ৰাধা : ২৮

 #ৰাধা

Part 28

"তা...ৰ পা...ছত?"

"তা পা আও দুইটাৰে মাজত হেনো একে ভীম দুযোধনৰ কাইজিয়া। ইটে সিটক গতিয়াইছে, গুৰিয়াইছে, ঘুচিয়াইছে। এটাৰ বোলে নাকে কাণে মুখে হলকে হলকে তেজ বাহিৰ হ'ল হেৰৌ।"

"ইচ ইচ ইচ! বৰ বেয়া হ'ল, বৰ বেয়া হ'ল।"

"কাজিয়াখন আমাৰ এয়েই লগালে নে কি নো?"

"তায়েই লগাইছে চাগে, নহ'লেনো আগদিনালেকে ইমান ভাল সনাপিঠা হৈ থকা মখাই পিছদিনা এনেকে যুঁজ বাগৰ কৰি মৰে নে?"

"হে, বেছি দুখ পালে নে কি ল'ৰাকণে?"

"দুখ মানে, শুনিছোঁ চিলাই পৰিছে হেনো হে! তাই হেনো হাঁহি হাঁহি চাইহে আছিল। ছোৱালী মানুহৰ এনে শিল হেন বুকু নে!"

"ইচ ইচ ইচ, বৰ বেয়া হ'ল বৰ বেয়া হ'ল।"

নক'লেও বুজি পাইছে চাগে, এয়া আমাৰ হেমেন খুৰাৰ দোকানৰ দৃশ্য। চাৰুবালা, কণমাই আৰু পুতৌৰ বিয়নি মেল। লগতে দোকানৰ ভিতৰৰ পৰা হেমেনেও বৰ বেয়া হ'ল বুলি মাজে মাজে কয়। কলেজৰ খবৰবোৰ মিতিৰৰ ছোৱালীজনীৰ পৰা গম পায়েই পুতৌ আহি এইখিনি পালেহি। কথা শুনি এটাই মখাই হায়ৈ বিয়ৈ কৰিছে। কথাৰ মাজতে কণমায়ে ক'লে,

"এই ৰাধা যিখন ঘৰলৈ যাব সেইখন ঘৰ চাৰিফাল কৰিহে এৰিব দেই।"

"ঘৰৰ কথা কৈছ, হেৰৌ শাহুয়েকক জীয়াই জীয়াই জ্বলাই খাব তাই।"

পুতৌৰ কথাৰ লগতেই হঠাৎ কোনোবাই ৰাস্তাৰ পৰা নামি আহি মাত দিলে,

"কোনে জ্বলাই খাব অ'?"

কোন বুলি ঘূৰি চাই সিহঁত গোটেইজাকৰ বুকুৰ ভিতৰৰ কলিজাটো ওলাই অহা যেন কৰিলে। কাৰণ সেইজনী ৰাধা। কথাৰ মহলাত কোন আহিছে দেখাই নাছিল সিহঁতে। এতিয়া ৰাধাক দেখি ভয়ত মুখৰ মাত নোহোৱা হ'ল। পুতৌয়ে মুখত হাঁহি এটা আনি যেনে তেনে ক'লে,

"এস নহয় অ' ৰাধা। এই সেউতীৰ কথা কৈছো, শাহুয়েকে তাইৰ কেঁচুৱা ছোৱালীজনী হোৱাৰ পৰা যি হে অত্যাচাৰ কৰি আছে! জ্বলাই জ্বলাই খাইছে বোলো।"

ৰাধাই সিহঁতৰ কথা বুজি পাইছিল যদিও সেউতীৰ কথা ওলোৱাত মনটো বেলেগ ফাললৈ গ'ল। এৰা, সেই তাহানিৰ পৰাই সেউতী নবৌজনীয়ে কম সহ্য কৰি আছে নে! এতিয়াও কোলাত কেঁচুৱা লৈ জুই ফুঁৱাই ফুঁৱাই ভাত খোৱাই আছে, তেও শাহুয়েক গিৰিয়েকৰ কিলটো ভুকুটো থাকেই। নিজকে কোৱাৰ দৰেই ৰাধাই ক'লে,

"এনেকুৱা শাহু মই পাব লাগিছিল। চকুত ভূত জলকীয়া লগাই এদিনতে চিধা কৰি দিলোহেঁতেন!"

চাৰুহঁতে ইজনীয়ে সিজনীৰ মুখলৈ চালে। এনেতে ৰাধাই পুতৌক ক'লে,

"বাকী পুতৌ দা, গীতিমাই কলেজৰ খবৰবোৰ দিছে নে নাই?"

হঠাৎ কাহি উঠিল পুতৌয়ে। তাৰ পাছত লাহে লাহে ক'লে,

"নাই নাই, তাই সেইবোৰ নকয় নহয়। আৰু ক'লেও আমি তোক জানো নহয়! তই যে তেনেকুৱা বেয়া কাম নকৰ সেয়া বিশ্বাস আছে আমাৰ ন চাৰু নবৌ?"

"অঁতো আকৌ, আমাৰ ৰাধা কিমান ভাল আমি কিবা নাজানো নেকি! সদায় ভালে থাকিবি দেই মাজনী।"

ৰাধাই হেমেন দোকানীৰ ফালে চাই ক'লে,

"হেমেন খুৰা, নিমখৰ পেকেট নিবলৈ আহিছিলোঁ। আপুনি চোন ইয়াত একে কুঁহিয়াৰ শাল সাজি থৈছে। হলকে হলকে গুড় ওলাইছে।"

কথাটো কৈ তাই তাৰ পৰা আঁতৰি গ'ল। লগে লগে কণমায়ে ক'লে,

"শুনিলি, কথাৰ সুৰ শুনিলি? কথাৰ পাক দেখিলি?"

