ৰাধা : ৩৬
#ৰাধা
Part 36
বয়স ভেদে, পৰিৱেশ বা পৰিস্থিতি ভেদে জীৱনৰ সংজ্ঞাও মানুহৰ বাবে বেলেগ হৈ হৈ গৈ থাকে। কেতিয়াবা জীৱন হৈ পৰে যুদ্ধ, এক ভয়ানক যুদ্ধ। ই কেতিয়াবা সমাজৰ লগত, কেতিয়াবা নিজৰ লগত। কেতিয়াবা ভোকৰ লগত, কেতিয়াবা উচ্চাকাংক্ষাৰ লগত। কেতিয়াবা আকৌ জীৱন হৈ পৰে উৎসৱ, প্ৰতিটো পল অনুপল হৈ পৰে উদযাপনৰ মধুৰ উৎস। শৰতৰ সৈতে সংসাৰ আৰম্ভণিৰ পাছত নিজৰ জীৱনটোৰ সংজ্ঞা বিচাৰ মাজে মাজে হায়ৰাণ হয় ৰাধা। কি বুলি কোৱা যায় এই জীৱনক! শৰতৰ স্নিগ্ধ মৰমেৰে ভৰুণ জীৱনটোক তাই চোন সংগ্ৰাম বুলিব নোৱাৰে। আনহাতে স্নেহালয়ৰ স্মৃতি, ভানুমতী আইৰ মৰমৰ বুলনি বা কানাইৰ মুৰুলী আদিবোৰ যে তাইৰ বুকুখন যাঠি এপাত হৈ খুঁচি থাকে, সেয়ে জীৱনটোক উৎসৱ বুলিওতো ক'ব নোৱাৰি। আচলতে তাই সুখী নে, নে সুখৰ অভিনয়! নাই, প্ৰতিনিশা শৰতৰ বুকুত টোপনি যোৱা ৰাধাৰ বাবে সুখ অভিনয় নহয়, কিন্তু আপোন মানুহখিনিক হেৰুৱাই তাই সুখীও যে নহয়! ভাৱনাৰ চাকনৈয়াত পৰি ৰাধা উটি ভাঁহি গৈ থাকে জীৱন সোঁতত।
শৰতৰ পত্নী হৈ ৰাধা কাষৰীয়া গাঁৱৰ বোৱাৰী হোৱা ভালেমান দিনেই হ'ল। মাজে মাজে কলেজো যায় তাই। কলেজত চব আচৰিত হৈছিল, বিয়াৰ পাছতো চুৰিদাৰ পিন্ধি কলেজ! তাই একো নকয়! পিছে এতিয়া ফাইনেল পৰীক্ষা পালেহি। সেয়ে কলেজ বন্ধ। আগতে মাজে মাজে কানাই আহে, পিছে তাৰো উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পাইছেহি। সেয়ে আহ যাহ কমিছে। সি আহিলেও বাঁহীটো লগত লৈ নানে। ৰাধাই এদিন সুধিছিল,
"আজিকালি বাঁহী নবজাৱ নেকি?"
"তয়েই গুচি আহিলিচোন, বাঁহীত সুৰ ক'ৰ পৰা ওলাব?"
কানায়ে শেঁতা হাঁহি এটাৰে কৈছিল। তাৰ হাঁহিটোৱে বহুদিনলৈ ৰাধাৰ মনটো সেমেকাই ৰাখিছিল। আমাৰ ভাল লগা অভ্যাসবোৰ আমাৰ অজানিতেই কোনোবা বিশেষ মানুহৰ সৈতে সংপৃক্ত হৈ যায়। মানুহবোৰ আঁতৰি গ'লেই সেই অভ্যাসবোৰো নোহোৱা হয়। দিনটো ৰাধা প্ৰায় অকলেই থাকে, তাৰ মাজতে এদিন অৰুণ ছাৰৰ ঘৰলৈ গৈছিল। তাৰ পৰা অহাৰ পাছতে কথা এটাই তাইৰ মনটো বিন্ধি আছিল। শৰৎ অহাৰ পাছত তাই কথাটো উলিয়ালে,
"অৰুণ ছাৰৰ তালৈ গৈছিলোঁ। চাৰে ক'লে স্কুলৰ হেনো অৱস্থা বৰ দুখলগা। টিন ফুটি বৰষুণৰ পানী সোমায়।"
শৰতে কিবা এটা কৰি থকাৰ পৰাই মাত দিলে,
"ছাৰহঁতে কাকো জনোৱা নাই নেকি?"
