ৰাধা : ৪০
#ৰাধা
Part 40
"কথা দিলোঁ আপোনাক, প্ৰতি টোপাল তেজৰ মূল্য ল'ম। আমাৰ বিচ্ছেদৰ মূল্য সিহঁতে ভৰিবই লাগিব।"
এয়া পুৱতি নিশা। লখিমীৰ পাৰৰে এটা বিশেষ ঘাট। এই ঘাটটোলৈ সাধাৰণতে কোনো মানুহ নাহে। কাৰণ গোবিন্দপুৰৰ লগতে বাকী গাওঁকেইখনৰো বহু কেইজন লোকৰ শেষ ঠিকনা এইটো ঘাটেই হৈছিল। এক কথাত ক'বলৈ গ'লে এই ঘাটটোক শ্মশান ঘাট বুলিও ক'ব পৰা যায়। এই পুৱতি নিশা পোহৰ ওলোৱা ঠিক আগে আগে আজিও এই ঘাটত এখন চিতা জ্বলিছে। প্ৰকাণ্ড দৈত্য এটাৰ দৰে আকৃতি হৈ উৰি উৰি গৈছে ধোঁৱাবোৰ। ফটফটকৈ চিতাৰ বাঁহবোৰ জ্বলাৰ শব্দৰ লগতে ছাইবোৰো উফৰি পৰিছে। বতাহত মিলি পৰিছে পোৰা মঙহৰ গোন্ধ এটা। কোনোবা কুকুহা আহি চিতাৰ কাষত ৰৈ থকা নাৰীমূৰ্তিটোকো স্পৰ্শ কৰিছে। আঁতৰি যোৱা নাই নাৰী গৰাকী। আহক ছাইবোৰ, পৰক অঙঠা, বুকুলৈকে উজাই আহক পোৰা মঙহৰ কেচেমা কেচেম গোন্ধ। কোনে জানে এয়াই চাগে তেওঁৰ প্ৰিয়জনৰ পুৰি যোৱা কলিজা। নাই, নাৰী গৰাকীৰ চকুত এটোপাল চকুলোও নাই। মাত্ৰ প্ৰস্তৰ মূৰ্তিৰ দৰে মেলা চুলিৰে কেঁচাইখাইতীৰ ৰূপ ধৰি ৰৈ আছে। দেখিলে বুজিব পাৰি ভিতৰৰ ধুমুহা জাকৰ কথা। এই মুহূৰ্ততে যেন চাৰখাৰ কৰি পেলাব সকলো। এজন এজনকৈ চিতাৰ কাষৰ পৰা সকলো গ'ল। কিন্তু আঁতৰ নহ'ল সেই নাৰীমূৰ্তি। সকলো আঁতৰি যোৱাৰ পাছত তেওঁ চিতালৈ চাই ক'লে,
"আপোনাৰ চিতা আৰু এই লখিমীক সাক্ষী কৰি মই আপোনাক আৰু মোৰ গৰ্ভত থকা আমাৰ সন্তানক কথা দিছোঁ, যেতিয়ালৈকে এই নৃশংস হত্যাৰ ভয়ানক প্ৰতিশোধ নলও, তেতিয়ালৈকে মই শান্তিৰে নাথাকো। সিহঁতৰ তেজ পি খাম মই। আপোনাক কথা দিছোঁ, কি ভাঙি যোৱা নাই। কিন্তু এতিয়াৰ পৰা সকলোকে ভাঙিম। বহুত হ'ল নিয়ম, বহুত হ'ল যুক্তি তৰ্ক। এইবাৰ, এইবাৰ হ'ব কংস বধৰ আখৰা। মোক তাৰ পৰাই সাহস দিয়ক। মোক সাহস দিয়ক শৰৎ দা।"
এৰা, এইজনীয়ে ৰাধা। গৰ্ভত সন্তান লৈ অকাল বৈধব্যক স্বীকাৰ কৰি লোৱা ৰাধা। স্বামীৰ চিতাৰ আগত শুকান চকুৰে প্ৰতিশোধৰ শপত খোৱা ৰাধা। যোৱা প্ৰায় ছয় ঘণ্টা মানৰ ভিতৰতে পাকঘুৰণি খাই ওলট পালট হৈ গ'ল ৰাধাৰ ভাগ্য। যোৱা নিশাৰ প্ৰথম প্ৰহৰত শৰতৰ বুকুত ভৱিষ্যতৰ সপোন ৰচি থকা ৰাধাই এতিয়া এই পুৱতি নিশা শৰতৰ চিতাৰ কাষত শৰতৰ হত্যাকাৰীক হত্যা কৰাৰ অভিসন্ধি সাজিছে। এয়াই জীৱন, এইখনেই পৃথিৱী। মানুহৰ কথা চিন্তা কৰা, মানুহৰ ভালৰ বাবে নিজক উজাৰি দিয়া মানুহক এয়াই উপহাৰ দিয়ে এইখন পৃথিৱীয়ে। ছিঃ, ৰাধাৰ আজি ঘিণ লাগিছে এইখন পৃথিৱীলৈ। থুৱাই দিবলৈ মন গৈছে তাইৰ গোবিন্দপুৰৰ মানুহক। ভুগিব, ভুগিব লাগিব সকলোৱে। ৰাধাৰ আঁৰত থকা মহাকালীৰ মহাৰূপ এইবাৰ দেখিব লাগিব সকলোৱে। অলপ সময়ৰ পাছত ৰাধা উলটি আহিল শৰৎ আৰু তাইৰ উদং ঘৰখনলৈ।
