ৰাধা : ২২
#ৰাধা
Part 22
"আইদেউৰে পদূলিতে সত্ৰাজিতৰ পুলি,
আইদেৱে পানী ঢালে কৃষ্ণ কৃষ্ণ বুলি।"
ৰাধা আহি স্নেহালয়ৰ পদূলি পাইছিলহে। নঙলা খুলি চোতালৰ পৰা বাটৰ ফালে অহা চাৰুবালা আৰু পুতৌয়ে ৰাধাক দেখি সুৰ ধৰি গালে। ৰাধা আচৰিত, কিহে পাইছে বুলি চাইকেলৰ পৰা নামি তাই সুধিবলৈ লওঁতেই চাৰুবালায়ে ক'লে,
"ৰাধা, তোৰ কিন্তু এইখন কপালহে মানিছোঁ দেই। জন্মও হৈছ সোণৰ চামুচ লৈ, বিয়াৰ পাছতো গৈ একে ৰাজৰাণী হ'বি গৈ।"
বিয়া? কি মানে এইবোৰ! ৰাধাই থতমত খালে,
"কাৰ বিয়া? কোন ৰাজৰাণী হ'ব?"
এইবাৰ পুতৌয়ে মুখ ভেঙুচাই আহিল,
"ই আই, থ থ! তই নো নেজান নে? যা ভিতৰত শহুৰেৰে বহি আছে গৈ। মই আৰু চাৰু নবৌ পিছে ঢেঁকীশাললৈহে আহিছিলোঁ। আহিলোঁ ভালেই হ'ল। তপত খবৰ এটা ওলাল আকৌ।"
ৰাধাই এইবাৰ একো নকৈ ভিতৰলৈ কো কোৱাই সোমাই গ'ল। এইফালে পুতৌহঁতে বাটে বাটে গাই গৈছে,
"অ' মন তগৰ,
আজি সুদা হ'ব বাণৰে নগৰ।"
ভিতৰত গৈ আৰু বেছি আচৰিত হ'ল ৰাধা। ভিতৰত বহি আছে অলকেশৰ দেউতাক, মৌজাদাৰ প্ৰতাপ হাজৰিকা। কিন্তু হঠাৎ কিয়? তাতে ৰাধা আচৰিত হৈছিল, কাৰণ প্ৰতাপ হাজৰিকাৰ লগত একেলগে বহি চাহ খাই কথা পাতি আছে ধৰ্ম নাৰায়ণ, বৈকুণ্ঠ, মনোহৰা আৰু কুন্তলাই। ৰাধা সোমোৱাৰ লগে লগেই বৈকুণ্ঠই ক'লে,
"এয়া, নাম লওঁতেই ওলাইছেহি আমাৰ কইনা।"
"কইনা? কোন কইনা?"
ৰাধাৰ মাতটো খঙত ডাঙৰ কৈয়ে ওলাল। হাঁহি থকা মুখ কেইখন অলপ থমকিল। ৰাধাই এইবাৰ ধৰ্ম নাৰায়ণক পোনপটীয়াকৈ সুধিলে,
"ককা, কি নো এইবোৰ?"
ধৰ্ম নাৰায়ণে কিবা কোৱাৰ আগতেই মনোহৰাই ক'লে,
"আমি তোৰ বিয়াখন ঠিক কৰিম ভাবিছোঁ। এখেতৰ সৰুটো ল'ৰাৰ লগত, মানে অভিলেখৰ লগত।"
অলকেশ হাজৰিকাৰ ভায়েক, অভিলেখ হাজৰিকাৰ লগত ৰাধাৰ বিয়া? ঘৰৰ মানুহ চব বলিয়া হোৱা নাইতো? এবাৰ সকলোলৈকে চাই লৈ ৰাধাই গহীন হৈ প্ৰতাপ হাজৰিকাক ক'লে,
"চাওক, মই এতিয়াই বিয়াৰ কথা ভবা নাই। বি এ শেষ কৰি এম এ কৰোঁ নেকি চাওঁ। আৰু নকৰিলেও চাকৰি বিচাৰিম। তাতকৈও ডাঙৰ কথাটো হ'ল, মোৰ বিয়াৰ দৰা মোৰ পছন্দ হ'ব লাগিব। ঘৰৰ মানুহে চাই দিয়া কাৰোবাৰ লগত মোৰ পছন্দ নিমিলাকৈ গৈ সংসাৰ কৰিব নোৱাৰিম।"
এইবাৰ বৈকুণ্ঠই দবিয়াই উঠিল,
"এতিয়া মানে আমি চৰুক সুধি চাউল বহাব লাগিব? মাইকী মানুহক সুধি সুধিহে কাম কৰিব লাগিব?"
