ৰাধা : খণ্ড ১০

 #ৰাধা

Part 10

: ই আই, মই নকৈছো নে নবৌ, জোৰোণৰ বস্তুখিনি মই নিজেই চাইছোঁ নহয়, বৰ ৰকম ৰকমৰ বস্তু দিছে কিন্তু দেই।

: অতো, মইও দেখিছোঁ নহয়। তেন্তে ইহঁতে বাৰু এইটো কাম কি কৰিলে হয় নে? দৰাঘৰীয়াৰ মান ধৰা কাপোৰ কেইসাজ নো অকণ চাই চিটি আনিব নোৱাৰিলে নে?

: হেই এইজনী, আপুনি মান ধৰা কাপোৰত লাগিছে, শুনিছোঁ দৰাৰ মাকক দিয়া মাইকী সাৰ যোৰ হেনো আচল পাট নহয়েই।

: কি ক'লি? অ মই ক'তে মৰোঁ। ইমান টোকোনা হ'লে বিয়াই পাতিব নালাগে পায়। লাজ সন্মান সব খালে আৰু দেই।

এয়া গোবিন্দপুৰৰ বাতৰি সম্প্ৰচাৰ কেন্দ্ৰ হেমেনৰ দোকানৰ বিয়নী মেল। গাঁৱৰে কণমাই আৰু চাৰুলতাই ইয়াত ভাগ লৈছে। কথাৰ এনে পাগ উঠিছে দুয়ো গৰাকীয়ে কি নিবলৈ দোকানলৈ বুলি আহিছিল পাহৰিলে। অ' কথাৰ গুৰিটো কোৱাই নাই নহয়। গোবিন্দপুৰৰ ধৰণী বোলা মানুহ এজনৰ জীয়েকৰ বিয়া হ'ল কেইদিনমান আগত। তাৰে জোৰোণত দিয়া বস্তু আৰু মান ধৰা কাপোৰক লৈ তুমুল বিতৰ্ক। কথাৰ মাজতে কণমায়ে হেমেনক সুধিলে,

"পিছে হেৰি নহয় হেমেন, তই নো কেনেকৈ গম পালি মান ধৰা কাপোৰৰ কথা?"

হেমেন আছিল দোকানৰ ভিতৰত কিবা কাম কৰি। এওঁলোক দুগৰাকী আকৌ বাহিৰত ডেকাচাং খনৰ ওচৰতে থিয় হৈ। হেমেনে দুই এবাৰ ক'লে, বোলে নবৌ বহি লওক। আমাৰ নবৌহঁত নবহে বোলে, দেৰি হ'ব। কিন্তু স্কুলৰ প্ৰাৰ্থনা হওঁতেই দোকানলৈ অহা নবৌহঁত, এতিয়া স্কুলত পানী খোৱা ছুটীও দিলে গৈ। মাজে মাজে এজনীয়ে যাওঁ নেকি বুলি কয়, সিজনীয়ে আকৌ লগে লগে কয়, এস ৰ'বহে। আমি কিবা সদায় এনেকৈ কথা পাতো নেকি। সেইটো হয়, সদায় কথা নাপাতে। সপ্তাহটোত মাত্ৰ পাঁচ ছয় দিনমানহে পাতে।

কণমাইৰ প্ৰশ্নটোত হেমেন দোকানৰ ভিতৰৰ পৰা ওলাই আহিল। মুখৰ পৰা তামোলৰ পিকখিনি বিশেষ কায়দাত পেলাই হেমেনে ক'লে,

"খোবা খুবিৰ দিনা দৰা ঘৰৰ মানুহ আহিছিল নহয়। তাৰেই দুজনমান তামোল চালি খাবলৈ সোমাল মোৰ দোকানত।"

মাজতে চাৰুলতাই সোধে,

"ঔ আই, বিয়ালৈ অহা দৰাঘৰীয়াই তোৰ দোকানৰ পৰাহে তামোল কিনি খাব লগা হ'ল নে?"

লগে লগে হাত তালি এটা মাৰি উৎসাহিত হৈ হেমেনে ক'লে,

"তাককেই তো মই আচৰিত। সুধি দিলোঁ বোলো নতুন মিতিৰে বিয়া ঘৰত নেখাই ইয়ালৈ আহিল চোন।"

কণমাই ওচৰ চাপি আহিল,

"তাৰ পিছত? কি ক'লে হয়নে?"

