ৰাধা : ৩৩
#ৰাধা
Part 33
সন্ধিয়া কাণিমুনিৰ সময়। সাদৰীয়ে গোঁসাই ঘৰৰ চাকি জ্বলাইছে। আগচোতালত পোনাকণে গৰুৰ বাবে জাগ দিছে। ধোঁৱাবোৰ পাক এটা হৈ হৈ স্নেহালয়ৰ চোতালখন ভৰাই তুলিছে। স্নেহালয়ৰ ভিতৰত কুন্তলাই ধূনা জ্বলাইছে। এটা হাতত ধূনাৰ মলাটো আৰু আনটো হাতেৰে বিচনী এখন লৈ বিচি বিচি স্নেহালয়ৰ কোঠাবোৰত ধোঁৱাবোৰ ছটিয়াই দিছে। মুখত গুণগুণাই আছে কিবা ঘোষা এফাঁকি। ধোঁৱাৰ বাবে নে কি কাৰণত জানো, কুন্তলাৰ চকুদুটি সজল। নিজৰ কোঠাত থকা গিৰিয়েকৰ ফটোখনত ধূনা দিওঁতেও তাই সদায়ৰ দৰে আজি ফটোখনলৈ চাব নোৱাৰিলে। ফটোখনে যেন প্ৰশ্ন কৰিছে আজি,
"কিয় এনে হ'বলৈ দিলা কুন্তলা, কিয় ভাঙি পেলালা মোৰ আইমানুক?"
বাৰে বাৰে কুন্তলাৰ মনলৈ আহিছে ৰাধাক মাজত শুৱাই গিৰিয়েকে তাইক কোৱা কথাবোৰ,
"মই কেতিয়াবা নোহোৱা হৈ গ'লেও আইমানুক তুমি অকলশৰীয়া নকৰিবা দেই।"
নোৱাৰিলে, আজি কুন্তলাই সেই কথা ৰাখিব নোৱাৰিলে। তাই নাজানে ভুল কাৰ, এজনী নিথৰুৱা ছোৱালীক তাইৰ অতীত উদঙাই দি তাইৰ মনটো ভাঙি পেলোৱা দেওৰেক বৈকুণ্ঠৰ নে ঘৰৰ অমতত বিয়া হ'বলৈ ওলোৱা ৰাধাৰ। ৰাধা, তাই সেই তেতিয়াৰ পৰাই ভানুমতীৰ কোঠাতে আছে। মহামায়া আৰু ধৰ্ম নাৰায়ণৰ বাদে তালৈ কোনো যোৱা নাই। আচলতে যাবলৈ সাহসেই কৰা নাই। অচেতন হৈ পৰাৰ পাছতে কানায়ে আহি তাইক দাঙি তালৈ যি লৈ গৈছিল তেতিয়াৰ পৰা তাতেই আছে। এবাৰত কুন্তলাই মহামায়াক সুধিছিল,
"পেহীদেউ, তাইৰ হুঁচ আহিছে নে?"
সদায় ধেমালিৰ মাজতে থকা মহামায়াই ভেকাহি মাৰি উত্তৰ দিছিল,
"কেলেই লাগে, আৰু কিমান মূৰটো চোবাবি ছোৱালীজনীৰ!"
চাদৰৰ আঁচলেৰে মুখত সোপা দি কুন্তলা নিজৰ কোঠালৈ গৈ উচুপি উচুপি কান্দিছিল। তাইৰ ভয় লাগিছে, ৰাধাৰ অতীতে ৰাধাক তাইৰ পৰা আঁতৰাই নিব নেকি! ৰাধাই তাইক কি বুলি মাতিব! মা নে যিটো আচল সম্বন্ধ সেইটোৰে! কেনেকৈ মুখামুখি হ'ব কুন্তলা ৰাধাৰ! নাই, তাই নোৱাৰে সেইটো কোঠালৈ যাব। তাত দুৱাৰৰ মুখৰ পৰাই ধূনা নিদিয়াকৈ সেয়ে কুন্তলা উভতি আহিল।
ভানুমতী আইৰ কোঠাৰ পালেঙত শুই আছে ৰাধা। শুই আছে নে পৰি আছে তাইক দেখি কোৱাটো টান। মাজে মাজে হুঁচ যায়, কিবাকিবি ভুল বকে, আকৌ সাৰ পায়। এবাৰত আকৌ টোপনি যায়। মাজতে সপোন নে কোনোবা এটাৰ হতুৱাই কানায়ে টাউনৰ ফাৰ্মাচীৰ পৰা কিবা দেৱাই এপালিও অনাইছিল। সেই পালি খোৱাৰ পৰা অলপ আৰাম পাইছে। এতিয়া সাৰ পাই আছে যদিও মাতবোল বিশেষ দিয়া নাই। তাইৰ কাষতে বাগৰি মূৰত হাত ফুৰাই আছে ভানুমতীয়ে। ভৰিৰ পথানত বহি ভৰিকেইটা অকণ পিহি আছে মহামায়াই। পালেঙৰ কাষৰ চকী এখনত বহি আছে ধৰ্ম নাৰায়ণ। কোঠাটোত দুডাল মম আৰু এটা হাৰিকেন লেম্প। পালেংখনৰ তলতে মহ মৰা ধূপ এডাল জ্বলি আছে। মাজে মাজে ভানুমতীয়ে ঘোষা এফাঁকি গায়। মাজে মাজে মহামায়াৰ উচুপনিৰ শব্দ এটা ওলায়। লগতে ধৰ্ম নাৰায়ণৰ হুমুনিয়াহ। পৃথিৱীৰ সমস্ত বিষাদ যেন আজি এই কোঠাটোৱেই সামৰি লৈছে। ভানুমতীয়ে ৰাধাৰ মুখখনত হাত ফুৰাই থাকোতে গম পালে, তাইৰ চকুপানী ওলাই গাৰুটোত পৰিছে। সেইখিনি মচি দি তেওঁ সুধিলে,
"আইজনী অ', অকণমান গাটো ভাল পাইছ নে?"
