ৰাধা : ২৩

 #ৰাধা

Part 23

ৰাজনীতি ; ই ইমান পাশবিক হ'ব পাৰে নে, ইমান দানৱতা থাকিব পাৰে নে ইয়াত! মিছাক সঁচা আৰু সঁচাক মিছা সজোৱাৰ ইমান ক্ষমতা নে ইয়াৰ! ৰাজনীতিৰ আন এটা নাম সঁচাই ষড়যন্ত্ৰ নেকি! ৰাজনীতি মানেই চক্ৰব্যহু নেকি! নিজে আগবাঢ়িবলৈ আন কাৰোবাক মষিমূৰ কৰি পেলোৱা জৰুৰী নেকি! 

ভাত কেইটা খাই আহি বিচনাত বাগৰি এইবোৰেই ভাবি আছে ৰাধাই। কাইলৈ নমিনেচন, আৰু আজি তাই ভাবি আছে ৰাজনীতি এৰাৰ কথাহে। বাৰে বাৰে মনলৈ আহিছে ককাক ধৰ্ম নাৰায়ণৰ মুখখন, মাক কুন্তলাৰ অনবৰতে ভিজি থকা চকুকেইটা। বুজিব নে তেওঁলোকে ৰাজনীতিৰ মেৰপাক! কাইলৈ বা পৰহিলৈ কথাবোৰ আৰু বহল হ'ব। চহৰৰ কলেজৰ ৰাজনীতিয়ে গোবিন্দপুৰকো চুই যাব। বতাহত ভাঁহি আহিব ৰাধা আৰু ৰিতুলৰ ভুৱা সম্পৰ্কৰ খবৰ। বহুতেই ৰিতুলৰ বিচনাত ৰাধাৰ নগ্ন শৰীৰৰ কল্পনাত বিভোৰ হ'ব। কিয়, কিয় এই বদনাম, অপবাদ, লাঞ্চনা আদি শব্দবোৰ কেৱল নাৰীৰ লগতেই খাটে। এজনী নাৰীক পুৰুষে ধৰ্ষণ কৰে, কিন্তু সমাজে কয় নাৰীজনীয়ে সতীত্ব হেৰুৱালে। কিয়? নাৰী গৰাকীৰ বিনা অনুমতিত কোনোবা কাপুৰুষে তাইৰ শৰীৰটোৰ লগত খেলা কৰিলে, তেন্তে সতীত্ব নাৰীজনীৰ কেনেকৈ হেৰাল? সেই পুৰুষজনৰহে মানৱতা হেৰাল। কেতিয়া সলনি হ'ব মানুহৰ মন, চিন্তা? নাৰীক পিছুৱাই ৰাখিবলৈ হ'লে সদায় নাৰীৰ চৰিত্ৰত দোষ দিবলৈ চেষ্টা কৰা হয়। আজি যদি ৰাধা পুৰুষ হ'লহেঁতেন, তেতিয়াও ৰিতুলহঁতে এইটো ৰাজনীতি কৰিলেহেঁতেন নে? ভাবি পোৱা নাই ৰাধাই, কেনেকৈ ওলাব তাই এইখন জালৰ পৰা। দিনটোৰ ভাগৰ, তাতে এইবোৰ! এটা সময়ত ভাবি ভাবিয়েই টোপনিত ঢলি পৰিল গৈ তাই। যি হ'ব ঈশ্বৰে কৰিব বুলি লাহে লাহে নিদ্ৰাদেৱীৰ কোলালৈ সোমাই গ'ল।


আগফালৰ চোতালৰ পাৰ কেইটাৰ ৰুণ দিওঁতেই সদায় সাৰ পোৱা ৰাধাই আজি ৰাতিপুৱা পাৰ কেইটাতকৈও সোনকালে উঠিল। গা পা ধুই সাদৰী উঠি বাহী চোতাল সাৰে মানে তাই নিজেই চাহ কৰিলে। তাৰ পাছতে গোঁসাই ঘৰত সোমাই ঘৰটো মচিলে চাকি এগজ জ্বলাই ধূনা ফুৰালে।

"তুমি জানা যে মই সত্যত আছোঁ। মাত্ৰ সেই সঁচাখিনি সকলোৰে আগলৈ অনাত সহায় কৰিবা গোঁসাই।"

বিৰবিৰকৈ থাপনাৰ আগত কথা কেইটা কওঁতে মাতটো থোকাথুকি হৈছিল ৰাধাৰ। কোনেও নেদেখাকৈ চকুৰ পানীখিনি মচি থ'লে। তাইৰ চকুত পানীয়ে যে শোভা নাপায়। খঙাল মানুহৰ চকুপানীও পৃথিৱীৰ বাবে কৌতুকহে হয়। ইয়াৰ পাছতে তাই ভানুমতীৰ কোঠা পালেগৈ। ইতিমধ্যে গা ধুই ভানুমতীয়ে কাকৈৰে মূৰ ফণিয়াইছে। ৰাধা সোমাই মাত দিলে,

"আই..."

