ৰাধা : খণ্ড ১২

 #ৰাধা

Part 12

জীৱনত বহু কিবা কিবি নালাগে। কিন্তু ভাঙি পৰাৰ সময়তে, ৰৈ যোৱাৰ সময়তে যে নোকোৱাকৈ বুজি পাই কোনোবাই কয়, "মই আছোঁ", উফ... আকাশৰ সমস্ত জোনাক যেন বুকুৰ মাজতে ফুলে! এই ক্ষেত্ৰত সন্ধ্যা ঈর্ষণীয় ভাবে চহকী। আচলতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তিয়ে হৈছে ভালপোৱাৰ শক্তি আৰু আটাইতকৈ ডাঙৰ সাহসেই হৈছে প্ৰেমৰ সাহস। নহ'লেনো গোটেই পৰিয়ালৰ বিৰুদ্ধে গৈও সন্ধ্যা অনুৰণৰ হ'ব পাৰে নে! কিমান দিন হ'ল, সন্ধ্যা নিজৰ আপোন ঘৰখনলৈ নোযোৱা! কিমান দিন হ'ল, নিজৰ পৰিয়ালৰ মানুহখিনিৰ মাত নুশুনা। আচলতে এনে নহয় যে সন্ধ্যা তালৈ গ'লে কোনোবাই খেদি পঠাব। দুই এবাৰ তেওঁলোকে যোগাযোগ ও কৰিছিল। কিন্তু সন্ধ্যাই নোৱাৰিলে। তাইৰ ভালপোৱাক অপমান কৰি পৰিয়ালৰ মানুহে কৰা সেই কথাৰ শেলবোৰ তাই মনৰ পৰা আঁতৰাব নোৱাৰিলে,

"কলেজৰ প্ৰফেছৰনী হৈ তই এতিয়া সেই বেকাৰটোলৈ যাবি নে? এ.পি.এছ.চি লৈ পঢ়িহে আছে। পাবই বুলি ক'ত লিখা আছে। পালে বেলেগ কথা বাৰু!"

ফেঁটী সাপৰ দৰে ফেট তুলি উঠিছিল সন্ধ্যাই,

"মই অনুৰণক ভাল পাওঁ। বিয়া তালৈহে হ'ম। তাৰ চাকৰিটোলৈ বিয়া নহওঁ। বাকী আমাৰ সংসাৰ চলাবলৈ আপোনালোকে ভাবিব নালাগে। সিমানখিনি অর্জন মোৰ আছে।"

সন্ধ্যাৰ এতিয়াও মনত আছে, অনুৰণৰ মাকে কান্দি কান্দি তাইৰ ভৰি চুব খুজিছিল সিদিনা,

"তুমি সঁচাই দেৱী অ' ৰুণজুন। ভালপোৱাৰ নামত চাকৰি বাকৰি নথকা এই ল'ৰাটোলৈ গুচি আহিছা।"

আৰু তাৰ বিপৰীত ছবি আছিল, যিদিনা অনুৰণে এ.পি.এছ.চি পাছ কৰিছিল। সন্ধ্যাৰ ঘৰৰ পৰা ফোন আহিছিল,

"আমি তোৰ সিদ্ধান্তক লৈ নিশ্চিত আছিলোঁ। তই ভুল নকৰ কেতিয়াও।"

ফোন অফ কৰি দিছিল তাই। অনুৰণৰ মাকে গৌৰৱেৰে কৈছিল,

"সন্ধ্যাৰ ভাগ্য কিমান ভাল। আগতেই তাই সুযোগটো ল'লে বুলিহে।"

সন্ধ্যাই একো কোৱা নাছিল যদিও ওচৰতে থকা অন্তৰাই মাত দিছিল,

"লাজ পাব লাগে তুমি মা। ভাগ্য তোমাৰ পুতেৰাৰ ভাল, যে ঘৰৰ সকলো দায়িত্ব বৌয়ে নিজে মূৰ পাতি লৈ দাদাক অকল পঢ়িবলৈ দিলে।"