"পঞ্চায়তৰ সভাপতিৰ পৰা এম এ লে লৈকে সকলোকে জনাইছে বোলে। আৱেদনো দিলে কেইবাখনো। একো ফল নাই। হ'ব হ'ব কৈ পঠাই দিয়ে।"
"আচৰিত, কি লাজ লগা কথা। কিবা এটা কৰিব লাগিব ৰ'বা।"
"মই ছাৰক কৈছোঁ মিটিং এখন দিয়াৰ কথা। গাঁৱৰ মানুহো আহক। আমি সকলোকে ক'ম। এম এল এক জোৰ দিম, যদি তাৰ পাছতো কাম নহয়, আমি বাতৰিত উলিয়াম। গম পাওক সকলোৱে।"
শৰতে অলপ ভাবি লৈ ক'লে,
"ঠিকে আছে। মিটিং কেতিয়া হয় ক'বা, মইও যাম। আমাৰ কলেজৰ দুই এজনকো লৈ আনিম।"
ৰাধাই কথাটো শলাগি ভাতত লাগিল। শৰতে চাই ৰ'ল তাইলৈ। ৰাধা তাৰ এইবাবেই প্রিয়। আন দহজনী মানুহৰ দৰে তাই শুই বহি নিজৰ কথা ভাবি কটাব নোৱাৰে। কেনেকৈ মানুহৰ সহায় হয়, কেনেকৈ গাঁওখনৰ কিবা এটা ভাল হয় সেইটো চিন্তাতেই থাকে অকল। ৰাধাৰ এনে কামত শৰৎ সদায় লগত থাকিব। সি নিজকে নিজেই কয়। আচলতে সি দিবও নো পাৰিছে কি তাইক! চৌধুৰী পৰিয়ালৰ একমাত্ৰ নাতিনীজনীয়ে যেতিয়া তাৰ বাবে চাহ কাপ আনি দিয়ে, ঘৰখন সৰা মোছা কৰে, কিবা এটাই তাৰ বুকুখন মোহাৰি দিয়ে।ধৰ্ম নাৰায়ণ চৌধুৰীৰ চেনেহৰ নাতিনীয়ে যেতিয়া কাণত এযোৰ থুৰীয়া আৰু ডিঙিত অকল এধাৰি জোনবিৰি লৈ কইনা হৈছিল, শৰতে নিজকে যেন দূষিছিল। ৰাতিপুৱা ৰাধাই যেতিয়া তাৰ ঘৰৰ চোতালখন সাৰে, স্নেহালয়ত গিজগিজাই থকা আলধৰা লিগিৰীৰ পৰিৱেশটোলৈ তাৰ মনত পৰে। নিজলৈ কিবা এটা খং উঠে, ৰাধাই যেন এইটো জীৱন পাবলগীয়া নাছিল। কিজানি মৌজাদাৰৰ ঘৰত খুব আৰামত থাকিলহেঁতেন তাই, তাৰ এনে ভাব হয়। কিন্তু দিনটোৰ শেষত ৰাধাৰ পূৰ্ণচন্দ্ৰ যেন মুখৰ হাঁহিয়ে তাৰ সকলো ভাৱনা দূৰলৈ লৈ যায়। ৰাধাক এক স্বাচ্ছন্দ্যৰ জীৱন উপহাৰ দিয়াৰ ব্ৰতত শৰৎ ব্ৰতী হয়।
স্নেহালয়ৰ কুন্তলাৰ শোৱনি কোঠা; বহু সময় হ'ল কুন্তলা বিচনাত বাগৰি থকা। সাদৰীয়ে দুই তিনিবাৰ মাতিও উঠাই নিব নোৱাৰিলে। নৰিয়া বুলি শুই আছে কুন্তলা। আনকালে টান নৰিয়া নহ'লে এনেকৈ পৰি নাথাকে কুন্তলা। কাম নকৰিলেও সাদৰীৰ লগত আখলত কথাৰ মহলাকে মাৰে গৈ। পিছে আজি নাই পৰা উঠি যাব। নাই পৰা কিবা কথা পাতিব। হেৰাই গৈছে কুন্তলাৰ মাত। এৰা, বৰ টান নৰিয়া আজি কুন্তলাৰ। এই নৰিয়া দেহৰ নহয়, মনৰহে। ৰাধা যোৱাৰ পাছতো নিজৰ কামবোৰ নিয়াৰিকৈ কৰি গৈ আছিল কুন্তলাই। মাজে মাজে হুমুনিয়াহ কঢ়াৰ বাহিৰে মুখত একো বিশেষ অভিব্যক্তি নাছিল। পিছে আজি যেন জীৱনৰ এক অচিনাকি ঘাটত ৰৈছেহি তাই। আজি আবেলিতে শাহুয়েক মনোহৰা কুন্তলাৰ কোঠালৈ আহিছিল। তেওঁ কৈ যোৱা প্ৰতিটো কথাই যেন একোটা শিল হৈ কুন্তলাৰ ঠুনুকা বুকুখন টুকুৰা টুকুৰকৈ ভাঙিছিল। গহীন হৈ কুন্তলাক শাহুয়েকে কৈছিল,
"তই কথাবোৰ কি ভাবিছ কুন্তলা?"
"কোনবোৰ কথা মা?"
"অতদিনে বৈকুণ্ঠই তহঁত দুয়োজনীক খোৱাই পিন্ধাই ৰাখিলে। এতিয়া জীয়েৰেতো বুকুত জুই একুৰা দি গ'লেই, তয়ো উৰে জীৱন ইয়াতে পৰি থাকিবি নে?"
বেলি ওলোৱা আকাশখনত যেন হঠাৎ গাজনিহে মাৰিছিল, কুন্তলাৰ তেনে লাগিছিল। কি কয় শাহুয়েকে, জীৱনৰ ৫০ টা বসন্ত গৰকা কুন্তলা এই বয়সত ক'লৈ যাব! তাই একো নকওতেই মনোহৰাই পুনৰ ক'লে,
"পাৰিলে ঘৰলৈ খবৰ পঠা। ডাঙৰ ল'ৰা ঢুকুৱাৰ পাছতো ৰাধাক আলপৈচান ধৰিবলৈহে তোকো ৰাখি থোৱা হ'ল। এতিয়াতো আৰু...."
গৰাখহনীয়া মাটিৰ দৰে খহিছিল কুন্তলা। তাৰমানে ৰাধাৰ বাহিৰে এই ঘৰত তাইৰ একো অস্তিত্বই নাই! তাইৰ অতদিনৰ এইখন ঘৰৰ প্ৰতি দিয়া আদৰ যত্ন সেৱা তাৰ একো মূল্যই নাই। কঁপা মাতেৰে কুন্তলাই ক'লে,
"দেউতাক এবাৰ সুধি লৈ....."