ৰাধাই কিবা এটা ক'ব খুজিছে, কিন্তু পৰা নাই। মাতটো যেন ডিঙিতে ৰৈ গৈছে। বহুত জোৰ দি সেহাই সেহাই তাই ক'লে,
"মই.. ম...ই কোন হয় নো আই?"
মহামায়াই ফেঁকুৰি উঠিল। ভানুমতীও নীৰৱে ৰ'ল। ৰাধাই এবাৰ ভৰিৰ ফালে থকা মহামায়ক সুধিলে,
"মই, সঁচাই আপোনালোকৰ কোনো নহয় নেকি পেহী আইতা?"
এইবাৰ চকীত বহি থকা ধৰ্ম নাৰায়ণে কৈ উঠিল,
"কিয় কোনো নহ'বি। তই তই এই বংশৰে তেজ অ' আই!"
"তেন্তে ডাঙৰ খুৰাই..."
এইবাৰ ভানুমতীয়ে ক'লে,
"সি ভুল কোৱা নাই। তই আমাৰ পৰিয়ালৰ নহয়, কিন্তু আমাৰ বংশৰ তেজ তোৰ গাটো আছে।"
ৰাধা এইবাৰ অকণমান উঠি লৈ বহিল। তাৰ পাছত লাহে লাহে ক'লে,
"মোক ভালকৈ কওক আপোনালোকে। মই ভালে থাকিম ককা। শুনিব পৰাকৈ সাহস আছে এতিয়া মোৰ। কওক, মই অনাথ যদিও কওক।"
ধৰ্ম নাৰায়ণে এইবাৰ চিঞৰি উঠিল,
"মনে মনে থাক। কোনে ক'লে তোক অনাথ বুলি। নহয় তই অনাথ। তই.. তই মোৰ সৰু মইনাৰ ছোৱালী অ' আইজনী। তই মোৰ সৰু মইনাৰ জীয়ৰী।"
কথাখিনি কৈ কৈ ধৰ্ম নাৰায়ণে শব্দ কৰি কান্দি উঠিল। বুকুৰ পুৰণা ঘাঁ এডোখৰ আকৌ গভীৰ হ'ব লাগিছে। কোনোবাই খুচৰি দিছে। তাৰ পৰা ওলোৱা তেজ পূজে গোটেই গা বিষোৱাইছে। ৰাধাই পুনৰ সুধিলে,
"কোন সৰু মইনা?"
মহামায়াই উচুপি উচুপি কৈ উঠিল,
"কি দিন দেখুৱাইছা গোঁসাই, তাই আজি মাকৰ কথা এনেকৈ সুধিব লগা হ'ল।"
লগে লগে চেঁপা কান্দোনৰ শব্দ এটা বিয়পি পৰিল গোটেই কোঠালিটোত। ধৰ্ম নাৰায়ণে মহামায়ক ক'লে,
"তই ক অ' তাইক। মই নোৱাৰিম। সেইবোৰ কথা আকৌ এবাৰ মই পাতিব নোৱাৰিম অ'।" কথাটো কৈ মানুহজনে ফোঁপাবলৈ লাগিল। মহামায়া দৌৰি গৈ তেওঁক মেজত থকা জাৰটোৰ পৰা পানী অকণ খোৱাই দিলে আৰু তেজাক মাত দিলে। তেজা অহাত মহামায়াই ক'লে,
"ককাইদেউ আৰু আইক ককাইদেউৰ কোঠালৈকে লৈ যাচোন তেজা। মই আৰু ৰাধা ইয়াত অলপ সময় অকলে থাকিম।"
খুপি খুপি ভানুমতী আৰু ধৰ্ম নাৰায়ণ কোঠাৰ পৰা ওলাই গ'ল। তেওঁলোক যোৱাৰ পাছত মহামায়া উঠি গৈ অলপ খিৰিকীখনৰ মুখত নীৰৱে ৰ'ল। হয়তো সেই সময়ত তেওঁ উভতি গৈছে প্ৰায় চল্লিছ বছৰ আগলৈ। বৰ হাকিমৰ জীয়ৰী মহামায়ালৈ আজি তেওঁৰ মনত পৰিছে। গাভৰু কালৰ ৰঙিয়াল মনটো আজি যদিও একেদৰেই থাকিল, তেও সময়ে তাত প্ৰদূষিত কৰিলে। ককায়েক ধৰ্ম নাৰায়ণৰ আদৰৰ ভনী মহামায়া। গজগামিনী খোজৰ আয়েক ভানুমতী, গাঁৱৰ ৰাইজৰ বাবে যেন কোনোবা প্ৰদেশৰ সম্ৰাজ্ঞী। ৰাজহাউলি হেন ঘৰ, নাম যশ প্ৰতাপ কি নাছিল এইটো বংশত। কিন্তু ধৰ্ম নাৰায়ণে কৰা এটা ভুল, যাৰ ফল ভুগি আহিছে প্ৰতিটো প্ৰজন্মই। সেই ভুলৰেইতো এক ফল ৰাধা আৰু তাইৰ ভাগ্য। ক'ৰ পৰা ক'ব মহামায়াই। দীঘল দীঘলকৈ উশাহ লৈ যেন খুলিব লৈছে অতীতৰ হাতনি পেৰা। এনেতে ৰাধাই কচমচাই উঠিল,
"পেহী আইতা, পানী অকণ!"
