন দি পঠালে। অনুৰণৰ মাকে ব্যৱহাৰ কৰা টুথপেস্ট টোৰ পৰা শাক পাচলি, তেওঁ ভাল পোৱা ধূপ একো বাদ নপৰিল। তাক পঠিয়াই সন্ধ্যা নিজেও কামত লাগিল। আলহী থকা ৰুমটো নতুনকৈ সজালে। বিচনা কাপোৰখন সলাই বগা ৰঙৰ এখন নতুন কাপোৰ পাৰিলে। তাৰ লগতে মিলাই পৰ্দা কেইখনো। চুকৰ টেবুলখনত প্ৰান্তিক, গৰিয়সী আদি আলোচনী কেইখন মান থ'লে। গোটেইবোৰ কৰি অতাই মানে দুঘণ্টা মানেই লাগিল। বাইক ভাতত লাগিবলৈ দি সন্ধ্যা আকৌ এবাৰ বাথৰুমত সোমাল। কাম কৰি কৰি গোটেই জনী ঘামি শেষ। আকৌ এবাৰ গা টো ধুব লাগিব। চাৱাৰ টো খুলি দিলে তাই। হুৰহুৰাই নামি অহা পানীখিনিয়ে তাইৰ উদং শৰীৰটোত নিলাজ চুমা যাঁচি গৈছে। এবাৰ বাথৰুমৰ আইনাখনত নিজকে চালে সন্ধ্যাই। সকলো আছেতো তাইৰ। এটা কমনীয় শৰীৰ। তাৰ পাছতো যে তাই অপূৰ্ণ, মানুহৰ দৃষ্টিত। এবাৰ পেটটোত হাত ফুৰালে তাই। চাৱাৰৰ পানীৰ লগত মিলি গৈছিল সন্ধ্যাৰ চকুৰ পানীৰ টোপালকেইটা।
"বাইদেউ, এইয়া বজাৰ দেই।"
গা ধুই আহি মূৰ টো ফনিয়াই থাকোঁতেই মিতু পালেহি। বাইজনীয়ে বস্তুবোৰ সামৰি ভাত বাঢ়িলে। সিহঁতক খাবলৈ কৈ সন্ধ্যা অনুৰণ অহালৈ ৰ'ল। সি পাবহিয়েই। অথনিৰ আধা পঢ়া কিতাপখন লৈ সন্ধ্যা আকৌ বেলকণিত বহিল। আকৌ মেলি ল'লে ময়ূৰৰ "ৰাধা"।
খবৰটো শুনি যিয়ে যেনেকৈ পাৰে দৌৰিছে লখিমীৰ পাৰলৈ। যাবৰে কথা, গাওঁবুঢ়াৰ নাতিনী ৰাধা সকলোৰে আদৰৰ। অৱশ্যে অকল গাওঁবুঢ়াৰ নাতিনী বুলিয়েই নহয়, ৰাধাক যিমান যি গালি পাৰিলেও ঘপকৈ যিকোনো কামতে যে ৰাধাকেই কাষত পোৱা যায় সেইটো সকলো গঞাই জানে। কাৰোবাৰ ঘৰত বোলে বিয়া, পাকঘৰৰ পৰা ৰভাতললৈকে সকলো দায়িত্ব ৰাধাৰ, কাৰোবাৰ কিবা কাজিয়া লাগিছে, সমাধান ৰাধা, কাৰোবাৰ বেমাৰ, ডাক্তৰৰ ওচৰলৈ নি ঘৰৰ দায়িত্বলৈকে ৰাধা, কোনোবা গঞাৰ লগত কিবা অন্যায় হৈছে, কোনোবা মাটিৰ সুদখুৰ মহাজনে অত্যাচাৰ কৰিছে, তাৰো সমাধান ৰাধা। মুঠতে ৰাধা নোহোৱাকৈ গাঁৱৰ পাত এখিলাও নলৰে। সেইবাবেই, ৰাধাক কেতিয়াবা গালি দিব পাৰে, কিন্তু তাইক বেয়া কোনেও পাব নোৱাৰে। গোবিন্দপুৰৰ আটাইতকৈ উৎপতিয়া এই প্ৰাণীটোৱে গোটেই গাঁৱৰ ৰাইজকেই আৱৰি ৰাখে।
