ৰাধা : ২৫
#ৰাধা
Part 25
"বাৰে বাৰে কৈছিলো মই, এইবোৰত নোসোমাবি। কিন্তু নাই, মইতো হিংসা কৰিহে কওঁ। ৰাজনীতি, নিৰ্বাচন এইবোৰ ছোৱালী মানুহৰ বস্তু নহয়। ইস, দুশ্ৰেণী পঢ়িয়েই তাই ল'ৰাৰ লগত ফেৰ মাৰিবলৈ যায়।"
বৈকুণ্ঠৰ হুংকাৰত কঁপিছে স্নেহালয়। চ'ৰাঘৰৰ চোফাতে বহি আছে বৈকুণ্ঠ। কাষত মনোহৰা। লগতে থিয় হৈ মাজে মাজে আঁচলেৰে চকুপানী টুকি আছে কুন্তলাই। আনটো ফালে আৰামী চকীখনত বহি মূৰ পেলাই আছে ধৰ্ম নাৰায়ণে। আজি নাতিয়েকক ৰক্ষা কৰিবলৈ তেওঁ যে অপাৰগ। আজি ৰাধাৰ ওপৰত তেওঁৰো খং উঠিছে। ধৰ্ম নাৰায়ণে সকলো সহ্য কৰিব পাৰিলেও চৌধুৰী বংশৰ গৰিমাত কালিমা সনা একো কামেই সহ্য নকৰে। সকলোৰে সমুখত তলমূৰকৈ থিয় হৈ সকলো শুনি গৈছে ৰাধাই। কাৰো একো কথাৰে উত্তৰ দিয়া নাই। বৈকুণ্ঠৰ পাছতে এইবাৰ মনোহৰাই ক'লে,
"মৰম কৰি কৰি চবেই মূৰৰ ওপৰত তোলাৰ ফল এয়া। বিয়া হেনো নহয়, পঢ়িব শুনিবলৈ মন। এয়া পঢ়া শুনা কৰিছে চহৰত গৈ গৈ। সেয়েহে বোলো কলেজলৈ ইমান মোহ। নতুন সোৱাদ পাইছে যে!"
হাতখন জোৰকৈ মুঠি মাৰি ধৰি চকু মুদি দিছে ৰাধাই। কেনেকৈ মানুহে কথাৰে আঘাত কৰি ধৰাশায়ী কৰিব পাৰে মানুহক। তাকো নিজৰ ঘৰৰ মানুহেই। এইবাৰ উচুপি উচুপি কুন্তলাই ক'লে,
"মোৰ বুকুখন খুলি খুলি খাই আছে এইজনীয়ে। ঈশ্বৰে মোক কিয় লৈ যোৱা নাই নাজানো। মই আৰু নোৱাৰিছো।"
বৈকুণ্ঠই এইবাৰ উঠি গৈ ৰাধাৰ বাহুটোত জোৰকৈ জোকাৰি দিলে,
"এতিয়া মুখত ভেকুলী সোমাল নেকি, নে ৰিতুল নে কি সেইটোৰ লগত শুবলৈ মন গৈ আছে?"
এইবাৰ ৰাধাই জোৰেৰে বৈকুণ্ঠৰ হাতখন আঁতৰাই দি চিঞৰি উঠিল,
"মুখ চম্ভালি কথা ক'বি। কি প্ৰমাণত কথা ক'বলৈ আহিছ তই? কোনোবাই মিছা কথা এটা উলিয়াই দিলে মই কি কৰিব পাৰোঁ?"
কুন্তলাই গৈ ৰাধাৰ গালত এটা চৰ সোধাই দিলে। চকুযোৰ ৰঙা হৈ উঠিল ৰাধাৰ। কুন্তলাই ৰাধাৰ চুলিখিনি জোকাৰি দি ক'লে,
"নমৰ কিয় তই, নমৰ কিয়? আৰু কি কৰিবলৈ জীয়াই আছ?"
এনেতে ক'ৰবাৰ পৰা সৰুকণ ওলালহি। আহিয়েই ৰাধাক টানি আনিলে সি,
"কি কৰিছা বৌ, তাই সৰু ছোৱালী নেকি এতিয়া?"
"আগতে ভতিজায়ে কি কৰিছে জানি লোৱা সৰু।"
"জানো বৌ, কথাবোৰ শুনিছোঁ মই। কিন্তু সেইবোৰত ৰাধাৰ কি ভুল? তাইৰ লগত কোনোবাই বেয়া কৰিলে তাইৰ দোষ কি? আৰু বৌ, তুমি বুকুত হাত থৈ ক'ব পাৰিবা নে যে ৰাধাক লৈ ওলোৱা বদনামবোৰ সঁচা?"
সৰুকণৰ কথাত কুন্তলা মনে মনে ৰ'ল। এইফালে মনোহৰাই লগে লগে ক'লে,
"মিছা কিয় হ'ব, গোটেই কলেজে দেখিছে। এটাই বোৰে গেলা কণী আৰু চেণ্ডেল দলিয়াই অৱস্থা নোহোৱা কৰিলে। মহাৰাণী আহিও একো কোৱাহি নাই। ভাগ্যে পুতৌহঁতৰ মিতিৰৰ ছোৱালীজনীয়ে ক'লেহি বুলিহে।"
এইবাৰ ৰাধাই ক'লে,
"মই চব বেয়া কাম কৰিব পাৰো আইতা, কিন্তু আমাৰ ঘৰখনৰ সন্মান হানি হোৱা কাম নকৰোঁ। মোৰ চৰিত্ৰ বেয়া অন্ততঃ নহয়। কোনোবা ছোৱালী এজনীৰ খং বেছি, তাই অন্যায়ত মাত মাতে, তাই ল'ৰাৰ দৰেই সকলো কামত আগবাঢ়ি যায়, তাৰ অৰ্থ ছোৱালীজনী চৰিত্ৰহীন নহয়। স্পষ্টবাদী ছোৱালীক আমাৰ সমাজখনে চৰিত্ৰৰ দোষ দি চুপ কৰাব খোজে।"
এইবাৰ ৰাধা ধৰ্ম নাৰায়ণৰ ওচৰলৈ গ'ল। তেওঁৰ সমুখত আঁঠুকাঢ়ি তাই ক'লে,
"ককা আপুনি কওক, মই কি তেনেকুৱা কাম কৰিম? কওক।"
অথনিৰে পৰা চকু মুদি থকা ধৰ্ম নাৰায়ণে এইবাৰ চকু মেলিলে আৰু লাহে লাহে ক'লে,
"তই বেয়া কাম কৰা নাই বুলি মইও জানো। কিন্তু ৰাজনীতিৰ দৰে এটা ক্ষেত্ৰত ইমান অসাৱধান কেনেকৈ হ'ব পাৰিলি? আজি গোটেই গোবিন্দপুৰে মোৰ সংস্কাৰলৈ আঙুলিয়াব। কাক কাক মুখ বন্ধ কৰিম মই?"
