ৰাধা : খণ্ড ১১
#ৰাধা
Part 11
জীৱনে কেতিয়াবা এনে কিছুমান মুহূৰ্ত আমালৈ লৈ আনে যি সময়ত জীৱনটোক এখন চিনেমাৰ দৰে চোৱাৰ বাহিৰে আমাৰ হাতত একো নাথাকে। সন্ধ্যাই এই কথাটোত বিশ্বাস কৰে। জীৱনটোক থপিয়াবলৈ গ'লে কেতিয়াবা ই সৰি পৰে। অনুৰণৰ মাকৰ কথাত আকাশ এখন খহি পৰিলেও সন্ধ্যা নিৰুদ্বেগ হৈ বহি ৰৈছিল। তাৰ বিপৰীতে অনুৰনে ক'লে,
"আকৌ সেইবোৰ আৰম্ভ নকৰিবা মা। দিনটো খুব প্ৰেচাৰ থাকে কামৰ। এই সময়খিনি বেয়া লগা নকৰিবা।"
"আৰে, সদায় এৰাই চলিলেই হ'ব নে তোৰ। সন্ধ্যাৰো আপত্তি নাই, তোৰ কিয় আপত্তি?"
মাকৰ কথাত সন্ধ্যালৈ চালে অনুৰণে। সন্ধ্যাৰ চকুৱে চকুৱে পৰিল। কি আছিল সেই চাৱনিত! নাই, সদায়ৰ দৰে ভালপোৱা নাইবা ভৰসা নাছিল। তাৰ সলনি আছিল প্ৰচণ্ড ক্ষোভ আৰু খং। তাইলৈ চায়েই অনুৰণে সুধিলে,
"তোমাক ডিভোৰ্চ দি আন এগৰাকীক বিয়া কৰালে তোমাৰ আপত্তি নাই নেকি সন্ধ্যা?"
সন্ধ্যাই একো নামাতি তলমূৰ কৰিলে মাত্ৰ। অনুৰণে এইবাৰ মাতটো ডাঙৰ কৰিলে,
"কোৱা, তোমাৰ আপত্তি আছে নে নাই?"
নাই, সন্ধ্যাৰ উত্তৰ নাই। চকুত ভিৰ কৰা চকুপানীবোৰক জোৰকৈ ভিতৰলৈ ঠেলি তাই ৰৈ আছে। অনুৰণে এইবাৰ থিয় হৈ চিঞৰি দিলে,
"সুধি আছোঁ মই কিবা এটা।"
উচপ খাই উঠিল সন্ধ্যা। অনুৰণৰ এইটো ৰূপ তাই আজিলৈকে দেখা নাই। তাতে মাকৰ আগত! এইটো অনুৰণ যেন তাইৰ অচিনাকি। সন্ধ্যাই কিবা ক'বলৈ নাপাওঁতেই মাকে কৈ উঠিল,
"উসঃ ৰাম। কিয় চিঞৰিছ ছোৱালীজনীৰ ওপৰত। নাই তাইৰ আপত্তি।"
অনুৰণে এইবাৰ মাকলৈ চাই ক'লে,
"বঢ়িয়া। সন্ধ্যাৰ আপত্তি নাই যদি খুব ভাল কথা। তেওঁ ডিভোৰ্চ বিচাৰিছে যদি মইও ৰাজী আছোঁ। কিন্তু মা, আকৌ এবাৰ বিয়া পতাত মোৰ আপত্তি আছে। মই আৰু বিয়া নাপাতো। কেতিয়াও নাপাতো।"
মাকে থিয় হৈ ক'লে,
"এইটো আকৌ কেনেকুৱা কথা, তই শুন চোন।"
মাকৰ হাতটো জোকাৰি অনুৰণে ক'লে,
