ৰাধা : ২১
#ৰাধা
Part 21
এই যে প্ৰিয়জন কাষত নথকাৰ সময়তো অনুভৱ কৰি থকা যায় তেওঁৰ উপস্থিতি; এয়ে নেকি ভালপোৱা! তেওঁৰ চকুযোৰ, তেওঁৰ মাতটো, হাঁহিটো, বতাহত তেওঁৰ সুবাস সকলোৱে যে ছবিৰ দৰে ভাঁহি ফুৰে ইয়াৰ নামেই চাগে প্ৰেম! এৰা, কোনে কয় প্ৰেম হ'বলৈ কাষত থাকিবই লাগে! আজি সন্ধ্যা ইয়াত নাই, তাৰ পিছতো চোন এই উদং ৰূমটোত নতুনকৈ সন্ধ্যাৰ প্ৰেমত পৰিছে অনুৰণ। আচলতে প্ৰেমত পৰা প্ৰতিজন মানুহেই ভৰুণ হৈ থাকে, উদং নহয় তেওঁলোক। সন্ধ্যা নাই বাবে বিয়াৰ ফটোবোৰ চাই আছিল অনুৰণে। লগতে মুখত ওলমি ৰৈছে হাঁহি এটা। এনেতে দুৱাৰত কোনোবাই নক কৰিলে,
"শোৱা নাই অনু দা?"
অনুৰণ কিছু আচৰিত হৈছিল এই সময়ত তনয়াক তাৰ কোঠাত দেখি। তথাপি মনৰ ভাবটো লুকুৱাই সি ক'লে,
"নাই নাই। আহা তনয়া।"
তনয়া গৈ বিচনাতে বহিল,
"কি চাই আছা?"
"আমাৰ বিয়াৰ ফটো। চোৱা না, কি মৰম লাগিছে সন্ধ্যাক।"
তনয়াই চালে, হয় সঁচাই অপৰূপ সন্ধ্যাৰ। কিন্তু এনেকৈ সন্ধ্যাৰ কথাত মচগুল হৈ থাকিলে তাইৰ উদ্দেশ্য চোন পূৰ নহ'বই। তাই অনুৰণৰ বাহুত হাত থৈ ক'লে,
"অনু দা, মনত আছে নে আমি যে সৰুতে খুব দৰা কইনাৰ খেল খেলিছিলোঁ। তুমি যে মোৰ দৰা হ'বলৈ খুব কান্দিছিলা।"
"এইখন চোৱা না, আমাৰ হোমৰ গুৰিৰ ফটো। হোমত বহি থাকোতে বুইছা তাইক এবাৰ ভৰিৰ তলুৱাত কুটকুটাই দিছিলোঁ। এনেকুৱা খঙেৰে চাইছিল নহয়, পাছত গালিও দিছিল।"
"অনু দা, আমি যে...."
"আৰু এইখন মোৰ ফেভৰেট। এইখন আচলতে অভিমন্যুয়ে তোলা। সন্ধ্যাৰ কাণে কাণে কিবা কৈ আছিলোঁ, তাই খঙত কৈছিল, নিলাজ নেকি তুমি চবেই চাই আছে।"
হুমুনিয়াহ এটা সৰি আহিল তনয়াৰ বুকুৰে। অলপ ৰৈ তাই ক'লে,
"অনু দা, খুব ভাল পোৱা ন বৌক।"
"মোৰ কাৰণে মোৰ চব হয় সন্ধ্যা।"
"বৌ যদি কেতিয়াবা নোহোৱা হৈ যায়?"
অনুৰণে শব্দ কৰি হাঁহি পেলালে,
"তাৰ আগতেই উশাহ ৰৈ যাব মোৰ।"
তনয়াই অনুৰণলৈ চালে। তাৰ দৃষ্টি এতিয়াও ফটোত থকা সন্ধ্যাতেই আবদ্ধ। তনয়াই লাহেকৈ ক'লে,
"জেঠায়ে যে তোমাৰ আকৌ বিয়াৰ কথা কয়, তুমি কি ভাবা অনু দা?"
"সন্ধ্যাৰ বাহিৰে আন কোনো নহয় তনয়া। কোনোৱেই নহয়, কাৰো বাবেই নহয়। তাৰ কাৰণে মই যা তা কৰি পেলাব পাৰিম।"
পিছলৈ অনুৰণৰ মাতটো কঠোৰ হৈ ওলাল। তনয়াৰ বুকুখন যেন গধুৰ হৈ আহিল। ইমান ভালপোৱা, ইমান বিশ্বাস, ইমান সমৰ্পণ! বাস্তৱ জীৱনতো থাকে নে এনে প্ৰেম! তনয়াৰ হাঁহি উঠিল নিজলৈ, হাঁহি উঠিল অনুৰণৰ মাকলৈ। তেওঁ বুজিয়েই পোৱা নাই তেওঁ কাক বেলেগ কৰিব খুজিছে! "মই গৈ থাকোঁ দিয়া" বুলি তনয়া ওলাই আহিল অনুৰণৰ ৰুমৰ পৰা। অনুৰণ সন্ধ্যাৰ ফটোতেই মচগুল।
অনুৰণৰ ৰুমৰ পৰা তনয়া ওলাই আহি সমুখৰ ৰূমটো পালেহি। এইটো পাৰ হৈহে সিহঁত শোৱা ৰূমটো। এইটো ৰুম পাওঁতেই হঠাৎ তাইক অন্তৰাই আগছি ধৰিলে। সন্ধ্যা অহা নাই বাবে ইয়াত লাইট জ্বলি আছিল বুলিহে, নহ'লে খুন্দাই খালেহেঁতেন। আগছি ধৰিয়েই তাইক জেৰা কৰিলে অন্তৰাই,
"ক'লৈ গৈছিলা ইমান ৰাতি?"
