ৰাধা : খণ্ড ৬

 #ৰাধা

Part 6

প্ৰতিজন মানুহেই দৈনিক একোখনকৈ যুঁজ যুঁজি থাকে। কোনোবা হাৰে কোনোবা জিকে। কিন্তু প্ৰতিখন যুঁজৰ সিপাৰে কাৰোবাৰ এষাৰি মাত থাকে, একুঁকি আকুলতা থাকে। যি কেতিয়াবা যুঁজত সঞ্জীৱনী শক্তি হয় আৰু কেতিয়াবা ঔষধ। ৰাধাৰ বাবে সেই মাতষাৰেই হৈছে কানাইৰ। নাই নাই, এয়া সেই গকুলৰ ময়ূৰ পাখিধাৰী কানাই নহয়। এয়া গোবিন্দপুৰৰহে কানাই। অৱশ্যে চিধাই গোবিন্দপুৰৰ বুলিও ক'ব নোৱাৰি। ধৰ্ম নাৰায়ণৰ সখা হৰিভকত আছিল হৰি মাধৱ বৰুৱা। সেই হৰি মাধৱ বৰুৱাৰে নাতিয়েক কানাই। হৰি মাধৱ আগতে গোবিন্দপুৰৰে কাষৰ গাঁও এখনত আছিল। পিছলৈ উজনিৰ কোনোবা বানে গৰকা ঠাই এটুকুৰাত থিতাপি লৈছিল গৈ। ধৰ্ম নাৰায়ণে বাৰে বাৰে কোৱাৰ সত্ত্বেও স্বাভিমানী হৰি মাধৱে সখিয়েকৰ সহায় নলৈ নিজে ঘৰ পাতিলেগৈ। পিছে কালে বেছিদিন নতুন ঘৰৰ সুখ পাবলৈ নিদিলে। কোনোবা কালনিশা মথাউৰি চিঙা বানে গোটেই গাঁওখনকে ঢাহি মুহি নিলে। হৰি মাধৱৰ লগতে তেওঁৰ একমাত্ৰ পুতেক আৰু বোৱাৰীকো বানত হেৰাল। ৰৈ গ'ল নাতিয়েক কানাই। প্ৰথমে আৰ ঘৰত তাৰ ঘৰত থাকি থাকি কানাই এদিন আহি ধৰ্ম নাৰায়ণৰ গোবিন্দপুৰ পালেহি। তাৰ মুখেৰে কোনোবাই চাৰিআলিতে হৰি মাধৱৰ নাতিয়েক বুলি জানি স্নেহালয়লৈ পঠালে। ধৰ্ম নাৰায়ণে বুকুত আঁকোৱালি ল'লে সখিয়েকৰ বংশৰ অন্তিম চাকিগছ। কানাই অহাৰ দিনটো যে ৰাধাৰ এতিয়াও মনত আছে। তাইৰ মনত ভাঁহি উঠিল সেই সময়খিনি।