"নুশুনো। বহুত শুনিলোঁ। মোৰ জীৱন মোৰ কথা। কোনোবা মোৰ জীৱনত নাথাকি গুচি যাব খুজিছে, যাওক। মই জোৰ নকৰো। কিন্তু মই মোৰ জীৱনলৈ নতুন কাকোৱেই নানো। ইয়াৰ ওপৰত কথা নাই। দুদিনৰ কাৰণে আহিছা তুমি, হাঁহি মাতি থাকা আৰু যোৱা। নহ'লে গুৱাহাটীত হোটেলৰ অভাৱ নাই।"
কথাটো কৈ ভিতৰৰ কোঠালৈ গুচি গ'ল অনুৰণ। সন্ধ্যাৰ লগতে থৰ হৈ ৰৈ গ'ল অনুৰণৰ মাক স্বৰ্ণৰেখা। অনুৰণৰ এইটো ৰূপ যে কল্পনাৰো অতীত। বিশেষকৈ শেষৰ শাৰীটোৱে যেন স্বৰ্ণৰেখাক চাবুকৰ দৰে কোবালে। অনুৰণে তেওঁক পৰোক্ষ ভাবে ঘৰৰ পৰা ওলাই যাবলৈ ক'ব, সেয়া তেওঁৰ সপোনৰো অগোচৰ আছিল। ভাঙি পৰিল তেওঁৰ আত্মবিশ্বাস। লাহে লাহে নিজৰ শোৱা কোঠাটোলৈ গৈ বিচনাত বাগৰ দিলে। সন্ধ্যা ৰৈ গ'ল মাত্ৰ। কি কয় তাই! কি কৰা যায়! কাক বুজাই! ভিতৰৰ পৰা নিজে ভাঙি ভাঙি আনক কিদৰে সামৰা যায়! নাই, বেডৰুমলৈ গৈ অনুৰণৰ মুখামুখি হোৱাৰ সাহস সন্ধ্যাৰ নাই। সেয়ে তাই মনুক মাতিলে,
"মনু, মোৰ ৰুমৰ পৰা কিতাপখন আনি দেচোন।"
মনুৱে "ৰাধা"খন আনি দিলেহি। কেতিয়াবা বাস্তৱৰ পৰা পলায়নেই আমাক বাস্তৱৰ সৈতে যুঁজিবলৈ শিকায়। সন্ধ্যাইও এই সময়ত তাকেই কৰিলে।
তগৰৰ বিয়া ঠিক হৈছে। দৰা গোবিন্দপুৰৰ পৰা বহু দূৰৈৰ কোনোবা চহৰৰ। চৰকাৰী চাকৰি কৰে, ধনী মানুহ। আচৰিত, ৰাধাহঁতে একো গম নোপোৱাকৈয়ে সকলো হ'ল। এতিয়া দৰা ঘৰৰ মানুহ আহিব বুলি গম পাইহে তগৰ দৌৰি ৰাধাৰ ওচৰ পাইছেহি। তগৰ পঢ়া শুনাত ভাল। ৰাধাতকৈও ভাল। তেনেস্থলত পঢ়াৰ পৰা ছোৱালীজনী নি কি কাৰণত শিৰত সেন্দূৰ দি ভৰিত শিকলি লগাই পাকঘৰত বন্দী কৰিব খুজিছে ৰাধাই বুজি পোৱা নাই। তগৰৰ কথা শুনিয়েই তাই সিহঁতৰ ঘৰলৈ দৌৰিলে। তগৰৰ মাক চোতালতে আছিল। ৰাধা গৈয়েই চিঞৰি উঠিল,
"খুৰীটি, কি কৰিছে এইবোৰ আপোনালোকে? তগৰৰ বিয়া বোলে?"
চোতাল সাৰি সাৰিয়েই মাকে ক'লে,
"অ আকৌ। বিয়া নোহোৱাকৈ ঘৰতে বুঢ়ী কৰিম নে কিবা? তাতে ইমান ভাল ল'ৰা এটা পাইছোঁ।"
"কিন্তু সেইবুলি পঢ়া শুনা বাদ দি..."
