ৰাধা : খণ্ড ৯

 #ৰাধা

Part 9

ভালে থকাটোক অভ্যাস কৰি লওঁ নেকি আমি নজনাকৈ? ভালে আছোঁ মই, এই শাৰীটো মন্ত্ৰৰ দৰে মাতি মাতি মানি লওঁ নেকি আত্মপ্ৰৱঞ্চনা? এৰা, কিছুমান মানুহ এনেকৈও জীয়াই থাকে। ভালে থকাৰ অভ্যাস কৰি লৈ জীয়াই থাকে। উশাহ লৈ থকাকে ভালে থকা বুলি ধৰি লৈ জীয়াই থাকে। আৰু আপুনি মই, আমি ব্যস্ত সকলো ব্যস্ত। হাঁহি থকা মানেই, সকলোৰে লগত মিলি থকা মানেই, কামবোৰ নিয়াৰিকৈ কৰি যোৱা মানেই ভালে থকা নহ'বও পাৰে। আচলতে নিজক ভালে ৰখাটোও এখন যুঁজ। এই যুঁজৰ ভয়াবহতা বেছি এইবাবেই যে ইয়াত নিজৰ বিৰুদ্ধেই যুঁজিব লাগে। এই যুঁজখনৰ উমান বাহিৰৰ পৃথিৱীয়ে নাপাই, কোনোৱেই নাপায়। যোৱা কেই বছৰ ধৰি এইখন যুদ্ধ সন্ধ্যাইও জানো কৰি থকা নাই! কেতিয়াবা মনৰ মানুহেও মনৰ কথাৰ উমান নাপায়। হাজাৰ চেষ্টাৰ বলত অনুৰণে জানো পাৰিছে সন্ধ্যাৰ মনৰ শূন্যতা নোহোৱা কৰিব? সাময়িক ভাৱে হয়তো পাৰে, কিন্তু তাৰ পাছত? তাৰ পাছতো সন্ধ্যা ভালে আছে। দিপাৰ্টমেণ্টৰ ষ্টুডেণ্টৰ মাজত মন ভুলোৱা হাঁহি লৈ সন্ধ্যা সদায় ভালে আছে।

এতিয়া ৰাতিপুৱা সাত বাজিছে। সন্ধ্যা গোঁসাই ঘৰৰ পৰা ওলাই ব্ৰেকফাষ্ট তৈয়াৰ কৰাত ব্যস্ত। কালি ইউনিভাৰ্চিটি বন্ধ আছিল আৰু আজি তাই নিজেই ছুটী লৈছে। মনুৱে লাগি দিছে যদিও নিজেই পাকঘৰৰ সকলো ৰান্ধিছে। অনুৰণ ওলাই গৈছে আই এছ বি টি লৈ। তাৰ পৰাই মাকক লৈ আনিব। নিজৰ কৰ্ম ব্যস্ততাৰ বাবে অনুৰণে সহজে ছুটী নাপায়। গতিকে সন্ধ্যাৰ ওপৰতে সকলো। যন্ত্ৰবত কাম কৰি গৈছে যদিও কোনোবা খিনিত ভয়, সংকোচ আৰু অকলশৰীয়া অনুভৱ এটাই যেন আগুৰি আছে তাইক। তাই জানে আজিৰ পৰা তাই ইয়াত আলহীৰ দৰে থাকিব লাগিব। অনুৰণ আৰু তাইৰ মাজত গঢ় ল'ব এখন নেদেখা দেৱালে। কথাবোৰ যিমানেই ভাবে গধুৰ হৈ আহে বুকুৰ শিল। অৱশ্যে এইবোৰৰ মাজে মাজে তাইৰ মনত পৰি আছে "ৰাধা"লৈ। ৱাহ, কি অসীম সাহস সেই সাধাৰণ ছোৱালীজনীৰ। ব্যস্ততাৰ বাবে তাই মাজে মাজেহে সেইখন পঢ়াৰ সুযোগ পাইছে। আগৰ দিনত হোৱা হ'লে এটা বহাতে হয়তো শেষ হ'লহেঁতেন। কালি সন্ধিয়াৰ পৰা এতিয়ালৈ এবাৰো সেইখন মেলিবৰ সুযোগ পোৱা নাই সন্ধ্যাই। অনুৰণৰ মাক আহি ব্ৰেকফাষ্ট কৰি নোলোৱালৈকে তাই হয়তো পঢ়িবলৈ নাপায়। 

হঠাৎ বাজি উঠিল কলিং বেলটো। লগতে সন্ধ্যাৰ বুকুখনো। মনুক যাবলৈ নিদি সন্ধ্যাই নিজে দুৱাৰখন খুলিলে গৈ। সন্মুখত এগৰাকী আদহীয়া মহিলা। শুধ বগা মহিলাৰ পিন্ধনত কটনৰ চাদৰ মেখেলা। চকুত এযোৰ চশমা। কপালত সেন্দুৰৰ ফোঁট। মুখত গহীন অভিব্যক্তিৰ লগতে কঠোৰতা। এয়াই অনুৰণৰ মাক, সন্ধ্যাৰ শাহুয়েক স্বৰ্ণৰেখা হাজৰিকা। সন্ধ্যাই দুৱাৰমুখতে সেৱা এটা কৰিলে। তাইৰ মূৰত হাত ফুৰাই ক'লে তেখেতে,

"ভালে আছা ৰুণজুন?"

