ৰাধা : ২০
#ৰাধা
Part 20
অতীতৰ ঘাঁ বোৰ শুকুৱাব পাৰে নে বৰ্তমানে? যিমান সুন্দৰ বা মনোৰম হৈ বৰ্তমান আহিলেও অতীতৰ আঘাত নিৰাময় হৈ উঠে নে? মানি ল'ব পাৰি, ধৰি ল'ব পাৰি, কিন্তু প্ৰকৃত অৰ্থত মচ খাই যায় জানো অতীত? নাই, অতীতক মচি দিব পৰাকৈ কোনো বৰ্তমান ইমান শক্তিশালী হোৱাই নাই। হয়তো সাময়িক ভাৱে পাহৰি থকা যায়, হয়তো মনৰ পৰা আঁতৰি গ'ল বুলি নিজক প্ৰত্যয় নিয়াও যায়। কিন্তু এটা, মাত্ৰ এটা সৰু সংকেতেই যথেষ্ট অতীতৰ যন্ত্ৰণাময় দুৱাৰখন মোকোলাই দিবলৈ। সন্ধ্যাৰ বাবে সেই সংকেত আছিল, আয়েশাই কোৱা শব্দটো, "মা"। সাধাৰণ শব্দ জানো ই! ন মাহ ৰৈ আছিল সন্ধ্যা নিজৰ মাজত ধাৰণ কৰা এটি প্ৰাণৰ সৈতে। উফ, কেনেকৈ পাহৰা যায় সেইদিনবোৰৰ কথা! সেই যে মাহটোৰ বিশেষ তিনিদিন নহা দেখি সন্ধ্যাই অনুৰণক কৈছিল। সিতো সাধাৰণ বুলি একো ভবা নাছিল। হঠাৎ ভাত খাই থাকোতে হলকে হলকে বমি কৰিছিল গৈ সন্ধ্যাই বাথৰুমত। লগে লগেই অনুৰণৰ বন্ধু ডাঃ প্ৰণৱ শৰ্মাৰ ওচৰলৈ লৈ গৈছিল। তেখেতে কিবাকিবি টেষ্ট কৰোৱাৰ পাছত কৈছিল,
"আগতে মিঠাই খোৱাই ল, তাৰ পাছতহে ৰিপোৰ্ট দিম।"
অনুৰণে নুবুজাৰ দৰে সুধিছিল, "মানে?"
"মানে বাপেক হ'বি তই গৰু।"
লগে লগেই যেন ফুৰ্তিত ক'ব নোৱাৰা হৈ গৈছিল অনুৰণ। প্ৰণৱকে দাঙি লৈছিল এবাৰ। প্ৰনৱে ধমকি দিছিল,
"অ' ই পাগল!"
সন্ধ্যাৰ হাঁহি হাঁহি অৱস্থা নাছিল সেইদিনা। দিনবোৰ যেন আৰু বেছি ৰঙীন হৈ পৰিছিল তেতিয়াৰ পৰা। দুদিন পাছতে অনুৰণৰ মাক আহি ওলাইছিল,
"আয়ু মোৰ ৰুণজুনজনী" বুলি কেইটা যে চুমা খাইছিল সন্ধ্যাক। সেইজনী শাহুয়েকৰ লগত বৰ্তমানৰ শাহুয়েকৰ কত যে পাৰ্থক্য!
মানুহবোৰৰ মৰমত সন্ধ্যা উপচি পৰিছিল। অভিমন্যুয়ে ফোনত কৈছিল,
"ঐ, তোৰ পুতেৰ বা জীয়েৰে মোক মামা বুলি মাতিব নোৱাৰিব কিন্তু। দাদা বুলি মাতিব লাগিব।"
"ও আই, সেইটো কিয় হ'ব?"
"আবে এক্টৰ অভিমন্যুৰ ভাগিন আছে বুলি গম পালে মোক চিনেমাত হিৰোৰ ৰোল নিদিয়া হ'ব বে।"
তাৰ কথাত হাঁহিত বাগৰিছিল সন্ধ্যা আৰু অনুৰণে। এইবোৰ হাঁহি ধেমালিৰ মাজেৰেই কেনেকৈ যে আঠ মাহ পাৰ হৈছিল গমেই নাপালে সিহঁতে। সন্ধ্যাৰ নিজকে চাই লাজ লাগিছিল। উফন্দি অহা পেটটো, বহল হৈ অহা ভৰিৰ পতাযোৰ, পুৰঠ হৈ অহা বুকুখন দেখি কি যে এক অনন্য মাদকতা পাইছিল, আজিও নুবুজে তাই। অলপ ভয়, অলপ লাজ আৰু বহুত বেছি ভাল লগা। অনুৰণে ফলৰ ৰস আৰু মাদাৰ হৰলিক্স লৈ তাইৰ পিছে পিছেই ঘূৰি আছিল। এদিন নিশা অনুৰণে কৈছিল,
"যদি ল'ৰা হয়, নাম এটা মই ভাবি থৈছোঁ।"
"কি?"