কিন্তু শাহুয়েকে টানকৈ ক'লে,
"দেউতাৰক কিয় সুধিব লাগে? তেওঁ এতিয়া ভাগৰিছে। দায়িত্ববোৰ বৈকুণ্ঠই লৈছে। সি যেনেকৈ বিচাৰে তেনেকৈয়ে হ'ব। দেউতাৰৰ সময়ত চলি অহা বহু কথা এতিয়া বদলি হ'ব।"
কথাটো কৈয়ে মনোহৰা উঠিল। যাবলৈ লৈ দুৱাৰমুখৰ পৰা আকৌ ক'লে,
"ঘৰৰ সকলোকে জনাই থাকিবৰ প্ৰয়োজন নাই। আমিও তোৰ ভালটোহে চিন্তা কৰিছোঁ। ইয়াত এনেকৈ মন মাৰি থকাতকৈ মাৰৰ ঘৰত শান্তিৰে পাৰিবি থাকিব। মাজে মাজে ইয়ালৈও আহি থাকিবি।"
তাৰ পাছত তেওঁ ওলাই গ'ল। আৰু কুন্তলাক ঠেলি পেলাই থৈ গ'ল কোনোবা অটল গভীৰ অন্ধকূপত। উশাহ নোপোৱাকৈ চটফটাই আছে তাই। এইখন ঘৰ, এইখিনি মানুহ, এইখন গাঁও এৰি এই বয়সত তাই আন ক'ৰবাত থকাৰ কথা যে কল্পনাও কৰিব নোৱাৰে। লাগিলে সেয়া নিজৰ জন্ম ঘৰখনেই নহওক কিয়! কিন্তু এইখন ঘৰৰ মানুহবোৰেই যেতিয়া তাইক বিসৰ্জন দিছে, তাই কিবা কোৱাৰ অৰ্থ আছে জানো! এৰা, মাইকী মানুহৰ জীৱনটো মতা মানুহৰ লগতে সাঙোৰ খোৱা। অকলশৰীয়া মাইকী মানুহৰ ক'তো থাউনি নাই, নিজা বুলিবলৈ এখন ঘৰো নাই।
নিশা কুন্তলাই ভাত নাখালে। আচলতে খাব নোৱাৰিলে। উৰে ৰাতি ভাবি তাই সিদ্ধান্ত ল'লে, তাই স্নেহালয় এৰি গুচি যাব।
পুৱা কাপোৰৰ বেগটো বিচনাতে থৈ কুন্তলা শহুৰেকৰ কোঠা পালেগৈ। আজিকালি ধৰ্ম নাৰায়ণ বাহিৰলৈ খুব কমেই ওলায়। বেছি সময় নিজৰ কোঠাতে থাকে। লগ পাবলৈ কোনোবা আহিলেও তেওঁক কোঠাতেই লগ কৰে। কেতিয়াবা ৰাতি ৰাতি তেওঁ প্ৰলাপ বকে। কেতিয়াবা কথাবোৰ পাহৰে। কুন্তলাই গৈ ভৰি পথানতে বহিল গৈ। ইতিমধ্যে মনোহৰাই তেওঁক জনাই থৈছেই,
"ডাঙৰ বোৱাৰী হেনো মাকৰ ঘৰতে থাকিব গৈ। মাজে মাজে আহিব। কিন্তু নিগাজিকৈ আৰু নাথাকে। হয়ো কথাটো, ইয়াত মৰাশৰ দৰেহে পৰি আছে। তাতকৈ মাকৰ ঘৰত এইবোৰ কথা পাহৰি থাকিব পাৰিব।"
ধৰ্ম নাৰায়ণ আচৰিত হৈছিল, প্ৰতিবাদ কৰিছিল। কিন্তু মনোহৰাই কৈছিল,
"এতিয়া আৰু বিধি পথালি দি বৈকুণ্ঠৰ মূৰটো গৰম কৰি নল'ব। অনাহকত কাৰোবাক খুৱাই পিন্ধাই ৰাখিবলৈ সি আপোনাৰ দৰে ৰজা হৰিচন্দ নহয়।"
এটোপাল চকুলো বোৱাই পেলোৱাৰ বাদে একোৱেই কৰিব পৰা নাছিল ধৰ্ম নাৰায়ণে। সেয়ে কুন্তলাক তেওঁ বিশেষ একো নক'লে। মাত্ৰ ক'লে,
"সকলোৱে মোক অকলশৰীয়া কৰি পেলাম বুলি যেতিয়া ঠিৰাং কৰিছয়েই মইনো কি ক'ম। কিবা দোষ কৰিছিলোঁ যদি মৰিষণ কৰিবি আই।"
একো ক'ব নোৱাৰিলে কুন্তলাই। মাত্ৰ ধৰ্ম নাৰায়ণৰ ভৰিখনত নিজৰ মূৰটো লগাই তাৰ পৰা ওলাই আহিল। ভানুমতীৰ ওচৰলৈ যাওঁতে তেওঁ ক'লে,
"যা গৈ, মইও বেছিদিন আৰু নাথাকো। সকলো জাহ যোৱাৰ সময় আহিছে। যা গৈ মোৰ আই।"
হাউলিটোৰ আটাইকেইটা কোঠালি চাই চাই গৈ থাকিল কুন্তলা। সকলোতে যেন ৰাধাৰ মাত ৰাধাৰ হাঁহিবোৰেই শুনা পাইছে। কানাইৰ কোঠাটোত সোমাবলৈ সাহস হোৱা নাছিল কুন্তলাৰ। সি নিজেই ওলাই আহিল। কুন্তলাৰ ভৰি চুই মাত্ৰ ক'লে,
"আনৰ কথা নালাগে, আপুনি কিন্তু ৰাধাক এৰি নিদিব। তাই আপোনাৰ, কেৱল আপোনাৰেই ছোৱালী।"
কথাটো কৈয়ে সি সোমাই গ'ল। বৈ অহা চকুপানীখিনি কুন্তলাই মচি ল'লে। কোঠাৰ পৰা বেগটো লৈ বাৰাণ্ডালৈ ওলাই আহিল। চোতালত নঙলাৰ ওচৰত মনোহৰা আৰু বৈকুণ্ঠ ৰৈ আছে। বাৰাণ্ডাত ৰৈ থকা সাদৰীক সাৱটি ধৰিলে কুন্তলাই,
"সাদৰী..."