"আছোঁ মা। আহক চোন।"

শাহুয়েকৰ পাছে পাছে সোমাই আহিল অনুৰণ আৰু শাহুয়েকৰ লগতে অহা তেওঁলোকৰ ঘৰত কাম কৰা ল'ৰা এজন। শাহুয়েক সমুখৰ কোঠাতে বহিল। অনুৰণে আলহীৰ কোঠাত বেগটো থৈ আহিল। সন্ধ্যাই পানী আনি দিলে। শাহুয়েকৰ কাষতে বহি সুধিলে,

"দেউতা ভালে আছে নে?"

"উম আছে দিয়া।"

"আপুনি ঘপকৈ অহাৰ খবৰ পাই মোৰ আকৌ চিন্তাই হৈছিল।"

"কিয়, নিজৰ ল'ৰাৰ ঘৰলৈও মই এতিয়া খবৰ দি হে আহিব লাগিব নেকি?"

বুকুখনত কোনোবাই কিবা এডালেৰে যেন কোবাই দিলে সন্ধ্যাৰ। এয়া হয়তো আৰম্ভণি। কিয়, কিয় মানুহে সাধাৰণ ভাবে কোৱা কথা এটাক আওপকীয়াকৈ লৈ পেলাই? কিয় মানুহে কথাৰে খুচি থাকিব পাৰে মানুহক? সন্ধ্যাই অনুৰণলৈ চালে। নিৰ্বিকাৰ সি। কি উত্তৰ দিয়ে শাহুয়েকক। তেনেতে হঠাৎ দুৱাৰমুখৰ পৰা এটা মাত,

"নিশ্চয় খবৰ দি আহিব লাগিব।"

ঘৰৰ সকলোৱে একেলগে দুৱাৰমুখলৈ চালে। মাকহঁত অহাৰ পাছত দুৱাৰখন তেনেকৈয়ে খোলা হৈ আছিল। চোফাত বহি থকা কোনেও সেইফালে মন কৰাই নাছিল। এতিয়া চাই দেখিলে। এযোৰ ওখ হিল ছেণ্ডেল, এটা বাদামী ৰঙৰ কুৰ্তা, জিন্স পেন্ট, ডিঙিত এখন আইকাৰ্ড আৰু মেলা ষ্ট্ৰেইট কৰা চুলিৰে এজনী ছোৱালী এক বিশেষ ভঙ্গীমাত ৰৈ আছে। অনুৰণ আৰু মাকতকৈ সন্ধ্যাৰ মুখখন যেন বেছি উজলি উঠিল। অনুৰণৰ মাকৰ কথাৰ শেলবোৰৰ পৰা সন্ধ্যাক উদ্ধাৰ কৰিব পৰা একমাত্ৰ ব্যক্তি এই গৰাকীয়েই। হঠাৎ তাইৰ উপস্থিতি অনুৰণৰ মাকৰ বাবে যেন অপ্ৰত্যাশিত আছিল। থেৰো গেৰোকৈ ক'লে তেওঁ,

"তই ৰাতিপুৱাই ইয়াত যে?"

"আৰে আৰে, তুমি কোনো খা খবৰ নিদিয়াকৈ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী পাবহি পাৰা। আৰু মই গুৱাহাটীত থাকিয়েই আমবাৰীৰ পৰা উজান বজাৰ আহিব নোৱাৰো। এইটো কেনেকুৱা কথা ভাই?"

কথা কৈ কৈ ছোৱালীজনী সোমাই আহিল ভিতৰলৈ। আহিয়েই চিধাই সন্ধ্যাক ধৰি উঠালে, 

"তুমি ইয়াত বহি লেকছাৰ মাৰিব নালাগে। মাক পুতেকে কথা পাতক। ব'লা আমি কিছেনলৈ যাওঁ।"

কথাটো কৈয়েই এক প্ৰকাৰ টানি নিয়াদি সন্ধ্যাক পাকঘৰৰ ফালে লৈ গ'ল তাই। পাকঘৰত সোমাই অলপ ৰ'ল সন্ধ্যা। ছোৱালীজনীয়ে সন্ধ্যাৰ বাহুত হাত দি ক'লে,

"ৰুণজুন বা, ইউ অ'কে না?"

