ৰাধা : ৩১
#ৰাধা
Part 31
যাওঁ বুলিয়েই গুছি যাব পাৰে মানুহ। নোকোৱাকৈ, নোচোৱাকৈ, ভালপোৱাইও ঢুকি নোপোৱাকৈ! তাৰপাছতো আমি ৰৈ থাকোঁ, মুখবোৰক নহ'লেও সময়বোৰক উভতাই বিচাৰি ৰৈ থাকোঁ। নাহে, কোনো উলটি নাহে। কোনোবা এনিশা বিষ এটা বুকুৰ পৰা ডিঙিলৈকে উজাই আহে, মানুহে তাকেই স্মৃতি বোলে। ৰাতিটোৱে নিচুকাই, গাৰুটোৱে সামৰে। কথাবোৰ নাজানে দিনৰ পোহৰে। মাজে মাজে চকুৰ সেমেকা কোণ দুটাই সোধে, কিমান কান্দিলে বুকুৰ পৰা ভালপোৱা শেষ হয়! কিমান যন্ত্ৰণাত বিস্মৃতি আহে! উত্তৰৰ সলনি হুমুনিয়াহ বাগৰে! এৰা, কষ্ট যেতিয়া ভালপোৱাই দিয়ে, তেতিয়া তাৰ উপশম এই পৃথিৱীৰ কোনো সম্পৰ্ক কোনো অনুভৱে দিব নোৱাৰে। কেতিয়াও নোৱাৰে।
সাঁজ লাগিল অথনিয়েই, আবেলি গৈ সন্ধিয়া হ'ল। লখিমীৰ পাৰৰ গৰুবোৰো গৰাকীৰ ঘৰ পালেগৈ। জিলিৰ জি জি শব্দ এটা আৰু কেইটামান জোনাকীৰ বাদে লখিমীৰ পাৰত এতিয়া কোনো নাই। একেবাৰে এন্ধাৰ এতিয়াও নমা নাই, পাতল নীলা আৰু ক'লাৰ মিশ্ৰণৰ দৰে ৰং এটা বিয়পি আছে মাত্ৰ। তাতেই বহি আছে চুপহি, অকলশৰে। তাই আবেলিয়েই আহিল। কেতিয়া নো সন্ধিয়া হ'ল তাইৰ ভ্ৰূক্ষেপ নাই। সৰুকণ নোহোৱা হোৱা আজি প্ৰায় এমাহেই পাৰ হ'ল। মানুহে চুপহিক দেখিলেই দুখত ইচ ইচ কৰে। তাইৰ পিছে সেইবোৰলৈ মন নাই। নিত্য নৈমিত্তিক কামবোৰ কৰি গৈছে। যোৱা মাহটোত তাই কেইবাৰ কথা কৈছে আঙুলি মূৰত চাগে গণিব পাৰি। চুপহিৰ যেন গোটেই পৃথিৱীখনলৈকে অভিমান জাগিছে। তাইৰ বাবে ঘৰ এখন সাজিব খোজাজনেই যেতিয়া বালিঘৰ হৈ গুচি গ'ল, তাই আনৰ পৰা নো কি আশা কৰিব। নিতৌ তাই লখিমীৰ পাৰলৈকে আহে, কিজানি ইয়াতো ক'ৰবাত লাগি আছে সৰুকণৰ গাৰ গোন্ধ, তাৰ হাঁহিৰ ৰাগি। সেয়া বিচাৰিয়েই আহে তাই। এনেতে পিছফালৰ পৰা কাৰোবাৰ কৰুণ কাতৰ মাত,
"চুপহি বাইদেউ"
ঘূৰি চাই দেখে সেয়া ৰাধা। একো নামাতি তলমূৰ কৰিলে চুপহিয়ে। ৰাধাই এন্ধাৰতো মন দি চালে তাইলৈ। সন্ধিয়াৰ পাতল পোহৰত চুপহিলৈ চাই চমকি উঠিল ৰাধা। এয়া জানো চুপহি! গাঁতত পোত যোৱা চকু, গালত চকুপানীৰ শুকান দাগ, জঁট লগা চুলি। ডিঙিৰ কামিহাৰ ওলাই আহিছে। উফ, ছোৱালীজনীৰ এইটো ৰূপ অসহ্যকৰ। যোৱা এমাহত চুপহিৰ ওচৰলৈ গৈও উভতি আহিছে ৰাধা। নাই, তাইৰ সাহস নহয় চুপহিৰ মুখামুখি হ'বলৈ। সৰুকণলৈ চৰম খং উঠে এই সময়তে। যদি বিশ্বাস ৰাখিবই নোৱাৰে প্ৰেমত কিয় পৰে এই মানুহবোৰ! আৰু কি একোৱেই উপায় নাছিল নে! যোৱা এটা মাহ কেনেকৈ কটাইছে ৰাধাইহে জানে। সেইদিনাই যে ধৰ্ম নাৰায়ণ ঢলি পৰিল আজিলৈ ভালকৈ পোন হ'বই পৰা নাই। কাৰোবাৰ হাতত ধৰি ধৰি দুই এখোজ যায়। উচ্চ ৰক্তচাপে মানুহজনক যেন কোঙা কৰি পেলালে। তেখেতৰ কাম কাজ আজিকালি বেছিভাগ বৈকুণ্ঠয়েই চায়। ইফালে ভানুমতী আই আগতকৈও বেছি নিজৰ কোঠাতে সোমাই থকা হ'ল। কুন্তলা সাদৰী কাৰো চকুলৈ চাব নোৱাৰি, অনবৰতে যেন চকুযোৰ ভৰি থাকে পানীৰে। ৰাধাই আৱৰিব খোজে সকলোকে। ভানুমতীৰ ওচৰত গৈ ভাওনাৰ বচন মাতি ধেমালি কৰে, ধৰ্ম নাৰায়ণক পুথি পঢ়ি শুনাই, কিন্তু চুপহিক কিবা সান্তনা দিবলৈ যেন তাইৰ একো ভাষাই নাই। কিমান গভীৰ ভাৱে চুপহি সৰুকণৰ প্ৰেমত সমৰ্পিত আছিল সেয়া ৰাধাতকৈ ভালকৈ কোনে বুজিব! পিছে আজি আহিব লগা হ'ল। আবেলিৰ পৰা চুপহি ঘৰত নাই বাবে তাইৰ দেউতাক স্নেহালয় ওলালহি। ছোৱালীজনীক কি কৰা যায় ধৰ্ম নাৰায়ণক সুধিলেহি। তাৰ বাবেই ৰাধা আহিছে, চুপহিক লৈ যাবলৈ। ধৰ্ম নাৰায়ণে কথা পাতিম বুলি কৈছে তাইৰ লগত। ৰাধা আগুৱাই গ'ল চুপহিৰ ফালে,
"সাঁজ লাগিল চুপহি বাইদেউ, ব'লা ইয়াৰ পৰা।"
"ৰাধা, তোৰ সন্ধিয়াবোৰ ভাল লাগে নে?"