"ময়ূৰ।"
সন্ধ্যাৰ চকু চলচলীয়া হৈ পৰিছিল। মনত ভাঁহি আহিছিল পুৰণি কথাবোৰ। আৱেগত সাৱটি ধৰিছিল তাই অনুৰণক।
এই মৰমৰঙীন সময়বোৰৰ মাজতেই এদিন আহিছিল সেই কাল ৰাতিটো। সন্ধ্যাৰ শৰীৰত অকণমানি প্ৰাণ এটাই থিতাপি লোৱা ন মাহ হৈছিল। এনেকুৱাতে এদিন হঠাৎ ঘটিছিল ঘটনাটো। অনুৰণে পিছদিনা ছুটী লৈ ঘৰলৈ যোৱাৰ কথা। ডাক্তৰে দিয়া তাৰিখ মতে সন্ধ্যাৰ সন্তান প্ৰসৱ হোৱালৈ এতিয়াও প্ৰায় দহদিন বাকী। সেইদিনা ঘৰত সন্ধ্যাৰ বাবে শাহুয়েকে ন মহীয়া সকামৰ আয়োজন কৰিছে। পুথি পঢ়াৰ আগতে গোপিনীৰ আগত সেৱা কৰি সন্ধ্যা এবাৰ ওপৰ মহলাত থকা নিজৰ ৰুমলৈ গ'ল। লগত আছিল ঘৰৰ ওচৰৰে ৰুমী খুৰী। এপাকত সন্ধ্যাই ৰুমৰ লগতে সংলগ্ন বাথৰুমত সোমাল। ৰুমী খুৰীয়ে আহি আছো বুলি তল পালেহি। সন্ধ্যাই বাথৰুমত প্ৰস্ৰাৱ কৰি হাত মুখ ধুই ওলাই আহিবলৈ লওঁতেই হঠাৎ মেখেলাত জোতপোত খাই বাগৰি পৰিল তলপেটকৈ। লগে লগেই মূৰলৈকে কঁপাই দিয়া এক বিষ। তাই আটাহ পৰা চিঞৰ ধৰিছিল। বিষত এক প্ৰচণ্ড আৰ্তনাদ। কিন্তু, সকামৰ কাম কাজত ব্যস্ত থকা ঘৰৰ তলৰ মহলাত কোনেও নুশুনিলে সেই মাত। আহি আছো বুলি কোৱা ৰুমী খুৰীয়েও পাহৰিলে সন্ধ্যাৰ কথা। পাগলৰ দৰে চিঞৰিছিল সন্ধ্যাই,
"মা.. দেউতা.. খুৰী......"
নাই কাৰো উত্তৰ অহা নাছিল। শেষত নাই বুলি জানিও কান্দি কান্দি চিঞৰিছিল সন্ধ্যাই,
"ৰ.....ণ... ৰণ......."
নাই, ক'ত আৰু আহিব পাৰিব ৰণ। অহা নাছিল কোনো। লাহে লাহে অৱশ হৈ পৰিছিল সন্ধ্যা। চিঞৰি চিঞৰি ভঙা মাতত কেৱল এক ফুচফুচনিহে ওলাইছিল। বিষত গোটেই গাৰ হাড়বোৰ যেন গুৰি হৈ গৈছিল। শৰীৰ পৰা নিৰ্গত হৈছিল তেজৰ নৈ। লাহে লাহে চকু জাপ খাই গৈছিল সন্ধ্যাৰ। তাৰ পাছত আৰু তাইৰ একোৱে মনত নাই।
যেতিয়া সন্ধ্যাই সাৰ পাইছিল তাই নিজকে আৱিষ্কাৰ কৰিছিল এখন নাৰ্ছিংহোমৰ বিচনাত। বিচনাৰ কাষত বহি আছিল অনুৰণ। ভৰিৰ ফালে থিয় হৈ আছে অন্তৰা। সমুখৰ আন এখন বিচনাত অনুৰণৰ মাক দেউতাক। সন্ধ্যাই নিজৰ উফন্দি থকা পেটটোত হাত ফুৰাইছিল। যেন উদং উদং! ৰঙা হৈ থকা অনুৰণৰ চকুযোৰ দেখি ভয়ে ভয়ে সুধিছিল সন্ধ্যাই,
"আমাৰ মাইনা ক'ত আছে ৰণ?"