সন্ধ্যাই সাৱটি ধৰিলে তাইক লগে লগে। আৱেগত চকু ভৰি আহিল সন্ধ্যাৰ। এইজনী অন্তৰা। অন্তৰা হাজৰিকা, অনুৰণৰ একমাত্ৰ ভনীয়েক। সম্বন্ধত সন্ধ্যাৰ ননদ। সন্ধ্যাই পঢ়োৱা শিক্ষানুষ্ঠানখনতে অন্তৰাই অসমীয়া বিভাগত বি এ কৰি আছে। সন্ধ্যা অনুৰণে হাজাৰ জোৰ কৰাৰ পাছতো অন্তৰা অনুৰণহঁতৰ ফ্লেটত নাথাকে। তাইৰ মতে, পঢ়িবলৈ আহি যদি হোষ্টেল বা পিজিৰ সোৱাদ লৈ নাপালোঁ তেন্তে কিহৰ জীৱন এয়া! অনুৰণে এবাৰ ধমকি দিওঁতে তাই ওলোটাই ক'লে,

"হ'ব দে। মোৰ হোষ্টেলৰ খৰছ দিবলৈ যদি তোৰ প্ৰব্লেম, তেন্তে মই পাৰ্ট টাইম জব বিচাৰিম।"

তাৰ পাছৰ পৰা অনুৰণে একো কোৱা নাই। দুই তিনিটা পিজি আৰু হোষ্টেল সলাই সলাই শেষত যেনিবা আমবাৰী লেম্ব ৰোডৰ হোষ্টেল এটাত থিতাপি ল'লে অন্তৰাই। অৱশ্যে অনুৰণে অন্তৰাৰ খৰছ একো দিব লগা নহয়েই। তাইৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো খৰছ সন্ধ্যাই নিজে বহন কৰে। সিহঁতৰ বিয়াৰ আগৰ পৰাই সন্ধ্যা আৰু অন্তৰাৰ এক মধুৰ সম্পৰ্ক। সেইবাবেই সন্ধ্যাক বৌ নামাতি বা বুলিহে মাতে তাই। অনুৰণৰ মাকৰ কথাৰ শেল, পৰিয়ালৰ মানুহৰ ইতিকিং আদিৰ মাজত সন্ধ্যাৰ বাবে অন্তৰা এখন ঢাল। অনুৰণৰ দৰেই তাই আৱৰে সন্ধ্যাক। কিন্তু সহোদৰ হ'লেও অনুৰণৰ লগত আকাশ পাতাল পাৰ্থক্য তাইৰ। অনুৰণ শান্ত হোৱাৰ বিপৰীতে অন্তৰা সাংঘাতিক উগ্ৰ। তাইৰ খঙৰ ওচৰত অনুৰণৰ মাকো যেন তল পৰে। বিয়াৰ পাছতো মাক জীয়েকৰ বহু কাজিয়া সন্ধ্যাইহে ভাঙিব লগাত পৰে। সাৱটি থকা সন্ধ্যাক আঁতৰাই তাইৰ হাতখন নিজৰ মাজলৈ আনি অন্তৰাই ক'লে,

"মই আছোঁ নহয়।"

মিচিকিয়া হাঁহি এটা বিয়পি পৰে সন্ধ্যাৰ মুখত। স্বভাৱত সম্পূৰ্ণ বেলেগ হ'লেও ক'ৰবাত ককায়েক আৰু ভনীয়েক যে একেবাৰে একেই। 

কথা পতাৰ মাজতেই অনুৰণৰ মাকে গা ধুই আহিল। লগতে সেই ল'ৰাজনেও। তাৰ পাছত সকলোৱে একেলগে ডাইনিংত বহিল। মাকে অন্তৰাৰ খা খবৰো ল'লে। লগতে ঘৰৰ পৰা অনা তাই ভাল পোৱা আচাৰো দিলে। ন মান বজাত অনুৰণ অফিচলৈ যাবলৈ ওলাল। তাৰ লগতে অন্তৰাও ওলাল তাইৰ ক্লাছ আছে। সন্ধ্যাক মাত লগাই অন্তৰা ওলাই আহিল। যাবলৈ লওঁতে দুৱাৰমুখতে মাকে ক'লে,

"ক্লাছ শেষ হ'লে ইয়ালৈকে গুচি আহিবি।"

"সেইটো তুমি নক'লেও আহিম।"

"হ'ব হ'ব। বৌয়েৰক ইয়াত পাই পাই মাৰক পাহৰিলিয়েই তই।"

"নাই পাহৰা অ' মা। মাত্ৰ তুমিও নাপাহৰিবা যে তুমি বৰ্তমান দাদা আৰু বৌৰ ঘৰত আছা।"

"মানে?" মাক যেন অলপ আচৰিত হ'ল।

অন্তৰাই হাঁহি মাৰি ক'লে,

"মানে তুমি বৰ্তমান যিখন ঘৰত আছা, সেইখন দাদা আৰু বৌৰ ইনকামেৰে চলে। দাদা বৌয়ে খুব মৰমত সজোৱা ঘৰ এইখন। ইয়াত অকল ভালপোৱা থাকে। কোনোবাই ইয়াত বেয়া লগা এসোপা মেলি দিলে মই অন্ততঃ সহ্য নকৰোঁ।"

