ৰাধা : খণ্ড ৮

 #ৰাধা

Part 8

"ধেই এইটো, অকণমান ধেমালি কৰোঁতেই সি বাঁহী নবজোৱা হ'ল।"

সৰুকণৰ মাতত পুৰণি দিনৰ পৰা উভতি আহিল ৰাধা। কানাইৰ অভিমানত ফুলি উঠা গালখনত চিকুট এটা মাৰি দিলে তাই। 

"এইখনতো চিকুট, নহ'লে বিয়া নহ'ব মোৰ।"

ৰাধাই হাঁহি হাঁহি কানাইৰ সিখন গালতো চিকুটি দিলে। এই সৰল মনৰ কানাইটো সদায় এনেকৈয়ে থাকক। তাৰ হাঁহিটো চাই চায়েই যে তাই গোটেই পৃথিৱীৰ লগত যুঁজিব পাৰিব। 

"ব'ল সৰু দা। ঐ কানাই, কোনোবাই সুধিলে আমি লখিমীৰ পাৰলৈ গৈছোঁ বুলি নকবি। ক'বি এনেই ওলাই গৈছোঁ এপাক।"

কথাটো কৈ ৰাধা নৰ'লেই। সৰুকণকো টানি নি লৰ মাৰিলে। তাইৰ কামবোৰেই এনেকুৱা। সিহঁত যোৱাৰ ফালে চাই লাহে লাহে স্নেহালয়ৰ ফালে খোজ ল'লে কানায়ে।


"ৱাহ ৱাহ ৱাহ! আমাৰ প্ৰফেচাৰণি বাইদেউৰ সময়েই নাই ঔ পঢ়া শুনাৰ পৰা।"

হঠাৎ কাৰোবাৰ মাত শুনি "ৰাধা"খন জপাই থলে সন্ধ্যাই। কোনোবাই ভিডিঅ' কল কৰিছে। তাৰ পৰাই আহিছে মাতটো। কিতাপখন জপাই উঠি আহি দেখে অনুৰণৰ ফোনত অভিমন্যুৰ ভিডিঅ' কল। সন্ধ্যা আহি তাৰ কাষতে বহি ফোনটো ল'লে।

"তোৰ নিচিনা বনৰীয়া জীৱন নহয়তো মোৰ। নিজৰ হ'লে শ্বুটিঙৰ নামত কেতিয়াবা এমাহ মানলৈও খবৰ নোহোৱাকৈ থাকে।"

সন্ধ্যাৰ কথাত সিফালৰ পৰা নাৰীকণ্ঠ এটাই ক'লে,

"ঠিক কৈছ ৰুণ। লাহে লাহে আমিও মেনেজাৰৰ লগতহে কথা পাতিব লাগিব আৰু। এক্টৰ ছাৰে আজি দুসপ্তাহৰ মূৰত লগ ধৰিছে মোক।"

মোবাইলৰ পৰ্দাত জিলিকি উঠিল পখীৰ মুখ। পখীপ্ৰিয়া ; সন্ধ্যাৰ লগত একেলগে ডাঙৰ হোৱা ছোৱালীজনী ইউনিভাৰ্চিটিত তাইৰ ৰূমমেটো হৈছিল। তেনেকৈয়ে অভিমন্যুৰ লগত চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল দুয়োৰে। বৰ্তমান পখী মুম্বাইৰে বাসিন্দা। সন্ধ্যাৰ লগত কথা পতাৰ মাজতে তাই সুধিলে,

"বাকী ৰুণ, তই অকল ধোঁৱাতে ধৰিছ নে বটলতো ধৰিলি।"

সন্ধ্যাই অনুৰণলৈ চালে। তাই চিগাৰেট খোৱাৰ কথা অভিমন্যুৰ পৰা যে পখীয়েও গম পালে সেইটো বুজিলে। পখীয়ে কৈ গৈছে।

"মা কচম অনুৰণ, এদিন এই ফুকি থাকোতে ভিডিঅ' এটা কৰি থবা। মোৰ চাবলৈ ব'ম মন আছে। ঐ, অসম গৈয়ে তোৰ লগত এদিন...."