ভানুমতীয়ে ঘূৰি চালে,

"আহ আহ আইজনী।"

ৰাধাই আগুৱাই গৈ সেৱা এটা কৰিলে। ভানুমতীয়ে মূৰত হাত ফুৰাই কপালতে চুমা এটা খাই ক'লে,

"সকলো ভাল হ'ব। মাত্ৰ, নিজক বচাই চলিবি। কাকো সম্পূৰ্ণ বিশ্বাস নকৰিবি। ৰাজনীতিৰ মূল মন্ত্ৰ এইটোৱেই।"

মন গৈছে ৰাধাৰ, সকলো কথাই কৈ পেলাবৰ মন গৈছে। কিন্তু এয়া যে সময় নহয়। নমিনেচনটো পাৰ হওক, তাই ক'ব সকলো। ভানুমতীৰ লগত কথা পাতি থাকোতেই ধৰ্ম নাৰায়ণ সোমাই আহিল,

"সাজু নে আমাৰ গোসাঁনীজনী?"

ৰাধাই তেওঁকো সেৱা এটা কৰিলে।

"ভাল হ'ব। ভয় নকৰিবি। কিবা সমস্যা হ'লেই মোক জনাবি।"

"হ'ব ককা।"

ৰাধা নিজৰ কোঠালৈ গ'ল। কিয় আজি তাইৰ আপোন মানুহখিনিৰ মৰমবোৰলৈ ভয় লাগিছে, এই আদৰবোৰে আজি তাইক যেন বিচলিত কৰিছে। নজনাকৈ হ'লেও তাই অসাৱধান হৈ যি কৰিলে, তাৰ কুফল যে তাইক ভাল পোৱা মানুহবোৰেও ভুগিব সেই কথাটোৱে বেছি কষ্ট দিছে তাইক। তথাপি মনৰ ভাৱবোৰ জোকাৰি ৰাধা সাজু হ'ল। ইউনিফৰ্মযোৰ পিন্ধি যাবলৈ লওঁতেই কানাই ওলালহি। তাৰ হাতত গামোচা এখন। তাইৰ ওচৰ পাই সি ক'লে,

"এইখন ল।"

"গামোচা, কিয়?"

"আজি নমিনেচন নহয় জানো, কেণ্ডিডেটে গামোচা এখন লৈ থাকিলেহে ভাল লাগিব। এইখন মায়ে বোৱা আছিল। মই ধুই কৰি থৈছোঁ, নতুন নিচিনা লাগিছে চা।"

ৰাধাই কেৱল চাই ৰৈছে কানাই লৈ। তাৰ নিঃস্বাৰ্থ হেঁপাহখিনি যেন সাহস হৈছে তাইৰ বাবে। গামোচাখন কান্ধত ল'লে তাই। কানায়ে আকৌ ক'লে,

"তোৰ মনটো বেয়া নেকি?"

"নাই, নহয়।"

"কিবা হৈছে ন?"

"একো নাই হোৱা অ'।"

"কিবা হ'লে মোক ক'বি। মই জানো, তই চব ঠিক কৰিব পাৰিবি।"

হাঁহি বিৰিঙিল ৰাধাৰ মুখত। কেতিয়াবা আমি আমাৰ আত্মবিশ্বাসখিনি আনৰ কথাত আনৰ চকুত বিচাৰি পাওঁ। নিজৰ সামৰ্থ্যখিনি বুজি পাবলৈ কেতিয়াবা আমাৰ আপোন মানুহৰ এষাৰ কথাই যথেষ্ট হৈ যায়।

সাদৰীয়ে দিয়া পুৱাৰ জলপান খাই ৰাধা ওলাই আহিল। চোতালতে থকা বৈকুণ্ঠই ক'লে,

"ইন্দিৰা গান্ধী ওলাবলৈ গৈছ যা। কিন্তু আমাৰ নামত ক'লা ছাই সানি নাহিবি।"

অইন দিনা হোৱা হ'লে ৰাধাই এষাৰ কৈ আহিলহেঁতেন। কিন্তু আজি তাই ওলোটাই একো ক'ব নোৱাৰিলে। নিমাত হৈ তাই চাইকেলত উঠিল। নঙলা পাৰ হওঁতেই হঠাৎ গাড়ী এখন আহি ৰ'লহি। গাড়ীৰ পৰা দাদা এজন নামি আহিল,

"আহা ৰাধা, তোমাক নিবলৈকে আহিছোঁ।"

"মোক? কিয়?"

"আৰে আজি নমিনেচন যে, তুমি চাইকেলত গ'লে বেয়া দেখিব নহয়। অ'প'জিচনে হাঁহিব আমাক।"

টিঙিচকৈ উঠি আহিল ৰাধাৰ খংটো। খুব কষ্টৰে খঙৰ ভাবটো লুকুৱাই তাই ক'লে,

"নালাগে দিয়ক দাদা। মই সাধাৰণ সম্পাদকহে হ'ব খুজিছো। মেমচাহাব হ'ব খোজা নাই নহয়। মই এনেকৈয়ে যাম।"

কথাটো কৈ তাই নৰ'লেই। খৰকৈ পেডেল মাৰি আঁতৰি গ'ল। অলপ পাছতে গাড়ীখনো কলেজৰ ফালে ৰাওনা হ'ল।


কলেজৰ গেটতে অনুপম দা, মামণি বা আৰু প্ৰণৱ দাক লগ পালে ৰাধাই। বাকীবোৰো আহি আছে। বেছি মানুহ অহা নাই এতিয়ালৈকে। সিহঁতে আহিয়েই ৰাধাক লৈ গ'ল দিপাৰ্টমেণ্টলৈকে। অনুপম দায়ে সুধিলে তাইক,

"ঠিকে আছা নহয়?"

