ৰাধা : ৩৭
#ৰাধা
Part 37
সন্মুখৰ পৰা আঁতৰি সঁচাই লগত থাকিব পাৰে নে মানুহ! নেদেখাৰ পাছতো সলনি নোহোৱাকৈ থাকি যায় নে মানুহ! চিনেমাত হয়তো একে হৈ থাকি যায়, নাইবা উপন্যাসতো। কিন্তু বাস্তৱত পাৰে জানো! এই যে অভিমন্যু সন্ধ্যাৰ পৰা দূৰত আছে, হয় তাই বিচাৰিলেই তাক ফোনত পায়। তাই ক'লেই সি শুনি যায় কথাবোৰ। কিন্তু সেয়াই সদায় যথেষ্ট হয় নে! কেতিয়াবা মন যায় কোনোবাই একো নোকোৱাকৈ সোধক, চকুযোৰ সেমেকি আছে যে কি হৈছে তোমাৰ! মনটো বেয়া যেন লাগিছে তোমাৰ, কোৱা কি হৈছে! সেইখিনি আকুলতা কেতিয়াবা সন্মুখৰ পৰা বিচৰা যায়। নোকোৱাকৈ বুজি পোৱা এজনক বিচৰা যায়। সন্ধ্যাই অনুৰণৰ মাজত সেইখিনি পাইছে। কিন্তু অভিমন্যুৰ লগত সেইখিনি আকুলতা আজিৰ তাৰিখত নাই! ঠিক তেনেদৰেই, আঁতৰি যোৱাৰ পাছত ৰাধা আৰু কানাইৰ থাকি যাব নে একেই বান্ধোন! ভাবি ভাবি সন্ধ্যাৰ চিন্তাৰ আঁত হেৰায়। বিশেষকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰসংগ অহাত তাই আৰু বেছি সচকিত হৈ পৰিছে। এনেতে কাৰোবাৰ মাতত তাইৰ ভাৱনাত যতি পৰিল।
"ৰুণজুন, অ ৰুণজুন শুনা চোন"
হঠাৎ শাহুয়েকৰ মাত শুনি সন্ধ্যা কিতাপখন জপাই উঠি আহিল। সেমেকি থকা চকুৰ কোণ দুটা মচি ল'লে তাই।
"কি হৈছে মা?"
"বেলতলাৰ ভাইটিয়ে ফোন কৰিছিল। আমাৰ ই বোলে এই ৰাতিখন সিহঁতৰ ঘৰলৈ গৈছে উজ্জ্বলক কিবা সোধা পোচা কৰিবলৈ।"
"কি, উজ্জ্বল দাক? কিয়?"
"কিবা সৰু ছোৱালী অপহৰণৰ কেচত। লগত পুলিচকো নিছে বোলে। চোৱা চোন, মিতিৰৰ মানুহৰ লগত সি এইবোৰ কৰিব লাগে নে? কিবা যদি গম পাইছে সিহঁতক সহায়হে কৰিব লাগে!"
সন্ধ্যাই যিটো ভয় কৰিছিল সেইটোৱেই হ'ল। সিদিনা অন্নপ্ৰাসনলৈ যাওঁতেই অনুৰণৰ কিবা কথাত সন্দেহ হোৱা তাই গম পাইছিল। কিন্তু কথাটো যে ইমান গভীৰলৈ যাব তাই ভবাই নাছিল। অৱশ্যে সন্ধ্যাই অনুৰণক জানে, প্ৰেমিক বা স্বামী হিচাপে সি যিমান আলফুল, চৰকাৰী প্ৰশাসনিক বিষয়া হিচাপে সিমান বেছি কঠোৰ। গতিকে যদি কিবা কথাই সঁচাই আছে, অনুৰণে যে কাকো সহজে নেৰে তাই জানে। কিন্তু সমাজকৰ্মী হিচাপে উজ্জ্বল দাৰ এটা সুনাম আছে ইয়াত। তাৰ পাছত তেওঁ এনেকুৱা কাম কৰিব জানো! কিন্তু একো নথকাকৈতো অনুৰণো নাযায় এই সময়ত। এনেতে শাহুয়েকে আকৌ ক'লে,
"কি ভাবিছা ৰুণজুন? তুমি বুজাবা চোন তাক। এনেকৈ নিজৰ মানুহৰ মাজতে বেয়া পোৱা হ'বগৈ আৰু।"
"হ'ব মা। আপুনি শোৱক গৈ এতিয়া, বহুত ৰাতি হ'ল।"
কথাটো কৈ শাহুয়েকক পঠালে যদিও সন্ধ্যা অনুৰণৰ কোনো কামতে কেতিয়াও সোমাই পোৱা নাই। গতিকে এই লৈ তাক কিবা পৰামৰ্শ দিয়াৰতো প্ৰশ্নই নাহে। কিন্তু অ, তাই সুধিব অনুৰণক। এনেকুৱা কি পৰিস্থিতি হ'ল যে এই নিশাও উজ্জ্বল দাৰ ঘৰলৈ যাব লগা হ'ল সেই বিষয়ে তাই নিশ্চয় সুধিব। শাহুয়েকক পঠিয়াই থৈ বিচনাতে বাগৰিব লওঁতেই অনুৰণে ফোন কৰিলে,
"মই পালোহি, দুৱাৰ খোলা।"
মাকে সাৰ পাব বুলি সন্ধ্যাই কলিং বেল বজাবলৈ মানা কৰি থয়। সেয়ে ফোন কৰে সি। সন্ধ্যা গৈ দুৱাৰখন খুলিলে। অনুৰণ আহি গা ধুই ভাতৰ টেবুলত বহিল। তাক কথাটো এতিয়া সোধা উচিত হ'ব নে নহয় ভাবি আছিল সন্ধ্যাই। পিছে অনুৰণে নিজেই ক'লে,
"উজ্জ্বল দাৰ তাত গৈছিলোঁ। কেচ এটাৰ কাৰণে।"
"জানো, মালৈ কোনোবাই ফোন কৰিছিল।"
"কি কোৱা, বেলেগ ফাষ্ট চোন। পিছে কিয় গৈছিলোঁ নোসোধা?"