চুপহিৰ কথাত ৰাধাই একো নকৈ তাইৰ ফালে চাই ৰ'ল মাত্ৰ। চুপহিয়ে নিজক কোৱাৰ দৰে কৈ গ'ল,
"মোৰ বৰ ভাল লাগে জান! এই যে দিন আৰু ৰাতি, সিহঁতে যেন এই সন্ধিয়াবোৰতে ইটোৱে সিটোক লগ পায়। বাকী সময়ততো আঁতৰতে থাকে। সেইবাবে মই সন্ধিয়া ইয়াত অকলে বহোঁ। কিজানি... কিজানি...."
পিছৰখিনি ক'ব নোৱাৰিলে চুপহিয়ে। ৰাধাই গৈ তাইক আঁকোৱালি ধৰি উচুপি উঠিল,
"মোক ক্ষমা কৰি দিবা চুপহি বাইদেউ। মোক ক্ষমা কৰি দিবা।"
ৰাধাৰ মূৰত হাত ফুৰাই চুপহিয়ে ক'লে,
"নেকান্দিবি অ'। চাচোন, মইওতো কন্দা নাই। আমি বিচৰা বস্তুবোৰ পাবয়েই লাগিব বুলি ক'ত নো লিখা আছে ক। হেৰৌ, কৃষ্ণ ভগৱানেই চোন নিজে ভালপোৱা জনীক বিয়া পাতিব নোৱাৰিলে। তেন্তে এই দেওধৰ হালোৱাৰ জীয়েকে পাৰিব নে?"
ৰাধাই হুকহুকাই কান্দি উঠিল,
"কেনেকৈ পাৰিছা তুমি চুপহি বাইদেউ? ক'ৰ পৰা পাইছা ইমান সাহস!"
হাঁহি মাৰি চুপহিয়ে ৰাধাৰ চকুপানী মচি দি ক'লে,
"প্ৰেমত পৰা মানুহ সাহসী নহয়, দুঃসাহসী হ'ব লাগে। কোনে জানে, কোনে কেতিয়া কেনেকৈ ভাঙি পেলায়। আৰু এতিয়া নো মই কিহলৈ ভয় কৰিম অ' ৰাধা! এতিয়াতো মোৰ হেৰুৱাবলৈ একোৱেই বাকী নাই।"
ৰাধাই চালে তাইলৈ! হয়তো এটা সময়ৰ পাছত কষ্টবোৰেও কষ্ট দিবলৈ এৰি দিয়ে। তেনে এক সময়তে যেন থিয় হৈছে চুপহি। ৰাধাই ক'লে,
"ককাই তোমাক আমাৰ ঘৰলৈ মাতিছে। তোমালোকৰ বর্তাও তাতে আছে।"
"ব'ল" বুলি চুপহি উঠি আহিল। পিছে পিছে ৰাধাও।
স্নেহালয়ৰ চ'ৰাঘৰত তলমূৰকৈ থিয় হ'ল গৈ চুপহি। নঙলাডাল খুলি সোমাওতেই যে বুকুখন কঁপি উঠিছে তাইৰ। এইখনেইতো চোতাল, এইখনেইতো ঘৰ, কিন্তু এনেকৈ সোমোৱাৰ কথা আছিল জানো! তাইৰ মূৰত উৰণি নাই, নাই গাত মাহ হালধিৰ গোন্ধ। কইনা হৈ সোমাবলগীয়া ঘৰখনত আজি তাই সোমাইছেহি সাধাৰণ কপাহী সাজ এযোৰ পিন্ধি। ৰাধাই হয়তো বুজি পাইছিল, এহাতেৰে সাৱটি আছিল চুপহিক পিছফালৰ পৰা। ধৰি নাথাকিলেও চুপহি পৰি নাযায়, ৰাধাই জানে। কিন্তু, কেতিয়াবা শক্তিশালী মানুহকো এখন হাত লাগে, ৰাধাই বুজে।
"মাজনী অ'....!"
বিৰহ কাতৰ মাত ধৰ্ম নাৰায়ণৰ। মাতটো যেন চুপহিৰ বুকুলৈকে সোমাই গৈছে। বেজীৰ আগ এটা হৈ বুকুখনত বিন্ধি ফুৰিছে। গলগলীয়া গম্ভীৰ মাতৰ সলনি এই বিৰহী মাত গোবিন্দপুৰৰ কোনো এজন মানুহেও শুনিব নোৱাৰিব।
"যোৱাবোৰ গুচি গ'ল। কাৰো কথা নাভাবিলে। এতিয়া সেইবুলি এনেকৈ ৰৈ গ'লে হ'ব জানো! জীৱনটো নিজৰ অ' মাজনী, নিজৰ কথা নিজে নাভাবিলে কোনে ভাবি দিব!"
চুপহিয়ে তলমূৰ কৰিয়েই উত্তৰ দিলে,
"নিজৰ কথা ভবা হৈছে। যোৱাবোৰৰ দৰে মইও গুচি গ'লে পাৰ্থক্য নো ক'ত থাকিব। তেওঁ পাৰিলে বুলিয়েই মইতো নোৱাৰিম পাহৰিব।"
"সময়ে সকলো আঘাত পাহৰাব মোৰ আই।"
"কিন্তু মই সময়ক সেই অধিকাৰ নিদিওঁ। সিজনক মনৰ পৰাই বৰি থৈছিলো কেতিয়াবাই। এতিয়া আনৰ সৈতে ঘৰ সাজি ব্যভিচাৰী হ'ব নোৱাৰিম। মোক আৰু জোৰ নকৰিব দেউতা।"
কথাটো কৈয়েই চুপহিয়ে ধৰ্ম নাৰায়ণৰ ওচৰত আঁঠু ল'লে। তাইৰ মুখত "দেউতা" শব্দটো শুনি ধৰ্ম নাৰায়ণৰ চকুলো বাগৰি আহিল। গোটেই গোবিন্দপুৰে বাঘ দেখাদি দেখা মানুহজনে আজি কান্দিছে। গামোচাৰে চকু মচিছে। "তোক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম সৰু দা, কেতিয়াও নোৱাৰিম।" মনতে ক'লে ৰাধাই। ধৰ্ম নাৰায়ণে চুপহিৰ মূৰত হাত থৈ কঁপা কঁপা মাতেৰে ক'লে,
"আমাক ক্ষমা কৰিবি অ' আই। এইখন তোৰেই ঘৰ। তোৰ যেতিয়াই মন যায় তেতিয়াই আহিবি।"
চুপহিয়ে একো নামাতি তাৰ পৰা আঁতৰি আহিল। বাৰাণ্ডাত সাদৰী আৰু কুন্তলা ৰৈ আছিল। চুপহিক দেখি কুন্তলাই মূৰত হাত ফুৰাই দিলে। চুপহিয়ে ফেঁকুৰি উঠি ক'লে,
"আপোনালোকক বাইদেউ বুলি মাতিব পাৰিম নে?"
