ৰাধা : ২৬
#ৰাধা
Part 26
কেতিয়াবা কিছুমান সময় আমাৰ বাবে ইমান বেছি আপোন হৈ আহে যে সময়খিনি পাৰ হোৱাৰ পাছত গোটেই পৃথিৱীখনেই অচিনাকি হৈ যায়। যোৱা নিশা অনুৰণৰ লগত গাড়ীত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা অহাৰ পাছত আজি সোমবাৰৰ ৰাতিপুৱাটো যেন মনটো বহাব পৰা নাই সন্ধ্যাই। সময়খিনি তেনেকৈয়ে ধৰি থ'ব পৰা হ'লে!ৰাতিপুৱাৰ ন বজাৰ ক্লাছটোও কৰোঁ নকৰোঁকৈ কৰালে। অৱশ্যে ষ্টুডেণ্টও বেছি নাথাকে এইটো ক্লাছত। সোমবাৰৰ ৰাতিপুৱা এনেও সকলোৰে বাবেই যেন এক এলাহ। ইয়াৰ পাছত আজি দুটা ক্লাছ তাইৰ অফ। মাজতে অনুৰণলৈ ফোন কৰিবলৈ মন গৈছিল যদিও নকৰিলে। তাই জানে, এই কেইদিনমানৰ পৰা অনুৰণৰ সাংঘাতিক ব্যস্ততা। তাৰ ভাষাত, "মূৰ গেলি যোৱাকৈ ব্যস্ততা"। এৰা, মহানগৰত প্ৰশাসনিক বিষয়া হোৱাটো কেতিয়াবা নিজৰ ওপৰত এক বোজা যেনহে লাগে। তাৰ লগত কথা পাতিলে তাই গম পাই এই ৰংচঙীয়া চহৰখনত কিমান যে ভয়ংকৰ মানুহ ঘূৰি ফুৰিছে। কফি একাপ খাই লৈ মনৰ ভাৱনাবোৰ এৰাবলৈকে সন্ধ্যাই মেলি ল'লে "ৰাধা"
"ৰাধা, তই বাৰু বেছি ভয়ানক কিবা কৰিবলৈ লৈছ নেকি? চা, সিহঁতৰ লগত কথা বতৰা পাতিলেও কিজানি সকলো ঠিক হ'লহেঁতেন!"
ৰাধাহঁত কেণ্টিনৰ পৰা ওলাই গৈ থাকোঁতে সপোনে ক'লে। সি ৰাধাৰ সৰুৰে পৰাই স্বভাৱ কেনেকুৱা জানে। যিজনী ছোৱালীয়ে নিজৰ খুৰাকলৈ জ্বলি থকা কাঠখৰি দলিয়াই দিব পাৰে, তাই ইমান লেতেৰা অপমানৰ প্ৰতিশোধ ল'বলৈ কোনটো পৰ্যায়লৈ যাব পাৰে সেয়া এই কলেজত কোনেও কল্পনাও কৰিব নোৱাৰিব। ৰাধাৰ খঙো সি চিনি পায়। কিন্তু ইমানখিনি হৈ যোৱাৰ পাছতো তাই যি শান্ত হৈ আছে, এই শান্ত ৰূপৰ পাছত যে ধুমুহা আহিব তাৰ উমান সপোনে লাহে লাহে পাইছে। সেয়ে সি কওঁ নকওঁকৈ ৰাধাক কথাটো কৈছিল। উত্তৰত ৰাধাই মাত্ৰ হাঁহি মাৰি ক'লে,
"অকল কথাৰেই সকলো ঠিক হোৱা হ'লে, শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ কেতিয়াও হ'বলৈ নিদিলেহেঁতেন। শ্ৰীৰামেও লংকা ধ্বংস নকৰিলেহেঁতেন।"
"তাৰমানে? তই কি কৰিবি, কুৰুক্ষেত্ৰ নে লংকা দহন?"