"কিয়?"
"উজ্জ্বল দাহঁতৰ আগৰ যে কাম কৰা ছোৱালীজনী, তাই ঘৰলৈ যোৱা নাই। মাকহঁতে থানাত কমপ্লেইন দিয়া আছে। আৰু ডাঙৰ কথাটো হ'ল, ছোৱালীজনীক পঢ়ুৱাম বুলিহে ইয়ালৈ আনিছিল। পিছে তাইক কোনোদিন স্কুলত নাম লগোৱা নাছিল। দহ বছৰ হৈছিল মাত্ৰ তাইৰ।"
সন্ধ্যা আচৰিত হ'ল। মানুহে এনেকৈও মুখা পিন্ধি থাকে নে! তাই একো নকওঁতেই অনুৰণে আকৌ ক'লে,
"মোৰ আৰু এটা সন্দেহ হৈ আছে।"
"কি কথা?"
"ছৰী, সেইটো ক'ব নোৱাৰিম। মাত্ৰ প্ৰে' কৰা কথাটো যেন মিছা হয়।"
সন্ধ্যাই দুনাই একো নুসুধিলে। অনুৰণ হাজৰিকা নামৰ কঠোৰ বিষয়াজনক তাই সাধাৰণতে লগ পাব নোখোজে। সেয়ে সেই দিশত বেছি আগবাঢ়িও নাযায়। ভাত খাই অনুৰণে কাঁহীখন ধুবলৈ নিছিল, সন্ধ্যাই টানি আনিলে,
"তুমি শোৱা গৈ যোৱা।"
পাকঘৰত কাঁহীখন থৈ লাইটবোৰ অফ কৰি সন্ধ্যা ৰুমলৈ গ'ল। অনুৰণে বাগৰি আছে বিচনাতে। তাই বামটো খুলি অলপ লৈ তাৰ ওচৰলৈ গ'ল। অনুৰণৰ মূৰটো নিজৰ কোলাত তুলি লৈ ভিক্স অকণ কপালত সানি মূৰটো পিটিকি গ'ল হাতেৰে। অনুৰণে চকুযোৰ লাহেকৈ মেলি ক'লে,
"কেনেকৈ বুজিলা? সঁচাই খুব মাথা বিষাইছিল।"
সন্ধ্যাই মিচিকিয়াই হাঁহিলে,
"ইমানকণ চাগে বুজা হৈছোঁ ইমান বছৰে। চকু মুদা, টোপনি যোৱা এতিয়া।"
অনুৰণে সন্ধ্যাৰ মুখখন টানি আনি তাইৰ ওঁঠযোৰ এবাৰ চুমি দিলে নিজৰ ওঁঠেৰে। তাৰ পাছত তাইৰ কঁকালত হাত দুখনেৰে মেৰিয়াই ধৰি মূৰটো কোলাত পেলাই দিলে। সন্ধ্যাই কঁপালখনত তাইৰ কোমল আঙুলিৰে পিটিকি থাকিল। এনেকৈ অলপ সময়ৰ পাছত অনুৰণৰ টোপনি আহিল। সন্ধ্যাই লাহেকৈ তাৰ মূৰটো গাৰুলৈ দি বিচনাৰ পৰা নামি আহিল। ৰাধাখন লৈ তাই বেলকণিত বহিলহি। তাইৰ চকুত টোপনি নাই আজি। ৰাধা আৰু কানাইৰ বিৰহে তাইৰ টোপনি কাঢ়ি নিলে যেন। কাহিনীটো কি হ'বলৈ গৈ আছে জানিবলৈ সন্ধ্যা ব্যাকুল হৈ পৰিছে। বেলকণিৰ লাইটটো জ্বলাই তাই ৰাধাখন মেলি ল'লে।
এম এল এ অলকেশ হাজৰিকাৰ বিশেষ কোঠাত বহি আছে বৈকুণ্ঠ চৌধুৰী। লগত অলকেশৰ পি এ, প্ৰকাশ দত্ত। অলকেশৰ হাতৰ আইনাৰ গিলাছত জিলিকি আছে ৰঙীন পানীয়খিনি। বহল চোফাখনত বহি পানীয়খিনি পি আছে অলকেশে। পিছফালে থিয় দি আছে প্ৰকাশ দত্ত। বৈকুণ্ঠই চাই আছে তেওঁলৈ। এবাৰত গোটেইখিনি ধোক মাৰি গিলাছটো সন্মুখৰ টেবুলত শব্দ কৰি থৈ অলকেশে ক'লে,
"আচলতে আপোনাৰ ভতিজাকে মোক ভাবে কি বুলি? মানুহ লৈ আনি দেউতাক দম দি যাব, আৰু কাম হৈ যাব? তাই কি পি এম নেকি যে মই তাইৰ কথাত উঠা বহা কৰিম?"