লগে লগে কুন্তলা আৰু সাদৰীয়ে একেলগে তাইক সাৱটি ধৰিলে। চৌধুৰী বংশৰ তিনিজনী বোৱাৰী, তিনিজনী জা জুৱলিৰ সেই দৃশ্য দেখি ৰাধা ৰৈ থাকিব পৰা নাছিল। মুখ ঢাকি তাই নিজৰ কোঠাত সোমাল গৈ আৰু গাৰুত মুখ গুজি হুকহুকাই কান্দি উঠিল। যুঁজ, বাগৰ, বিদ্ৰোহ এইবোৰ পুৰুষে কৰে। কিন্তু তাৰ মূল্য সদায় নাৰীয়ে ভৰিব লাগে। প্ৰেমত পুৰুষ আৰু নাৰী একেলগেই পৰে, তেন্তে এৰাধৰাৰ তুলাচনীখন নাৰীৰ বাবে বেছি গধূৰ কিয় হৈ যায়! অপেক্ষা, প্ৰতীক্ষা এই শব্দবোৰ নাৰীৰ বাবে কিয় থাকে! কিয়! ৰাধাই বুজি নাপায়। তাইৰ কোঠাত চেঁপা কান্দোনৰ শব্দ এটা বিয়পি পৰে। বাহিৰত এতিয়া কৃষ্ণপক্ষৰ এন্ধাৰ, ক'ৰবাত ফেঁচা এটাই মাতি আছে।
কিতাপৰ পৃষ্ঠাটোৰ ওপৰত চকুৰ পানী এটোপাল পৰিলহি সন্ধ্যাৰ। হাতেৰে টোপালটো মচি তাই কিতাপখন জপাই থ'লে। তাৰ পাছত চোফাখনতে মূৰটো হাওলাই পেলাই দিলে। বুকুত যেন কিবা বিষ এটাই উকমুকাই উঠিছে। প্ৰেমক এক আলফুল অনুভূতি বুলিয়েই সকলোৱে কয়, কিন্তু তাৰ মাজতো যে কিমান গভীৰ আঘাত থাকিব পাৰে সেয়াতো পোৱাজনেহে বুজে। চুপহিৰ কষ্টখিনি যেন সন্ধ্যাৰ বুকুলৈকে আহিছে। এনেতে কোনোবাই পিছফালৰ পৰা তাইৰ চকুযোৰ ধৰিলেহি। এইবাৰ মিচিকিয়া হাঁহি এটা সৰিল তাইৰ। এই পৰশ, তাইৰ যে আজন্ম চিনাকি! এই এটা পৰশতে তাই প্ৰতিদিন জী উঠে, মৰহিও ফুলি উঠে, আশাহীন হৈও আশা কৰে, সকলো হেৰুৱাইও সপোন দেখে। অনুৰণৰ হাত চকুৰ পৰা আঁতৰাই নিদি সন্ধ্যাই প্ৰবীণ বৰাৰ গানৰ কলি এটা গুণগুণালে,
"তুমি অহা বাটে সপোন সৰে অচিন সুৰে নিচুকাই,
উমি উমি জ্বলা হেঁপাহবোৰো তোমাৰ নামত মিলি যায়।"
লগে লগে হাতখন আঁতৰাই অনুৰণ সন্ধ্যাৰ সমুখত আঁঠু লৈ বহিল,
"কি মানে এয়া?"
সন্ধ্যাই দেখিলে তাৰ চকুত দিনটোৰ ভাগৰৰ পাছতো যেন কিবা অনুভৱৰ তিৰবিৰণি। তাই হাঁহি মাৰি ক'লে,
"কি হোৱা দেখিলা?"
"তুমি কিমান যুগৰ মূৰত গান গাইছা মনত আছে?"
তাৰ কথাতহে সন্ধ্যাৰ মনত পৰিল। এৰাতো, গান বাদ দিয়া কিমান দিন যে হ'ল তাইৰ! এনেই গাও বুলি গোৱাটো বাদেই, গুণগুণাইও চোন থকা নাযায় আজিকালি। কিন্তু হঠাৎ যে কেনেকৈ গানৰ কলি তাইৰ মুখেদি ওলাল। উত্তৰ নিদি তাই কিতাপখনলৈ চালে। অনুৰণে তাইৰ কপালত চুমা এটা আঁকি দি ভিতৰলৈ গ'ল। সন্ধ্যাই "ৰাধা"খন বুকুত লৈ এবাৰ দীঘলকৈ উশাহ ল'লে। কেতিয়াবা উপন্যাসেও আমাক এনেকৈ সংগ দিয়ে, যিয়ে আমাক নিজকেই ঘূৰাই পোৱাত সহায় কৰে।
বেলতলাৰ কেইবা মহলীয়া এপাৰ্টমেণ্ট এটাৰ তলত অনুৰণহঁতৰ গাড়ীখন ৰ'লগৈ। পাৰ্কিঙত আৰু কেইবাখনো গাড়ী। হাতত গিফ্ট এটা লৈ সন্ধ্যা নামি গ'ল। এখন এজাৰৰঙী পাটৰ শাড়ী পিন্ধি আহিছে তাই। এফালে হাতৰ মণিবন্ধলৈকে মেলি লৈছে, আনটো হাতেৰে আচলটো চুচৰি নোযোৱাকৈ ধৰি লৈছে। পিছতেই অন্তৰা নামিল। তাৰ পাছতেই অনুৰণো নামি অহাত সিহঁতে ভিতৰলৈ সোমাই গ'ল। এপাৰ্টমেণ্টটোৰ ওপৰৰ বহল চাঁদতেই সকলো আয়োজন। সন্ধ্যা গৈ পাওঁতেই বীণা মামীয়ে সাৱটি ধৰিলেহি,
"এতিয়াও ন কইনাৰ নিচিনাই ধুনীয়া হৈ আছা অ'। তোমাৰ কথা সুধিয়েই আছে, আমাৰ ইয়াতো তোমাৰ অনুৰাগী দুজনীমান আছে বুইছা।"
কথা কৈ কৈ তাইক আগুৱাই লৈ গ'ল। লাহে লাহে সিহঁত বাকী আলহীবোৰৰ সৈতে মিলি পৰিল। সন্ধ্যাই কেঁচুৱাটোক কোঁচত লৈ উপহাৰটো মাকৰ হাতত দিলে। কেঁচুৱাটিক চুমা এটা খাওঁতে সন্ধ্যাৰ সজল হৈ পৰা চকুহাল অনুৰণে আঁতৰৰ পৰা হ'লেও স্পষ্টকৈ দেখিলে।
সকলোৰে লগত বহি থাকোঁতেই সন্ধ্যাহঁতক চৰ্বত আনি দিলেহি সৰু ছোৱালী এজনীয়ে। অনুৰণে কাষতে বহি থকা সন্ধ্যাক সুধিলে,
"ঐ, এই ছোৱালীজনী ইহঁতৰ ঘৰত কাম কৰা নেকি?"