এনেতে মোবাইলটো অভিমন্যুয়ে কাঢ়ি নিলে,

"আকৌ যদি মই শুনো যে তই চিগাৰেট খাইছ, চাই থাক মই কি কৰিম!"

সন্ধ্যাই ওলোটাই ক'লে,

"এনে নোখোৱাটোৱে কৈছে।"

"ক'ম, হাজাৰবাৰ ক'ম। তোক সেইটো ৰূপত মই চাব নোৱাৰো। নাচাও।"

অলপ সময় কোনেও কোৱা নাই একো। পৰিৱেশটো বেলেগ কৰিবলৈকে পখীয়ে ক'লে,

"দুখ থাকিবই ৰুণ। কিন্তু দুখ নোহোৱা কৰাৰ আয়োজনে কেতিয়াবা বেছি দুখকহে আমন্ত্ৰণ দিয়ে। তই মোতকৈ ভালকৈ বুজ।"

সন্ধ্যাই একো নক'লে। কিবা কিবি কথা পাতি ফোনটো থ'লে। লাহে লাহে উঠি গৈ বেলকণি পালেগৈ তাই। ৰেলিঙত ধৰি তলৰ ব্যস্ত মহানগৰখনলৈ চাই ৰ'ল। এন্ধাৰত গাড়ীৰ লাইটবোৰ তৰাৰ দৰে জিলিকিছে। হৰ্নবোৰৰ শব্দ ইয়ালৈকে আহিছে। অভিৰ কথাই মনলৈ আহিছে তাইৰ। অভিয়ে আগতেও তাইক গালি পাৰিছে। তাইও জানে চিগাৰেট মানে সমাধান নহয়। তাৰ পাছতো তাই পৰা নাই। এনেতে পিছফালৰ পৰা কাৰোবাৰ পৰশ। হাতখনেৰে সন্ধ্যাৰ কঁকালত মেৰিয়াই ধৰি ওঁঠযোৰ তাইৰ ডিঙিত লগাই দিলে। সন্ধ্যাৰ এই পৰশটো যেন আজন্ম চিনাকি, যুগ যুগান্তৰৰ। অনুৰণ ; তাইৰ অনুৰণ। কিছু সময় তেনেকৈ থাকি মুখখন সন্ধ্যাৰ কাণৰ কাষলৈ আনি অনুৰণে ক'লে,

"ভাল পাওঁ তোমাক ৰুণ। বেলেগ একোৰে প্ৰয়োজন নাই মোক। তোমাক ভাল পোৱাৰ অনুভৱতকৈ শ্ৰেষ্ঠ পূৰ্ণতা আৰু একো নাই।"

চকু মুদি দিছিল সন্ধ্যাই। চকুৰে বৈ আহিছিল পানীৰ টোপাল। অলপ সময় তেনেকৈ ৰৈছিল সিহঁত। বেলকণিৰ এন্ধাৰখিনিও বিশেষ হৈ উঠিছিল। এনেতে ফোনটো অহাত অনুৰণে বাহুৰ পৰা মুকলি কৰিলে সন্ধ্যাক। কপালত আলফুলে চুমা এটা আঁকি দি ৰূমটোৰ পৰা ওলাই আহিল সি। বুকুত এবুকু পূৰ্ণতা লৈ সন্ধ্যাই আকৌ মেলি ল'লে, "ৰাধা"।