উৎসাহ দেখি দুগুণ উচাহেৰে হেমেনে ক'লে,

"তেতিয়াহে ক'লে, বোলে যিহে আলহ উধৰ কৰিছে। নাটিছে আও বুইছে। তা পা আও কথাই কথাই ওলাল মান ধৰা কাপোৰৰ কথা। ক'লে বোলে বুইছে, দৰাৰ পেহীয়েকক যিযোৰ কাপোৰ দিছে, তেনেকুৱা কাপোৰেৰে আমি পকাও নমচো।"

কথা শুনিয়েই কণমায়ে কৈ উঠিল,

"ইচ ইচ.. ইফালে আকৌ ধৰণীৰ ঘৈণীয়েকৰ ফুটনি কি চাবি। কথাতে কয় বোলে ফুটনিতে ফুট ছাই, মুটি দিলে উটি যায়।"

লগে লগেই ৰস ভৰা হাঁহি। হেমেনৰ এইবোৰ কথাত খুব ৰস। দোকানৰ বিক্ৰী লাগিলে কমাই হওক, কিন্তু দিনটোত গাঁৱৰ বোৱাৰী দুজনী মানৰ লগত কাৰোবাৰ বদনাম অকণ গাবলৈ নাপালে হেমেনৰ পিছদিনা পেট খামোচ মাৰি ধৰে। ঘপকৈ হাঁহি বন্ধ হৈ গ'ল একে কোবেই। কাৰণ দোকানত ৰাধা ওলালহি। এই মুখেশ্বৰীৰ ওচৰত এনেকৈ লোকৰ বদনাম গোৱা মানে হ'ল আৰু। ৰাধাই গহীন মাতেৰে হেমেনক ক'লে,

"কাপোৰ ধোৱা চাবোন এটা দিয়ক চোন।"

চাৰুলতাই হাঁহি মাতেৰে মাত দিলে,

"অ' ৰাধা, দোকানৰ পৰা বস্তু নিবলৈ আহিলি?"

"হয় খুৰী। মই দোকানৰ পৰা বস্তু নিবলৈয়ে আহোঁ। কথাৰ মহলা মাৰিবলৈ আকৌ সময়ো নাই যে।"

ৰাধাৰ উত্তৰে যেন চাট এটা হে মাৰিলে। তথাপি একো নকৈ কণমায়ে ক'লে,

"অ, আমিও এইমাত্ৰ আহিছোঁহে।"

এইবাৰ ঠাট্টাৰ হাঁহি এটা মাৰি ৰাধাই ক'লে,

"তাকেই, ডাঙৰ খুৰাৰ ছোৱালীজনীক স্কুলত থ'বলৈ যাওঁতেই দেখি গৈছোঁ আপোনালোকক। এতিয়া পানী খোৱা ছুটী হ'ল। আৰু অলপ ৰৈ দিয়ক। একেবাৰে ছুটীয়েই হৈ যাব।"

এইবাৰ দুয়োজনীয়ে তলমূৰ কৰিলে। ৰাধা গপগপাই গুচি গ'ল।

"ছোৱালী মানুহৰ ইমান মুখ বেয়া কিন্তু নহয় নে নবৌ?"

হেমেনে ক'লে। লগে লগেই আকৌ আৰম্ভ হৈ গ'ল আলোচনা। কিন্তু থিয় হৈয়ে দেই। নবৌহঁত নবহে, দেৰি হ'ব।


"কাম নাইকিয়া মখা! অকল লোকৰ ঘৰৰ কথা! নিজে নো কি ফালি আছে! এফালৰ পৰা কোবাব লাগে এইজাকক।" 

মুখেৰে ভোৰভোৰাই কিবা কিবি কৈ পদূলিৰ পৰা সোমাই অহা ৰাধাক পিৰালিতে সাদৰীয়ে সুধিলে,

"কি হ'ল অ' ৰাধা? কাক গালি পাৰি আহিছা নো?"

আজু আইতাক আৰু ককাকৰ পাছত এই গৰাকী মানুহেই ৰাধাক বৰ বেছি মৰম কৰে। গিৰিয়েকৰ ভয়ত মাজে মাজে আঁতৰি থাকে যদিও ৰাধাৰ প্ৰতি থকা টানটোৰ বাবে তেওঁ বেছি সময় আঁতৰি থাকিব নোৱাৰে। ৰাধাইও তেওঁৰ আগত একো খং ৰাগ নেদেখুৱাই। শান্ত মাতেৰে তাই ক'লে,

"এই হেমেন দোকানীক খুৰী। গাঁৱৰ বোৱাৰী দুজনীমানক লৈ ক'ৰ কি যে বদনাম। গাঁৱত কাৰ ঘৰত কি হৈছে সি হে গম পায়। আৰ কথা তাৰ আগত লগোৱাত এক নম্বৰ।"