একো মাত নিদি আঁতৰি গৈছিল মাক। সেইবোৰ কথা আজিৰ তাৰিখত আখ্যানৰ সাধুৰ দৰে মনলৈ আহে। সন্ধ্যাই নাজানে তাই ভুল কৰিছিল নে শুদ্ধ। কিন্তু যি কৰিছিল, ভালপোৱাৰ বাবে কৰিছিল। আৰু সেই ভালপোৱা যে শুদ্ধ সেয়া সময়ে বাৰে বাৰে প্ৰমাণ কৰিয়েই আহিছে।

কাষতে তাইক সাৱটি শুই যোৱা অনুৰণৰ মুখখনলৈ চালে সন্ধ্যাই। প্ৰিয়জনৰ টোপনি যোৱা মুখখনতকৈ ধুনীয়া ছবি পৃথিৱীত হেনো আৰু একোৱেই নাই। নাই, এই মুখখনত বিষাদ সানিব নোৱাৰে সন্ধ্যাই। যাৰ বাবে ঘৰৰ "ভাল জীয়ৰী"ৰ খিতাপ দলিয়াই দিছিল, তেওঁৰ বাবে যদি এইবাৰ "আদৰ্শ বোৱাৰী"ৰ খিতাপো দলিয়াব লাগে, সন্ধ্যাই কুণ্ঠাবোধ নকৰে। সিমানখিনি দৃঢ়তা সন্ধ্যাৰ আছে। অনুৰণৰ বুকুৰ পৰা নিজক লাহেকৈ মুক্ত কৰি সন্ধ্যা বিচনাৰ পৰা নামি আহিল। আহিয়েই পুনৰ এবাৰ "ৰাধা"খন মেলি ল'লে।


তগৰৰ বিয়াখন ভাঙিল।

প্ৰথমেই পুতৌ দৌৰি দৌৰি আহিছে হেমেনৰ দোকানলৈ। দোকানত আগৰে পৰা থকা দুজনমানৰ আগত বুকুত চপৰিয়াই কৈছে সি,

"অ' তগৰৰ বিয়াখন ভাঙিল ঔ! ছোৱালী চাবলৈ অহা মানুহে উভতি গৈয়েই খবৰ দিলে বোলে এনে চৰিত্ৰৰ ছোৱালীৰ লগত বিয়া নহয়। অ' তাইৰ কি হ'ব এতিয়া ঔ!"

হেমেন দোকানীয়ে তাৰ ওচৰলৈ আহি দবিয়াই উঠিল,

"ঐ শগুণে খোৱা, তাৰ ভাওনা চাচোন। মনে মনে থাক। তগৰৰ মাকৰ মুখখন জানই নহয় কেনেকুৱা। কথা সোপা আমিয়েই গাঁৱত বিলালো বুলি জানিলে বাঢ়নীয়ে জাৰিব কিন্তু।"

পুতৌ তেতিয়াহে মনে মনে ৰয়।


খবৰে স্নেহালয়তো চুই যায়। স্নেহালয়ৰ চ'ৰাঘৰ, ঘৰত সোমাই বাৰাণ্ডা পাৰ হৈয়ে পোৱা এই বহল কোঠাটোত সোমালেই চৌধুৰী বংশৰ আভিজাত্য, ঐতিহ্যৰ প্ৰমাণ যেন পোৱা যায়। তিনিযোৰ চোফা, মাজতে এখন টেবুল। তাৰ ওপৰত এখন শৰাই। এটা চুকত এখন আৰামী চকী, মাজে মাজে তাত ধৰ্ম নাৰায়ণ বহে। আন এটা চুকত সজাই থোৱা আছে এখন কেঁকোৰা দোলা। ভানুমতী বিয়া হৈ আহোঁতে হেনো সেই দোলাতেই আনিছিল। সেই স্মৃতিত আজিও দোলাখন তেনেকৈয়ে আছে। মাজে মাজে ভানুমতীয়ে নিজেই দোলাখন চুই চায়। স্নেহালয়লৈ কোনোবা আহিলে আচৰিত হৈ দোলাখনৰ ফালে চাই। এখন বেৰত লাগি আছে এখন সৰু পালেং। পালেংখনৰ কাষতে এটা কিতাপৰ আলমিৰা। যত ঠাহ খাই আছে কিতাপে। বিস্ময়, প্ৰিয়সখী আলোচনীবোৰ এটা খাপত। আনটো খাপত আকৌ অসীমত যাৰ হেৰাল সীমা, ৰহদৈ লিগিৰী, অন্তৰীপকে আদি কৰি উপন্যাসবোৰ। এখন বেৰত দুটা প্ৰকাণ্ড জাপি। এখন বেৰত ভানুমতীৰ স্বামী, ধৰ্ম নাৰায়ণৰ দেউতাকৰ মালা লগোৱা ক'লা বগা ফটো। আন এখন বেৰত হৰিণাৰ শিং। স্নেহালয়ৰ প্ৰতিটো কোঠাতেই গল্প। কিন্তু এই চ'ৰাঘৰটো যেন কিছু বিশেষ।