লগে লগে পুতৌয়ে ক'লে,

"মনে মনে থাক ঔ পেহীটি, কেনেবাকৈ শুনিলে দোকানে চোকানে আমাকো জ্বলাই দিব। যি হে কালী গোসাঁনী হেন খং।"

কথা সেইদিনালৈ তাতেই শেষ।


"জিন্দাবাদ জিন্দাবাদ, ৰাধা চৌধুৰী জিন্দাবাদ" 

গোটেই কলেজ কঁপিছে আজি। ইলেকচনৰ ৰিজাল্ট দিলে, আশা কৰাতকৈও বেছি ভোট পাই ৰাধা জিকিল। ক'বলৈ গ'লে কলেজখনত যেন এক নতুন ইতিহাস লিখা হ'ল, প্ৰথম বাৰৰ বাবে সাধাৰণ সম্পাদক পদত এগৰাকী ছাত্ৰী। এই লৈ দুই এজন শিক্ষকৰ মনো বৰ এটা ভাল নহয়। চন্দ্ৰ নামৰ ছাৰ জনে কৈয়ে আছে,

"বৰ এটা ভাল নহ'ল, মাইকী মানুহক বেছিকৈ মূৰত উঠালে বেয়া।"

কিন্তু সেয়া ফুচফুচনি মেলতহে, সমুখত কোনেও একো ক'বলৈ সাহস কৰা নাই। প্ৰিন্সিপাল ছাৰে ৰাধাক মাতি নি অভিনন্দন দি ক'লে,

"তুমি অকল ৰাজনীতি কৰিম বুলি যে নিৰ্বাচনত উঠা নাই সেয়া জানো। কলেজখনৰ ভালৰ বাবে সদায় কাম কৰি যাবা। মই লগত আছোঁ।"

সপোন, ৰঞ্জন, প্ৰাঞ্জলহঁতৰতো ফুৰ্তিত তৎ নাই। ৰাধাৰ বিচক্ষণতা, কূটনীতি আৰু ধৈৰ্য দেখি তবধ মানিছিল সিহঁতে। এইফালে ৰাধাও সাজু হৈছে আহিবলগা দিনৰ বাবে। কলেজৰ হাই উৰুমিবোৰ শাম কাটোতেই এদিন ৰাধাক ভানুমতীয়ে ৰাতি কাষতে বহুৱাই লৈ ক'লে,

"আইজনী, কথা এটা কচোন।"

"কওক আই।"

"তই বাৰু মনটো কাৰোবাক দি থৈছ নেকি?"

"আই, ঘপকৈ সুধিলে যে!"

"ঘপকৈ নহয় অ'। গা মূৰ চোন কিবা ভালেই নেলাগে, যোৱা কেইবা নিশা সামাজিকত তোৰ আজু ককাৰক দেখিছোঁ। কেতিয়াবা ঘপকৈ যদি কিবা এটা হয়, মোৰ আন একো নাই। তোক কইনা সাজত এবাৰ চাবলৈ বৰ মন আছিল অ'!"

ৰাধাই উচপ খাই উঠিল! কি কৈছে আয়েকে! সৰুৰে পৰা আজিলৈকে আয়েকৰ কোলাতে ডাঙৰ হৈছে তাই। এইজনী মানুহ কেতিয়াবা নোহোৱা হৈ যাব, সেয়া যে তাই কল্পনাও কৰিব নোৱাৰে। কিবা ক'ব খুজিও কথাবোৰ বুকুতে লাগি ধৰিলে তাইৰ। ভানুমতীয়ে পুনৰ ক'লে,

"এই চৌধুৰী বংশ ৰহস্যৰে ভৰা অ' আইজনী। কেতিয়াবা যে মই নথকাত তই ইয়াত শান্তিৰে ভাত এসাজ খাব পাৰিবি মোৰ মনে নকয়। উশাহটো লৈ থাকোতেই তোৰ নিজা ঘৰ এখন হোৱাটো বিচাৰো।"

ৰাধাই আয়েকৰ হাত দুখন নিজৰ মাজত লৈ ক'লে,

"আই, পঢ়া শেষ হ'লেই চাকৰি এটা বিচাৰিম। তাৰ পাছত মই নিজেই এখন নিজৰ ঘৰ সাজিম। আপোনাকো লৈ যাম। যাব নে?"

সেঃ সেঃ কৈ হাঁহি এটা মাৰি ভানুমতীয়ে ক'লে,

"ঈশ্বৰে ইমান সময় নিদিয়ে অ' এই পাপিনীক।"

"মনে মনে থাকক চোন আই। একো নহয় আপোনাৰ।"

এইবুলি ৰাধা কুচিমুচি তেওঁৰ বুকুত সোমাল গৈ। ভানুমতীয়ে সাৱটি ল'লে তাইক। আৰু কিমান দিন, কিমান দিন ভয়ংকৰ সত্যবোৰৰ পৰা ঢাল হৈ থাকিব তেওঁ নাতিনীয়েকৰ। লাহে লাহে ভাগৰিছে তেওঁ। জীৱনৰ বিয়লিতে যৌৱনৰ সময়বোৰে বেছিকৈ আমনি কৰেহি নেকি! আজিকালি ৰাতি শোওঁতেও গুলী বাৰুদৰ শব্দ শুনা হেন পাই তেওঁ। বুকুখনৰ এটুকুৰা খহি যায় যেন। উফ, এখন নাটক। বিছ বছৰতকৈও বেছি এখন চলি থকা এই নাটকখনত ভাও দি দি যেন ভাগৰিছে তেওঁ। আৰু পৰা নাযায়! 