"আছোঁ দাদা।" ৰাধাই হাঁহি মাৰি ক'লে।

দিপাৰ্টমেণ্টৰ বিশেষ ৰূমটোত সোমোৱাৰ লগে লগে ৰাধাক অঞ্জলি বা, সপোন, জিতুমণি দাহঁতে আগুৰি ধৰিলে। ৰাধাই সকলোকে হাঁহি মুখেৰেই মাতিলে। তাইৰ মুখত হাঁহি দেখি সকলোৱে যেন স্বস্তিৰ নিশ্বাস এৰিছে। ৰাধাই জানে, বুকুত ধুমুহা ৰাখিও হাঁহি থকাৰ মন্ত্ৰ ৰাধাই ভালকৈ শিকিছে এই এটা দিনতে। ৰাধাৰ কাগজ পাতিবোৰ ভালকৈ চালে সিহঁতে পুনৰ এবাৰ। অলপ পাছতে কলেজৰ ফালৰ পৰা গঠন কৰি দিয়া ইলেকচন কমিটি লাইব্ৰেৰীৰ এটা কোঠাত বহিব। তাতেই প্ৰথমে নমিনেচন ফৰ্ম দিব আৰু সকলোৱে ফিল আপ কৰি ডকুমেণ্টবোৰৰ সৈতে জমা দিব গৈ লাগিব। বিভিন্ন ডিপাৰ্টমেণ্টৰ শিক্ষক আৰু দুই এজন চিনিয়ৰ শিক্ষাৰ্থীৰে এই ইলেকচন কমিটিখন গঠন হয়। নমিনেচন দিবলৈ যোৱাৰ সময়কণ সকলোৰে বৰ ভাল লাগে। কেণ্ডিডেটৰ সৈতে সমৰ্থক সকলো একেলগে দল বান্ধি শোভাযাত্ৰা কৰাৰ দৰে লগে লগে যায়, নমিনেচন দিয়াৰ আগতে গোটেই কলেজখন এপাক ঘূৰে। তাৰ লগতেই কেতিয়াবা নাচ গানো চলে। কাৰ লগত কিমান সমৰ্থক গৈছে তাৰো প্ৰতিযোগিতা চলে। জিতুমণি দাহঁতে ডিপাৰ্টমেণ্টৰ সকলো ষ্টুডেণ্টক কৈ থৈছে ৰাধাৰ লগত আজি ওলাবলৈ। লগতে আন আন ডিপাৰ্টমেণ্টৰো ৰাধাৰ ফালে থকা বোৰক কোৱা হৈছে। তেনেকৈ লাহে লাহে মানুহ আহি কোঠাটোত গোট খাইছেহি। এবাৰ ৰাধাই আহি আছো বুলি এনেই এবাৰ আগফালে আহিল। প্ৰথমেই আহি ইংৰাজী বিভাগৰ দীপাংকৰ ছাৰক দেখা পালে। ছাৰ হেনো কমিটিত আছে, খুব লৰালৰি। তাইক দেখিয়েই ছাৰে হাঁহি মাৰি "অল দা বেষ্ট দেই" বুলি কৈ গ'ল। তাৰ পাছতেই অসমীয়া বিভাগৰ বিনীতা বাইদেউ, গণিত বিভাগৰ জ্যোৎস্না বাইদেউ, ৰাজনীতি বিজ্ঞান বিভাগৰ মৃণাল ছাৰকো লগ পালে। এই সকলোৱে ৰাধাক খুব মৰম কৰে আগৰ পৰাই। ৰাধাক দেখি সকলোৱে হাঁহি মুখেৰে মাত এষাৰ দি গৈছে। ৰাধাই সঁহাৰি জনাইছে সকলোকে। এনেতে নতুনকৈ অহা ডিপাৰ্টমেণ্টৰে জুনিয়ৰ কুলজিতে ৰাধাক দেখি কৈছে,

"ৰাধা বা, আজি কিন্তু কলেজ কঁপাম দেই।"

তাৰ লগতে থকা এটাই জাকে চিঞঁৰিছে,

"আমি কিন্তু সাজু দেই, একে একে দুই অসমীয়া বিভাগ জুই।"

সিহঁতৰ উৎসাহ দেখি সন্তুষ্টিৰ হাঁহি মাৰিছে ৰাধাই। সিহঁত যোৱাৰ পাছতে ৰাধা কৰিডৰত খোজ কাঢ়ি আছিল। মনটো যেন সেমেকি আছে তাইৰ কালিৰ কথাবোৰৰ পৰা। এনেতে হঠাৎ পিছফালৰ পৰা কোনোবাই গুণগুণাই গালে,

"এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ,

কিয় মনে মাৰি থাক মোৰ দেহি ঐ..."