সাদৰীয়ে আঁচলেৰে মুখ ঢাকি হাঁহিলে। ভতিজাকৰ অন্যায় সহিব নোৱাৰা গুণটো তাই জানে। ক'ৰবাত সাদৰীয়ে ৰাধাৰ মাজত হেৰাই যোৱা নিজক জানো নেদেখে! দেউতাকৰ আলাসৰ লাৰু, কাৰো ওচৰত তলমূৰ নকৰা স্বাভিমানী ছোৱালীজনীয়ে কেতিয়া যে নিজস্বতা হেৰুৱাই আদৰ্শ বোৱাৰী হ'ব লগা হ'ল, সেয়া যে তাই নিজেও গম নাপালে। সাদৰীয়ে কিবা কোৱাৰ আগেয়ে কুন্তলা আহি ওলালহি সেইখিনি। আহিয়েই ৰাধাক পিঠিত মৃদু ঢকা এটা মাৰি ক'লে,

"এনেকৈ বাৰু কথা কয় নে? ডাঙৰক সন্মান কৰিব নজনা হৈ গৈ আছ তই দিনে দিনে।"

ৰাধাই ওলোটাই ক'লে,

"কিয় মা? ডাঙৰ হ'ল বুলিয়েই চবকে কিয় সন্মান কৰিম? সন্মান বস্তুটো ইমান সস্তীয়া নেকি কিবা? আয়ে কয় নহয়, যি যোগ্য তাক হে সন্মান দিব লাগে।"

কুন্তলা একো নোকোৱাকৈ মনে মনে থাকিল। শাহু আইতাক ভানুমতীৰ ঠাঁচতে গঢ় লৈছে ৰাধা। এই কম বয়সতে তাই যিমান পৰিপক্ক হৈ উঠিছে লাহে লাহে যে তাই এক আন ৰূপ ল'ব সেয়া যেন অনুমান কৰিব পাৰিছে কুন্তলাই। কিন্তু, তাৰ পাছত? দেউতাকৰ দৰেই যদি একেটা ঘটনাই হয়? তেজেৰে তুমৰলি হৈ থকা দেহ এটা আকৌ সহ্য কৰিব পাৰিব নে কুন্তলাই? 

"ৰাধা আইদেউ, তোমাক কানায়ে বিচাৰি আছিল।"

হঠাৎ তেজাৰ মাতত কুন্তলাৰ ভাৱনাত যতি পৰিল। ৰাধাও সেইখিনিৰ পৰা আঁতৰি গ'ল।


দিনটোৰ প্ৰতিটো সময়ত ৰাধাপুখুৰীয়ে এক নতুন নতুন ৰূপ লয়। এই দুপৰীয়াৰ সময়ত কোনোবা নিজান দ্বীপ যেন লাগে ৰাধাপুখুৰীক। কেও পিনে একো নুশুনা নিজান। মাজে মাজে বতাহৰ হুৰহুৰিয়া শব্দ এটাই কোবাই যায়। মাজতে দুই এটা গৰুৰ হেম্বেলনি ভাঁহি আহে। যিমান ৰ'দ হ'লেও প্ৰকাণ্ড ৰাধাচূড়া জোপাৰ বাবেই এই ঠাই ডোখৰ সদায় ছাঁ হৈ থাকে, লগতে শীতল। ৰাধাপুখুৰীয়ে এনেকৈয়ে বতাহৰ সৈতে দুপৰীয়াৰ গল্প লিখে। অৱশ্যে এতিয়া দুপৰীয়াও ঠিক নহয়। পশ্চিমত বেলিটো কমলা হ'বলৈ আৰম্ভ কৰিছে। ৰাধাপুখুৰীৰ পানীখিনিও একেই বৰণ লৈছে। তাতেই অকলশৰে হাতত কিবা এটা লৈ বহি আছে কানাই। এনেতে পিছফালৰ পৰা কোনোবাই আহি কানাইৰ চকুত ধৰিলেহি। মুখত হাঁহি এটা বিৰিঙিল তাৰ। সি জানে, তাক এনেকৈ মৰম কৰা গোবিন্দপুৰত অকল এগৰাকীয়ে আছে। হাতখন আঁতৰাই দি সি ক'লে,

"বিচাৰিলেও নেপাওঁ মহাৰাণীক।"

ৰাধাও কাষতে বহি ক'লে,

"ৰহ ঔ। সাদৰী খুৰীক চাবোন লগা হ'ল। খুৰীয়ে আকৌ বেলেগক ক'ব নোৱাৰে নহয়। সেইকাৰণে ময়েই গ'লো।"

"তই যে যিকোনো কামত দৌৰা দৌৰি কৰি ফুৰ, ভাগৰ চাগৰ নালাগে ন?"