বৈকুণ্ঠৰ খং উঠিছে, প্ৰচণ্ড খং। এম এল এ হ'লেও অলকেশ তেওঁৰ বন্ধুৰ ল'ৰাহে। এনেয়ে হোৱা হ'লে সি তেওঁৰ আগত তলমূৰকৈ কথা ক'লেহেঁতেন। কিন্তু এই ৰাধাৰ কাৰণে অলকেশৰ আগত তেওঁৰ ভাৱমূৰ্তি তেনেই বেয়া হৈ গ'ল। মনৰ ভাবটো লুকুৱাই তেওঁ ক'লে,
"মই চেষ্টা কৰিছিলোঁ, কিন্তু তাইক একোৰেই বান্ধিব পৰা নাই।"
"আপোনাৰ ভতিজাক বুলিহে, নহ'লে ধৰাই আনি বিচনাত চালোহেঁতেন তাইৰ দম কিমান!"
কথাটো কৈ অলকেশ হাজৰিকাই প্ৰকাশ দত্তলৈ চালে। দত্তই বেঁকা হাঁহি এটা মাৰি সমৰ্থন জনালে। অলকেশৰ তেনে বহু ঘটনাৰ একান্ত সাক্ষী আৰু সহযোগী এই দত্ত। বৈকুণ্ঠই কি ক'ব ভাবি নাপালে। ৰাধাক তল পেলাব তেওঁ বিচাৰে সঁচা, কিন্তু অলকেশে কোৱা কথাটোও তেওঁৰ হজম হোৱা নাই। বৈকুণ্ঠই একো নোকোৱা দেখি অলকেশে পুনৰ ক'লে,
"আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ ভতিজাকৰ লগত তেনেকুৱা একো নহয়। আচলতে আপোনাৰ ভতিজাকৰ শক্তি ক'ত জানে? মানুহৰ আস্থা আৰু বিশ্বাসত। মানুহে ভৰসা কৰে তাইক। সেইবাবেইতো তাইৰ এই ডেমাকি। মই এই বিশ্বাসখিনি ভাঙিম। এইবাৰ খেল অলপ বেলেগ হ'ব।"
বৈকুণ্ঠৰ মনটো কিবা এটা মুকলি যেন লাগি গ'ল। ৰাধাক একেবাৰে অকলশৰীয়া কৰি ভিতৰৰ পৰা ভাঙি পেলোৱাটোৱেইতো সিও বিচাৰে। হাঁহি মাৰি বৈকুণ্ঠই ক'লে,
"নিশ্চয়, সেইটোৱেই ভাল হ'ব। লাগিলে মইও আপোনাক সহায় কৰিব পাৰিম।"
"সহায়তো আপুনি কৰিবই লাগিব চৌধুৰী। খুব সোনকালেই এটা খবৰ ওলাব। তাৰ পাছতে আপোনাৰ সৰু কাম এটা থাকিব। আপুনি বচ সেইটো কৰি দিয়ক। তাৰ পাছত চাব, গোবিন্দপুৰৰ মানুহেই ৰাধাক বাদ দিবলৈ ল'ব।"
এইবুলি বৈকুণ্ঠক নিজৰ পৰিকল্পনাৰ বিষয়ে শুনাই গ'ল অলকেশে। কথাখিনি শুনাৰ লগে লগে বৈকুণ্ঠৰ চকু দুটা তিৰবিৰাই উঠিল। এইবাৰ চাই ল'ব সি, কেনেকৈ ৰাধাই এই আঘাত ৰোধে। এবাৰ, মাত্ৰ এবাৰ ৰাধাক মানসিকভাবে ভাঙি পেলাব পাৰিলেই সি বিশাল চৌধুৰী বংশত ৰাজত্ব কৰিব পাৰিব। বাটৰ অন্তিম ডাল কাঁইট সোনকালেই আঁতৰাব পৰাৰ আশাত বৈকুণ্ঠৰ মনটোৱে লকলকাই উঠিল।