চাৰি বা পাঁচ বছৰ মানৰ আগৰ কথা। ৰাধা তেতিয়া এল পি স্কুলতে। ঘৰত কোনেও ভালকৈ পঢ়াব নোৱাৰা ৰাধাক গোবিন্দপুৰৰ কাষৰ গাঁৱৰে সুৰেন মাষ্টৰৰ ওচৰত টিউচন দিলে। টিউচন মানে নো কি আৰু, ৰাধাকে ধৰি দুটামান একেলগে অংক শিকিবলৈ যায় সুৰেন ছাৰৰ ওচৰত। সুৰেন ছাৰৰ যি খং আৰু ধমকি তাত গোটেই ল'ৰা ছোৱালী মখাই ভয়তে তাপ মাৰে। পিছে ৰাধা ইয়াতো অকণ বেলেগ। সুৰেন ছাৰৰ আগতো আমলখি পেকেট খাই থকা মানুহ তাই। কেইদিনমান ৰাধা টিউচনলৈ যোৱা নাছিল। আচলতে যাওঁ বুলি টিউচনলৈয়ে ওলাই গৈছিল। পিছে সেই কাষৰীয়া গাঁৱৰ পথাৰত কেইটামানে মুকলি বিহুৰ আখৰা কৰে, তাই গৈ তাত বিহুৰ আখৰা চাই থাকে। মাজে মাজে এপাক নাচেও। আৰু টিউচনৰ সময় শেষ হ'লে গুচি আহে। ৰাধাৰ মতে, পঢ়া শুনাতো গোটেই বছৰ কৰিব পাৰি, বিহুটো কিবা এমাহৰ বাবেহে আহে। দুইখন গাঁৱৰ মাজতে এটা তিনিআলি। তিনিআলিটোৱে যেন গাঁও দুখনত একেলগহে কৰিছে। তিনিআলিটোতে ৰাস্তাৰ এপাৰে এখন দোকান আৰু সিপাৰে এখন ডেকা চাং। ৰাধাহঁতৰ গাঁৱৰ হেমেন খুৰাৰ দোকানত বা স্নেহালয়ৰ সমুখতো ডেকা চাং আছে যদিও ৰাধাৰ আকৌ এই তিনিআলিত বহাতহে বেছি মন। কাৰণো নথকা নহয়, তিনিআলিৰ ডেকা চাঙত ছোৱালী মানুহ নবহে বুলি মাকে এবাৰ তাইক মাৰিছিল। কথাটো মিছাও নহয়, নানা তৰহৰ কথা পাতি পাতি দুয়োখন গাঁৱৰ ডেকাজাক তাতেই বহি থাকে। হেমেনৰ দোকানত পাতিব নোৱাৰা গোপন কথাবোৰে তাত ঠাই পায়। পিছে মাকে ৰাধাৰ মৰাৰ পৰাই তাইৰ ইয়াত বহাৰ জেদটো বাঢ়ি গ'ল। তাই এপাক হ'লেও তাত বহিবই। সেইবাবেই তাই লগৰ কেইজনীকো লৈ বা কেতিয়াবা অকলেই বাদাম চোবাই ভৰি নচুৱাই নচুৱাই তাত বহি থাকে। সেইদিনা বহি থাকোতেই সুৰেন ছাৰে পাই বোলে "কি অ' ছোৱালী, তই চোন টিউচন নহাই হ'লি?" বুদ্ধিত বৃহস্পতি ৰাধাৰ ঘপকৈ মুখৰ পৰা ওলাল,

"ছাৰ, আমাৰ আইতা ঢুকাল যে।" 

"কি কৱ? মনোহৰা খুৰীদেউ ঢুকাল? ইচ ইচ ঐ!" মাতটো ডাঙৰকৈ ওলাইছিল তেখেতৰ। দুখ কৰি কৰি ছাৰ নিজৰ গাঁৱলৈ গ'লগৈ। ইফালে নিজকে নিজে প্ৰশংসা কৰি কৰি ৰাধা ঘৰলৈ আহিছিল। ঘটনাটো ঘটিল পিছদিনা ৰাতিপুৱা। ৰাতিপুৱাৰ পৰাই স্নেহালয়ত কাষৰীয়া গাঁৱৰ মানুহ, মনোহৰা চৌধুৰী ঢুকোৱাৰ খবৰ ল'বলৈ অহা মানুহে ভৰি আছে। কথাটো শুনি মনোহৰাই জঁপিয়াই উঠিছিল,

"কাৰ পানী খোৱা পুখুৰীত বিহ ঢালিছিলোঁ ঐ মই। জীয়াতে মাৰিলি যে মোক।"

কথাটো ঘৰৰ কোনেও আনকি ধৰ্ম নাৰায়নেও তত ধৰিব পৰা নাই। তেখেতৰ পত্নীৰ বিয়োগৰ কথাটো কোনে উলিয়াইছে। ৰাধাই পিছে কথা লাহে লাহে বিষম হ'ব যেন দেখি পুৱাই ভাত কেইটা নাকে কাণে গুজি তগৰহঁতৰ লগত ওলাই লখিমীৰ পাৰ পালেগৈ। শেষত সুৰেন ছাৰ আহোঁতেহে কথাটো ওলাল। মনোহৰাক দেখি ভৰিতে দীঘল দি পৰিল তেখেত,

"মোক খেমিব খুৰীদেউ আপোনাৰ নাতিয়েকে যে মোক থিয়ৈ থিয়ৈ এনে জীয়া ফাঁকি দিব মই কেনেকৈ জানো।"

এনেতে কুন্তলা আহি সুধিলে, 

"পিছে সুৰেন, তুমি হাত ভাল পালা নে নাই?"

সুৰেন ছাৰ আচৰিত হ'ল,

"মোৰ হাতত আকৌ কি হ'ল?"