তনয়াই জানে, এই সময়ত অন্তৰাক সঁচা কথা ক'লে তাই কি কৰিব। ভয়ে ভয়ে তনয়াই ক'লে,
"মা মানে.. বাথৰুমলৈ।"
"কাক মূৰ্খ বুলি ভাবিছা। আমি শোৱা ৰূমটোত এটাছ বাথৰুম আছিল। কোৱা, ক'লৈ গৈছিলা?"
"অ... অনুদাৰ ৰুমলৈ।"
"ইউ বিটছ", প্ৰচণ্ড খঙত ক'লে অন্তৰাই। তনয়াই শান্ত হৈ ক'লে,
"তোমাৰ এই ব্যৱহাৰৰ কাৰণ মই বুজোঁ অন্তৰা। কিন্তু চিন্তা নকৰিবা। তোমাৰ দাদা বৌৰ ওপৰত স্বয়ং ৰাধাকৃষ্ণৰ আশীৰ্বাদ আছে। পৃথিৱীৰ কোনো শক্তিয়ে তেওঁলোকক বেলেগ কৰিব নোৱাৰে।"
এইবাৰ আচৰিত হ'ল অন্তৰা। তনয়াই কৈছে নে এইবোৰ! তনয়াৰ চকুত বিৰিঙি উঠিছে পানী। তাই পুনৰ ক'লে,
"মাত্ৰ তোমাৰ মায়েৰাক বুজাবা অন্তৰা। তেওঁ সন্ধ্যা অনুৰণক বেলেগ কৰিবতো নোৱাৰে। কিন্তু নিজেইহে কষ্ট পাব। সন্ধ্যাক তোমালোকে ভাগ্যৰ বলত পাইছা।"
কথাটো কৈ শোৱা ৰুমলৈ সোমাই গ'ল তনয়া। আচৰিত হৈ ৰৈ গৈছিল অন্তৰা। অনুৰণে কৈছিল, কোনোৱে সন্ধ্যাক বেয়া পাব নোৱাৰে, বেয়া কৰিবও নোৱাৰে। সন্ধ্যাৰ সেই উৰ্যা যেন আজি অন্তৰাইও দেখিলে। এবাৰ তাই অনুৰণৰ ৰুমলৈ গ'ল। দুৱাৰৰ মুখৰ পৰাই দেখিলে। লাইট জ্বলায়েই টোপনি গৈছে অনুৰণ। বিচনাত মেল খাই আছে সন্ধ্যা অনুৰণৰ বিয়াৰ ফটোবোৰ। কিমান বিলীন হ'ব পাৰে ভালপোৱাৰ মাজত তাইৰ দাদাক আৰু বৌয়েক। হাঁহি উঠিল তাইৰ নিজৰ ওপৰত, তাই সিহঁতৰ ভালপোৱাক সুৰক্ষা দিবলৈ আহিছিল। আচলতে প্ৰেম যেতিয়া সঁচা হয় ন, সি নিজেই নিজৰ সুৰক্ষা কৱচ হৈ পৰে। হাঁহি মাৰি অন্তৰা নিজৰ ৰুমলৈ গ'ল।
অলপ সময় নাৰ্ছিংহোমৰ বাৰাণ্ডাখনতে খোজকাঢ়িলে সন্ধ্যাই। মাজতে এজনী নাৰ্ছ আহি তাইৰ লগত ফটো এখনো উঠিলেহি। সন্ধ্যাৰ ভাল লাগে। সাহিত্যৰ জগতখনে দিয়া এই পৰিচয়টোলৈ তাইৰ আজিকালি কিবা এটা মোহ জাগে। অলপ সময় তাতে ৰৈ পুনৰ আয়েশা থকা কোঠাটোলৈ উভতি আহি "ৰাধা"খন মেলি ল'লে তাই। আজি ৰাতিটো টোপনি নাহে, গতিকে এইখনেই পঢ়িব তাই। সন্ধ্যাই বুজিছে যিমানেই কিতাপখন পঢ়ি গৈছে ৰাধা চৰিত্ৰটো যেন তাই নিজৰ আত্মাত ধাৰণ কৰিছে। আজি শাহুয়েকক সেইদৰে কৈ যে ওলাই আহিল, সেয়াও যেন ৰাধাৰেই প্ৰভাৱ। কিতাপখন মেলি এবাৰ পাতটো নাকৰ ওচৰলৈ নি গোন্ধটো যিমান পাৰি উজাই ল'লে তাই। নতুন কিতাপৰ গোন্ধ খুব প্রিয় সন্ধ্যাৰ। তাৰ পাছতে লাহে লাহে তাই সোমাই গ'ল সেই মায়ালগা গোবিন্দপুৰৰ কাহিনীৰ মাজলৈ।
পথাৰত গৰু লৰাবলৈ যোৱা এটা দুপৰীয়া। ভাত পানী খাই সকলো ভাত ঘুমটি মাৰিবলৈ বিচনাত পৰিছে। ৰাধাও সোনকালে আহিল কলেজৰ পৰা। ইলেকচন বুলিয়েই ক্লাছ তেনেকৈ নহয়েই। এই কেইদিন সদায় তাইৰ অহা পলম। কেতিয়াবা সন্ধিয়াও হয়, বৈকুণ্ঠই গালি পাৰে। এইক্ষেত্ৰত গালি পাৰিলে তাই পিছে একো নকয়। গালিৰ আঁৰৰ চিন্তাখিনি তাই বুজি পায়। কিন্তু কি কৰিব, ইমান যে কাম! নমিনেচন দিবলৈ বেছি দিন নাই। সেয়ে সদায় মিটিং, ইটো সিটো থাকেই। তাতে আকৌ সেই ৰিতুলৰ লগত বায়েকৰ ওচৰলৈও যাব লাগে মাজে মাজে। এদিন সিহঁতৰ ক্লাছৰ গীতালিয়ে সুধিছিল,
"ৰিতুলৰ লগত সদায় সদায় ক'লৈ যাৱ অ' তই।"
