ৰাধা : খণ্ড ৩

 #ৰাধা

Part 3

কিহেৰে সুখী হয় নো মানুহ! অলপ যশস্যা, এটা পৰিচয়, নিজাকৈ এখন আটকধুনীয়া ঘৰ - গাড়ী, শাহু শহুৰেৰে ইন্দ্ৰানী হৈ থকা এটা পৰিয়াল, বিলাসিতা সেয়াই যথেষ্ট নে এজনী নাৰীৰ বাবে! চাবলৈ গ'লে কি নাই সন্ধ্যাৰ! দিল্লী বিশ্ববিদ্যালয়ত পি এইচ ডি কৰি থাকোতেই প্ৰকাশ হৈছিল সন্ধ্যাৰ এখন উপন্যাস। বৰ্তমানলৈ ফিক্সন - নন ফিক্সন পাঁচখনমান কিতাপৰ লেখিকা তাই। নতুন প্ৰজন্মৰ বহুতৰ প্রিয় সাহিত্যিকৰ তালিকাত তাইৰ নাম। দিল্লীৰ পৰা আহিয়েই অসমৰ আগশাৰীৰ ইউনিভাৰ্চিটিত চাকৰি। তেন্তে,আৰু কি লাগে নো তাইক! তাৰ পাছতো যে তাই হামৰাও কাঢ়ি মৰে এটা সম্বন্ধৰ বাবে, এটা শব্দৰ বাবে, এটা সম্বোধনৰ বাবে, "মা"... উফফ.. কত দিন যে সপোনত কোনোবা কেঁচুৱাৰ মাত শুনি সাৰ পাই উঠিছে! এই মাত্ৰ এটা সম্বোধনৰ আঁৰত তাই যেন বাকী সকলো ধূলিস্যাৎ হৈ যায়। বিভাগৰ প্ৰতিজন শিক্ষাৰ্থীৰ মাতৃত্বৰ অনুভৱেৰে আৱৰে তাইক। বহুতেই কয়, সন্ধ্যা মেমক মা মা লাগে। কিমান বাৰ যে ষ্টুডেন্টক আনি ঘৰত নিজে ৰান্ধি বাঢ়ি খুৱাইছে। কিন্তু ক'ৰবাত কিবা এটা বাকী ৰৈ যায়। এই বাকী ৰৈ যোৱাবোৰেই আমাৰ জীৱনত বিষ এটা হৈ বুকুত কুচিমুচি বহি থাকে। 

"বাইদেউ, অভিমন্যু দাদাৰ ফোন।"

লাজ লাজকৈ ফোনটো আনি দিয়া মনুক দেখি ভাৱনাৰ মাজৰ পৰা উভতি আহি হাঁহি উঠিল সন্ধ্যাৰ। চিনেমাত অভিক দেখি তাই যেন তাৰ প্ৰেমতেই পৰিছে। মাজতে এবাৰ অভি সিহঁতৰ ঘৰলৈ আহোঁতে মনুক চাব নোৱাৰা অৱস্থা। ফোনটো কাণত লওঁতেই তাৰ গর্জন,

"তই মানুহজনী সঁচাকৈ বলিয়া নেকি বে? সেই ইউনিভাৰ্চিটি দিনৰ পৰা এতিয়ালৈকে অলপো সলনি নহ'লি মানে। অলপ নিজৰ কথাও ভাবিবলৈ শিক সন্ধ্যা। গোটেই পৃথিৱীৰ মানুহক সুখী কৰি ৰাখিবলৈ তোৰ জন্ম হোৱা নাইতো।"