"একো নক'ব বাইদেউ। মোৰ আগত অন্ততঃ ফাঁকি দি নাযাব আপুনি।"
"সাদৰী, মই আচলতে..."
উচুপি উচুপি সাদৰীয়ে ক'লে,
"বিয়া হৈ অহা দিন ধৰি আপোনাকেই ওচৰৰ পৰা পাইছোঁ। আপোনাৰ মুখৰ ৰং দেখিয়েই আপুনি গাখীৰ চাহ খাব নে তামোল মই কৈ দিব পাৰো। সেয়ে মোক মিছা নামাতিব বাইদেউ। মই সকলো জানো।"
কুন্তলাই আচৰিত হৈ চালে। সাদৰীয়ে পুনৰ ক'লে,
"ৰাধাৰ লগতে এইখন ঘৰৰ লখিমী ওলাই গ'ল বাইদেউ। এতিয়া এইখন ঘৰত ধ্বংসযজ্ঞ হ'বলৈ বেছি দিন নাই। ক্ষমতা আৰু সম্পত্তিৰ লোভেই এই বংশ শেষ কৰি পেলাব এদিন। আপুনি যাওক গৈ, এই ধ্বংস আপুনি চাব নোৱাৰিব।"
বুজা নুবুজাৰ মাজেৰে কুন্তলা আগুৱাই আহিল। মনোহৰাক সেৱা এটা কৰি বৈকুণ্ঠই ঠিক কৰি দিয়া গাড়ীত বহিল গৈ। হাতযোৰ কৰি স্নেহালয়লৈ চাই কুন্তলাই গাড়ীতে মূৰটো পেলাই দিলে। গাড়ী আগবাঢ়িবলৈ লওঁতেই হঠাৎ ড্ৰাইভাৰজনে ব্ৰেক মাৰিলে। কুন্তলাই মূৰ তুলি চাই দেখে গাড়ীৰ আগত ৰৈ আছে ৰাধা। তাই আগুৱাই আহি ক'লে,
"মাই, গাড়ীৰ পৰা নাম।"
কুন্তলাই ড্ৰাইভাৰক ক'লে, "ভাইটি, তুমি চলোৱা।"
"তোক নামিবলৈ কৈছোঁ মই মা। নহ'লে মোৰ ওপৰেদি চলাবলৈ ক গাড়ী।"
ৰাধাৰ কথাত উপায়বিহীন হৈ কুন্তলা নামি আহিল। এইফালে নঙলাৰ ওচৰত বৈকুণ্ঠ আৰু মনোহৰাও থিয় হৈছিলহি। বৈকুণ্ঠই তাৰ পৰাই চিঞৰিলে,
"ড্ৰাইভাৰ ভাইটি, কিবা ভাওনা কৰিবলৈ মন আছে যদি বেলেগত গৈ কৰিবলৈ কোৱা। ইয়াত নহয়।"
ৰাধাইও সমান জোৰেৰে ক'লে,
"ড্ৰাইভাৰ দাদা, মই গোবিন্দপুৰৰ ৰাস্তাত থিয় হৈ আছোঁ। বাপেকৰ সম্পত্তিৰে ৰজা হোৱা কোনোবা ভতুৱা কুকুৰৰ ঘৰত নহয়।"
ড্ৰাইভাৰজনৰ ওচৰত ইয়াতকৈ লাজ পাবলৈ মন নাছিল বৈকুণ্ঠৰ। খঙেৰে ভিতৰলৈ সোমাই গ'ল সি। পিছে পিছে মনোহৰাও। ৰাধাই এইবাৰ কুন্তলাৰ ওচৰলৈ আহি ক'লে,
"এয়াই তোৰ আপোন মানুহ মা। ইমানদিনে এইবোৰ মানুহৰেই সেৱা কৰি কটালি। আজি তোক এনেকৈ খেদি দিব পৰা হ'ল ইহঁত।"
কুন্তলাই গহীন মাতেৰে ক'লে,
"মোক কোনেও খেদি দিয়া নাই, মই নিজে আঁতৰি যাবলৈ লৈছোঁ।"
"আৰু সিহঁতে তোক যাবলৈ দিলে? তোৰ প্ৰতি অলপো চিন্তা নাই সিহঁতৰ?"