অনুৰণ নিশ্চুপ। এনেতে নাৰ্ছ এগৰাকীয়ে এটি কপাহ কোমল পুতলা আনি তুলি দিছিল সন্ধ্যাৰ কোলাত। ফুৰ্তিত ক'ব নোৱাৰা হৈছিল সন্ধ্যা। উফ, সুখ বোলা বস্তুটোক যেন আজি চুই চাব পাৰিছে তাই। হাঁহি হাঁহি কৈছিল,
"চোৱা ৰণ, তোমাৰ ময়ূৰেই আহিলচোন। অভিলৈ ফোন এটা কৰা না। কৈ দিম তাক, ময়ূৰ আকৌ আহিল।"
এটা সময়ত ৰৈ গৈছিল সন্ধ্যাৰ হাঁহিবোৰ। তাৰ সলনি আহিছিল প্ৰশ্নৰ বৰষুণ,
"মাইনাই এবাৰো কন্দা কিয় নাই?"
"গাখীৰ নাখাই যে?"
"গা টো ইমান চেঁচা কিয় পৰি আছে?"
বহুবাৰ সুধিও একো উত্তৰ নাপাই সন্ধ্যাই চিঞৰি উঠিছিল,
"কোৱা না ৰণ কি হৈছে মাইনাৰ?"
অনুৰণৰ দেউতাক উচুপি উচুপি বাহিৰলৈ ওলাই গৈছিল। কান্দি কান্দি অন্তৰা বহি পৰিছিল বিচনাত। অনুৰণে সন্ধ্যাৰ মূৰত হাত ফুৰাই কঁপা কঁপা মাতেৰে কৈছিল,
"ময়ূৰে আকৌ এবাৰ আমাক এৰি গুচি গ'ল ৰুণ।"
"কি....!"
গোটেই নাৰ্ছিংহোম কঁপি উঠিছিল সন্ধ্যাৰ চিঞৰত। কান্দি কান্দি বাউলি হৈছিল তাই। কমকৈ শব্দ কৰক বুলি ক'বলৈ নাৰ্ছ জনীয়েও উচুপি উচুপি কান্দিছিল। অনুৰণৰ বন্ধু ডাক্তৰজনে সন্ধ্যাৰ ভৰি চুই কৈছিল,
"ক্ষমা কৰি দিয়ক বৌ। নোৱাৰিলোঁ মই তাক উভতাই আনিব।"
খোৱা শোৱা চব বাদ দিছিল সন্ধ্যাই। পাগলৰ দৰে কেতিয়াবা ৰুমৰ বস্তু দলিয়াই লণ্ড ভণ্ড কৰি পেলাইছিল। কেতিয়াবা সৰু ছোৱালীৰ দৰে অকলে অকলে হাঁহিছিল। মাজৰাতি ঘৰৰ পৰা ওলাই যাবলৈ ধৰিছিল। শেষত আন উপায় নেদেখি অনুৰণে কান্দি কান্দি ফোন লগাইছিল অভিমন্যুলৈ,
"মই হাৰি গৈছোঁ অভি। মই পৰা নাই। তাই, তাইক বচোৱাহি তুমি। তাই শেষ হৈ যাব অভি এনেকৈ।"
এৰা, হয়তো এইখিনিতেই প্ৰেমে হাৰ স্বীকাৰ কৰে। এইখিনিতেই বন্ধুত্ব জিকি যায়। বন্ধুত্বৰ দৰে আৱৰণ, বন্ধুত্বৰ দৰে সামৰণ ক'তো নাথাকে। ক'তোৱেই নাথাকে। নাথাকে প্ৰেমতো, নাথাকে সম্বন্ধতো। নিজৰ সকলো শ্বুটিং বাদ দি অভিমন্যু দৌৰি আহিছিল সন্ধ্যাৰ কাষলৈ। নাছিল, সেইজনী তাৰ ৰাংঢালী সন্ধ্যা নাছিল। আছিল মাত্ৰ এটা উশাহ লৈ থকা মৃতদেহ। অভিমন্যুক সাৱটি বাউলী হৈ কান্দিছিল তাই,
"তাক আনি দে অ' অভি। তাক আনি দে না। মই মৰি থাকিম নহ'লে। মোক মৰি যাবলৈ দে।"
ফেঁকুৰি ফেঁকুৰি কৈছিল সি,