উচপ খাই উঠি তাই পিছফালে ঘূৰি চাই দেখে হাঁহি এটা মাৰি সেয়া শৰৎ। তাই কৃত্ৰিম খঙেৰে ক'লে,

"টিচাৰ হৈ ছোৱালী জোকাইছে। লাজ নাই?"

"হয় নেকি? টিচাৰ কাৰণেহে ছাৰ বুলি মাতিবলৈ কাৰোবাৰ মুখ ফুলিছিল।"

ৰাধাই হাঁহিৰে তলমূৰ কৰিলে। শৰতে তাইক পেন এটা দি ক'লে,

"এইটো লোৱা, আজি চহী এইটোৰে কৰিবা। শুভেচ্ছা থাকিল।"

তাই পেনটো লৈ শৰতক ক'লে,

"আপোনাৰ লগত কথা এটা আছিল।"

"কোৱা"

ৰাধাই কওঁ নকওঁকৈ ক'লে,

"ৰাজনীতিত সোমাইছোঁ। বহুত কিবাকিবি হ'ব। হয়তো মোৰ কিবা বদনামো ওলাব। আপুনিও সেইবোৰ বিশ্বাস কৰিব নেকি?"

শৰতে হাঁহি মাৰি ক'লে,

"তোমালৈ মোৰ কি আছে নাজানো ৰাধা। কিন্তু যি আছে, সেয়া ইমান ঠুনুকা নহয় যে ৰাজনীতিৰ এই বদনামে সেয়া ভাঙিব পাৰিব। একো চিন্তা নকৰিবা। এইবোৰ মিছা বদনামে চুব নোৱাৰাকৈ তুমি ওখ।"

মনটো যেন ভৰি পৰিল ৰাধাৰ। দীঘলকৈ উশাহ এটা ল'লে তাই। পাৰিব, এতিয়া যেন পাৰিব তাই গোটেই পৃথিৱীৰ সৈতে যুঁজিব। সঁচাই, আমি সকলোৱে যুঁজিব পৰাকৈ শক্তিশালী। মাত্ৰ সেই এখন ভৰসাৰ হাত লাগে, এষাৰ বিশ্বাসৰ মাত লাগে। এনেতে ভিতৰৰ পৰা ৰঞ্জনে আহি ৰাধাক মাতিলেহি, ফৰ্ম দিছে হেনো। ৰাধাই শৰতক যাওঁ বুলি কৈ আঁতৰি আহিল।


লাইব্ৰেৰীৰ পৰা ফৰ্ম আনি ডিপাৰ্টমেণ্টতে ফিল আপ কৰিলে ৰাধাই। প্ৰাঞ্জল দাহঁতে তাইৰ আগৰ ইয়েৰৰ মাৰ্কচিট, আই ডি কাৰ্ড এইবোৰ চিজিলকৈ একেলগে এটা ফাইলত ভৰালে। লাহে লাহে ৰূমটোৰ সমুখত ল'ৰা ছোৱালীৰ ভিৰ লাগিল। ৰূমটোও ভৰি পৰিল। অসমীয়া বিভাগৰ বাহিৰেও ৰাজনীতি বিজ্ঞান, গণিত, শিক্ষাতত্ত্ব, অৰ্থনীতি, ইংৰাজী আদি বেলেগ বেলেগ বিভাগৰ ল'ৰা ছোৱালীও আহিছে। আচলতে ৰাধাৰ জনপ্ৰিয়তা কেৱল অসমীয়া বিভাগতে নাই। সকলোৱে তাইক জানে, তাইৰ স্বভাৱৰ বিষয়েও জানে। সেয়ে তাই সাধাৰণ সম্পাদক হ'লে যে কলেজখনৰ সঁচাই ভাল হ'ব সেয়া সকলোৱে বুজিছে। এবাৰ অনুপম দাই বাহিৰত ৰোৱা সকলোকে শাৰী পাতিবলৈ দিলে। অলপ পাছতে ৰাধা নমিনেচন দিবলৈ যাব। প্ৰতিটো বিভাগৰ সমুখেৰে গৈ অডিট'ৰিয়ামৰ ফালেদি ঘূৰি কেণ্টিনৰ আগেৰে ওলাই লাইব্ৰেৰীত সোমাব। কিন্তু প্ৰথমে শ্বহীদ বেদীত সেৱা জনাই ল'ব। সকলোকে কথাখিনি বুজাই অনুপমে ৰাধাক মাতিলে গৈ। এইফালে প্ৰাঞ্জল দাই অসমীয়া বিভাগৰখিনিক এবাৰ একাষৰীয়াকৈ মাতি নি ক'লে,

"শুন, এইটো কলেজ উইক নহয়। আমাৰ লগত বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰো ষ্টুডেণ্ট আছে। গতিকে অসমীয়া বিভাগ বুলি কিবা শ্লোগান নিদিবি। দিলে ৰাধাক লৈ দিবি। বুজিলি?"