হাঃ হাঃ কৈ হাঁহি হাঁহি ৰাধা ডিপাৰ্টমেণ্টত সোমাল। তেনেতে দেখিলে বিভাগীয় মুৰব্বীৰ সৈতে অলকেশৰ দেউতাক মৌজাদাৰ আহি আছে শিক্ষকসকলৰ কমন ৰুমৰ পৰা। এই মানুহটোক কিবা এটা সহ্য কৰিব নোৱাৰে ৰাধাই। কিন্তু ছাৰৰ ওচৰত নমতাকৈ গ'লে বেয়া হ'ব, গতিকে মাতিব লাগিব। অৱশ্যে ৰাধাই মতাৰ আগেয়ে মৌজাদাৰে নিজেই মাত দিলে,
"এইজনী আমাৰ মহাজনৰ নাতিনী নহয় জানো?"
ৰাধা ৰৈ গ'ল। লগতে সপোনহঁতো। তাই আগুৱাই গৈ ক'লে,
"হয় বৰদেউতা।"
মৌজাদাৰে তাইক ভৰিৰ পৰা মূৰলৈকে চাই হাঁহি এটা মাৰি ক'লে,
"তোমাৰ কথাবোৰ শুনিলোঁ আজি। ছেঃ, ধৰ্ম নাৰায়নে বৰ কষ্ট পাইছে হয়তো! এই বয়সত এনে সন্মান হানি হোৱা কাম এটা কৰিব নালাগিছিল।"
ৰাধাই বিভাগীয় মুৰব্বী আলোক গোস্বামীলৈ চালে। তেওঁ অলপ তলমূৰ কৰিলে। অৱশ্যে তেওঁ লাজ পাই তেনে কৰিলে নে মৌজাদাৰক কথাখিনি কোৱাৰ বাবে অপৰাধবোধত কৰিলে ধৰিব পৰা নগ'ল। তেওঁলোকক দেখি লাহে লাহে আৰু দুই এজন শিক্ষক সেইখিনিতে ৰৈছিলহি। ৰাধাই এইবাৰ মৌজাদাৰলৈ চাই উত্তৰ দিলে,
"ককাৰ সন্মান হানি হ'ব লগা কাম মই একো কৰা নাই।"
"কিন্তু বদনামতো তেনেকৈয়ে ওলাল।"
"অসুৰৰ দৰে মন লৈ কোনোবাই কিবা কথা উলিয়ালে মই কি কৰিব পাৰোঁ!"
মৌজাদাৰে এইবাৰ সেঃ সেঃ কৈ হাঁহি আলোক গোস্বামী লৈ চাই ক'লে,
"বুইছে গোস্বামী, এওঁ কোনো কথাতেই তল নপৰে।"
এইবাৰ ৰাধালৈ চাই ক'লে,
"পিছে মাজনী, বৰ্তমান যুগত কোনো ৰাম নাই যে তোমাক ৰাৱণৰ পৰা ৰক্ষা কৰিব। গতিকে, লক্ষ্মণ ৰেখাৰ ভিতৰত থাকিবা।"
ৰাধাই সামান্য হাঁহি ক'লে,
"যিটো যুগত ৰাম নাই, সেইটো যুগত সীতা থাকিব পাৰে বুলি কেনেকৈ ভাবিলে?"
"মানে?"