তামৰ জাৰটোত পানী শেষ। দুৱাৰখন খুলি মহামায়াই উকি এটা মাৰিলে, "তেজা, ইয়াত পানী এঘটি দিবিহিচোন।"
কেইবা কোঠালিৰ ঘৰটোত তেজাই তেওঁৰ মাতটো শুনিব নে নাই নাজানে, কিন্তু কোনোবা নহয় কোনোবাই শুনিব আৰু পানী আনিব বুলি তেওঁ জানে। এৰা, শুনিলে। পিছে তেজাই নহয়, মনোহৰাইহে। ঘটিটোত পানী অকণ আনি মনোহৰা কোঠালিটোলৈ সোমাই আহিল। আহিয়েই এবাৰ শুই থকা ৰাধালৈ চাই মহামায়াক ক'লে,
"বোলো চাহাবনীৰ ঠেহ ভঙাই নাই নে কি? কোঠালিতে পানী যোগান দিব লাগে যে! বুটলি ননা হ'লে ক'ৰ চাগে জুপুৰীত পৰি থাকিলহেঁতেন!"
নাই, মনোহৰাৰ কথাৰ উত্তৰ দিবলৈ ৰাধাৰ আজি শক্তি নাই। তাই সেইফালে চাবও পৰা নাই। মনোহৰাৰ শব্দবোৰে আহি ৰাধাৰ কাণে মূৰে বিন্ধিছেহি কিন্তু তাই বাধা দিব পৰা নাই। নিথৰ হৈ মানি লৈছে সকলো আঘাত। পিছে মনোহৰাই কোঠাটোত মহামায়াৰ উপস্থিতি পাহৰি গৈছিল। কথা শুনি মহামায়াই ডাঙৰ মাতেৰে ক'লে,
"তোমাৰ মুখত এইবোৰ নুশুৱাই নবৌ, নক'বা। তুমি নিজে কি ৰাজমহলৰ ৰাজৰাণী আছিলা হে! ককাইদেউৰ লগত বিয়া হোৱাৰ আগতে তুমিও সেই ভিকহুৰ ঘৰতেই আছিলা।"
কথাষাৰ যেন চাবুকৰ দৰে গাত পৰিল মনোহৰাৰ। লগে লগেই চিঞৰ মাৰি উঠিল,
"মহামায়া"
"নিচিঞৰিবা। কি ভুল কথা ক'লো! আমাৰ আয়ে ৰাতি মুতোতেও পিতলৰ চৰিয়াত মুতে। ইয়াত আহি এইবোৰ ধন সোণ দেখি চকুত চমক লাগিল। বিয়া দিওঁতে লোটা এটাও দিবলৈ শকতি নাছিল তোমাৰ বাপেৰাৰ। সেইটো ভিকহুৰ জীয়েক হৈ এতিয়া আনক ভিখাৰী বুলিবলৈ আহা। বোলে সাত পুৰুষত নাই গাই, কড়ীয়া লৈ খীৰাবলৈ যায়।"
উফ, যেন এফালৰ পৰা চাবুক লৈ কোবাই গৈছে মহামায়াই। মুখেৰে একো মাত মাতিব নোৱাৰা হ'ল মনোহৰাই। তেওঁ নন্দেকৰ স্বভাৱ জানে, সাংঘাতিক ধেমেলীয়া মহামায়াৰ যেতিয়া খং উঠে মুখেৰেই তেওঁ থেকেচি দিব পাৰে। এতিয়া আকৌ কিবা এষাৰ কৈ লোৱা মানে নিজে নিজৰ গাত জুই লগাই লোৱাৰ দৰে হ'ব। একো নামাতি মনোহৰা খৰ খোজেৰে কোঠাৰ পৰা ওলাই গ'ল। মহামায়াই দুৱাৰখন ধমহকৈ জপাই দিলে। তাৰ পাছত আহি মহামায়া পালেঙত ৰাধাৰ মূৰৰ শিতানত বহি ৰাধাৰ মূৰটো নিজৰ কোলাত ল'লে। তাইৰ মূৰটো পিহি পিহি মহামায়াই ৰাধাক কৈ গ'ল স্নেহালয়ৰ দেৱালত পোত যোৱা এক কৰুণ গাঁথা।