অন্তৰাৰ পৰোক্ষ সাৱধান বাণী মাকে ভালদৰেই বুজি পালে যদিও একো নুবুজাৰ দৰে হৈ থাকিল। নিজৰ ইচ্ছা পূৰাবলৈ হ'লে কিছুমান কথা নুবুজাকৈ থকাটোৱেই জৰুৰী। অন্তৰাক পঠিয়াই ভিতৰলৈ আহিল স্বৰ্ণৰেখা। ঘৰত ভাবি অহা কথাবোৰ ইমান সহজ নহ'ব বুলি উমান পালে তেওঁ।

"ৰুণজুন, মই বিছনাতে পৰো অলপ। ৰাতি টোপনি ক্ষতি।" 

সন্ধ্যাক কথাটো কৈ তেওঁ গেষ্ট ৰুম পালেগৈ। তেতিয়ালৈ সন্ধ্যাৰ মনটোও কিছু মুকলি হৈছিল। পাকঘৰৰ কাম মনুৱে কৰি আছে। সুযোগ পাই সন্ধ্যাইও নিজৰ কোঠালৈ গৈ বিচনাখনত বাগৰ দিলে। লগতে মেলি ল'লে, "ৰাধা"


"মই বাৰে বাৰে কৈ আহিছিলোঁ তোমাক নবৌ যে তাইক বুজোৱা। ছোৱালী এজনী হৈ এইটো ৰূপ ল'লে তাইৰ ভৱিষ্যত কিন্তু বৰ বেয়া আছে। কাইলৈ নহ'লে পৰহিলৈ এঘৰলৈ উলিয়াই দিব লাগিব। এই গতি হ'লে কোনে বোৱাৰী কৰিব তাইক! দেউতাক নোহোৱা ছোৱালী। কিবা হ'লে মানুহে মোকহে দুষিব, বোলে খুৰাকে ভালকৈ যত্ন নল'লে।"

অথনিৰে পৰা পাকঘৰৰ টেবুলত বহি বহি কুন্তলাক কৈ আছে বৈকুণ্ঠই। ৰাধাই মুকুলক মাৰি মূৰ ফালি দিয়াৰ কথাটো যোৱা এসপ্তাহত গোটেই গোবিন্দপুৰতে বিয়পি পৰিছে। অনেকেই "ভাল মতাকালু এটা পুহিছে দেই গাওঁবুঢ়া দেউতাই" বুলি হুমুনিয়াহ কাঢ়িছে। কোনোবাই আকৌ তাৰ মাজতে "মুকুলৰ আকৌ চৰিত্ৰও বৰ সজ যে, এনেয়ে দিয়া নাই ৰাধাই" বুলিও ৰাধাৰ পক্ষ লৈছে। অৱশ্যে প্ৰথমটো কোৱা মানুহহে সৰহ। সেইদিনাই বৈকুণ্ঠই নিজৰ গাড়ীতে মুকুলক হস্পিতেললৈ নিলে। ভাগ্য ভাল যে সি বাচিল। কিন্তু মূৰত দুটা চিলাই পৰিছে। বৈকুণ্ঠ আহি পাওঁতে ৰাধা বৰ চিন্তিত হৈ বুলনিতে বহি আছিল। বৈকুণ্ঠই ভাবিছিল তাইৰ অনুতাপ হৈছে হয়তো, পিছে ভতিজাকৰ প্ৰশ্নত তেওঁৰ ভুল ভাঙিল। কাৰণ ৰাধাই সুধিছিল,

"মৰিল নে কুকুৰটো?"

সেইবাবেই আজি কুন্তলাক অকলে পাই গোচৰ দিছেহি। হয়, বৈকুণ্ঠই জানিছে যে মুকুলে ৰাধাক কিবা জোকাইছিল। সেইটো নো কি কথা! ল'ৰা মানুহটো হৈ যেনিবা ছোৱালীজনীক কিবা এটা ক'লেই, তাই তলমূৰকৈ গুচি আহিলেই হয়। তাই কৰিলে গৈ সেইখন। বৈকুণ্ঠৰ লগতে মনোহৰাইও যোগ দিছে,

"মই আগৰ পৰাই কওঁ, তাইৰ ভাব গতি বৰ সুবিধাৰ নহয়। কোনেও নুশুনে মোৰ কথা। ছোৱালী মানুহ হৈ গোটেই ল'ৰাজাকৰ লগতহে তাইৰ কাম। বোলে পাকঘৰতে কিবা এটা বনাবলৈ শিকো, বোলে তাঁতখনতে বহোঁ, সেইবোৰ কিন্তু নাই। আমি কথা ক'লে শতৰু হওঁ।"