বৈকুণ্ঠ অলকেশৰ ঘৰৰ পৰা অহাৰ এসপ্তাহ মানৰ পাছতে হঠাৎ এদিন ৰাতিপুৱা কলেজত প্ৰিন্সিপালে শৰতক কমলাৰঙী খাম এটা দিলে। শৰৎ অলপ আচৰিত হৈছিল, কাৰ বা চিঠি আহিল! পিছে খামটো খুলি চাই শৰৎ আচৰিতেই নহয়, হতভম্ব হৈ গ'ল। কাৰণ খামটোৰ ভিতৰত সেইখন শৰতৰ এপইণ্টমেণ্ট লেটাৰ। শৰতে কলেজত কৰি থকা চাকৰিটোৱেই পালে। শৰত তাত গেষ্ট ফেকাল্টি হিচাপেহে আছিল। এতিয়া তাক সেইটো পোষ্টতে এচিষ্টেণ্ট প্ৰফেছৰ হিচাপে নিযুক্তি দিয়া হৈছে। কথাটো ওলোৱাৰ লগে লগে কলেজৰ সকলোৰে মাজত উল্লাসৰ সৃষ্টি হ'ল। সকলোকে সহায় কৰা আৰু স্পষ্টবাদী স্বভাৱৰ বাবে শৰৎ কলেজখনৰ সকলোৰে আপোন। সকলোৱে পাহৰিয়েই পেলাইছিল যে শৰতৰ ইয়াত পাৰমানেন্ট নহয়। এতিয়া অপ্ৰত্যাশিত খবৰটো পাই সকলোৱে খুব ভাল পাইছে। আন আন ডিপাৰ্টমেণ্টৰ শিক্ষক সকলেও আহি শৰতক অভিনন্দন জনালে। শৰতে কেণ্টিনক সকলোকে চাহ খুৱাবলগীয়াও হ'ল। এইফালে কথাটো গোবিন্দপুৰ আৰু কাষৰীয়া গাঁৱতো ওলাল। ৰাধাৰ আনন্দত অশ্ৰু ওলাইছিল। অৱশেষত যে শৰতৰ স্থায়ীভাবে কিবা এটা হ'ল। সৰুৰে পৰা অকলেই ডাঙৰ হৈ এইখিনি কৰিলে। এতিয়া ঈশ্বৰে যে চকু মেলি চালে। কাষৰীয়া গাঁৱৰ সকলোৱে একমুখে ৰাধাকহে প্ৰশংসা কৰিলে,
"সাক্ষাৎ লক্ষ্মী সোমালহি দেই শৰৎ বোপাৰ ঘৰত।"
শৰৎ ঘৰ আহি পোৱাৰ লগে লগেই সপোনহঁত আহি ওলাইছিলহি,
"শৰৎ দা, খানা এটা হ'ব লাগিব কিন্তু দেই।"
"শৰৎ দা, হাঁহ লাগিব হাঁহ। বগা মুৰ্গী খোৱাই ঠগিলে নহ'ব। আমি কিন্তু আপোনাৰ শহুৰৰ ফালৰ মানুহ।"
সকলোৰে হাঁহি আৰু ফুৰ্তিত শৰতৰ চোতালখন যেন সন্ধিয়া লাগি ভগালৈকে ৰঙীন হৈ থাকিল। চাহ মিঠাই খোৱাই সকলোকে নতুন দৰমহা হ'লেই খানা এটা খোৱাম বুলি কথা দিয়াতহে ৰাইজ উঠিল।
সকলো যোৱাৰ পাছত ৰাধাই পাকঘৰত ইটো সিটো কাম কৰি আছিল। বিয়াৰ প্ৰথম দিনৰ পৰাই ৰন্ধা বঢ়া বেছিভাগ শৰতেই কৰিছিল যদিও ৰাধাৰ কলেজ শেষ হোৱাৰ পৰা তাই কৰিবলৈ ল'লে। প্ৰথম অৱস্থাত একো আওভাও পোৱা নাছিল বেচেৰীয়ে। শৰতে মৰমেৰে শিকাইছিল। এতিয়ালৈ বেছ পকা ৰান্ধনী হৈ উঠিছে ৰাধা।
পাকঘৰত সোমাই শৰতে ক'লে, "মই একো বুজি পোৱা নাই, কি হৈছে!"
ৰাধাই তাৰ ফালে ঘূৰি সুধিলে, "মানে?"
"মানে হঠাৎ এই চাকৰিটো ক'ৰ পৰা দিলে? আৰু কিয় দিলে?"