লখিমীৰ পাৰত ৰাইজৰ ভিৰ। ইচ ইচ আচ আচ শব্দ দুই এটা ভাঁহি আহিছে জুমটোৰ পৰা। পানীৰ মাজত কিহবাৰ বুৰবুৰ। এনেতে কুন্তলা দৌৰি গৈছে। পাছে পাছে মনোহৰা আৰু কণমাই। সিহঁত গৈ পাই মানে মাৰুটি ভেন এখন ৰ'লহি। ধৰ্ম নাৰায়ণ চৌধুৰী নামি আহিল প্ৰথমেই। গাত এটা ডাঠ পাঞ্জাৱী চোলা আৰু গেৰুৱালৈকে পৰা ধূতি। গাত মেৰিয়াই লৈছে এখন এৰীয়া চাদৰ। চাদৰখন এক বিশেষ কায়দাৰে পাক মাৰি ভৰিৰ জোতাৰে শব্দ কৰি আগুৱাই অহা ধৰ্ম নাৰায়ণৰ লগত তেখেতৰ দ্বিতীয় পুত্ৰ। বৈকুণ্ঠ চৌধুৰী, অঞ্চলটোৰ এজন প্ৰখ্যাত ব্যৱসায়ী। ধৰ্ম নাৰায়ণৰ সৌষ্ঠৱ বৃদ্ধিত বৈকুণ্ঠৰ অৱদান অনেক। নামী দামী মানুহো চূণ পৰা হেন হৈ পৰে তেওঁৰ সন্মুখত। দৈনিক গাড়ীতে কাৰখানালৈ অহা যোৱা কৰে বৈকুণ্ঠই। দেউতাকে দুই এবাৰ চহৰত ঘৰে মাটিয়ে কিনাৰ কথা কৈছিল যদিও তেওঁ গোবিন্দপুৰ এৰি নাযায়। অৱশ্যে বৈকুণ্ঠ বুলিয়েই নহয়, যিয়ে এবাৰ গোবিন্দপুৰলৈ আহে, সিয়েই ইয়াৰ মোহ এৰিব নোৱাৰে। তাতে পত্নী সাদৰীও ইয়াতেই থাকে। নিজৰ বায়েকৰ দৰে ভবা জায়েক তথা ঘৰৰ ডাঙৰ বোৱাৰী কুন্তলাক এৰি সাদৰীও চহৰলৈ যাবলৈ সাজু নহয়।
"দেউতা, দেউতা চাওক চোন। তাই, তাই ডুবিব এতিয়া পানীত। দেউতা কিবা এটা কৰক চোন।"
কুন্তলা আহি যেন শহুৰেকৰ ভৰিতে পৰিব। বৈকুণ্ঠই পানীলৈ যাবলৈ সাজু হৈছিল। গোট খোৱা মানুহখিনিয়েও হুলস্থূল লগাইছে। এনেতে ধৰ্ম নাৰায়ণে গলগলীয়া মাতেৰে ক'লে,
"কোনো পানীত নানামিবি। তাই ধৰ্ম নাৰায়ণৰ নাতিনী। পানীত ডুবি মৰিব পৰা নহয়। লখিমী নৈয়ে চৌধুৰী বংশৰ তেজৰ গোন্ধ চিনি পায়। চাই থাক, তাই নিজেই ওলাই আহিব।"
কথাটো শেষ হ'ল কি নহ'ল, হুৰূহকৈ শব্দ এটা হৈ পানীত লাহে লাহে ওলাই আহিল ছোৱালী এজনী। মাখন হেন গালকেইখনত লিপিট খাই পৰিছে চুলি কেইডাল। চাদৰ কোঁচ খাই ওলাই পৰিছে পেটৰ কিছু অংশ। কঁকাললৈকে বৈ পৰা চুলি কোঁচাই অজগৰ এডালৰ দৰে মেৰিয়াই আছে। ছোৱালীজনীৰ কোলাত এটা তেনেই সৰু দামুৰী পোৱালি। লাহে লাহে পাৰলৈ উঠি আহিল তাই। চাদৰৰ পৰা টুপটুপকৈ পৰি আছে পানীৰ টোপাল। গেৰুৱালৈকে পৰা মেখেলাখন বোকাত লেও খাই আহিছে। এনেতে কণমায়ে দামুৰীটোলৈ চাই চিঞৰি উঠিল,