"মৰি যাবলৈ দিব লাগে তোক? মৰি যাবি তই? আৰু মোৰ? মই কাৰ কাৰণে জীয়াম ঐ পাগলী? মোক এৰি যাবি তই হা? অনুৰণক এৰি যাবি তই? এই, মৃত্যুক আমাতকৈ বেছি ওচৰৰ পৰা কোনে দেখিছে ক! কষ্ট হৈছে, হ'বই। কিন্তু জীৱনৰ বিকল্প জানো মৃত্যু হ'ব পাৰে ক।"
অভিমন্যু প্ৰায় দহদিন মান আছিল সন্ধ্যাৰ লগত। লাহে লাহে সুস্থিৰ হৈছিল তাই। অভিমন্যুৰ দুই এটা কথাত হাঁহিবলৈও লৈছিল। আগতকৈ বহুখিনি স্বাভাৱিক হৈছিল। যেন মৃত্যুপথৰ পৰা উভতি আহিছিল সন্ধ্যা।
অনুৰণে ভাবিছিল, লাহে লাহে কথাবোৰ পাহৰিব সন্ধ্যাই। সন্ধ্যাইও ভাবিছিল, এদিন হ'লেও ভৰিব পুনৰ তাইৰ উদং কোলা। কিন্তু জীৱনে যেতিয়া যন্ত্ৰণা দিওঁ বুলি ভাবে, সময়ৰ হিচাপ নকৰাকৈ দিয়ে। এদিন অকস্মাত তীব্ৰ পেটৰ বিষত জৰ্জৰিত হৈছিল সন্ধ্যা। ততাতৈয়াকৈ নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হ'ল। নিষ্ঠুৰ সময়, কঠোৰ ঈশ্বৰ; সন্ধ্যাৰ জৰায়ুত থিতাপি লৈছিল এটা টিউমাৰে। প্ৰাণ বচাবলৈ ডাক্তৰে কাটি পেলাবলগীয়া হৈছিল সন্ধ্যাৰ জৰায়ু। চিৰ জীৱনলৈ বন্ধ হৈছিল সন্ধ্যাৰ কোলালৈ পুতলা এটা অহাৰ বাট। অনুৰণহঁতৰ পৰিয়ালত যেন কঁপনি তুলিছিল এইটো খবৰে। সন্ধ্যাক অপাৰেচন থিয়েটাৰৰ পৰা উলিওৱাৰ আগতেই ঘৰলৈ গুচি আহিছিল অনুৰণৰ মাক। অনুৰণৰ ভয় হৈছিল, সন্ধ্যা হয়তো এইবাৰ একেবাৰে ভাঙি পৰিব। কিন্তু নাই, সন্ধ্যাই সকলো কথা গম পায়ো নীৰৱে ৰৈছিল মাত্ৰ। নাই, তাই এবাৰ কন্দাও নাছিল। না কাৰোবাৰ লগত কথা পাতিছিল। নিত্য নৈমিত্তিক কামবোৰ কৰি গৈছিল মাত্ৰ। দিনটোত কেতিয়াবা এটা শব্দ নোকোৱাকৈও পাৰ হৈছিল। লাহে লাহে যেন জড় পদাৰ্থ হৈ পৰিছিল সন্ধ্যা। কোনোবাই কিবা সুধিলে, "একো নাই, ভালে আছোঁ মই" বাক্যটো মন্ত্ৰৰ দৰে আওৰাইছিল। অনুৰণৰ মাকৰ কথাৰ শেল নীৰৱে সহিছিল। এৰা, এটা সীমাৰ পাছত দুখবোৰেও চাগে বুকুৰ ওচৰত হাৰ মানে। এটা সময়ৰ পাছত চকুপানীও চাগে শুকাই যায়। জ্বলি জ্বলি ছাই হোৱাৰ পাছত জানো পুনৰ জ্বলাব পৰা যায়! সন্ধ্যাৰো তেনেকুৱাই হৈছিল। তাৰ পাছতেই মহানগৰীলৈ সন্ধ্যাৰ আগমন, বিশেষকৈ অন্তৰাৰ হস্তক্ষেপত। আৰু তাৰ পাছৰ পৰা....