ঘৰৰ পদূলিতে সাদৰী ৰৈ আছে পোনাৰামৰ সৈতে। ৰাধাক দেখি আঁকোৱালি ধৰি হুকহুকাই কান্দিলে সাদৰীয়ে। ৰাধাই মাত্ৰ ক'লে,
"নাকান্দিবা খুৰী। এতিয়াৰ পৰা কন্দাৰ সময় আন কাৰোবাৰ আৰম্ভ হ'ল। এতিয়াৰ পৰা কোনো মোৰ আপোন নহয়। এতিয়া অকল ধ্বংসলীলা চলিব। তুমি ঘৰলৈ যোৱা গৈ।"
চকুপানী মচি সাদৰীয়ে ক'লে,
"তোৰ প্ৰতিটো কামত মই তোৰ লগত আছোঁ ৰাধা।"
ৰাধা এখোজ দুখোজকৈ ভিতৰ সোমাল গৈ। বিচনাখনত শৰতৰ গাৰ গোন্ধ এতিয়াও লাগি আছে। তাই বিচনা কাপোৰখন নাকত লৈ উজাই ল'লে। বুকুখন কিবা এটা কৰি আহিছে ৰাধাৰ। থিয় হৈ থাকিব নোৱাৰি তাই ধমহকৈ বহি পৰিল মজিয়াতে। এখন চিতা ৰাধাৰ বুকুৰ মাজতো জ্বলিছে। ছাইবোৰৰ সলনি চকু ভেদি বৈ আহিব লৈছে লুণীয়া আবেগবোৰ। নাই, ৰাধাই জোৰকৈ থেলি পঠাইছে কান্দোনক। তাই নাকান্দে। শৰতৰ হত্যাৰ নিৰ্মম প্ৰতিশোধ নোলোৱালৈকে ৰাধাই শৰতৰ মৃত্যুক স্বীকাৰ নকৰে। কান্দি কান্দি তাইৰ বুকুৰ জুইকুৰা তাই নুমাই যাবলৈ দিব নোৱাৰে। কেতিয়াও নোৱাৰে। এইকুৰা জুইৰ প্ৰয়োজন আছে, বহুত মানুহক জ্বলাই মাৰিবলৈকে এইকুৰা জুই জ্বলি থাকিব লাগিব বুকুত।
লাহে লাহে ৰাধাৰ মনলৈ আহিল কেইবা ঘণ্টাৰ আগৰ সেই সময়খিনি। চকুত ভাঁহি আহিল, শৰতে তাইক সোনকালে আহিব বুলি কৈ ওলাই যোৱাৰ পৰত তাই কল্পনা কৰা নাছিল যে শৰৎ আৰু কেতিয়াও ঘূৰি নাহিব। শৰৎ ওলাই যোৱাৰ ভালেমান পৰ হৈছিল। ৰাধাই এবাৰ ভিতৰ এবাৰ বাহিৰ কৰি আছিল। কেনিও কোনো মানুহ নাই। ইমান দেৰিলৈ শৰৎ কেতিয়াও বাহিৰত নাথাকে। কিবা বিশেষ সমস্যা হ'লেও কাৰোবাৰ হতুৱাই তাইলৈ খবৰ পঠালেহেঁতেন। ৰাধাৰ মনে চেবাইছিল, শৰৎ দাৰ নিশ্চয় কিবা বিপদ হৈছে। অৱশেষত এটা হাতত লেম্প এটা আৰু আনটো হাতত কাঁচি এখন লৈ ৰাধা লাহে লাহে লখিমীৰ পাৰলৈ বুলি খোজ ল'লে। খোজবোৰ যিমানে বাঢ়িছে সিমানে বুকুখনত ধান বানিছে। লখিমীৰ পাৰ পাইছিল গৈ ৰাধা। ক'তা, সেই ল'ৰাটোৱে কোৱাৰ দৰে ক'ত জ্বলিছে জুই! ইয়াততো জুইৰ কোনো চিন চাব নাই! নাইতো নাই, ইয়াত কোনো প্ৰাণী এটাও নাই। মাত্ৰ এজাক ভয় লগা বতাহ, জিলিৰ জি জি শব্দ আৰু.. ৰৈ গ'ল ৰাধা। কাণ উনালে তাই, কাৰোবাৰ মাত চোন। কাৰোবাৰ গেঙনি! কেঁকাইছে কোনোবাই। লেম্পটো লৈ চাৰিওফালে চালে ৰাধাই। চিঞৰ এটা মাৰিলে, "কোন? কোন আছে ইয়াত?"
"ৰা....ধা...."
যেন কোনোবাই খুব কষ্টৰে লৈছে তাইৰ নাম। সৰ্ব শৰীৰ কঁপি উঠিছে ৰাধাৰ। মাতটো চোন শৰৎ দাৰ দৰেই। কিন্তু.. হঠাৎ বিজুলী চমকি উঠিল। বিজুলীৰ পোহৰত স্পষ্টকৈ জিলিকি উঠিল লখিমীৰ একেবাৰে কাষতে তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা শৰৎ। লেম্পটো আৰু কাঁচিখন হাতৰ পৰা সৰি পৰিল ৰাধাৰ। এটা আকাশ বিদাৰি যোৱা চিঞৰ, "শৰৎ দা....."