এইবাৰ গোহালিত গৰুৰ বাবে জাগ দি থকা তগৰৰ দেউতাকে মাত দিলে,
"হেৰৌ হিচাপ নিকাছ কেইটা শিকিলে, নামটো লিখিবলৈ শিকিলে যেতিয়া হ'ল আৰু। এনেও তিৰিৰ আখলেহে গতি। ইমান কিয় শিকিব লাগে।"
ৰাধাইও সমানে কৈ উঠিল,
"কি কথা কয়হে আপোনালোকে? তগৰ পঢ়া শুনাত ইমান ভাল গোটেই স্কুলে জানে। তাই মেট্ৰিকত ভাল ৰিজাল্ট কৰিব বুলিও চবেই আশা কৰিছে। ছোৱালীজনীক পঢ়িবলৈ দিয়াৰ সলনি...."
ৰাধাৰ কথা শেষ নহওতেই তগৰৰ মাকে কৈ উঠিল,
"আমাৰ ঘৰৰ ছোৱালী আমি বিয়া দি উলিয়াই দিওঁ নে লখিমীত উটুৱাই দিওঁ সেয়া আমাৰ কথা। ওঁঠ চেপিলে গাখীৰ ওলোৱা কোনোবাই আমাক উপদেশ দিব নালাগে।"
এইবাৰ তগৰৰ ওচৰলৈ গৈ তাইৰ চুলি কেইডাল জোকাৰি দি ক'লে,
"আৰু তই হ'বলা বুঢ়ীমাৰক গোচৰ দিবলৈ গৈছিলি! মাৰ বাপেৰৰ মূৰ কেইটা খাবলৈ জন্ম হৈছ তই।"
কথাটো কৈয়ে ভিতৰলৈ চোচৰাই লৈ গ'ল তগৰক মাকে। ৰাধাই একো ক'বলৈ সুযোগেই নাপালে। থৰ হৈ ৰৈ থাকিল তাই মাত্ৰ। তগৰৰ দেউতাক আহি তাইৰ মূৰত হাত ফুৰাই ক'লে,
"আজি নহ'লে কাইলৈ বিয়াতো হ'বৈ লাগিব আইজনী। জীয়ৰী লোকৰহে ধন।"
কথাটোৰ লগতে হুমুনিয়াহ এটা সৰি পৰিল তেওঁৰ। ৰাধা এখোজ দুখোজকৈ আঁতৰি আহিল।
ভানুমতীৰ কোঠাৰ পালেঙত সোমাই উচুপি আছে ৰাধাই। কাষতে ভানুমতীয়ে তাইৰ চুলিত হাত বুলাই আছে,
"আইজনী অ', ৰাধা। উঠচোন। কিমান কান্দ আৰু!"
ফেঁকুৰি ফেঁকুৰি ৰাধাই ক'লে,
"তুমি ককাক কোৱাচোন আই। কওক গৈ তগৰৰ দেউতাকক। তাই বৰ কষ্ট পাব অ', নোৱাৰিব তাই।"
ভানুমতীয়ে বুজি পায়। সাংঘাতিক দুখ নাপালে ৰাধাৰ সহজে চকুপানী নোলায়। কিন্তু ৰাধাৰ চকুপানীক তেওঁ প্ৰশ্ৰয় দিব নোৱাৰে। ৰাধাক বৰ কষ্টৰে শিলৰ দৰে গঢ়িছে তেওঁ। এতিয়া চকুপানী হৈ গলিবলৈ দিব নোৱাৰে। তেওঁ মাতটো গহীন কৰি কৈ উঠিল,
"ককাৰে কি কৰিব! নিজৰ ছোৱালী নিজৰ কথা। সিহঁতে বিয়া দিম বুলি ভাবিছে যেতিয়া দিবই।"
"তেন্তে কি উপায় নাই আই?"