বৈ অহা চকুপানী খিনি মচি ৰাধাই ক'লে,
"মোক অলপদিনৰ সময় দিয়ক ককা। মই ঠিক কৰিম সকলো। মাত্ৰ অলপ সময় দিয়ক।"
লগে লগেই মনোহৰাই গৰগৰাই উঠিল,
"এতিয়া আৰু কৰিবলৈ কি বাকী থাকিল, ছোৱালী মানুহৰ জীৱন গাখীৰৰ দৰে তাত এটা দাগ পৰিলে সেয়া জীৱনটোলৈ থাকিব। এতিয়া পঢ়া শুনা বাদ দি বিয়াৰ কথা ভবাহে ভাল।"
ৰাধাৰ মুখখন কঠোৰ হ'ল। বচ, বহুত শুনিলে তাই। নিজৰে ভুল বুলি বহুত সহ্যও কৰিলে। এতিয়া আৰু নহ'ব। তাই থিয় হৈ মনোহৰালৈ চাই ক'লে,
"এই কথাটোৰ সুযোগ ল'ব পাৰিম বুলি ভুলতো নাভাবিব। হয়, মই সাৱধান হ'ব লাগিছিল। সেইটোৱেই মোৰ ভুল। কিন্তু তাৰ বাহিৰে মোৰ অইন ভুল নাই। ল'ৰাৰ লগত শুবলৈও মই যোৱা নাই। এতিয়া এই কথাটোৰ গইনা লৈ মোক ভাঙিব পাৰিম বুলি, মোক কথা শুনাই থাকিব পাৰিম বুলি ভুলতো নাভাবিব। মই এতিয়াও সেই ৰাধায়েই হৈ আছোঁ।"
ৰাধাৰ কথাৰ লগতেই বৈকুণ্ঠই ক'লে,
"মুখখন এতিয়াও নমৰে তোৰ। গোটেইখনত নাম শেষ কৰি আহিলি, চৰিত্ৰহীন চাল্লা।"
"চৰিত্ৰৰ কথা তই নক'বি অন্ততঃ। মিনিষ্টাৰৰ চুৱা চেলেকা কুকুৰে আমালৈ আঙুলি টোঁৱালে বেয়া দেখি। আৰু শুন, আজিয়েই এইটো কথাৰ মই কৈফিয়ত দিলোঁ। আৰু নিদিওঁ, যিটো ভুল মই কৰাই নাই তাৰ বাবে কথাও নুশুনো। ইয়াৰ পাছত যদি কোনোবাই এইটো লৈ এষাৰ কথাও মোক শুনাবলৈ আহে, সইত খাই কৈছোঁ মই কিন্তু কাকো সুদাই নেৰোঁ।"
কথাটো কৈ ৰাধা ভিতৰলৈ সোমাই গ'ল। কোনেও তাইক পুনৰ কিবা এষাৰ ক'বলৈ সাহস নকৰিলে। আচলতে কথাবোৰ এনেকুৱাই। পৃথিৱীখনে সদায় মানুহ দুৰ্বল হোৱালৈ চাই থাকে, দুৰ্বল হ'লেই বগৰাই পেলাব পাৰে। কিন্তু সৎ আৰু স্পষ্টবাদী মানুহলৈ এই বোকা ছটিওৱা পৃথিৱীখনে ভয় কৰে। যুক্তিৰে শালি পেলাব পাৰি সিহঁতৰ হিংস্ৰ হাতোৰা।
অসমীয়া বিভাগৰ নিজৰ ৰূমটোতে বহি আছে প্ৰাঞ্জল, অনুপম আৰু অঞ্জলিহঁত। ৰাধা এতিয়ালৈ আহি পোৱা নাই। সপোনে মাজতে এবাৰ ৰাধাৰ ঘৰৰ পৰা আহোঁ নেকি বুলি কৈছিল, কিন্তু প্ৰাঞ্জলে মানা কৰিলে। কথাবোৰ ইতিমধ্যে সকলোতে ওলাইছে। ৰাধাৰ ঘৰত চাগে কি অৱস্থা হৈছে ঠিক নাই। আজি তাই নাহিবও পাৰে। থাকক, দুই এদিন ঘৰতেই থাকক। এইফালে হৃষীকেশে পূৰাদমে নিৰ্বাচনী প্ৰচাৰত লাগিছে। ৰাধাৰ ঘটনাটোৰ সুযোগ লৈ আজি পুৱাৰ পৰাই কাম আৰম্ভ কৰিছে। কথাবোৰ পাতি থাকোতেই হুৰমুৰকৈ ৰাধা আহি সোমালহি। প্ৰাঞ্জলহঁতে তাইক কি বুলি নো ক'ব ভাবিব নোৱাৰিলে। কিন্তু সিহঁত সকলোকে আচৰিত কৰি ৰাধাই ক'লে,
"কি হ'ল ৰাইজ? চব মুখ ওন্দোলাই বহি আছে যে, কলেজে হৃষীকেশ জিকিল বুলি ঘোষণা কৰিয়েই দিলে নেকি?"
প্ৰাঞ্জলে তাইৰ ওচৰলৈ গৈ সুধিলে,
"তই ঠিকে আছ ৰাধা?"
"ধেই প্ৰাঞ্জল দা, ৰাধাক ইমান সহজে ভাঙিব নোৱাৰে। ৰিতুলহঁত পোৱালি ল'ৰা। এইবোৰ বাদ দিয়া। দুৱাৰখন জপোৱাচোন। অলপ কথা পাতিব লগা আছে।"
কোনোবা এটাই গৈ দুৱাৰ জপাই দিলে। ভিতৰত এতিয়া অকল ৰাধা, প্ৰাঞ্জল, অনুপম, জিতুমণি, সপোন, ৰঞ্জন, অঞ্জলি, কুলজিত, গীতালি। সকলোৱে চকী লৈ গোলকৈ বহিল। মাজতে ৰাধা থিয় হৈ ল'লে। সকলোকে এবাৰ চাই তাই ক'লে,
"খেলখন এতিয়া অলপ বেলেগ হ'ব। অনুপম দা, কালিৰ ঘটনাবোৰক লৈ কলেজে আজি কিবা একশ্যন ল'ব নেকি, মানে সিহঁতে টিছাৰকো মাৰিছিলতো। কিবা গম পাইছে নে?"
অনুপমে ক'লে,
"পাইছোঁ ৰাধা, শুনা মতে আজি কেইটামান ল'ৰাক কলেজৰ পৰা ৰেষ্ট্ৰিকেট কৰিব। আৰু সিদিনাৰ মিটিংখন আকৌ দিব। তাৰ আগতে কেণ্ডিডেটবোৰৰ চাগে এখন মিটিং হ'ব কমিটি আৰু কলেজ অথৰিটিৰ লগত।"
"আচ্ছা, সেইবোৰ বাৰু হৈ থাকিব। অনুপম দা, মোক এটা ইফৰ্মেশ্যন লাগে। হৃষীকেশৰ খুব বেছি ক্লোজ ল'ৰা এটাৰ নাম লাগে। কিন্তু এনেকুৱা হ'ব লাগিব, সি যে হৃষীকেশৰ লগত ভাল সেইটো বহুতেই গম নাপায়, কিন্তু হৃষীকেশে তাক বহুত কামত লগায়। আপুনি বুজিছে নে?"