প্ৰাঞ্জল দাৰ বিচক্ষণতাত সকলোৱে প্ৰশংসা কৰিলে। এইবাৰ হাতত ফৰ্ম আৰু ফাইলটো লৈ ৰাধা গম্ভীৰ খোজেৰে ওলাই আহিল। লগে লগে গোটেই জাকৰ মাজত হুলস্থুল আৰু কিৰিলি আৰম্ভ হৈ গ'ল।

ৰাধাহঁতৰ দলটো ডিপাৰ্টমেণ্টৰ পৰা ওলাই গৈ বাৰাণ্ডাখনতে ৰৈ গ'ল। কাৰণ সিফালে হৃষীকেশ আৰু তাৰ সমৰ্থকখিনিয়ে শোভাযাত্ৰা কৰি আহি আছিল। প্ৰাঞ্জল দাই সকলোকে ৰৈ দিবলৈ ক'লে। ৰাধাই দেখিলে হৃষীকেশৰ কাষতে ৰিতুল। চিঞৰি চিঞৰি শ্লোগান দি সি যেন ক'বই পৰা নাই। দাঁত কৰচি উঠিছিল ৰাধাই। তাইৰ কাষতে থকা অঞ্জলি বায়ে তাইৰ বাহুত হাত থ'লে। দীঘলকৈ উশাহ এটা ল'লে ৰাধাই। অলপ হুলস্থুল কৰি কৰি সিহঁতৰ দলটো গৈ লাইব্ৰেৰীত সোমাল। প্ৰাঞ্জল দাই ক'লে,

"ব'ল, আমি শ্বহীদ বেদীৰ ফালে যাওঁ।"

লগে লগে আৰম্ভ হৈ গ'ল সিহঁতৰ শোভাযাত্ৰা। ৰাধা সকলোৰে আগত, তাইৰ এফালে অঞ্জলি আনফালে সপোন। লগতে ৰঞ্জন, জিতুমণিহঁত। পিছে পিছে বাকীবোৰ। কোনোবাই চিঞঁৰিছে, কোনোবাই কিৰিলি পাৰিছে। এনেতে পিছফালৰ পৰা কুলজিতে শ্লোগান দিলে,

"কলেজ আজি কঁপিছে,

ৰাধা চৌধুৰী আহিছে"

লগে লগে সকলোৱে চিঞৰি চিঞৰি তাৰ লগতে তাল মিলাই গ'ল। ৰাধাহঁত আগবাঢ়িল। শ্বহীদ বেদী পাই ৰাধাই ফৰ্মখন থৈ আঠুকাঢ়ি সেৱা এটা কৰিলে। মনতে শ্বহীদ সকলক স্মৰণ কৰিলে। তাৰ পাছতেই পুনৰ যাত্ৰা আৰম্ভ হ'ল। এইবাৰ কোনে জানো ঢোল বজাবলৈ আৰম্ভ কৰিলে। লগে লগে নাচো আৰম্ভ হ'ল। গোটেই কলেজত সঁচাই এক বেলেগ পৰিৱেশ হৈ গ'ল। শ্লোগান, গান, নাচ, ঢোলৰ শব্দ গোটেইবোৰে মিলি এক পৰিৱেশটো যেন অনন্য কৰি তুলিলে। ৰাজনীতি আৰু ইলেকচনত ৰাপ নথকা সকলেও আহি সিহঁতৰ সৈতে যোগ দিলে। আনকি হৃষীকেশহঁতৰ দলটোৰ মানুহেও ঘূৰি চাবলৈ বাধ্য হ'ল। প্ৰতিটো বিভাগৰ সমুখেৰে যাওঁতে শিক্ষক সকলেও ৰাধালৈ চাই হাত জোকাৰিলে। ইকনমিক্স ডিপাৰ্টমেণ্ট পাওঁতে শৰতে বাৰাণ্ডাৰ পৰাই ৰাধালৈ চাই হাতৰ তৰ্জনী আঙুলি আৰু বুঢ়া আঙুলিটো লগ কৰি বিশেষ ভঙ্গীমাত তাইলৈ ইংগিত দিলে। ৰাধাই হাঁহিলে মাত্ৰ। এইদৰে গৈ সিহঁত লাইব্ৰেৰীৰ সন্মুখ পালেগৈ। হৃষীকেশহঁতৰ দলটো যেন নিশ্চিহ্ন হোৱাৰ দৰে হৈছিল। ৰাধাৰ লগত এনেদৰে সকলো ওলাই আহিব বুলি সিহঁতে হয়তো ভবাও নাছিল। প্ৰায় দুশ তিনিশ সমৰ্থক ৰাধাৰ দলটোক দেখি সিহঁতৰ চকু কঁপালত উঠিছিল। হৃষীকেশক কাণে কাণে ৰিতুলে ক'লে,

"একো নাই, আজিৰ দিনটো যাওক। কাইলৈৰ পৰা খেল উলটি যাব। চাই থাক।" হৃষীকেশে ৰাধালৈ চাই কুটিল হাঁহি মাৰিলে। ৰাধাই প্ৰাঞ্জলহঁতৰ লগত লাইব্ৰেৰীৰ ভিতৰলৈ সোমাল, বাকীবোৰ বাহিৰতে ৰ'ল। হৃষীকেশে লগ পাই ৰাধাক ক'লে,