এইবাৰ কুন্তলাই চিঞৰি উঠিল,
"মোৰ চিন্তা জানো তই কৰিছিলি? গুচি গ'লি তাৰ লগত ওলাই। মোৰ চিন্তা তোৰ বাপেৰে জানো কৰিছিল? বাৰে বাৰে মানা কৰাৰ পাছতো পেপাৰত সেই বন্দুক লোৱাবোৰৰ কথাই লিখি থাকিল। তহঁতেই যেতিয়া মোৰ চিন্তা নকৰিলি, আন মানুহে কি কৰিব? এতিয়া মোক মোৰ চিন্তা নিজেই কৰিবলৈ দে ৰাধা। তোকো মই বাধা দিয়া নাছিলোঁ, এতিয়া মোকো বাধা নিদিবি।"
ৰাধাই কুন্তলাৰ ভৰিত ধৰিলেহি,
"এনেকুৱা নকৰিবি মাই। মোক এৰি নাযাবি অ' তই। তই মোৰ লগত থাকিবি ব'ল। আমি চব একেলগে থাকিম মা। ব'ল না মোৰ লগত।"
"আঁতৰ হ ৰাধা। তোৰ মুখ চোৱাৰ আৰু মোৰ ইচ্ছা নাই। তোৰ মাৰে হোৱাৰ পৰাই অকল কষ্টয়েই পাইছোঁ মই। এতিয়া মোক এই দায়িত্বৰ পৰা মুক্তি দে।"
ৰাধা থৰ হৈ গ'ল। কুন্তলাৰ ওচৰৰ পৰা আঁতৰি তাই কেইবা খোজো পিছুৱাই গ'ল। চাদৰৰ আঁচলেৰে মুখত সোপা দি তাই কাষৰীয়া গাঁৱৰ ফালে দৌৰ দিলে। কুন্তলা গাড়ীত বহিল। এইবাৰ গাড়ী আগুৱালে। স্নেহালয়ৰ বাৰাণ্ডাত বহি মনোহৰাই সন্তুষ্টিৰ হাঁহি মাৰিলে। তেওঁৰ লক্ষ্যলৈ আৰু কেইটিমান ক্ষণ বাকী। তাৰ পাছত তেওঁৱেইতো হ'ব এই বিশাল সাম্ৰাজ্যৰ ৰাজৰাণী।
"সেউজ অসম" সংঘত আজি মানুহ গোট খাইছে। যোৱা কেইবাদিনো ধৰি সেউজ অসমৰ সদস্যখিনিয়ে মানুহৰ ঘৰে ঘৰে গৈ মাতি আহিছিল। সপোন, ৰঞ্জনৰ লগতে ৰাধাও লাগি আছিল এইকেইদিন। সেয়ে গোবিন্দপুৰৰ লগতে কাষৰীয়া গাঁৱৰো বহু কেইজন আহিছে। শৰতে কলেজৰো দুজনমানক মাতি আনিছে। প্ৰথমে ৰঞ্জনেই সভাখনৰ উদ্দেশ্যটো ক'লে। তাৰ পাছত অৰুণ ছাৰে স্কুলখনৰ দুৰৱস্থাৰ বিষয়ে বিতংকৈ ক'লে। ইয়াৰ পাছতেই ৰাধাই উপস্থিত সকলোকে ক'লে,
"এখন স্কুলত টিংপাতৰ অভাৱত মিটিং দিবলগীয়া হোৱাটোৱেই এটা লাজৰ কথা। এইখন স্কুলতে পঢ়িয়েই কোনোবা প্ৰফেছৰ হৈছে, কোনোবা বিধায়ক হৈছে, কোনোবা পঞ্চায়তৰ সভাপতি হৈছে। তাৰ পাছতো স্কুলখনৰ অৱস্থা দিনক দিনে পৰি অহাটো মানি ল'ব পাৰি নে? ছাৰে কৈছেই যে বাৰে বাৰে আৱেদন দিয়া হ'ল। এতিয়া আৰু সেইবোৰ কৰি লাভ নাই। স্কুললৈ সৰহকৈ টকাৰ অনুমোদন লাগে। সেইটোৱেই আমাৰ শেষ কথা। যদি আপোনালোকে সহযোগ কৰে আমি এতিয়াই সকলো একেলগে বিধায়কৰ ঘৰলৈ যাব পাৰো।"
ৰাধাৰ কথাত সকলোৱে লগে লগে হয়ভৰ দিলে। অলপ পাছতেই সকলো ৰাইজৰ হৈ বিশেষ কেইজনমান বিধায়কৰ ঘৰলৈ যাবলৈ ওলাল। ৰাধা, শৰতৰ লগতে সেউজ অসমৰ আটাইখিনি আৰু অৰুণ ছাৰো লগতে গ'ল। গাঁৱৰে মনেশ্বৰৰ ভাড়া ভেন গাড়ীখনতে গোটেই কেইটা উঠি বিধায়কৰ ঘৰ পালেগৈ।
মৌজাদাৰৰ ঘৰ আগতকৈ বহু সলনি হ'ল। এম এল এৰ ঘৰ বুলিয়েই ৰেহ ৰূপ বদলিল। ৰাধাক দেখি মৌজাদাৰ নিজেই ওলাই আহিল,
"চৌধুৰীৰ নাতিনী চোন, নতুনকৈ বোৱাৰী সাজ পিন্ধিলা যদিও আগৰ তেজ একেই আছে দেখিছোঁ। কি বা সকাম আছিল?"
"আমি ৰং সলাব নাজানো নহয়, সেয়ে সদায় একেই থাকিম। বাকী সকাম এম এল এ ছাৰৰ লগতহে আছিল।"
"কিন্তু সি তো এতিয়া নাই, কিবা কামত দিছপুৰ গৈছে।"
"তেন্তে আহিলে জনাব, গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়ৰ মেৰামতিৰ বাবে বাৰে বাৰে আৱেদন দিয়া হৈছিল। তিনিদিনৰ সময় দিয়া হ'ল, তাৰ পাছত গোটেই ৰাইজ আহিব ইয়ালৈ। লগতে সাংবাদিকো, আমাৰ এম এল এৰ প্ৰতিশ্ৰুতিৰ কথা সকলোৱে জানিব।"
"হেৰা, তুমি কাক ধমকি দিবলৈ আহিছা?"