"বুইছোঁ ৰাধা, আজি আবেলিৰ ভিতৰত মই জনাম তোক।"
"আবেলি? নাই নাই, ইমান সময় নাই। মোক দুপৰীয়াৰ ভিতৰতেই লাগে।"
অনুপমে অলপ চিন্তা কৰি ক'লে,
"ঠিক আছে, হৈ যাব। মই অলপ ওলাই যাওঁ ৰহ। চাওঁ গৈ ৰেহৰূপ।"
কথাটো কৈ অনুপম ওলাই গ'ল। ৰাধাই কি কৰিব খুজিছে কোনেও একো বুজি পোৱা নাই। প্ৰাঞ্জলে সুধিলে,
"মানে কি ভাবিছ তই ৰাধা? প্লেন কি?"
"চব গম পাব দাদা। অলপ ৰওক, সিহঁতেও বুজিব যে ভাল মানুহ যেতিয়া বেয়া হয়, তেতিয়া কিমান ভয়ংকৰ ভাবে বেয়া হ'ব পাৰে।"
ৰাধাৰ কথাত সপোনহঁতে ইজনে সিজনৰ মুখলৈ চালে। কোনেও তাইৰ সাঁথৰ যেন লগা কথাবোৰ বুজি নাপালেও এটা ঠিকেই অনুমান কৰিলে যে হৃষীকেশ আৰু ৰিতুলৰ খুব বেয়া অৱস্থা এটা হ'বলৈ গৈ আছে।
অনুপমৰ খবৰ সঠিক আছিল। কলেজৰ প্ৰিন্সিপালে তিনিজন ল'ৰা ৰেষ্ট্ৰিকেট কৰিলে শিক্ষকৰ গাত আঘাত কৰাৰ অপৰাধত। তাৰ পাছতেই মিটিং এখনো হ'ল, ৰাধাও গ'ল তালৈকে। ৰাধাক দেখি যে হৃষীকেশহঁত হতাশ হৈছিল সেয়া সিহঁতৰ মুখত ফুটি উঠিছিল। তলমূৰকৈ নিৰাশ হৈ ফুলা চকুৰে ৰাধাক দেখিম বুলি ভাবি থকা সিহঁতে ৰাধাৰ আত্মবিশ্বাস আৰু মুখৰ হাঁহি দেখি তবধ মানিছিল। কথাবোৰ এনেকুৱাই, মানুহে নিজে শক্তিশালী হ'ম বুলি ঠিৰাং কৰিলে পৃথিৱীৰ কোনো শক্তি নাই ভাঙিব পাৰে। দুপৰীয়া লাঞ্চ ব্ৰেকলৈকে সেইবোৰতে গ'ল। লাঞ্চৰ মাজতে অসমীয়া বিভাগৰ ৰুমত থকা ৰাধালৈ অনুপমে খবৰ আনিলে,
"বিকাশ, ফাৰ্ষ্ট চেম ফিজিক্সৰ বিকাশ চেতিয়া।"
ৰাধাই সুধিলে, "চিওৰ নে?"
"হাণ্ড্ৰেড পাৰচেণ্ট চিওৰ। ফিজিক্সৰ বাকী চিনিয়ৰবোৰতো আমাৰ লগতেই আছে, সেয়ে সিও আমাৰ ফালেই বুলিয়েই চবেই ভাবে। কিন্তু ডাঙৰ কথাটো হ'ল বিকাশ হেনো হৃষীকেশৰ স্কুল জুনিয়ৰো আছিল। এতিয়া হৃষীকেশে তাক পইচা দিছে বুলিও শুনিছোঁ।"
এনেতে প্ৰাঞ্জলে ক'লে,
"এক মিনিট, এই বিকাশেইতো সিদিনা আমাক সপোনহঁত ডিপাৰ্টমেণ্টত আছে বুলি কৈছিল। আৰু আমাক ৰুমত লক কৰা মানুহটো সিয়েই। লগত আৰু দুটা আছিল।"
তাৰ কথাত অনুপমেও হয়ভৰ জনালে। এইবাৰ কুলজিতে ক'লে,
"ব'লক, ইয়াৰ নাকটো ভাঙি থৈ আহোঁ।"
লগে লগে ৰাধাই ক'লে,
"নালাগে ৰহ। বাৰু, এই বিকাশ বোলাটোক এতিয়া পাম ক'ত?"
অনুপমেই উত্তৰটো দিলে,
"কেণ্টিনতে দেখি আহিছো। লগত খালী আৰু দুটা আছে, আমাৰ ডিপাৰ্টমেণ্টৰে আব্দুল আৰু সীমান্ত।"
"ঠিক আছে। প্ৰাঞ্জল দা, আব্দুলহঁতক তাৰ পৰা অলপ সময়ৰ বাবে মাতি অনাৰ বুদ্ধি এটা কৰকচোন। আৰু সপোন, মই বিকাশৰ লগত কথা পাতো মানে তই কেণ্টিনৰ দুৱাৰৰ ওচৰত থাকিবি। হৃষীকেশহঁতৰ কোনোবা অহা দেখিলেই মোক ইংগিত দিবি।"
ৰাধাৰ কথাত সপোনে হয়ভৰ দিলে। তাই কি কৰিব খুজিছে কোনেও ভালকৈ নুবুজিলেও খেলখন যে অলপ বেলেগ হ'ব সেয়া সকলোৱে গম পাইছে। সেয়ে তাইৰ কথা মানি গৈছে চবেই। প্ৰাঞ্জলে কামৰ বাহানা দি আব্দুলহঁতক মতাই আনিলে। সপোন আৰু ৰঞ্জন কেণ্টিনৰ দুৱাৰ মুখতে চাহ একাপ লৈ থিয় হ'ল। এইবাৰ ৰাধা গৈ চিংৰা আৰু চাহ একাপ লৈ বিকাশৰ কাষৰ টেবুলখনতে বহিলে। তাই বহা দেখি বিকাশ উঠি যাব লৈছিলেই, তেনেতে ৰাধাই মাত দিলে,
"বহচোন বিকাশ।"
সি ৰৈ গ'ল যদিও নবহিলে। এইবাৰ ৰাধাই থিয় হৈ ইফালে সিফালে চাই তাৰ কাণৰ ওচৰলৈ মুখখন নি সুধিলে,
"হৃষীকেশে কিমান টকা দিছে?"
বিকাশৰ চকু কেইটা ৰবাব টেঙাৰ দৰে হ'ল। এবাৰ সেপ ঢুকিলে সি। কুটিল হাঁহি এটা মাৰি ৰাধাই এইবাৰ তাক পানীৰ বটলটো দি ক'লে,
"খাই ল।"
বিকাশে পানী অকণ খালে। ৰাধাই পুনৰ ক'লে,
"সেইটো নো কি বেয়া কথা? ইলেকচনৰ দিনতে কেণ্ডিডেটৰ পৰা লুটি নল'লে আৰু কেতিয়া ল'বি? কচোন কিমান দিলে?"