সেই চ'ৰাঘৰতে বহি ধৰ্ম নাৰায়ণ, মনোহৰা, কুন্তলা আৰু বৈকুণ্ঠই কথা পাতে। আজিও পাতি আছে তগৰৰ কথাই। মাজতে সাদৰীয়ে চাহ দি যায় সকলোকে। ধৰ্ম নাৰায়ণে এতিয়াও মানি ল'ব পৰা নাই কথাবোৰ,

"আচৰিত, ইমান ভয়ংকৰ মিছা কথা এটা কোনে উলিয়ালে। তগৰহঁতৰ লগত কাৰো শত্ৰুতাও নাই যে এইবোৰ উলিয়াব।"

মনোহৰাই হুমুনিয়াহ কাঢ়ে,

"গাঁৱত এইবোৰ কথা ওলোৱা মানুহৰ অভাৱ হৈছে নে! পিছে আমিও সাৱধান হ'বৰ হ'ল। তগৰৰ নিচিনা নিমাখিত ছোৱালী এজনীৰ কথায়েই এনেকৈ ওলাইছে যেতিয়া আমাৰ আইদেউৰ বিয়াত কি কি ওলাব ঈশ্বৰেহে জানে।"

কুন্তলাই কঁপা কঁপা মাতেৰে কয়,

"মোৰ সেইটো চিন্তাত টোপনিয়েই নহা হৈছে। দিন পাৰ হোৱাৰ লগে লগে আমাৰ এই বেছি অবাধ্য হৈ গৈ আছে।"

সুযোগটো পাই বৈকুণ্ঠই কয়,

"দেউতাই বাধা দিয়ে বাবেহে নহ'লে তাইক এদিনতে মই...."

বিৰক্তিত আটাহ পাৰি উঠে ধৰ্ম নাৰায়ণে,

"মনে মনে থাকহঁত অ'। ক'ৰ কথা নি ক'ত পেলাৱ গৈ তহঁতবোৰে। ৰাধাৰ বিয়াৰ কাৰণে তহঁতে ভাবিব নালাগে। আৰু তগৰৰ মাক বাপেকৰ নিচিনাকৈ ৰাধাক এতিয়াই বিয়া নিদিওঁ মই। আজিৰ পৰা যাতে তাইৰ বিয়াৰ কথা লৈ আলোচনা নহয়।"

মনোহৰাই লাহেকৈ পুনৰ চেষ্টা কৰে,

"আমিও তাইৰ ভালৰ বাবেহে..."

গহীন অথচ বুকু কঁপাই তোলা মাতেৰে ধৰ্ম নাৰায়ণে ক'লে,

"ইয়াত কোনে কাৰ কিমান ভাল চিন্তা কৰে, সেয়া মই খুব ভালদৰেই জানো। ইমান পৰোপকাৰী হোৱাৰ ভাওনা মোৰ আগত নকৰিলে ভাল।"

কথাটো কৈয়ে তেওঁ কোঠাৰ পৰা ওলাই গ'ল। কোঠাটোত বাকী কেইটা প্ৰাণী শিল পৰা কপৌৰ দৰে পৰি ৰ'ল।