ৰাধাই হাঁহি মাৰি ক'লে,
"সেইটো কি ইমান ভাবিব লগা কথা! আপুনি ইমান দিন তাত কৰিলে, সেয়ে দিলে আৰু। আগতে ককাইও কৈছিল, তেনেকৈ খাটি থাকিলে সেইটো পোষ্টত তাকেই ৰাখি থ'ব।"
"কিন্তু ৰাধা, আচল কথাটো হ'ল এচিষ্টেণ্ট প্ৰফেছৰৰ বাবে যি যি লাগে সেয়াটো মোৰ সম্পূৰ্ণকৈ নাই। না এটা ইণ্টাৰভিউ ল'লে। মইতো বাদেই প্ৰিন্সিপাল ছাৰেও একো গম নাপালে। এনেকৈ ঘপকৈ চাকৰি দিয়াটো চিন্তাৰ কথা।"
ৰাধাই শৰতৰ ওচৰলৈ আহি ক'লে,
"ইমান ভাবি গুণি নাথাকিবচোন। কিয় দিলে কোনে দিলে ভাবি থকাতকৈ আপুনি চাকৰিটো ভালকৈ কৰক। এটা চাকৰিৰ বাবে সৰুকণ দাৰ কি অৱস্থা হ'ল দেখিছিল নহয়। শুনিছোঁ, চাকৰিটো হেনো সি গৈ পোৱাৰ আগতেই বেলেগে লৈ লৈছিল। সেইবাবেই চাগে সি তেনেকৈ গুচি গ'ল। গতিকে আপুনি যিটো পাইছে তাক মূল্য দিয়ক।"
ৰাধাৰ কথাত শৰতে এই সম্পৰ্কে একো নুলিয়ালেও মনত কিন্তু খু দুৱনি এটা ৰৈ গ'ল। শেষত যি হয় দেখা যাব বুলি লাহে লাহে কথাটো পাহৰিলে।
সেই ঘটনাৰ দুই কি তিনিদিন পাছত, কোনোবা আবেলি এটাত স্নেহালয়ৰ চোতালত টহল দি আছিল বৈকুণ্ঠই। এবাৰত সি বিশাল স্নেহালয়ৰ হাউলিটোৰ ফালে চালে। আঃ, আৰু কিছুদিন মাত্ৰ। তাৰ পাছত এই সমস্ত হাউলি তাৰ। প্ৰথমেই এই হাউলি ভাঙি বৈকুণ্ঠই গঢ়াব এটা আটক ধুনীয়া অট্টালিকা। গোবিন্দপুৰৰ মানুহে সাত জনমত দেখি নোপোৱা অট্টালিকা সাজিব সি। নাম দিব, বৈকুণ্ঠ মেনশ্যন। হাউলিৰ আগফালে "স্নেহালয়" বুলি ওলমি থকা ক'লা সৰু বোৰ্ডখনলৈ চাই হাঁহি মাৰিলে বৈকুণ্ঠই। এইখন দলিয়াই পেলাব সি। আধুনিক অট্টালিকাৰ মালিক হ'ব। দিনে নিশাই এম এল এৰ নিজা বিল্ডিঙত হোৱাৰ দৰে ইয়াতো হ'ব ৰঙা পানীয়ৰ যোগাৰ। প্ৰতিনিশা বৈকুণ্ঠই পাৰ কৰিব ষোড়শী যুৱতীৰ উদং শৰীৰৰ ভাঁজত। আসঃ, ভাবিলেই গা ৰাইজাই কৰি আহে। দেউতাক লাহে লাহে পৰি আহিছে, আইৰো এতিয়া আগৰ শকতি নাই। মাত্ৰ এবাৰ ৰাধাৰ কামিহাড় ভাঙি ল'ব পাৰিলেই বৈকুণ্ঠ নিষ্কণ্টক হৈ বহিব পাৰিব। কথাবোৰ ভাবি থাকোতেই হঠাৎ স্নেহালয়ৰ আগেদি সপোন আৰু ৰঞ্জন পাৰ হৈ যোৱা দেখিলে বৈকুণ্ঠই। আগতে ৰাধা থাকোতে সিহঁতৰ ইয়ালৈ অবাধ অহা যোৱা আছিল। তাই যোৱাৰ পাছতো কানাইৰ ওচৰলৈ মাজে মাজে আহি থাকিছিল। পিছে এতিয়া সিহঁত বহুদিন স্নেহালয়লৈ অহাই নাই। বৈকুণ্ঠই সিহঁতক মাত দিলে,
"ঐ ল'ৰাহঁত, ৰচোন ৰ।"
সিহঁত কেইটা ৰৈ গ'ল। অলপ আচৰিতো হ'ল। আজি বৈকুণ্ঠ চৌধুৰীয়ে কিয় মাতিলে বা! বৈকুণ্ঠ সিহঁতৰ ওচৰলৈ আগবাঢ়ি গ'ল,
"ক'ৰ পৰা আহিলি নো?"
সপোনে ক'লে, "নাই খুড়া, এনেইহে।"
"এৰা, বি এ পাছ কৰি এনেই অনাই বনাই ঘূৰি ফুৰাহে দেখিছোঁ তহঁতক। কাম বন কিবা বিচৰা নাই নেকি?"