মনোহৰাৰ কথাৰ মাজতে ধৰ্ম নাৰায়ণ আহি পোৱাত তেওঁ মনে মনে থাকিল। ৰাধাৰ বিষয়ে ধৰ্ম নাৰায়ণ আৰু ভানুমতীৰ আগত কিবা ক'বলৈ মনোহৰাৰ সাহস নাই। শহুৰেক অহাত কুন্তলা খোৱা টেবুলৰ ওচৰৰ পৰা আঁতৰি চৰুৰ কাষ পালেগৈ। এহেজাৰৰ নোট তিনিখন বৈকুণ্ঠৰ ওচৰত থৈ ধৰ্ম নাৰায়ণে ক'লে,

"মুকুলৰ খৰছ। যদি বেছি হৈছে তাক দি আহিবি। লগতে কৈ আহিবি আজিৰ পৰা কোনোবা ছোৱালীৰ লগত এই ব্যৱহাৰ কৰিলে হস্পিতেল নহয়, চিধা শ্মশানলৈহে নিয়া হ'ব।"

"তাইক লাই দি দি বহুত বেছি কৰিলে দেউতা। এইবাৰো যদি তাইক একো নকয় তেতিয়া..."

বৈকুণ্ঠৰ কথা শেষ নহওতেই পাকঘৰত সৰুকণ সোমাই দবিয়াই উঠিল,

"কি কৰিব লাগিছিল তাই? মুকুলে ধৰ্ষণ কৰালৈ ৰৈ থাকিব লাগিছিল?"

বৈকুণ্ঠইও একে সুৰতে ক'লে,

"মূৰ্খ নেকি? মুকুলে ধেমালি কৰিছিল তাইৰ লগত।"

লগে লগে হাঁহিত ফাটি পৰিল সৰুকণ। হাঁহি হাঁহিয়েই ক'লে,

"ৱাহ, তোক লখিমীলৈ নি বখলিয়াম বুলি কোৱা, বুকুখন উফন্দি থকা বুলি কোৱা এইবোৰ ধেমালি? বেয়া নাপাবি ককাইদেউ, কিন্তু ৰাধাৰ সলনি সাদৰী বৌৰ লগতো কোনোবাই এনেকুৱা ধেমালি কৰিলে তই কি কৰিলিহেঁতেন?"

বৈকুণ্ঠই গাৰ জোৰেৰে চিঞৰি উঠিল,

"সৰু...."

সৰুকণে ওচৰলৈ আহি ক'লে,

"গাত লাগিল ন? গা জ্বলিল ন? ৰাধাৰো তেনেকৈয়ে জ্বলিছিল। মুকুলক ক'বি মোৰ চকুৰ আগত যাতে নাহে। ৰাধাই মূৰ ফালিছেহে, মই দেখা পালে তাৰ মূৰটো ছিঙি পেলাম।"

এইবাৰ সৰুকণে ধৰ্ম নাৰায়ণৰ ওচৰলৈ গৈ ক'লে,

"দেউতা, ভাইটি এজন আহিছে আপোনাক লগ কৰিবলৈ।"

তাৰ পাছত সৰুকণ আৰু ধৰ্ম নাৰায়ন আখলৰ পৰা ওলাই গ'ল।

চৰুৰ ওচৰত থকা মনোহৰা ওলাই আহি বৈকুণ্ঠক ক'লে,

"এই ফালৰ মাত দিনে দিনে ডাঙৰ হৈ গৈ আছে। মাকে মৰাৰ আগত মোৰ বুকুখন খান্দি গ'ল। এতিয়া পুতেকে মোৰ ঘৰত গুণ্ডামি দেখুৱাইছে। গাখীৰ খুৱাই খুৱাই সাপ পুহি আছে বাপেৰে।"

বৈকুণ্ঠই বিশেষ একো নামাতি আখলৰ পৰা ওলাই গ'ল।


"মন হীৰা দৈ চাইকেল নহয় টিলিঙা

মন হীৰা দৈ ডেকা নহয় পিলিঙা

ৰহঢলা পথাৰত আহিবা ঐ নিজানত

মন হীৰা দৈ তোমাৰ নো কুমলীয়া মাত"