একেৰাহে ফোনত কৈ গৈছে অভিমন্যুয়ে।সন্ধ্যাৰ প্ৰিয়বন্ধু অভিমন্যু শৰ্মা। বিশ্ববিদ্যালয়ত একেলগে পঢ়াৰ পৰাই এতিয়ালৈকে একেই আছে সিহঁতৰ বন্ধুত্ব। অৱশ্যে আজিৰ তাৰিখত অভিমন্যু বুলি ক'লে অকল অসমৰে নহয়, ভাৰতৰ বহুতো লোক ব্যাকুল। কাৰণ অসমৰ পৰা গৈ মুম্বাইত প্ৰতিষ্ঠিত এজন প্রখ্যাত অভিনেতা অভিমন্যু। বলিউডৰ দুই তিনিখনমান চিনেমাত অভিনয় কৰি লাহে লাহে আগুৱাই গৈ আছে সি ক্ষেত্ৰখনত। কিন্তু গোটেই পৃথিৱীৰ আগত ষ্টাৰ হৈ থাকিলেও সন্ধ্যাৰ ওচৰত সেই পুৰণা অভিটো হৈ পৰে। আজি গালি পৰাৰ কাৰণ তাই অনুমান কৰিছিল যদিও এনেই এবাৰ সুধিলে,

"কি কৰিলোঁ নো মই?"

"কি কৰিলোঁ মানে, অনুৰণক কি কৈ আছ এইবোৰ? আবে, এইখন কি চিৰিয়েল চলি আছে নেকি! এজনীৰ কেঁচুৱা নহ'লে আন এজনী যে আনিব। বিয়া আৰু কেঁচুৱা এই দুটা বস্তুৰ বাহিৰে পৃথিৱীত বেলেগ একো কামেই নাই নেকি মানুহৰ।"

"কিন্তু অভি, মাক দেউতাকেওতো আশা কৰে ন কিবা?"

"আটছা, তেন্তে এটা কথা ক চোন। সমস্যাটো তোৰ নহৈ অনুৰণৰ হোৱা হ'লেও মাকে এনেকৈ ক'লেহেঁতেন নে যে তুমি বেলেগ এটাৰ লগত..."

"ছিঃ, কি কৈ আছ বাৰু! মনে মনে থাক।"

"কিয়, শুনিব নোৱাৰ কিয়? মাইকী মানুহৰ কাৰণে কেঁচুৱা নহলে যে বেলেগ এজনী আনিব পাৰি, মতা মানুহৰ কাৰণে কেঁচুৱা নহলে বেলেগ এটা মতা কিয় আনিব নোৱাৰি? পুৰুষতান্ত্ৰিকতা তহঁতৰ মনত ইমানকৈ শিপাই আছে যে এইবোৰ শুনিলেও পাপ বুলি ভাব! আজিৰ যুগতো কি মান্ধাতাৰ মানসিকতা লৈ আছ অ', এনেই প্ৰফেছৰ হ'লি তই।"

"উফ, হ'ব দে। পখীৰ কি খবৰ, লগ পাৱ নে তাইক?"

"পাওঁ, ইনফেক্ট আজিয়েই পাম চাগে। ভিডিঅ' কল কৰিম দে তহঁতলৈ। এতিয়া যাওঁ, শ্বুট আছে মোৰ। বাই।"

ফোনটো কাটিলে সি। কথাবোৰ সদায় এনেকুৱাই হয়। অনুৰণে সন্ধ্যাৰ সৈতে কিবা কথাত মত নিমিলিলে অভিমন্যুলৈকে ফোন কৰে। কাৰণ সিও জানে, সন্ধ্যাক বুজাব পৰা ক্ষমতা পৃথিৱীৰ একমাত্ৰ অভিমন্যুৰহে আছে। হঠাতে সন্ধ্যাৰ সিহঁতৰ ইউনিভাৰ্চিটিৰ দিনবোৰলৈ মনত পৰি গ'ল। অভি আৰু তাইৰ কত যে মান অভিমানৰ কাজিয়া, দুই এবাৰ অনুৰণেহে ভাঙিব লগীয়া হৈছিল। সেই সময়ত সেইবোৰেই সিহঁতৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা। আৰু এতিয়া সেইবোৰলৈ উভতি চালে হাঁহি উঠে। ইউনিভাৰ্চিটিৰ কথা ভাবোঁতেই ময়ূৰৰ কিতাপখনলৈ মনত পৰিল তাইৰ। ভাত কেইটা খাই অনুৰণ ওলাই গৈছে। কাম কৰা ছোৱালীজনীও বিচনাত পৰিছে। সন্ধ্যাই বেলকণিলৈ গৈ তাত থকা চোফাখনতে বহি পুনৰ মেলি ল'লে, "ৰাধা"


"মোৰে জীৱনৰে সখা কৃষ্ণ

মোৰে জীৱনৰে সখা কৃষ্ণ

বজাৱ কি সুৰে বেণু

কঁপালতে তোৰ কোনে আঁকি দিলে

ইন্দ্ৰধনু ইন্দ্ৰধনু...."