"চাউল সদায় চৰুৰ জোখতেই বহাব লাগে। চৰুত জোখাতকৈ বেছি বা কম চাউল বহালে সেয়া ভাত খোৱাৰ যোগ্য হৈ নাথাকে।"
ৰাধাৰ উত্তৰত মনে মনে থাকিল বৈকুণ্ঠ।
তাৰ সলনি এইবাৰ প্ৰতাপ হাজাৰিকায়েই ক'লে,
"চৌধুৰী পৰিয়ালৰ জীয়ৰী, অলপ তেজ হ'বই। পিছে আইজনী, ছোৱালী যিমানেই যি নহওক আগলৈ গিৰিয়েকৰ তলতেই থাকিব লাগিব। আই লক্ষ্মীও নাৰায়ণৰ ভৰিৰ পথানতহে বহে।"
ৰাধাই তেওঁৰ সমুখলৈ আহি ক'লে,
"কিন্তু ৰাধাই কৃষ্ণৰ কান্ধত মূৰ থৈ শুৱে। আৰু মহাকালীৰ কথা ক'ম নেকি, মহাদেৱৰ বুকুত ভৰি থৈছিল।"
প্ৰতাপ হাজৰিকা মনে মনে থাকিল। ৰাধাই পুনৰ ক'লে,
"ধৰ্মৰ কথা কৈ কৈ আৰু কিমান মাইকী মানুহক তলত ৰাখিব আপোনালোকে? যিটো ধৰ্মত বিশ্বাসী হৈ আপোনালোকে মাইকী মানুহক ভৰিৰ ধূলি জ্ঞান কৰে, মনত ৰাখিব সেইটো ধৰ্মতে প্ৰতি গৰাকী দেৱীৰ নাম দেৱতাতকৈ আগতে লোৱা হয়। লক্ষ্মীনাৰায়ণ, ৰাধাকৃষ্ণ, গৌৰীশংকৰ, সীতাৰাম। কিন্তু আপোনালোকৰ সমাজে দেৱী সদায় ভৰিৰ পথানত থকাহে দেখা পায়।"
কাঁহ পৰি জীণ যোৱাৰ দৰে অৱস্থা গোটেই কোঠাটোত। কাৰো এষাৰ মাত নাই। অৱশ্যে এনে এটা ঘটনা ঘটিব পাৰে বুলি সকলোৱে তলে তলে অনুমান কৰিছিল। হঠাৎ কথা নাই বতৰা নাই ৰাধাৰ বিয়াৰ প্ৰসংগ এনেকৈ আনি যে ভুল হ'ল, সেয়া আনহে নালাগে বৈকুণ্ঠইও বুজিছে। নাই, আন পন্থা ল'ব লাগিব সি।
এইবাৰ ৰাধাই ধৰ্ম নাৰায়ণলৈ চাই ক'লে,
"আপোনাৰ পৰাও এইবোৰ আশা কৰা নাছিলোঁ ককা।"
কথাটো কৈ তাই ভিতৰলৈ সোমাই গ'ল।
ৰাধা যোৱাৰ ফালে চাই ধৰ্ম নাৰায়ণে সকলোকে উদ্দেশ্যি ক'লে,
"ছোৱালীজনীৰ মন নোহোৱাকৈ বিয়াৰ কথা আগনবঢ়াও। হাজৰিকা, অলপ সময় আপুনিও লওক। আমাকো দিয়ক। বিয়া বাৰু ঈশ্বৰৰ ইচ্ছা, ভাইগত থাকিলে ৰাধা আপোনাৰেই বোৱাৰী হ'ব।"
ইয়াৰ পাছতে তেওঁ ভিতৰলৈ খোজ ল'লে। বৈকুণ্ঠই দাঁত কৰচি উঠিছিল। কিন্তু মনোহৰাই বাহুত হেঁচুকি ইংগিত দিলে মনে মনে থাকিবলৈ। এনে সময়ত হুলস্থুল কৰা মানে পৰিৱেশ আৰু বেয়া হোৱাহে। উপযুক্ত সুযোগলৈ অপেক্ষা কৰিব লাগিব। বৈকুণ্ঠক তাতে এৰি মনোহৰা ভিতৰ পালেগৈ। মনোহৰাই জানে, ৰাধাৰ বিয়াখনৰ লগত বৈকুণ্ঠৰ ডাঙৰ অংক এটা জড়িত হৈ আছে। সেই অংক মিলাবলৈ মনোহৰাই যি কৰিব লাগে কৰিব। কিন্তু দৌৰা দৌৰিত নহয়। ৰাধাক স্নেহালয়ৰ পৰা যিমান সোনকালে পাৰি আঁতৰাই পঠোৱাত সকলোৰেই ভাল। তাইৰ কথা কাণ্ড যি হৈ আহিছে, কোনোবা দিনা কিখন কৰে একো ঠিক নাই। মনোহৰাৰ এতিয়াও মনত আছে ৰাধাৰ শৈশৱৰ কথা। গোবিন্দপুৰৰ পৰা গৈ চহৰ উঠিয়েই পোৱা শ্যাম মন্দিৰটোলৈ এটা বেলেগ মোহ আছিল ৰাধাৰ। কিন্তু ছোৱালী তথা মহিলাক সোমাবলৈ নিদিয়া মন্দিৰটোত ৰাধাক কেনেকৈ নিয়ে! তাইৰ তাতেই জেদ। এদিন আবেলি চুলি আচুৰি থাকোতে অকণমানি ৰাধাই মনোহৰাক সুধিছিল,
"আইতা, কৃষ্ণ গোঁসাইৰ মাক জানো দৈৱকী নহয়?"
মনোহৰাই উত্তৰ দিছিল,
"হয়তো আকৌ।"
ৰাধাৰ পুনৰ প্ৰশ্ন,
"দৈৱকী জানো মাইকী মানুহ নহয়?"
"কি নো সুধিছ, হয় মাইকী মানুহেই।"
"তেন্তে শ্যাম মন্দিৰত থকা কৃষ্ণ মূৰ্তি ভাগ মাইকী মানুহক কিয় চাবলৈ নিদিয়ে নো?"