"শুভেচ্ছা চৌধুৰী। বহুত মানুহ আনিছা লগত।"

ৰাধাইও হাঁহি এটা মাৰি ক'লে,

"আমি সাধৰণ মানুহ, ক'ত মানুহ আনিব পাৰিম! যি আহিছে নিজেই আহিছে।"

ৰিতুলে তলমূৰ কৰিছিল ৰাধাক দেখি। তাই তাক উপেক্ষা কৰি ইলেকচন কমিটি বহি থকা টেবুলৰ ওচৰলৈ গৈ ফৰ্ম আৰু ডকুমেণ্টবোৰ চাবমিট কৰি চহী কৰিলেগৈ। তাৰ পাছতেই সেইদিনাৰ কাৰ্যসূচী সমাপ্ত। আবেলিলৈ কেণ্ডিডেটৰ লিষ্ট ওলাব। ৰাধাহঁত ডিপাৰ্টমেণ্টলৈ ঘূৰি আহিল। দিনটো ডিপাৰ্টমেণ্টতে পাৰ কৰিলে সিহঁতে। আবেলিলৈ লিষ্ট ওলাল, ৰাধা আৰু হৃষীকেশৰ নাম ওলাল সাধাৰণ সম্পাদকৰ বাবে। তেনেকৈ সভাপতি, ক্ৰীড়া সম্পাদক, সাংস্কৃতিক সম্পাদক আদিৰ বাবেও বেলেগ বেলেগ কেণ্ডিডেটৰ নাম ওলাইছে। কিন্তু এইবাৰ সকলোৰে চকু কেৱল সাধাৰণ সম্পাদকৰ পদত। কাৰণ প্ৰথম বাৰলৈ তাত ছোৱালী এজনী উঠিছে। সেয়ে ৰিজাল্ট কি হয় জানিবলৈ সকলো যেন আগ্ৰহী। বাৰু যি হওক, আজি সকলো ভালে ভালে হৈ গ'ল। এতিয়া কাইলৈৰ পৰা ভালকৈ প্ৰচাৰত নমাৰহে কথা। অৱশ্যে আজি নমিনেচনত ৰাধাৰ লগত যোৱা মানুহ দেখি প্ৰাঞ্জল দাহঁতৰ প্ৰচাৰৰ বাবে থকা চিন্তা বহুখিনি কমিল। মানুহ থাকিব তাইৰ লগত। এইবোৰ কথাই পাতি থাকোঁতে হঠাৎ ৰাধাহঁতৰ বিভাগৰে ঋতুপৰ্ণই আহি ক'লেহি,

"ৰাধা, তোক হেডে মাতিছে। এতিয়াই।"

সকলোৰে কথাবোৰ ৰৈ গ'ল। হেড, মানে বিভাগীয় মুৰব্বীয়ে মাতিছে ৰাধাক। কিন্তু কিয়! হঠাৎ এনেকৈ! তাই প্ৰাঞ্জল দালৈ চালে। তেওঁ ওচৰলৈ আহি ক'লে,

"যা তই। আমি আছোঁ লগত।"

মনত ভয় লাগিলেও ৰাধা খৰ খোজেৰে গৈ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° আলোক গোস্বামীৰ ৰুম পালেগৈ। তেখেতৰ ৰুমতে বিভাগৰ অন্য কেইজনমান শিক্ষক সংগীতা মেম, দীপা মেম আৰু মাণিক ছাৰো আছিল। ৰাধা সোমোৱাৰ লগে লগে গোস্বামী ছাৰে সুধিলে,

"কথাবোৰ গম পাইছ নে ৰাধা?"

"কি কথা ছাৰ?"

আলোক গোস্বামীয়ে মাণিক ছাৰলৈ চালে। তেখেতেই ৰাধাক ক'লে,

"এতিয়া নজনাৰ ভাও ধৰি থাকিলে সমাধান নোলাব। ৰিতুলৰ কথাবোৰ লাহে লাহে ওলাইছে।"

চকু ডাঙৰ হৈ গ'ল ৰাধাৰ। দুখোজ পিছুৱাই আহিল তাই। তাৰমানে কথাটো এনেকৈ ওলাইছে নে যে বিভাগৰ মুৰব্বীয়েও গম পাই গ'ল। কি ভয়ংকৰ ষড়যন্ত্ৰ চলিছে মানে তাইক লৈ। ৰাধাই একো নোকোৱাকৈ তলমূৰ কৰিলে। এইবাৰ সংগীতা মেমে খঙেৰে ক'লে,

"এতিয়া নোকোৱা কিয় একো? নিজৰ লগতে বিভাগটোৰো সন্মান শেষ কৰিছা তুমি।"

"এইবোৰ মিছা কথা মেম। মই আচলতে..."