"ঠিক কাম কৰা নহয়, আনি ৰাখিছে সহায়ৰ বাবে। লগতে পঢ়া শুনা সকলো খৰছ লৈছে।"
"কিন্তু...."
অনুৰণক কথাৰ মাজতে ৰখাই সন্ধ্যাই ক'লে,
"প্লিজ ৰণ, ইয়াত তুমি লেবাৰ ইন্সপেক্টৰজন হ'ব নালাগেচোন। ডিউটিত নাইতো তুমি এতিয়া।"
"মই সেইটো কোৱা নাই অ'। তোমাৰ মনত আছে নে, আমি ইয়াৰ আগতে এবাৰ ইয়ালৈ যে আহিছিলোঁ। এমাহ মানৰ আগত চাগে, তেতিয়াচোন বেলেগ এজনী ছোৱালী আছিল। ট্ৰাইবেল আছিল তাই। সেইজনী ক'লৈ গ'ল?"
"গুচি গ'ল চাগে, নাইবা ঘৰৰ মানুহে লৈ গ'ল।"
"আচৰিত, লগে লগেই আন এজনী পায়ো গ'ল।"
"প্লিজ হা, এতিয়া যে এইবোৰ ভাবি নাথাকিবা।"
সন্ধ্যাই কোৱাৰ বাবেই একো আৰু নুলিয়ালে যদিও অনুৰণৰ মনত কিবা সন্দেহ এটাই খজুৱাই থাকিল। কিবা এটা যেন হ'ব নলগীয়া হৈ আছে ইয়াত। চাকৰিত যোগ দিয়াৰ পৰাই বহু অপৰাধী দেখিছে অনুৰণে। অপৰাধীৰ চাল চলনত সি অভ্যস্ত এতিয়া। কথাবোৰ ভাবি থাকোতেই অজয় মামাৰ ল'ৰা উজ্জ্বলে আহি সিহঁতক ক'লে,
"অনুৰণ, সন্ধ্যা আহাচোন। তোমালোকক কাৰোবাক লগ কৰাব আছে।"
সিহঁত উঠি আগুৱাই গৈ দেখে এজাক কণ কণ ল'ৰা ছোৱালী। প্ৰায় দহ বাৰটা মান হ'ব। উজ্জ্বলে ক'লে,
"এয়া আমাৰ পুৰণা ঘৰৰ ওচৰৰ অনাথ আশ্ৰম এখনৰ ল'ৰা ছোৱালী। মোৰ ল'ৰাটোৰ এই বিশেষ অনুষ্ঠানটোত ইহঁতখিনিক জড়িত কৰাবলৈ খুব মন আছিল। সেইবাবে কালি তাৰ পৰা সিহঁতক অনালো। এই দুদিন ৰাখিছোঁ, কাইলৈ থৈ আহিম গৈ।"
সন্ধ্যা উৎসাহী হৈ পৰিল,
"ইমান যে ভাল কাম এটা কৰিছে উজ্জ্বল দা। সঁচাই খুব ভাল লাগিল। আপুনি আগতে কোৱা হ'লে সিহঁতৰ কাৰণে মইও কিবাকিবি লৈ আনিব পাৰিলোঁ হয়।"
"একো নাই দিয়া। পাছতো দিব পাৰিবা।"
কথাটো কৈ উজ্জ্বল আকৌ আনফালে কোনোবাই মতাত গুচি গ'ল। অনুৰণ যেন অলপ ভাবুক হৈ পৰিছে। কিয় জানো, আজিকালি এই মহানগৰত বেছি ভাল মানুহ দেখিলে তাৰ সন্দেহহে আহে। সন্ধ্যাক ক'লে তাই গালি পাৰি আহিব বাবেই একো নকৈ মনে মনে ৰ'ল। এনেতে শিশুজাকৰ মাজৰ পৰা সন্ধ্যাক সৰু ছোৱালী এজনীয়ে মাত দিলেহি,
"হেল্ল' আণ্টি, চিনি পাইছে?"
সন্ধ্যাই ঘূৰি চাই দেখে সেই নেহৰু পার্কৰ সমুখত পোৱা ছোৱালীজনী। সন্ধ্যাই তাইৰ ফালে হাউলি সুধিলে,
"আৰে, তুমিও আছাচোন। কি খবৰ?"
"ভাল ভাল, আপোনাৰ ঘৰ ইয়াতে নেকি?"
"উম ইয়াতে। পিছে তোমাৰ নামটো, ৰাধা ন?"
"ৰাধা নহয়, কিন্তু নামটোৰ অৰ্থটো ৰাধা। সেই কাৰণে সিহঁত চবেই মোক ৰাধা বুলিয়েই মাতে।"
কণমানি জনীৰ কথাকেইটা টকটকীয়া, ইমান মৰমলগা! সন্ধ্যাৰ শুনিয়েই মনটো কিবা ভৰি গৈছে। কথা পাতি থাকোতেই তাইক কোনোবা এজনীয়ে খেলিবলৈ মাতি নিলেহি। সন্ধ্যাও তাৰ পৰা আঁতৰি আহিল।
অলপ সময়ৰ পাছত কেঁচুৱাক খোওৱাৰ নিয়ম আৰম্ভ হ'ল। মোমায়েকে কোঁচত লৈ বহিল। প্ৰথমে মাক দেউতাক তাৰ পাছত খুৰাককে ধৰি আন আন লোকে খোৱাই দিলে অকণ অকণ। খোওৱা নো আৰু কি, এনেই চামুচখন লৈ জিভাত চেলেকাই দিছে। এবাৰত সন্ধ্যাৰ শাহুয়েক মানে অনুৰণৰ মাকো গ'ল। তাৰ পাছতে কোনোবাই সন্ধ্যাকো মাতিলে। সন্ধ্যা আগবাঢ়ি যাওঁতেই অজয় মামাহঁতৰ কোনোবা মিতিৰৰ মানুহ এগৰাকীয়ে কৈ উঠিল,
"হেই কি কৰা, কি কৰা!"