লখিমী নৈ ; অকল নামত নহয়। কামতো লখিমী এই নৈখন। নগৰৰ পৰা অহা বাটটো আৰু গোবিন্দপুৰক দুভাগ কৰিছে লখিমীয়ে। আনফালে আকৌ বৈ গৈ আনটো দিশেৰে গোবিন্দপুৰৰ শেষ সীমাতো লখিমী ওলাইছে গৈ। বিহংগম দৃষ্টিৰে চাবলৈ গ'লে গোবিন্দপুৰক সাপ এডালৰ দৰে মেৰিয়াই আছে লখিমীয়ে। গোবিন্দপুৰৰ বহু পৰিয়াল লখিমীক কেন্দ্ৰ কৰিয়ে জীয়াই আছে। লখিমীত মাছ মাৰি পৰিয়াল পোহপাল দি, নাৱেৰে লখিমী পাৰ কৰি নগৰলৈ যোৱাৰ বাটলৈকে আগবঢ়াই দি বহু কেইজনে নিজৰ জীৱিকা চলাইছে। গোবিন্দপুৰৰ ভিনৰঙী ইতিহাসৰ সাক্ষী লখিমী। কোনোবা ছয় বছৰীয়া আন্দোলনত এই লখিমীয়ে নিশ্চুপ হৈ পি থৈছিল আপোন মানুহৰ কেঁচা তেজ। জামুৰঙী পোছাক পিন্ধা কাৰোবাৰ কামনাৰ বশৱৰ্তী হৈ তথাকথিত সতীত্ব হেৰুৱা পাটগাভৰুৰ মৃতদেহো সাৱটি ধৰিছে লখিমীয়ে। গোবিন্দপুৰ বাসীৰ বাবে লখিমী অকল নৈ নহয়, লখিমী এজনী জীয়ৰী এজনী বোৱাৰী, লখিমী এজনী মা। লখিমী যেন জীয়া মানুহ। মানুহৰ কথা বুজি পোৱা মানুহ। 

ৰাধা আৰু সৰুকণ লখিমীৰ যিটো পাৰলৈ আহিছে সেইটো সেই নগৰলৈ যোৱাটো নহয়। এইটো গোবিন্দপুৰৰ শেষ সীমাত থকা পাৰটোহে। গাঁৱৰ মানুহে বিয়াত পানী তুলিবলৈ, কোনোবাই কাপোৰ ধুবলৈ, কোনোবাই এনেই খেলিবলৈ এইটো পাৰলৈকে আহে। পিছে এই দুপৰীয়া সময়ত মানুহ তেনেকৈ নাই। লখিমীৰ পাৰত ওখ ওখ বহু গছ। কৃষ্ণচূড়া, আঁহত, বট, সোণাৰু, এজাৰ, শিমলু আদি নানা ওখ ওখ গছেৰে ভৰি আছে লখিমীৰ পাৰ। তাতেই আঁহত এজোপাৰ ওচৰ পাই সৰুকণ আৰু ৰাধা ৰৈ গ'ল। আঁহতজোপাৰ আঁৰ লৈ কোনোবা থকাৰ উমান পাইছে সিহঁতে। ৰাধাই মুখত আঙুলি দি সৰুকণক মনে মনে থাকিবলৈ ইংগিত দিলে। তাৰ পাছত আঁহতৰ আঁৰত থকা গৰাকীক "হা.." বুলি চিঞৰি ভয় খোৱাই দিলে। বেচেৰী ছোৱালীজনী একেজাপে বহাৰ পৰা থিয় হ'ল।

"এইকণ কলিজা লৈ চৌধুৰী বংশৰ বোৱাৰী কেনেকৈ হ'বাহে চুপহি বাইদেউ?"