এইবাৰ বিকাশ যেন অলপ মুকলি হ'ল। সি বহি ল'লে। লাজ লাজকৈ হাঁহি এটা মাৰি ক'লে,
"টকা পাঁচশ দিছে ৰাধা বাইদেউ।"
ৰাধাই সশব্দে হাঁহি উঠিল,
"কি যে হ'ব আমাৰ মানুহবোৰৰ। হেৰৌ এইকেইদিনেই ভাল চান্স, তাকো ভালকৈ উঠাব পৰা নাই। এইখন লচোন।"
এইবুলি ৰাধাই এহেজাৰ টকীয়া নোট এখন তালৈ আগবঢ়াই দিলে। বিকাশৰ চকুকেইটা জিলিকি উঠিল নোটখন দেখি। তথাপি সি ল'বলৈ লৈও ৰৈ গ'ল। ৰাধাই ইফালে সিফালে চাই তাৰ হাতত জোৰকৈ গুজি দিলে,
"একো নহয়, ল। মাত্ৰ মোৰ সৰু কাম এটা কৰি দে। কামটো হৈ গ'লে আৰু দিম।"
এইবাৰ যেন লাইনত আহি গ'ল বিকাশ। নোটখনত চুমা এটা খাই পকেটত ভৰাই থ'লে সি। তাৰ পাছত ক'লে,
"কওক না ৰাধা বাইদেউ, কি কাম লাগে কওক। মই আপোনাৰ টিমত এতিয়া।"
ৰাধাই হাঁহি এটা মাৰি ক'লে,
"নালাগে, তই হৃষীকেশৰ টিমতেই থাক। তাত থাকি মোৰ কাম কৰ। এতিয়া তোক কথা কেইটামান কওঁ, তই কেনেকৈ কি কৰিব লাগে সেইখিনি বুজি পাবি।"
তাৰ পাছতে ৰাধাই ফুচফুচাই বিকাশক কিবাকিবি ক'লে। বিকাশে দুই এটা বুজি নাপাই দুবাৰ সুধিলে, তাইও বুজাই গ'ল।ৰাধাৰ ভাগ্য ভাল যে সেই সময়ত কেণ্টিনত বেলেগ কোনো নাছিল। লাঞ্চ ব্ৰেক শেষ হোৱাৰ পাছত এনেও কেণ্টিন খালীয়েই থাকে। কথাখিনি কৈ হোৱাৰ পাছত ৰাধাই আকৌ এবাৰ ক'লে,
"আৰু মন কৰিবি, ৰিতুল আৰু হৃষীকেশ যাতে এই দুদিন একেলগ হ'ব নোৱাৰে। সিহঁত দুটাক অকলে থাকিবলৈ নিদিবিয়েই।"
"হৈ যাব বাইদেউ। আপুনি চিন্তা নকৰিব।"
"ঠিক আছে। এতিয়া যা, কাম হ'লে আৰু পাবি।"
দিলখুচ হাঁহি এটা লৈ বিকাশ ওলাই গ'ল কেণ্টিনৰ পৰা। সি যোৱাৰ পাছতে সপোনে আহি ৰাধাক সুধিলেহি,
"আচলতে তই কৰিব কি খুজিছ?"
বিশেষ কুটিল হাঁহিটো মুখত লৈ ৰাধাই ক'লে,
"চব গম পাবি ৰহ, বেটাই পলিটিক্স কৰেতো! পলিটিক্স কাক কয়, মই শিকাই আছোঁ তাক।"
কথাটো কৈ তাই কেণ্টিনৰ পৰা ওলাই গ'ল। পিছে পিছে সপোনহঁতো।
"মেম, আপুনি গোটেই ৰাতি ইয়াতে থাকিল!"
হঠাৎ আয়েশাৰ মাতত উপন্যাসৰ জগতৰ পৰা ঘূৰি আহিল সন্ধ্যা। উফ.. কি যে আচৰিত ৰাগি উপন্যাসৰ। বাস্তৱৰ পৰা কি আচৰিত ধৰণে লৈ যায় হাতত ধৰি! গোবিন্দপুৰৰ স্নেহালয়, কলেজৰ ৰাজনীতি, ৰাধা কানাই শৰৎ এইবোৰৰ মাজত থাকোঁতে সন্ধ্যাই ইমান সময়ে পাহৰিয়েই গৈছিল যে তাই নাৰ্ছিংহোমত ৰোগী ৰখিবলৈহে আহিছিল। কিতাপখন পঢ়ি থাকোতে কেতিয়া নো ৰাতি পুৱাল গমেই নাপালে তাই। আয়েশা এতিয়া সম্পূৰ্ণ সুস্থ। তাইৰ মূৰত হাত ফুৰাই দিলে সন্ধ্যাই। নাৰ্ছ আহি জনালে অলপ পাছতে ৰিলিজ দিব। সন্ধ্যাই বাথৰুম গৈ মুখ ধুম ভাবিছিলহে, এনেতে অনুৰণ আৰু অন্তৰা সোমাই আহিল। সন্ধ্যাৰ টোপনি ক্ষতি হোৱা মুখখন দেখি অনুৰণে ক'লে,
"ঘৰলৈ যোৱা, অলপ শুই দিয়া গৈ।"
অন্তৰাইও হয়ভৰ দিলে। অন্তৰাৰ হাতত টকা কেইটামান ফিজৰ বাবে গুজি দি সন্ধ্যা ওলাই আহিল অনুৰণৰ লগত। বাহিৰলৈ আহি অনুৰণে ক'লে,
"মই আজিও যাব লাগিব।"
"আজিতো চান ডে'!"
"য়েছ, কিন্তু কাম আছে। সেই যে নাৰী দেহ ব্যৱসায়ীৰ চক্ৰটো, আজি তাৰেই অলপ কাম।"
অনুৰণ বহুদিনৰ পৰাই মহানগৰত হৈ থকা নাৰী দেহ ব্যৱসায়ীৰ চক্ৰ এটা উদ্ধাৰৰ বাবে লাগি আছে। সন্ধ্যাই বুজি পাই, সেয়ে বিশেষ একো নক'লে। অনুৰণে তাইক এপার্টমেণ্টৰ গেইটলৈকে আগবঢ়াই দিলে। গাড়ীৰ পৰা সন্ধ্যা নামোতেই সি পুনৰ ক'লে,
"মোৰ অহা ৰাতি দেৰি হ'ব ৰুণ। ডিনাৰ বাহিৰতে কৰিম।"
"একো নাই, খোৱা বোৱা সময়ত কৰিবা মাত্ৰ।"
কথাটো কৈ সন্ধ্যা ভিতৰলৈ সোমাই গ'ল। সমুখৰ ৰুমৰ চোফাতে শাহুয়েকে অপেক্ষা কৰিয়েই আছিল তাইলৈ। সোমোৱাৰ লগে লগেই প্ৰশ্নবান,
"বাবাৰ আজি দেওবাৰেও কি কাম ওলাল হে?"