ৰাধাই গহীন মাতেৰে ক'লে,
"মানে যাক সীতা বুলি ভাবি আপুনি লক্ষ্মণ ৰেখাৰ ভিতৰত থাকিবলৈ কৈছে, তেওঁ কিজানি দুৰ্গা নাইবা কালী। আৰু শক্তিৰ দেৱী ৰেখাৰ ভিতৰত নাথাকে। ৰেখা লংঘি অহাবোৰকহে এফালৰ পৰা ধ্বংস কৰি যায়।"
ৰাধাৰ উত্তৰ আৰু তাইৰ চকুৰ চাৱনিত কথা ক'ব নোৱাৰাকৈ মূক হৈ পৰিল মৌজাদাৰ। আলোক গোস্বামীৰ মুখখন কেঁহৰাজ বৰণীয়া হ'ল। ওচৰত জুম হোৱা শিক্ষকখিনিৰ মাজত গুণগুণনি এটা আৰম্ভ হৈছিল। তাৰ মাজৰ পৰা "ভাল দিছে ৰাধাই" বুলি কথা দুই এষাৰো উফৰি আহিল। এইবোৰৰ মাজতে ৰাধাই "মোৰ অলপ কাম আছে, আহিছোঁ দিয়ক" বুলি আঁতৰি আহিল। মৌজাদাৰে দাঁত কৰচি নিজক কোৱাৰ দৰেই ক'লে,
"তিৰি মানুহৰ এই অহংকাৰ! ভৰিৰে গচকি ভাঙিম মই এদিন।"
কথাটো কৈ খৰ খোজেৰে কলেজৰ মূল গেটৰ ফালে আগবাঢ়িল।
বিভাগৰ ৰুমত সপোনে ৰাধাক ক'লে,
"মৌজাদাৰৰ লগত লাগি লৱ নো কিয়? তেওঁ চাগে এতিয়া হৃষীকেশৰ লগতে মিলিব গৈ।"
ৰাধাই শব্দ কৰি হাঁহি কৈ উঠিল,
"আৰু দুদিন ৰ, হৃষীকেশক এইবাৰ স্বৰ্গৰ দেৱতা আহিলেও বচাব নোৱাৰে।"
তাৰ পাছতে সিহঁত নিৰ্বাচনৰ অন্যান্য কামত লাগি গ'ল।
চহৰখনলৈ এতিয়া সন্ধিয়া নামিছে। দোকান পোহাৰৰ লাইটবোৰ জ্বলি উঠিছে। বাট পথত কামৰ শেষত ঘৰলৈ ঘূৰি যোৱা কৰ্মচাৰীৰ ভীৰ। কোনোবা গুমটিত ডেকা ল'ৰাৰ আড্ডা। কলেজত নিৰ্বাচনৰ কাম শেষ কৰি কেণ্ডিডেট আৰু কেণ্ডিডেটৰ "খাচ" লগৰবোৰ ঘৰলৈ যাবলৈ লৈছে। হৃষীকেশ, ৰিতুল, বিকাশ, মাধুৰ্য, দীপজ্যোতি গোটেই কেইটাই হাঁহি খিকিন্দালি কৰি কলেজৰ পৰা ওলাই আহিছে। পূৰাদমে চলি আছে সিহঁতৰ কেম্পেইনিং। প্ৰথমে অলপ ৰাধাক লৈ চিন্তা আছিল, কিন্তু সেই ঘটনাৰ পাছত ৰাধা তেনেই চেঁচা পৰিল। আহিলেও ডিপাৰ্টমেণ্টতে সোমাই থাকে। আৰু নো কেইদিন আছে ইলেকচনলৈ! এই কেইদিনতে তাই যে কিবা কৰিব পাৰিব আশা নাই। গতিকে চকু মুদি জিকি আহিব হৃষীকেশ। তাৰ বাবে লাগি থকা গোটেই কেইটাক সি ৰাতি ৰাতি অকণমান ডিঙি কেইটা তিয়াই দিয়াৰ ব্যৱস্থা কৰে। কেতিয়াবা ৰিতুলৰ ৰুমত, কেতিয়াবা মাধুৰ্যৰ ৰুমত নিশাৰ ভাগলৈকে চলে বটলৰ আড্ডা। আজিও গোটেই কেইটা ৰিতুলৰ ৰূমলৈকে গৈছে। যাওঁতেই বটল কিনি লৈ গৈছে। দোকানলৈ পিছে হৃষীকেশ যোৱা নাই। কোনোবাই কেনেবাকৈ দেখক, লাগিব এখণ্ড। এইকেইদিন অলপ সাৱধানে চলিব লাগিব। হৃষীকেশ আৰু বিকাশ ৰাস্তাৰ এইটো পাৰেই ৰ'ল, বাকী কেইটা দোকানলৈ গ'ল। সুযোগ পাই বিকাশে ক'লে,
"ৰিচি দা, আজি কিন্তু বেছি দেৰি নকৰোঁ দেই।"
"কিয় অ'?"