ভানুমতীয়ে ৰহস্যময় হাঁহি মাৰি ক'লে,
"সংসাৰত উপায় নোহোৱাকৈ একো সমস্যায়েই নাই আইজনী। উপায়বোৰ সমস্যাৰ লগতে আহে।"
ৰাধাই এইবাৰ চকুপানী মচি চিন্তা কৰিলে। কি হ'ব পাৰে উপায়! অলপ সময় ৰৈ ভানুমতীয়ে আকৌ ক'লে,
"শুনিছোঁ, আজি হেনো হেমেনৰ দোকানত চাৰুলতাহঁতৰ বদনাম গোৱা শুনি তোৰ বৰ খং উঠিছিল।"
"উঠিবতো, হোৱাই নোহোৱাই লোকৰ ঘৰৰ কথা উলিয়াই থাকে। সিহঁতৰ কি দৰকাৰ..."
কথাটো আধাতে কৈ ৰৈ গ'ল ৰাধা। আজু আইতাকৰ চকুলৈ চালে। তেওঁৰ মুখত সেই ৰহস্যৰ হাঁহি। লগে লগে "মই বুজি গ'লো" বুলি উঠি দৌৰ দিলে ৰাধাই। পৰম সন্তোষেৰে তাই যোৱালৈ চাই ৰ'ল ভানুমতীয়ে।
হেমেনৰ দোকানত প্ৰেমলতা আহিছে। তগৰৰ বিয়াৰ খবৰে মেল গৰম হৈ আছে। লগতে আমাৰ কণমাই আছেই। ওচৰৰে পুতৌ ও আহিছে। পুতৌ হেমেনৰ আন এজন বাতৰি সম্প্ৰচাৰক। কাৰোবাক কিবা কথা ক'বলৈ থাকিলে পুতৌক কথাটো কৈ অমুকক নক'বি বুলি ক'লেই হ'ল। পুতৌয়ে দহো বন কাটি কৰিও কথাটো লগাই আহিব গৈ। দুদিনমান লোকৰ বদনাম গাবলৈ নাপালে পুতৌৰ গাটো দুৰ্বল দুৰ্বল লাগে হেনো। পিছে প্ৰেমলতা তগৰৰ বিয়াত মত নাই, সেয়ে কথাৰ মাজতে ক'লে,
"এইজনী পিটিকলি ছোৱালী। মাক বাপেকে নো এতিয়াই বিয়া দিব লাগে নে!"
লগে লগে পুতৌয়ে বোলে,
"ভালেই কৰিছে দে। বিয়া নিদি তোৰ নিচিনাকৈ ঘৰতে পৰি থাকিব লাগে নে! তই দেখাত ইমান ৰচকী হৈও মতা এটা ঘটিব নোৱাৰিলি!"
প্ৰেমলতাই মুখ জোকাৰি কৈ উঠিল,
"থ হেৰৌ। বোলে আছে স্বামী কপালত, বহি পাম চোতালত। নাই স্বামী কপালত, মৰি যাম নেকি আকালত!"
হেমেনে মুখত পাণ এখন ভৰাইছিলহে। প্ৰেমলতাৰ ফকৰা শুনি হো হোৱাই হাঁহি হাঁহি মুখৰ পৰা উলিয়াই পেলালে। কণমাই আৰু পুতৌয়েও লগে লগে হাঁহি উঠিল। হেমেনৰ দোকান ৰসত জীপাল হৈ উঠিছে। এনেতে তাৰ মাজতেই ৰাধা আহি ওলাল। ৰাধাক দেখিলে আজিকালি প্ৰেমলতা সাৱধান হয়। এইজনীৰ খং উঠিলে আজিকালি মাৰপিতো কৰে। পিছে ৰাধাই আজি হাঁহি মুখেৰে মাতিলে,
"কিহৰ মেল চলিছে হয়! প্ৰেম' বাইদেউ, কিবা নিবলৈ আহিলে?"
ৰাইজে বুজিলে ৰাধাৰ মন ফৰকাল। সেয়ে প্ৰেমলতাই ক'লে,
"নাই অ', সেই তোৰ সখীয়েৰ তগৰৰ বিয়াৰ কথা পাতি আছিলোঁ। চাচোন, এইকণ বয়সতে নো বিয়া দিব লাগে নে?"