থতমত খাই গৈছিল মনোহৰাই। তলৰ পৰা ওপৰলৈকে নাতিনীয়েকক এবাৰ চাইছিল। তেতিয়াই ভাবিছিল, এই টুকুৰা অঙঠা হৈ বাঢ়িছে। সময় থাকোতেই ইয়াত পানী কৰিব লাগিব। নহ'লে এই অঙঠা জুই হ'ব লাগিলে, প্ৰথমে চৌধুৰী বংশই জ্বলিব। কিন্তু নোৱাৰিলে, আজু আইতাক ভানুমতী আৰু ককাক ধৰ্ম নাৰায়ণৰ আৱেষ্টনীৰ মাজত ৰাধা নামৰ অঙঠা টুকুৰা অক্ষত হৈ থাকিল। কিন্তু এতিয়া নহ'ব, সোনকালেই যদি ৰাধাক ইয়াৰ পৰা পঠাব পৰা নাযায়, কোনোবা দিনা স্নেহালয়ত অঘটন ঘটিব। ৰাধা ডাঙৰ হৈ আহিছে, স্নেহালয়ৰ দেৱালত পোত যোৱা কাহিনীয়ে যেন আকৌ হাত বাউল দিছে, তাৰ বাবেই ৰাধাক আঁতৰাই পঠোৱা দৰকাৰ। কিন্তু তাৰ বাবে লৰালৰি নহয়। খুব সাৱধানে পাতিব লাগিব জাল। মনোহৰাই মনতে ভাবে। ইফালে প্ৰতাপ হাজৰিকাক বিদায় দি বৈকুণ্ঠ খঙত ভিতৰলৈ আহে। মনোহৰাই বুজাই তাক। উচিত সময় লৈ ৰ'বলৈ কয়। মনোহৰাৰ কথাত শান্ত হয় বৈকুণ্ঠ। মনোহৰা ওলাই যায় কুন্তলাৰ কোঠালৈ।
নিজৰ কোঠাতে আলনাৰ কাপোৰ জাপিছে কুন্তলাই। বাহিৰৰ পৰা শুকান কাপোৰখিনি আনি লৈছে। কামটো কৰিছে যদিও মনটো অথনিৰ ঘটনাটোত আছে। তেওঁ জানে, ৰাধাই হয়তো খুব কষ্ট পাইছে আজি। কুন্তলাই নিজেও জানো দুখ পোৱা নাই। নিজৰ জীয়েকৰ বিয়া বুলি কোনজনী মাকৰ হেঁপাহ নাথাকে। আজীৱন বগা ৰংটোকে সাৰথি কৰি চলা কুন্তলাই জীয়েকৰ শিৰত ৰঙা অকণ দেখাৰ হেঁপাহ কত দিনৰ পৰা পুহি ৰাখিছে। কিন্তু ৰাধাক বিয়াত কিবা মাত দিয়াৰ অধিকাৰ কুন্তলাৰ জানো আছে! এইখন ঘৰে তাইক বহুত দিছে, অকাল বৈধব্যৰ পাছতো আঁকোৱালি লৈছে। সামৰি ৰাখিছে আদৰেৰে। বৈকুণ্ঠই কেতিয়াও টকাৰ অভাৱ পাবলৈ দিয়া নাই, বিহু পূজা সকলোতে ৰাধা আৰু কুন্তলাক কাপোৰ এসাজ দিয়েই। শহুৰেক ধৰ্ম নাৰায়ণে দেউতাকৰ দৰে আৱৰি ৰাখে। মনোহৰাই প্ৰতিটো খোজতে লগত ৰাখে তাইক। সাদৰীয়েও নিজৰ বায়েকৰ দৰে ভাবে। তাৰ পাছত আৰু কিবা দাবী কৰিব পাৰে নে কুন্তলাই? এইখন ঘৰৰ ওচৰত তাই যে ধাৰত পোত গৈ আছে। এতিয়া বিয়াখন ৰাধাৰ নিজৰ ইচ্ছাত হওক বুলি কোনখন মুখেৰে ক'ব গৈ তাই! আৰু ক'লেও সেয়া অকৃতজ্ঞৰ কাম নহ'বনে! কিন্তু ৰাধাক বুজাব পাৰে কোনে!
"কুন্তলা"
হঠাৎ শাহুয়েকৰ মাতত কুন্তলাৰ ভাৱনাত যতি পৰিল। উৰণিখন টানি লৈ আগুৱাই আহিল তাই,
"আহক মা"
মনোহৰা আহি কোঠাতে থকা কাঠৰ চকীখনত বহিল। কুন্তলা থিয় দি থাকিল ওচৰতে। মনোহৰাই আৰম্ভ কৰিলে,
"ডাঙৰ ল'ৰা ঢুকুৱাৰ পৰা তই ইয়াত কিবা অসুবিধা পাইছ নেকি?"
"কি কয় মা! কি অসুবিধা পাম মই?"
"সঁচাই ক, কিবা কষ্ট দিছোঁ নেকি আমি তোক?"
"কি কৈছে এইবোৰ আপুনি? কিহৰ কষ্ট?"
"ক'বলগীয়া হৈছে। তোক ইমান মৰম চেনেহত ৰখাৰ পাছতো তোৰ জীয়েৰে আমাক শতৰু জ্ঞান কিয় কৰে? আমি যেন তাইৰ বেয়াটোহে ভাবো। আজি বৈকুণ্ঠই কম দুখ পাইছে নে? ডাঙৰ নোহোৱা হোৱাৰ পৰা সিয়েই জানো তাইক বাপেকৰ দৰে মৰম কৰা নাই?"