"আপোনাৰ লগত কথা এটা ডিছকাচ কৰিব লগা আছে, অকলেহে।"
"অকলে? মইতো আজি ৰিতুলৰ ৰুমত থাকিম বুলিহে ভাবিছিলোঁ।"
"কি যে কয় দাদা, এই কেইদিন ইলেকচনলৈকে নিজৰ ৰুমৰ বাহিৰে ক'তোয়েই নাথাকিব দেই। নিজৰ ছাঁটোকো বিশ্বাস কৰিব নোৱাৰি।"
"ঠিকে কৈছ অৱশ্যে। হ'ব দে, সোনকালে ওলাম আজি। তই মোৰ ৰুমত থাকি দিবি।"
সিহঁতৰ কথা পতা হয় মানে ৰিতুলহঁত পালেহি। প্লাষ্টিকৰ মোনাৰ ভিতৰৰ পৰা অহা কাঁচৰ শব্দ কেইটাত সিহঁতৰ জিভাত যেন বেছি পিয়াহ লাগিছিল। খৰকৈ পেডেল মাৰি সিহঁত ৰিতুলৰ ৰুম পালেগৈ।
"ঐ ৰিতুল, ৰাধাক আনি ক'ত শুৱাইছিলি বে?"
ডিঙিত কেইঢোক মান পৰাৰ পাছতে মাধুৰ্যই ক'লে। লগে লগে এজাক আসুৰিক হাঁহি। ৰাধাৰ কথাটো মিছা যদিও সিহঁতে কল্পনা কৰে, কথাটো সঁচা হোৱা হ'লে ৰাধা ক'ত শুলেহেঁতেন! ৰাধাৰ শৰীৰৰ উঠা নমাবোৰৰ ভাৱনাত কঁপি উঠে সিহঁতৰ অংগ! স্পৰ্শৰ পিয়াহত টকালি পাৰে জিভাই। এইবাৰ ৰিতুলে ক'লে,
"মা কচম বে, এইজনীক খাই কিন্তু কিছু মজা লাগিব।"
লগে লগে দীপজ্যোতিয়ে কয়,
"হাৰামি, ঔকাদ চাই কথা ক'বি ঔ! তাই কাৰ ঘৰৰ জানয়ে নহয়।"
"ধুৰ, ছোৱালীক এবাৰ বগৰাই ল'ব পাৰিলে কিহৰ ঔকাদ আৰু!"
আকৌ সেই অসুৰৰ হাঁহি। সিহঁতৰ কথা শুনি নে হাঁহি শুনি নাজানো বেৰত থকা জেঠীটোও ওলমি থকা পুৰণা কেলেণ্ডাৰখনৰ পাছফালে সোমালগৈ।
থৰক বৰক খোজেৰে নিজৰ ৰুমৰ ফালে আগুৱাই গৈ আছে হৃষীকেশ। তাৰ বাহুত ধৰি পৰম আপোনতাৰে কথা পাতি গৈ আছে বিকাশ। ৰিতুলে বহুত জোৰ কৰাৰ পাছতো হৃষীকেশ তাত নাথাকিল। ক'লে, ইমান নিচা হোৱা নাই ৰূমলৈকে যাওঁ। বিকাশো লগতে ওলাল, জি এছ কেণ্ডিডেটক অকলে এৰিব পাৰি নেকি কিবা! অৱশ্যে হৃষীকেশৰ সঁচাই নিচা হোৱা নাছিল। কিন্তু আজি বিকাশৰ সৈতে তাৰ আলোচনাটো জৰুৰী। কাৰণ ৰাধাৰ কথাটোত বিকাশে বহুত সহায় কৰিলে। সি সহায় নকৰা হ'লে সেই প্ৰাঞ্জলহঁতক আঁতৰাই তাইক ষ্টেজত সেইটো অৱস্থা কৰা সম্ভৱেই নহ'লহেঁতেন। সেইবাবে বিকাশক উপেক্ষা নকৰে সি। বয়সত সৰু হ'লেও বিকাশৰ পৰামৰ্শ লয়। ৰুমত সোমাই কিবাকিবি কথা পতাৰ পাছতে হৃষীকেশে বিকাশক সুধিলে,
"কচোন, কি কথা আছে কৈছিলি?"