ৰাধাৰ কথাত ৰঙা পৰি উঠিল চুপহিৰ গাখীৰ যেন গালদুখন। সৰুকণেও হাঁহিৰে তলমূৰ কৰিলে। সৰুকণৰ প্ৰেয়সী চুপহি। কথাটো ৰাধাৰ বাহিৰে আন কোনেও নাজানে। চুপহিৰ অকলশৰীয়া দেউতাকে মানুহৰ ঘৰত দিন হাজিৰা কৰি ঘৰখন চলায়। চুপহিয়েও কেইটামান টিউচন গোটাই লৈছে। হায়াৰ চেকেণ্ডাৰী পাছ কৰাৰ পাছতে নগৰৰ কলেজত এডমিশ্যন লৈছিল চুপহিয়ে। এইবাৰ বি এ চেকেণ্ড ইয়েৰ। দেউতাকৰ হাজিৰা আৰু তাইৰ টিউচনে ঘৰখনৰ জোৰা টাপলি মাৰিব নোৱাৰে। সেই কথা সৰুকণে বুজি পাই বাবেই নিজৰ পৰা যেনেকৈ পাৰে তাইক দি সহায় কৰে। আজিও সেই কাৰণতেই আহিছিল। কিন্তু ৰাধাৰ সমুখত চুপহিয়ে এইবোৰ নলয় বুলি জানে বাবে তাইক অলপ আতঁৰিবলৈ ইংগিত দিলে। ৰাধাই "মই আহি আছো দেই" বুলি আঁতৰি আহিল। তাইক নানিও উপায় নাই। এবাৰ চুপহি আৰু সৰুকণ এনেকৈ লখিমীৰ পাৰত বহি থাকোতেই গাঁৱৰ হেমেন দোকানীয়ে দেখিছিলেই। পিছে ভাগ্য ভাল, পিছফালৰ পৰা ৰাধা ওলাইছিলহি। তাই আহিয়েই তাইও লগত আছোঁ বুলি কোৱাত যেনিবা কথাটো সিমান বহলি নগ'ল। তেতিয়াৰ পৰা সৰু আৰু চুপহি লগ হ'লে ৰাধাও আহে। ৰাধা আঁতৰি যোৱাত সিহঁত আঁহতৰ তলতে বহিল। সৰুকণেই প্ৰথমে মাত দিলে,

"পঢ়া শুনা বোৰ চলি আছে নে ঠিকেই।"

"উম আছে।"

"এই কেইটা ৰাখ।"

সি আগুৱাই দিয়া খামটো হাতত লওঁ নলওঁকৈ লৈ চুপহিয়ে ক'লে,

"এনেকৈ প্ৰতিবাৰে আপোনাৰ পৰা লোৱাটো ভাল হৈছে জানো।"

"তই নো কাৰ, মোৰে নহয় জানো।"

মনে মনে ৰ'ল চুপহি। হাতটোৰে চাদৰৰ আঁচলটো খামুচি ধৰিলে। ভৰিৰ আঙুলিৰে মাটি খুচিবলৈ লাগিল। অলপ ৰৈ তাই ক'লে,

"শুনিছোঁ আজিকালি বেছিয়েই ঘৰৰ পৰা আঁতৰি থাকে। এনেকৈ অনাই বনাই ফুৰাতকৈ চাকৰি এটাকে নিবিচাৰে নো কিয়!"

হহাৰ দৰে কৰি সৰুকণে ক'লে,

"চাকৰি বিচাৰিলেই পোৱা হ'লে ভালেই আছিল। এতিয়া টকা নিদিলে উশাহ ল'বলৈও নোৱাৰা নিচিনা অৱস্থা দেশত।"

"উম, শুনিছোঁ। কিন্তু গাওঁবুঢ়া দেউতাই নো টকা অলপ নিদিব নে?"

এইবাৰ সৰুকণৰ মাতটো কিছু ডাঙৰ হ'ল,

"কাম নাই আৰু মোৰ! সেইমখাক টকা দি চাকৰি লোৱাতকৈ মই সেই টকাৰে ট্ৰেক্টৰ কিনি খেতি কৰিম।"

"সেয়া, কথা এটা ক'লেই ধমকি মাৰি আহে।"

চুপহিৰ সজল চকুযুৰি লৈ চাই গালখনত হাতেৰে চুই সৰুকণে ক'লে,

"তই চিন্তা নকৰিবি। ভালকৈ পঢ়চোন। তোক আনি লৈ মই লঘোণত নাৰাখোঁ দে। গাওঁবুঢ়াৰ ৰাজঘৰত নাথাকিলেও সৰুকৈ জুপুৰী এটা বনাই তাতে ৰাখিম তোক। পিছফালে পুখুৰী এটা খান্দি হাঁহ মাছ পুহিম। আগফালে নয়নতৰা আৰু খৰিকাজাই পুলি লগাই ফুলনি এখন সাজিম। থাকিব পাৰিবি নে তেনেকৈ?"