কুন্তলা মনে মনে ৰ'ল। চকুত আহি ভিৰ কৰিছেহি পানীবোৰে। মাতটো যেন ডিঙিতে লাগি ৰৈছে। মনোহৰাই পুনৰ থিয় ক'লে,
"তাইক বুজাবি। তাইৰ বিয়াৰ খৰছ আমিয়েই কৰিব লাগিব। গতিকে বিয়াত নিজৰ মত অভিমত এইবোৰ অনৰ্থক কথা ভাবি নথকাই ভাল।"
কথাখিনি কৈ মনোহৰা ওলাই গ'ল কোঠাটোৰ পৰা। কুন্তলা শান্ত হৈ লাহেকৈ দুৱাৰখন জপাই দিলে। তাৰ পাছত এবাৰ বেৰত ওলোমাই থোৱা গিৰিয়েকৰ ফটোখনৰ ওচৰলৈ গ'ল। অথনিৰে পৰা ৰখাই থোৱা কান্দোনখিনি লাহে লাহে বৈ আহিল কুন্তলাৰ উচুপি উঠিল তাই,
"কিয় গুচি গ'ল আপুনি মোক এৰি? কোনফালে মিলাম মই? এইকুৰা জুইত মই শেষ হৈ আহিছোঁ। মই লাহে লাহে হাৰি গৈছোঁ অ', আপুনি শুনিছে নে?"
লাহে লাহে উচুপি উচুপি মজিয়াতে বহি পৰিল কুন্তলা। চকুপানীবোৰ বৈ গৈছে নোৰোৱাকৈ।
কিচকিচীয়াকৈ ক'লা দীঘল চুলি কেইডাল মেলি তললৈকে পেলাই বিচনাৰ গাদীত মূৰটো দি ওপৰমুৱাকৈ বাগৰি আছে ৰাধাই। চুলি কেইডালে আহি মজিয়া চুইছেহি। চকুৰে চিলিং ফেনখনলৈ চাই তাই ভাবি আছে কিবাকিবি। এবাৰত চকুৰে বৈ অহা পানীৰ টোপাল এটা কাণৰ ওপৰেদি আহি বিচনাখনতে মিলি গৈছে। কিয় হৈছে এইবোৰ! ৰাধাই বুজি পোৱা নাই! যি সময়ত তাই শৰতৰ প্ৰতি এক অনুৰাগ অনুভৱ কৰিছে, তেনেকুৱাতেই ঘৰত বিয়াৰ যা যোগাৰ। ৰাধাই জানে, তাই বিয়াখন ৰখাই দিব পাৰিব। কিন্তু কেতিয়ালৈ! সৰুৰে পৰা সকলো কথাতে যুঁজ বাগৰ কৰি কৰি তাইৰো যে কেতিয়াবা ভাগৰ লাগে। তাইৰো দুখ লাগে। কিন্তু তাইৰো যে আলফুল মন এটা আছে, সেয়া চাগে ঘৰৰ মানুহে কোনোদিন গমেই নাপালে।
"ৰাধা আইদেউ, বৰ আইদেৱে তোমাক মাতিছিল। তেখেত কোঠাতে আছে।"
হঠাৎ দুৱাৰমুখত তেজাৰ মাত শুনি ৰাধাই চকুদুটা মচি বিচনাত উঠি বহিল। চকুপানীবোৰ ৰাধাৰ একান্ত নিজৰ। ইয়াক আনক দেখুওৱা নাযায়, কেতিয়াও নাযায়। বৰ আইদেউ মানে কুন্তলা, অৰ্থাৎ মাকে ৰাধাক মাতিছে। কিয় মাতিছে সেয়া সহজেই অনুমেয় যদিও ৰাধাই মাকৰ কোঠা পালেগৈ।
"মাতিছিলি মাই?"
"বহচোন।"
মাকে বিচনাতে বহিবলৈ দিলে। ৰাধা বহিল, মাকে তাইৰ চুলিকোঁচাত আঙুলি বুলাই বুলাই ক'লে,
"ৰাধা, দেউতাৰ গুচি যোৱাৰ পাছত তোক বৰ যতনেৰে ডাঙৰ কৰিছে অ' এইখন ঘৰে। তোক বা মোক একোৰে অভাৱ পাবলৈ দিয়া নাই। কোনোদিন একো বিচৰাও নাই। এতিয়া বিয়াখনত এইদৰে অথালি পথালি কৰি সকলোকে কষ্ট নিদিবি অ' তই।"
"তই কি ক'ব খুজিছ মাই? মানে ইমান দিনে তোকে মোকে খোৱাই পিন্ধাই ৰখাৰ বাবে এতিয়া মই সিহঁতৰ মতে বিয়া হৈ ইমান দিনৰ ধাৰ মাৰিব লাগে?"
ৰাধাৰ মুৰটোত ঠেলা এটা মাৰি মাকে ক'লে,
"সেয়া, তোৰ খালী ওলোটা ওলোটা কথা। মই তোক মৰম কৰাৰ কথাহে কৈছোঁ।"
"মৰম কৰা মানুহে মৰমৰ প্ৰতিদান নোখোজে। যদি খোজে, সেয়া মৰম নাছিল। স্বাৰ্থহে আছিল।"
"তই কথাবোৰ কিয় নুবুজ অ' ৰাধা। তোক ভালপোৱা মানুহবোৰৰ প্ৰতি তোৰ কি একো দায়িত্ব নাই?"