"নিজৰ প্ৰাপ্যখিনি বিচাৰিলে যদি ধমকি দিয়া হয়, তেন্তে দিছোঁ মই ধমকি। আৰু শুনক, স্কুলৰ মেৰামতিৰ বাবে আপোনাৰ পুতেকে পকেটৰ পৰা টকা নিদিয়ে। সেয়াও ৰাইজৰেই টকা।"
কথাখিনি কৈ ৰাধাহঁত উলটি গ'ল।
চিন্তাৰ ৰেশ বিয়পি পৰিছে মৌজাদাৰৰ মুখত। এই ৰাধা বোলা ছোৱালীজনী যে অলপ ভয়ংকৰ সেয়া তেওঁ আগতেই গম পাইছিল। সেইবাবেই বোৱাৰী কৰি শিকলি লগোৱাৰ পাং পাতিছিল তেওঁ। কিন্তু নোৱাৰিলে। শিকলিৰ সলনি তাইৰ হাতত ডেউকাহে লাগিল। নাই নাই, যি কৰি হ'লেও এই পাখি কাটিবই লাগিব। বৈকুণ্ঠ চৌধুৰীকো শীঘ্ৰে মাতি পঠাব লাগিব। কথাবোৰ ভাবি ভাবি মৌজাদাৰ ভিতৰ পালেগৈ।
দুদিন পাছতে স্কুলৰ চোতালত নতুন টিং পৰিলহি। ইটা বালিও আহিল। স্কুলঘৰ নতুনকৈ মেৰামতি আৰম্ভ হ'ল। সকলোৱে ৰাধাক একমুখে প্ৰশংসা কৰিলে। তাই যে বিয়া হৈ যোৱাৰ পাছতো এইখন গাঁৱৰ কথা চিন্তা কৰিছে সেই লৈ সকলোৱে ভাল পালে। দিনবোৰ পাৰ হৈ থাকিল এনেদৰে। ৰাধাৰ পৰীক্ষা শেষ হৈ ৰিজাল্টো দিলে। বৰ বিশেষ ভাল নহ'লেও তাই বি এ পাছ কৰিলে। এইফালে কানাইৰ ৰিজাল্ট দিলে, সি প্ৰথম বিভাগত দুটাত লেটাৰসহ পাছ কৰিলে। খবৰটো পায়েই বাহিৰে সি ৰাধাৰ ওচৰলৈ গৈছিল হাতত মিঠাই লৈ। ৰাধাৰ আনন্দৰ শেষ নাছিল সিদিনা। শৰতে কাষৰীয়া গাঁৱৰ চিনাকি কেইজনক মাতি ঘৰতে ভাত খোৱাইছিল কানাইৰ বাবে। এইবোৰৰ মাজতে ৰাধা আৰু কানাইৰ জীৱনত আহি পৰিলহি এটা নতুন মোৰ। সিদিনা দুপৰীয়া ভাত খাই ৰাধাই বিচনাতে বাগৰি আছিল। তেনেতে বাহিৰত কানাইৰ মাত,
"ৰাধা, আছ নে?"
ৰাধা ওলাই আহিল, "আহ আহ, বাহিৰতে ৰ'লি যে!"
কানায়ে অলপ সময় একো নোকোৱাকৈ থাকিল। ৰাধাই পুনৰ সুধিলে,
"ঐ ল'ৰা, কি হৈছে?"
কানায়ে সৰুকৈ ক'লে, "তোক কথা এটা কোৱা নাছিলোঁ।"
"কি কথা?"
"মই তেজপুৰ বিশ্ববিদ্যালয়ত ছিট পালোঁ। অহা সোমবাৰৰ পৰাই ক্লাছ। মই কাইলৈ পুৱা যাম গৈ।"
ৰাধা যেন দুখোজ পিছুৱাই গ'ল। কানাই যাব গৈ! গোবিন্দপুৰত কানাই নাথাকিব! তাইৰ কানাই মন গ'লেই তাইৰ কাষলৈ আহিব নোৱাৰিব! খুব স্বাৰ্থপৰ যেন লাগিলেও ৰাধাই কানাইৰ ইমান ভাল খবৰ এটাত সুখী হ'ব নোৱাৰিলে। কানাইৰ অবিহনে তাই গোবিন্দপুৰক কল্পনাও কৰিব নোৱাৰে। বিয়া হৈ অহাৰ পাছতো গোবিন্দপুৰ আৰু ৰাধাৰ মাজত কানাই সাঁকো এডালৰ দৰে আছিল। গোবিন্দপুৰলৈ গ'লেই সি জানো কেনেকৈ খবৰ পাইছিল, তাই য'তেই থাকে আহি ওলাইছিল। কেতিয়াবা নিজেও আহি তাইৰ ওচৰ ওলাইছিলহি। হাতত কেতিয়াবা বগৰী কেইটামান, কেতিয়াবা ৰবাব টেঙা এটা, কেতিয়াবা আকৌ তাই ভাল পোৱা বিস্কুট এপেকেট। এতিয়া সি যাবগৈ বুলি শুনিয়েই ৰাধাৰ বুকুখন যে উদং উদং লাগিছে। তাই কেনেকৈ বুজাব! তাই একো নোকোৱা দেখি কানায়ে ক'লে,
"তোক বস্তু এটা দিবলৈ আছিল।"
"কি?"
"এনেকৈ নহয়। আজি সন্ধিয়া এপাক ৰাধাপুখুৰীলৈ যাবি?"
ৰাধাপুখুৰী! উফ, কিমান দিনৰ মূৰত ৰাধাই শুনিছে এইটো নাম। তাইৰ দুখ লাগিব বুলিয়েই শৰতে তাইৰ ঘৰৰ লগত জড়িত একো কথাই নুলিয়াই, কানায়েও আজিলৈকে কোৱা নাছিল। আজি তাৰ মুখত এই নামটো শুনি ৰাধাই চকুপানী ৰখাব নোৱাৰিলে,
"কানাই, কেনে আছে অ' মোৰ পুখুৰীটো?"