ৰাধাৰ কথাটো শেষ নহওতেই হঠাৎ ৰূমটোৰ দুৱাৰ খুলি প্ৰাঞ্জল সোমাই আহিল। আলোক গোস্বামীয়ে চিঞৰাৰ দৰে ক'লে,

"প্ৰাঞ্জল, এইছ অ' ডিৰ ৰুমত এনেকৈ সোমাই আহিব নালাগে বুলি নাজানা নেকি? এতিয়া থাৰ্ড ইয়েৰত নিয়ম শিকাব লাগিব তোমাক?"

প্ৰাঞ্জলে ভয় নকৰি ক'লে,

"আপোনালোকে নিয়ম ভাঙিছেই যেতিয়া মই আৰু কি নিয়ম মানি থাকিম ছাৰ?"

দীপা মেমে ক'লে,

"অভদ্ৰামি কৰিবলৈ নাহিবা। কি কথা কৈছা তুমি হা?"

"ক্ষমা কৰিব মেম। কিন্তু আপোনালোকেও কিবা শুদ্ধ কৰা নাই। ৰাধা ইলেকচনত উঠিছে, ইলেকচনত এনেকুৱা সৰু সুৰা বদনাম ওলোৱাটো স্বাভাৱিক কথা। সেইবুলি তাইক ইয়ালৈ মাতি আনি জেৰা কৰিব কিয়? ইলেকচনৰ ইচ্যুত আপোনালোক সোমালে বেয়া দেখি ছাৰ। ৰাধাৰ ভালৰ বাবে যদি কিবা ক'ব খুজিছে তেতিয়াও ক'ম, এতিয়া সেয়া সময় নহয়। এইখিনি সময় এনেকৈ নিজৰ মাজত জেৰা কৰি থকাৰ সময়ো নহয়।"

প্ৰাঞ্জলৰ কথাত আলোক গোস্বামী অলপ মনে মনে থাকিল। মাত্ৰ ক'লে,

"ৰাধাহঁতৰ ঘৰখনৰ লগত মোৰ পুৰণি চিনাকি। মই সেইটো কথা ভাবিহে চিন্তাত পৰিছোঁ। বাকী তোমালোকে নিজেই যি ভাল দেখা কৰা।"

ৰাধাক হাতত ধৰি প্ৰাঞ্জলে তাৰ পৰা উলিয়াই লৈ গ'ল। বাহিৰত অঞ্জলিহঁতে ৰাধাক বেৰি ধৰিলে। তাই একো ক'ব পৰা নাছিল মুখেৰে। মাত্ৰ প্ৰাঞ্জলক ক'লে,

"ধন্যবাদ প্ৰাঞ্জল দা।"

প্ৰাঞ্জলে তাইৰ মুৰটোত লাহেকৈ মাৰি ক'লে,

"ধেই পাগলী, ইমান টেনশ্যন নল'বি। আমি চব আছোঁ নহয়। অকলে এৰি নিদিওঁতো তোক। এতিয়া ঘৰলৈ যা গৈ। কাইলৈৰ পৰা চব সাজু হৈ আহিবি। ষ্টেজ কেম্পেইনিং এই কেইদিনতে হ'বই চাগে।"

প্ৰাঞ্জলৰ কথাত সকলো লাহে লাহে ডিপাৰ্টমেণ্টৰ পৰা ওলাল। কিন্তু ৰাধাই মন কৰিলে, দিপাৰ্টমেণ্টৰ পৰা ওলাই চাইকেলৰ ষ্টেণ্ড পোৱালৈকে যিখিনি ষ্টুডেণ্ট পাইছে সকলোৱে যেন তাইলৈ কেতিয়াও নেদেখা অচিনাকি মানুহ চোৱাৰ দৰে চাইছে। আনকি দুই এজনক তাই মাতিবলৈ চেষ্টা কৰাৰ পাছতো মুখ ঘূৰাই দিছে। ৰাধাই বুজি উঠিছে কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া ধুমুহাজাকৰ কথা।


ঘৰ আহি পাই কাকো তেনেকৈ মাতবোল কৰিব পৰা নাই ৰাধাই। নিজৰ কোঠাতে সোমাই আছে। এবাৰ ভানুমতী আহি দিনটো কেনেকুৱা গ'ল সুধিছিল। তাইও চমুৱাই কৈ থ'লে। ৰাতি ভাতৰ পাতত ককাকে সোধা প্ৰশ্নৰো চমু উত্তৰ দিছিল। সকলোৱে ভাবিছে দিনটোৰ ভাগৰ আৰু কাইলৈৰ পৰা আৰম্ভ হ'ব লগা কামবোৰৰ চিন্তাতে চাগে তাই এনেকৈ আছে। ভাত কেইটা খাই নিজৰ কোঠাৰ বিচনাতে বাগৰি আছে তাই। বিচনাত আঠুৱাও লগোৱা নাই। দৰ্জাখনো খোলা হৈয়ে আছে। কিয় জানো মনটো ইমান খেলিমেলি লাগিছে। কিবা যেন বেয়া এটা হ'বলৈ গৈ আছে। নিজৰ বাবে চিন্তা হোৱা নাই ৰাধাৰ। নিজক লৈ ইমান মোহো তাইৰ নাই। কিন্তু ভয় লাগে ককাকৰ সন্মানৰ কথা ভাবি, সিহঁতৰ পৰিয়ালটোৰ গৰিমাত আঘাত লাগিব পাৰে বুলি ভাবি। অকালতে ঢুকাল যদিও গোটেই অঞ্চলটোত ৰাধাৰ দেউতাকৰ এটা সুনাম আছে। তাত দাগ লাগে বুলি ভয় তাইৰ। কথাবোৰ ভাবি থাকোতেই দুৱাৰমুখত কাৰোবাৰ মাত,

"ঐ, শোৱা নাই তই?"