চুপহিয়ে লাজ লাজকৈ কয়,

"আপুনি লগত থাকিলে কিয় নো নোৱাৰিম?"

"কেতিয়াবা মই নাথাকিলেও থাকিব লাগিব চুপহি। কেতিয়াবা মই ক'ৰবালে গুচি গ'লেও..."

পিছৰখিনি শেষ কৰিবলৈ নাপাওঁতেই চুপহিয়ে সৰুকণৰ মুখত হাতখন দি ক'লে,

"এইবোৰ অমংগলীয়া কথা নক'ব চোন।"

সৰুকণে তাইৰ হাতখন তাৰ হাতৰ মাজলৈ আনি ল'লে। আৰু চুপহিৰ চকুযোৰলৈ চাই থাকিল। সিহঁতে একেলগে দেখা সপোনটো পূৰ হ'ব নে সঁচাই? তেন্তে সি অকলে দেখা সপোনটোৰ কি হ'ব! চাৰিওফালৰ অন্যায়বোৰতে যে সি উদিত সূৰুজ এটাৰ সপোন দেখে মাজে মাজে, উদয় হ'বলৈ লোৱা সূৰ্য এটাৰ ৰঙা বাটেৰে গুচি যোৱাৰ সপোন দেখে মাজে মাজে, সেয়া কি হ'ব।

"বোলো, ঊষা অনিৰুদ্ধ প্ৰেম কৰি হ'ল যদি যাওঁ নে কি! এই চিত্ৰলেখাৰ আমনি লাগিছে গৈ। ইফালে গৰু লৰাবলৈ গাঁৱৰ দুই এটা পাইহিহে লাগে।"

ৰাধাৰ মাতত সপোনৰ পৰা একে কোবে উভতি আহিল সৰুকণ আৰু চুপহি। লাজতে একো নকৈ চুপহি যাবলৈ ওলাওঁতেই ৰাধাই ক'লে,

"ৰ'বা, মইও তোমাৰ সৈতে যাম। হেমেন খুৰাৰ দোকানত এপাক সোমাম।"

সৰুকণক তাতে এৰি ৰাধা আৰু চুপহি হেমেনৰ দোকানলৈ আগবাঢ়িল।

আগতেই কৈছোঁ, হেমেনৰ দোকান মানেই গাঁৱৰ সকলো খবৰৰ কেন্দ্ৰ। দোকান মানে নো কি আৰু, সৰুকৈ বাঁহৰ কোঠা এটা। তাতেই বস্তুবোৰ কেনেকৈ ঠাহি ঠাহি ভৰাইছে সেয়া অকল হেমেন দোকানীয়েহে জানে। দোকানৰ সমুখত বাঁহ এডাল দি দোকান বন্ধ কৰা দুৱাৰৰ দৰে ঢাকণখন ঢোকা দি থৈছে। সন্ধিয়া সময়ত তাত কেতিয়াবা হাৰিকেন কেতিয়াবা ৰেডিঅ' এটাও ওলমি থাকে। দোকানখনৰ সমুখত পেপচি কোকাকোলাৰ আইনাৰ বটলবোৰ ভাগে ভাগে থোৱা আছে ৰঙা নীলা বাকচৰ দৰে কিবা এটাত। তাৰ কাষতে দোকানৰ এফলীয়াকৈ ডেকা চাং এখন। অৱশ্যে নামতহে ডেকা চাং, তাত পিছে ডেকা বুঢ়া সকলো বহে। ৰাধাহঁতৰ দলটোও মাজে মাজে তাতে ৰয় গৈ। আজি পিছে হেমেনৰ দোকানৰ আড্ডাত ৰস ভৰি আছে। কাৰণ দোকানত জবা কুসুম তেল আনিবলৈ গৈ আড্ডাত ভাগ লৈ আছে প্ৰেমলতাই। 