"কিবা এটা অপাৰেচনৰ কাম মা।"
কথাটো কৈ সন্ধ্যা নিজৰ ৰুমলৈ যাওঁতেই শাহুয়েকৰ আন এটা বাক্য কাণত পৰিলহি,
"ঘৰত অশান্তি পাই থাকিলে বন্ধতো কাম উলিয়াই ল'বই আৰু!"
কিন্তু ৰুমত সোমোৱাৰ লগে লগে সন্ধ্যাৰ শাহুয়েকৰ কথাইও আঘাত নকৰা হ'ল। তাইৰ বিয়াৰ এলবাম সিঁচৰতি হৈ পৰি আছে বিচনাত। তাৰ মানে, অনুৰণে গোটেই ৰাতি তাইৰ ফটো চায়েই পাৰ কৰিলে! এজাক বতাহে যেন চুই গ'ল সন্ধ্যাক। এইখিনি মৰমৰ বাবে গোটেই সংসাৰৰ বিহ হাঁহি হাঁহি পি দিব পাৰিব তাই। ৰূমটো চিজিল কৰি গা ধুলে সন্ধ্যাই। তনয়া বোলে ৰাতিপুৱাই ঘৰলৈ গ'ল। বিশেষ একো নুসুধি দিনটো শাহুয়েকৰ লগতে পাৰ কৰিলে তাই। মাজতে অনুৰণৰ এটা মেছেজ, "লাঞ্চ কৰিলা?"
গতানুগতিক ভাবে দিনটো পাৰ কৰি নিশা খোৱাৰ আয়োজন কৰিলে সন্ধ্যাই। তাৰ মাজতে শাহুয়েকে অনুৰণে যে কিবা দুখতহে ঘৰলৈ নহাকৈ আছে সেয়া শুনাবলৈ নাপাহৰিলে। সন্ধ্যাই বিশেষ মন নিদিলে।
এন্ধাৰবোৰে গিলি আছে বেলকণিটোক। তলৰ ৰাস্তাত এতিয়াও চলি থকা গাড়ীৰ হৰ্নৰ শব্দই এন্ধাৰবোৰৰ সৈতে কথা পাতিছেহি। মাজে মাজে বৰলুইতৰ পৰা বলা পাতলীয়া বতাহ এজাকে বেলকণিৰ উইনচাইনটোত কোবাই টিং টিং মৃদু শব্দ এটা কৰিছে। এপার্টমেণ্টটোৰ তলত থকা হাচনাহানাৰ গোন্ধ ভাঁহি আহিছে। তাৰেই চুইং চেয়াৰখনত বহি আছে সন্ধ্যা। হাতত একাপ কফি আৰু কাণত এয়াৰ ফোন। অনুৰণ এতিয়াও আহি পোৱা নাই। কিন্তু সি যেন তাইৰ সমুখতে ৰৈ হে আছে। আচলতে কেতিয়াবা কোনোবা আমাৰ কাষত নথকাকৈও আমাৰ লগতে থাকে। সিমানখিনি লগত চাগে তেওঁ কাষত থাকিলেও নাথাকে। এইখিনি সময়তে সন্ধ্যাই অনুৰণৰ সৈতে ঘূৰি যায় পুৰণা ইউনিভাৰ্চিটিৰ দিনবোৰলৈ। সেই যে ক্লাছ বাংক মাৰি ফুৰিবলৈ গুচি যোৱা, সন্ধিয়া অহা তাৰ মেছেজটো, "ওলাই যাওঁ ব'লা", উফ.. কেনে মায়াময় সময় আছিল সেয়া। আৰু এতিয়া? নাই নাই, অনুৰণ সলনি হৈছে বুলি ক'ব নোৱাৰে সন্ধ্যাই। সলনিতো তাই হে হ'ল। জীৱনটোৱে চেপি খুন্দি সলাই পেলালে সন্ধ্যাক। আগৰ সেই সৰু সৰু দুষ্টালিবোৰ, অকণ অকণ ধেমালিবোৰ এতিয়া আৰু ক'ত! তাৰ পাছতো তাই ৰৈ থাকে, অনুৰণৰ সৈতে এটা এটা মুহূৰ্ত পাৰ কৰিবলৈ আজিও তাই ব্যাকুল সৌ তাহানিৰ দৰে। কত ৰাতি অনুৰণৰ অহা পলম হ'লেও তাই ৰৈ থাকে এইদৰে বেলকণিতে। অনুৰণে বহুবাৰ কৈছে, তুমি শুই দিবা। কিন্তু সন্ধ্যা সদায় ৰয়। দিনটো ক্লাছ আৰু মহানগৰৰ ব্যস্ততাত টোপনিও ধৰে সঁচা। কিন্তু অনুৰণৰ লগত সময় কটোৱাৰ সেই মাদকতাখিনিতকৈ তাইৰ টোপনি ইমান শক্তিশালী নহয়। সঁচাই, দিনটোৰ শেষত আমাৰ কেৱল আমাৰ বাবে যদি কোনোবা ৰৈ থাকে ন, গোটেই দিনটোৰ যুঁজখন সহজ হৈ পৰে! গোটেই পৃথিৱীৰ পৰা আঁতৰি মানুহক এখন বিশেষ পৃথিৱী লাগে। দিনটোৰ গল্প শুনাব পৰা, আমাক আৱৰি ধৰিব পৰা, এখন মৰমৰ পৃথিৱী। সন্ধ্যা সেইবাবেই ৰয়, তাইৰ পৃথিৱীখনৰ বাবে।
এনেতে সন্ধ্যাৰ মোবাইলটো বাজি উঠিল। অনুৰণে কৰিছে,
"পালোহি, দুৱাৰ খোলা"
শাহুয়েক আৰু মনুহঁত শুই আছে বাবে তাই তাক কলিং বেল বজাবলৈ মানা কৰিছিল। ভাৱনাৰ সাগৰৰ পৰা গৈ দুৱাৰ খুলি দিলে সন্ধ্যাই। অনুৰণ সোমাই আহিল। আহিয়েই বাথৰুম সোমাল। সি গা ধুই আহে মানে তাই চাহ একাপ কৰিলে।
"ৰুণ, মোৰ সৰু টাৱেলখন ক'ত?"
চাহ কাপ ডাইনিংতে থৈ সন্ধ্যা বেডৰুম পালেগৈ। অনুৰণক মূৰ মচিবলৈ সৰু টাৱেলখন দিবলৈ লওঁতে সি চুলিবোৰ তাইৰ সমুখত জোকাৰি দিলে। গোটেই পানীয়ে তিয়াই পেলালে সন্ধ্যাৰ মুখ।
"কিহে পাইছে ৰাতিখন?"
"প্ৰেমে"
হাঁহি হাঁহি বিচনাত বহিল সন্ধ্যা। কি যে হ'ব এই ল'ৰাটোৰ! অনুৰণে চাহকাপ আনি বিচনাতে উঠি ক'লে,
"আচ্ছা শুনা না"
"কোৱা"
"ওলাই যাওঁ ব'লা"
সন্ধ্যাই আচৰিত হৈ তালৈ চালে,
"মানে?"