সন্ধ্যা থমকি ৰ'ল। সকলোৱে মানুহ গৰাকীলৈ চালে। মানুহ গৰাকীয়ে সকলোৱে শুনাকৈয়ে ক'লে,
"কেঁচুৱাটোৰ মুখত এই কেঁচুৱা নোহোৱা বাঁজী তিৰোতা গৰাকীৰ হাতেৰে ভাত দিবা নে! এনে মহা অমংগল নকৰিবা দেই। আমাৰ পৰিয়ালত হোৱা হ'লে মই আহিবলৈকে নিদিলোঁ হয়।"
বিষ ; এসোপা হলাহল বিষ যেন ছটিয়াই দিছে কোনোবাই। গালে মুখে পৰিছে সন্ধ্যাৰ, সোমাই গৈছে মুখৰ ভিতৰলৈ। বাট ভেদি ধৰিছে উশাহৰ, কাঢ়ি নিছে চকুৰ দৃষ্টি। বুকুৰ ভিতৰলৈ কোনোবাই যেন কঢ়িয়াই আছে এদ'ম প্ৰকাণ্ড শিল। সেই শিলেৰে যেন গঢ় লৈছে এটা যন্ত্ৰণাৰ অট্টালিকা। উফ, নোৱাৰি সহিব। এৰা, কিছুমান মানুহে মুখত যেন এচিড লৈ ফুৰে। সুযোগ পালেই কথাৰ মাজেৰে ছটিয়াই যায়। আলফুল মানুহৰ গাত পৰি চটফটাই উঠে। মানুহ গৰাকীৰ কথাত ৰৈ গ'ল সন্ধ্যা। হাতখন সেই ভাঁজতেই থাকিল, থমকিল ভৰিৰ খোজ। অনুৰণ আৰু অন্তৰা আগুৱাই আহিছিল। ঠিক তেনেতেই এটা কণমানি মাত,
"তেন্তে আমিও খোৱাব নোৱাৰিম। আমাৰোতো মা দেউতা নাই।"
এইবাৰ সকলোৰে দৃষ্টি কণমানি মাতৰ গৰাকীৰ ওপৰত। সন্ধ্যাই দেখিলে সেই অথনিৰ কণমানি ছোৱালীজনীয়ে আগলৈ আহি কৈছে,
"যদি কেঁচুৱা নহ'লে খোৱাব নোৱাৰে, আমাৰোতো মা দেউতা নাই, আমি কেনেকৈ খোৱাব পাৰো! আমাকো মাতিব নালাগিছিল।"
সন্ধ্যাতো বাদেই সেই সৰু ছোৱালীজনীৰ কথাত ৰভাৰ তলত থকা গোটেই মানুহখিনিৰ চকু কপালত উঠিল। সন্ধ্যাক ৰখাই দিয়া মানুহ গৰাকীয়ে একো ক'ব নোৱাৰা হ'ল। এইবাৰ অন্তৰা মানুহ গৰাকীৰ সমুখলৈ গৈ সকলোৱে শুনাকৈ সুধিলে,
"লাজ লাগিছে নে অলপ আপোনাৰ? সাহস আছে যদি সেই সৰু ছোৱালীজনীক উত্তৰ দিব পাৰিব?"
লগে লগে অনুৰণৰ মাকে তাইক ক'লে,
"মাইনু, মনে মনে থাক তই।"
"কিয় মনে মনে থাকিম মা? এইবোৰ মানুহৰ নিচিনা সমাজৰ জাৱৰ এসোপাই বৌহঁতৰ নিচিনা আমাৰ সম্পদবোৰক অপমান কৰি থাকিব আৰু আমি মনে মনে থাকিম! শুনক খুৰীদেউ, আপুনি যাক কথাখিনি কৈছিল তেখেতৰ ভৰি ধোৱা পানীকণ খোৱাৰো আপুনি যোগ্য নহয়। এই শিশুটিয়ে ডাঙৰ হৈ গৌৰৱ কৰিব যে সন্ধ্যা ৰাগিনী বৰুৱাই তাক অন্ন প্ৰাসন্নত ভাত খোৱাইছিল।"
অন্তৰাৰ ডাঙৰ মাতত মানুহ গৰাকীৰ চকু চলচলীয়া হৈ গৈছিল। একো উত্তৰ নিদি তেওঁ মাত্ৰ ভিতৰলৈ আঁতৰি গ'ল। সন্ধ্যাও তাৰ পৰা আঁতৰি আহিল। ভাত মুখত দিয়াৰ অনুষ্ঠান তাতেই শেষ হ'ল। সকলো আলহীয়ে খাবলৈ বহিলগৈ।
খাই হোৱাৰ পাছত অনুৰণ আৰু অন্তৰা বাহিৰতে ৰৈছিল। সন্ধ্যাক শাহুয়েকে ভিতৰলৈ মাতি নিলে। অজয় মামাহঁতৰ বেডৰুমত আন কেইবা গৰাকীও সম্বন্ধীয় মানুহৰ লগত তাইও গৈ বহিল গৈ। শাহুয়েকে চিনাকি কৰাই দিছিল। তাৰে এগৰাকীয়ে ক'লে,
"ৰেণু বাইদেউৰ কথাত তুমি ধৰি নাথাকিবা দেই বোৱাৰী, তেওঁলোকে যি নিয়ম পাই আহিছে তাকেই কৈছে।"
সন্ধ্যাই "নাই নাই" বুলি মূৰ জোকাৰিলে। আন এগৰাকীয়ে ক'লে,
"পিছে, তোমালোকে কি ভাবিছা! এনেকৈ জানো হ'ব! কিবা এটা উপায় উলিয়াব লাগিছিল নহয়! স্বৰ্ণ বাইদেউ, তোলৈহে মোৰ বৰ বেয়া লাগে অ'।"
অনুৰণৰ মাকলৈ আঁৰ চকুৰে চালে সন্ধ্যাই। তেওঁ হুমুনিয়াহ সৰাই ক'লে,
"কি কৰিবি অ', ঈশ্বৰে ভাগ্যত এয়াই লিখিছে যেতিয়া।"
আন এগৰাকীয়ে ওচৰলৈ আহি ক'লে,