লয়লাস ভঙ্গীৰে নৃত্য কৰি আছে ৰাধাই। সমুখত এজাক সৰু সৰু ছোৱালী। সিহঁত গোবিন্দপুৰৰ বিশেষ সংঘটোত গোট খাই লৈছে। সংঘ মানে মুকলি প্ৰকাণ্ড এটা প্ৰেক্ষাগৃহ। সংঘটোৰ কাষতে এখন বহল ফিল্ড আৰু তাৰ সিপাৰেই গোবিন্দপুৰৰ বৰনামঘৰ। ইয়াতেই বিভিন্ন অনুষ্ঠান সমূহ হয়। আজিও আহি থকা শিল্পী দিৱসৰ অনুষ্ঠানৰ বাবেই সংঘটোৰ ভিতৰফালে মঞ্চখনৰ কাষতে থকা সেউজগৃহটোতে ৰাধাই ছোৱালী কেইজনীক নাচৰ প্ৰেক্টিছ কৰাই আছে। ৰাধাকে ধৰি গাঁৱৰ বহু কেইটা ল'ৰা ছোৱালী লগ হৈ সিহঁতৰ এটা ক্লাৱ বা গোট আছে। ৰাধাৰ ককাক মানে ধৰ্ম নাৰায়নে নাম এটাও দিছিল সিহঁতক, "সেউজ অসম"। বয়সত সিহঁত আটাইকেইটা হাইস্কুলৰহে যদিও গাঁওখনৰ বাবে সমাজখনৰ বাবে কিবা এটা কৰাৰ লগতে সৰু ল'ৰা ছোৱালীবোৰক সংস্কৃতিৰ প্ৰতি অনুৰাগী কৰিবলৈকে সিহঁতে বিভিন্ন অনুষ্ঠান পালন কৰে। বিশেষকৈ ৰাধা বয়সৰ জোখাৰে যেন অধিক আগবঢ়া। এতিয়া সেই ৰঞ্জনহঁতৰ ঘৰৰ পৰা কেছেট বজা ডেগ এটা আনি সিহঁতে নাচৰ আখৰা কৰি আছে। মাজে মাজে কেছেটখন ফচি যায়। ৰাধাই সেইটোৰ পৰা কেছেটটো উলিয়াই আঙুলিৰে পকাই পকাই ৰীলটো আকৌ কেছেটত ভৰাই লৈ পুনৰ ডেগটোত ভৰাই দিয়ে। আকৌ বাজি উঠে। তেনেকৈ প্ৰেক্টিছ কৰাই থাকোঁতেই ৰঞ্জন, তগৰ, সপোন আৰু চুপহি ওলালহি। চুপহি বয়সত সিহঁততকৈ ডাঙৰ যদিও সিহঁতৰ কামবোৰ ভাল পাই বাবেই আহে। ৰঞ্জন সোমাই আহোঁতেই ৰাধাই মাত দিলে,

"ঐ ৰঞ্জন, তোৰ এই ডেগডাল কেতিয়াবা মই একেমাৰে ভাঙিম চাই থাক।"

ৰঞ্জনে কথাটো অনুমান কৰিছিল যদিও ৰাধাৰ খং উঠাবলৈকে সুধিলে,

"কিয় ঔ, কি কৰিলে নো ডেগটোৱে তোক?"

"কি কৰিলে মানে? এইডালে মাজে মাজে চৰ্চৰণি খোৱা মানুহৰ নিচিনা খেক খেক কৰে কে'লে?"