"মানে ওলাই যাওঁ অলপ গাড়ীতে। ব'লা।"
"কিবা হৈছে নেকি, এই ৰাতিখন। মাহঁত আছে তাতে।"
"আৰে মাহঁত শুই থাকক আকৌ, আমি আহি যামতো। আৰু এইখন গুৱাহাটী হয়, ইয়াত কি দিন কি ৰাতি!"
"হ'লেও দিনটো ইমান ভাগৰত আহি এতিয়া আকৌ তুমি..."
সন্ধ্যাৰ শেষ নহওতেই অনুৰণে ক'লে,
"ভাগৰ লাগিছে বাবেইতো কৈছোঁ, মাজনিশা মহানগৰৰ শান্ত পথ, মাজে মাজে বতাহ, গাড়ীত ৰোমান্টিক গান, লং ড্ৰাইভ আৰু কাষত তুমি, উফ.. আৰু কি লাগে ভাগৰ মাৰিবলে।"
সন্ধ্যাই হাঁহি উঠিল জোৰেৰে,
"তুমি সঁচাকৈ পাগল ৰণ।"
"সেইবোৰ বাদ দিয়া। যোৱা যোৱা ওলোৱা।"
সঁচাই, ইউনিভাৰ্চিটিত পঢ়ি থাকোতে অনুৰণক চিনি পোৱা বহুতেই এতিয়া এই প্ৰেমিক স্বামীজনক দেখিলে যে একেজনেই মানুহ বুলি বিশ্বাসেই নকৰিব। সন্ধ্যাই বুজি পাই, তাইক ভালে ৰাখিবলৈকে অনুৰণৰ চেষ্টা থাকে সদায়।
অনুৰণে জোৰকৈ তাইক হাতত ধৰি উঠাই দিলে আৰু নিজেও এটা ট্ৰেক পেণ্ট আৰু স্পৰ্টিং পিন্ধি ল'লে।
সন্ধ্যাই শাৰী এখন উলিয়াইছিল। অনুৰণে দেখি ক'লে,
"অ' হেল্ল' মিছেছ হাজৰিকা, আপোনাক বিয়া খাবলৈ লগ ধৰা নাই মই।"
"মানে?"
"মানে শাৰী থোৱা, জিনছটো লোৱা।"
"কিবা হৈছে নেকি তোমাৰ? মা আছে ঘৰত।"
"তোমাক মাৰ লগত যাবলৈ কোৱা নাইতো মই। আমি ওলাই যাম, মা শুই আছে তোমাক নেদেখেও। এতিয়া যে এই টিপিকেল বোৱাৰী লুক নল'বা আৰু প্লিজ।"
সন্ধ্যাৰ হাঁহি উঠিল তাৰ কথাত। অগত্যা তাই শাৰীখন সামৰি থ'লে। আকাশী ৰঙৰ জিনছটো পিন্ধিলে। গাত অ'ভাৰ চাইজ স্পৰ্টিং এটা।
"ডেটছ মাই গাৰ্ল, এতিয়া এইটোও পিন্ধি লোৱা।" বুলি অনুৰণে তাইক টুপী এটা পিন্ধাই দিলে। সন্ধ্যাই হাঁহি হাঁহি ক'লে,
"হে প্ৰভু, ইউনিভাৰ্চিটিত পঢ়ি থকাৰ নিচিনা লাগিছে নিজকে।"
"কথাটো তেনেকুৱাই সন্ধ্যা। সময়বোৰ হেৰাই নাযায় জানা, আমিহে সময়বোৰ আগৰ দৰে জীয়াবলৈ পাহৰি যাওঁ।"
অনুৰণৰ কথাত তাৰ ফালে চাই ৰ'ল সন্ধ্যাই। এৰাতো, অলপ আগতেতো তাই সেই পুৰণা কথাই ভাবি আছিল। সময়বোৰ ঘূৰাই নোপোৱাৰ কথা ভাবি আছিল। কিন্তু এই যে আমি কিবা এটা ঘূৰাই নাপাওঁ বুলি দুখ কৰোঁ, আচলতে বস্তুটো ঘূৰাই পাবলৈ চেষ্টা কিমান কৰোঁ বাৰু!
"ঐ, কি ভাবিব লাগিলা। ব'লা।"
অনুৰণে তাইক ঠেলি নিয়াৰ দৰে লৈ গ'ল। সিহঁত গৈ অনুৰণৰ গাড়ীত বহিল গৈ। ইউনিভাৰ্চিটিৰ সময়ৰে পৰাই অনুৰণৰ গাড়ীৰ প্ৰতি সাংঘাতিক চখ। চাকৰিৰ পাছত যেতিয়া এই গাড়ীখন লৈছিল, নিজৰ ঘৰৰহে যেন কোনোবা এইদৰে ব্যৱহাৰ কৰিছিল। গাড়ীখন অনুৰণ আৰু সন্ধ্যা দুয়োৰে বাবে যেন এক কমফোৰ্ট জ'ন। কত সন্ধিয়া ইয়াত বহিয়েই সন্ধ্যাই উচুপি উঠিছে। কত নিশা মহানগৰৰ নিজান ঠাইত অনুৰণৰ ওঁঠত গুজি দিছিল তাইৰ ওঁঠ। কত আবেলি কান্দি কান্দি লেবেজান হৈ পৰা সন্ধ্যাক সামৰি ৰাখিছিল অনুৰণে ইয়াতেই। গাড়ীখনে যেন সিহঁতৰ বাবে এখন সুকীয়া পৃথিৱী গঢ়ি দিয়ে। আৰু সিহঁত সেই পৃথিৱীৰ সঞ্জীৱনী সুধাৰে সাজু হয় ব্যস্ততাৰে ভৰা কংক্ৰীটৰ পৃথিৱীখনলৈ।
গাড়ীত বহিয়েই অনুৰণে লগাই দিছিল বিশেষ গান এটা,
"মই আকাশ চুবলে বিচাৰো
তুমিও লগতে যাবা নে,
মই জীৱন সজাব খুজিছোঁ
তুমি মোৰ লগৰী হ'বা নে"
শেহতীয়াকৈ এই গানটো সিহঁতৰ খুব প্রিয় হৈছে। কথা পাতি পাতি সিহঁত আগুৱাই গ'ল নিশাৰ মহানগৰীৰ বুকুলৈ। নিশা গুৱাহাটীয়ে এক অন্য ৰূপ লয়। এফালে যদি ভয়াৱহতা আনফালে কিন্তু অনাবিল প্ৰশান্তি। ৰাজপথবোৰে নিতাল মাৰি শুই পৰে। অ'ভাৰ ব্ৰিজবোৰে যেন দিনটোৰ কাহিনীবোৰ আওৰাই ষ্ট্ৰীট লাইটবোৰৰ আগত। এবাৰ সন্ধ্যাই সুধিলে,
"ৰণ, আমি যাম ক'লৈ?"
"তাকেই ভাবিছোঁ ৰ'বা।"
অলপ গৈ অনুৰণে ক'লে,
"গুৱাহাটী ইউনিভাৰ্চিটি যাবা?"