"আছে, সেই দায়িত্ব পালনো কৰিম। কিন্তু মোৰ ব্যক্তিগত জীৱনটোক বলি দি নহয়। নিজক কষ্ট দি দায়িত্ব পালন কৰিব পৰাকৈ মই মহান নহওঁ।"
কুন্তলা উঠি আহিল ৰাধাৰ কাষৰ পৰা খঙেৰে,
"তোক কথা কৈ লাভ আছে নে! বাপেৰৰ লগতে তয়ো মৰা হ'লেই শান্তি পালোহেঁতেন। তোক এৰি বাপেৰে জুই একুৰা দি গ'ল মোক। যিখন ঘৰে ইমান দিনে পুহি ৰাখিছে সেইখন ঘৰৰ লগতে শতৰু হৈছ।"
ৰাধাইও একে সমানতে ক'লে,
"বাৰে বাৰে এইটো কথা কিয় কৈ আছ মা? মই কি এইখন ঘৰৰ একো নহয় নেকি? তোক আৰু মোক পোহপাল দিয়াটো এইখন ঘৰৰ দায়িত্ব নাছিল নেকি? তেওঁলোকে সেইখিনি কৰি আমাৰ ওপৰত দয়া কৰা নাইতো। ঘৰৰ বোৱাৰীজনী ঘৰৰ ছোৱালীজনীক ঘৰত ৰখাটো কি দয়া কৰা হয় নেকি?"
কুন্তলাই এইবাৰ কাণত সোপা দি ক'লে,
"মনে মনে থাক। মোৰ জীৱনটোত অশান্তি দিবলৈকে জন্ম হ'লি তই।"
"তেন্তে মাৰি নেপেলালি কিয় মোক?"
কথাটো কৈ খৰ খোজেৰে কোঠাৰ পৰা ওলাই গ'ল ৰাধা। খংবোৰে গৈ গৈ চকুৰ পানী হৈ সৰিছে তাইৰ। খঙত যেন মূৰটো ঘূৰাবলৈ লৈছে। এফালৰ পৰা যেন শেষ কৰি পেলাব চব। নাইবা নিজেই শেষ হৈ যাব। কিয়, কিয় নুবুজে কোনেও তাইক। মাকে কেৱল বৈকুণ্ঠৰ দয়াভাজন কিয় হৈ থাকিব খোজে! নিজৰ কোঠাত সোমাইও যেন শান্তি পোৱা নাই ৰাধাই। আনৰ অনুগ্ৰহৰ জীৱন নালাগে তাইক। জীৱনত একো নাথাকিলেও স্বাভিমান আছে তাইৰ। সেই স্বাভিমান যি তাই দেউতাকৰ পৰা পাইছে। জীয়াই থকা দিনকেইটা স্বাভিমানৰ সৈতে এৰাধৰা কৰিব নোৱাৰে তাই, কাৰো বাবেই নোৱাৰে। কোঠাত বহিও অশান্তি লগাত তাই ৰাধাপুখুৰীৰ ফালে গ'ল। যাওঁতে তেজাক কৈ গ'ল,
"তেজা বাই, কানাইক কবি চোন মই পুখুৰীতে আছোঁ বুলি।"
পুখুৰীৰ পাৰত বহি গছজোপাত মূৰটো হাওলাই দিলে ৰাধাই। এই ঠাইটুকুৰাই তাইক বুজি পায়। তাইক জানে, তাইৰো এটা কোমল মন আছে, সেয়া সিহঁতে চিনিছে। তাই বহিলেই পাতলীয়া বতাহ এজাকে তাইৰ মুৰটোত যেন হাত ফুৰাই যায়। সেই বুলনিৰ পৰশ তাই নিজৰ মাকৰ হাততো বিচাৰি নাপায়।
"ঐ ছোৱালী, কিবা ভূতে পালে নেকি? ইয়াত শুই আছ যে?"
পিছফালৰ পৰা কানাইৰ মাত। ৰাধা অকণমান চাপি গৈ তালৈ জেগা অকণ উলিয়াই দিলে। সি বহাত ক'লে,
"ভূতেই পাইছে। আমাৰ চৌধুৰী পৰিয়ালত ভূতৰ অভাৱ আছে নে? চব এটা এটা ভূত।"
কানায়ে হাঁহি হাঁহি ক'লে,
"আৰু তই?"
"মই ভূত খেদোৱা বেজ। এটাই জাকৰ পৰা ভূত বাহিৰ কৰিম চাই থাক।"
ৰাধাই দাঁত কৰচি ক'লে। কানায়ে হাঁহিলে যদিও ৰাধাৰ কষ্টখিনি বুজি পাই সি। মুখেৰে একো নোকোৱাকৈ তাইৰ বাহুত হাত থ'লে সি। এই পৰশটোত শব্দ আছে, ভৰসা আছে আৰু আছে বিশ্বাস। অলপ সময় নীৰৱতাৰে পাৰ হোৱাৰ পাছত ৰাধাই ক'লে,
"খুৰায়ে মোক কৰা উপকাৰৰ বাবে মই পছন্দ নহ'লেও মন নগ'লেও বিয়া হ'ব লাগিব নেকি ক! আৰু আমাৰ মানুহবোৰৰ চব চিন্তা বিয়াতেই গৈ কিয় ৰৈ যায়? বিয়াৰ বাহিৰেও কৰিব লগা বহুত কম থাকে মানুহৰ।"
"তোৰ চিন্তাক মই সন্মান কৰোঁ ৰাধা। তাৰ পৰা আঁতৰি আহিব লাগে বুলিও নকওঁ। কিন্তু কুন্তলা খুৰীৰ ঠাইত থাকিও এবাৰ কথাবোৰ ভাবিবিচোন। খুড়া ঢুকুৱাৰ পাছত মানুহজনী কিমান অকলশৰীয়া হ'ল। আৰু অকলে থকা মানুহে কোনোবাই এষাৰ আদৰৰ মাত দিলেই, এখন হাত আগবঢ়াই দিলেই তাৰ বাবে সকলো উজাৰি দিব পাৰে অ'। তেওঁক যে ইমান দিনে বৈকুণ্ঠ খুড়াহঁতে আদৰত ৰাখিলে, তাৰবাবেই তেওঁ তোৰ নিজা ইচ্ছাখিনিও বলি দিবলৈ কৈছে। তাত তেওঁৰ দোষ নাই।"
"তেন্তে মই কি কৰা উচিত?"