"পাহাৰে ভৈয়ামে অ' প্ৰেমলতা

বিচাৰি আছিলোঁ অ' প্ৰেমলতা

তোমাৰ মান শুৱনি নায়েই প্ৰেমলতা

কেতিয়া বুজিবা

কেতিয়া শুনিবা

মোৰে শোৱা কোঠাত কেতিয়া সোমাবা কেতিয়া সোমাবা কোৱা।"

হেমেনৰ দোকানৰ ডেকা চাঙত বহি ৰতন, মুকুলহঁতে প্ৰেমলতাক লৈ বিহু জুৰিছে। দোকানৰ পৰা জবা কুসুম তেলটো হাতত লৈ প্ৰেমলতাৰ মিহি মিহি হাঁহি। এয়া প্ৰেমলতা। গোবিন্দপুৰৰ একেবাৰে ৰচকী তিৰোতাজনী। বয়সত ৰাধাৰ মাক কুন্তলাতকৈ দুই নে তিনি বছৰ মানৰহে সৰু যদিও প্ৰেমলতাই সেইটো নামানে। তাইৰ মতে পঢ়ি থকা হ'লে তাই চাগে এতিয়া মানে হায়াৰ চেকেণ্ডাৰী পালেগৈহেহেঁতেন। পিন্ধা উৰা ধুন পেচত প্ৰেমলতাক কোনেও নোৱাৰে। মাহেকে পষেকে চহৰলৈ গৈ চেলাউৰি কেইডাল মিহিকৈ চুচি আনেগৈ। গাঁৱৰ মানুহক কয়, কিবা বোলে থেডিং নে কিবা! গঞা ৰাইজৰ মুখতে নুফুটে। মুঠতে প্ৰেমলতা একদম হিৰোইন, গোবিন্দপুৰৰ হেমা মালিনী। প্ৰেমলতাৰ যেনেকৈ কোনো বয়সৰ সীমা নাই, তেনেকৈ প্ৰেমলতাক জোকোৱা মানুহৰো বয়সৰ সীমা নাই। কেতিয়াবা একেখন ঘৰৰ বাপেক পুতেক দুইটাইও বেলেগে বেলেগে প্ৰেমলতাক জোকায়। প্ৰেমলতাই পিছে বেয়া নাপায়। কোনেও নুজুকালেহে তাইৰ খং উঠে। প্ৰেমলতাক লৈ গান গাই থাকোতেই হঠাৎ ৰাধা ওলালহি। লগে লগে ডেকাহঁত চুপ হৈ গ'ল। প্ৰেমলতাইও মোহিনী বাণ মাৰিব এৰি সাৱধান হ'ল। এইজনীৰ খং উঠিলে মানুহ দুনুহ নাচায়। এবাৰ প্ৰেমলতাক মানুহৰ আগতে "বনৰী" বুলিও গালি দি থৈছে ৰাধাই তাইৰ এই মোহিনী স্বভাৱৰ বাবে। সেয়ে তাই ৰাধাক দেখিলে সাৱধান হৈ যায়। এতিয়া ৰাধা আৰু চুপহিক সেইফালেৰে অহা দেখি প্ৰেমলতাই মাত দিলে,

"ঐ ৰাধা। ৰচোন ঐ ৰ।"

ৰাধাহঁতৰ মন নাছিল যদিও ৰ'ল। হেমেনৰ দোকানত আড্ডা দি সিহঁতে বেয়া নাপায়। পিছে মুকুলহঁতক দেখিহে ৰ'বলৈ মন নাছিল। আজি সংঘত পতা অলকেশৰ মিটিঙৰ আঁৰত যে ইহঁত কেইটাই আছে ৰাধাই জানে। ৰাধাই প্ৰেমলতাৰ ওচৰ পাই ক'লে,

"ক পেহী।"

"কি নো পেহী পেহীকৈ থাক। তোৰ বাপেৰে বিয়া পাতিবলৈ ছোৱালী চাই ফুৰোঁতে মোৰ মাতেই ফুটা নাই। মই আচলতে..."