"তোক কিয় লাগে" বুলি ৰাধাই যিটোহে চাৱনি দিলে, গীতালিয়ে দুনাই কিবা ক'বৰ সাহস নকৰিলে। এইবোৰতে লাগি ঘৰ আহি পাওঁতে সময় লাগে। কেইবাদিনো সাদৰীয়ে ভাত পেলাবলগীয়াও হৈছে। উপায় নাই। আজি পিছে সোনকালে আহিল অলপ। মিটিং ৰাতিপুৱাই হ'ল। ক্লাছ এটাও নহ'ল বাবে তাই ৰৈ নাথাকিল। ভাত খাই বিচনাত পৰি ইলেকচনৰ কথাই ভাবি আছিল কিবাকিবি। এনেতে হঠাৎ বাহিৰত জীপ এখন ৰোৱাৰ শব্দ। ৰাধাৰ কোঠাটো স্নেহালয়ৰ আগফালে বাবে তাইৰ কোঠাটোৰ পৰা বহল চোতালখনৰ সিফালৰ ৰাস্তাৰ শব্দও শুনা পায়। জীপখন অহাত বিশেষ ভাবিব লগা নাছিল। এনেও ধৰ্ম নাৰায়ণক লগ পাবলৈ বিভিন্ন মানুহ গাড়ী লৈ লৈ আহিয়েই থাকে। কিন্তু ৰাধা চিন্তাত পৰিল, যেতিয়া গাড়ীৰ পৰা নামি অহা বুট জোতাৰ শব্দ শুনিলে। এই শব্দটো বৰ ভয় লগা, বৰ কালিকা লগা। এই শব্দটোৱেই এদিন নোহোৱা কৰি পেলাইছিল চুবুৰীৰে মালতী পেহীৰ শিৰৰ সেন্দূৰকণ। ৰাধা স্কুলত থাকোতেই, খিৰিকীৰ পৰ্দাৰ ফাঁকেৰে দেখা, পেহাদেউক চোঁচৰাই লৈ যোৱাৰ ছবিখন আজিও দেখ নেদেখকৈ ভাঁহি আহে মনত। কিন্তু হঠাৎ স্নেহালয়ত এওঁলোক কিয়! কেনেবাকৈ সৰু দাৰ কথাবোৰ!! নাই নাই, হে ঈশ্বৰ নহওক এনেকুৱা। ৰাধা একেকোবে নামি আহিল বিচনাৰ পৰা। আগফালে ওলাই গ'ল তাই। জামুৰঙী পোছাক পিন্ধা মানুহবোৰে ভৰি আছে চোতালখন। বহুত বেছিও নাই বাৰু, তেনেই চাৰি নে পাঁচজন। ৰাধাই সমুখলৈ গৈ সুধিলে,
"কাক বিচাৰিছে?"
"চৌধুৰী জী হে ক্যা?"
এওঁলোকৰ লগত ৰাধাই কোনোদিন হিন্দীত কথা পাতি পোৱা নাই। স্নেহালয়ৰ পৰা কাষৰীয়া গাঁও পাৰ হ'লেই এওঁলোকৰ কেম্প। কেতিয়াবা লগ পোৱা যায়, দুই এজনে গাওঁবুঢ়াৰ নাতিনী বুলি মাত লগাই, কিন্ত্ত বুজি পাওঁ বা নাপাওক ৰাধাই অসমীয়াতে উত্তৰ দিয়ে। পুৰণা দিনৰ কথাবোৰ পাৰ হ'ল। এতিয়া মানুহবোৰ নতুন হ'ল। এই নতুন মানুহখিনিয়ে আজিলৈ গোবিন্দপুৰৰ কাৰো একো ক্ষতি কৰা নাই। বৰঞ্চ কেতিয়াবা বৰ নামঘৰৰ ভাগৱত পাঠত আহি সেৱাও কৰি যায়হি। কিন্তু কিয় জানো, ৰাধাই এই জামুৰঙী পোছাক পিন্ধা মানুহখিনিক সহজ ভাবে ল'ব নোৱাৰিলে। আৰ্মী বা মিলিটেৰী বুলি যি এক ছবি সৰুতেই সোমাল, সেয়া যেন এতিয়াও মচ নাখালে।
"ৰাধা, ভিতৰলৈ যা।"
ধৰ্ম নাৰায়ণ, বৈকুণ্ঠৰ লগতে মনোহৰা আৰু কুন্তলাও ওলাই আহিল। হয়তো মিলিটেৰী অহাৰ কথা পোনাৰামে বৰঘৰত খবৰ দিছিল গৈ। ৰাধা আঁতৰি আহি কুন্তলাহঁতৰ কাষতে ৰ'ল। মানুহখিনিৰ মাজৰ পৰা এজন অসমীয়া জনা লোক আগুৱাই আহি ধৰ্ম নাৰায়ণক ক'লে,
"আমি খবৰ পাইছোঁ আপোনালোকৰ ঘৰৰ কোনোবা মানুহ সংগঠনৰ সৈতে জড়িত হৈ আছে। তেওঁলোকৰ সৈতে কথাও পাতিছে। সেয়ে আমি এবাৰ খবৰ কৰি যাওঁ বুলি আহিলোঁ। আমি জানো গোটেই অঞ্চলটোতেই আপোনালোকৰ ঘৰখনৰ এটা সুনাম আছে। সেয়ে আমি কথাবোৰ বহলাব খোজা নাই। মাত্ৰ এবাৰ ওপৰে ওপৰে হ'লেও তালাচী লওঁ ভাবিছোঁ।"