সিহঁতে ইটোৱে সিটোৰ মুখলৈ চালে। বৈকুণ্ঠ চৌধুৰীয়ে এনেকৈ আজি প্ৰথম সুধিছে, কি বা স্বাৰ্থ! বৈকুণ্ঠই আকৌ মাত দিলে,
"তহঁতে আৰু কি কাম বিচাৰিবি? আনৰ কথাত আন্দোলনহে কৰি ফুৰ! চাকৰি বিচাৰিবলৈ সময় ক'ত? বেলেগে পিছে নিজে চাকৰি যোগাৰ কৰি ল'লে দেই।"
ৰঞ্জনে অলপ খঙেৰে সুধিলে, "কি কৈছে আমি বুজা নাই।"
হাঁহি এটা মাৰি বৈকুণ্ঠই আকৌ ক'লে,
"তহঁতৰ সমস্যা তাতেই, বুজি নাপাৱ। আৰু বেলেগ মানুহে তাৰেই সুবিধা লয়। হেৰৌ তহঁত চবেই এম এল এৰ ওপৰত আন্দোলন কৰিলি স্কুলৰ কাম কৰা নাই। বাপেকটোক গৈ দমো দি আহিলি। স্কুলৰ কাম বাৰু হ'ল। পিছে আগভাগ লৈ আন্দোলন কৰাৰ পাছতো কথা নাই বতৰা নাই শৰতৰ চাকৰি ক'ৰ পৰা হ'ল অ'?"
এইবাৰ সপোনহঁতে যেন চঁক খাই উঠিল। ৰঞ্জনে লগে লগে ক'লে,
"কি কথা কৈছে খুড়া? শৰৎ দাই যোগ্যতাৰে চাকৰি পাইছে। ইমান দিনে তেওঁ তাত শিক্ষকতাও কৰিছে।"
"আৰে ৰ ৰ। সেইখিনি বুজিছোঁ বাৰু। পিছে তহঁতেই কচোন, আজিলৈকে ৰাধাই শৰতৰ চাকৰি সম্পৰ্কত কিবা কথা কৈছিল নে তহঁতৰ আগত? কেতিয়া এপ্লাই হ'ল, কেতিয়া ইণ্টাৰভিউ হ'ল, এপইণ্টমেণ্ট লেটাৰ এনেকৈ নিজে নিজে হাতলৈ আহে নে? ওপৰৰ কাৰোবাৰ হাত নাথাকিলে এনেকুৱা কথা সম্ভৱ জানো?"
এইবাৰ সপোনহঁত মনে মনে ৰ'ল। ওলোটাই কিবা ক'বলৈ সঁচাই সিহঁতৰ যুক্তি নাই। বৈকুণ্ঠই অলপ পৰ ৰৈ সিহঁতলৈ চালে। ঠিক, শৰ একেবাৰে ঠিক ঠাইতে লাগিছে। লগে লগে আকৌ আৰম্ভ কৰিলে,
"তহঁত পঢ়া শুনা কৰা ল'ৰা। কথাবোৰ অলপ ভাবিবি। বাকী মই বহুত পৃথিৱী দেখিলো নহয় বোপাইহঁত। ঠিকাদাৰী কৰি কৰি কত ঠাই ফুৰিলোঁ, কত ৰাজনীতি দেখিলো। হেৰৌ আন্দোলন লগোৱা নেতা সোপা ওপৰত সেই সনা পিটিকা। আন্দোলন কৰি থকা মখাহে বেকাৰ হৈ মৰে। মই তহঁতক কাৰোবাৰ বিষয়ে উচটাই দিয়া নাই। মাত্ৰ সাৱধানহে কৰি দিলোঁ। বাকী, তহঁতে জানয়েই সকলো।"
সপোন আৰু ৰঞ্জনে ইটোৱে সিটোলৈ বৰ অসহায় ভাবে চালে। তাৰ পাছত বৈকুণ্ঠক "আমি গৈ থাকোঁ দিয়ক" বুলি কৈ আঁতৰি গ'ল। সিহঁত যোৱাৰ ফালে চাই পৰম সন্তুষ্টিৰ হাঁহিৰে বৈকুণ্ঠই কাৰোবলৈ ফোন লগালে,
"হেল্ল, কাম হৈ গৈছে দেই।"