"ইউনিভাৰ্চিটি? এতিয়া?"
"অ, টি ইউ নেহি ত' জি ইউ হি চহি।"
খিলখিলাই হাঁহি উঠিল সন্ধ্যাই। অৱশ্যে কৃষ্ণচূড়া ডট কম চাই সিহঁতৰ জি ইউ লৈ বেলেগ এটা মোহ জাগি গৈছিল। অনুৰণৰ গাড়ী আগবাঢ়িল জালুকবাৰীৰ ফালে।
"আৰু কোৱা, দিনটো কি কৰিলা আজি?"
গাড়ী চলাই থকাৰ মাজতে এখন হাতেৰে সন্ধ্যাৰ হাতখন ধৰি অনুৰণে সুধিলে,
"কি নো কৰিম আৰু, চান ডে'! অলপ চাফা তাফা কৰিলোঁ মনুৰ লগত। মাক ইভনিং এপাক উগ্ৰতাৰা লৈ নিলোঁ। আমাৰ এপাৰ্টমেণ্টৰে আনিমা বাইদেৱে মাতি আছিল যে, আহোঁতে তাতো সোমালো।"
"আচ্ছা, ছৰী! চান ডে'টোও বাহিৰতে গ'ল মোৰ।"
"ধেই, কি যে ফৰ্মেলিটি তোমাৰ। মই যেন আজিহে ফাৰ্ষ্ট পাইছোঁ তোমাক।"
"মোৰ কিন্তু সদায় তোমাক নতুনকৈ পোৱা যেনেই লাগে।"
অনুৰণে সন্ধ্যালৈ চাই ক'লে। একো কোৱা নাছিল সন্ধ্যাই। ভালপোৱাৰ শব্দ যেন তাই হেৰুৱাই পেলাইছে। কিমান শব্দৰে সামৰিব পাৰি অনুৰণৰ ভালপোৱাক, কিমান কথাৰে আদৰিব পাৰি অনুৰণৰ আকুলতাক, সন্ধ্যাই আজিলৈকে নাজানিলে। উপন্যাসত প্ৰেমৰ কাহিনী লিখা সন্ধ্যাৰ বাবে নিজৰ প্ৰেমিকজনৰ প্ৰতি যেন শব্দ হেৰাই যায় বাৰে বাৰে।
"পাই গ'লো মামাৰ জেগা।"
কথাৰ মাজতে অনুৰণে ক'লে। তাৰ কথাৰ অৰ্থ প্ৰথমে বুজি নাপাই সন্ধ্যাই সমুখলৈ চাই দেখিলে সিহঁত জালুকবাৰী পালেহি। তেতিয়াহে আচল অৰ্থটো বুজি পাই হাঁহি উঠিলে তাই। সিহঁত আগবাঢ়িল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালে। গেইটত চিকিউৰিটি দেখি সন্ধ্যাই ক'লে,
"উভতাই লোৱা।"
"ধেই ৰ'বা, আহিছোঁ যেতিয়া ইউনিভাৰ্চিটিত এপাক ঘূৰিহে যাম।"
"কিবা হৈছে নেকি ৰণ? চিকিউৰিটি আছে ইয়াত। উভতি যাওঁ ব'লা ইয়াৰ পৰাই।"
"আৰে, মনে মনে থাকা না। মই কৈ আছোঁ কি ক'ব লাগে?"
"কিন্তু..."
"চু...! অলপ তলমূৰ কৰা খালী।"
অগত্যা সন্ধ্যা মনে মনে থাকি মূৰ তল কৰিলে আৰু টুপীটো আগলৈ আনি ল'লে। গেটৰ মুখতে চিকিউৰিটিয়ে ৰখালে। স্পৰ্টিং আৰু টুপী পিন্ধি থকা সন্ধ্যাক হয়তো তেওঁলোকে ল'ৰা বুলিয়েই ভাবিছিল। গাড়ীৰ গ্লাছ নমাই দিয়াত এজন আগবাঢ়ি আহি অনুৰণক সুধিলে,
"ক'লৈ যাব?"
সন্ধ্যাই আঁৰ চকুৰে অনুৰণলৈ চালে, তাইৰ খঙো উঠিছিল। কিহে পাইছিল বাৰু ইয়াক আজি! এনেতে তাইক আচৰিত কৰি অনুৰণে মূৰটো একেবাৰে হাওলাই দি মুখত একদম পূৰ্ণ হাঁহি এটা লৈ অলপ লেনিয়াই ক'লে,
"হোওওচচ....টেএএএএএললল..."
তাৰ সুৰ শুনি সন্ধ্যাৰ চকু কপালত উঠিল। কি ল'ৰা এইটো! এইবাৰ ভয়ে ভয়ে গাৰ্ড জনলৈ চালে তাই, শেষ আজি দিলে আৰু! কিন্তু তাইক আৰু আচৰিত কৰি গাৰ্ডজনেও মনোমোহা হাঁহি এটা মাৰি ক'লে,
"ঠিক আছে দাদা, যাওক।"
তাৰ পাছত উভতি গৈ লগৰ গাৰ্ডজনক ক'লে,
"দাদাহঁত আহিছে, হোষ্টেল যাব হেনো।"
অনুৰণৰ গাড়ী আগবাঢ়িল খৰ গতিৰে। না সন্ধ্যাই কিবা কৈছে না অনুৰণে। কিছু দূৰ আগুৱাই গৈ গাড়ীখন ৰ'ল। সন্ধ্যাই অনুৰণলৈ চালে, সিও চালে তাইলৈ। এক কি দুই চেকেণ্ড, তাৰ পাছত হাঃ হাঃ কৈ হাঁহিত ফাটি পৰিল দুইটা একেলগে। সিহঁতৰ হাঁহিৰ কোবত যেন গাড়ীখনো কঁপি উঠিছে। হাঁহি হাঁহি অৱস্থা নাই সন্ধ্যাৰ,
"কি আচৰিত মানুহ ৰে তুমি!"
অনুৰণেও হাঁহি হাঁহি উত্তৰ দিলে,
"আজি বুজি পালাতো!"
ভাগৰি যোৱাকৈ হাঁহি ল'লে সিহঁতে। তাৰ পাছত পুনৰ গাড়ী আগবাঢ়িল। এনেতে অনুৰণে ক'লে,
"এক মিনিট, জি ইউত আহিম আৰু এইটো গান নুশুনিম হ'ব পাৰে নেকি?"
এইবুলি সি কৃষ্ণচূড়া ডট কমৰ সেই বিশেষ গানটো লগাই দিলে,
"অ' অ' অ' জোন,
ওলাই আহা চোন,
চাওঁ তোমাক এবাৰ,
নকৰাচোন অভিমান..."