লখিমীৰ পাৰে পাৰে হাফ পেডেল মাৰি মাৰি চাইকেল চলাই গান গাই আছে ৰাধাই। পিছত উঠাই লৈছে তগৰক। ঘৰত ৰাধাক কোনেও চাইকেল চলাবলৈ নিদিয়ে। ককাকে কৈছে মেট্ৰিক ভালকৈ পাছ কৰিলেহে হেনো চাইকেল এখন দিব। আৰু এবছৰ আছেই। তাই তেতিয়ালৈ ৰৈ থাকিব নে? সেইকাৰণে ক'ৰবাত চাইকেল দেখিলে এপাক চলোৱাৰ লোভটো নেৰে তাই। যোৱা কেইদিনত এনেও সকলোৰে গালি, সাৱধানবাণী, উপদেশ শুনি শুনি কাণদুখন গেলিল তাইৰ। মুকুলক কিয় তাই মাৰিলে সেয়া কাৰো পৰা লুকুৱাই থোৱা নাই তাই। লাজ মান কাটিও তাৰ প্ৰতিটো শব্দ চবৰে আগত কৈছে। তাৰ পাছতো কিছুমান মানুহৰ মতে ভুল তাইৰহে। ৰাধাৰ এই মানুহজাকৰ মূৰত কি আছে ফালি চাবলৈ মন যায়। অৱশ্যে ককাক আৰু আজু আইতাকে তাইৰ ফালেই কৈছে। আজু আইতাকে ওলোটাই কৈছেহে, আকৌ যদি কয় আকৌ মূৰ ফালিবি তাৰ। পিছে মাকেহে তাইক বুজাই বুজাই তত পোৱা নাই। তই কিয় এনেকুৱা হ'লি বুলি চকুপানীও টুকিলে এবাৰ। ৰাধাৰ পিছে এইবোৰ মূৰত নোসোমায়। তাই জানে, মানুহে যিমান বুজালেও তেনেকুৱা আকৌ কিবা হ'লে তাই একেটাই কৰিব। আজি পিছে ফুৰ্তি তাইৰ। দুপৰীয়া ভাত কেইটা খাই ৰাধা পুখুৰীৰ পাৰতে বহি আছিল। তাৰ পৰাই বাহিৰে বিচনাত পৰো গৈ বুলি আহি কোঠাত সুমাওঁতেই খিৰিকীৰে দেখিলে চোতালত কাৰোবাৰ চাইকেল। ককাকক লগ পাবলৈ অহা মানুহ চাগে। ৰাধাই হাতত সাৰে ভৰিত সাৰে ওলাই আহিল আৰু চাবি নলগোৱা চাইকেলখন লৈ লাহে লাহে তগৰৰ ঘৰ পালেগৈ। তাৰ পৰা তাইক উঠাই এতিয়া এয়া লখিমীৰ পাৰত। তগৰো মনে মনেহে আহিছে। তাইকো ঘৰত ৰাধাৰ লগত এনেকৈ ঘূৰি আছে বুলি গম পালে দিব মজা। সেয়ে মাজতে তাই ক'লে,

"ঐ ৰাধা, যাওঁ গৈ ব'ল। দেৰি হ'ব অ।"

"ধুৰ এইজনী। ৰহচোন। আৰু অলপ চলাই লওঁ।"

তেনেকৈয়ে অলপ সময় চলাই সিহঁত উভতি আহিল। তগৰক নমাই ৰাধা স্নেহালয়ৰ ফালে আহি আছিল। তেনেতে হঠাৎ চাইকেলৰ চেইনডাল পৰিল। একেজাপে নামিল তাই,

"খা বাপেকে। মৰ এতিয়া। কি কৰোঁ?"

চাইকেলৰ চেইন লগোৱা তাই সৰুকণক দেখিছে যদিও ভালকৈতো নাজানে। তাতে কাৰ বা চাইকেল আছিল এইখন। তাই থেলি টানি চাইকেলখন ৰাস্তাৰ কাষলৈ নিলে। ভাগ্য ভাল যে স্নেহালয় পোৱাৰ আগে আগে এইখিনিত অলপ খালী বাৰী আছে। এইখিনিতে মানুহৰ ঘৰে নাই। সেয়ে তাইক এতিয়ালৈকে দেখা নাই কোনেও। যিমান চেষ্টা কৰিছে যদিও পৰা নাই তাই। হাত দুখন ক'লা পৰিল। তেনেতে কোনোবা ল'ৰা এজনৰ মাত,

"হেৰা, কি কৰি আছাহে ইয়াত?"

ৰাধাই মূৰ তুলি চাই থিয় হ'ল। অলপ উখকৈ মিঠা বৰণীয়া ল'ৰা এজন। দেখিলেই বয়সত ৰাধাতকৈ ডাঙৰ যেন লাগে। অৱশ্যে সৰুকণতকৈ সৰু হ'ব। ওখ পাখ দেখনিয়াৰ চেহেৰাৰ যুৱকজনক আগতে গোবিন্দপুৰত দেখা মনত নপৰে চোন। তাই সুধিলে,

"মোক সুধিছে?"