"এস বাইদেউ, এনেকৈ নো কিয় কৈছে! বুইছা সন্ধ্যা, উপায় এটা আমি ভাবিছো। চকুতে পৰাকৈ ছোৱালী এজনী আছে বুইছা। বয়স তোমাৰ সমানেই হ'ব। চোৱা, এইবোৰ নিজৰ মাজৰ মকামিলাৰ কথাহে। অনুৰণে আইনক দেখুৱাই তোমাৰ লগত এৰাএৰি কৰিব। তাৰ পাছত নিয়ম এটা কৰি ছোৱালীজনীক আনি ল'ব। কেঁচুৱা এটা হোৱাৰ পাছত আকৌ তোমালোক একেলগেই থাকিবা। নতুন ছোৱালীজনী স্বৰ্ণ বাইদেউহঁতৰ লগত থাকিব আৰু তোমালোক দুয়ো ইয়াত আগৰ দৰেই থাকিবা।"
সন্ধ্যাৰ যেন মূৰটো আচন্দ্ৰাই কৰিছে। পেটটোও কিবা পাক মাৰি ধৰিছে। নিজেই নাৰী হৈ কেনেকৈ এনে কথা ক'ব পাৰে এওঁলোকে! ইমান অশ্লীল, ইমান অভব্য! মানুহৰ সম্পৰ্কক এনেকৈ খেল সজাব পাৰে নে মানুহেই! ছিঃ! এইবাৰ অনুৰণৰ মাকে ক'লে,
"মইতো বুজাই বুজাই হাইৰান হ'লো। তাইক দোষ নিদিওঁ, কিন্তু সেইবুলি নাতি নেদেখাকৈয়ে যমৰ ঘৰ পাবগৈ লাগিব চাগে।"
শেষৰখিনি কওঁতে মাতটো থোকাথুকি হৈছে তেওঁৰ। সন্ধ্যা তলমূৰকৈ বহি আছে মাত্ৰ। নখেৰে আঁচলটো চিকুটি আছে। বুকুৰ উশাহবোৰ ঘন ঘন হৈ আহিছে। প্ৰতিজনী নাৰী, যাৰ কোলা উদং হৈ আছে, তেওঁলোকক আমাৰ সমাজখনে এনেকৈয়ে ৰেপি থাকে নে দিনে ৰাতিয়ে! এনেকৈয়ে প্ৰতিদিনে মৰিব লগা হয় নে তেওঁলোক অলপ অলপকৈ!
"মা, সন্ধ্যা, আমি গৈ থাকোঁ নেকি!"
হঠাৎ অনুৰণ সোমাই আহিল। স্বস্তিৰ নিশ্বাস এৰিলে সন্ধ্যাই। সি যেন গম পাইছিল তাইৰ অৱস্থাটো। সন্ধ্যা বা মাকে কিবা কোৱাৰ আগতে সন্ধ্যাক বুজাই থকা মানুহ গৰাকীয়ে ক'লে,
"যাবি ৰহ, যোৱাৰ আগতে সেই তিলু বাইদেউৰ ছোৱালীজনীক খানাপাৰাত গাড়ীত উঠাই থৈ আহচোন। তাই গুৱাহাটীত নতুন, উবেৰ চুবেৰত পঠাবলৈ ভয় লাগে নহয়। লৈ যা চোন। ৰ তাইক মাতি দিছোঁ।"
এইবুলি তেখেতে কাৰোবলৈ ফোন লগালে। মানুহগৰাকীৰ উৎসাহ দেখি সন্ধ্যাৰ বুজিবলৈ বাকী নাথাকিল যে অথনি তেখেতে কৈ থকা ছোৱালীজনী এইজনীয়েই। অনুৰণৰ মুখখন দেখি তাৰ অসহজ অভিব্যক্তি সন্ধ্যাই ধৰা পেলাইছিল। তাৰ বিপৰীতে মাকৰ মুখত ফুটি উঠিছিল কিবা এক আশাৰ পোহৰ। আচৰিত হয় সন্ধ্যা, নিজৰ সন্তানটিৰ বুকুৰ উমান কেনেকৈ নোপোৱাকৈ থাকে এগৰাকী মাতৃয়ে। বংশ ৰক্ষাৰ হেঁপাহ সন্তানৰ সুখতকৈও বেছি গভীৰ নে! ছোৱালীজনী আহি ওলাল। অনুৰণৰ মাকেই চিনাকি কৰাই দিলে,
"এয়া মুনমি দেই।"
বিৰক্তিত হাঁহি এটাও ওলোৱা নাছিল অনুৰণৰ মুখেৰে। এবাৰ সন্ধ্যাৰ চকুৱে চকুৱে পৰোঁতে তাই চকু মুদি তাক যাবলৈ ইংগিত দিলে। চেলাউৰি কেইডাল সামান্য থূপ খোৱাই সি যাবলৈ ওলাল। তেনেতে অন্তৰা আহি সোমালহি,
"মা, দাদা তহঁত মোক এৰি ইয়াতে বহি আছ যে! ঘৰলৈ নাযাৱ নেকি?"
মাকৰ মুখেৰে অনুৰণে মুনমিক থ'বলৈ যাব বুলি শুনি আৰু অনুৰণৰ মুখখন দেখি এক মুহূৰ্ততে গোটেই ঘটনাটো বুজি ল'লে অন্তৰাই। লগে লগেই তাই ক'লে,
"মইও যাওঁ দাদাৰ লগতে। ইয়াত এনেও ব'ৰ খাম।"
"তই আকৌ কিয় যাব লাগে, ৰুণজুন আছেই..."
মাকৰ কথা শেষ নহওতেই অন্তৰাই আকৌ ক'লে,
"ৰুণজুন বা তোমাৰ লগতে থাকক মা। মই দাদাৰ লগতে যাওঁ, মুনমি বায়ে দাদাক আজিহে লগ পাইছে। এনেকৈ এদিন লগ পোৱা এজনৰ লগত গাড়ীত যাবলৈ কোনোবা ছোৱালী ফ্ৰী হয় নেকি কিবা! নে কি কোৱা মুনমি বা?"