"কি কৰা উচিত সেয়া তই বেছি ভালকৈ জানিবি। মাত্ৰ এটা কথা চাবি, মায়ে যাতে মনত একো দুখ নাপায়।"
ৰাধা মনে মনে ৰ'ল। মাকৰ প্ৰতি বেছি কঠোৰ হ'ল নেকি বাৰু তাই! কিয় যে খংটো ঘপকৈ উঠি যায়। এতিয়া কানাইৰ লগত পতাৰ পাছতহে তাইৰ যেন লাহে লাহে পাতল হৈছে মনটো। কানাই এনেকুৱাই, তাইৰ খেলিমেলি সময়বোৰ সি বৰ সযতনে সামৰি থয়। কিছু সময় তাৰ লগত কথা পাতি সিহঁত ঘৰলৈ আহিল।
তাৰ পাছতেই দিনবোৰ খুব খৰকৈ গ'ল। সেই ঘটনাৰ পাছত ঘৰত কোনেও বিয়াৰ কথা নুলিওৱা হ'ল। এইফালে ৰাধাৰ ব্যস্ততাও কলেজত বাঢ়ি আহিল। শৰতৰ লগত কেৱল কোনোবা সময়ত দিনটোত চকুৰে এবাৰ চোৱাহে হয়। দিনটোত ৰাধায়ে নতুন পুৰণা মানুহখিনিৰ লগত চিনাকি হ'ব লগা হৈছে। লগত অনবৰতে ৰাধাৰ শৈশৱৰ লগৰীয়া সপোন, ৰঞ্জনহঁত থাকেই। ইফালে ডিপাৰ্টমেণ্টৰ চিনিয়ৰ অঞ্জলি বা, নিৰু বা, গৌতম দা, প্ৰাঞ্জল দা, জিতুমণি দা সকলোৱে তাইক আৱৰি ৰাখে। বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মানুহৰ লগত চিনাকি হোৱা, কথা পতা, লগতে কলেজৰ কিছুমান প্ৰভাৱশালী ছাত্ৰ - ছাত্ৰী, যেনে যোৱা বছৰৰ ইউনিয়নৰ মানুহ, বেষ্ট চিংগাৰ, বেষ্ট এক্টৰ, তেনেকুৱা লোককো লগ কৰা হৈছে। লগ কৰা বেছিভাগেই অৱশ্যে ৰাধাৰ পদক্ষেপক প্ৰশংসায়েই কৰিছে। ছাৰ বাইদেউ সকলৰো বেছি ভাগে কথা বতৰা পাতিছে যে এইবাৰ হয়তো ৰাধায়েই সাধাৰণ সম্পাদকৰ আসন দখল কৰিব।
এনেকৈয়ে শেষত সকলোৱে আশা কৰি থকা দিনটো আহিল, নমিনেচনৰ দিন। এতিয়াৰ পৰাহে আচল যুঁজখন হ'ব। ইয়াৰ আগতে যদিও তলে তলে চলি আছিল, তথাপিও মুকলিকৈ কোনেও প্ৰচাৰ চলাব পৰা হোৱা নাছিল। এতিয়াৰ পৰাহে কথাবোৰ মুকলি হ'ব।
কাইলৈ নমিনেচন। ৰাধাৰ সকলো ডকুমেণ্ট, আই ডি শেষ বাৰৰ বাবে চেক কৰিছে চিনিয়ৰ সকলে। ডিপাৰ্টমেণ্টৰ ভিতৰৰ কোঠা এটাতে সিহঁতবোৰ বহি লৈছে। বাহিৰত এন্ধাৰ হ'ল, কিন্তু এতিয়াও সিহঁত আজৰি হোৱাগৈ নাই। কামৰ মাজতে প্ৰাঞ্জল দাই সুধিলে,
"পিছে হেৰি নহয় ৰাধা, তোৰ কোনোবা প্ৰেমিক চেমিক নাইতো?"
গোটেই গালে হে হে কৈ হাঁহি উঠিল। নিৰু বায়ে হাঁহি হাঁহি ক'লে,
"ভাল কথাটো সুধিছ, এইজনীৰ লগত প্ৰেম কৰি কোনটো ল'ৰা মৰিবলৈ আহিব কচোন। অনবৰতে উতলিয়েই থাকে।"
নিৰুৰ কথাত ৰাধাৰ লগতে সকলোৱে হাঁহি উঠিল। এনেতে সপোনে ক'লে,
"এওঁক ষ্টুডেণ্টে চম্ভালিব নোৱাৰিব বুইছে দাদা। কোনোবা প্ৰফেছৰেহে যদি..."
ৰাধাই চকু পকাই চালে তালৈ, সপোন ৰৈ গ'ল। পৰা হ'লে এতিয়াই তাক দুই চৰ লগাই দিলেহেঁতেন। এই সপোন ডালে এদিন লাইব্ৰেৰীত শৰৎ আৰু ৰাধাই কথা পতা দেখিছিল, তাৰ পাছৰ পৰাই জোকাই আছে এনেকৈ। সপোনৰ কথাৰ লগে লগে অঞ্জলি বায়ে ক'লে,
"কি? কোনোবা প্ৰফেছৰ? কি কৱ, সঁচা নেকি?"