সৰুকণৰ কোঠাত ৰাধা আৰু সৰুকণৰ আলোচনা, লগতে কানাইও আছে। সৰুকণৰ কোঠাটো স্নেহালয়ৰ বাকীবোৰ কোঠাৰ তুলনাত কিছু সৰু। দুখন বিচনা এখন টেবুল আৰু চকী, এটা কাপোৰৰ আলমিৰাৰে কোঠাটো কোনোবা হোষ্টেলৰ কোঠা যেনেই লাগে। আচলতে সৰুকণে নিজেই এইদৰে সজাই লৈছে। বিশৃংখল কোঠাটোত টেবুলৰ ওপৰত বিচনাৰ ওপৰত অকল কিতাপ আৰু কিতাপ। ইংৰাজী, অসমীয়া বহুতো কিতাপ। ৱালত লাগি আছে দীঘল চুলিৰ জুবিন গাৰ্গৰ এখন ক'লা চশমা পিন্ধা ফটো। ৱাল খনত কিবা কিবি লেখা মেলা। ৰাধাই বহুদিন কোঠাটো চিজিল লগাবলৈ চাইছিল যদিও আকৌ একেই হয়। সেই কাৰণে তাইও বাদ দিলে। কোঠাটোৰ বিচনাখনত বাগৰি আছে সৰুকণে। কাষতে বহি আছে কানাই। এইফালে চকীত ভৰি তুলি বহি লৈছে ৰাধা। সৰুকণে কৈ আছে,

"ইলেকচনটোত কি হয় গৈ ধৰিব পৰা নাই অ'.."

ইলেকচন হৈ গ'ল কিছুদিন আগতে। সৰুকণকে ধৰি আৰু কেইজনমানে মানুহক মাতি মিটিং কৰি বুজাইছিল অলকেশ হাজৰিকাক ভোট নিদিবলৈ। ৰাধাই ক'লে,

"অলকেশহঁত জিকিলে কি হ'ব সৰু দা?"

"বহুত বেছি বেয়া হ'ব। সিহঁতৰ চৰকাৰে যোৱা পাঁচ বছৰে চব শেষ কৰিছে। চাকৰিৰ নামত লাখে লাখে টকা। কাটা তাঁৰ পাৰ হৈ বাংলাদেশী সোমায়েই আছে। চব বিভাগত দুৰ্নীতি। অলকেশতো সৰু, আমাৰ বয়সৰ ল'ৰা। এতিয়াই তাৰ যি দুৰ্নীতি, লাহে লাহে সি কি হ'ব ভাবিবও নোৱাৰি।"

"আমাৰ গোবিন্দপুৰৰ কি হ'ব?" এইবাৰ কানায়ে সোধে। সৰুকণে হুমুনিয়াহ কাঢ়ি কয়,

"গোবিন্দপুৰৰে আটাইতকৈ বেছি ক্ষতি হ'ব। গোবিন্দপুৰৰ ওপৰত শেন চকু পৰিছে সিহঁতৰ। গোবিন্দপুৰৰ মাটিত সোণ আছে, সেই কথা বুজিছে সিহঁতে। গোবিন্দপুৰৰ বহু ঠাইত এনে বহু গছ আছে, যিবোৰ লাখত বিক্ৰী হয়। সেইবোৰ চকুত পৰিছে ইহঁতৰ। সেইটোৱেই ভয় লগা কথা হৈছে।"

ৰাধাই কিছু উত্তেজিত হৈ ক'লে,

"কিবা খং উঠিব তই সিদিনা কোৱাৰ নিচিনাকৈ বন্দুক লৈ হাবিলৈহে যাম গৈ।"

উচপ খাই উঠে সৰুকণে। কোনোবা আবেগিক মুহূৰ্তত ৰাধাৰ বয়স পাহৰি কৈ পেলোৱা কথা এটাই তাইৰ মনত এনেকৈ সোমাই পৰিব বুলি ভবা নাছিল সি। নাই নাই, এই বিষয়ে ৰাধাক আৰু ভাবিবলৈ দিব নোৱাৰি। উদিত সুৰুজৰ ঠিকনা ৰাধাক দিব নোৱাৰি, কেতিয়াও নোৱাৰি। পৰিৱেশটো পাতলাবলৈকে সি ক'লে,

"বাদ দে এইবোৰ। পিছে কচোন, এই তগৰৰ বিয়াখন কোনে ভাঙিলে ঔ?"

ৰাধা আৰু কানায়ে ইটোৱে সিটোৰ ফালে চালে। কানায়ে একো নক'লে যদিও ৰাধাই ক'লে,

"মই কেনেকৈ জানিম। ভাঙিলে চাগে কোনোবা শতৰুৱে।"

"কোন হয় সেইটো উলিয়াব লাগিছিল অ।"

এইবাৰ ৰাধাই খঙেৰে ক'লে,

"কেলেই নো তোক ইমান? কি কৰিবি নো উলিয়াই। শূলত দিবি নে কি?"