গোল্ড ফ্লেক এটা লাইটাৰটোৰে জ্বলাই বিকাশে হৃষীকেশলৈ আগবঢ়ালে। তাৰ পাছত নিজলৈ এটা উলিয়াই ক'লে,
"আপুনি মন কৰিছে নে নাই নাজানো। ৰাধাৰ কেচটো বেছি দিন নিটিকিব কিন্তু।"
চিগাৰেটত হোপা এটা মাৰি হৃষীকেশে ক'লে,
"কি কথা কৈছ, সিহঁতৰ অৱস্থায়েই নাই। কেম্পেইনিঙো ভালকৈ কৰা নাই লাজতে।"
"আপুনি বৰ সৰল হে ৰিচি দাদা। সিহঁতে এইবাৰ চিমপেথি গেইম খেলিছে। বেচেৰী ছোৱালীজনীৰ এইটো অৱস্থা বুলিয়েই বহুতে ভোট দিব কিন্তু তাইক।"
"কি কৱ বে, কথা এইটোহে নেকি? কিন্তু ৰিতুলে কোৱা মতেতো..."
হৃষীকেশক শেষ কৰিবলৈ নিদি বিকাশ চকীৰ পৰা তাৰ কাষলৈ আহিল,
"আপুনি ৰিতুলক ইমান বিশ্বাস নকৰিব। সি আপোনাৰ কথামতে সেইটো কৰিলে হয়। কিন্তু সিও আচামিজ দিপাৰ্টমেণ্টৰ মানুহেই। কেনেবাকৈ যদি দিপাৰ্টমেণ্ট চেণ্টিত আহি চব কথা কৈ দিয়ে!"
হৃষীকেশৰ চকু কেইটা বহল হৈ উঠিল। এৰাতো, সি এইবোৰ ভবাই নাছিল। বিকাশলৈ চাই সি ক'লে,
"তেন্তে? কি কৰোঁ মই?"
"মই এটা কথা ভাবিছোঁ দাদা। এটা কাম কৰিলে কিন্তু দুয়োফালে আপোনাৰ লাভ। ৰিতুলেও একো কৰিব নোৱাৰিব আৰু মানুহৰ ওচৰত আপুনিও মহান বনি যাব।"
"কি কথা, জলদি ক।"
মুখৰ ধোঁৱাখিনি বিশেষ কায়দাত উৰাই দি বিকাশে ক'লে,
"শুনিছোঁ এইকেইদিনতে অ'পেন ডিবেট হ'ব। তাত সকলো ষ্টুডেণ্ট থাকিবই। তাতেই আপুনি কৈ দিয়ক যে ৰিতুলে নিজে কূটনীতি কৰি ৰাধাৰ বিষয়ে এই বদনাম উলিয়ালে। ইয়াৰ বিষয়ে আপুনিও গম পোৱা নাছিল। নিজৰ সমৰ্থকৰ এনে কামত আপুনি লাজ পাইছে আৰু ৰাধাক ক্ষমা বিচাৰিছে। লগতে এনে গৰ্হিত কাম কৰাৰ বাবে ৰিতুলৰ শাস্তি দাবী কৰিছে।"
বিকাশৰ কথা শেষ হোৱাৰ লগে লগে হৃষীকেশে তাৰ ডিঙিত চেপি ধৰিলে,
"চাল্লা কুকুৰ। এইটো বাপেৰৰ মূৰটো আইডিয়া দিছ। মই তাই বেটীক ক্ষমা খুজিম? নিজৰ ভৰিত কুঠাৰ মাৰিম হা?"