ৰাধাই লগে লগে কৈ উঠিল,
"নাই নাই বা, কি যে আৰু! এনেই কৈছে এইডালে। নাই মোৰ কোনো।"
তাৰ পাছতেই জিতুমণি দায়ে কথাটোৰ মুখনি মাৰি ক'লে,
"নাই যদি ভালেই। কিন্তু যদি আছেও, এই কেইদিনমান এইচব কিন্তু নহ'ব। এই কেইদিন তই ৰাইজৰ মানুহ। চবৰে লগত ভাল হ, কথা পাত। কিন্তু সীমা এটালৈকেহে। চাবি কিন্তু, গাৰ কাষৰ মানুহেই শত্ৰু ওলায়। খুব বেছি সাৱধানে থাকিব লাগিব।"
জিতুমণিৰ কথাত সকলোৱে হয়ভৰ জনালে। এনেতে হঠাৎ হুৰমুৰকৈ অনুপম সোমাই আহিল ৰূমটোলৈ। অনুপম ৰাধাহঁতৰ বিভাগৰে চিনিয়ৰ যদিও সি বিভাগৰ কাম কাজত বেছি নালাগে। সি কলেজৰ ভিতৰুৱা কামতহে ওস্তাদ। তাৰ বাবে বিভাগটোৰ লাভো হয়, কলেজৰ ভিতৰৰ বহু খবৰ আনতকৈ আগতেই সিহঁতে গম পাই যায়। ইলেকচনত ৰাধা উঠিব বুলি ঠিক হওঁতেই প্ৰাঞ্জল দাহঁতে অনুপমক লগাই থৈছিল, যাতে শত্ৰু শিবিৰৰ ওপৰতো অলপ নজৰ দিয়া হয়। সৰু খবৰ এটাও কেতিয়াবা খুব দৰকাৰী হৈ উঠিব পাৰে। হঠাৎ অনুপম এইদৰে অহা দেখি সকলোৱে অনুমান কৰিছে যে সি এটা ডাঙৰ খবৰ লৈ আনিছে। ডিপাৰ্টমেণ্ট সোমায়েই সি চিঞৰি আহিছে,
"ঐ, ঐ ৰাধা, প্ৰাঞ্জল ঐ..."
ৰূমটোত সোমাই সি দুৱাৰখন জপাই হুক মাৰি দিলে। সকলোৱে তাৰ ওচৰলৈ আহি বেৰি ধৰিলে। ঘামি থকা তাৰ চিন্তাৰ মুখখন দেখি সকলোৱে গম পাইছে যে ভাল খবৰ লৈ অনা নাই অনুপমে। প্ৰাঞ্জল দায়েই সুধিলে,
"কি হৈছে অনুপম?"
অনুপমে ৰাধাক সুধিলে,
"ৰাধা, তহঁতৰ বেটছৰ যে ৰিতুল। সি তোৰ বয়ফ্রেণ্ড নেকি?"
"কি? ধেই, নহয়। সি এনেই ক্লাছমেটহে। কিয় অনুপম দা?"
এইবাৰ অনুপমে চিঞৰি উঠিল,
"তেন্তে কি কৰিবলৈ ওলাই যাৱ তাৰ লগত সদায় সদায়?"
ৰাধাৰ যেন তেজবোৰ মূৰত জমা হ'ব লৈছিল। আন দিনা হোৱা হ'লে তাইক এইটো সুৰত কথা কোৱা বাবে চিনিয়ৰ জুনিয়ৰ নাচাই ধুই দিলেহেঁতেন। কিন্তু এতিয়া ইলেকচনটোক লৈ যে দাদাহঁত খুব চিৰিয়াছ হৈ আছে তাইও বুজি পায়। সেয়ে তাই স্বাভাৱিক ভাবে ক'লে,
"সেইটো মোৰ ব্যক্তিগত কথা দাদা। কিন্তু এটা কথা ঠিক যে ৰিতুল অকল বন্ধুহে মোৰ।"
এইবাৰ প্ৰাঞ্জলে ক'লে,
"ইলেকচন কেণ্ডিডেটৰ একো পাৰ্চনেল কথা নাথাকে ৰাধা। এটা সৰু কথাই পাছত প্ৰব্লেম কৰিব। কৈ দে, আচল কথাটো কি!"
ৰঞ্জনহঁতেও ক'বলৈ ক'লে তাইক। অলপ পৰ ভাবি ৰাধাই কথাখিনি ক'লে যে ৰিতুলৰ বায়েকৰ অসুখৰ বাবে নাৰ্ছিংহোমত আছিল আৰু সি বায়েকক লগ কৰিবলৈহে তাইকো লৈ যায়। তাই ৱেটিং ৰুমতে বহে সি লগ কৰেগৈ। কথাটো শুনিয়েই চিনিয়ৰ গোটেই কেইটাই যেন আটাহ পাৰি উঠিল,
"কি? এনেকুৱা কাম এটা কিয় কৰি আছিলি তই কাকো নোকোৱাকৈ?"
"ডন নেকি তই? এনেকৈ ইলেকচন খেলিবি?"
ৰাধাই বুজি পোৱা নাই, তাইৰ ভুলটো ক'ত হ'ল! লগৰ বন্ধুজনক সহায় কৰি তাই কি ভুল কৰিলে। এইবাৰ অনুপমে ক'লে,
"ৰিতুল হৈছে হৃষীকেশৰ খাচ মানুহ। গম পাৱনে তই?"