এনেতে নঙলাত ধমহকৈ কিবা এটা শব্দ শুনি ৰাধা আৰু ভানুমতী দুয়োজনী উচপ খাই উঠিল। এই মাজনিশা কোন! চোৰতো এই হাউলিৰ চৌহদত সোমাবলৈ সাহস নকৰে। এনেতে মনত পৰাৰ দৰে ভানুমতীয়ে ক'লে,

"সৰু আহিছে হ'ব পায়!"

"সৰু দা? ইমান ৰাতি? আগতে ইমান ৰাতি নহয়তো।"

"আজিকালি হয়, সি লাহে লাহে বেলেগ ফাললৈহে গৈছে নেকি!"

"ৰ'বচোন" বুলি কৈ ৰাধা ওলাই আহিল। সৰুকণৰ ৰুমৰ ফালে খোজ ল'লে। আধামেলা দুৱাৰখন থেলি তাই সোমাই গ'ল। এটা অকটা গোন্ধ নাকত লাগিল তাইৰ। সৰু বিচনাত বাগৰিছে। তাই সোমায়েই ক'লে,

"সৰু দা, তই মদ খাই আহিছ?"

সৰু এইবাৰ উঠি বহিল। হাতেৰে মুখখন মচি লৈ ক'লে,

"তই কিয় আহিলি?"

"সেইটো বাদ দে, তই ক কিয় আহিছ এনেকৈ? কি হৈছে তোৰ?"

সৰুকণে অলপ তভক মাৰি ক'লে,

"জীৱনটোত একো হ'ব নোৱাৰিলোঁ অ'। ভাল পুতেক হ'ব নোৱাৰিলোঁ। ভাল ভায়েক হ'ব নোৱাৰিলোঁ। এতিয়া ভাল প্ৰেমিকো হ'ব নোৱাৰিম। চুপহিক বুজাবি ৰাধা, মোলৈ ৰৈ থাকিলে তাইৰ জীৱনটো ধ্বংস হৈ যাব।"

ৰাধাই সৰুকণৰ বাহুত হাত থৈ ক'লে,

"তেনেকৈ কিয় ভাবিছ তই? কোনে কৈছে তই ভাল নহয়? সৰু দা, এইবোৰ নাভাবিবি চোন। চবেই ভাল পাই তোক।"

"নাপাই কোনেও ভাল। বাহিৰত বৈকুণ্ঠ চৌধুৰীৰ ভায়েক বুলি ঘিণ কৰে মানুহে। চাল্লা কুকুৰে অকল টকা চিনি পায়। ঠিকাৰ নামত সাধাৰণ ৰাইজৰ টকাবোৰ চুৰ কৰি কৰি বংশৰ গৰিমা বঢ়াইছে। মুটি দিম মই ইহঁতৰ গৰিমাত।"

"আকৌ কিবা হৈছে নেকি?"

"হ'বলৈ কি আছে! কাষৰীয়া গাঁৱত দমকল বহোৱাৰ নামত কি কৰিছে চাবি গৈ চোন। সাত ঘৰ মানুহৰ মাজত এটা দমকল। তাকো আধালৈকে খন্দাৰ বাবে পানীয়েই নোলায়। পঞ্চায়তৰ সভাপতিৰ লগ হৈ গোটেই টকা মাৰি শেষ। চৰকাৰেও নিজৰ ভাগ পাই মনে মনে থাকে। চব চাল্লা দুই নম্বৰী।"

ৰাধাই অলপ সময় কিবা এটা চিন্তা কৰি ক'লে,

"এটা কাম কৰোঁ নেকি?"

"কি?"

"সেই যে দেউতাৰ কোনোবা চিনাকি সাংবাদিক বন্ধু এজন, সকামত যে আহিছিল বুলি কৈছিলি তই।"

"অ, সূৰ্য্য গোহাঁই। আমাৰ বাতৰি কাকতৰ সম্পাদক। কিয়?"

"তেওঁলৈ আমি গোটেইবোৰ লিখি পঠাও ব'ল।"

ৰাধাৰ কথাত অলপ সময় তভক মাৰিলে সৰুকণে। তাৰ পাছত ক'লে,

"কিন্তু কিবা সমস্যা হ'লে..."

"ধেই, তয়ো ভয় কৰ নে? নাম নিদিওঁ নহয় কাৰো।"

"দে, ঠিক আছে। কাইলৈ মোৰ লগত ওলাই এবাৰ চাই আহিবি। লিখিবলৈ সুবিধা হ'ব।"

"বাৰু, এতিয়া তই শো। মইও যাওঁ।"

ৰাধা যাবলৈ লৈ দুৱাৰমুখ পাওঁতেই সৰুকণে পিছফালৰ পৰা ক'লে,

"শুনচোন, কাইলৈ হেনো আবেলি য়ামাহা বাইক এখন লখিমীৰ পাৰলৈ আহিব। তোৰ মন গ'লে চাই আহিব গৈ পাৰ।"

কোনোবাই যেন ৰঙা ফাকু গুৰি এসোপা ৰাধাৰ গালে মুখে ছটিয়াইহে দিলে। মাজৰাতিও ক'ৰবাত যেন ধান বানিছে। ৰাধা শিপা গজাৰ দৰে ৰৈ গ'ল দুৱাৰখন ধৰি। সৰুকণে ওচৰলৈ আহি ক'লে,

"শৰৎ বৰ ভাল ল'ৰা। তই যদি...."

"ধেই, তয়ো যে নহয়..." বুলি কৈ ৰাধা দৌৰ মাৰিলে সেইখিনিৰ পৰা। পিছফালৰ পৰা সৰুকণে কৈ উঠিল,

"এই ডাকুৰাণীয়ে লাজ কৰিবও জানে ঔ!"