ৰাধাৰ বুকুখন কঁপি উঠিল মিলিটেৰীজনৰ প্ৰতিটো শব্দত। তাৰমানে তাই ভবাটোৱেই, সৰু দাৰ কথাবোৰ ওলাইছে মানে! উফ, কি কৰা যায়! কেনেবাকৈ যদি তালাচী চলাই চিঠিখন পাই তেন্তে যে সৰু দাক কোনেও নোৱাৰে বচাব। ৰাধাই নিজেই দেখিছে, প্ৰমাণ নোহোৱাকৈয়ে সিহঁতে কি গতি কৰে মানুহক। গতিকে প্ৰমাণ পোৱাৰ পাছততো চাগে শেষ কৰি পেলাব। ইতিমধ্যে ধৰ্ম নাৰায়ণে কথা পাতিছে। তেওঁ কোনোপধ্যেই মানি নলয় যে চৌধুৰী পৰিয়ালৰ কোনোবা মানুহে সেই বাট ল'বলৈ আগবাঢ়িছে। লাহে লাহে মাতটো ডাঙৰ হৈ গৈ আছে তেওঁৰ। এইফালে ৰাধাৰ অৱস্থা কাঢ়িল। এই সময়ত ভিতৰলৈ গুচি গ'লেও তেওঁলোকৰ সন্দেহ হ'ব। কিন্তু নগ'লেও যে সৰু দা ফচিব। ইয়াৰ মাজতে বৈকুণ্ঠই ধৰ্ম নাৰায়ণক ক'লে,
"দেউতা, হ'ব দিয়ক। তেওঁলোকে বিচাৰিছে যেতিয়া এবাৰ ক'ত কি চাই চাবলৈ দিয়ক। কোনো বস্তু ইফাল সিফাল নকৰাকৈ শান্তিৰে চাই যদি চাওক। কাৰণ তেওঁলোকৰ ওপৰতো আদেশ আছে, সেয়েহে আহিছে। এবাৰ চাই যাওক তেতিয়া তেওঁলোকৰ সন্দেহো মাৰ যাব।"
পুতেকৰ বুজনি মানি ল'লে ধৰ্ম নাৰায়ণে। ৰাধাৰ মূৰটো যেন আচন্দ্ৰই কৰিছে। আৰু অলপ সময়ৰ পাছতেই যে ভয়ানক ঘটনা এটা ঘটিব। কি কৰে তাই, কেনেকৈ বচাই সৰু খুড়াকক! মিলিটেৰী মানুহজন ঠিক স্নেহালয়ৰ পদূলি পাৰ হৈছিলহে, তেনেকুৱাতে গোটেই স্নেহালয়ৰ চৌহদ কঁপাই এটা প্ৰকাণ্ড গর্জন,
"ঐ, ক'ত সোমাবলৈ আহিছ? তাতেই ৰৈ যা!"
এইটো গর্জনত চৌধুৰীহঁতহে নালাগে, মিলিটেৰী কেইজনো কঁপি উঠিল। এনেতে ভিতৰৰ পৰা হাতত এখন নগা দা লৈ ওলাই আহিল ভানুমতী। কি ৰাধা, কি ধৰ্ম নাৰায়ণ, কি মনোহৰা, কি বৈকুণ্ঠ, সকলো থৰ লাগিল, আশীৰ উৰ্ধৰ ভানুমতীৰ এই ভয়ংকৰ ৰূপ দেখি। দা জোকাৰি জোকাৰি ক'লে তেওঁ,
"সেই তাহানিতে দিয়া বুকুৰ জুইকুৰা পাহৰি পেলোৱা নাই। আজিও কি আজুৰি নিবলৈ আহিছ কুকুৰহঁত?"
ধৰ্ম নাৰায়ণ দৌৰি গ'ল মাকৰ ওচৰলৈ,
"আই, আই শান্ত হওকচোন। তেওঁলোক শত্ৰু হৈ অহা নাই নহয়। কিবা এটা চাবলৈ..."
ভানুমতীয়ে কথাটো সম্পূৰ্ণ কৰিবলৈ নিদিয়াকৈ ক'লে,
"কি চাবলৈ আহিছে সিহঁত? কি দেখিবলৈ আহিছে? মই জীয়াই আছো নে চাবলৈ আহিছে? নে আৰু কিবা কাঢ়িবলৈ থাকি গ'ল? এইখন, এইখন দা ৰে দুছেও কৰি পেলাম। এটা এটা দেহ লখিমীত উটুৱাম কৈ থ'লো। ওলাই যা, ওলাই যা এতিয়াই। চৌধুৰী পৰিয়ালৰ তেজ ইমান ভয়াতুৰ নহয় যে হাবিলৈ গৈ তহঁতৰ লগত যুঁজ দিব! সমুখৰ পৰা যুঁজিম।"
একেৰাহে কথাবোৰ কৈ ফোঁপাবলৈ লাগিল ভানুমতী। সুযোগ পাই ৰাধা দৌৰি মিলিটেৰীজনৰ ওচৰ পালেগৈ,
"আপোনালোকে দেখিছে নে নাই বাৰু? আই ঢলি পৰিব এতিয়া। যাওক গৈ চোন। এইবোৰ কথা আপোনালোকক মিছাকৈ লগাইছে কোনোবাই।"
কিবা এটা বুজি পাই মিলিটেৰী কেইজন তাত আৰু নৰ'ল। কোবাকুবিকৈ গৈ জীপত উঠি ধূলি উৰুৱাই গুচি গ'ল। ৰাধাই যেন স্বস্তিৰ নিঃশ্বাস এৰিলে। এইফালে ভানুমতীয়ে ফোঁপাই ফোঁপাই ক'লে,
"ধৰ্ম, মই জীয়াই থকালৈকে এই নৰাধমহঁতক ইয়াত সোমাবলৈ নিদিবি। মই মৰাৰ পাছত কি কৰ কৰি থাকিবি।"
সকলোৱে হয়ভৰ দি ধৰি ধৰি তেওঁক কোঠাত শুৱাই দিলেগৈ। বিচনাত পৰিল যদিও তেওঁ উচুপি থাকিল। ৰাধা আহি মূৰত হাত ফুৰাই দিলে,
"আই, এই বয়সত বাৰু দা লৈ কাজিয়া কৰাৰ সময় নে? অলপ নিজলৈ চাব নালাগে জানো কওকচোন।"
ভানুমতীয়ে উচুপি উচুপি ক'লে,
"সিহঁতবোৰে মোৰ বুকুত যি কুৰা জুই দি থৈছে, মই কেনেকৈ পাহৰিম?"