"হাৰে, এইটো চোন আমাৰ ঘৰৰটো। কালি জগিছিলহে। হে ঈশ্বৰ, আইজনী অ', তই নথকা হ'লে কি হ'ল হয় আজি।"
ৰাধাই একো নকৈ দামুৰীটো কণমাইৰ ফালে আগবঢ়াই দিলে। কুন্তলা দৌৰি গৈ জোকাৰি দিলে ৰাধাক,
"কিমান বাৰ বুজাব লাগে তোক। ডাঙৰ হৈছ, তাতে ছোৱালী মানুহ। অলপ সাৱধানে থাক। নাই, তাইৰ একো কানসাৰ নাই। অকল অলৌ টলৌকৈ ঘূৰি ফুৰিবি। ব'ল আজি ঘৰলৈ।"
কুন্তলাই আৰু কিবা ক'ব খুজিছিল। এনেতে ধৰ্ম নাৰায়ণ আগুৱাই গ'ল। গাত থকা এৰিয়া চাদৰখন মেৰাই দিলে ৰাধাৰ গাত। পৰম সন্তোষৰ হাঁহি এটাৰে ক'লে, "ব'ল।"
কুন্তলা আৰু মনোহৰাও তেওঁলোকৰ লগতে গাড়ীত উঠিল। ধূলি উৰুৱাই গাড়ীখন যোৱাৰ পাছত লাহে লাহে জুমটোও ভাঙিল।
"ময়ূৰৰ উপন্যাসখন আহিল নেকি?"
হঠাৎ মাতটো শুনি ঘূৰি চালে সন্ধ্যাই। অনুৰণ আহি ৰৈ আছে পিছফালে। মূৰ দুপিয়াই কিতাপখন আগুৱাই দিলে তাই। এবাৰ কিতাপখনত হাত বুলাই বুকুত হেঁচি ধৰিলে সি। বুকুখন গধুৰ হৈ গ'ল সন্ধ্যাৰ। কথাটো সলাবলৈকে তাই ক'লে,
"মা কেইটা মানত পাবহি?"
কিতাপখন মেজত থৈ অনুৰণৰ উত্তৰ,
"আজি ৰাতি আহিব চুপাৰত। ৰাতিপুৱা পাব আৰু। লগত ওচৰৰ ভাইটি এটা।"
"হঠাৎ আহিল যে মা। কিবা কথা।"
হাতঘড়ীটো খুলি খুলি অনুৰণে ক'লে,
"নাজানো, কিবা বিশেষ কথা হেনো।"
গম্ভীৰ হৈ গ'ল সন্ধ্যাৰ মুখখন। অনুৰণৰ মাকৰ বিশেষ কথা কি হ'ব পাৰে তাই ভালকৈয়ে জানে, বুজে। চাৰ্টৰ বুটাম খুলি থকা অনুৰণৰ বাহুত পিছফালৰ পৰা এবাৰ ধৰি সন্ধ্যাই ক'লে,
"ৰণ, আমি মাৰ প্ৰস্তাৱটো আকৌ এবাৰ ভাবি চোৱাটো উচিত নেকি?"
সন্ধ্যাৰ হাতখন নিজৰ মাজলৈ টানি নি অনুৰণে ক'লে,
"একেটা কথাই সদায় কোৱাটো জৰুৰী নেকি সন্ধ্যা। শুনা, মই জীৱনত পৃথিৱীৰ আটাইতকৈ বেয়া কামটোও কৰিব পাৰিম। কিন্তু তোমাক এৰিব নোৱাৰিম। তোমাক কষ্ট দিব নোৱাৰিম। তুমি নিজে ক'লেও নোৱাৰিম। মোৰ শপত, এইবোৰ কথা আৰু নক'বা।"
লগে লগে সিটো ৰুমলৈ গুচি গ'ল অনুৰণ। সন্ধ্যাই জানে, তাৰ খং উঠিছে। তাৰ খং উঠিলেও তাইক টানকৈ ক'ব নোৱাৰে সি। তাইৰ ওচৰত মৰম আকলুৱা হৈ পৰে সি। কাৰোবাৰ ভাষাত,
"তাই বেটিয়ে বেজালি কৰি বান্ধি থ'লে ল'ৰাটোক।"
চকুপানী এটুপি বাগৰি আহিল সন্ধ্যাৰ।
(আগলৈ)
Comments
Post a Comment