আমি নজনাকৈয়ে কেতিয়াবা কোনোবা এখন ঠায়ে আমাৰ বুকুত এক বিশেষ ঠাই লৈ থাকে। গোবিন্দপুৰৰ ফালে থকা লখিমীৰ এই পাৰটোৰ কথা ৰাধাই বৰ বিশেষকৈ আগতে ভবা নাছিল। মন গ'লেই কুকুৰ লৰ দি পাৰ ওলাব গৈ পাৰে। কিন্তু বিয়া হৈ যোৱাৰ পাছত যেতিয়া লখিমীৰ সেই বিশেষ ঘাটটো লৈ যাবলৈ কাষৰীয়া গাঁও আৰু গোবিন্দপুৰ দুয়োখন পাৰ হৈহে এছোৱা যাব লাগে, তেতিয়া তাইৰ এই ঘাটটো লৈ কিবা এটা মায়া লাগি গ'ল। কথাবোৰ তেনেকুৱাই, সুলভ হৈ থকালৈকে আমি বস্তুবোৰৰ মূল্য বুজি নাপাওঁ। যেতিয়া বস্তুটো আমাৰ পৰা আঁতৰি যায়, তেতিয়াহে আমাৰ মোহ জাগে। নিজৰ মূল্য বিচাৰিয়েই সেয়ে কেতিয়াবা বস্তুবোৰ আমাৰ পৰা চাগে আঁতৰি যায়। লখিমীৰ পাৰৰ লগত গোবিন্দপুৰৰ কত মানুহৰ কত স্মৃতি জড়িত হৈ আছে ঠিকনা নাই। চুপহি আজিও কেতিয়াবা গোটেই আবেলিটো সাঁজ লগালৈকে ইয়াতে বহি থাকেহি অকলে অকলে। কিজানি কোনোবাই সৰুকণৰ বাতৰি আনে। শৰৎ আৰু ৰাধাৰ কাহিনীতো লখিমীৰ বিশেষ ভূমিকা আছে। সেয়ে মাজে মাজে শৰতৰ লগত ৰাধা লখিমীৰ পাৰলৈ ফুৰিবলৈ আহে। নৈখনৰ পাৰে পাৰে খোজকাঢ়ি বতাহ জাক গাত মেৰিয়াই কিবা এটা ভাল লাগে। আজিও সিহঁতে সেইবুলিয়েই ওলাই আহিছিল। নতুনকৈ চাকৰিটো স্থায়ী হোৱাৰ পাছত বিভিন্ন কাম কৰা, অফিচলৈ দৌৰা দৌৰি, চাৰ্ভিছ বুক বনোৱা আদি এশ এবুৰি ব্যস্ততাৰ মূৰত অলপ আজৰি হৈ শৰৎ ৰাধাৰ সৈতে ওলাই আহিছে। শৰতে ৰাধাৰ হাতখন নিজৰ হাতত মুঠি মাৰি ধৰি খোজকাঢ়ি গৈ আছে। লগে লগে পাতি গৈছে গোবিন্দপুৰক লৈ সিহঁতৰ কিছু কিছু পৰিকল্পনা। শৰতে ক'লে,
"বুইছা, অলপ টকা জমা হ'লে গোবিন্দপুৰত এটা পুথিভঁৰাল সজাম। মোৰ বহুদিনৰ পৰাই মন আছিল। তাত সকলোৱে গৈ কিতাপ পঢ়িব পাৰিব।"
ৰাধাই উৎসাহী হৈ ক'লে,
"খুব ভাল হ'ব। শুনকচোন, মোৰো এখন আৰ্ট স্কুল খুলিবলৈ মন আছে। দেউতাৰ নামত। দেউতাই হেনো ছবি আঁকি বৰ ভাল পাইছিল।"
"নিশ্চয়, ভাল হ'ব। শুনা না, আমি যে সৰু থাকোঁতে আছিল মইনা পাৰিজাত আজিকালি বন্ধ হৈ গ'ল। আকৌ আৰম্ভ কৰিব নোৱাৰি নে? ল'ৰা ছোৱালীবোৰ আহিব, গান গাব শিকিব। কবিতা আবৃত্তি কৰিব। তুমিও নাচ শিকাব পাৰিবা।"
"কি যে ভাল হ'ব! কাষৰীয়া গাঁও আৰু গোবিন্দপুৰ দুয়োখনৰ পৰাই ল'ৰা ছোৱালীবোৰ আহিব। আমাৰ সংঘতেই আৰম্ভ কৰিব পাৰি ন!"
"পাৰিতো আকৌ। অলপ টকা জমা হওক, সকলো কামেই লাহে লাহে কৰিব লাগিব বুইছা।"
এবাৰত শৰতে ৰাধাক সুধিলে,
"ৰাধা, সঁচা কথা এটা কোৱা না।"
"কি?"
"তুমি সুখী নে মোৰ লগত?"
"এইটো কথা সুধিব লাগে নেকি শৰৎ দা?"
ৰাধাৰ কথাটোৰ লগে লগে শৰতে ৰাধাৰ হাতখন এৰি আঁতৰি গ'ল। ৰাধাই আকৌ টান মাৰি ধৰিলে,
"কি নো মানে?"
"মই ককায়েৰ নেকি তোৰ? কিহৰ দাদা আকৌ?"