"কি জুই আই?"
"ধৰ্মৰ তলতে মোৰ আৰু দুটা ল'ৰা আছিল অ' মোৰ। ধৰ্মতকৈ বহুত সৰু। সৰুটোৱে বিয়া পতাই নাছিল। ডাঙৰটোৱে পাতিছিলহে। কিবা সন্দেহত এদিন ৰাতি ধৰি নি...."
লগে লগেই হুকহুকাই কান্দি উঠিল ভানুমতীয়ে। ৰাধা নিশ্চুপ হৈ ৰ'ল। স্নেহালয়ৰ এই ইতিহাসতো তাই আজিলৈকে জনা নাছিল। অলপ পিছত পুনৰ ক'লে ভানুমতীয়ে,
"চুচৰি গৈ ভৰিত ধৰিছিলোঁ। সিহঁতক এৰি দিয়ক বুলি। মোৰ বুকুত গুৰিয়াই সিহঁতে... বুইছ, ডাঙৰটোৰ দেহটো এদিন লখিমীতে পালোঁ। কিন্তু সৰু পোনা ক'লৈ গ'ল আজিলৈকে নোলাল অ' ৰাধা..."
কথাখিনি কৈ কৈ কান্দোনত ঢলি পৰিল পুনৰ ভানুমতী। ৰাধাৰ চকুৰেও বৈ আহিল পানী। অতবোৰ দুখ বুকুত লৈ আছিল ভানুমতীয়ে। উফফ! স্নেহালয়ৰ বৰখুঁটাৰ মাজত অত যে ৰহস্য। লাহে লাহে ৰাধাই মূৰত হাত ফুৰাই দিলে ভানুমতীৰ। লাহে লাহে মুখেৰে কিবাকিবি বিৰবিৰাই ভানুমতী টোপনি গ'ল। ৰাধাই ঠিৰাং কৰিলে, চৌধুৰীৰ পৰিয়ালক আকৌ এটা আঘাত পাবলৈ দিব নোৱাৰি। কেতিয়াও নোৱাৰি, সৰু দাক বুজাব তাই। তাৰ মন সেইফালে যাবলৈ নিদিয়ে তাই। কেতিয়াও নিদিয়ে।
"মই যদি কিবা কওঁ সকলোৱে মোকহে দুষিব, বোলে সতীয়া পো বুলি বেয়া ভাবে। কিন্তু আগতেই কৈছিলোঁ, নলাৰ পানী গঙ্গাজল হ'বগৈ নোৱাৰে। যিমানেই আঁকোৱালি লওক, তেজ যেনেকুৱা তেনেকুৱাই হ'ব। আগতেই বাৰে বাৰে ক'লো, বোলো ভাৰ ভেঁটি কি লাগে দি নিলগাই থাকিবলৈ দিয়ক। কিন্তু নাই, বুকুতে সামৰি থ'ব। বুকুত থাকোতে দিলে নে কামোৰটো? সেই বিজতৰীয়া জাক সোমাল আজি চোতালত। অশুচি হ'ল গোটেইখন।"
চোতালখন গোবৰ পানীৰে তেজাক মচিবলৈ দি মুখেৰে ভোৰভোৰাই আছে মনোহৰাই। সমুখৰ কোঠাত আৰামী চকীত বহি মূৰটো আওজাই চকু মুদি কিবাকিবি ভাবি আছে ধৰ্ম নাৰায়ণে। নিজৰ কোঠাৰ পৰাই আইতাকৰ মাত শুনি আছে ৰাধাই। ককাকে একো কোৱা নাই আজি। হয়তো আজু আইতাকৰ দৰেই তেওঁৰো মনত পৰিছে পুৰণি কথাবোৰ। ৰাধাই জানে, আইতাক মনোহৰাৰ বাবে এয়া সুবৰ্ণ সুযোগ। যিটো তেওঁ কেতিয়াও এৰি নিদিয়ে। কিন্তু আজি যে ৰক্ষা কৰিবলৈ ধৰ্ম নাৰায়ণৰো যুক্তি নাই। কিয়? মনোহৰাৰ কথাই বাৰু কিহৰ ইংগিত দিছে? এৰা, স্নেহালয়ৰ দেৱালে দেৱালে ৰহস্য! ইয়াৰ ভেদ উলিওৱা টান। ৰাধা লাহে লাহে সৰুকণৰ কোঠা পালেগৈ। হাতৰ টিপতে আছে আখলৰ পৰা লৈ যোৱা মেছটো। তাই লৰালৰিকৈ চিঠিখন বিচাৰিলে। যেনেকৈ নহওক সেইখন আৰু ইয়াত থাকিবলৈ দিব নোৱাৰি। নহ'লে কোনোবাদিনা অঘটন ঘটিব।
"ৰাধা, পাগল হৈছ নেকি তই?"
ৰাধাৰ হাতত জ্বলি আছে বিশেষ চিঠিখন। হঠাৎ কোঠালৈ সোমাই আহি সৰুকণে চিঞৰিলে। ৰাধাৰ হাতৰ পৰা চিঠিখন কাঢ়ি ল'লে সি। আধা জ্বলি শেষ যদিও বাকীখিনি যেনেতেনে জুই নুমুৱালে। ৰাধাই দৌৰি গৈ দুৱাৰখন জপাই দিলে আৰু সৰুকণক ক'লে,
"পাগল তই হে হৈছ সৰু দা। জান নে আজি কি হৈছিল?"