"মেম, আপুনি ইয়াত...."
হঠাৎ আয়েশাৰ মাতত অতীতৰ পৰা উভতি আহিল সন্ধ্যা।
"আয়েশা, উফ ফাইনেলি যে চেন্স আহিল তোমাৰ। ৰ'বা, মই নাৰ্ছক মাতি আনো।"
সন্ধ্যা উঠি যাওঁতেই নাৰ্ছ গৰাকী সোমাই আহিলেই। আয়েশাক এবাৰ পৰীক্ষা কৰি চেলাইন নতুন এটা দিলে আৰু শুবলৈ ক'লে। সন্ধ্যাৰ লগত দুই এটা কথা পাতি আয়েশা টোপনি গ'ল। সন্ধ্যাই বেগত লৈ অনা "ৰাধা"খন মেলি ল'লে। অলপ আগতে মনত পৰা সেই অতীতৰ পৰা ৰাধাইহে তাইক মোকোলাব পাৰিব যেন।
"ৰাধা, ঐ টোপনি নেকি?"
হঠাৎ কাৰোবাৰ মাতত বেঞ্চৰ পৰা মূৰ তুলি চালে তাই। ধেই কি কৰি আছে বাৰু! অথনিতে শৰতৰ ওচৰৰ পৰা আহি এতিয়ালৈকে এনেকৈ ক্লাছতে মূৰ পেলাই শুই আছে তাই। চবেই দেখি কি কি ভাবিছে চাগে ঠিক নাই। মূৰ তুলি চাওঁতে দেখে সিহঁতৰ ক্লাছৰে ৰিতুল ৰৈ আছে।
"নাই ৰিতুল, এনেই অলপ। ক চোন।"
"মোক এটা সহায় কৰি দিবি? মানে মোৰ লগত এফালে গৈ দিব লাগে।"
"ক'লৈ?"
"নাৰ্ছিংহোমলৈ।"
"কিয়?"
ৰাধাৰ প্ৰশ্নত ৰিতুল অলপ সময় মৌন হৈ ৰ'ল। চকুযোৰ যেন চলচলীয়া হৈ পৰিল তাৰ। ৰাধাই তাৰ বাহুত হাত দি সুধিলে,
"ঐ ল'ৰা, কি হৈছে তোৰ কচোন।"
"মানে ৰাধা, মোৰ নহয়। বাৰ হে। বাৰ বৰ বেয়া অসুখ এটা হৈছে। তিনিদিন মান হ'ল, নাৰ্ছিংহোমত আছে। গাঁৱৰ পৰা এনেকৈ আহিবলৈ অসুবিধা। জানয়েই, মোৰ চাইকেলো নাই। কোনে আনিব, সেয়ে তাইক এবাৰ চাই আহিব..."
তাৰ মাতটো থোকাথুকি হৈ পৰিল। ৰাধাই থিয় হৈ ক'লে,
"ধেই, এই কথাটোত কিয় এনেকুৱা কৰিছ! যা মোৰ চাইকেলখন লৈ যা।"
"তয়ো ব'ল না। মই অকলে গ'লে চবেই সুধি থাকিব। মোৰ ক'বলৈ মন নাই। কিন্তু তই লগত গ'লে সুধিবলৈ সাহস নকৰে কোনেও।"
এইবাৰ ৰাধাৰ হাঁহি উঠিল। কথাটো মিছা নহয়, ৰাধা লগত থাকিলে যেন সকলো সুৰক্ষিত। কতবাৰ লগৰ ছোৱালীয়ে প্ৰেমিকক লগ কৰিবলৈ যাওঁতে তাইক লৈ গৈছে।
"হ'ব দে। ব'ল বাৰু।"
"চাইকেল মই চলাম কিন্তু। নহ'লে জোকাব চবেই মোক।"
ৰাধাই হাঁহি মাৰি ক'লে,
"হ'ব দে বোপাই।"
মনটো ফৰকাল লাগিল ৰাধাৰ। আচলতে আনক সহায় কৰাটো এটা বেলেগ তৃপ্তি থাকে। যিটো তৃপ্তি স্বাৰ্থপৰ মানুহে কোনোকালেই বুজিব নোৱাৰে।
নাৰ্ছিংহোমৰ বাহিৰতে ৰ'ল ৰাধা। ৰিতুলে তাইক নিবলৈ অলপ সংকোচ কৰিলে, ৰাধাইও ভালেই পালে। তাই ৱেটিং ৰুমতে বহিল, সি বায়েকৰ কেবিনৰ পৰা আহিল গৈ। তাৰ পাছত আকৌ চাইকেলেৰে সিহঁত কলেজ পালেহি। আহি গম পালে আজি আৰু ক্লাছ হেনো নহয়। ভালে পালে তাই, এনেও আজি ক্লাছ কৰাৰ মন অলপো নাই। চাইকেল লৈ তাই কালৈকো নোৰোৱাকৈয়ে গুচি আহিল। আহি থাকোঁতে বাটত পিছফালে কাৰোবাৰ চাইকেলৰ টিলিঙাৰ শব্দ। তাই কাষলৈ গ'ল। কিন্তু পিছৰজন পাৰ হৈ নগৈ আকৌ বজাই আছে। এপাকত তাই খঙত "কোন মূৰ্খ অ' এইটো" বুলি ঘূৰি চাওঁতে দেখে তাইৰ পিছফালে চাইকেলত সেয়া শৰৎ। ৰাধা চাইকেলৰ পৰা নামি দিলে লগে লগে আৰু ক'লে,
"ছাৰ আপুনি..."