হাঁহি হাঁহিয়েই বিচনাত বাগৰিলে সি।


খঙাল মানুহবোৰৰো প্ৰেম হ'ব পাৰে নে! খঙাল মানুহৰ বুকুও কাৰোবাৰ পৰশত কঁপে নে! খঙাল মানুহৰ চকুতো সলাজ হাঁহি থাকে নে! থাকে, হয়তো তেওঁলোকে আনৰ দৰে মুখ ফুটাই ক'ব নাজানে। হয়তো তেওঁলোকে পলাই ফুৰে নিজৰে অনুভৱৰ পৰা। হয়তো তেওঁলোকৰ শব্দ ডিঙিতেই ৰৈ যায়। কিন্তু পৰে, খঙাল মানুহো দুৰ্বাৰ প্ৰেমত পৰে। হয়তো আনতকৈ বেছি গভীৰভাৱে পৰে। কাৰণ কৈ দিয়া বোৰতকৈ ক'ব নোৱাৰা অনুভৱৰ মাদকতা অলপ হ'লেও যে বেছি! 

লখিমীৰ পাৰত বহি ৰাধাই অথনিৰে পৰা এইবোৰেই ভাবি আছে। তাইৰ অঁকৰা খংটোৰ বাবেই স্কুলীয়া জীৱনত কেতিয়াও কোনো ল'ৰা তাইৰ কাষ চাপিবৰ চেষ্টা নকৰিলে। কলেজতো এটা বছৰ কোনো ল'ৰাই চাগে তাইৰ প্ৰতি ভালপোৱাৰ ভাব কঢ়িয়াই নাপালে। পাব নো কেনেকৈ! অনবৰতে মুখখন খঙত থকাৰ দৰে গহীন হৈ থকা, সাধাৰণ কথা এটাতে স্থান কাল পাত্ৰ নাচাই গেঙেৰি মাৰি অহা ৰাধালৈ মূৰ তুলি চাবলৈ বা চকুত চকু থ'বলৈ কাৰোবাৰ সাহসেই বা ক'ত! আৰু ৰাধাৰো কিয় জানো আজিলৈ কাৰো প্ৰতিয়েই চোন অহা নাছিল তেনে বিশেষ অনুভৱ। লগৰ দুই এজনীয়ে কেতিয়াবা প্ৰেমৰ কথা ক'লে বা প্ৰেমিকক লগ ধৰিবলৈ যাওঁতে তাইক লৈ গ'লে তাই গালিহে পাৰে, "বৰ পেনপেনীয়া অ' তহঁত!" এৰা, নিজৰ লগত নোহোৱালৈকে প্ৰেম বস্তুটো পেনপেনীয়াই! এতিয়া সেই ৰাধায়েই যে কঁপা কঁপা বুকুৰে এই লখিমীৰ পাৰত বহি বাট চাই আছেহি বিশেষ কাৰোবলৈ। প্ৰিয়জন ওচৰত অহাটোতকৈও তেওঁ আহিব বুলি কৰি থকা মাদকতাৰ যে আমেজেই সুকীয়া। এইমাত্ৰ তেওঁ আহিব, এইমাত্ৰ তেওঁ মোৰ নামেৰে মাতিব, এইমাত্ৰ তেওঁৰ চকুযুৰি দেখিম, এই অনুভৱটোৱেই ভৰুণ কৰি ৰাখে বুকুখন। উফফ.. ৰাধাৰ নিজলৈকে হাঁহি উঠে, তায়েই নে এইজনী! পাতলকৈ বাইক এখনৰ শব্দ শুনা গ'ল। সেইটো শব্দতকৈ যেন ৰাধাৰ বুকুৰ শব্দটোৰহে প্ৰাৱল্য বেছি। এসময়ত আহি বাইকখন ৰৈ গ'ল। ৰাধাই ইচ্ছা কৰিয়েই ঘূৰি চোৱা নাই। এইমাত্ৰ যে তাই শুনিব তাইৰ আপোন মাতষাৰত তাইৰ নামটো, "ৰাধা"

কিন্তু তাইক আচৰিত কৰি অলপ বয়সীয়া মাত এটাই ক'লে,

"মাননীয়া সাধাৰণ সম্পাদিকা মহোদয়া, কালৈ বাট চাই আছে ইয়াত?"

উচপ খাই উঠিল ৰাধা। কোন এওঁ বুলি একে কোবে ঘূৰি চাই দেখে, বাইকৰ চাবিটো পকাই পকাই শৰতে তাইলৈ চাই হাঁহি আছে। তাই উঠি আহিল লগে লগে। শৰতে হাঁহি হাঁহি ক'লে,

"কি হ'ল? ভয় খালা?"

চেলাউৰি থুপাই ৰাধাই ক'লে,

"ভয় বাদ দিয়ক। বৰ বেয়া গালি এটা খালেহেঁতেন মোৰ পৰা। উঃ, কি মাত উলিয়াইছে।"

শৰতে আকৌ হাঁহি উঠিল জোৰেৰে। হাঁহি হাঁহিয়েই নৈৰ পাৰতে বহি সি ৰাধালৈ চালে,

"বহা আকৌ।"

ৰাধাৰ তেতিয়ালৈ খঙে শিৰ পাইছিল গৈ,

"নবহোঁ, কি কথা আছিল কওক আৰু যাওঁ।"

শৰতে আৰু অকণ ৰং চাওঁ বুলিয়েই ক'লে,

"শিক্ষকৰ কথা শুনিব লাগে, বহা।"

"অ' হয় নেকি? ব'লক তেন্তে ছাৰ, ঘৰতেই গৈ মোক টিউচন কৰাওক গৈ। নৈৰ পাৰত শিক্ষা গ্ৰহণ কৰাৰ ইচ্ছা নাই মোৰ।"

কথাটো কৈ তাই নৰ'লেই। খৰকৈ খোজ দিলে ৰাস্তাৰ ফালে। কথা বিষম হোৱা যেন পাই শৰৎ পাছে পাছে দৌৰিলে,

"কি ছোৱালী অ' এইজনী! ধেমালিও নো নুবুজে নে! ঐ ৰাধা, ৰোৱা না ঐ।"

অলপ দূৰ গৈ তাইক ৰখাব নোৱাৰি তাইৰ হাতত ধৰি নিজৰ কাষলৈ টানি লৈ আনিলে শৰতে। ৰাধা আহি শৰতৰ বুকুতে সোমালহি। বহল বাহুৰে তাইক আঁকোৱালি ধৰিলে সি। এক হৈ গৈছে যেন দুয়োৰে বুকুৰ স্পন্দন। কঁপা কঁপা মাতেৰে ৰাধাই ক'লে,

"এৰক, নাযাওঁ মই।"

"তুমি বিচাৰিলেও এতিয়া যাবলৈ নিদিওঁ মই।"

"জোৰ কৰিব মোৰ লগত?"

"লগা হ'লে কৰিব লাগিব। কিন্তু তোমাক যাবলৈ দিব নোৱাৰো।"

ঘন হৈ আহিছে বুকুৰ উশাহ! হিম চেঁচা হৈ আহিছে সমগ্ৰ শৰীৰ। ভৰিৰ পৰা যেন শিপা ওলাই লখিমীৰ পাৰৰ মাটিৰ মাজে মাজে সোমাই গৈছে ৰাধাৰ। আবেলিৰ এটাইবোৰ ৰং যেন তাইৰ মুখখনে আজুৰি আনিছে। উফ, সময়ে এনেকৈও উপহাৰ দিয়ে নে! কিছু মুহূৰ্তৰ পাছত শৰতে এৰি দিলে ৰাধাক। মৌন হৈ তাই নৈৰ পাৰতে বহিল। কাষতে শৰতো। প্ৰথমে শৰতেই ক'লে,

"কেনেকুৱা লাগিছে জি এছ হৈ?"

"ভালেই, সকলোৱে মোক বিশ্বাস কৰা বাবে ভাল লাগিছে। এতিয়া মাত্ৰ বিশ্বাসখিনিৰ মান ৰাখিব পাৰিলেই হ'ল।"

"পাৰিবা তুমি। মই জানো, তুমি এদিন চৰাই হৈ আকাশত উৰিবা।"

ৰাধাই অলপ ৰৈ ক'লে,

"চৰাই হোৱাৰ হাবিয়াস মোৰ নাই শৰৎ দা। চৰায়ে আকাশত উৰিবলৈ মাটি এৰি যায়। তাতকৈ মোৰ এজোপা খুব ওখ গছ হোৱাৰহে মন। যাতে যিমান ওপৰলৈ গ'লেও শিপাই সদায় মাটি খামুচি থাকে। আৰু চৰায়েও ভাগৰ লাগিলে তাতেই জিৰাব পাৰে।"

শৰতে ৰাধালৈ চালে, কিমান যে বেলেগ তাৰ ৰাধাজনী। তাই পুনৰ ক'লে,

"আমাৰ গোবিন্দপুৰৰ বাবে মোৰ বহুত কিবাকিবি কৰিবলে মন।"

"পাৰিবা, মইও আছোঁ তোমাৰ লগত।"

শৰতে হাত এখন ৰাধাৰ হাতত থ'লে। ৰাধাই মিচিকিয়াই হাঁহিলে। অলপ ৰৈ শৰতে সুধিলে,

"এতিয়া কোৱাচোন, হৃষীকেশৰ লগত কি খেল খেলি দিলা সেইখন?"

ৰাধাই হাঁহি হাঁহি গোটেই কথাবোৰ ক'লে। শৰৎ আচৰিত হ'ল তাইৰ ৰাজনীতি দেখি। কথাখিনি শুনি সি ক'লে,

"কম মানুহ নে তুমি?"

"ইচ, কিয় আকৌ? মোক বা মোৰ ঘৰখনক কোনোবাই আঘাত কৰিলে এনেকুৱাই অৱস্থা কৰিম।"

শৰতে অলপ ৰৈ সুধিলে,

"আৰু মোৰ লগত কোনোবাই বেয়া কৰিলে?"

"মাৰি পেলাম তাক, আপোনাক কোনোবাই কিবা কৰিলে।"

ৰাধাই খঙাল মাতেৰে ক'লে। মাতটো যেন কঁপিছিল। শৰতে তাইৰ কিছু কাষলৈ আহি তাইৰ গালখনত হাতেৰে স্পৰ্শ কৰি ক'লে,

"ক্যিউ? হাম আপকে হে কৌন?" 

ৰাধাই টান মাৰি হাতখন আঁতৰাই দি কৈ উঠিল,

"ধেই, এনে ছলমান খান গোটেইটো! ডায়লগ শুনা।"

এইবুলি কৈয়েই তাই উঠি দৌৰ মাৰিলে। পিছে পিছে শৰতো গ'ল,

"ৰ'বা ৰ'বা, ক'ত পলাইছা?"

ৰাধা দৌৰি গৈ হঠাৎ কিবা এটা দেখি বজ্ৰ পৰা মানুহৰ দৰে থৰ হৈ ৰৈ গ'ল। শৰতো গৈ সেইখিনিতে ৰৈ গ'ল। মুখৰ যেন মাত হেৰাই গৈছিল সিহঁতৰ। ইটোৱে সিটোলৈ চালে মাত্ৰ। ৰাধাৰ চকুকেইটা লাহে লাহে ৰঙা পৰি আহিছিল। শৰতে নিজকে সোধাৰ দৰেই সুধিলে,

"কোনে কৰিলে এইবোৰ?"