"জানো, সেই কাৰণেই আহিছোঁ। কোনে যে কথাবোৰ উলিয়াইছে।"
"যিয়েই নুলিয়াওঁক। তই এইবোৰ চিন্তা মূৰৰ পৰা এৰি পেলা। কেই বছৰ হৈছে, সিহঁতে সেই কণ কণ ল'ৰা ছোৱালী কেইটা বোমাৰে মাৰি পেলোৱা।"
"নজনাকৈ কথা নক'বি। সেয়া সিহঁতৰ কাম নহয়, নেতৃত্বই গম নোপোৱাকৈ ৰজাঘৰে পঠোৱা এচাম চোৰাংচোৱাৰ কাম।"
"স্বাধীন অসমৰ কথা কোৱা মানুহে নিজৰ মাজৰে কোনোবাই এনে ভয়ানক কাম কৰি পেলালে আৰু গম নাপায়! হাঁহি উঠে সৰু দা।"
"সেয়াই, তহঁতৰ দৰে সাধাৰণ মানুহবোৰক এনেকৈয়ে আচলতে...."
"মই সেইবোৰ নাজানো, মোৰ জীৱনৰ পৰা দেউতাক কাঢ়ি নিয়া সেই মানুহবোৰক মই সহজভাৱে ল'ব নোৱাৰো। দেউতাই তেওঁলোকক সমালোচনা কৰি লিখি আছিল। তাৰ বাবেইতো...."
ৰাধাৰ কথাৰ মাজতে চিঞৰি উঠিল সৰুকণে,
"সেইটোৱেইতো ক'বলৈ খুজি আছোঁ তোক। ডাঙৰ ককাইদেউক হত্যা কৰাত এওঁলোকৰ হাত নাই ৰাধা।"
ৰাধা কিছু সময় থমকি ৰ'ল। সৰুকণে পুনৰ ক'লে,
"চিঠিখনত স্পষ্টকৈ লিখা আছে, আপোনালোকে বিশ্বাস কৰক বা নকৰক কিন্তু ভাগৱত চৌধুৰীৰ হত্যাকাণ্ডত সংগঠন জড়িত নহয়। ভাগৱত চৌধুৰীয়ে আমাক সমালোচনা কৰিছিল, কাৰণ আমি কিছু ভুল কৰিছিলোঁ। কিন্তু আদিৰে পৰা তেখেতে আমাক প্ৰশংসায়েই কৰিছিল। সংগঠনটো গঠন হ'ব লগা পৰিস্থিতিৰ বিষয়ে সাধাৰণ ৰাইজক তেওঁৱেই বুজাইছিল। তেন্তে আমি কিয় তেওঁক হত্যা কৰিম। ইয়াৰ আঁৰত আন এক ৰহস্য আছে।"
ৰাধা বিচনাত বহি পৰিল। ইমানদিনে শুনি অহা ভাবি অহা কথাবোৰ ভুল নেকি! মিছা নেকি! গোটেই পৃথিৱীখনেই যেন আজি তাইৰ চকুত সাঁথৰ এটা হৈ ধৰা দিছে। সৰুকণে তাইৰ বাহুত হাত থৈ ক'লে,
"কথাবোৰ তই মই ভবাতকৈ বহু বেলেগ ৰাধা। কিন্তু সময় আহিছে, এতিয়া এই কথাবোৰৰ ওপৰৰ উৰণি গুচাবৰ হ'ল। ভাগৱত চৌধুৰীক কেৱল সাংবাদিক বাবেই হত্যা কৰা হ'ল নে? এই কথাবোৰ আকৌ ভাবিবৰ হ'ল।"
ঠৰঙা হৈ বহি থাকিল ৰাধা। কাষত সৰুকণ। কোঠাটোৰ মজিয়াত পৰি ৰৈছে আধাজ্বলা চিঠিখন। খিৰিকীৰে অহা পাতলীয়া বতাহত চেদেলি ভেদেলি হৈ উৰিছে ছাঁইবোৰ।
কলেজত এই কেইদিন নিৰ্বাচনৰ ভৰপক। চাৰিওফালে একদম যুদ্ধংদেহি পৰিৱেশ। ৰাধাই যে ইলেকচন খেলিব, সেইটো বৰ্তমান সকলোৱে জানি গৈছে। প্রতিটো দিপাৰ্টমেণ্টত এই লৈ চৰ্চা। কাৰণ আজিলৈকে কোনো ছোৱালীয়ে সাধাৰণ সম্পাদকৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱা নাই। কিছু কিছুৱে কয়,
"কাম নাই আৰু, খেলিবলৈ মন আছে যদি লিটাৰেৰী চেক্ৰেটাৰী নহ'লে কালচাৰেল খেলিলেই হয় চোন। একেবাৰে জি এছ হে খেলে। যিমান হ'লেও ছোৱালী মানুহ ভাই।"
আন কিছুৱে আকৌ কয়,
"ভালেই কৰিছে, ছোৱালীয়ে জি এছ খেলিব নোৱাৰিব বুলি ক'ত লিখা আছে! ছোৱালী মানুহ চোন দেশৰ প্ৰধানমন্ত্ৰীও হৈছিল, ৰাধাই সৰু কলেজ এখনৰ জি এছ হে খেলিব।"
ৰাধা জিকিব নে নাই সেই লৈও বহু চৰ্চা। কিছুমানৰ মতে,
"এনেও জিকিব, ঘৰখন কাৰ আকৌ। চৌধুৰী বংশৰ কথা কোনে নাজানে। অসম আন্দোলনৰ কত কাহিনী তেওঁলোকৰ ঘৰতে চলি আছিল। এতিয়া দিছপুৰত থকা বহু কেইজন হেনো এসময়ত তেওঁলোকৰ ঘৰৰে মজিয়াত ভাত খাই অহা।"
কিছুমানে আকৌ কয়,
"থ হেৰৌ, লাও যিমান ডাঙৰ হ'লেও পাতৰ তলতহে। তিৰোতা এজনীনো ইলেকচনত উঠিল বুলিয়েই জিকিব পাৰে নে?"