"ওচৰত দেও ভূত নাই নহয়, আপোনাকেই সুধিছো।"

কথাৰ ভঙ্গী দেখি টিঙিচকৈ খংটো উঠিল ৰাধাৰ। ঠাট্টাৰ হাঁহি এটা মাৰি তাইও একে ভঙ্গীতেই ক'লে,

"অ' মই? মই মানে এয়া গাত মুগা ৰিহা মেখেলা, হাতত জেতুকা আৰু খোপাত কপৌফুল লগাই জেং বিহু মাৰিবলৈ ওলাই আহিছোঁ।"

এইবাৰ কিছু আচৰিত হৈ ডেকাজনে ক'লে,

"কিন্তু তুমিচোন চাইকেলৰ চেইনহে লগাই আছা।"

"দেখিছেই যদি সুধিছে কিয়? সংসাৰৰ গোটেই পগলা সোপা মোৰ টেঁটুতে কিয় লাগেহি জানো!"

কথাটো কৈ আকৌ চেইন তুলিবলৈ বহিল ৰাধা। তাইৰ সমানতে ল'ৰাজানো হাউলি আকৌ সুধিলে,

"পিছে চাইকেলখন কাৰ?"

"কাৰ হ'ব আৰু! মোৰ।"

সঁচা কথা কৈ মৰিলেহে হ'ব! ৰাধাই ভাবিলে। ল'ৰাজনে মুখৰ ভিতৰতে হাঁহি এটা মাৰি সুধিলে,

"আটছা, চাইকেলখনৰ কেৰিয়াৰটোত আগফালে কাৰোবাৰ ষ্টিকাৰ এটা লগোৱা আছে। কাৰ বাৰু?"

এইবাৰ একো উত্তৰ নিদি মনে মনে থাকিল ৰাধা। এনেকৈ একান্ত মনে চেইন তুলি আছে যেন তাই একো শুনাই নাই। উত্তৰটো ডেকাজনে নিজেই দিলে,

"ছলমান খানৰ।"

ৰাধাই এবাৰ ডেকাজনৰ ফালে চাই আকৌ আগফালে গৈ চাই আচৰিত হ'ল। হয়তো, সঁচাই আছে। তাৰ পাছতো হাৰ নামানি তাই আকৌ ক'লে,

"এস, কোনোবাই লগালে চাগে। আমাৰ ঘৰৰ কোনোবা ল'চালিয়ে।"

ডেকা জনে লগে লগে ক'লে,

"কিন্তু মই জনাত স্নেহালয়ত ল'চালিৰ নামততো আপুনিয়েই আছে, মিছ ৰাধা চৌধুৰী।"

ৰাধাই আচৰিত হৈ ডেকাজনলৈ চালে। এইজনে চোন চব চিনি পায়। তাইৰ মুখৰ প্ৰশ্নবোধকৰ উত্তৰ দি ডেকাই ক'লে,

"হয়, যাৰ চাইকেলখন মনে মনে আনি আপুনি এই গতি কৰিলে সেই অভাজন ময়েই।"

জিভাখন কামুৰি উঠিল ৰাধাই। ইচ ৰাম, তাইক কি হে পাইছিল বাৰু। লাজত যেন দৌৰি পলাবলৈ মন গৈছে তাইৰ। এবাৰ ইফালে সিফালে চাইছে, কোনোবা আছে নেকি! আজিলৈ এনেকুৱা অৱস্থা হোৱা নাই তাইৰ। চুৰ্ণীখনৰ আগটো আনি আঙুলিতে পকাই পকাই ৰৈ আছে তাই। ল'ৰাজনে এইবাৰ তলত বহি চাইকেলখনৰ চেইনডাল ঠিক কৰিলে। ৰাধা ৰৈ থাকিল মাত্ৰ। ল'ৰাজনে নিজকে কোৱাৰ দৰে ক'লে,

"পামো কম আছে। ডাবল কৰিছিল চাগে!"

ৰাধাৰ বেয়া লাগিল। তেওঁ চাগে দূৰলৈ যাব। তাই নো আগ পাছ নুগুনি কিয় লৈ যাব লাগে চাইকেলখন। সৰুকৈ তাই ক'লে,

"পাম্প এটা আমাৰ ঘৰতে আছে। মই কৰি দিম, ব'লক।"

এবাৰ তাইলৈ চালে ল'ৰাজনে। তাৰ পাছত ক'লে,

"আগত চিনাকি নোহোৱা জানো? মই শৰৎ, শৰৎ জ্যোতি দাস। তোমালোকৰ সৰুকণ খুৰাৰ স্কুলৰ জুনিয়ৰ আছিলোঁ।"

এতিয়াহে মনত পৰিল ৰাধাৰ। সৰুকণে মাজে মাজে কাষৰীয়া গাঁৱৰ শৰৎ বোলা এজনৰ কথা কৈ থাকে। তেওঁতকৈ তিনি বছৰ মান সৰু যদিও বন্ধুৰ দৰে দুয়োজন। আগতে একেলগে ফুটবল খেলে। পঢ়া শুনাতো বোলে খুব চোকা। মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰীত দুইটাতে ষ্টাৰ পাইছিল। এতিয়া টাউনৰ কলেজত বি এ পঢ়ি আছে। তাতে মেচ কৰি থাকে। ধেৎ, এতিয়া যে ৰাধাৰ আৰু বেয়া লাগিল। সৰুকণৰ আলহীৰ লগত তাই এইখন কি কৰিলে বাৰু!