ৰাধাই মনৰ ভাব লুকুৱাই ক'লে,
"বিয়া নিদি কি কৰিব? ইমান ডাঙৰ ঘটনা এটাৰ পাছত আকৌ বা বিয়া দিব পাৰে নে নোৱাৰে?"
ৰাধাই ক'বলৈ হে পালে। কণমাই, পুতৌ, প্ৰেমলতা আনকি দোকানৰ ভিতৰৰ পৰা হেমেনো একে জাঁপে বাহিৰ পালেহি,
"কি ঘটনা ঐ?"
"কি, কি হৈছিল নো?"
"কচোন ক!"
একেলগে প্ৰশ্নৰ জোৱাৰ উঠিল। ৰাধাই এইবাৰ আচৰিত হোৱা যেন দেখুৱাই ক'লে,
"আও, আপোনালোকে নো গম নাপাই নে! অৱশ্যে পাব নো কেনেকৈ! কম চালাকিৰে লুকুৱাইছে নে! মই গাতে লাগি থাকোঁ বুলিহে জানিলো।"
পুতৌয়ে ক'লে,
"ঐ ৰাধা, পাতনি বাদ দে ঔ। কথাটো ক। মোৰ পেট পাক মাৰি ধৰিছে।"
ৰাধাই ইফালে সিফালে চাই ফুচফুচাই ক'লে,
"ইমান জোৰ কৰিছে যেতিয়া কওঁ শুনক, তগৰৰ বোলে গাঁৱৰে ল'ৰা এটাৰ লগত কিবা কিবি হ'ল। ঘৰৰ ভিতৰতে মাকে ধৰা পেলালে। এতিয়া গাত লেঠায়েই নেকি ঠিক নাই। সেয়েহে বিয়া বুলি ইমান দৌৰা দৌৰি।"
"কি....?" এটাই জাকে একেলগে চিঞৰি উঠিল। পিছে প্ৰেমলতাই অলপ সন্দেহ কৰি ক'লে,
"হয় জানো? এনে এটা কথা গাঁৱৰ পৰা লুকাই থাকিব নে?"
ৰাধাই দুগুন বিশ্বাসেৰে ক'লে,
"হয়তো আকৌ। নহ'লে ইমান দূৰলৈ ছোৱালী বিয়া দিয়ে নে! কোনেও এতিয়ালৈকে দৰাৰ নাম কি ঘৰ নো ভালকৈ ক'ত পৰিয়াল নো কিমান একোৱেই নাজানে। কোনোবাই এইবোৰ কথা উলিয়াই বুলিয়েই এই ব্যৱস্থা।"
ৰাধাৰ কথাত যুক্তি আছে। এইবাৰ সকলোৱে একমুখে বিশ্বাস কৰিলে। কণমায়ে ক'লে,
"সেয়েহে বুলিছোঁ মাকে এইকেইদিন মুখেই দেখুৱা নাই। কোনোবাই কিজানি কিবা সোধেই।"
বাকী কেইজনেও হয়ভৰ দিলে। কথাৰ মাজতে ৰাধাই ক'লে,
"মই গৈ থাকোঁ। আপোনালোকক হে ক'লো। এইবোৰ আকৌ কৈ মেলি নুফুৰিব দেই।"
পুতৌয়ে টপককৈ মাতিলে,
"কি যে কৱ, আমাৰ সেই লগোৱা মেলা স্বভাৱ নাই আই! নে কি কয় নবৌ!"
"নহয় নো কি? হেৰৌ আমাৰ এখন কাণে কি শুনে সিখন কাণেই গম নাপায়।"
কণমায়ে যোগ দিয়ে। শলাগি শলাগি ৰাধা ওলাই আহে। লগতে চাৰুলতা আহি পায়হি। ৰাধা আঁতৰি আহোঁতেই পিছফালৰ পৰা পুতৌৰ মাতটো কাণত পৰেহি,
"চাৰু বৌ, কথাটো শুনিছে নে! তগৰৰ বোলে কোনোবা ল'ৰাৰ লগত....."