দৌৰ মাৰি শৰতৰ কাষ পাইছিল গৈ ৰাধা। ঘন ঘনকৈ উশাহ লৈছে শৰতে। গাত তাৰ দা ৰে ঘপিওৱা দাগ। বুকুৱে পিঠিয়ে ডিঙিত সকলোতে ঘপিয়াইছে। চিঞৰত গগণ ফালিছে ৰাধাই,
"কি হ'ল আপোনাৰ? কোনে কৰিলে এনেকুৱা? শৰৎ দা, শৰৎ দা কিবা এটা কওক। কোন আছে! কোন ক'ত আছে! সপোন, ৰঞ্জন! শৰৎ দা, উঠক না শৰৎ দা।"
উঠি যাবলৈ লৈও পৰা নাই ৰাধাই। শৰতৰ তেজে তিয়াই পেলাইছে তাইৰ হাত, বুকু। উঠিবলৈ লওঁতে শৰতে তাইৰ হাতত ধৰি সেহাই সেহাই কৈছিল,
"ৰা.. ধা.. মোৰ মৰম.. মো.. মোক ক্ষমা কৰি.. ই ই দি..দিবা। ম ম..মই যাবগৈ লাগিব।"
ৰাধাই আকৌ চিঞঁৰিছিল,
"মনে মনে থাকক, মই ক'লৈকো যাবলৈ নিদিও আপোনাক। কিয়, এনেকুৱা কৰিছে? হে ঈশ্বৰ এনেকুৱা অসুৰ থাকে নে?"
শৰতৰ মূৰটো কোলাত লৈছিল ৰাধাই। একো বুজি পোৱা নাই তাই কি কৰিব! উপায় নাপাই হাতযোৰ কৰি আকাশলৈ চাই কৈছিল,
"এনেকুৱা অন্যায় নকৰিবা মোৰ গোঁসাই। এনেকুৱা অন্যায় নকৰিবা।"
নুশুনিলে ৰাধাৰ গোঁসায়ে ৰাধাৰ প্ৰাণ কাতৰ অনুৰোধ। ৰাধাৰ গাৰ চাদৰ আঁতৰাই তাইৰ সামান্য ওফন্দি থকা পেটটোত এবাৰ চুমা এটা খালে শৰতে। তাৰ পাছত ৰাধাৰ কোলাতে মূৰ পেলাই শৰৎ ঢলি পৰিল চিৰ নিদ্ৰাত। টুকুৰা টুকুৰকৈ ভাঙি পৰিছে যেন আকাশ। প্ৰতি টুকুৰ ডাৱৰ ফাটি বিজুলী ঢেৰেকণি একেলগে নামিছে যেন। লখিমীৰ বুকুত যেন আজি ভয়ংকৰ বান।
"শৰৎ দা অ'....."
এটা বুকু ভাঙি যোৱা চিঞৰ। লখিমীও যেন কঁপি উঠিছিল এই দৃশ্যত। গোবিন্দপুৰৰ আকাশ বতাহ ভেদি যোৱা এই চিঞৰৰ পাছতে শৰতৰ হাতত ধৰি ৰাধা অচেতন হৈ পৰি ৰৈছিল লখিমীৰ পাৰতে। তাৰ পাছত যেতিয়া তাই চকু মেলে, তাই আছিল কাষৰীয়া গাঁৱৰ শৰৎ আৰু তাইৰ ঘৰটোত। বাহিৰৰ চোতালত মানুহ ভৰ্তি হৈ আছিল। গাঁৱৰ বোৱাৰীৰ কান্দোনৰ শব্দ ভাঁহি আহিছিল। গম্ভীৰ খোজেৰে ৰাধা ওলাই আহিছিল বাহিৰলৈ। কোনোবাই কৈছিল,
"তাইক ধৰচোন ঐ, তাই বাগৰি পৰিব।"
নাই, কোনেও ৰাধাক ধৰিব লগা নহ'ল। শৰতৰ দেহটোক এবাৰ সাৱটি ধৰি তাই মাত্ৰ কৈছিল,
"যাওক গৈ, তাৰ পৰাই আমাক চাই থাকিব।"
তাৰ পাছতে ওচৰতে ৰৈ থকা মধুৰামক কৈছিল ৰাধাই,
"মধু, লখিমীৰ পাৰতে ককায়েৰৰ চিতাৰ ব্যৱস্থাটো কৰ গৈ।"
চোতালত বহি থকা মানুহজাকৰ চকু কপালত উঠিছিল। বোৱাৰীহঁতৰ মাজত গুণগুণনি উঠিছিল,
"এনে কাঠচিতীয়া তিৰোতা নে, পৈয়েকটো মৰিল তাইৰ চকুপানী এটোপাল নোলাল ঔ!"
"গিৰিয়েক মৰাৰ পাছতো তাইৰ মাতটো যে ওলাইছে, উঃ! কি মানুহ অ' এইজনী।"
"এইজনীয়েই আচলতে তাৰ মূৰটো খালে। তাই বাপেকৰো মূৰ খাই অহা নাই জানো!"