ধৰ্ম নাৰায়ণৰ তেতিয়া ভৰপক যৌৱন। গাঁৱৰ এটাইবোৰ ডেকাৰ ভিতৰত দেখনিয়াৰ হাকিমৰ বৰ পুতেকজন গোবিন্দপুৰৰ বহু গাভৰুৰ সপোন কোঁৱৰ হেন আছিল। কিন্তু আয়েকৰ একান্ত বাধ্য ধৰ্মৰ সেইবোৰৰ প্ৰতি একো মন নাই। হাকিমৰ পুতেক হৈও নিজে হাল বাইছিল, কোৰ মাৰিছিল। কামিলাৰ হাতত মাটি গতাই নিদি নিজেও সমানে সমানে লাগিছিল। বাপেকক কৈ দিছিল, বোলে পিতাই মোক চাকৰিৰ কথা নক'বি। মই নিজৰ মনৰ মালিক। নিজৰ কষ্টৰ যহতে ধৰ্ম নাৰায়ণে গায়ে গৰুয়ে মাটিয়ে বাৰীয়ে গোবিন্দপুৰৰ আটাইতকৈ প্ৰতিপত্তিশীল মানুহটো হৈ বহিছিল। ঘৰত দুটাকৈ দঁতাল হাতী। ধান, মাহ, সৰিয়হ, মৰাপাটকে ধৰি কিহৰ খেতি নাই তেওঁৰ। হাকিমৰ বৰটো ল'ৰা ধৰ্ম নাৰায়ণ, লগতে মাজুটো জয় নাৰায়ণ আৰু সৰুটো ইন্দ্ৰ নাৰায়ণৰ সৈতে চৌধুৰী বংশৰ প্ৰতাপ দুগুণ বাঢ়িছিল। তাৰ মাজতেই দেউতাক জীয়াই থাকোতেই দূৰৈৰ কোনোবা গাঁৱৰ পুৰণি চিনাকি এঘৰৰ ছোৱালী মনোহৰাক বোৱাৰী কৰি আনিছিল। দেউতাকৰ কথা মতেই বিয়া কৰাই আনিলে ধৰ্মই। অতিকৈ দুখীয়া ঘৰৰ ছোৱালী মনোহৰা পিছে স্নেহালয়ত ভৰি দিয়েই লাহে লাহে গঢ় গতি সলনি হ'ল। ঘৰত ফটা চাদৰ টাপলি মাৰি পিন্ধা মনোহৰাৰ ইয়াত জাপে জাপে পাটৰ সাজ, হাতত কাণত সোণৰ গহনা দেখি চকু চাৎ মাৰি ধৰিলে। অকল ধন ঐশ্বৰ্যৰ মাজতে থকা মনোহৰা কোনোদিন ধৰ্ম নাৰায়ণৰ মনৰ মানুহজনী হ'ব নোৱাৰিলে। তাৰ পাছতেই জয় নাৰায়ণলৈও বিয়া কৰোৱা হ'ল আৰু একমাত্ৰ ভনীয়েক মহামায়াকো ওচৰতে বিয়া দিলে। তেনেকুৱাতে এবাৰ ধৰ্ম নাৰায়ণৰ মন গ'ল বণিজৰ। হাউলি আৰু খেতিৰ চোৱা চিতাৰ দায়িত্ব ভায়েকহঁতৰ হাতত দি বণিজৰ নামত সাউদ হৈ গাঁৱৰে দুই এজনৰ সৈতে লখিমী পাৰ হৈ সিপাৰৰ কোনোবা ঠাইলৈ গৈছিল ধৰ্ম। বণিজত কি লাভ লোকচান হ'ল সেয়াতকৈ আহোঁতে ধৰ্ম নাৰায়ণে লৈ আনিলে আন এজনী পত্নী, তৰাৱতীক। তৰাৱতীৰ কুন্দত কটা চেহেৰা আৰু মৌ মিঠা মাতে স্নেহালয় যেন মৰমেৰে বুৰাই পেলাইছিল। প্ৰথমে হাকিম চাহাব আৰু ভানুমতীয়ে ধৰ্মৰ এই কামত ভীষণ বিৰোধ কৰিছিল যদিও সময়ৰ লগে লগে তৰাৱতী তেওঁলোকৰ বুকুৰ আপোন হৈ পৰিল। ভানুমতীৰ সমুখত বিশেষ প্ৰতিবাদ কৰিব নোৱাৰি মনোহৰাইও সতিনীক মানিবলৈ বাধ্য হ'ল। সময় বাগৰিল। ইতিমধ্যে মনোহৰাৰ দুটাকৈ ল'ৰা আছিলেই, ভাগৱত আৰু বৈকুণ্ঠ। সময়ৰ সোঁতত তৰাৱতীৰ এজনী ছোৱালী হ'ল। নাম দিলে, সৰু মইনা। ভাগৱতৰ যেন নয়নৰ মণি আছিল সৰু মইনা। দুটাকৈ ল'ৰাৰ পাছত জন্ম হোৱা ছোৱালীজনীক গোটেই স্নেহালয়ে মৰমেৰে আৱৰিলে। তাৰ পাছতেই পুনৰ তৰাৱতী আৰু ধৰ্ম নাৰায়ণৰ ল'ৰা এটা জন্ম হয়, সৰুকণ। কিন্তু সৰুকণৰ জন্মৰ দিয়েই তৰাৱতী সিফলীয়া হ'ল। আচলতে ক'ত কি হ'ল কোনেও তৎ ধৰিব নোৱাৰিলে। দিনত নিজেই চলি কৰি ফুৰা