ৰাধাই যেন কওঁ বুলিও ক'ব পৰা নাই একো। খঙত কঁপিবলৈ লৈছে তাই। কাৰণ সিহঁতৰ সমুখত আছিল, লখিমী নৈৰ পাৰৰ পাঁচ জোপাকৈ গছ কাটি লৈ যোৱা গছৰ মুঢ়া কেইটা। এজাৰ, শিৰীষ, আম, কঁঠালকে ধৰি বিভিন্ন গছেৰে ভৰি আছে এই লখিমীৰ পাৰ। আজিলৈকে গোবিন্দপুৰৰ কোনো মানুহেও এই লখিমীৰ কোনো জোপা গছ কাটি পোৱা নাই। কেতিয়াবা একেবাৰে বুঢ়া গছ এজোপা ধুমুহাই ভঙাৰ বাহিৰে নৈৰ পাৰৰ কোনো গছ এইদৰে কটা নাই। অ, ইয়াৰে আম, বগৰী, ৰবাব টেঙা, কঁঠাল পিছে গাঁৱৰ সকলোৱে খায়। যিয়েই তলসৰা পাই লৈ যায়। কেতিয়াবা আকৌ নৈৰ পাৰতে বহি কেইবাটাইও একেলগে খায়। কিন্তু এনেকৈ গুৰিৰ সৈতে গছ কাটি পেলোৱাৰ উদাহৰণ গোবিন্দপুৰত নাই। ৰুই থৈহে যায়হি কোনোবাই কেতিয়াবা কিবা নতুন পুলি। তেন্তে কোনে কৰিলে এই কাম! কোন হ'ব পাৰে যাৰ লুভীয়া দৃষ্টি লখিমীৰ পাৰত পৰিছে! খঙত একো নাই হৈ ৰাধা ঘৰলৈ খোজ ল'লে। শৰতে বাইকখন আনি তাইক তাতে উঠিবলৈ ক'লে। সিহঁত আগবাঢ়িল স্নেহালয়ৰ দিশে।


"কি???" ধৰ্ম নাৰায়ণৰ গর্জনত কঁপি উঠিল স্নেহালয়ৰ দেৱাল। আখলত থকা কুন্তলা আৰু সাৰদী উচপ খাই উঠিল। পিছফালে যঁতৰ ফুৰাই থকা গাঁৱৰে বোৱাৰী কেইজনীৰো হাত ৰৈ গ'ল। হাঁহ কেইটাক দানা দি থকা তেজাইও "অ' মা!" বুলি শিয়ঁৰি উঠিল। নিজৰ কোঠাতে বহি তামোল খুন্দি থকা ভানুমতীও লাহেকৈ চ'ৰাঘৰৰ ফালে খোজ ল'লে। চ'ৰাঘৰত ধৰ্ম নাৰায়ণ, মনোহৰা আৰু বৈকুণ্ঠ। লগতে ৰাধা আৰু শৰৎ। ৰাধাই অনা খবৰটোত কঁপি উঠিছে ধৰ্ম নাৰায়ণ। গোবিন্দপুৰৰ প্ৰতিজোপা গছ, প্ৰতিটো পোহনীয়া জন্তু, প্ৰতিটো চৰাই তেওঁৰ নিজা সন্তানৰ দৰে। ৰাজহুৱা গছতো বাদেই কোনোবাই কিবা বিশেষ অসুবিধাত নিজৰ বাৰীৰ গছ এজোপা কটাব খুজিলেও গুৱা পাণ এভাগ আগবঢ়াই ধৰ্ম নাৰায়ণৰ অনুমতি লৈ লয়। তেনেস্থলত লখিমীৰ পাৰৰ পাঁচ জোপাকৈ গছ কাটি কোনোবাই লৈ গ'ল, অথচ গোবিন্দপুৰৰ পৰুৱা এটাইও গম নাপালে। ই জানো কম ডাঙৰ কথা! ৰাধাই কথাখিনি বৰ্ণনা কৰাৰ পাছতে ধৰ্ম নাৰায়নে ক'লে,

"এতিয়াই বিচাৰ বহিব নামঘৰৰ বাকৰিত। কাৰ ইমান সাহস হ'ল!"

এনেতে বৈকুণ্ঠই বাধা দি ক'লে,

"ৰ'ব দেউতা। এতিয়া বিচাৰ দি কি লাভ হ'ব! কাৰণ এইটো কাম গোবিন্দপুৰৰ কোনো মানুহে নকৰে। কৰিছে বাহিৰৰ কোনোবাই। সেই পাঁচ জোপাৰ বিচাৰ কৰাতকৈ আমি আৰু যাতে গছ কাটিব নোৱাৰে তাৰ ব্যৱস্থাহে ল'ব লাগে। সেই কেইজোপা নিলে, নিলে আৰু।"

লগে লগে ৰাধাই মাত দিলে,

"নিলে আৰু মানে? পাঁচ জোপাকৈ গছ কি এনেকৈ এৰি দিয়া যাব? সেই কেইজোপা কোনে কাটিছে বিচাৰ কৰিলেই আচল দোষী ওলাই যাব। এতিয়া কি আমি আকৌ গছ কটালৈ বাট চাই থাকিম নেকি?"