কথাবোৰে চুব নোৱাৰাকৈ ছালখন গঁড়ৰ দৰে হৈ পৰিছিল ৰাধাৰ। তাই জানিছিল, এতিয়া ভাঙি পৰাৰ সময় নহয়। কিছু সময়ৰ পাছত ভিতৰত তাইৰ ওচৰলৈ গৈ মধুৰামে কৈছিল,
"নবৌ, শৰৎ দাক নিব লাগে নহয়।"
"ব'ল মধুৰাম। মইও যাম।"
ৰাধা ওলাবলৈ লওঁতেই মধুৰামে পুনৰ কৈছিল,
"নবৌ..."
"কিবা ক'বি?"
"আপোনাক বস্তু এটা দিব লগা আছে। পাছত বা সুযোগ পাওঁ নে নাই!"
কথাটো কৈ মধুৰামে ৰাধালৈ আগুৱাই দিছিল এটা মানিবেগ।
"এইটো লওক, লখিমীৰ পাৰত ককাইদেউ আৰু আপুনি পৰি থকা প্ৰথম ময়েই দেখিছিলোঁ। এইটো ককাইদেউৰ ভৰিৰ ফালে পৰি আছিল।"
কথাটো কৈ মধুৰাম ওলাই গ'ল। ৰাধাই বেগটো আনি চালে। ভিতৰত অলপ টকাৰ লগতে এখন ড্ৰাইভিং লাইচেন্স আছিল। জিলিকি আছিল এটা নাম, "বৈকুণ্ঠ চৌধুৰী"।
ফোঁপাবলৈ লৈছিল ৰাধাই। দাঁত মুখ কৰচি আহিছিল। এনেতে বাহিৰৰ পৰা ভাঁহি অহা "ব্ৰহ্মা আদি কৰি জীৱ যত..." ঘোষা শুনি ৰৈ গৈছিল তাই। আকৌ সকলোৰে মাজত কান্দোনৰ ৰোল উঠিছিল। নাই, ৰাধাই নাকান্দে। কান্দি কান্দি বুকুৰ ভাৰ পাতলাই দিব নোৱাৰে তাই। তাৰ সলনি এই ভাৰ দিনে দিনে বঢ়াই যাব যাতে এদিন ইয়াৰ পৰাই আগ্নেয়গিৰি হয়।
গাটো জিকাৰ খাই উঠিল ৰাধাৰ। উজাই অহা কান্দোনবোৰে বুকুখন চিৰাচিৰ কৰিছেহি। নাই, তাই বাৰে বাৰে ঘন ঘন উশাহেৰে গিলি থৈছে সকলো বিষ। কান্দি দিলেই বৈ যাব সকলো, সেয়া হ'বলৈ দিব নোৱাৰি। বৈকুণ্ঠৰ মানিবেগটো হাতত লৈ লিৰিকি চালে তাই। বহুত, বহুত হৈ গ'ল। এতিয়া আৰু সহ্য নহয়। এতিয়াৰ পৰা সময় উভতাব। মানিবেগটো আলমাৰীৰ চুকত আকৌ লুকুৱাই থৈ ৰাধাই বিচনা পৰা কাপোৰখন আজুৰি আনিলে আৰু মজিয়াত পাৰি লৈ তাতে বাগৰি দিলে। শৰতৰ গাৰ গোন্ধটো তেতিয়াও লাগি আছিল তাত। দহ পোন্ধৰটা মান বেজী যেন একেলগে ৰাধাৰ বুকুৱেদি সোমাই গৈছে। উফ, এনেকৈ টুকুৰা হয় নে সপোন! নিজৰ সন্তানক সকলো সুখ দিব খুজিছিল শৰতে, কিন্তু কালে যে তেওঁকেই কাঢ়ি লৈ গ'ল। এতিয়াও ভাঁহি থাকে শৰতৰ মাতটো! কষ্ট কৰি জোৰকৈ চকুযোৰ মুদি দিলে ৰাধাই।
"অলপ সময় ৰৈ ল।"
হঠাৎ কিতাপখন সন্ধ্যাৰ হাতৰ পৰা কাঢ়ি নিলে অভিমন্যুয়ে। কিতাপৰ পৃষ্ঠাটোত সন্ধ্যাৰ চকুৰ কেইবা টোপাল পানীও পৰিছিল। সি সেইখিনি মচি থৈ দিলে জপাই। সন্ধ্যাৰ চকুৰে পানী বৈ আছিল তেতিয়াও। তাই ক'লে,
"কিমান যন্ত্ৰণা থাকিব পাৰে মানুহৰ জীৱনত! বিশ্বাস কৰ অভি, মই আজিলৈকে সন্তান ধাৰণ কৰিব পৰা মানুহক আটাইতকৈ সুখী বুলিয়েই ভাবি আছিলোঁ। আজি ৰাধাৰ কথা পঢ়ি লাগিছে, আমি কিমান ক্ষুদ্ৰ ক্ষুদ্ৰ কথা লৈ অভিযোগ দিওঁ। ৰাধাহঁতৰ দৰে মানুহৰ তুলনাত কিমান নগণ্য আমাৰ এই অভিযোগবোৰ!"