কুন্তলাৰ হৈ উত্তৰটো সাদৰীয়ে দিলে,

"ৰাধাই কৈছে আপোনাৰ বোলে চাইকেলৰ পৰা পৰি হাত ভাঙিল। সেই কাৰণে হেনো এই কেইদিন বহীত অংক কৰোৱা নাই। অকল বুজাইছেহে।"

"কি ক'লে? চিৰি বিষ্ণু চিৰি বিষ্ণু! এনে হতচিৰি যোৱা ছোৱালী মই দেখা নাই ঔ! এনে গোকাট ফাঁকি দিলে মই ক'তে মৰোঁ।"

কুন্তলা, সাদৰী, মনোহৰা আনকি ধৰ্ম নাৰায়নো ডঁৰক লাগিল এই সৰু ছোৱালীজনীৰ বুদ্ধিত। গোটেই ঘৰখনকে তাই কম ফাঁকিত ৰাখিলে নে। কুন্তলাই লগে লগে পোনাক চিঞৰিলে,

"পোনা, এই নিলাজীজনী ক'ত আছে এতিয়াই বিচাৰি আন।"

ধৰ্ম নাৰায়ণে কিবা ক'ব লৈছিল যদিও মনোহৰাই বাধা দিলে,

"আপুনি একো নক'ব। এতিয়াই শাসন নকৰিলে তাই আৰু বাঢ়ি যাব।"

পোনাই হাতত ধৰি ৰাধাক আনি বুলনি পাৰ হৈছিলহে। কুন্তলাই আজুৰি আনি লিচিপনি এডালেৰে সাৰৌপ সাৰৌপকৈ ভৰিৰ পিতত লগাই দিছিল। ৰাধাই উসঃ উসঃ কৈ চিঞৰি উঠিছিল। শেষত যেনিবা আজু আইতাক ভানুমতীৰ হস্তক্ষেপত তাই সিবাৰলৈ ৰক্ষা পৰিল। পিছে মাকে তাইক ঘৰৰ পিৰালিতে আঁঠুকঢ়াই কাণত ধৰাই থৈ দিছিল। ঘটনাটো ঘটিছিল তেতিয়াই। ৰাধাই পিৰালিত আঁঠুকাঢ়ি থাকোতেই প্ৰৱেশ হ'ল কানাইৰ। সময় ভৰ দুপৰীয়া। অচিনাকি চৌহদটোত সি লাহে লাহে সোমাই আহিছিল। বুলনি পাৰ হৈ আহি গছবোৰ চাই চাই সি মূল ঘৰটোৰ সমুখ পাই তধা লাগি ৰ'ল। তাৰ সমানেই ছোৱালী এজনীয়ে চোন কাণত ধৰি আঁঠুকাঢ়ি আছে। স্থান কাল নাচাই কানায়ে হো হোৱাই হাঁহি দিলে। তাৰ যেন হাঁহি শেষেই নহ'ব। এইফালে ৰাধাৰ খং গৈ চুলিৰ আগ পাইছিল গৈ। এনেই মাকৰ ওপৰত খং তাতে কোনোবা অচিনাকি ল'ৰাই তাইৰ ফালে চাই এনেকৈ হাঁহিব তাই কি চাই থাকিব নেকি। লগা লগ থিয় হ'ল তাই,

"ঐ, ক'ৰ ল'ৰা তই? কি লাগে ইয়াত?"

নাই, কানাইৰ হাঁহি তেতিয়াও ৰোৱা নাই। ৰাধাই আৰু সহ্য কৰিব নোৱাৰিলে। একেলৰে গোহালিলৈ গৈ গোবৰৰ খৰাহীটোৰ পৰা এসোপা হাতত আনি দলি মাৰি দিলে তাৰ গালৈ। গায়ে মূৰে গোবৰ চিটিকি পৰিল কানাইৰ। বেচেৰাৰ হাঁহি একেবাৰে মাৰ গ'ল। ৰাধাই কিন্তু গালি পাৰিয়েই আছিল,

"এতিয়া হাঁহ আকৌ। হাঁহচোন। মুখতো গোবৰ অলপ ভৰাই দিওঁ।"

কানায়ে তলমূৰকৈ শুনি আছিল। গোবিন্দপুৰত তাৰ স্বাগতম যে গোবৰেৰে হ'ব সি যে সপোনতো ভবা নাছিল। এনেতে ভিতৰৰ পৰা ধৰ্ম নাৰায়ণ আৰু ঘৰৰে লগুৱা এটা ওলাই আহিল। ৰাধাৰ গালি আৰু কানাইৰ অৱস্থা দেখি তেখেতৰ বুজিবলৈ একো বাকী নাথাকিল। ককাকক দেখি ৰাধাও মনে মনে ৰ'ল। ধৰ্ম নাৰায়ণৰ প্ৰশ্নবোধক মুখলৈ চাই কানায়ে নিজেই কৈছিল,

"মই কানাই। পানীজান গাঁৱৰ হৰি মাধৱ..."

কৈ শেষ নহওতেই ধৰ্ম নাৰায়নে কৈ উঠিল,

"সখাৰামৰ নাতি.. তই ক'ত আছিলি ইমান দিনে অ' সোণ। উফ, গোঁসায়ে তোক যে কুশলে ৰাখিলে। আহ আহ। ঐ পোনা ল'ৰাটোক লৈ যা চোন। ঘৰৰ মানুহক ক গৈ সখাৰামৰ নাতি।"

লগে লগে ঘৰৰ মানুহ কানাইক লৈ ব্যস্ত হৈছিল। কুন্তলাই তাক দেখি তাৱৈয়েকলৈ মনত পেলাই এসোঁতা কান্দিলেও। ভানুমতীৰো কানাইক দেখি চকু সেমেকিছিল। পিছে মনোহৰাৰহে কানাইক ৰখাটোত বৰ বেছি মন নাছিল। স্বভাৱতে কিছু স্বাৰ্থপৰ মনোহৰাৰ মানুহৰ প্ৰতি বিশেষ টান নাই। চৌধুৰী পৰিয়ালৰ সম্ৰাজ্ঞীৰ স্বয়ম্ভূ খিতাপ লোৱা মনোহৰাই সুযোগ সুবিধা পালেই মানুহৰ আগত সেয়া প্ৰতিপন্ন কৰিবলৈ চেষ্টাৰ ত্ৰুটি নকৰে। এপাকত মনোহৰাই গিৰিয়েকৰ আগত উলিয়াইছিল,

"হ'ল বুলি নো সখাৰামৰ নাতিয়েকক ঘৰ লগাব লাগে কিয়, নিলগকৈ ঘৰ এটাকে সাজি দিলেই হয়চোন। হাত দুখন আছে যেতিয়া খাব কিবাকৈ।"

ধৰ্ম নাৰায়ণে গম্ভীৰ মাতেৰে কৈছিল,

"এই কথাটোৰ ইয়াতেই মুখনি মৰা হওক। মই কাক ৰাখোঁ কাক খোৱাও সেই কথা ঘৰৰ তিৰি মানুহে উনুকিয়াব নালাগে। কিবা ভুল দেখিলে ক'বলৈ আই আছে।"

ধৰ্ম নাৰায়ণৰ এইটো স্বৰ বুজি পাই মনোহৰাই। ধুমুহাৰ আগৰ স্বৰ এইটো। একো নকৈ মাত্ৰ উঠি গৈছিল মনোহৰা। 

কানাইক লৈ ঘৰৰ মানুহৰ ব্যস্ততা দেখি ৰাধাৰ খং উঠিছিল। ইমান কি গুৰুত্ব দিবলৈ আছে সেইডালক। অৱশ্যে হৰি মাধৱ নামৰ ককাজনৰ কথা তাই ককাকৰ মুখত কেইবা বাৰু শুনিছে। তেখেতৰ মৃত্যুৰ বাতৰি পাই সৰু ল'ৰাৰ দৰে উচুপি উঠাও দেখিছে ককাকক। হ'লেও এইডালক ইমান ৰজা বুলি ভাবিবলৈ একো নাই। অৱশ্যে সি অহাৰ বাবে এটা কথা ভাল হ'ল, ৰাধাৰ দিনৰ ঘটনাটো সকলোৱে পাহৰিলে। 