জোৰকৈ হাঁহি ৰখাই সৰুকণে ক'লে,

"শূলত দিয়া মানে, মুখত ছাই সানি গাঁও ঘূৰাব লাগিব। গাঁৱৰ ছোৱালী এজনীৰ বিয়া ভাঙিছে কম কথা নেকি?"

ৰাধা এইবাৰ জোকৰা মাৰি উঠি থিয় হৈ ক'লে,

"এস থ হেৰৌ। মাক বাপেকে এনে তাইৰ ভালটো কৰিবলৈ চাইছিল। পঢ়া শুনাত ইমান ভাল ছোৱালী এজনীক বিয়াৰ নামত লোকৰ ঘৰৰ বান্দী কৰিবলৈহে লৈছিল। ভালেই হ'ল বিয়া ভাঙিল। তাই পঢ়িব পাৰিব শান্তিৰে। বিয়াৰ বাহিৰে একোৱেই চিনি নেপাই গাধ মখাই।"

কথাটো কৈয়ে ৰাধা কোঠাটোৰ পৰা ওলাই আহিল। পিছে পিছে কানাইও। সৰুকণে হাঁহি মাৰি তাৰ মানিবেগটোৰ পৰা ফটো এখন উলিয়ালে। ফটোখন ৰাধাৰ দেউতাক, ভাগৱত চৌধুৰীৰ। ফটোখনলৈ চাই সৰুকণে ক'লে,

"তোৰহে জী ককাইদেউ। চৌধুৰী বংশই কিবা পূণ্যৰ বলত ৰাধাক পাইছে। তই আশীৰ্বাদ কৰিবি তাইক।"


সৰুকণৰ কোঠাৰ পৰা ওলাই ৰাধা এইবাৰ ভানুমতীৰ কোঠা পালেগৈ। ভানুমতীয়ে বিচনাতে বহি খুন্দনাত তামোল খুন্দি আছে। কোঠাৰ বাহিৰলৈ খুন্দনাৰ শব্দ গৈছে। ৰাধা গৈ পালেঙতে বহিল। মুখেৰে একো নমতা দেখি ভানুমতীয়ে নিজেই সুধিলে,

"বোলো কি হ'ল নো? কোনে জগৰ লগালে?"

"আই, মই কি বেয়া কৰিলোঁ নেকি তগৰৰ লগত?"

তামোল খুন্দি খুন্দিয়েই ভানুমতীয়ে ক'লে,

"নিজক সোধচোন। নিজে ভাবি চা। ভাল নে বেয়া।"

ৰাধাই একো নামাতি মনে মনে থাকিল। ভানুমতীয়ে পুনৰ ক'লে,

"বোকা চাফা কৰিবলৈ হ'লে বোকাত নামিবও লাগিব আইজনী। ছলনা কৃষ্ণইও কৰিছিল, কিন্তু ধৰ্ম ৰক্ষাৰ বাবে।"

অলপ ৰৈ আকৌ ক'লে,

"জীৱনত যি কামেই নকৰ, নিজক সুধি কৰিবি। যাতে কামটোক লৈ কোনোবাই প্ৰশ্ন কৰিলে মূৰ থিয় কৰি উত্তৰ দিব পাৰ।"

এইবাৰ ৰাধাই ক'লে,

"মই ভুল কৰা নাই আই। কোনোবাই সুধিলেও মই ক'ব পাৰিম।"

ৰাধাৰ মূৰত হাত ফুৰাই কপালত চুমা এটা খালে ভানুমতীয়ে,

"মোৰ সোণকলিজনী।"

এনেতে দৌৰাৰ দৰে তেজা সোমাই আহিল,

"ৰাধা আইদেউ, আপোনাক সোনকালে চোতাললৈ মাতিছে।"

ৰাধাৰ লগতে ভানুমতীও আচৰিত হ'ল। তেজাই পুনৰ ক'লে,

"তগৰৰ মাক দেউতাক আহিছে।"

বুকুখন চিৰিংকৈ গ'ল ৰাধাৰ। আজু আইতাকৰ হাতত খামুচি ধৰিলে। ভানুমতীয়ে গহীন সুৰত ক'লে,