"এতিয়াই দৌৰা দৌৰি নকৰি আৰু কেতিয়া কৰিম ক!"

"মানে?"

"মোক আয়ে কয়, জীৱনটো ঈশ্বৰে আমাক এবাৰেই দিয়ে। জীৱনৰ এই দিনবোৰ এবাৰেই আহে। এই যে আজি তোৰ লগত বহি আছো, এইটোও এবাৰেই। কাইলৈ কি হয় কোনে জানে! সেয়ে মই ভাবো, আমি যি ভাল লাগে কৰি যাব লাগে। কাকো বেয়া নকৰাকৈ।"

"আইৰ কথাবোৰ ভাল লাগে ন!"

"বহুত, কিমান যে কথা সোমাই আছে আইৰ মনত এই বয়সত। কিমান যে দেখিলে।"

অলপ সময় দুয়ো একো নমতাকৈ থাকিল দুয়ো। হঠাৎ কানায়ে সুধিলে,

"তোৰ দেউতালৈ মনত পৰে নে ৰাধা?"

ৰাধাই এবাৰ তাৰ চকুলৈ চালে। তাৰ পাছত পুখুৰীৰ পানীখিনিলৈ চাই থাকিল। মনত ভাহি আহিল এটা কালিকা লগা দিন। কেনেকৈ পাহৰিব ৰাধাই সেই দিনটোৰ কথা! চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষা আছিল সিদিনা। দেউতাকে নিজেই থ'বলৈ গৈছিল তাইক স্কুলত। কপালত চুমা এটা খাই "ভালকৈ পৰীক্ষা দিবি দেই আইমানু" বুলি কৈ স্কুলৰ বাহিৰত ৰৈছিল তেখেত। ৰাধা গৈ স্কুলৰ ভিতৰ নাপালেই, হঠাৎ এটা প্ৰচণ্ড শব্দ। বন্দুকৰ গুলীৰ। সকলোৰে মাজত দৌৰা দৌৰি লাগিল। ৰাধাই উভতি চাইছিল। আকাশখন যেন ভাঙি চুৰমাৰ হৈছিল। গুলীৰ আঘাতত ৰাস্তাৰ মাজতে ৰঙা হৈ পৰি গৈছিল ৰাধাৰ দেউতাক। 

"দেউতা অ'...." বুলি এটা চিঞৰ মাৰি আহিব লওঁতেই অজ্ঞান হৈ পৰিছিল তাই। তেনেকৈ নোহোৱা হৈছিল তাইৰ দেউতাক, নিৰ্ভীক সংবাদকৰ্মী, ভাগৱত চৌধুৰী। নোহোৱা হৈছিল, ৰাধাক "আইমানু" বুলি মতা মানুহজন।

"ৰাধা..."

কানাইৰ মাতত চক খাই উঠিল ৰাধাই,

"হা, কিবা কৈছিলি?"

কানায়ে জানে, দেউতাকৰ কথা ওলালেই এইদৰে ভাবুক হৈ পৰে ৰাধা। কথাটো সলাবলৈকে সি তাইৰ আগত থোঙা এটা দাঙি ধৰিলে,

"এয়া চা।"

ৰাধাৰ মুখখন উজ্জল হৈ পৰিল,

"বগৰী? ইমান গাল? ক'ত পালি ঐ ল'ৰা?"

"আনিলোঁ আৰু। ল তই ভাল পাৱ নহয়। আচাৰ বনাবও পাৰিবি।"

হাতত বগৰী এটা লৈ মুখত ভৰাবলৈ লৈ ৰৈ ৰাধা ৰৈ যোৱা দেখি কানায়ে সুধিলে,

"কি হ'ল, ৰৈ গ'লি যে!"

"এস ৰহ। সৰস্বতী পূজা পাৰ হোৱা নাই যে!"

"তাতে কি হ'ল?"

"সৰস্বতী পূজাৰ আগত বগৰী খালে হেনো গাধ হয়। পঢ়া নোৱাৰে। মেট্ৰিকৰ আগত এইবোৰ কৰোঁ জানো?"

এইবাৰ কানাই হাঁহিত ফাটি পৰিল। হাঁহি হাঁহিয়েই ক'লে সি,

"তই পঢ়া শুনাৰ কথাও চিন্তা কৰ নেকি? গাধ হ'ব বোলে, এতিয়া এনে চোকা হৈ আছে তাই!"