শৰতো ৰৈ গ'ল,
"নামি দিলা যে?"
"আগতে দেউতাই কয়, শিক্ষকক দেখিলে চাইকেলৰ পৰা নামি দিব লাগে বুলি। আপুনি গৈ লওক ছাৰ।"
"কোন ছাৰ?"
"আপুনি।"
"মই কেতিয়াৰ পৰা ছাৰ হ'লো?"
এইবাৰ ৰাধাই খঙেৰে চালে। এই মানুহটোৱে সঁচাকৈ বুজা নাই নে নুবুজাৰ ভাও ধৰিছে! এইবাৰহে শৰতৰ কথাটো মনত পৰিল। লগে লগে হাঁহি উঠিল সি,
"তোমাৰ নিশাৰ কথাত খং উঠিল মানে। ব'লা, কৈ আছোঁ।"
"নাযাওঁ, আপুনি যাওক।"
"ৰাধা, ব'লা। মই কৈ আছোঁ নহয়।"
"মোৰ শুনিবলৈ মন যোৱা নাই ছাৰ। আপুনি যাওক, মইও যাওঁ।"
শৰতে উপায় নেদেখি ওচৰৰ দোকান এখনলৈ দেখুৱাই ক'লে,
"ঠিক আছে। ইয়াতে চাহ একাপ খাওঁ ব'লা।"
ৰাধাই গহীন হৈয়ে উত্তৰ দিলে,
"মই খালোঁ। এতিয়া আৰু নাখাও, আপুনি যাওক। যদি ইয়াতে ৰয়, তেন্তে ময়েই যাওঁ।"
এইবুলি তাই চাইকেলত উঠিল। শৰতে এইবাৰ নিজৰ চাইকেলৰ পৰা নামি গৈ ৰাধাৰ চাইকেলখন আগভেটি ধৰিলে,
"জেদৰো এটা সীমা থাকে ৰাধা। শুনা, অথনি নিশাৰ কথাত মই একো মতা নাছিলোঁ কাৰণ মই নিবিচাৰোঁ কলেজত তোমাৰ ওপৰত কোনোবাই মোৰ বাবে আঙুলি উঠাওক। কলেজত তুমি ছাৰ বুলি সম্বোধন কৰাই বিচাৰো। তোমাৰ আৰু মোৰ কথা পাতি আনে চাহমেল কৰাটো মই সহ্য কৰিব নোৱাৰো।"
ৰাধা এইবাৰ মনে মনে ৰ'ল। শৰতে পুনৰ ক'লে,
"আৰু এটা কথা। ছাৰ মাতিবলৈ বেয়া পাইছা ঠিক আছে। কিন্তু দাদা বুলিও নামাতিবা। তোমাৰ দাদা হ'বলৈও কোনো চখ লগা নাই মোৰ।"
ৰাধা পুনৰ নিশ্চুপ। শৰৎ এইবাৰ তাইৰ কিছু কাষলৈ আহি সৰুকৈ ক'লে,
"তোমাক ভনী বনাবলৈ মইওতো ইমান মূৰ্খ নহয়।"
হা? কি? কি ক'লে শৰতে? ৰাধা যেন জঁয় পৰিব এতিয়া? মানুহৰ পৰা তাই সলনি হৈছে নেকি লাজুকীলতালৈ? উফ, এই মুহূৰ্ততে গোটেই পৃথিৱীখন এন্ধাৰ হৈ যোৱা হ'লে! এই মুহূৰ্ততে ৰাধা স্নেহালয়ত দৌৰি সোমাব পৰা হ'লে! দৌৰ মাৰিব নেকি তাই! ভৰিত যেন গজি উঠিছে শিপা, লৰচৰ কৰিব নোৱাৰাকৈ! বুকুৰ ভিতৰত সেয়া যেন মাঘবিহুৰ সময়ৰ ঢেঁকীশালখন, নোৰোৱাকৈ ঢেংক্লুক ঢেংক্লুক শব্দ যেন!