হুমুনিয়াহ পেলাই অভিমন্যুয়ে ক'লে,
"এৰা, কাহিনীটো যেতিয়াৰ পৰা সঁচা বুলি গম পালোঁ, তেতিয়াৰ পৰা বেছি কষ্ট হ'ল পঢ়িবলৈ। শৰতৰ অকস্মাত মৃত্যু মানি ল'বলৈ বৰ কষ্ট হয়। কিন্তু এনেকুৱাতে ৰাধাৰ চৰিত্ৰটোলৈ অসীম শ্ৰদ্ধা জাগে। বুকুত কিমান সাহস থাকিলে এগৰাকী পত্নীয়ে স্বামীৰ মৃত্যু দেখিও স্থিৰে থাকি প্ৰতিশোধৰ পৰিকল্পনা কৰিব পাৰে! আচলতে জীৱন যুদ্ধত হাৰি যাবলৈ ওলোৱা প্ৰতিজন মানুহৰ বাবে সাহস আৰু প্ৰেৰণা এই ৰাধা।"
সন্ধ্যাই একো নামাতিলে। অভিমন্যুয়ে তাইক ৰূমটোৰ পৰা উলিয়াই নিলে। মনুৱে সকলোৰে বাবে কফি কৰিলে। কফি খাই থাকোতেই অনুৰণ ওলালহি। ফ্রেছ হৈ সিও সিহঁতৰ লগতেই বহিল। সন্ধ্যাই সুধিলে,
"কিবা খবৰ পাইছা নে কেছটোৰ?"
"অলপ চলপ। নাজানো কি হয়! মিডিয়াই সকলোতে তালফাল লগাই দিছে আমি হেনো একোৱেই কৰা নাই!"
অভিমন্যুয়ে ক'লে,
"এৰা, সেইটোৱেইতো আটাইতকৈ সহজ কাম। আনক সমালোচনা কৰা, আনৰ ভুল খুচৰি ফুৰা।"
অনুৰণে ক'লে,
"কাইলৈ ৰাতিপুৱা চাৰিটা মানতে এফালে যাম। মোৰ লাগিছে কাইলৈ ধৰিব পাৰিম সকলোকে।"
কথা পাতি পাতি এবাৰত অনুৰণ আৰু অভিমন্যু ওলাই গ'ল। সন্ধ্যা আৰু মনু পাকঘৰত সোমাল। কিছু সময়ৰ পাছত কামবোৰ চমু চপাই সন্ধ্যাই পুনৰ আহি ৰাধাখন মেলি ল'লে।
কিমান আঘাতে শিল কৰি পেলাই মানুহৰ বুকু! কিমান যন্ত্ৰণাই জ্বলাই ছাই কৰিব পাৰে মানুহৰ অনুভূতি! নিষ্ঠুৰতাৰ উচ্চতম শৃংগত সময় কিমান আসুৰিক হ'ব পাৰে কাৰোবাৰ বাবে!
এতিয়া সময় যে বলিশাল ৰাধাৰ বাবে। দিনে দিনে সেই বলিশালত বলি দিয়া হয়। বলি হয় আৱেগৰ, বলি হয় ভালপোৱাৰ, বলি হয় ভৰসাৰ। হাঁহি, কান্দোন আদি অনুভূতিৰ পৰা যেন বহুদূৰ আঁতৰি আহিল ৰাধা। এগৰাকী নাৰীৰ বাবে জীৱনৰ আটাইতকৈ বিশেষ মুহূৰ্তখিনি হৈছে প্ৰথমবাৰৰ বাবে মাতৃ হোৱাৰ সময়খিনি। আৰু সেই সময়ত আটাইতকৈ বেছিকৈ বিচৰা যায় নিজৰ প্ৰাণৰ মানুহজনক। সেইজন মানুহ, যাৰ পোৰা মঙহৰ ছাঁই ৰাধাই লখিমীৰ পাৰত এৰি আহিছে। যাৰ তেজৰ কেচেমা গোন্ধ আজিও ৰাধাৰ নাকত লাগি আছে। শৰৎ গুচি যোৱা প্ৰায় এমাহেই হ'ল। গাঁৱৰ মানুহে লগ লাগি শৰতৰ শ্ৰাদ্ধ পাতিলে। এদিন বৈকুণ্ঠ আৰু মনোহৰাও আহিছিল। ৰাধাক কৈছিল, কিবা সমস্যা হ'লে ক'বলৈ। মনোহৰাই এঢাপ আগুৱাই গৈ তাইক স্নেহালয়লৈকে যাবি নেকিও সুধিছিল। হাঁহি উঠিছিল ৰাধাৰ আন্তৰিকতাৰ নাটক দেখি। তাই নাযাওঁ বুলি কৈছিল মাত্ৰ। নিজৰ ভাগ্যখন চাই ঈশ্বৰক অভিযোগ দিবলৈও বাট হেৰাইছিল ৰাধাৰ। তাইৰ আটাইতকৈ কষ্টৰ সময়খিনিত ককাক ধৰ্ম নাৰায়ণে সাহস দিবলৈও আহিব নোৱাৰিলে। এসময়ত গোবিন্দপুৰৰ আটাইতকৈ প্ৰভাৱশালী মানুহজন এতিয়া মানসিক সন্তুলন হেৰুৱাই ঘৰত অসুখীয়া হৈ পৰি আছে নিজৰ কোঠাতে। এবাৰ পুলিচ আহিছিল। ৰাধাই কাৰো ওপৰত একো সন্দেহ নাই বুলি পঠাই দিলে। এই আইনে জানো ন্যায় দিব পাৰিব ৰাধাক! নালাগে, ৰাধাই ন্যায় আনৰ পৰা নোখোজে। তাই নিজেই ন্যায় কৰিব এইবাৰ। এদিন কুন্তলা আহিছিল। ৰাধাই চাহ কাপ আগুৱাই দি কৈছিল, "খাওক মামী।" কুন্তলাই আচৰিত হৈ কৈছিল, "কি বুলি মাতিছ মোক?" ৰাধাই নিৰুদ্বেগ হৈ উত্তৰ দিছিল,
"মোৰ মা হৈ বৰ কষ্ট খালে আপুনি। সেই কষ্টৰ পৰা আপোনাক মুক্তি দিলোঁ। আগলৈ কেতিয়াবা মোৰ ওচৰলৈ আহিলে ভাগিন বুলিয়েই আহিব।" কুন্তলাই অন্তৰ্দ্বন্দত তলমূৰ কৰিছিল।
এদিন আকৌ সপোন আৰু ৰঞ্জন আহি ওলাইছিল। ৰাধাই সিহঁতলৈ চাই কৈছিল,
"ভালেই হ'ল দে। তহঁতৰ বাটৰ কাঁইট একেবাৰেই আঁতৰিল। এতিয়া আৰু গোবিন্দপুৰৰ কথাত মাত মাতিবলৈ শৰৎ দা নাযায়।"
সপোনে কৈছিল,
"তেনেকৈ কিয় কৈছ ৰাধা? আমি ভাবিছো সেউজ অসমৰ ফালৰ পৰা শৰৎ দালৈ শ্ৰদ্ধাঞ্জলি...."
ৰাধাই জোৰকৈ কৈ উঠিছিল,
"কোনো প্ৰয়োজন নাই। তহঁতৰ শ্ৰদ্ধাঞ্জলি নিজৰ লগতে ৰাখি থ। এনেও তহঁতক বেছি প্ৰয়োজন হ'ব এইবোৰৰ। শৰৎ দাৰ নামত এইবোৰ ভেকো ভাওনা কৰিব নালাগে।"
ৰঞ্জনে কৈছিল,
"তোক আমি বন্ধু বুলি খবৰ ল'বলৈ আহিছিলোঁ আৰু তই...."
ৰাধাই হাঁহি হাঁহি কৈছিল,
"বন্ধু? তহঁতৰ দৰে বন্ধু থকাতকৈ মানুহ অকলে মৰাই ভাল অ'। যা গৈ, বন্ধুত্ব পালন কৰিবলৈ আৰু দ্বিতীয় দিন মোৰ সমুখলৈ নাহিবি।"
কথাটো কৈ সিহঁতৰ মুখৰ আগতে ঘৰৰ দুৱাৰ জপাই দিছিল ৰাধাই। নালাগে, তাইক এতিয়া কোনো সম্পৰ্ক কোনো মানুহৰ প্ৰয়োজন নাই। এইখন পৃথিৱীৰ প্ৰতিটো সম্পৰ্কৰ পৰা তাই এতিয়া মুক্ত। তাই অকলেই পাৰিব এতিয়া। কিহলৈ ভয় কৰিবনো তাই! মানুহৰ কিবা হেৰুৱাবলৈ থাকিলেহে ভয় থাকে! ৰাধাৰতো হেৰুৱাবলৈ একোৱেই নাই, গতিকে ভয় কিহৰ তাইৰ। মাজতে কানাইৰ কথা মনলৈ আহে ৰাধাৰ। কিন্তু ইচ্ছা কৰিয়েই তাক এইবোৰ একোৱেই খবৰ দিয়া নাই ৰাধাই। ভানুমতীৰ মৃত্যুৰ পাছত এনেও গোবিন্দপুৰৰ লগত কানাইৰ সম্পৰ্ক প্ৰায় নোহোৱাৰ দৰেই। কানাই ৰাধাৰ বাবে কিছু ক্ষেত্ৰত দুৰ্বলতাও। তাই জানে, কানাই আহিলে তাই পুনৰ সেই বাঁহী ভাল পোৱা ৰাধাজনী হৈ পৰিব আৰু কেতিয়াও তাই ভাবি থকা পথত যাব নোৱাৰিব। এতিয়া বাঁহীৰ সুৰ নহয়, তাইক এতিয়া মৃত্যুৰ চিৎকাৰহে লাগে। ৰাধাপুখুৰীৰ পাৰৰ ৰাধাচূড়াৰ গুলপীয়া নহয়, শত্ৰুৰ বুকুৰ তেজৰ ৰঙাখিনি লাগে। সেয়ে কানাইলৈ একো খবৰ নাই পঠোৱা তাই। সি থাকক, তাৰ নিজৰ পৃথিৱীখনত ভালে থাকক। তাইৰ এই হিংস্ৰ পৃথিৱীখনলৈ কানাইক উভতাই নানে।