মুঠতে নানা কথা নানা মত। ৰাধাই শুনিছে, বুজিছে আৰু উপেক্ষা কৰিছে। অন্ততঃ নিৰ্বাচনটো পাৰ নোহোৱালৈকে তাই এইবোৰত মাত নিদিয়ে বুলি চিনিয়ৰ বাহঁতক কথা দিছে। তাৰ মাজতে ভাল লগা কথা এইটো যে ৰিতুলৰ বায়েক হেনো লাহে লাহে সুস্থ হৈছে। তাই দৈনিক তাক সেইকণ সময় দি আহিছেই, কিন্তু সি কৈছে এই কেইদিনতে বায়েক একেবাৰে ভাল হৈ যাব।
সেইদিনা ইলেকচনৰ কথা পাতিয়েই গৰিমা, সপোন, ৰঞ্জনৰ সৈতে ৰাধা কেণ্টিনত বহি চাহ খাই আছিল। চাহৰ পইচাটো দিবলৈ উঠি যাওঁতে হঠাৎ দেখিলে শৰৎ সেইখিনিতে বহি আছে। তাই পইচা দিবলৈ উঠি যাওঁতে সিও তাইৰ ওচৰ পালেগৈ। কলেজত সিহঁতে ইচ্ছা কৰিয়েই ইটোৱে সিটোৰ পৰা আঁতৰি থাকে। আজি নিজেই আগুৱাই অহাত ৰাধা আচৰিত হ'ল। তাইৰ ওচৰ পাই সৰুকৈ শৰতে ক'লে,
"ক্লাছ কেইটাত শেষ?"
"তিনি টাত। কিয়?"
"তাৰ পাছত কিবা কাম আছে?"
"আজি নাই আৰু, আগবেলাতে শেষ। কিয় কওকচোন।"
"ছুটীত ঘৰলৈ যাওঁতে লখিমীৰ পাৰলৈ আহিবা চোন। মই ৰৈ থাকিম।"
ৰাধাৰ বুকুত আকৌ সেই ধুম ধুম শব্দটো। এই মানুহজন যেতিয়াই আহে লাজ, ভয় আৰু সংকোচৰ যেন কিবা বেলেগ অনুভৱ এটা কঢ়িয়াই আনে। ৰাধাৰ নিজকে অচিনাকি লাগে। সৰুকৈ তাই সুধিলে,
"কিন্তু কিয়?"
"আহিবা চোন, কিবা এটা দেখুৱাম।"
কথাটো কৈয়ে আঁতৰি গ'ল শৰৎ। কোনেও সিহঁতৰ কথা নুশুনিলে, নাজানিলে। ৰাধা আহি আকৌ ব্যস্ত হ'ল কথাত। মাজে মাজে সলাজ হাঁহি এডোখৰ তাইৰ ওঁঠৰ কোণ এটাত ওলমি থাকিল কোনেও নেদেখাকৈ। উফ.. এই আনে নেদেখাকৈ চলি থকা কাহিনী এটাৰ চৰিত্ৰ হোৱাটোতো এটা নিচা আছে! আনে নজনাকৈ বুকুখন জুৰাই থকা অনুভৱ এটা কঢ়িয়াই ফুৰাটো কিবা এটা ৰাগি আছে! এটা বেলেগ ৰাগি আছে!
চাইকেলখন লৈ আহি থাকোঁতে যিমানেই গোবিন্দপুৰৰ ওচৰ পাইছেহি বুকুখনৰ কঁপনিটো বাঢ়ি আহিছে ৰাধাৰ। ইহঁত কেইটাক যে কি কি ফাঁকি দিব লগা হৈছে নহয়। এটাক কৈছে, টাউনত কিবা কিনিব লগা আছে। এটাক কৈছে, গা বেয়া লাগিছে সোনকালে যাওঁ। ধেই, এই প্ৰেমে মানুহক মিছলীয়া কৰি দিয়ে নেকি বাৰু? প্ৰেম? ছিঃ ছিঃ, কি ভাবিছে বাৰু ৰাধাই। তাই আৰু প্ৰেম? ধুৰ! হাঁহি উঠা কথা। তাইৰ নিচিনা গুণ্ডা খঙাল এজনীৰ নো প্ৰেম হ'ব পাৰে নে! আৰু তাইৰ হ'লেই যেনিবা সমুখৰ জনৰ জানো হ'ব! ল'ৰাবোৰে এনেও খুব শান্ত, কথা শুনা মৰম লগা ছোৱালীহে বিচাৰে। ইয়াৰ এটা গুণো ৰাধাৰ নাই। মাজে মাজেতো গাঁৱৰে সেউতীহঁতৰ শাহুয়েকে কয়েই, "নেজানো আৰু কুন্তলাই এই ছটা ল'ৰাই তুলিলি নে ছোৱালীয়েই তুলিলি! হেৰৌ দেখিবলৈ অকণ লাৱনি বুলিহে, নহ'লে জীয়েৰক ঘৰতে খোৱাব লাগিলহেঁতেন উৰে জীৱন।" ৰাধাৰ খং উঠে যদিও তাই জানে, তাইৰ মাজত ল'ৰাই বিচৰা প্ৰেমিকাৰ গুণ নাই। আহি আহি গোবিন্দপুৰৰ চাৰিআলিটো পালেহি তাই। গাঁৱৰ ফালে নগৈ লখিমীৰ ঘাটৰ ফালে চাইকেল ঘূৰালে আৰু গৈ গৈ পথাৰৰ আলিয়েদি লখিমীৰ পাৰ ওলাল গৈ। চাইকেলখন ৰাখিয়েই ঘাটলে চালে তাই। শৰৎ ৰৈ আছে। কিন্তু এয়া কি! এইখন কাৰ! ওচৰলৈ আগবাঢ়ি গ'ল তাই। শৰতৰ কাষতে এখন য়ামাহা বাইক। ৰাধাই এদিন ইংৰাজী দিপাৰ্টমেণ্টৰ মুৰব্বী দীপাংকৰৰ ছাৰৰ ভায়েকে এনেকুৱা এখন অনা দেখিছিল। দেখিয়ে ভাল লাগিছিল। আজি পিছে শৰতে আনিলে যে! ৰাধাই চাই থকা দেখি শৰতে সুধিলে,
"কেনেকুৱা দেখিছা?"