"ব'ল, মইও লগত যাম।"

এখোজ দুখোজকৈ ৰাধা গৈ চোতাল পালেগৈ। ইতিমধ্যে চোতালত বহুখিনি মানুহেই গোট খাইছে। তগৰ, তাইৰ মাক দেউতাকৰ লগতে প্ৰেমলতা, পুতৌ, হেমেন দোকানী, চাৰুলতা লগতে চৌধুৰী পৰিয়ালৰ আটাইবোৰ আছে। ৰাধাক দেখিয়েই তগৰৰ মাকে ৰাউচি জুৰিলে,

"মোৰ ছোৱালীজনীৰ কপালত এনে জুই কিয় লগালি ঐ? নিজেতো বাপেৰৰ মূৰটো চোবাই খালিয়েই, এতিয়া..."

কথাখিনি শেষ নহওতেই সৰুকণে চিঞৰি উঠিল,

"নবৌ, আপুনি ক'ত থিয় হৈ কাক কথা কৈছে এবাৰ ভাবি ল'ব।"

এইবাৰ বৈকুণ্ঠই সৰুকণক দবিয়াই উঠিল,

"মনে মনে থাক। তহঁতেই তাইক উঠাই উঠাই এনেকুৱা কৰিলি। দেউতা, আপুনি এতিয়াও নাতিয়েকৰ ফালেই ক'ব নে?"

ধৰ্ম নাৰায়ণে একো নকৈ গভীৰ ভাৱে চিন্তা কৰিলে কিবা এটা। পিছফালৰ পৰা এইবাৰ মনোহৰাই ক'লে,

"বংশৰ মান সন্মান সকলো খালে। এতিয়াও এৰি দিলে গাঁৱত মুখ উলিয়াব নোৱাৰা হ'ম আমি।"

মানুহখিনিৰ মাজত গুণগুণনি বাঢ়ি আহিল। তাৰ মাজতে গলগলীয়া মাতেৰে ধৰ্ম নাৰায়ণে ক'লে,

"নামঘৰৰ বাকৰিলৈকে ৰাইজ ব'লক। সকলোৱে বিচাৰিছে যেতিয়া বিচাৰ তাতেই হ'ব। সকলো গঞা ৰাইজক খবৰ দিয়ক। এতিয়াই বিচাৰ হ'ব। মই কথা দিছোঁ, বিচাৰত দোষী হ'লে ৰাধাক মই নিজেই স্নেহালয়ৰ পৰা খেদি পঠাম।"

ধৰ্ম নাৰায়ণৰ কথাখিনি যেন বিজুলীৰ দৰেহে আছিল। কাঁহ পৰি জীণ গ'ল লগে লগে। চকু কেইটা জিলিকি উঠিল বৈকুণ্ঠৰ। ইমান দিনে ভাবি থকা কথাবোৰ আজি যেন সঁচা হ'ব। তাৰ বিপৰীতে বুকু কঁপি উঠিল সৰুকণৰ, কানাইৰ, কুন্তলাৰ, আনকি ভানুমতীৰো। এফালে একো নকৈ থিয় দি আছে ৰাধা। মানুহবোৰ লাহে লাহে নামঘৰৰ বাকৰিলৈ গৈছে। ৰাধা এবাৰ ভানুমতীৰ ওচৰলৈ গ'ল,

"আপুনি যাব নালাগে আই। মই পাৰিম।"

চিন্তাৰ মাজতো ভানুমতীৰ গৰ্ব হ'ল নাতিয়েকক লৈ। তেওঁৰ বিশ্বাস আছে, ৰাধাৰ একো নহয়। লাহে লাহে তেজাৰ হাতত ধৰি তেওঁ নিজৰ কোঠা পালেগৈ। সকলো যোৱাৰ পাছত ৰাধা লাহে লাহে নামঘৰৰ ফালে খোজ ল'লে। কাষে কাষে কানাই। গৈ থাকোঁতে কানায়ে সুধিলে এবাৰ,

"তোৰ ভয় লগা নাই ৰাধা?"

ৰাধাই গহীন মাতেৰে ক'লে,

"নাই লগা। কাৰণ, মই দেউতাৰ ছোৱালী।"

(আগলৈ)

Comments

Post a Comment

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