ৰঞ্জনহঁতৰ লগতে সৰু ছোৱালী কেইজনীয়েও হাঁহি উঠিল জোৰেৰে। 

"ঐ, তহঁতক ইয়াত দাঁত চেলাবলৈ মাতিছিলোঁ নেকি? একে থাপৰে চকু দাঁত একেলগে ওলাই আহিব। নাচিবলৈ দিলে সিহঁতৰ কঁকালটো নাভাঙে, এতিয়া হাঁহি শুন।"

ৰাধাৰ ধমকিত আটাইকেইজনী তাপ মাৰিলে। ৰাধাৰ খং গোটেই গোবিন্দপুৰতে বিখ্যাত। এবাৰ যদি কিবা কথাত তাইৰ খং উঠিল, গোটেই গাঁওখনকে যেন মূৰত তুলি ল'ব তাই। আনতো বাদেই যাৰ ভয়ত গোটেই গোবিন্দপুৰ কঁপি থাকে, সেই ধৰ্ম নাৰায়ণৰো তেতিয়া ঘপকৈ কিবা এটা কোৱাৰ সাহস নহয়। ৰাধাৰ গর্জনটোৰ পাছত কি কোৱা হ'ব কোনেও একো ভাবি পোৱা নাছিল। তেনেতে চুপহিয়ে লাহেকৈ তাইৰ ওচৰ পালেগৈ। তাইৰ বাহুত হাত ফুৰাই ক'লে,

"ৰচোন ৰাধা। এনেকৈ গালি পাৰি থাকিলে সিহঁতে বেছিহে নোৱাৰা হ'ব। আজি তিনিদিন হৈছেহে, পাৰিব সিহঁতে। আৰু তই শিকালে কোনোবাই নোৱাৰিব নে!"

চুপহিৰ কথাত ৰাধা কিছু শান্ত হ'ল। তাই যে চুপহিক একো বেয়াকৈ নকয় সেয়া চুপহিয়ে জানে। কিয় নকয় সেয়াও এক ৰহস্য। সেই ৰহস্য পিছে ৰঞ্জনহঁত কোনেও নাজানে। একমাত্ৰ ৰাধা, চুপহি আৰু তেওঁৰ বাহিৰে।

"তহঁত আজি যা গৈ। কাইলৈ হ'ব প্ৰেক্টিছ।"

ৰাধাৰ কথাত সৰু ছোৱালী কেইজনী ওলাই গ'ল। তাৰ পাছতেই বাকীকেইটা গোল হৈ পকাতে বহিল। পৰিৱেশটো আগতকৈ কিছু গম্ভীৰ হ'ল। এটা গুৰুত্বপূৰ্ণ বিষয় যে আলোচনা হ'বলৈ গৈ আছে সেই কথা সকলোৱে অনুমান কৰিলে। প্ৰথমে সপোনে আৰম্ভ কৰিলে,

"কথাটো এতিয়াই কাকো জনাব নালাগে। মই মাত্ৰ হেমেন খুৰাৰ দোকানত শুনিহে জনাইছোঁহি তহঁতক।"

"কিন্তু যদি কথাটো সঁচা হয়, মই কিন্তু এটাকো সুদাই নেৰোঁ। ৰাজনীতিৰ বাহিৰে বেলেগ কিবা চিনি নাপাই নেকি কুকুৰহঁতে!"

ৰাধাই দাঁত কেইটা কৰচি কৈ উঠিল। তগৰে লগে লগে তাইৰ হাতখন ধৰি ক'লে,

"মনে মনে থাক চোন ৰাধা। কোনোবাই শুনিব। হেমেন খুৰাই কেতিয়াবা এনেও কয় কিছুমান কথা।"