ৰাধাই চাই দেখে সেয়া কানাই। বিচনাত উঠি বহি লৈ তাই মাতিলে,

"নাই শোৱা। আহ।"

কানাই আহি বহিলহি। অলপ সময় দুয়োটাই একো মতা নাই। কানায়েই প্ৰথমে ক'লে,

"কচোন এতিয়া সঁচা কথাটো। কি হৈ আছে তোৰ।"

"নাই মানে..."

ৰাধাই কিবা ক'বলৈ লওঁতেই কানায়ে ক'লে,

"মিছা নহয়। সঁচাখিনি ক। তই মোক ফাঁকি দি সাৰিব নোৱাৰ ৰাধা। কৈ দেচোন।"

ৰাধাৰ চকুযোৰ চলচলীয়া হ'ল এইবাৰ। কানায়ে তাইৰ মুখখন হাতেৰে তুলি ধৰিলে,

"কোনে কন্দুৱাইছে তোক ঐ ছোৱালী?"

বৈ অহা পানীখিনি মচি দিলে সি। ৰাধাই উচুপি উঠিল। কিবা এটা ক'বলৈ লৈছিল। কিন্তু কানায়ে যেন কিবা এটা বুজি পালে। সি ক'লে,

"নালাগে দে এতিয়া ক'ব। পাছত শুনিম। তই শো চোন এতিয়া।"

"টোপনি অহা নাই অ'।"

"আহিব, মই আছোঁ ওচৰতে। তই শো।"

এইবুলি কানায়ে তাইৰ বিচনাখন পাৰি দিলে। গাৰুটো দি তাইক শুবলৈ দিলে। নিজেও কাষতে বহিল। ৰাধাৰ কঁপালখনত হাত ফুৰাই ফুৰাই সি ক'লে,

"চকু কেইটা মুদি দে। তই সেই স্কুলত থাকোতেই চৰকাৰে নটিছ দিয়া গছ কটাৰ পৰা ৰখাই দিছিলি। তগৰৰ বিয়া ভাঙি দিছিলি। আৰু কত কি! এতিয়া ইমান ডাঙৰ হোৱাৰ পাছত এনেকৈ দুৰ্বল হ'লে কেনেকৈ হ'ব। যুঁজবোৰ এতিয়া ডাঙৰ হ'ব ৰাধা। তয়ো দুগুণ সাহসেৰে যুঁজিব লাগিব। আৰু মই জানো, তই চব পাৰিবি।"

"মোক চবেই বেয়া পোৱা হ'ব কেইদিনমানৰ পাছত কানাই।"

"মানুহে বেয়া পোৱালৈ তই আগতেও কেৰেপ কৰা নাছিলি। নিজে নিজক বেয়া পোৱা কাম নকৰিবি মাত্ৰ।"

"মোৰ বাবে যদি ঘৰখনৰ বদনাম হয়।"

"চৌধুৰী বংশৰ ভেটি ইমান ঠুনুকা নহয় বুলি তয়ো জান ৰাধা।"

"মোক সকলোৱে ভুল বুজিছে। কেনেকৈ সঁচাবোৰ বুজাম মই মানুহক।"

"সঁচাক ওলাই আহিবলৈ কোনো বাটৰ প্ৰয়োজন নহয় ৰাধা। মিছাৰ সৈতে যুঁজি ই নিজৰ বাট নিজে গঢ়ি লয়।"

অলপ সময় ৰাধা মনে মনে ৰ'ল। লাহে লাহে টোপনিয়ে ভিৰ কৰিছেহি চকুত। তন্দ্ৰালাস ভাবত তাই মাত দিলে,

"কানাই...."

"ক ৰাধা"

"তই সদায় এনেকৈ থাকিবি হা মোৰ লগত।"

"আছোঁ পাগলী। চাবি, চবেই তোক অকলে এৰিলেও তোৰ কপালত ফুৰাই দিয়া শেষ হাতখন মোৰেই হ'ব।"

লাহে লাহে চকুকেইটা মুদি দিলে ৰাধাই। মাত নোহোৱা হৈ আহিল তাইৰ। কানায়ে হাত ফুৰাই থাকিল তাইৰ কঁপালখনত। গাঁৱৰ কোনোবা ঘৰত ৰেডিঅ' লাগি আছিল হ'বলা। বাজি আছিল ৰানা দাৰ গীত,

"কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ

কঁপালতে যেন হাত যোৱা বুলাই....."

(আগলৈ)

Comments

Post a Comment

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