বৈকুণ্ঠই ৰাধালৈ চাই ক'লে,

"তই চব কথাতে মাত নিদিলেও হ'ব ৰাধা। কলেজতহে জিকিছ, ইয়াত এম এল এ হোৱা নাইতো তই।"

এইবাৰ শৰতে ক'লে,

"কিন্তু বৈকুণ্ঠ দা, আচল কথাটো এইটোহে আপোনালোকে মন কৰিছে নে নাই নাজানো। কিন্তু লখিমীৰ পাৰৰ গছ কেইজোপাই মাটিখিনি ধৰি ৰাখিছে। গছবোৰ নাথাকিলে সেই মাটিবোৰ লখিমীৰ পানীয়ে বৰ সহজেই খহাই নিব। আৰু এবাৰ যদি মাটি খহে, গোবিন্দপুৰত বান আহিবলৈ বৰ বেছি সময় নালাগিব।"

লগে লগেই হো হোৱাই হাঁহি উঠিলে বৈকুণ্ঠই,

"কি ক'লা, হেৰা ডেকা ল'ৰা তুমি কিমান চিনি পোৱাহে গোবিন্দপুৰক? লখিমীত বানপানী হ'ব, গোবিন্দপুৰ ডুবি যাব! ক'ত শুনিছা এইবোৰ সাধুকথা? হেৰা, লখিমী মৰা নৈ বুইছা। আৰু মৰা নৈত......"

বৈকুণ্ঠৰ কথা শেষ নহওতেই ভিতৰৰ ফালৰ পৰা চ'ৰাঘৰলৈ মাত এটা শুনা গ'ল,

"লখিমী মৰা নৈ নহয়।"

গুৰু গম্ভীৰ খোজেৰে সোমাই আহিল ভানুমতী। চকুত যেন প্ৰচণ্ড অগ্নি। আহিয়েই তেওঁ বৈকুণ্ঠলৈ চাই ক'লে,

"তই কিমান চিনি পাৱ লখিমীক? লখিমী মৰা নৈ নহয়, লখিমী জীয়া। লখিমীয়ে ৰাখিছে বুলিহে গোবিন্দপুৰ আছে। লখিমীক উদং কৰিবলৈ গ'লে তাই কাকো সুদাই নেৰে।"

বৈকুণ্ঠই একো নামাতি তলমূৰ কৰি ৰৈছিল। হঠাৎ কিবা এটা মনত পৰাৰ দৰে কৰি সি শৰৎ আৰু ৰাধালৈ চাই প্ৰশ্ন কৰিলে,

"এইবোৰ বাৰু বুজিলোঁ, পিছে লখিমীৰ পাৰত শৰৎ আৰু ৰাধাই কি কৰি আছিলি?"

বৈকুণ্ঠৰ প্ৰশ্নত এক মুহূৰ্তৰ বাবে ৰৈ গ'ল শৰৎ আৰু ৰাধা। ঘৰৰ আটাইবোৰ মানুহৰ আগত পটকৈ কি উত্তৰ দিলে ভাল হ'ব ৰাধাই ভাবি পোৱাৰ আগতেই উত্তৰটো আহিল,

"অকল সিহঁতেই আমিও আছিলোঁ।"

ঘৰৰ মূল দুৱাৰৰ পৰা সোমাই আহিল সৰুকণ আৰু কানাই। সোমাই আহিয়েই সৰুকণে ক'লে,

"মই আৰু শৰৎ বহি আছিলোঁ লখিমীৰ পাৰতে। অলপ পাছতেই ৰাধা আৰু কানাই ওলাল গৈ সেইখিনি। তেতিয়াহে দেখিলো।"

ৰাধাই দীঘলকৈ উশাহ এটা ল'লে। কথাবোৰ আকৌ আৰম্ভ হ'ল। তাৰ মাজতে আগচোতালত স্বস্তিৰ নিশ্বাস এৰিলে বৈকুণ্ঠৰ পত্নী সাদৰীয়ে। ঘপকৈ যে কানাই আৰু সৰুকণক পালে বিচাৰি! গিৰিয়েকে কেনেকৈ কথা ঘূৰাব সেই কথা সাদৰীতকৈ ভালকৈ আৰু কোনে জানিব। গছৰ পৰা কথা উভতি যে শৰৎ আৰু ৰাধালৈ আহিব সেয়া তাই পৰ্দাৰ সিপাৰৰ পৰা কথাবোৰ শুনিয়েই জানিলে। সেয়ে লগে লগে কানাইক বিচাৰি সৰুকণকো কথাখিনি কৈ চ'ৰাঘৰলৈ যাবলৈ দিহা দিলে। ৰাধা আৰু শৰৎ এইবাৰলৈ সাৰিল। ভিতৰত কথাৰ আলোচনা চলিয়েই আছে। সাদৰী ঘৰৰ কাষেৰে গৈ পিছ চোতালেদি আখল পালেগৈ আৰু চাহৰ কেটলি উঠাই দিলে।


গাঁৱৰ মানুহৰ লগত কথাবোৰ আলোচনা কৰা আৰু প্ৰয়োজন হ'লে গোবিন্দপুৰত পহৰাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্তৰে কথাবোৰৰ সামৰণি পৰিল। ধৰ্ম নাৰায়ণ আৰু বৈকুণ্ঠ কিবা কামত গাড়ীৰে ওলাই গ'ল। শৰতক বহিবলৈ কৈ সৰুকণ নিজৰ কোঠাত সোমাল। কুন্তলা আৰু সাদৰীয়ে চাহ আনি দিলে শৰতক। চ'ৰাঘৰত তেতিয়া অকল শৰৎ, ৰাধা আৰু কানাই। চাহ খোৱাৰ মাজতে শৰতে কানাইক সুধিলে,

"কানাই, খুব ধুনীয়া বাঁহী বজোৱা বোলে তুমি। মোক কেতিয়া শুনাবা?"