"কি ভাবিবলৈ লাগিলা? যাবা নে?"

শৰতৰ কথাত চঁক খাই উঠিল ৰাধাই। দুইজনে স্নেহালয়লৈ খোজ ল'লে। শৰতে চাইকেলখন থেলি থেলি নি আছে। ৰাধাও গৈ আছে কাষে কাষে। স্নেহালয়ৰ চোতাল পাওঁতেই চোতালতে থকা সৰুকণ, কুন্তলা আৰু ধৰ্ম নাৰায়ণ আগুৱাই আহিল। ধৰ্ম নাৰায়নে সুধিলে,

"পালা গৈ নে চাইকেলখন? কোনে নিছিল?"

ৰাধাই আকৌ এবাৰ সকলোৰে গালি শুনিবলৈ সাজু হ'ল। এইবাৰ চাগে ককাকেও গালি দিব তাইক। এনেতে তাইক আচৰিত কৰি শৰতে ক'লে,

"মোৰ লগৰ এজনৰ ঘৰ ইয়াতে। সিয়েই ইয়াতে পাই লৈ গ'ল। কিবা জৰুৰী কাম ওলাল হেনো।"

তথাপি কুন্তলাৰ যেন সন্দেহ হ'ল,

"আমাৰ এইক ক'ত পালা?"

"এইখিনিতে, মই চাইকেল লৈ আহি থাকোঁতে। চাইকেলৰ পাম্পটো কমিল মানে। ঘৰ গৈ নাপাম গৈ। ভাবিলোঁ দি যাওঁ।"

ৰাধাই আঁৰ চকুৰে শৰতলৈ চালে। তাইক গালি খোৱাৰ পৰা বচাই দিয়াৰ বাবে কিবা এটা ভাল লাগিল তাইৰ। মুখেৰে একো নকৈ ভিতৰৰ পৰা চাইকেলৰ পাম্পটো আনি দিলে তাই। কুন্তলাই শৰতক মাত লগাই ভিতৰলৈ গ'ল। ধৰ্ম নাৰায়ণেও "ঠিকে আছে দিয়া" বুলি কৈ সৰুকণৰ লগত কথা পাতি পাতি বুলনিৰ ফালে ওলাই গ'ল। ৰাধাই পাম্পটো মাৰিবলৈ লওতেই শৰতে ক'লে,

"তুমি ধৰি দিলেই হ'ব দিয়া। মই মাৰিম।"

তাই পাম্পটো টিউবেলৰ ফুটাটোত ধৰি দিলে। শৰতে পাম্প কৰিলে। তাৰ পাছতে সি যাবলৈ ওলাল। বাটচ'ৰালৈকে ৰাধাও গ'ল। চাইকেলত উঠি শৰতে ক'লে,

"যাওঁ দিয়া। মেট্ৰিকলৈ আৰু এবছৰহে আছে। ভালকৈ পঢ়িবা।"

"উম" বুলি কৈ ৰাধা উলটিবলৈ লৈছিল। তেনেতে শৰতে মাত দিলে,

"ৰাধা.."

ৰাধা ৰ'ল, উলটি চালে। এক মুহূৰ্ত তাইলৈ চাই শৰতে ক'লে,

"ভালকৈ থাকিবা। মই চিঠিত খবৰ ল'ম।"

কথাটো কৈয়ে শৰৎ আৰু নৰ'ল। ৰাধাৰ বুকুখন যেন কিবা এটা কৰি গ'ল। কিয় বাৰু? দিনটোৰ বেছি ভাগ সময় খঙতে থকা ৰাধাৰ এইটো অনুভৱ যে একেবাৰে নতুন। বুকুখন ভৰি থকা, কিবা এটা ভাল লগা, সকলো নতুন নতুন লগা। কিবা অলপ লাজ লাজ। এনেকুৱাতো হোৱা নাই আগতে। একেলৰে তাই ভিতৰ পালেগৈ। কোঠাটোত সোমাই বিচনাত বাগৰি দিলে। গাৰুটো আনি হেঁচি ল'লে বুকুত ৰাধাই। লাহে লাহে সন্ধিয়া নামিছে। গৰুৰ আগত জাগ দিয়াৰ গোন্ধ এটা বিয়পি পৰিছে। স্নেহালয়ৰ কোনোবা কোঠাত কোনোবাই ৰেডিঅ' লগাই থৈছে। ৰিণি ৰিণিকৈ ৰাধাৰ কাণত পৰিছেহি। বাজি আছে ৰাণা দাৰ চুপাৰহিট গান,

"নীৰৱ কবিতাবোৰ নতুন নতুন যদি সাৰ পায়,

মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হৈ যদি সৰি যায়"

(আগলৈ)

Comments

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