মানুহজনী ৰাতি ভাত খোৱাৰ পাছতেই হঠাৎ ঢলি পৰিল। গোটেই ঘৰত হুৱাদুৱা লাগিছিল। কিন্তু বেজ আহিও তৰাৱতীক বচাব নোৱাৰিলে। বেজে পিছে এষাৰ কথা কৈছিল, মিছিমি বিহ নিদিলে এনে মৃত্যু নহয়। পিছে কথাষাৰ স্নেহালয়তে পোত গ'ল। বাহিৰতে গাঁৱৰ দুই একে বুবু বাবা কৰিছিল, মনোহৰালৈ সন্দেহৰ আঙুলিও উঠিছিল। পিছে চৌধুৰী ঘৰৰ মানুহে কথাবোৰ হেঁচা মাৰি থ'লে। গাঁৱত সেই সময়ত অসম আন্দোলনৰ ভৰপক। গাঁৱৰ কেইটামান পলৰীয়া ল'ৰাক আশ্ৰয় দিয়াৰ শাস্তিত ধৰ্ম নাৰায়ণৰ হাকিম দেউতাকক পুলিচে কোনো নথকাত ঘৰতে আহি কোবাইছিল। অকলশৰীয়া মনোহৰা আৰু ভানুমতীয়ে বিশেষ একোৱেই কৰিব নোৱাৰিলে। সেই বিষতে ধৰ্ম নাৰায়ণৰ পিতাকৰ মৃত্যু হ'ল। ধৰ্ম নাৰায়ণ আৰু তেওঁৰ দুইটা ভায়েকৰ লগতে ভাগৱতো অসম আন্দোলনৰ অগ্ৰণী নেতা আছিল। সৰু মইনাও খুবকৈ লাগিছিল আন্দোলনত। গাঁৱে গাঁৱে পিকেটিং, ৰাতি ৰাতি মিটিং কি কি যে কৰা নাছিল! পাছত অপাৰেচন বজৰঙৰ সময়ত ধৰ্ম নাৰায়ণৰ ঘৰলৈ নামি আহিছিল কাল অমানিশা। আৰ্মীয়ে ধৰ্ম নাৰায়ণৰ দুয়োটা ভায়েকক ধৰি লৈ গৈছিল। ভানুমতীৰ বুকুত গুৰিয়াই লৈ যোৱা ল'ৰা দুটা আৰু ঘৰলৈ ঘূৰি নাহিল। জয় নাৰায়ণৰ মৃতদেহ এদিন লখিমীত পোৱা গ'ল। ইন্দ্ৰ নাৰায়ণৰ একো উৱাদিহ নোলাল। তাৰ পাছতে বহুদিন ধৰ্ম নাৰায়ণ পলাই আছিল গৈ। ঘৰত অকলে গাভৰু বোৱাৰীয়েকহঁতক লৈ আছিল ভানুমতী। এবাৰ বোৱাৰীয়েকক হাত লগাবলৈ লওঁতে ভানুমতীয়ে অকলেই হাতত নগা দা লৈ খেদি গৈ তিনিটা মিলিটেৰীক ঘপিয়াইছিল। এসময়ত কথাবোৰ নিজম পৰিল, অসম চুক্তি হ'ল। স্নেহালয়ৰ ভঁৰালত, গোহালিত লুকাই থকা মানুহেই গৈ দিছপুৰত চৰকাৰ কৰিলেগৈ। কিন্তু আন্দোলনত চৌধুৰী বংশই মূল মানুহজনক হেৰুৱালে। লগতে হেৰুৱালে ঘৰৰ দুটাকৈ সন্তান। জয় নাৰায়ণৰ ঘৈণীয়েক একেবাৰে মাকৰ ঘৰলৈ গুচি গ'ল। নিজৰ শিৰৰ সেন্দূৰকণ লগতে দুটাকৈ সন্তান হেৰুৱাই ভানুমতী তেনেই ভাঙি পৰিছিল, তুলি ধৰিছিল ধৰ্মই। অত বিপদৰ পাছতো ধৰ্ম নাৰায়ণৰ হাতত চৌধুৰী বংশ আগৰ দৰেই প্ৰতিপত্তিশীল হৈ চলি আছিল। তৰাৱতীৰ ল'ৰা ছোৱালী হাল, সৰু মইনা আৰু সৰুকণক মনোহৰা আৰু বৈকুণ্ঠই মাজে মাজে কথাৰে থেকেচ নেকেচ দিয়ে যদিও ভাগৱত, ধৰ্ম নাৰায়ণ আৰু ভানুমতী থকাৰ বাবে বিশেষ ক্ষতি কৰিব নোৱাৰে। সময় গৈ আছিল। ধৰ্ম নাৰায়ণে ভাগৱতলৈ লখিমীৰ সিপাৰৰ তিনিখন গাঁও পাৰ হৈ পোৱা নাহৰণি গাঁৱৰ পৰা কুন্তলাক বিয়া কৰাই আনিছিল। মনোহৰাই আদিতেই কুন্তলাক নিজৰ মতে গঢ়িব খুজিছিল যদিও মাতে কথাই মৰমী কুন্তলাৰ বাবে ঘৰৰ আটাইবোৰ মানুহেই সমান আছিল। কুন্তলাৰ মাজত যেন সৰু মইনা আৰু সৰুকণে মাকৰ মৰমখিনি পুনৰ লাভ কৰিছিল। কুন্তলাৰ মৰম সনা মাতে গোটেই ঘৰখনক লাহে লাহে পুৰণি ঘাঁ বোৰ শুকুৱাবলৈ ল'লে। কুন্তলা অহাৰ কেইমাহ মানৰ পাছতে বৈকুণ্ঠই কোনোবা গাঁৱত ঠিকাদাৰী কৰিবলৈ গৈ বিয়া কৰাই আনিছিল সাদৰীক। তেনেই কুমলীয়া ছোৱালীজনীক কুন্তলাই নিজৰ ভনীৰ দৰে মৰম কৰি ৰাখিছিল। স্নেহালয় লাহে লাহে পুনৰ ভৰি পৰিছিল ৰং ৰহইচৰে। কিন্তু তাতো যে এদিন গ্ৰহন লাগিল। দিছপুৰৰ মিনিষ্টাৰৰ কৃপাত লখিমীৰ ওপৰত এখন পকা দলং হ'ল। গাঁৱৰ ৰাইজৰ আধাৰশিলা পোতাৰ পৰাই আনন্দে নধৰা হ'ল। দলঙৰ কামত মজদুৰি কৰিবলৈ অহা কামিলা ল'ৰাবোৰক ধৰ্ম নাৰায়ণে নিজৰ মাটিতে অস্থায়ী ঘৰ সজাই থকাৰ ব্যৱস্থাও কৰি দিছিল। সমস্যা তাতেই হ'ল। লখিমীৰ পাৰলৈ গা ধুবলৈ জাক জাক গাভৰু যায়। অৱশ্যে সিহঁতে গা ধোৱা ঘাটটো বেলেগ যদিও কামিলাবোৰৰ আগেৰেই যায়। কামিলা ল'ৰাবোৰৰ মাজৰে এজন আছিল, সোণাই। আটাইবোৰ কামিলাৰ মাজত সোণাই আছিল চালে চকু যোৱা। ওখকৈ ল'ৰাটোৱে বহল বাহু আৰু ঘামত ভিজি থকা বুকুৰে কাম কৰি থকা চাই বহু কেইজনী গাভৰুৰ মন হৰিছিল। তাতেই এদিন ঘটিল ঘটনাটো, লখিমীৰ পানীত ডুবিব লৈছিল সৰু মইনা। আচলতে তাইৰ কলহটো উটি যোৱাত সেইটো আনিবলৈ যাওঁতেই চাকনৈয়াত পৰিল। লগেলগেই সকলোৰে চিঞৰত আন আন কামিলাৰ লগতে সোণাই আহি লখিমীৰ গাভৰু ঘাট পালেহি। ঘটনা দেখিয়েই পিন্ধি থকা চুৰিয়া কোঁচাই সোণায়ে পানীত জাপ দিলে আৰু উদং বুকুৰ মাজত সৰু মইনাক সাৱটি পাৰত উঠিলহি। সেই ঘটনাটোৰ পৰাই সৰু মইনাৰ বুকুত সোণাই নামৰ গোপন বতাহ এছাটি বলিবলৈ লৈছিল। একেই বতাহ বলিছিল সোণাইৰ বুকুতো। কিন্তু চৌধুৰী বংশৰ একমাত্ৰ জীয়ৰীক তাৰ দৰে মজদুৰি কৰা ল'ৰালৈ নিদিয়ে বুলি সি নিশ্চিত আছিল। এইফালে সৰু মইনাই পিছে তাকেই নিজৰ দেৱতা বুলি মনতে থাপিলে। পিছে, প্ৰেমে জানো ভেদাভেদ বুজে! লখিমীৰ পাৰতে এদিন দুয়ো দুয়োকে কেতিয়াও নেৰোঁ বুলি শপত খালে। কথা লাহে লাহে বৈ গৈ স্নেহালয়ত সোমাল গৈ। স্নেহালয়ক অগ্নিগড়ৰ দৰে সজা হ'ল সৰু মইনাৰ বাবে। কেনিও ওলাব নোৱাৰা হ'ল তাই। ধৰ্ম নাৰায়ণ, ভাগৱত আৰু বৈকুণ্ঠই কোনোপধ্যেই মানি নলয় এই সম্পৰ্ক। কিন্তু প্ৰেমে হেনো মানুহক সাহসী কৰে। সৰু মইনা এদিন ৰাতি ঘৰৰ পৰা পলাল। ৰাতিয়েই নাৱত উঠি লখিমীৰ বুকুয়েদি উজাই গ'ল সৰু মইনা আৰু সোণাই। স্নেহালয়ত কথা গম পাই মহাভাৰত হৈছিল। কেতিয়াও সৰু মইনাক আঁকোৱালি নোলোৱাৰ সিদ্ধান্ত লোৱা হ'ল। মনোহৰাই এইফালে সুখৰ হাঁহি মাৰিছিল।