অৱশ্যে তগৰৰ কথাটো একেবাৰে মিছাও নহয়। এই "হেমেন খুৰাৰ দোকান" বুলি সিহঁতে যিখন দোকানৰ কথা কৈছে, সেইখন হ'ল গোবিন্দপুৰৰ একদম ঘাটি। মানে তুমি হেমেনৰ দোকানলৈ কিবা এটা আনিবলৈ গ'লেই কাৰ ঘৰত কি হৈছে, কাৰ ঘৰলৈ কোন আহিছে, কাৰ পাকঘৰত কি ৰান্ধিছে, কাৰ জীয়েকে কাৰ পুতেকৰ লগত ৰাতি একেলগে বহি ভাওনা চাইছে চব খবৰ পাই যাবা। গোটেইবোৰ হেমেনৰ নখ দৰ্পনত। ডেকা বুঢ়া, বোৱাৰী জীয়ৰী যিয়েই দোকানলৈ নাযাওক কিয়, হেমেনে বিনামূলীয়া বাতৰি দি পঠায়। হেমেনৰ আকৌ কেই গৰাকীমান বাতৰি প্ৰচাৰকো আছে। সেয়া সময়ে সময়ে কৈ যাম বাৰু। পিছে সেই হেমেনৰ দোকানতে সপোনে কথা এষাৰ শুনি আহিলে। সোতৰ জানুৱাৰী মানে শিল্পী দিৱসৰ দিনা হেনো সিহঁতৰ সংঘটোত কিবা দলৰ মিটিং হ'ব। কোনোবা নেতাও আহিব। নাই, সেয়া শিল্পী দিৱসক লৈ হোৱা মিটিং নহয়। নিৰ্বাচনৰ প্ৰচাৰৰ মিটিং। হয়তো জ্যোতিপ্ৰসাদৰ ছবিত ধূপ কেইডালমান দিব, তাৰ বাহিৰে একো নহয়। মিটিং হোৱাত আপত্তি নাই, কিন্তু শিল্পী দিৱসৰ দিনা কিয়! অসমৰ বৰেণ্য ব্যক্তি সকলকো এতিয়া ৰাজনীতিয়ে আৱৰিব নেকি! সেইবাবেহে ৰাধাহঁতৰ খং উঠিছে।

"তগৰে ঠিকেই কৈছে। এটা কাম কৰোঁ, আমি এবাৰ অৰুণ ছাৰৰ ওচৰৰ পৰা আহোঁ ব'ল। ছাৰ চাগে ঘৰতে আছে। তেখেতে গম পাব।"

ৰঞ্জনৰ কথাটো সকলোৱে মানি ল'লে। লগে লগেই তাৰ পৰা আটাই কেইটা অৰুণ ছাৰৰ ওচৰলৈ ওলাল। অৰুণ ছাৰ মানে অৰুণজ্যোতি বৰা। গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। সেইখনৰ পৰাই ৰাধাহঁত সকলোৱে শিক্ষাৰ আৰম্ভণি কৰিছিল। গাঁৱৰ ল'ৰা ছোৱালী সকলোৱে মাক দেউতাকৰ কথা নুশুনিলেও অৰুণ ছাৰৰ কথা আখৰে আখৰে শুনে। সংঘৰ কমিটিৰ সভাপতি হোৱাৰ বাবে তাত কেতিয়া কি হ'ব অৰুণ ছাৰে সকলো জানে। সেয়ে সিহঁত ছাৰৰ ওচৰ পালেগৈ। 

গাঁৱৰ চাৰিআলিটোৰ মূৰতে স্কুলখন। সেইখিনিৰ পৰাই গাঁওখন আৰম্ভ হৈছে। মূল চহৰৰ পৰা বাট এটা ফাটি আহি আহি বহুখিনি ঠাই পাৰ হৈ ইয়াত লগ হৈছেহি। চাৰিআলিটোত এজোপা প্ৰকাণ্ড কৃষ্ণচূড়া আছে। যেতিয়া ফুলজোপা ফুলে গোবিন্দপুৰৰ ৰঙা তোৰণৰ দৰেই লাগে। এল পি স্কুলত পঢ়ি থাকোতে পানী খোৱা ছুটীৰ পৰত ৰাধাই কিমান যে ফুল বুটলিছিল। মাককো তাই কৈছিল, ঘৰত এজোপা কৃষ্ণচূড়া লগোৱাৰ কথা। পিছে আইতাক মনোহৰাই আকৌ কয়, কৃষ্ণচূড়া গছ হেনো ঘৰত লগাব নাপায়। কিবা বোলে গোঁসাই থকা গছ। সেইবাবেই ৰাধাৰ স্কুলৰ এই কৃষ্ণচূড়া জোপালৈ বৰ মৰম। স্কুলখনৰ কাষৰ সৰু গলীটোৰে গ'লে একে মুখৰ ঘৰখন অৰুণ ছাৰৰ। পদূলিতে ৰঙা জবা এজোপা ভকভকাই ফুলি আছে। নঙলা ডাল খুলি সিহঁত সোমাই গ'ল। ছাৰ পিছে চোতালতে মুঢ়া এটাত বহি বিচনী এখন সাজি আছিল। ছাৰক এইটোৱেই ভাল লাগে। কেতিয়াও এনেয়ে নাথাকে। সিহঁত যোৱা দেখি কাম সামৰি তেওঁ ক'লে,