সন্তুষ্টিৰ হাঁহি মাৰি ৰাধা আঁতৰি আহিল। লগতে মুখৰ ভিতৰতে ক'লে,
"মোক বেয়া নাপাবি তগৰ। তোৰ ভালৰ কাৰণেহে কৰিছোঁ।"
"বাইদেউ, ভাত বাঢ়িছোঁ। আহক।"
মনুৰ কথাত কিতাপ জপাই উঠি আহিল সন্ধ্যা। "দাদাকো মাতি দিয়া" বুলি কৈ সন্ধ্যা শাহুয়েক শুই থকা ৰূমটোলৈ গ'ল। অনুৰণৰ সেই ৰূপৰ পাছত শাহুয়েকে ভাত খাব নে নাখাই কোনে জানে। পিছে সন্ধ্যাই ভবাৰ দৰে নহ'ল। তাই ৰুমত সোমোৱাৰ লগে লগে শাহুয়েক নিজে উঠি বহিল,
"ভাত বাঢ়িছে নেকি ৰুণজুন?"
সন্ধ্যা আচৰিত হ'ল। ইমান আত্মাভিমানী মানুহজনীৰ আজি এই কথাত। তেওঁৰ মাতত তিলমাত্ৰও খং বা অভিযোগৰ সুৰ নাই। অৱশ্যে এই কথাৰ আঁৰৰ কথাও তাই জানে। নিজৰ কথা মনাবলৈ স্বৰ্ণৰেখাই যে নিজৰ আত্মসন্মানো ত্যাগ কৰিব পাৰে সেয়া সন্ধ্যাতকৈ বেছি কোনে জানিব।
বিশেষ একো কথা নপতাকৈয়ে ভাত খাই শেষ হ'ল। মনুয়ে বাকী কামবোৰ কৰিলে। সন্ধ্যাই শাহুয়েকক আঠুৱা তৰি দিলে। এতিয়াহে আচল সমস্যাটো হ'ল। নিজৰ ৰুমলৈ যায় কেনেকৈ সন্ধ্যা! কেনেকৈ অনুৰণৰ সন্মুখত থিয় হয় গৈ! তথাপি এখোজ দুখোজকৈ ৰুমত সোমাল।
অনুৰণে বিচনাত বাগৰিছে। কিন্তু সন্ধ্যাই জানে তাৰ টোপনি অহা নাই। কাপোৰযোৰ সলাই নাইট গাউনটো পিন্ধি ল'লে তাই। হাতত চিগাৰেট এটা লৈ বেলকণিত বহিল গৈ। অলপ সময় বহি থাকিল সন্ধ্যা চিগাৰেট হুপি। এইখিনি সময়ত তাইৰ নিজকে অচিনাকি যেন লাগি যায়। কিন্তু উপায়ো যে নাই, এই সাময়িক সুখকণ তাইক লাগে। এই যে মূৰটো কিবা এটা পাতল লাগি যোৱা, বুকুৰ বিষটো ডিঙিলৈ উজাই অহা এই অনুভৱটো তাইক লাগে। এনেতে হঠাৎ এটা পাতল উচুপনি শুনি চিগাৰেটটো এষ্ট্ৰেত গুজি তাই ৰুমলৈ সোমাই আহিল। কাৰণ উচুপনিটো আহিছিল অনুৰণৰ পৰা। ঠিক উচুপনিও নহয়, কিন্তু চৰ্দি লাগিলে হোৱা নাকৰ শব্দৰ দৰে। শুনিলে গম পোৱা যায় যে এইমাত্ৰ কান্দি উঠিছে। সন্ধ্যাই পৃথিৱীৰ সকলো সহ্য কৰিব পাৰিলেও অনুৰণৰ চকুপানী সহিব নোৱাৰে। বিচনাৰ কাষলৈ গৈ অনুৰণক মাত দিলে সন্ধ্যাই,
"ৰণ..."