আজি দিনত এমহীয়া সকাম হৈ গ'ল শৰতৰ। আজি এমাহৰ মূৰত ৰাধাই পুনৰ এবাৰ বৈকুণ্ঠৰ মানিবেগটো উলিয়াইছে। বাৰে বাৰে ভাবিছে কেনেকৈ আৰম্ভ কৰা যায়। ক'ৰ পৰা আৰম্ভ কৰা যায়! ৰাতি দুপৰ এতিয়া। ৰাধাৰ চকুত টোপনি নাই। যোৱা এমাহ ধৰি তাই শান্তিৰে শুবই পৰা নাই। টোপনি গ'লে শৰতৰ মাতটো ভাঁহি আহে। হাতত যেন লাগিব ধৰে তাৰ সেই তেজবোৰ। কথাবোৰ পাগুলি থাকোতেই হঠাৎ দুৱাৰত কোনোবাই ঢকিয়ালে। "কোন" বুলি এবাৰ চিঞৰিছিল যদিও উত্তৰ নাহিল। কোন হ'ব পাৰে এই দুপৰ নিশা! আকৌ ধম ধম শব্দ। ৰাধাই হাতত কাঁচি এখন লৈ আগুৱাই গ'ল। লাহেকৈ দুৱাৰখন খুলি দিলে। ডাঠ সেউজীয়া ৰঙৰ পেণ্ট আৰু চোলা পিন্ধা মানুহ এজন হুৰমুৰকৈ সোমাই আহিল আৰু দুৱাৰখন জপাই হুকটো মাৰি দিলে। মানুহজনৰ পিঠিত এটা ৰাইফল। ৰাধাই কাঁচিখনেৰে ঘপিয়াবলৈকে লৈছিল। তেনেতে মানুহজনৰ মুখখন দেখি তাই ৰৈ গ'ল। কাঁচিখন পেলাই দিলে। মানুহজন ৰাধাৰ সমুখত আঠুকাঢ়ি বহিল আৰু তাইৰ ভৰি দুটা সাৱটি ধৰি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ লাগিল। ৰাধাৰ হাজাৰ চেষ্টাইও আজি তাইৰ চকুপানী ৰখাব নোৱাৰিলে। বৈ অহা চকুপানীৰ টোপালটো মচি তাই মানুহজনৰ চুলিখিনিত হাত ফুৰাই কৈ উঠিল,
"সৰু দা... তই আহি পোৱা বৰ পলম কৰিলি অ'..."
সৰুকণে কান্দি কান্দিয়েই ক'লে,
"মোক ক্ষমা কৰি দে ৰাধা। মোক ক্ষমা কৰি দে। ইহঁত চবেই মিলি তোক চেপি খুন্দি পেলালে। অথচ মই তোক অকলে এৰি থৈ...."
ৰাধাই তাক বাহুত ধৰি উঠাই দি ক'লে,
"নেকান্দিবি। যি হৈ গ'ল আমি তাত একো কৰিব নোৱাৰো। কিন্তু এতিয়া বাকীবোৰ কৰিব লাগিব।"
হাতৰ ৰাইফলটো দেখুৱাই সৰুকণে ক'লে,
"তই চিন্তা নকৰিবি। এইটোৰেই বৈকুণ্ঠ কুকুৰৰ বুকু ইফাল সিফাল কৰি দিম মই। চব খবৰ লৈ আনিছোঁ। ইয়েই শৰতক মাৰি পেলালে।"
"নহয় সৰু দা, বৈকুণ্ঠক ইমান সহজ মৃত্যু নিদিওঁ মই। তাক মই মাৰিম।"
সৰুকণ আচৰিত হৈছিল, কাৰণ সি ৰাধা গৰ্ভৱতী হোৱাৰ খবৰো জানে।
"এই অৱস্থাত...."
"অ, মোৰ সন্তানেও গৰ্ভতে শিকি আহক এইখন পৃথিৱীত চলাৰ সূত্ৰ।"
সৰুকণে একো নামাতি মনে মনে ৰ'ল। ৰাধাই আকৌ সুধিলে,
"তই অকলে আহিছ?"
"লগৰ আৰু দুজন আহিছে। ভাবিছো বৈকুণ্ঠক একেবাৰে শেষ কৰিহে যাম।"
"নালাগে ৰ, তাতকৈ আগতে আন এটা মানুহক শেষ কৰিব লাগে।"
"কাক?"
ৰাধাই অলপ ৰৈ ক'লে, "অলকেশৰ দেউতাক, মৌজাদাৰক।"
"মৌজাদাৰক কিয়?"
"শৰৎ দাক কিবা কৰাৰ সাহস বৈকুণ্ঠৰ একমাত্ৰ অলকেশৰ বাবেই আহিল। সিদিনা আমাৰ বাতৰিৰ সাংবাদিক জনেও কৈছে, এইবোৰ অলকেশৰ অৰ্ডাৰতে হৈছে।"
"সেইটো বুজিছোঁ কিন্তু অলকেশক একো নকৰি দেউতাকক....."
সৰুকণৰ কথা শেষ নহওতেই ৰাধাই ক'লে,
"অলকেশ এম এল এ, তাক মাৰি পেলোৱাটো বৰ সহজ নহ'ব। কিন্তু দেউতাকক অনায়াসে মাৰিব পাৰিবি।"
"কিন্তু ৰাধা, শৰতৰ হত্যাত দেউতাকৰ কি দোষ? মিছাতে তেওঁক..."