"এইবোৰ বয়সৰ অংক তোৰ বগা ছাল চাবলৈ অহা ভেনা মাখিবোৰক শুনাবি। কি হ'ল ক।"

তাইৰ কথাত প্ৰেমলতা সেইফালে তাপ মাৰিলে। এইজনীয়ে মুখত অনবৰতে নলুৱা কটাৰী এখন লৈ ফুৰে হ'বলা। এইবাৰ প্ৰেমলতা আচল কথালৈ আহিল।

"হেৰি নহয়, তই বোলে আজি মৌজাদাৰৰ পুতেকক একে ভেচভেচিয়া কৰি পঠালি। হেৰৌ, সৌটো জিকিব লাগিলে তোক সুদাই এৰিব নে?"

ৰাধাই জানে, প্ৰেমলতাই এই কথা তাইক ঠাট্টা কৰি বা খুঁচ মাৰি সোধা নাই। আজিৰ ঘটনাটোৰ পাছত বহুতে এইটো কথাই ভাবি আছে। ৰাধাই এবাৰ ডেকা চাঙত বহি থকা মুকুলহঁতলৈ চালে। সিহঁতেও আঁৰ চকুৰে তাইলৈকে চাই আছে বা তাই কি উত্তৰ দিয়ে তাকেই ভাবি আছে। প্ৰেমলতাৰ ফালে চাই ৰাধাই মাতটো কিছু ডাঙৰ অথচ গহীন কৰি ক'লে,

"একো কৰিব নোৱাৰে পেহী। জিকিলেও নোৱাৰে। জিকিলে সিহঁত ৰাইজৰ চাকৰ হৈ কাম কৰিব লাগিব। ৰাইজৰ ভোটেৰেহে বিধায়ক হৈছে সিহঁত। সিহঁতক ৰজা বুলি কিছুমান খাবলৈ নোপোৱা ভৰি চেলেকি থকা ভতুৱাই ভাবিব পাৰে। মই নাভাবো। নিজৰ সাহস আৰু শক্তিত চলা মানুহে এইবোৰলৈ ভয় নকৰে।"

প্ৰেমলতাৰ চকু ডাঙৰ হৈ গ'ল। এইকণ ছোৱালী, এতিয়াই তাইৰ এয়া কথা। ডাঙৰ হ'লে যে এই কি ৰূপ ল'ব ঈশ্বৰেহে জানে। অৱশ্যে হ'বও, ভানুমতীৰ আজুনাতি ধৰ্ম নাৰায়ণৰ নাতিৰ এনে তেজ হোৱাটো একো ডাঙৰ কথা নহয়। ৰাধা যাবলৈ ওলাইছিল। পিছে তাইৰ কথা সহ্য কৰিব নোৱাৰি মুকুল আগুৱাই আহিল,

"মুখখন লাহে লাহে বেছি বাঢ়ি আহিছে তোৰ ৰাধা। ছোৱালী মানুহ, ছোৱালীৰ নিচিনাকৈ থাকিবি। মতা হ'বলৈ নাযাবি।"

"তহঁত মতাবোৰ গছৰ পৰা সৰি পৰা নে নৈত উটি অহা? মাইকীৰ পেটৰ পৰা জন্ম হোৱা কেইটাৰ আকৌ মতা মাইকীৰ হিচাপ।"

ৰাধাৰ সুৰত প্ৰেমলতাই গম পালে কিবা এটা হ'ব এতিয়া। তাই লাহে লাহে সেই ঠাই এৰি ঘৰৰ ফালে খোজ ল'লে। এইফালে ৰাধাৰ উত্তৰত মুকুলে চিঞৰি উঠিল,

"ঐ, বৈকুণ্ঠ দাৰ ভতিজাক বুলিহে একো কৰা নাই। নহ'লে..?"

এইবাৰ ৰাধা আগুৱাই আহিল। চিঞৰ মাৰি সুধিলে,

"নহ'লে, কি কৰিলিহেঁতেন? ক কি কৰিলিহেঁতেন?"