লগে লগে চেলাউৰি থূপ খাই আহিল তাইৰ,

"নেখাও তোৰ বগৰী। কোনজনী চোকা ঘৈণীয়েৰক খোৱাবলৈ মন আছে খোৱাগৈ যা।"

কথাটো কৈ তাই নৰ'লেই। কো কোৱাই ঘৰৰ ফালে খোজ ল'লে। পিছে পিছে কানায়ো বগৰীখিনি লৈ দৌৰিলে,

"ঐ ৰচোন, এইজনীয়ে ধেমালিও নুবুজে নে কি! ঐ ৰাধা ৰচোন ঐ!"

দৌৰি যোৱা ৰাধা হঠাৎ ৰৈ গ'ল। সন্মুখত কোনোবা আছে। কানাই ওচৰ চাপি দেখে সেইজনী তগৰ। কান্দি কান্দি অৱস্থা নাই। চকু উখহি গৈছে। চুলিও জপৰা। তাইৰ অৱস্থা দেখি ৰাধাই কিবা সুধিবলৈও পাহৰি থাকিল। কানায়েই সুধিলে,

"কি হ'ল তগৰ?"

তগৰে একো নকৈ ৰাধাক সাৱটি ধৰিলে। উচুপি উচুপি কঁপা মাতেৰে তাই মাত্ৰ ক'লে,

"মোক বিয়া দিবলৈ ওলাইছে অ' ৰাধা।"


কিতাপখন পঢ়ি পঢ়ি হাঁহি উঠিছিল সন্ধ্যাৰ। কিন্তু শেষৰখিনিয়ে আকৌ বুকুখন কিবা এটা কৰি গ'ল। ৰাধা আৰু কানাইৰ নিষ্পাপ ধেমালিখিনিয়ে তাইক অভিমন্যুলৈ মনত পেলাই দিলে। একেই আছিল সিহঁতো। কিতাপখন জপোৱাৰ লগে লগে তাই আকৌ বাস্তৱলৈ ঘূৰি আহিল। উঠি আহি পাকঘৰত সোমালহি। দুপৰীয়া ভাতৰ যোগাৰ কৰিলে। অলপ পাছত শাহুয়েকো উঠি আহিল। দুপৰীয়া অন্তৰাইও আহি একেলগে ভাত খালেহি। তাই চেগ বুজি সন্ধ্যাক সুধিলেও, "অল অ'কে নে?" সন্ধ্যাইও হাঁহি মাৰি থ'লে। সকলো ঠিকেই আছিল তেতিয়ালৈকে। কিন্তু দুৰু দুৰুকৈ সন্ধ্যাৰ বুকুখন কঁপি আছিল কিবা এটা ভয়ত। সেই ভয় সঁচা কৰিলে শাহুয়েকে সন্ধিয়া অনুৰণ অহাৰ পাছত। অনুৰণ অহাৰ পাছত চাহ খাই শাহুয়েক, সন্ধ্যা আৰু অনুৰণ চোফাতে বহি আছিল। তাতেই শাহুয়েকে কথাটো উলিয়ালে,

"তহঁতে কথাটো কি ভাবিলি?"

সন্ধ্যাই একো মতা নাই। অনুৰণে টিভিৰ ৰিমৰ্টটোত কিবা এটা টিপি সুধিলে,

"কোনটো কথা মা?"

"তোৰ বিয়াৰ কথা।"

মূৰটো আচন্দ্ৰাই কৰি গ'ল সন্ধ্যাৰ। যেন বিজুলী পৰিছে গাত। আকাশখন যেন গুজৰি গুমৰি আহিছে। এইমাত্ৰ যেন ধাৰাসাৰ বৰষুণে বুৰাই পেলাব সকলো। চাৰিওফালৰ বস্তুবোৰ যেন ঘূৰিব ধৰিছে। চকু কেইটাই ধোঁৱা ধোঁৱা দেখিছে। চোফাখনত গাদীত খামুচি ধৰি ৰ'ল সন্ধ্যাই যেনে তেনে। তাৰ বিপৰীতে লাহে লাহে কঠোৰ হৈ আহিল অনুৰণৰ মুখখন।

(আগলৈ)

Comments

  1. মন ভাঙি গ'ল ।।কিয় বাৰু সন্ধ্যাৰ দৰে এগৰাকী ছোৱালীৰ জীৱনত ইমান যন্ত্ৰণা আহিল?

    ReplyDelete

Post a Comment

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