"আও, আজি দেখোন গোটেই সৈন্য সামন্ত লৈ ওলালহি ৰাধা ৰাণী। কি বা সকাম?"

ইহঁত গোটেই কেইটা ৰাধাৰ লগতে ঘূৰি ফুৰে আৰু গাঁৱখনত নানা কাম কৰি ফুৰে। কেতিয়াবা কাৰোবাৰ আম, বগৰীও তহিলং কৰেগৈ বাবে গোটেই কেইটাক একেলগে দেখিলে মানুহ অলপ সাৱধান হয়। ৰাধাই ক'লে,

"আপোনাক কথা এটাহে সুধিবলৈ আহিলোঁ ছাৰ। শুনিছোঁ, সংঘত হেনো শিল্পী দিৱসৰ দিনা কিবা পাৰ্টিৰ মিটিং হ'ব। হয় নেকি?"

অকণমান ৰৈ হুমুনিয়াহ এটা পেলাই ছাৰে ক'লে,

"ঠিকেই শুনিছ।"

"কিন্তু কিয় ছাৰ, আমিতো শিল্পী দিৱস পাতিম বুলি জনাই থৈছিলোঁ। আৰু সংঘটো আমাৰ গাঁৱৰ মানুহৰহে। কোনোবা পাৰ্টিৰ লিডাৰে আহি কৰোঁ বুলিলেই মিটিং কৰিবহি নেকি?" ৰাধাৰ মাতটো ক্ৰমান্বয়ে ডাঙৰ হৈ আহিল। অৰুণ ছাৰে পিছে শান্ত সুৰত ক'লে,

"জানো অ' আই। কিন্তু কি কৰিবি। মই সভাপতি হৈও কিছুমান কথাত মাত মাতিব নোৱাৰো। এইবোৰ ৰাজনীতিৰ কথা।"

"আপুনি নোৱাৰে যদি আমিয়েই মাত মাতিম। ঐ ব'ল, ককাৰ ওচৰলৈ যাওঁ।"

উভতি যাব খোজা ৰাধাক অৰুণ ছাৰে ক'লে,

"এইবাৰ তোক ককাৰেও সহায় কৰিব নোৱাৰিব অ' আই। কাৰণ পাৰ্টিৰ লিডাৰক তোৰ ঘৰৰ মানুহেই মাতিছে। বৈকুণ্ঠ মানে তোৰ ডাঙৰ খুড়াৰে।"

চেলাউৰি থূপ খাই আহিল ৰাধাৰ। মুখখন ৰঙা পৰি আহিছে। দাঁত কেইটা কৰচি একে কোবে ওলাই আহিল তাৰ পৰা। আহোঁতে নঙলাডাল গোৰ মাৰি থৈ আঁতৰাই আহিল।

"ৰাধা, ঐ ৰাধা শুন চোন। ৰাধা ৰচোন।"

অৰুণ ছাৰৰ লগতে বাকী কেইটাইও চিঞৰি মাতিলে যদিও ৰাধা নৰ'ল। অৰুণ ছাৰে ভয়ে ভয়ে ক'লে,

"শেষ, এইজনীয়ে ঘৰত গৈ মহাভাৰত কৰিব গৈ এতিয়া।"

(আগলৈ)

Comments

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