বিকাশে জোৰকৈ নিজক মুকলি কৰি ক'লে,
"আৰে গোটেই কথাটো শুনি লওক না। আপুনি সেইটো কৰিলে যিবোৰে সন্দেহ কৰি আছে এইবোৰ আপুনি কৰিছে বুলি সেইটো নোহোৱা হ'ব। কলেজ এডমিনৰ আগতো আপোনাৰ ইমেজ ভাল হ'ব। আৰু চবতকৈ মেইন কথাটো হ'ল ৰাধা আপোনাৰ বিৰোধী, তাৰ পাছতো যে তাইক আপুনিহে বচালে সেই কথাটোতে প্ৰমাণ হৈ যাব যে যোগ্য সাধাৰণ সম্পাদক কোন! ৰাধাকো আপুনিহে নিৰাপত্তা দিয়াৰ দৰে হৈ যাব।"
এইবাৰ হৃষীকেশৰ চকুকেইটা জিলিকি উঠিল। জিভাখনেৰে ওঁঠযোৰ তিয়াই ল'লে সি। থিয় হৈ এবাৰ খিৰিকীৰে বাহিৰলৈ চাই কিবা এটা চিন্তা কৰিলে। তাৰপাছত বিকাশক ক'লে,
"তোৰ মূৰটো একদম পকা মাল অ' ল'ৰা। উফ কি আইডিয়া লগাইছ বে। মা কচম, মই ঢুকিয়েই পোৱা নাছিলোঁ। য়েছ, এইটোৱেই কৰিম। আৰু পুৰা কলেজত হিৰো বনি যাম। আনকি ৰাধাৰ চাপোৰ্টাৰেও মোক চাপোৰ্ট দিব চাবি।"
বিকাশে হৃষীকেশৰ বাহুত থপৰিয়াই ক'লে,
"দিবতো! চবেই চিঞৰিব, হৃষীকেশ দা জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ।"
লগে লগেই দুয়োজনৰ হাঁহিত সৰৱ হৈ উঠিল গভীৰ নিশাটো। বেচেৰা হৃষীকেশৰ উমানো নাছিল যে নিজৰ হাতেৰে নিজৰেই চিতা সাজিবলৈ গৈ আছে সি।
পিছদিনা কলেজত আকৌ একেই ব্যস্ততা। হৃষীকেশৰ কেম্পেইনিং চলি আছে যদিও ৰাধাহঁতৰ বিশেষ একোৱেই যেন প্ৰস্তুতি নাই। সকলোৱে লাহে লাহে ক'বলৈ লৈছে, "হৃষীকেশ জিকিবই এনেও। ৰাধাই উইথদ্ৰ' কৰাই ভাল আছিল।" কথাটো মিছাও নহয়, সিদিনাৰ অডিট'ৰিয়ামৰ ঘটনাৰ পাছত ৰাধাৰ যি নিষ্ক্ৰিয়তা, তাৰ পাছত ৰিজাল্ট কি হ'ব সকলোৱে গম পাইছেই। কাম বনৰ মাজতে বিকাশে এপাক ৰিতুলৰ লগত কলেজৰ পৰা কাষৰে দোকান এখনলৈ গ'ল। কলেজৰ ভিতৰত চিগাৰেট খাব নোৱাৰাৰ বাবেই সিহঁত মাজে মাজে কাষৰ দোকানলৈ যায়। দোকান পাই কথাৰ মাজতে ৰিতুলক বিকাশে ক'লে,
"ৰিতুল দা, এটা কথা আছিল।"
"উম, ক।"
"আপুনি বাৰু ইমান ডাঙৰ ৰিস্ক এটা কিয় ল'লে?"
"মানে?"
"মানে ৰাধা বাৰ লগত তেনেকুৱা..."
ৰিতুলে হাঁহি মাৰি ক'লে,
"ধুৰ, এনেকুৱা কত কাম কৰিলোঁ। ৰাধাই কি কৰিব বে মোক! আৰু চবেইতো মোৰ কথাই বিশ্বাস কৰিছে না।"
"কৰিছে বাৰু, কিন্তু কোনোবাই যদি সাক্ষী দিয়ে আপুনি মিছা কোৱা বুলি।"
ৰিতুলৰ এইবাৰ চেলাউৰী থূপ খালে,
"কোনে সাক্ষী দিব অ'?"
বিকাশে ইফালে সিফালে চাই ৰিতুলৰ ওচৰ চাপি ক'লে,
"হৃষীকেশ দাৰ কথা বতৰা বৰ এটা সুবিধাজনক দেখা নাই।"
"কি ফালটু কথা ক'ব আহিছ বে?"