"লখিমীৰ পাৰলৈ চোঁচৰাই নি কামুৰি বখলিয়াই পেলালোহেঁতেন। এনেও বুকুখন বৰ উফন্দি থাকে তোৰ আজিকালি।"

কথাটো কৈ মুকুলে হাতটোৰে পেন্টৰ ওপৰতে তাৰ তলপেটৰ তলৰ বিশেষ অংশটো মোহাৰি দিলে। তাৰ পাছত হাঁহি হাঁহি ৰাধাৰ ওচৰৰ পৰা আঁতৰি ডেকাচাঙলৈ গ'ল। অথনিৰে পৰা সিহঁতৰ কথা শুনি থকা ৰতনহঁতৰ লগত কথাত মচগুল হ'ল। এইফালে চুপহিয়ে ৰাধাৰ বাহুত হেঁচুকি কৈ উঠিল,

"ঐ, ব'লচোন ইয়াৰ পৰা। ইহঁত পিশাচ সঁচাকৈ। ওচৰত কোনো এটা নাই। ব'লচোন ঘৰলৈ যাওঁ।"

ৰাধাৰ দাঁত কেইটা কৰচি উঠিল। চকুকেইটা ৰঙাকৈ জ্বলি উঠিল। খঙত গোটেই গাটো কঁপিব ধৰিলে তাইৰ। একেথৰে চাই আছে মুকুললৈ। মুকুলে তাইৰ ফালে পিঠি দি ৰতনৰ লগত আড্ডা মৰাত ব্যস্ত। লাহে লাহে ৰাধা আগুৱাই গ'ল। হেমেনৰ দোকানৰ সমুখত থকা বাকচটোৰ পৰা এটা আইনাৰ খালি পেপচিৰ বটল তুলি ল'লে আৰু মুকুলৰ ফালে আগবাঢ়িল। চুপহি আৰু হেমেন দোকানীয়ে একো এটা ক'বলৈ নেপাওঁতেই থনৰকৈ এটা শব্দ হ'ল। লগে লগে "মাই ঔ" বুলি এটা প্ৰচণ্ড চিঞৰ মাৰি মুকুলে মূৰটো হাতেৰে হেঁচি ধৰিলে। পুনৰ আকৌ এটা শব্দ বটল ভঙাৰ। এইবাৰ ৰ'ব নোৱাৰি মুকুল বাগৰি পৰিল মাটিত। মূৰৰ পৰা ওলোৱা তেজে তাৰ গোটেই চোলাটো তিয়াই পেলাইছে। ঠাইডোখৰ ৰঙা হৈ পৰিল। মুকুলৰ লগৰ কেইজনৰ দুজন "এইজনী পাগল হ'ল" বুলি দৌৰি পলাল। এজনে কি কৰোঁ নকৰোঁকৈ চাই ৰ'ল মাত্ৰ। এইফালে হেমেন আৰু চুপহিৰ মাতেই নোলোৱা হ'ল। ইয়াৰ মাজতে পেপচিৰ আধা ভঙা বটলটো হাতত লৈ খঙত ফোঁপাই আছে ৰাধাই। বাগৰি পৰা মুকুলৰ তল পেটত এটা গোৰ সোধাই ৰাধাই চিঞৰিলে,

"মোক বখলিয়াবি তই? চাওঁ এতিয়া বখলিয়া। তোৰ ওচৰতে আছোঁ। আহ না। বখলিয়া না। চাল্লা কুকুৰ। কাক কথা কৈছিলি!"

এইবুলি আকৌ এটা গোৰ সোধালে মুকুলৰ বুকুত। তেজ বৈ থকা মূৰটো জোৰেৰে হেঁচি মুকুলে সেহাই সেহাই মাত্ৰ ক'লে,

"এৰি দে। মোক এৰি দে অ' ৰাধা।"

ৰাধাৰ চকুকেইটাত দুটুকুৰা অঙঠা জ্বলি আছিল তেতিয়াও।

(আগলৈ)

Comments

Post a Comment

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