অভাৱৰ মাজতো পিছে অকণ অকণ মৰমেৰে হেঁপাহৰ সময় পাৰ কৰিছিল সৰুমইনা আৰু সোণায়ে। সোণাইৰ ঘৰতো মানি লোৱা নাছিল সৰুমইনাক। শেষত সিহঁতে গাঁৱৰে এটা চুকত নিজে ঘৰ সাজি আছিল। হাঁহিফুলা দিনৰ মাজতে আহিছিল ভাল খবৰটো, সৰুমইনা মাক হ'বলৈ ওলাইছে। কথাটো আহি গোবিন্দপুৰ পালেহি। বৈকুণ্ঠ আৰু ধৰ্ম নাৰায়ণৰ বাধা নেওচি ভানুমতীয়ে কুন্তলা আৰু মহামায়াক লগত লৈ ভাৰে ভেঁটিয়ে সৰু মইনাৰ ওচৰ পাইছিল গৈ। সৰু মইনাৰ যে সেইদিনা সুখে নধৰা হৈছিল। অলপ দিন পাছতে সৰু মইনা বৰ মৰম লগা ছোৱালী এজনী হ'ল। সৰুমইনা আৰু সোণাইৰ জীৱনত সুখৰ নিজৰাহে যেন বৈছিল। পিছে তাইৰ এই সুখ ক্ষন্তেকীয়া আছিল। কেঁচুৱা হোৱাৰ দুই কি তিনিদিন পাছতে তেজবমি কৰি সৰু মইনাৰ মৃত্যু হ'ল। সোণাইৰ ঘৰৰ মানুহ আহি সোণাইক আকৌ ঘৰলৈ নিবলৈ ওলাল। সোণাই সেই সময়ত পগলাৰ দৰে হৈছিল। সৰু মইনাক হেৰুৱাই সি লগত থকা পানী কেঁচুৱাটিৰ কথাও পাহৰি গ'ল। অকল কোনোবা সময়ত চিঞৰি চিঞৰি হাঁহে আৰু তাৰ পাছতে মূৰৰ চুলিবোৰ ছিঙি ছিঙি কান্দে। সোণাইৰ ঘৰৰ মানুহে তাক নি ঘৰতে সোমোৱাই থ'লে, এইফালে গোবিন্দপুৰলৈ খবৰ দিয়া হ'ল সোনকালে কেঁচুৱাজনী লৈ নগ'লে মাকৰ লগতে তাইকো চিতাত জীয়াই জীয়াই পুৰি পেলোৱা হ'ব। খবৰ পাই জ্বলি উঠিছিল সৰুকণ, ভানুমতী আনকি ভাগৱত আৰু ধৰ্ম নাৰায়নো। মনোহৰা আৰু বৈকুণ্ঠই বাধা দিছিল,
"কি দৰকাৰ সেই ভিকহুৰ কেঁচুৱাক ইয়ালৈ আনিবলৈ! মৰক যেনেকৈ মৰে।"
সেইদিনা প্ৰথম ভানুমতীয়ে বোৱাৰীয়েকৰ ওপৰত হাত তুলিছিল। ভানুমতীৰ চৰৰ আঘাতত ৰঙা হৈ ফুলি উঠিছিল মনোহৰাৰ গাল। তাৰ পাছতেই সোণাইহঁতৰ গাঁৱলৈ ঢাপলি মেলিছিল ভাগৱত আৰু ধৰ্ম নাৰায়ণ। চিতাত মাকৰ শৱৰ কাষত শুই গগনফালি কান্দি আছিল পানী কেঁচুৱাটিয়ে। নাই, কোনো এজন মানুহৰ বুকু গলা নাছিল। আৰু অলপ পলম হোৱা হ'লেই যে কি নঘটিলহেঁতেন। ভাগৱতে বুকুত তুলি লৈছিল কেঁচুৱাকণক। ধৰ্ম নাৰায়ণে উচুপি উচুপি সৰু মইনাক নিথৰ দেহটোক সেৱা কৰি কৈছিল,
"মোক ক্ষমা কৰিবি অ' মইনা। মই ভাল বাপেক হ'ব নোৱাৰিলোঁ। মাৰৰ লগত সিপাৰে কুশলে থাক গৈ।"
ধোঁৱাৰ লগত মিলি গৈছিল চৌধুৰী বংশৰ ৰাজকুঁৱৰী সৰু মইনা। এৰি গৈছিল নিজৰে এক অংশ, ৰাধা।