অন্তৰাই গোটেই কথাখিনি এনেকুৱা কৰি দিলে যে সঁচাই পৰিৱেশটো অসহজ হৈ উঠিল। ইয়াৰ পাছত কোনোবাই কিবা কোৱাৰ একো অৱকাশ নাথাকিল। অনুৰণক হাতত ধৰি টানি নি অন্তৰা তল পালেগৈ। গাড়ীৰ দুৱাৰ খুলি তাই নিজেই আগফালৰ চিটত বহি ল'লে। অনুৰণে ষ্টাৰ্ট দি তাইলৈ চাই সৰু মাতেৰে ক'লে,
"থেংকচ জুনিয়ৰ।"
অন্তৰাই হাঁহিলে মাত্ৰ।
আবেলি কিনকিনিয়া বৰষুণ এজাক আহিল। অনুৰণ টোপনি যোৱা নাই যদিও বিচনাতে পৰি আছে। সন্ধ্যা বহি আছে বেলকণিৰ চুইং ছেয়াৰখনত। দুলি দুলি তললৈ চাই আছে তাই। ব্যস্ত পথটোত খৰখেদাকৈ মানুহবোৰ গৈ আছে। মহানগৰীত বৰষুণ বুলিলেই যেন এক সন্ত্ৰাস। হঠাৎ বাজি উঠিব বাতৰি, বন্ধ কৰি দিয়া হৈছে ৰুক্মিণী নগৰৰ পথ অথবা শিলপুখুৰী। তাৰ পাছত কৃত্ৰিম বানত ককবকাই কেইবা ঘণ্টাৰ মূৰতহে ঘৰ সোমোৱা হয়। সেইবাবে আকাশত মেঘে গাজিলেই আজিকালি য'ৰ কাম তাতে সামৰি এক কথাত পলোৱা হয়। বহুদিন হ'ল, বৰষুণ ভাল পোৱা সন্ধ্যাই বৰষুণত তিতা নাই। তিতাতো বাদেই বৰষুণৰ টোপাল এটাও চুই পোৱা নাই। কিবাচোন বিৰক্তি লাগে তাইৰ। কিয় বাৰু! বয়সে আমাৰ পৰা আমাৰ ভাল লগাবোৰ বৰ নিষ্ঠুৰ ভাবে কাঢ়ি নিয়ে নেকি! এই সময়ত তাইক চিগাৰেট এটা লাগে। অথনি মানুহবোৰে বুকুলৈ পঠোৱা বিষখিনিক একমাত্ৰ ধোঁৱাইহে উলিয়াই পঠাব পাৰিব। সন্ধ্যা উঠি গৈ দ্ৰয়াৰটো খুলি উলিয়াই আনিলে ইণ্ডিমিণ্টৰ পেকেটটো। আহিব লওঁতেই বিচনাত থকা অনুৰণে হাতখনত থাপ মাৰি ধৰি ক'লে,
"তাতকৈ ৰাধাখনকে পঢ়া গৈ না।"
সন্ধ্যা ৰৈ গ'ল। অনুৰণে পুনৰ ক'লে,
"প্লিজ ৰুণ, মই কোৱা বাবেই।"
মুখেৰে একো নামাতি চিগাৰেটটো ভৰাই থ'লে সন্ধ্যাই পুনৰ। "ৰাধা"খন হাতত লৈ আকৌ বেলকণিত বহিলহি।
দিনবোৰ পাৰ হয় গোবিন্দপুৰত। ৰাধা, সপোন, ৰঞ্জনহঁতে হাজাৰ চেষ্টা কৰাৰ পাছতো গোবিন্দপুৰত কিছুমান সালসলনি হৈ যায়। লখিমীৰ পাৰত কেইবাজোপাও গছ পুনৰ কটা গ'ল। ৰাধাহঁতে হুলস্থুল কৰি পহৰাৰ ব্যৱস্থা কৰিছিল, কিন্তু কামত নিদিলে। পহৰীয়া ল'ৰা হিতেশ্বৰ এদিন ৰাতিপুৱা লখিমীৰ পাৰত নিথৰ হৈ পৰি ৰোৱাৰ পাছৰ পৰাই কোনেও তাত পহৰা দিবলৈ নোযোৱা হ'ল। ৰাধাহঁতে চহৰলৈ গৈ পুলিচক খবৰ দিয়াইছিল, একো লাভ নহ'ল। নতুন বিধায়ক হৈ বহিছিল মৌজাদাৰৰ পুতেক। লাহে লাহে গোবিন্দপুৰৰ আকাশ বতাহ যেন প্ৰদূষিত হ'বলৈ লৈছিল। মানুহবোৰক টকাৰ লোভে গ্ৰাস কৰি আনিছে। ডেকা ল'ৰাৰ পৰা সৰু কিশোৰলৈকে হাতত জিলিকি থাকে মোবাইল ফোন। গাঁৱৰ ভাওনা, সবাহত ডেকাবোৰক দেখা নাযায়। কিন্তু সন্ধিয়া ডেকাচাঙত ধোঁৱা ঠিকেই উৰে।
আগতকৈ বহু দুৰ্বল হ'ল ধৰ্ম নাৰায়ণ। এটাৰ পাছত এটা বেমাৰে মানুহজনক কোঙা কৰি পেলালে। এইবোৰৰ মাজতেই সিদিনা স্নেহালয়ত ৰাধা আৰু বৈকুণ্ঠৰ মাজত এখন সৰুসুৰা মহাভাৰতেই হৈ যায়। ৰাধাৰ বি এ শেষ হ'বৰ হৈছেহি। সেয়ে বৈকুণ্ঠই পুনৰ তাইৰ বিয়াৰ প্ৰসংগ উলিয়াইছিল। কিন্তু ৰাধাই কোনোপধ্যে বিয়াৰ নাম নুশুনে। এইবাৰ ধৰ্ম নাৰায়ণেও ৰাধাক কৈছিল,
"জীয়াই থাকোতে তোৰ বিয়াখন খাই যোৱাৰ হেঁপাহ অ' আইজনী।"
ভানুমতীয়েও সুধিছিল,
"তই কাৰোবাক মনটো দি থৈছ যদিও কৈ দে, মই বুজাম বৈকুণ্ঠক।"