"নাজানো, তই অহাৰ পাছত মইও তালৈ যোৱা নাই। আজি যাবি নে? স্নেহালয়ৰ ফালেদি নালাগে, পথাৰৰ ফালেদি আহিবি। মই ৰৈ থাকিম।"
ৰাধাই মূৰ দুপিয়ালে মাত্ৰ। কানাই গ'ল গৈ। বহু সময়লৈ ৰাধা পিৰালিতে বহি থাকিল। সৌ সিদিনাহে যেন তাই কানাইক লগ পাইছিল, ৰাধাপুখুৰীৰ পাৰে পাৰে দৌৰাদৌৰি কৰিছিল। ঘপকৈ তাইৰ বিয়া, আৰু তাৰ পাছত সকলো সলনি! ইমান সোনকালে কিয় ডাঙৰ হ'ল নো সিহঁত! কিয় ইমান সোনকালে আঁতৰি গ'ল শৈশৱ! ৰাধাৰ পুনৰ ঘূৰি যাবলৈ মন গৈছে শৈশৱলৈ, আকৌ উৎপাত কৰিবৰ মন গৈছে। ডাঙৰ হোৱাৰ যন্ত্ৰণা বহুত বেছি, বহুত।
সন্ধিয়া ঘৰত চাকি ধূপ জ্বলাই ৰাধাই খোজ ল'লে ৰাধাপুখুৰীৰ ফালে। যিমানেই আগুৱাইছে তাই সিমানেই কঁপি উঠিছে। ৰাধাপুখুৰীয়ে সাঁচি থৈছে নে তাইৰ শৈশৱ! ৰাধাচূড়া জোপাই চিনি পাব নে তাইক! বোৱাৰী সাজত এয়া যে ৰাধাৰ প্ৰথম আগমন। অলপ পাছতে আধা পোহৰ আধা এন্ধাৰৰ সময়খিনিত তাই পুখুৰীৰ পাৰ পালেগৈ। পুখুৰীৰ পাৰটো বনবোৰে তেনেই আৱৰি পেলালে। কানাই বহি আছিল তাতেই। ৰাধা কাষতে বহিল। অলপ সময় একো নোকোৱাকৈয়ে পাৰ হোৱাৰ পাছত কানায়েই ক'লে,
"একো নকৱ নেকি?"
ৰাধাই ক'লে, "ক'বলৈ কিবা বাকী ৰাখিলি জানো তই? ইমান ডাঙৰ কথা এটা মোৰ পৰা লুকুৱালি। কালিলৈ যাবি গৈ আৰু মোক আজি কৈছ!"
"মোৰ সাহস হোৱা নাছিল অ' ৰাধা, কেনেকৈ ক'ম তোক যে মই যাম গৈ।"
অলপ সময় ৰৈ ৰাধাই ক'লে,
"মই একেবাৰে অকলশৰীয়া হৈ গ'লো অ'। মা গুচি গ'ল, এতিয়া তইও। ককা বোলে বিচনাৰ পৰা উঠিবই নোৱাৰে আজিকালি। আইকো বিয়াৰ পাছৰ পৰা দেখাই নাই। মোৰ গোটেই পৃথিৱীখনেই অচিনাকি হৈ গ'ল।"
ৰাধাৰ হাতখন নিজৰ মাজলৈ আনি কানায়ে ক'লে,
"সময় এনেকুৱাই অ'। কেতিয়া আমাৰ পৰা কি কাঢ়ি লৈ যায় কি দি যায় একো ঠিক নাই। তই কিন্তু সলনি হৈ নাযাবি। এনেকৈয়ে থাকিবি। শৰৎ দা আছেই নহয়। মই মাজে মাজে আহিম।"
"তাত গৈ মোক পাহৰি নাযাৱতো?"
"ধেৎ, তোক পাহৰিবলৈ হ'লে মোৰ উশাহ ৰৈ যাব লাগিব। মই চিঠি লিখিম তোলৈ।"
"লিখিবি, শুনিছোঁ ইউনিভাৰ্চিটিখন বোলে খুব ধুনীয়া। কেনেকুৱা লাগে মোলৈ লিখিবি দেই।"
অলপ সময় পুনৰ কাৰোৰে মাত নাই। ৰাধাই এবাৰ সুধিলে,
"শুনচোন, তোৰ খৰছ পাতি..."
"মোৰ ৰিজাল্ট ভাল হোৱাৰ বাবে কলেজৰ প্ৰিন্সিপাল ছাৰে পঢ়া শেষ হোৱালৈ ফিজবোৰৰ খৰছ দিয়াৰ দায়িত্ব লৈছে। লগতে কিবা সংস্থা এটাও আহিছে, মাহিলী কিবা এটা হেনো দিব। বৈকুণ্ঠ খুৰাক কৈছোঁ, মোৰ বাবে একো পঠিয়াব নালাগে। তাত গৈ চাওঁ, কিবা পাৰ্ট টাইম বা টিউচন কৰিব পাৰো নেকি!"
ৰাধাই হাতত অনা পইচা কেইটামান কানাইৰ হাতত গুজি দিলে,
"এইখিনি লচোন। গৈয়েই তোক লাগিব নহয়।"
"এইবোৰ কিয় দিছ? নালাগে থ চোন। শৰৎ দাই বেয়া পাব।"
"বলিয়া নেকি, তেওঁ গম পালে নিজেই তোক দিব। পিছে এয়া মোৰ নিজা পইচাহে। আজিকালি কাষৰীয়া গাঁৱৰে দুই এটা টিউচন কৰোঁ নহয়, তাৰেই জমা পইচা অলপ আছিল সৰহকৈ। সেইখিনি দিছোঁ।"
নোট কেইখিলাৰ ওপৰত কানাইৰ চকুপানীৰ টোপাল কেইটামান পৰিল। ফেঁকুৰি উঠিল সি,
"বগৰী, তেঁতেলী পেকেট ভগাই খাই খাই কেতিয়া নো পইচা ভগোৱাৰ সময় পালোহি গমেই নাপালোঁ অ'। কিয় ডাঙৰ হ'লো নো আমি!"