এইফালে কথাটো কৈয়ে শৰৎ নৰ'ল। চাইকেল লৈ ফোঁ ফোৱাই উৰি যোৱাদি গুচি গ'ল। কি অৱস্থাত ৰাধা তাৰ পৰা আহি ঘৰ সোমাইছেহি তাই নিজেও নাজানে।
কঁপা কঁপা ভাল লগা এটাই ভৰাই অনা ৰাধাৰ আলফুল যেন হোৱা মনটো পুনৰ খং আৰু জেদেৰে ভৰি পৰিল ঘৰ সোমায়েই। ঘৰ পাই কাপোৰ সলাই ভাত খাই আছিল তাই। আজি সোনকালে কলেজৰ পৰা অহাৰ বাবে ঘৰৰ বাকীবোৰেও একেলগেই খাই আছিল। খোৱাৰ মাজতে বৈকুণ্ঠই কথাটো উলিয়ালে,
"কলেজত কি কৰিব গৈ আছ তই এইবোৰ?"
ৰাধাই বুজি নাপাই সুধিলে,
"মানে?"
"মানে মই ইলেকচনৰ কথা কৈছোঁ। পঢ়িবলৈ গৈছ পঢ়। কিহৰ আকৌ এইবোৰ ৰাজনীতি?"
"কিয়, মইতো পঢ়া ক্ষতি কৰি ৰাজনীতি কৰা নাই।"
"ৰাজনীতি দেখোন তই বেয়াই পাৱ, অলকেশক দেখোন...."
বৈকুণ্ঠৰ কথা শেষ নহওতেই ৰাধাই ক'লে,
"ৰাজনীতি বেয়া নাপাওঁ মই, মই দুৰ্নীতি বেয়া পাওঁ। আৰু তহঁতৰ সেই অলকেশে ৰাজনীতি কৰে নে দুৰ্নীতি কৰে সেয়া তয়ো জান ভালকৈ।"
বৈকুণ্ঠই অলপ পৰ ৰৈ পাতল সুৰত ক'লে,
"কিন্তু চাবি, ৰাজনীতিৰ নামত যাতে এই চৌধুৰী পৰিয়ালৰ নাম বদনামী নহয়। ৰাজনীতি এখন চক্ৰব্যেহু, ইয়াত সোমোৱা মানেই অভিমন্যুৰ দৰে অৱস্থা হ'ব।"
ৰাধাই গহীন হৈ ক'লে,
"চক্ৰব্যেহুত সোমাব লাগিলে অৰ্জুন হৈহে সোমাম। অভিমন্যু হৈ মৃত্যুৰ পাছত বীৰ আখ্যা পোৱাৰ বাসনা মোৰ নাই।"
কথাটো কৈ শেষৰ ভাত কেইটা খাই তাই উঠি গ'ল গপচত। তাই যোৱাৰ ফালে চাই হুমুনিয়াহ সৰালে কুন্তলাই। মনোহৰাই বিৰক্তিৰে মুখ ঘূৰালে। বৈকুণ্ঠই নিজক কোৱাৰ দৰেই ক'লে,
"ইমান অহংকাৰ!"