"সঁচাই কৈছোঁ দাদা, সকলোৰে ওচৰত মহান হ'বলৈ তেওঁ আপোনাক ফচাই দিয়ে যদি। ৰাজনীতিত কোনো কাৰো আপোন নহয় ৰিতুল দা।"
জোৰ জোৰকৈ কেইটামান টান মাৰি ৰিতুলে চিগাৰেটটো পেলালে। কিবা এটা চিন্তা কৰিলে সি। তাৰ পাছত দাঁত কৰচি ক'লে,
"কচম কৈছোঁ, সি বেটাই যদি এইচব কৰে নহয়! মইও চবৰ আগতে কৈ দিম যে মোক এইবোৰ সিয়েই কৰিবলৈ দিছিল। চাই থাক, বেয়াকৈ ফচাম তাক। চাম সিও কেনেকৈ জিকে।"
বিকাশৰ চকু কেইটা তিৰবিৰাই উঠিল। অৱশেষত সি সফল হ'ল। টকাৰ বাবে সাত পাক নচা মানুহ বিকাশ। ৰাধাই কাম হ'লে আৰু দিব তাক। সি নকৰাকৈ কেনেকৈ থাকে বাৰু! এতিয়া দুইটা যুঁজি মৰ। মুঠতে তাৰ লাভ হ'লেই হ'ল।
ৰিতুলৰ লগত বিকাশ কলেজত সোমাওতে ৰাধা লাইব্ৰেৰীৰ মুখতে কাৰোবাৰ সৈতে কথা পাতি ৰৈ আছিল। বিকাশে তাইলৈ চাই চকুৰে ইংগিত এটা দিলে। ৰাধাই বুজি পালে যে কাম হ'ল। মুখত কুটিল হাঁহি এটা মাৰি ৰাধাই অস্পষ্ট মাতেৰে নিজকে কোৱাৰ দৰে ক'লে,
"এইবাৰ চাম খেল।"
ৰাধাপুখুৰীত বাঁহী বাজিছে! দুপৰ নিশা ৰাধা পুখুৰীৰ বাঁহী মানে কানায়ে ৰাধাক মাতিছে। আচলতে সি মাতে নে এনেয়ে বাঁহী বজাই ৰাধাই নাজানে, কিন্তু বাঁহীৰ সুৰটো শুনাৰ পাছত তাই ৰৈ থাকিব নোৱাৰে। বহুদিন হ'ল ৰাধাপুখুৰীৰ পাৰলৈ গৈ বহা নাই তাই। কানাইকো ভালকৈ লগ পোৱাই নাই। তাই নিজেই আঁতৰি আছে। এই যুঁজখনত তাই আৱেগক আনিব নোৱাৰে। কিন্তু তাই জানে, কানাইৰ লগত কথা পাতিলে বা পুখুৰীৰ পাৰলৈ গ'লে জোৰকৈ হেঁচি থোৱা চকুৰ পানীবোৰে তাইৰ হাক বচন নুশুনা হ'ব। তথাপি আজি তাই নিজক ৰখোৱা নাই। বাঁহী শুনা মাত্ৰকে তাই ওলাই আহিল পিছ দুৱাৰেদি। এখোজ দুখোজকৈ ৰাধাপুখুৰীৰ পাৰ পালেগৈ। বাঁহীৰ পৰা মুখ আঁতৰাই কানায়ে ক'লে,
"আহিলি? বহ।"
ৰাধা বহিল। কানাইৰ কান্ধত এৰি দিলে তাইৰ মূৰটো। কানায়ে বাঁহীত তুলি গ'ল নীলিমা খাতুনৰ গীতৰ অন্তৰা এটা,
"জাকে জাকে আহে যায় ধুমুহা,
লৰে জানো পাহাৰৰ ওখ গা,
অ' ঢলে পাৰ ভাঙে জাঁজী ভাঙি আনে
নৈয়ে কি বিঘিনি মানে,
বাধা দি ৰাখিব কোনে.."
গানটো যেন ৰাধাক লৈয়ে গাইছে। তাইৰ চকুৰ পৰা বৈ অহা লুণীয়া ধাৰ এটাই কানাইৰ বাহুটো তিয়াইছে। এবাৰত মূৰ তুলি চকু মোহাৰি তাই ক'লে,
"তয়ো মোক বেয়া বুলি ভাবি আছ নেকি অ' ল'ৰা?"