কানাইৰ হৈ উত্তৰটো ৰাধাই দিলে,

"কানায়ে শুনোৱা বুলি ক'লেই বাঁহী নুশুনাই ন! কানাইৰ বাঁহী শুনিবলৈ যমুনা পাৰলৈ যাব লাগিব।"

"যমুনা পাৰ?"

শৰতে বুজি নাপালে যদিও কানায়ে ৰাধাৰ কথাৰ অৰ্থ বুজি পাই হাঁহি হাঁহি কৈ উঠিল,

"ব'লক শৰৎ দা, আপোনাক যমুনা পাৰলৈ লৈ যাম আজি।"

অলপ পাছত সিহঁত তিনিওটা গৈ ৰাধাপুখুৰীৰ পাৰত ৰ'ল গৈ। ৰাধাই হাঁহি হাঁহি দেখুৱালে,

"এয়াই আমাৰ যমুনা।"

এতিয়াহে কথাটো বুজি পাই শৰতে হাঁহিলে। লগতে কানায়ে কাষৰ ৰাধাচূড়া জোপাত ধৰি ক'লে,

"আৰু এইজোপা আমাৰ কদম।"

আকৌ সকলোৰে হাঁহি। হাঁহি হাঁহি তিনিওটা পুখুৰীৰ পাৰতে বহিল। ৰাধাই পুনৰ ক'লে,

"আৰু আমিয়েই কলিযুগৰ ৰাধাকৃষ্ণ।"

কানায়ে জোৰকৈ হাঁহি উঠাৰ বিপৰীতে কিয় জানো এইবাৰ চোন শৰতে হাঁহিব নোৱাৰিলে। জোৰকৈ মুখত হাঁহি এটা আঁকিব চেষ্টা কৰিলে যদিও অথনিৰ হাঁহিটো যেন ক'ৰবাত নোহোৱা হৈছিল। এনেতে কানায়ে ক'লে,

"এইখন চোকা মুখ লৈ তাই বোলে ৰাধা হয়। ৰাধা ইমান গুণ্ডা নাছিল বুইছ।"

ৰাধাই কৃত্ৰিম খং দেখুৱাই কানাইক মৃদু ঘোচা এটা মাৰিছিল। কানায়ে হাঁহি হাঁহি পুখুৰীৰ পানী তাইলৈ ছটিয়াই দিছিল। সিহঁতৰ হাঁহিত আবেলিটো আৰু ৰঙীন হৈ পৰিছিল। কিন্তু শৰতৰ চকুত যেন কোনোবা অমানিশাৰ এন্ধাৰ নামিছে। হঠাতে কানায়ে কিবা এটা মনত পৰাৰ দৰে ক'লে,

"অ'হ, শৰৎ দাই বাঁহী শুনিম কৈছিল! পিছে বাঁহীটো অনাই নহ'ল নহয়।"

ৰাধাই "মই লৈ আনো গৈ ৰহ" বুলি উঠি গ'ল। তাই যোৱাৰ ফালে চাই শৰতে কানাইক সুধিলে,

"খুব মিল ন তোমালোক দুয়োজনৰ।"

কানায়ে ক'লে,

"বহুত, আচলতে তাই আছে কাৰণেই চাগে মই ইয়াত আছোঁ। নহ'লে গুচি গ'লো হয়!"

"তুমিও তাইক খুব মৰম কৰা ন!"

"তাইক কোনে মৰম নকৰাকৈ পাৰে! অ, খংটো অলপ বেছি। কিন্তু খংটোৰ সিপাৰে বৰ মৰম আকলুৱা মন এটা আছে। খুব আলফুল তাই।"

"উম, তাইও তোমাৰ কথা কয়।"

"মই ভাল পাওঁ বুলিয়েই আগতে বেলেগৰ পৰা ৰবাব টেঙা চুৰ কৰি আনে তাই। পাগলীজনী!"

কানাইৰ প্ৰতিটো কথাই যেন শৰতৰ বুকুত এজাক মৃদু অথচ গম্ভীৰ ধুমুহা বলাইছে। উশাহবোৰ যেন অচিনাকি হৈ পৰিছে। এনেতে ৰাধা আহি পালেহি। তাইৰ পৰা বাঁহীটো লৈ কানায়ে বজাই গ'ল বিষ্ণু ৰাভাৰ গীতৰ কলি এটা,

"...শুনিছা নে সেই সুৰ,

পৰাণত তোলা মোৰ,

হৃদয়ত গোৱা গান

ভালপোৱা ভালপোৱা....."

বাঁহীৰ সুৰটোৱে যেন শৰতৰ বুকুখনত বিষ এটা হৈ উমলিব ধৰিছে। ৰাধাই একান্ত মনে বিভোৰ হৈ বাঁহীৰ সুৰ শুনি চাই ৰৈছে কানাইলৈ। শৰতে মন দি চালে তাইৰ চকুযুৰি লৈ। কি আছে কানাইলৈ চোৱা সেই দৃষ্টিত! এনে মুগ্ধ দৃষ্টিত কেৱল বন্ধুত্ব সম্ভৱ নে! শৈশৱৰ পৰাই গঢ় লোৱা নিভাঁজ এটা সম্পৰ্ক, য'ত ক'ৰবাত হয়তো প্ৰেম লুকাই আছে! তাত শৰতৰ আগমনে আন কাৰোবাক বুকু উকা কৰি নেপেলায়তো! মানুহক মানুহৰ পৰা কাঢ়ি অনা প্ৰেমলৈ শৰতৰ ভয় লাগে, খুব ভয়। তাতকৈ থাকি যাব, শৰৎ নিজেই আধৰুৱা হৈ! কানায়ে বজাই গৈছে গীতটি,

"লগন উকলি গ'ল

তেও যে নহ'ল কোৱা...."

(আগলৈ)

Comments

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