কেনেকৈ কয় ৰাধাই! আজিলৈকে তাইৰ বিশেষজনে তাইক জানো কিবা কৈ পাইছে! নাইবা তায়েই জানো পোনপটীয়াকৈ সুধিছে! তেন্তে, কেনেকৈ কোৱা যায়! কিন্তু নক'লেও যে নহ'ব। সেয়ে আজি তাই কলেজতেই শৰতক ছুটীৰ পাছতে লখিমীৰ পাৰলৈ আহিবলৈ কৈছিল। তাইও এতিয়া আহি ইয়াতে বহি আছে। আজি তাই সুধিব, পোনপটীয়াকৈয়ে সুধিব! ঘৰৰ মানুহে যদি বিচাৰিছে তাই বিয়াই হ'ব। এনেও সৰুকণ গুচি যোৱাৰ পাছত তাইৰ মন নবহা হৈছে। ধৰ্ম নাৰায়ণ আজিকালি কোঠাতেই সোমাই থাকে। কিবা সুধিলেও বহু সময়ৰ মূৰতহে উত্তৰটো দিয়ে। ভানুমতীয়েও কোঠাতে জুপুকা মাৰি থাকে। মাজে মাজে কিবাকিবি বিৰবিৰাই উচুপি উঠে। ৰাধাৰ একমাত্ৰ কানাইৰ সৈতেহে কথা পতা হয়। ইফালে তাৰো উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা পাইছেহি। পঢ়াৰ লগতে সি ব্যস্ত তেজপুৰ বিশ্ববিদ্যালয়ত হ'ব লগা অন্তৰ্ভূক্তি পৰীক্ষাৰ বাবেও। যদি তাত চিট পাই, সি হয়তো গুচি যাব। ৰাধা যে একেবাৰে অকলশৰীয়া হৈ যাব। তাতকৈ নাথাকে তাই স্নেহালয়ত। অভিমান, ক'ৰবাত যেন অভিমান হৈছে তাইৰ স্নেহালয়ৰ মানুহলৈ। কোনেও যেন নুবুজা হৈ আহিছে তাইক। ৰাধাই অনুভৱ কৰে, লাহে লাহে যেন নিসংগ হৈ যোৱাৰ ভয় এটাই খেদি ফুৰিছে তাইক। হয়তো এইখিনি সময়তেই মানুহক এজন নিজৰ বুলিব পৰা কাৰোবাক লাগে। এজন নিজৰ কৰিব পৰা মানুহ লাগে। ৰাধাৰ বাবে সেয়া কেৱল শৰৎ।
বাইক এখন ৰখাৰ শব্দত ৰাধাই পিছলৈ ঘূৰি চালে। শৰৎ নামি আহিল,
"কি হ'ল, ঘপকৈ মাতিলা যে!"
কথাটো কৈ কৈ শৰতে বেগৰ পৰা পানীৰ বটলটো উলিয়ালে। ৰাধাই ক'লে,
"আপোনাৰ লগত কথা এটা আছিল।"
"উম, কোৱা।"
"আপুনি মোক বিয়া পাতিব নে কি?"
শৰতে পানী খাবলৈ লৈছিল, গোটেই সোপা পানী মুখৰ পৰা ওলাই পৰিল। চৰ্চৰণি খাই কাহি কাহি মানুহটো লখিমীৰ পাৰতে মাটিত বহি পৰিল। মুখখন ৰঙা হৈ পৰিছে। ৰাধাই গৈ পিঠিখন মোহাৰি দিলে। অলপ সময় ৰৈ ফোঁপাই ফোঁপাই শৰতে নিজক কোৱাৰ দৰে ক'লে,
"কি ভয়ানক ছোৱালী ভাই!"
"কি হ'ল?" ৰাধাৰ মাতটো ডাঙৰকৈ ওলাল। শৰতে আকৌ ক'লে,
"এনেকৈ কোনে নিজৰ বিয়াৰ কথা সোধে!"
"মই সোধো মই। কওক, বিয়া কৰাব নে? নে অতদিনে এনেই চেনি খাই আছিল।"
এইবাৰ শৰৎ হাঁহিত বাগৰি পৰিল। শব্দ কৰি জোৰে জোৰে হাঁহিবলৈ ধৰিলে সি,
"মই মৰি যাম সঁচাকৈ, কি খাই জন্ম দিছিল এই ছোৱালীজনীক।"
ৰাধাৰ এইবাৰহে অলপ আফচোচ লাগিল। এনেকৈ এইবোৰ কথা নকয় নেকি বাৰু! তাই নো কি জানে! অ, এনেই তাইৰো শৰতলৈ লাজ লাগে। সি আহিলেই চোন তাই কঁপি উঠে। কিন্তু এই কেইদিন বিয়াৰ কথা লৈ যিহে খং উঠি আছে তাইৰ। খঙতে লাজ চাজ ক'ৰাবলৈ উৰিল। হ'লেও বৰ কিবাকৈ সুধিলে তাই কথাটো। সেয়ে এইবাৰ শৰতৰ কাষতে বহি লৈ লাহেকৈ ক'লে,
"এইবোৰ কেনেকৈ কয় মই নাজানো। প্ৰেম চেম কি একো বুজিও নাপাওঁ। কিন্তু আপোনাক মোৰ ভাল লাগে। কিয় জানে? কাৰণ আপুনি মোৰ দেউতাৰ নিচিনা। মোক চবেই সলনি হ'বলৈ কয়, মায়েও কয়। মই সলনি হ'লে চবেই ভাল পালেহেঁতেন। কিন্তু মই নহওঁ, একমাত্ৰ আপুনিয়েই মোক সলনি হ'বলৈ নক'লে। মোক এনেকৈয়ে ল'লে। নাজানো, আপোনালৈ মোৰ কি আছে! কিন্তু আপোনাৰ লগত জীৱনটো কটাই ভাল লাগিব মোৰ।"
শৰতৰ চকু যেন চলচলীয়া হৈ পৰিছিল। এইজনীয়ে তাৰ মনৰ প্ৰিয়া। তাইৰ মূৰত হাতটো ফুৰাই দিলে সি, মন গৈছিল যেন আঁকোৱালি লৈ লখিমীয়ে শুনাকৈ চিঞৰি উঠিব সি, "মইও তোমাক ভাল পাওঁ ৰাধা।" কিন্তু তাৰ সলনি শৰতে ক'লে,
"মই তোমাক মোৰ কৰিব নোৱাৰিম ৰাধা। আনৰ পৰা কাঢ়ি আনি তোমাক নিজৰ কৰি ল'ব পৰাকৈ মোৰ প্ৰেম ইমান স্বাৰ্থপৰ নহয়।"
(আগলৈ)
বৰ ভাল লাগিল ,এইখন পঢ়ি । পিছে বাকিখিনি কেতিয়া পঢ়িবলে পাম।
ReplyDeleteপুনৰ কন্দুৱালে ৰাধায়ে!
ReplyDelete