কানায়ে হঁহাৰ দৰে কৰি ক'লে,
"সেইকণ বিশ্বাস নাই নে মোলৈ?"
"মানুহ কিমান বেয়া দেখিলি?"
"উপায় নাই, সকলো সমান কেনেকৈ হ'ব। কিন্তু মই জানো, তই সকলো ঠিক কৰি ল'ব পাৰিবি।"
"মায়ে মোক সদায় মৰি যোৱাৰ কথা কিয় কয়?"
"তেওঁ নিজেও যে কথা শুনিব লগা হয়, সেইবাবে। কথাবোৰ নাভাবিবি বুলি নকওঁ, মনলৈ আহিবই। বেয়া লাগিবই। কিন্তু মনটো মৰি যাবলৈ নিদিবি। সময়বোৰ বেয়া হোৱা মানে আমাৰ জীৱনটো বেয়া নহয়তো।"
ৰাধাই একো নকৈ মনে মনে থাকিল। কানায়ে আকৌ ক'লে,
"আজি শৰৎ দা আহিছিল।"
"কি? কিয়?"
"ককাৰ লগত কথা পাতিছে তোৰ বিষয়ে। গোটেই ঘটনাটো বুজাই কৈছে। বৰ ভাল তেখেত মানুহজন। ককাইও বুজি পাইছে।"
ৰাধাই মাত্ৰ "হমম" বুলি কৈ থ'লে। কানায়ে তাইৰ গালখনত মৰম কৰি সুধিলে,
"মনটো কিয় বেয়া কৰি আছ নো?"
ৰাধাই এইবাৰ হাঁহি এটা আঁকি লৈ ক'লে,
"নাই কৰা দে। দুই এদিন ৰহ, চব ঠিক হ'ব। জি এছ হৈ লওঁ ৰহ। তয়ো আমাৰ কলেজতে এডমিশ্যন লৈ ল'বি।"
"নলও তাত দেই। মই ইউনিভাৰ্চিটি যাম, তাত পঢ়িম গৈ। শৰৎ দাৰ লগতো পাতিছোঁ।"
"আচ্ছা হয় নে? কোনখন ইউনিভাৰ্চিটি পিছে? গুৱাহাটী?"
"নহয়, তেজপুৰ। তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি।"
"ৱাহ, বেলেগ আৰু। পিছে ব'ল এতিয়া।" বুলি ৰাধাহঁত পুখুৰীৰ পৰা ঘৰলৈ বুলি খোজ ল'লে।
"তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি" , ৰাধাৰ এই খণ্ডটো পঢ়ি হঠাৎ যেন চঁক খাই উঠিল সন্ধ্যাই। একবিংশ শতিকাৰ প্ৰথম দশকৰ পটভূমিত লিখা উপন্যাসখনত তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰসংগ! তাকো এটা বিশেষ চৰিত্ৰৰ মুখত! কি ইয়াৰ ৰহস্য! কেনেবাকৈ এনেকুৱা নহয়তো যে ৰাধা উপন্যাসখনৰ প্ৰেক্ষাপট আৰু পটভূমিত এক ৰহণ সানি থোৱা হৈছে, যাতে ইয়াৰ কোনোটো চৰিত্ৰ পাঠকে উদ্ধাৰ কৰিব নোৱাৰে! কিজানি ইচ্ছা কৰি কাহিনীটোক বহু বছৰ পিছুৱাই নিয়া হৈছে! মায়া! কাহিনীটো যেন এক মায়াজাল। সেই মায়াপাশত সোমাই আছে সন্ধ্যা। সকলো ধূসৰ যেন। চিনি পাওঁ পাওঁ অথচ নাপাওঁ। কিতাপৰ ভাঁজত সেয়া কুঁৱলীহে যেন। কোন এই কানাই! ক'ত আছে গোবিন্দপুৰ! ক'লৈ গ'ল বিখ্যাত চৌধুৰীৰ বংশ! টান হৈ আহিছে মায়াপাশৰ গাঁঠি, খোলা নাযায়! খোলা নাযায়!
(আগলৈ)
Comments
Post a Comment