ৰাধাই বাইকখনৰ ওপৰত হাত ফুৰাই ক'লে,
"বঢ়িয়া, পিছে কাৰ এইখন?"
"কাৰ হ'ব আৰু, মোৰ আকৌ। আজি কিনিছোঁ। ছেকেণ্ড হেণ্ড বাৰু। হ'লেও, নিজৰ অৰ্জনেৰে কিনা বস্তু ন! ভাল লাগে।"
ৰাধাই এবাৰ চাই ৰ'ল তাৰ ফালে। তাৰ পাছত লখিমীলৈ নামি গ'লে দুহাতেৰে পানী এচলু আনি বাইকখনৰ আগফালৰ চকাটোত দি দিলে। দি "কৃষ্ণ" বুলি সেৱা এটাও কৰিলে। শৰতে চাই থাকিল মাত্ৰ তাইলৈ। তাৰ পাছত তাইৰ কাষলৈ আহি ক'লে,
"খুব মন আছিল জানা, মাক এবাৰ নিজৰ গাড়ী এখনত উঠাই ফুৰোৱাৰ। কিন্তু সম্ভৱ নহ'ল। ভাগ্যত নিজৰ অৰ্জনেৰে মা দেউতাক সুখী কৰা নহ'ল গৈ।"
ৰাধাই শৰতৰ বাহুত হাত দি ক'লে,
"তেনেকৈ কিয় ভাবিছে! সেইবোৰ ভাগ্য, কিন্তু আজি যে আপুনি নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিছে, সেয়াও জানো মা দেউতাৰ আশীৰ্বাদ নহয়!"
শৰতে ঘূৰি চালে তাইলৈ। চকুযোৰ জিলিকি উঠিছে তাৰ। ৰাধাই আকৌ ক'লে,
"শুনক চোন"
"কোৱা"
"মানে..."
"কোৱা আকৌ"
"মোক বাইকখন চলাবলৈ শিকাই দিব?"
চকুকেইটা ডাঙৰ কৰি চাই থাকিল শৰতে অলপ সময়। ৰাধাই আকৌ ক'লে,
"কি হ'ল, দিব নে শিকাই?"
এইবাৰ হাঁহি পেলালে শৰতে। হাঁহি হাঁহিয়ে ক'লে,
"সেই কাৰণেতো ভাল লাগে তোমাক। বেলেগ হোৱা হ'লে ক'লেহেঁতেন, মোক এপাক ফুৰাই আনিব নে, মোক এবাৰ উঠাব নে আৰু তুমি কৈছা চলাবলৈ শিকাই দিয়ক।"
"ইচ, কিয় আকৌ উঠাবলৈ ক'ম। উঠালেও সদায় আপুনি সময় পাব নে উঠাবলৈ। নিজে শিকি ল'লে মাজে মাজে আপোনাৰ পৰা লৈ চলাম আকৌ।"
হাঁহি হাঁহি চাই থাকিল শৰতে তাইলৈ। কিমান যে বেলেগ তাৰ ৰাধাজনী, কিমান যে বেলেগ তাইৰ চিন্তাবোৰ, তাৰ নিজৰ ওপৰতে গৰ্ব হয়, ৰাধাক যে সি নিজৰ বাবে বাছি লৈছে সেইবাবে। বাইকত বহি লৈ সি ক'লে,
"শিকাই দিম বাৰু। পিছে এতিয়া এবাৰ পিছতেই উঠাচোন। লখিমীৰ পাৰে পাৰেই এপাক ফুৰো।"
ৰাধা বহি ল'লে পাছত। শৰতে ষ্টাৰ্ট দিলে লাহেকৈ। ৰাধাই হাতখন আনি শৰতৰ বাহুত থ'লে আলফুলকৈ। শৰৎ যেন কঁপি উঠিছে, হয়তো ৰাধাও! লখিমী যেন সাক্ষী হৈছে কাহিনী এটাৰ। শৰৎ আৰু ৰাধাৰ। লাহে লাহে আগবাঢ়িল বাইকখন লখিমীৰ পাৰে পাৰে। এবাৰত ৰাধা অকণমান কঁপি উঠিল। হয়তো প্ৰথম বাৰ বাইকত উঠাৰ বাবে কিছু আচহুৱা লাগিছে তাইৰ। শৰতে ৰাধাৰ ফালে অলপ ঘূৰি ক'লে,
"কি হ'ল, পৰি যাবা বুলি ভয় লাগিছে নেকি?"
"নাই লগা, আপুনি থকালৈকে নপৰোঁ। মই জানো।"
শৰতে মিচিকিয়া হাঁহি এটাৰে ক'লে,
"থাকিম সদায়।"
লখিমীৰ সিটো পাৰে কোনোবা হালোৱা ল'ৰাই গৰু লৰাবলৈ আহোঁতে চিঞৰি চিঞৰি গোৱা জনপ্ৰিয় বিহুৰ কলি কাণত পৰিছেহি ৰাধাহঁতৰ,
"তুমি মই এদিন জানা ঘৰ সাজিমে
ঘৰ সাজিমে,
তাতে জোন থাকিব তাতে তৰা থাকিব
তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব..."
(আগলৈ)
Comments
Post a Comment