"কোৱা"
"কি হৈছে?"
"গা টো ভাল লগা নাই।"
এইবাৰ চাওঁচোন বুলি সন্ধ্যা বিচনালৈ উঠি ল'লে। অনুৰণৰ চকু উখহি আছে ৰঙা পৰি। মুখত যেন কোনোবাই এন্ধাৰ সানি দিছে। কাষতে শুই তাৰ হাতদুখন নিজৰ হাতলৈ আনি সন্ধ্যাই ক'লে,
"কি হৈছে কোৱাচোন।"
"তোমাৰ কি হৈছে ৰুণ? কিয় কৰিছা এনেকুৱা? মই আন কাৰোবাক বিয়া কৰালে তোমাৰ একো আপত্তি নাই? আমাৰ মাজত আন কোনোবা সোমালে তোমাৰ একো সমস্যা নাই? আমাৰ ভালপোৱাৰ লক্ষ্য কি অকল কেঁচুৱা জন্ম দিয়াই আছিল?"
হয়তো আগতে হোৱা হ'লে এতিয়াই সন্ধ্যাৰ চকুপানী সৰিলহেতেন। কিন্তু আজিকালি চকুপানীয়েও তাইৰ ঠিকনা হেৰুৱাইছে। তাই মাত্ৰ ক'লে,
"মই মাৰ কথা চিন্তা কৰিহে..."
কথাটো শেষ কৰিব নিদি অনুৰণে ক'লে,
"এৰা, তুমিতো সকলোৰে কথা চিন্তা কৰা। মাৰ কথা, পৰিয়ালৰ কথা, সমাজৰ কথা। কিন্তু মোৰ কথা? মোৰ কথা কিয় চিন্তা নকৰা ৰুণ? তোমাক বাদ দি মই পাৰিম? সেই সাধাৰণ কথাটো তোমাক নতুনকৈ বুজাব লাগিব?"
দাঁতেৰে ওঁঠযোৰ কামুৰি উঠিল সন্ধ্যাই। একো ক'ব পৰা নাই তাই। বুকুখনত কিবা শিল এটাই যেন তল ওপৰ কৰিহে আছে। একো নকৈ অনুৰণৰ বুকুৰ মাজত কুচিমুচি সোমাই পৰিল তাই। ইয়াতকৈ আন ভাষা নাজানে সন্ধ্যাই। সন্ধ্যাৰ চুলিত হাত ফুৰাই দিলে অনুৰণে। সামান্য কঁপি উঠা সন্ধ্যাক জোৰকৈ সাৱটি অনুৰণে ক'লে,
"মই আছোঁ সন্ধ্যা। মাত্ৰ, তুমি গুচি যাওঁ বুলি নক'বা।"
লাইটৰ বেড চুইছটো অফ কৰি কাষৰ ডিম লাইটটো দি মোবাইলত পাতল কৈ গান এটা বজালে অনুৰণে। এটা পাতল নীলা পোহৰ বিয়পি পৰিল। সন্ধ্যা তেতিয়াও অনুৰণৰ বুকুৰ মাজতে। তাইক আৰু অকণ ওচৰ চপাই আনিলে সি। লাহে লাহে নিজৰ ওঁঠযোৰ এৰি দিলে সন্ধ্যাৰ ওঁঠৰ মাজত। মোবাইলত বাজি আছিল বিশ্ৰুত শইকীয়াৰ গানটো,
"...আমাৰ মৰমে জিনি যায় কথাৰে,
মৰমক জিনিব পাৰে কোনে?
ভাগৰি পৰা ৰণত মৰম উশাহ হ’লে,
মোৰ বুলি তোমাৰ ৰণবোৰ আঁকোৱালিম.."
(আগলৈ)
অনুৰণ আৰু সন্ধ্যাৰ কাহিনীত বিশ্ৰুত শইকীয়াৰ গান 🫂
ReplyDelete