ৰাতি ভাত খাই উঠি ৰাধাই আগফালৰ চোতালত খোজকাঢ়ি আছিল। সিহঁতৰ বহল চোতালখন যেন এখন সৰু সুৰা পথাৰহে। গাঁৱৰ মাইকী মানুহে তাঁত মেলিব লগা হ'লে সেয়ে ইয়ালৈকে আহে। ৰাতি জোনাক চাই এপাক খোজকঢ়াটো ৰাধাৰ নিয়ম। ঘৰৰ গোটেই জাকে খাই বৈ ধুই পখালি অঁতাই মানে এইকণ সময় তাইৰ নিজৰ। কিবা এটা ভাল লাগে এইখিনি সময়। ৰাধাহঁতৰ ঘৰৰ পৰা চাৰিটামান পদূলি সাৰিয়েই গোবিন্দপুৰৰ বৰনামঘৰটো। বৰনামঘৰৰ বাটচ'ৰাৰ মুখতে এফালে এজোপা হাচনাহানা আৰু আনফালে কামিনী কাঞ্চন। হাচনাহানা জোপাৰ গোন্ধ ৰাধাহঁতৰ চোতাললৈকে ভাঁহি আহে। বিশেষকৈ এই ৰাতিৰ সময়খিনি ৰাধাহঁতৰ চোতালখন গোন্ধেৰে আমোল মোলাই থাকে। ৰাধাই খোজকাঢ়ি থাকোতেই ঘপকৈ কানাইও ওলাইছিলহি। জোনাকৰ উপৰিও গোহালিত ওলমি থকা হাৰিকেনটোৰ পৰা সি অহা গম পাইছিল যদিও ৰাধাই একো মাত দিয়া নাছিল। প্ৰথম কানায়েই মাতিছিল,

"তোক কোনে কাণত ধৰাইছিল নো, মায়ে নে?"

প্ৰচণ্ড খং এটাই মূৰ পাইছিল যদিও ৰাধাই ধৈৰ্য্য ধৰিছিল সেইদিনা। যিমান যি হ'লেও আলহী। মনৰ ভাবটো লুকুৱাই তাই কৈছিল,

"অ মায়ে।"

"আজিৰ পৰাতো মই ইয়াতে থাকিম। তোক আকৌ মায়ে কাণত ধৰালে মোক ক'বি চোন, মইও কাণত ধৰি আঁঠু কাঢ়িম তোৰ লগত।"

এইবাৰ ৰাধাৰ আচৰিত হোৱাৰ পাল। এই ল'ৰাটো সঁচাই বলিয়া নে তাইক ঠাট্টা কৰিছে বাৰু! তাইৰ প্ৰশ্নৰ উত্তৰ দি কানায়ে নিজেই ক'লে,

"বৌটি থাকোতে মোকো এনেকৈ কাণত ধৰাই আঁঠু কঢ়াইছিল। পিতাই আৰু বৌটি বানত পৰাৰ পৰা মোক কোনেও এনেকৈ আঁঠু কঢ়াই থোৱা নাই।"

হাৰিকেনৰ পোহৰত কানাইৰ চকুৰ টোপাল কেইটা ৰাধাই স্পষ্টকৈ দেখিছিল। একো ক'ব পৰা নাছিল সি। ক'ব পৰা নাছিল ৰাধাইও। "মই শো গৈ দে" বুলি কানাই ভিতৰলৈ গৈছিল গৈ। ৰাধা ৰৈ গৈছিল। বুকুত যেন বৈ গৈছিল এসোঁতা বিষ। "পিতাই আৰু বৌটি বানত পৰাৰ পৰা মোক কোনেও এনেকৈ আঁঠু কঢ়াই থোৱা নাই।" বয়সত সৰু হ'লেও কথাষাৰ ৰাধাৰ বুকুত লাগি গৈছিল যেন। একে দৌৰে গৈ তাই মাকৰ কোঠা পাইছিলগৈ। মাক তেতিয়ালৈ কাম কৰি আজৰি হৈ ভিতৰ পাইছিলহে। তাই মাকক সাৱটি ধৰি আছিল অলপ সময়। তাৰ পাছত কৈছিল,

"তই মোক এৰি ক'তো নাযাবি দেই মাই।"

কপালত চুমা এটা খাইছিল কুন্তলাই। এইজনী ছোৱালীক কেনেকৈ যে মাৰিছিল তাই। ৰাধাক বুকুত লৈয়ে টোপনি গৈছিল কুন্তলা। অথনিৰে পৰা ৰাখি থোৱা চকুপানী বৈ আহিছিল ৰাধাৰ।

(আগলৈ)

Comments

Post a Comment

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