ঘৰলৈ আহি ভাগৱতে ঘোষণা কৰিছিল, সৰু মইনাৰ জীয়েকক সি নিজৰ জীয়েক বুলি তুলিব। তাইৰ বাপেক হ'ব। লগে লগেই মাক হ'বলৈ সাজু হৈছিল কুন্তলা। বৈকুণ্ঠ বা মনোহৰাৰ আপত্তিও নৰজিল। অৱশেষত মোমায়েক মামীয়েকৰ কোমল কোলাত মাক বাপেক বুলি ডাঙৰ হ'ল ৰাধা। বৈকুণ্ঠ আৰু সাদৰী হ'ব লগা হ'ল খুৰাক আৰু খুৰীয়েক। এইফালে সৰুকণ, বায়েকক হেৰুৱাই অকলশৰীয়া হোৱা সৰুকণে ৰাধাক পাই যেন পুনৰ জী উঠিছিল। মোমায়েকৰ সলনি সিও হৈছিল ৰাধাৰ খুৰাক। সকলোৰে আদৰ আৰু স্নেহত লাহে লাহে সৰু মইনাৰেই আন এক ৰূপ হৈ বাঢ়ি আহিছিল ৰাধা।
অথনিৰে পৰা কথাবোৰ কৈ কৈ এসময়ত মহামায়া ৰ'ল। ফোঁপনি উঠিছে তেওঁৰ। সেই অতীজৰে পৰা সময়ৰ হাতত অগ্নি পৰীক্ষা দিব লগা হৈছে চৌধুৰী বংশই বাৰে বাৰে। ইয়াৰ পাছতো পুনৰ ভাগৱতৰ অকাল মৃত্যুৱে আন এক আঘাত হৈ স্নেহালয়ক কোবাই গৈছিল। বুকুখন বিষাব ধৰিছে তেওঁৰ। কিমান সহিব আৰু এই ঘৰখনে! ঘৰখনৰ প্ৰতিজন মানুহেই যেন বুকুত এখন মৰিশালি লৈ ফুৰে। ঘটিটোৰ পৰা ঘোট ঘোটকৈ পানী অকল পি ল'লে মহামায়াই। এইফালে চকুৰ পানী নোৰোৱাকৈ বৈছিল ৰাধাৰ। হাত ভৰি যেন লৰাব নোৱাৰাকৈ অৱশ হৈ পৰিছিল। মহামায়াই এইবাৰ ভানুমতীৰ জপাটো খুলিলে। ইমান দিনে কোনেও হাত দিবলৈ সাহস নকৰা জপাটোৰ পৰা মহামায়াই উলিয়াই আনিলে এখন ক'লা বগা ফটো,
"ল ৰাধা, এইজনীয়েই সৰু মইনা। তোৰ আচল মাৰে। এইখনেই অকল আছে গৈ তাইৰ পৰিচয় বুলিবলৈ।"
কঁপা কঁপা হাতেৰে ৰাধাই ফটোখন আনিলে। মহামায়াই মম এডাল দাঙি ল'লে ফটোখন ভালকৈ দেখিবলৈ। চকু চমকি গ'ল ৰাধাৰ, পুনৰ যেন কাণ তাল মাৰি যোৱা শব্দ এগাল হে শুনিছে। কাৰণ, গাত মুগাৰ সাজেৰে সেইজনী চোন তাই নিজেই। মহামায়াই ফেঁকুৰি ফেঁকুৰি ক'লে,
"অ আইজনী, সৰু মইনা সাইলাখ তোৰ দৰেই আছিল। একেই চকু একেই নাক একেই মুখ।"
লাহে লাহে পৰিষ্কাৰ হ'ল ৰাধাৰ। কিয় তাই বৈকুণ্ঠ আৰু মনোহৰাৰ চকুৰ কূটাৰ দৰে। ৰাধা নহয়, ৰাধাৰ এই চেহেৰাটো অসহ্য তেওঁলোকৰ বাবে। দীঘলকৈ উশাহ এটা লৈ ৰাধাই ফটোখন বুকুত সাৱটি ল'লে। মুখেৰে উচ্চাৰণ কৰিলে, "মা...."
মহামায়াই মূৰটো পিহি দিলে ৰাধাৰ, "ধৈৰ্য ধৰ মোৰ আই।"
পেহী আইতাক আৰু নাতিয়েক কোনেও অনুভৱ নকৰিলে আধা জপোৱা দুৱাৰৰ সিপাৰে থকা কুন্তলাৰ উপস্থিতি। ৰাধাই উচ্চাৰণ কৰা শব্দটো কুন্তলাৰ বুকুত যেন শেল এডালৰ দৰে সোমালহি, "মা...."
মুখত কাপোৰৰ সোপা দি একে দৌৰে কুন্তলা নিজৰ কোঠা পালেগৈ আৰু দুৱাৰৰ খিলি লগাই গাৰুটোত মুখখন গুজি দি হুকহুকাই কান্দি উঠিল।
(আগলৈ)
Comments
Post a Comment