ৰাধায়ে তাক সাৱটি ধৰিলে,
"ধেৎ, ইমান ডাঙৰ ল'ৰাই কান্দে নেকি! তাত গৈ চবৰে লগত মিলি থাকিবি। সকলোকে মাত বোল কৰিবি, মন মাৰি নাথাকিবি আকৌ।"
এন্ধাৰ বাঢ়ি অহাৰ লগে লগে আকাশত জোনবাই জিলিকি উঠিল। লগতে সদায় ওলোৱা সন্ধ্যাতৰাটো। কতদিন যে এই জোনবাইলৈ চাই চাই স্নেহালয়ৰ চোতালত পাটি পাৰি ৰাধা আৰু কানায়ে গান গাই গাই কথাৰ মহলা মাৰিছিল! আজি সিহঁতক এইদৰে দেখি জোনবাইৰো চাগে বেজাৰ লাগিছে। জোনবাই লৈ চায়েই কানায়ে ক'লে,
"তই সদায় মোৰ লগতেই থাকিবি ৰাধা। আঁতৰত থাকিলেও আমি সদায় একেলগে থাকিম।"
ৰাধাই হুমুনিয়াহ এটা সৰাই ক'লে,
"ইয়াৰ পৰা চালে সন্ধ্যাতৰাটোও জোনৰ কাষতে থকা যেনেই লাগে, কিন্তু সঁচাকৈ থাকে জানো? মাজত কত যোজন দূৰ।"
পুনৰ কিছু সময় নীৰৱতা। কিবা ক'বলৈ লৈও কানাইৰ যেন ডিঙিতে ৰৈ গৈছে কথাবোৰ। অলপ পৰ ৰৈ সি ক'লে,
"তোক বস্তু এটা দিবলৈ আছিল।"
কথাটো কৈ কানায়ে ৰাধালৈ তাৰ বাঁহীটো আগবঢ়াই দিলে,
"এইটো ল, এইটো লগত থাকিলে মই লগতে থকা যেন লাগিব।"
বাঁহীটো সাৱটি ৰাধাই উচুপি উঠিল,
"এবাৰ মোক কিবা এটা বজাই শুনাচোন।"
কানায়ে বাঁহীটো লৈ বজাই গৈছিল। ৰাধাই মূৰটো পেলাই দিলে তাৰ কান্ধত। এন্ধাৰত ৰাধাপুখুৰীৰ পাৰত যেন সঁচাই বৃন্দাবনৰ ৰাধাকৃষ্ণহে বহি আছে তেনে লাগিছিল। বাঁহীৰ সুৰটোৰ লগে লগে ৰাধা আৰু কানাইৰ চকুৰ পৰাও অহৰহ অশ্ৰু নিগৰিছিল। সিহঁতে নিজেও বুজা নাছিল, কানাই মাত্ৰ পঢ়িবলৈহে যাব। তাৰ পাছতো কিয় সিহঁতৰ এনে লাগিছে যেন একেবাৰেই বেলেগ হ'বলৈ ওলাইছে সিহঁত। কিন্তু সিহঁতৰ অজ্ঞাতে নিয়তিয়ে কুটিল হাঁহি মাৰিছিল। ৰাধা আৰু কানায়ে অনুমানো কৰা নাছিল যে এয়াই সিহঁতৰ অন্তিম মিলন। আহি থকা ভয়ানক সময়বোৰৰ কথা সিহঁতে যে কল্পনাও কৰিব পৰা নাছিল। কানাই আৰু ৰাধাৰ বিৰহে সিহঁতৰ কাহিনীৰ যৱনিকালৈ আগুৱাইছিল। বাকী আছিল মাত্ৰ আৰু কিছু অধ্যায়, হয়তো স্নেহালয়ে নিজৰ প্ৰত্যাঘাতৰ বাবে বাট চাইছিল, হয়তো চৌধুৰী বংশৰ অত বছৰৰ অন্যায়ৰ পূৰ হোৱাৰ সময় আহি পাইছিল। তাৰ আগতে সময়ে কাল জিভা মেলি ৰৈছিল আন এটা বলিদানৰ বাবে। এৰা, সকলো কাহিনী মিলনৰ নহয়। কিছুমান বিৰহত মিলনতকৈ অধিক প্ৰাপ্তি থাকে। কানাইৰ বাঁহী বিয়পি পৰিছিল গোটেই ৰাধাপুখুৰীত। তাৰ বাঁহী শুনিয়েই নে কি, জোনাকী পৰুৱাবোৰ সিহঁতৰ চাৰিওফালে আহি উৰি ফুৰিছিল। ফিৰফিৰীয়া বতাহ জাকত ৰাধাপুখুৰীৰ পাৰৰ ৰাধাচূড়া জোপাৰ পৰা দুই এটা পাত সৰি ৰাধাৰ কোলাত পৰিছিল। কানায়ে বাঁহীত বজাই গৈছিল লতা মংগেশকাৰৰ গীতৰ কৰুণ সুৰ,
"লগ জা গলে কি ফিৰ য়ে হাচিন ৰাত হ' না হ',
ছায়ড ফিৰ ইচ জনম মেই মোলাকাত হ' না হ'...
লগ জা গলে...."
(আগলৈ)
Comments
Post a Comment