শৰতে কেতিয়াবা এনেকৈ অভিমানত ৰাধাক তই বুলি কয়। ৰাধাৰ যে তেতিয়া তালৈ বেছি মৰম লাগে। সি যেন আৰু অকণ তাৰ ওচৰ চাপি আহে। ৰাধাই হাঁহি হাঁহি কয়,
"মোৰ কিবা আনৰ নিচিনাকে হেৰি শুনিছে নে বুলি মাতিবলৈ ভাল নালাগে।"
"কোনেনো হেৰি বুলি মাতিবলৈ কৈছে? শৰৎ বুলি মাতিবা।"
কথাটো শৰতে তাইক কেইবাদিনো কৈছে। তাইৰহে কিবা মন নাযায়। সেই আগৰ পৰাই মতা "শৰৎ দা" শব্দটোত কিবা এটা যেন বেলেগ ৰাগি আছে। কথাটো শৰতেও বুজি পাই যদিও মাজে মাজে তাইক এইটো লৈ অভিমান কৰে। আজিও সেইটোৱেই কৰাত ৰাধাই ক'লে,
"কি বুলি মাতিছোঁ সেইটো লৈ নো কি কথা! আপুনি মোৰ মৰমখিনি বুজি নাপাই জানো?"
শৰতে তাইৰ গালখনত মৰম কৰি ক'লে,
"তোমাৰ এই মৰমকণেইতো মোক জীয়াই ৰাখিছে ৰাধা। কি আছিল নো মোৰ জীৱনটোত। উশাহ লৈ থকা শিল এটা আছিলোঁ মই। মোক প্ৰাণ দি জীয়ালা তুমি।"
ৰাধাই হাতখন ধৰি ক'লে, "সদায় আছোঁ মই।"
"জানা ৰাধা, মোক গোটেই জীৱনটোৰ বাবে তোমাক নালাগে। মোক তেতিয়ালৈকেহে জীৱনটো লাগে, যেতিয়ালৈকে তুমি মোৰ কাষত থাকা। তুমি নথকা জীৱন এটা মোক প্ৰয়োজনো নাই।"
ৰাধাই শৰতৰ মুখত হাত দি কৈ উঠিল,
"কি নো অমংগলীয়া কথাবোৰ কয় হে? নৈৰ পাৰত কোৱা কথা কেতিয়াবা ফলিয়াই যায়। নক'বচোন এনেকৈ।"
"হয় নেকি, তেন্তে লখিমীকে সাক্ষী কৰি ক'লো, মই মৰিলেও যাতে তোমাৰ কোলাত মূৰ থৈ মৰিব পাৰো।"
ৰাধাই এইবাৰ খঙেৰে ক'লে,
"বেলেগ কথা নাই নেকি আপোনাৰ? যাওক, মোক এৰিয়েই যাওক চবেই।"
শৰতে হাঁহি মাৰি ৰাধাক পিছফালৰ পৰা সাৱটি লৈ ক'লে,
"তুমি মোৰ প্রিয় ঠিকনা। তোমাৰ পৰা আঁতৰি ক'লৈ যাম হা? মই মৰিলেও তোমাৰ কাষতে থাকিম অ' মা।"
শৰতৰ এইখিনি আদৰত ৰাধা যেন মমৰ দৰে গলি যায়। চকু ভৰি আহে তাইৰ। লগতে ভয়ো হয়। সময়ে তাইৰ প্ৰতিজন প্রিয় মানুহকে কাঢ়ি নিছে। কেনেবাকৈ শৰতো!
"ৰাধা আইদেউ..."
হঠাৎ কাৰোবাৰ মাতত ৰাধা আৰু শৰতে পিছফালে ঘূৰি চালে। অলপ আতঁৰত স্নেহালয়ৰ পোনাৰাম ৰৈ আছে। লগতে সিহঁতৰ নতুনকৈ জগা দমৰাটো। ৰাধা আগুৱাই গ'ল,
"ভালে আছা পোনা কাই?"
"ভাল বুলি নো কি ক'বা, তুমি খবৰটো পোৱা নাই হ'ব পায়!"
ৰাধাৰ লগতে শৰতো আগুৱাই গ'ল। ৰাধাৰ বুকুখনত মৃদু কঁপনি এটা উঠিল। তাই সুধিলে, "কি খবৰ?"
পোনাৰামে ডিঙিৰ গামোচাৰে ভিজা চকুহাল মচি লৈ ক'লে,
"ভানুমতী আয়ে খোৱা লোৱা এৰিছে অ' আইদেউ। পৰহি নিশাৰ পৰাই একো খোৱা নাই।"
আকৌ এপাত বজ্ৰপাত। এজাক ভয়ংকৰ বা মাৰলি। এজাক প্ৰচণ্ড ধুমুহা। এইজাক ধুমুহাই ৰাধাৰ যেন এইবাৰ শিপা উভালি আনিব। সমগ্ৰ শৰীৰ কঁপি উঠিছে তাইৰ। দুখোজ পিছুৱাই আহিল ৰাধা। পোনাৰাম তেতিয়ালৈ গৈছে গৈ। ৰাধাক সাৱটি ধৰিছে শৰতে। গোটেই লখিমীখন চকুৰ আগত ঘূৰিব লাগিছে ৰাধাৰ। আবেলিৰ ৰংখিনি যোৱাৰ পাছত কৃষ্ণপক্ষৰ ভয়লগা এন্ধাৰে আৱৰি ধৰিছে লখিমীৰ পাৰটোক।
(আগলৈ)
Comments
Post a Comment