লগে লগে গানটো গাইও গ'ল সি। গানৰ লগে লগে গাড়ী পুনৰ আগবাঢ়িল জি ইউৰ কেম্পাছত। ফুলি থকা কৃষ্ণচূড়াবোৰে চৌহদটোত নতুন ৰং সানিছে। সন্ধ্যাই চাই গ'ল গছবোৰলৈ, কিমান চাগে কাহিনীৰ সাক্ষী জি ইউৰ প্ৰতিজোপা কৃষ্ণচূড়া! গৈ থাকোঁতে সন্ধ্যাই দেখিলে ল'ৰা এজনে হাঁহি হাঁহি ফোনত কথা পাতি পাতি গৈ আছে। এইখিনি সময়ত তাইৰো মন গ'ল, বয়সৰ শিকলিডাল খুলি অলপ দুষ্ট হ'বলৈ। অনুৰণক চাউণ্ডটো কমাবলৈ দি তাই গাড়ীৰ গ্লাছখন খুলি চিঞৰি উঠিল,
"মাইনা, দেৰিলৈকে কথা পাতি নাথাকিবা। টোপনি ক্ষতি বেয়া কথা।"
লগে লগেই অনুৰণে গ্লাছখন উঠাই দি গাড়ীৰ স্পীদ দিলে। সন্ধ্যাক দবিয়াই উঠিল সি,
"কি পাগল ছোৱালী ভাই! কোনোবাই যদি চিনি পাই তোমাক, কি হ'ব ভাবি চাইছা? এচিষ্টেণ্ট প্ৰফেছৰ হৈ ল'ৰা জোকাইছে চা, তাতে আকৌ জনপ্ৰিয় সাহিত্যিক।"
বেচেৰাৰ অৱস্থা দেখি খিলখিলাই হাঁহি উঠিল সন্ধ্যাই,
"আৰে জি ইউত আহি যদি এবাৰ মাইনা বুলি চিঞৰ এটাই মৰা নাই, তেন্তে মজাই নালাগে।"
অনুৰণৰো হাঁহি উঠিল তাইৰ কথাত,
"উফ, কথা শুনাচোন।"
চৌহদটোৰ সিটো মূৰত গৈ সিহঁতৰ গাড়ীখন ৰৈ গ'ল। গাড়ীৰ পৰা নামি আহিল সিহঁত। পাতলকৈ বতাহ এছাটি বলি আছিল। কৃষ্ণচূড়াৰ দুই এটা পাত আৰু পাহি সৰি আছিল। মাজে মাজে দুই এটা কুকুৰৰ ভোক ভুকণি আৰু জিলিৰ জি জি শব্দ এটা। গাড়ীতে আউজি ৰ'ল সিহঁত। অনুৰণে সন্ধ্যালৈ চাই আছিল একেথৰে। তাই সুধিলে,
"কি চাইছা?"
"তুমি সলনি হোৱা নাই জানা সন্ধ্যা। এতিয়াও সেই তেতিয়াৰ ছোৱালীজনীয়েই হৈ আছা।"
সন্ধ্যাই একো নকৈ তলমূৰ কৰিলে মাত্ৰ। অনুৰণে আকৌ ক'লে,
"সময়ে অলপ কষ্ট দিব পাৰে তোমাক। কিন্তু সলাই পেলাব নোৱাৰে। মাত্ৰ সেই কষ্টবোৰক তুমি নিজেই আদৰণি নজনাবা প্লিজ।"
সন্ধ্যাই অনুৰণৰ চকুলৈ চাই সুধিলে,
"মই তোমাকো কষ্ট দিছোঁ ন ৰণ?"
"তোমাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত মোৰ বাবে থেৰাপী হয় ৰুণ। মোক মাত্ৰ এই হাঁহি ধেমালি কৰা উৎপতিয়া সন্ধ্যাজনী ঘূৰাই দিয়া, বাকী একোৱেই নালাগে।"
সন্ধ্যাৰ চকুত ভিৰ কৰিছিলহি পানীৰ টোপালবোৰে। অনুৰণে তাইৰ মুখখন দুয়োহাতেৰে ধৰি ক'লে,
"আমাৰ মাজত আমাৰ ভালপোৱাবোৰ আছে। আমাক সম্পূৰ্ণ কৰিবলৈ ইয়াতকৈ বেছি কি লাগে কোৱা।"
সন্ধ্যাই একো নকৈ কেৱল আঁকোৱালি ধৰিলে অনুৰণক। সিও আলফুলে সাৱটি ল'লে তাইক বুকুৰ মাজত। কেতিয়াবা মৰমবোৰ ইমানেই গভীৰ হয় যে কোনো শব্দই ইয়াক সামৰিব নোৱাৰে। তেতিয়া মাত্ৰ অনুভৱৰহে প্ৰয়োজন হয়, কেৱল নীৰৱ অনুভৱৰ। কেই মুহূৰ্তমান তেনেকৈয়ে ৰ'ল সিহঁত। সিহঁতৰ মৰমত কাষৰ কৃষ্ণচূড়া জোপাত লাগি থকা ফুলপাহৰ পাহি এটিও সৰি পৰিছিল। ঠিক তেনেতে এটা চিঞৰ,
"মাইনা, এনেকৈ মৰম কৰিব নাপাই নহয়। গাড়ীৰ ভিতৰলৈ গৈ লোৱা।"
লগে লগেই এজাক প্ৰাণ চঞ্চল হাঁহি। কথাত মচগুল হৈ থকা অনুৰণ আৰু সন্ধ্যাই গমেই পোৱা নাছিল সিহঁতৰ ফালে আহি থকা ল'ৰাৰ জাকটো। লগে লগেই দৌৰা দৌৰিকৈ গাড়ীত উঠিলে সিহঁত। অনুৰণে গাড়ী ঘূৰাই স্পীদ দিলে। এনেতে আকৌ এটা চিঞৰ,
"লাজ কৰিছে, মাইনাহঁতে লাজ কৰিছে।"
লগতে আকৌ হাঁহি। গাড়ীৰ ভিতৰত যেন সন্ধ্যাৰ গালতো এপাহ কৃষ্ণচূড়া ফুলিছে। কৃত্ৰিম খঙেৰে তাই অনুৰণক ক'লে,
"চব তোমাৰ কাৰণে হৈছে।"
"আৰে আৰে, নিজেই কৈছিলাচোন, জি ইউত মাইনা বুলি চিঞৰিলেহে মজা লাগে। এতিয়া?"
সন্ধ্যাই একো নকৈ অনুৰণৰ বাহুত হাতটো থৈ মাত্ৰ ক'লে,
"থেংক ইউ ৰণ।"
অনুৰণে গাড়ী চলোৱাৰ মাজতে তাইৰ ফালে হাওলি কপালত চুমা এটা আঁকি দি ক'লে,
"আছোঁতো মই।"
গাড়ীয়ে জি ইউৰ গেইট পাৰ হৈ পুনৰ উজান বজাৰৰ দিশেৰে আগবাঢ়িল। গাড়ীত বাজি আছিল তেতিয়াও,
"জোনাকী পৰুৱা হৈ তোমাকে মৰম দিবলৈ,
উৰে মন আজি তোমালৈ,
পখিলাটি হৈ অভিমান ভাঙিবলৈ...
অ' অ' জোন, ওলাই আহাচোন....."
(আগলৈ)
Comments
Post a Comment