ধৰ্ম নাৰায়ণে হাঁহি এটা মাৰি ক'লে,
"কাৰণ তাই মোৰ নাতিনী।"
এই কথাষাৰতে যেন গোটেই আলোচনাটোৰেই অন্ত পৰিল। ইয়াৰ পাছত আৰু এই লৈ একো কথা নক'লে কোনেও।
হঠাৎ বাজি উঠিল সন্ধ্যাৰ ফোনটো। কিতাপখনৰ মাজত বুক মাৰ্কটো ভৰাই তাই ফোনটো চালে, হাঁহি এটা বিৰিঙি উঠিল মুখত। এটা নামেও কঢ়িয়াই আনে নে হাঁহি, এটা শব্দইও ভৰাই দিয়ে নে বুকু, এটা নামতে সামৰিব পাৰি নে পৃথিৱীৰ সমস্ত ভালপোৱা, ভৰসা! এৰা, সন্ধ্যাৰ বাবে সেই নামটো "অনুৰণ"; কেৱল অনুৰণ। ফোনটো ৰিচিভ কৰোঁতেই সিফালৰ পৰা অনুৰণৰ মাত,
"এবাৰ ফোনতো কৰিব পাৰা ৰুণ, মই বাহিৰে তালৈকে গ'লো হয়।"
অনুৰণৰ মাতত এই সুৰটো সন্ধ্যাৰ আটাইতকৈ প্রিয়। অলপ অভিমান আৰু অলপ মৰমৰ এটা ভাল লগা সংমিশ্ৰণ। সি যে অভিমানো কৰিব নাজানে, অভিমানৰ পৰা আৰম্ভ হৈ শেষত মৰমতে শেষ হৈ যায়। সন্ধ্যাই লাহেকৈ ক'লে,
"দিনটো ব্যস্ত থকাৰ পাছত আকৌ তোমাক মাতিম নেকি, একো নাই ৰেষ্ট লোৱা তুমি। মই আছোঁ ঠিকে।"
"হ'লেও আৰু! এতিয়া অন্তৰাই কওঁতেহে গম পাইছোঁ।"
"মায়ে একো কোৱা নাই?"
"নাই কোৱা। কিয়?"
"নাই, দিয়া শোৱা তুমি।"
"ফোনটো লাগি থাকক দিয়া।"
"হোষ্টেল পাইছা এয়া?"
অনুৰণে হাঁহি পেলালে। অলপ কথা পাতি ফোনটো থ'লে সি। সন্ধ্যাৰ মাতটোতেই যে কিবা এটা আছে, এই মাতটো লগত থাকিলে সি পৃথিৱীৰ কথা একো নাভাবে। আজি সন্ধ্যা নাই, সেয়ে সি সিহঁতৰ বিয়াৰ এলবামটোৱেই উলিয়াই ল'লে। এফালৰ পৰা চাই গ'ল তাৰ জীৱনৰ আটাইতকৈ ভাল লগা সময়খিনি।
বিচনাত পৰি আছে যদিও টোপনি অহা নাই অন্তৰাৰ। নাৰ্ছিংহোমৰ পৰা হৈ অহা সন্দেহটো ঘৰ আহি পোৱাৰ পাছত তাইৰ বেছি হৈছিল। মাকে তাইক দেখিয়েই সুধিছিল,
"তই আহিলি যে?"
"কিয়, মই আহিলে কি হয়?"
মাকে থতমত খাইছিল তাইৰ প্ৰশ্নত। ইয়াৰ পাছত তনয়াই সন্ধ্যাৰ গাউনটো পিন্ধা দেখিও তাইৰ কিবা ভাল লগা নাছিল। গেষ্টৰুমৰ ডাঙৰ বিচনাখনত মাক আৰু তনয়া শুইছে। আনখনত অন্তৰা। তাইৰ মনটো সন্ধ্যাৰ লগতহে আছেগৈ। কি মাটিৰে গঢ়া তাইৰ বৌয়েকজনী! কিমান বেছি সহ্য কৰিব পাৰে! নিজলৈ সতিনী বিচাৰি ফুৰা শাহুয়েকক কেনেকৈ সহজ ভাবে ল'ব পাৰে! সেইবাবে তাইক লৈ বেছি চিন্তা অন্তৰাৰ। কথাবোৰ ভাবি থাকোতেই শব্দ এটা শুনিলে অন্তৰাই। কিহৰ শব্দ বাৰু? উঠি যাব নেকি? আকৌ মাকে যদি সাৰ পায়! কিন্তু শব্দটো! শেষত অন্তৰাই টৰ্চটো মাৰি চালে। লগে লগে খঙত মূৰটো যেন উতলি উঠিল তাইৰ। কাৰণ, ডাঙৰ বিচনাখনত অকলে শুই আছে মাক। কাষত তনয়া নাই। তাৰ মানে ক'লৈ গৈছে তাই? কিমান সময়েই বা হ'ল যোৱা! খঙত বিচনা কাপোৰখন দলিয়াই উঠি আহিল তাই।
(আগলৈ)
Comments
Post a Comment