ৰাধা এইবাৰ আচৰিত হ'ল। হৃষীকেশ মানে হৃষীকেশ চেতিয়া হৈছে ৰাধাৰ বিপক্ষে উঠিব লগা কেণ্ডিডেটজন। শুনা মতে সি হেনো সেই অলকেশ হাজৰিকাৰ পাৰ্টীৰ মানুহ। কিন্তু ৰিতুল তাৰ লগত ভাল, এয়া যে সপোনৰো অগোচৰ। আনকি এইকেইদিন ৰাধাক ৰিতুলে লগ পায়ো ইলেকচনৰ বাবে শুভেচ্ছা দিছে, কিবা সহায় লাগিলেও ক'বলৈ কৈছে। ৰাধাক আৰু হতচকিত কৰি লগতে থকা সবিতা বায়ে ক'লে,
"আৰু তাতকৈও ডাঙৰ কথাটো হ'ল, ৰিতুল মোৰ ঘৰৰ ওচৰৰ ল'ৰা। তাৰ কোনো বায়েক চায়েক নাই। লগতে বায়েকতো বাদেই যোৱা কেইদিনত সিহঁতৰ কোনো মানুহৰ একো বেমাৰ হোৱা নাই।"
ৰাধাই যেন চঁক খাই উঠিল। তেন্তে! ইমানদিনে এইবোৰ! গৌতম দায়ে সুধিলে,
"ৰাধা, তই তাৰ বায়েকক লগ পাইছ নে? বা ঘৰৰ কাৰোবাক?"
"নাই দাদা, সি মোক ৱেটিং ৰুমতে বহিবলৈ দি নিজেহে যায়। সিহঁতৰ গাঁৱৰ পৰা নাৰ্ছিংহোমলৈ আহিবলৈ দিগদাৰ হয় বাবে..."
এইবাৰ লগতেই প্ৰাঞ্জল দায়ে ক'লে,
"ক'ৰ গাঁৱৰ পৰা? তই যিখন নাৰ্ছিংহোমৰ কথা কৈছ, তাৰ কাষতেই ৰিতুলৰ ভাড়া ৰুম আছে। সি ঘৰৰ পৰা অহা যোৱা নকৰেতো।"
ৰাধাকে ধৰি আটাইবোৰৰ মুখৰ মাত নোহোৱা হৈ গ'ল। তাৰমানে অতদিনে ৰাধাৰ লগত সি অভিনয়হে কৰি আছিল। কিন্তু কিয়? কিয়টোৰ উত্তৰ দি অনুপম দায়ে ক'লে,
"এইমাত্ৰ শুনি আহিলোঁ, ৰিতুলে কিছুমানৰ আগত কৈ আছে, ৰাধাৰ লগত তাৰ হেনো শাৰীৰিক সম্পৰ্ক হৈছে, বহুবাৰ। তাৰ লগত তাই হেনো কেইবাবাৰো তাৰ ভাড়া ৰুমলৈ গৈছে। আৰু ৰাধা আৰু ৰিতুল চাইকেলত যোৱা এইকেইদিনতো বহুতেই দেখিছে। গতিকে বিশ্বাস কৰিবই মানুহে।"
হঠাৎ ধমহকৈ এটা শব্দ হ'ল। সকলোৱে চাই দেখে, ৰাধাৰ সমুখত থকা বেঞ্চখন উফৰি পৰিছে ৰাধাৰ ভৰিৰ গোৰত। খঙত একো নাই হৈ তাই বাহিৰলৈ ওলাই যাবলৈ লৈছে,
"এই কুকুৰক আজি মই মাৰি পেলাম।"
লগে লগেই সকলোৱে জোৰকৈ তাইক ধৰিলে,
"পাগল হৈছ নেকি ৰাধা? কাইলৈ নমিনেচন, এতিয়া এইচব নকৰিবি।"
ৰাধাই চিঞৰি উঠিল,
"বাদ দিয়ক ইলেকচন, ইয়াৰ তেজ পি খাম মই আজি।"
প্ৰাঞ্জল দাই জোৰকৈ আনি তাইক বহাই দিলে,
"মনে মনে থাক। এতিয়া এইবোৰ মাৰপিত কৰি একো কৰিব নোৱাৰিবি। যি কৰোঁ ঠাণ্ডা মগজুৰে কৰিব লাগিব। কিন্তু কাইলৈ নমিনেচনটো গৈ লওক। ধৈৰ্য ধৰ চবেই।"
ৰাধাই খঙত ফোঁপাবলৈ লাগিছে। খঙত চকুদুটা ৰঙা পৰি আহিছে তাইৰ। গোটেই গা টো কঁপিব ধৰিছে। অঞ্জলি বায়ে তাইক এহাতেৰে সাৱটি ধৰিলে,
"ধৈৰ্য ধৰ ৰাধা। সকলো ঠিক হৈ যাব।"
সকলোৰে চিন্তাত মূৰ দোঁ খাইছে। কোনেও স্পষ্টকৈ নক'লেও সকলোৱে বুজিছে যে কাইলৈৰ পৰা কিছুমান ভয়ানক সময় আহিবলৈ ৰৈ আছে ৰাধাৰ বাবে। পাৰিব জানো তাই মোকাবিলা কৰিব! এনেতে ঢেৰেকণিৰ হঠাৎ প্ৰচণ্ড গর্জন শুনা গ'ল বাহিৰত। যেন এজাক ভয়ানক বৰষুণৰ যোঁ জা চলিছে। ৰাধাৰ বহি আছে নিশ্চুপ হৈ। খংবোৰে পানী হৈ বৈ আহিছে চকুৰ পৰা। অলপ আগলৈকে হাঁহি, কথাৰে ভৰি থকা গোটেই ৰূমটোত এতিয়া এক ভয় লগা নীৰৱতা।
(আগলৈ)
Comments
Post a Comment