ৰাধাৰ চকুত যেন দুটুকুৰা অঙঠাহে জ্বলিছে। তাই গহীন হৈ ক'লে,
"বস্ত্ৰহৰণ অকল দুঃশাসনে কৰিছিল। কিন্তু মৰিছিলতো এশ কৌৰৱেই। গতিকে এতিয়া আৰু ন্যায় অন্যায় চাবলৈ নাই। এফালৰ পৰা চবকে শেষ কৰি যাব লাগে। মই অলকেশৰ চকুত আপোন মানুহক হেৰুৱাৰ সেই যন্ত্ৰণাখিনি চাবলৈ বিচাৰো। তই যদি নোৱাৰ নালাগে, ময়েই..."
"হ'ব নালাগে। সেই বুঢ়াক মাৰিবলৈ দুই কি তিনি মিনিটৰ কাম। হ'ব, তই সোনকালেই খবৰ পাই যাবি। এতিয়া মই গৈ থাকোঁ, সোনকালেই আকৌ আহিম।"
সৰুকণ যাবলৈ লওঁতেই ৰাধাই আকৌ ক'লে,
"ৰচোন, এইবাৰ আহোঁতে মোলৈ বস্তু এটা আনিব পাৰিবি?"
"কি?"
"এবটল মিছিমি বিহ।"
সৰুকণে একেথৰে ৰাধালৈ চাই কৈ উঠিল,
"তই বলিয়া হৈছ নেকি? নিজৰ কথা নাভাবিলেও সেই পেটত থকাটোৰ কথাটো ভাব।"
"মোৰ বাবে নহয়। শুনিছোঁ বহুদিন স্নেহালয়ত মিছিমি বিহৰ ব্যৱহাৰ হোৱা নাই। ভাবিছোঁ নতুনকৈ ব্যৱহাৰ আৰম্ভ কৰা যাওক নেকি!"
সৰুকণে ৰাধালৈ চাই ৰৈ গ'ল। তাৰমানে ৰাধাই মনোহৰাকো!! সি লাহেকৈ ক'লে,
"ৰাধা, তই এইবোৰত সোমাব নালাগে অ'। মই ল'ম সকলো হিচাপ।"
"হিচাপ ময়েই ল'ব লাগিব সৰু দা। চকুপানীৰ হিচাপ চকুপানীৰে আৰু তেজৰ হিচাপ তেজেৰে। আমিতো সতীয়া, সতীয়া বুলিয়েই ভাবিলে আমাক অতদিনে। গতিকে সতিনীৰ বংশধৰ কেনেকুৱা তাৰ পৰিচয় এটা দি দিয়া যাওক।"
ৰাধাৰ কথাৰ অৰ্থ বুজি বেঁকা হাঁহি মাৰি উঠিল সৰুকণে। এইজনী বেলেগ ৰাধা, সৰুকণে এৰি যোৱা ৰাধাজনী নহয়। কেতিয়াবা যুক্তিৰে কেতিয়াবা ধমকি, গালিৰে মানুহক বুজাবলৈ যোৱা ৰাধা এইজনী নহয়। এইজনী ৰাধাই বুজনিত বিশ্বাস নকৰে। বিশ্বাস কৰে শাস্তিত, বিশ্বাস কৰে প্ৰত্যাঘাতত। সোনকালেই অহাৰ প্ৰতিশ্ৰুতি দি সৰুকণ ওলাই গ'ল। ৰাধাই দুৱাৰখন জপাই ভিতৰলৈ আহিল। আৰম্ভ হৈছে কুৰুক্ষেত্ৰ! উভতিবলৈ লৈছে সময়! ৰাধাই নিজকে কোৱাৰ দৰে ক'লে,
"মিছিমি বিহৰ সোৱাদ বহুতকে দিলে আপুনি! এইবাৰ নিজেও অকণ সোৱাদ ল'বলৈ সাজু হওক, মনোহৰা আইতা!"
স্নেহালয়ত বাটৰ সকলো কাঁইট সুকলমে আঁতৰি যোৱাত সুখনিদ্ৰাত নিমগ্ন হৈ থকা মনোহৰা আৰু বৈকুণ্ঠৰ অনুমানো নাছিল আহি থকা ভয়ংকৰ সময়বোৰৰ কথা।
(আগলৈ)
অপেক্ষাত আছিলোঁ, বহুত ধন্যবাদ ৰাধা দিয়াৰ বাবে ❤️ পঢ়ি ভাল লাগিল
ReplyDeleteবহুত ভাল লাগিল দাদা| পাৰিলে পিছৰ খণ্ড কেইটা সোনকালে দিবা 💕
Deleteকিমান জীয়া হব পাৰে এখন উপন্যাস যাৰ প্ৰতিটো শব্দতে আছে বিষাদ কান্দোন। পঢ়ি বহুত ভাল লাগিল কৌশিক দাদা।
ReplyDeleteNext part le wait korisu hunkale dib
ভাল লাগিল বহুত...
ReplyDeleteকিন্তু ৰাধাক অকলশৰীয়া হৈ পৰা বাবে হে দুখ লাগিছে...
বাকি থাকিল শৰৎৰ হত্যাৰ প্ৰতিশোধৰ কথা
যিটো নোলোৱাকৈ ৰাধা যে হাৰ নামানে মোৰ বিশ্বস আছে...
ৰাধাৰ সাহসীকতা সঁচাই প্ৰশংসনীয়...
🥺🥺🥺❤️
ReplyDelete